-ৰাজদ্বীপ বৰগোহাঁই |
সঁচাকৈ কিবা এটা আকৰ্ষণ আছে…
” মালিক আজ পেইছা মিলেগা ক্যা???
” আৰে ভাই হাথ একদম খালি, নেহী মিলেগা পেইচা।”
খাবলৈ খুদ কণ এটা নথকাত construction চাইট টোৰ পৰা মাত্ৰ ১৫০০ টকা লৈয়ে, শুকান ব্ৰেড আৰু পানী খাই জীয়াই থকা শ্ৰমিকজনে ভোকাতুৰ পেটেৰে খোজ লৈছে৫০০কিলোমিটাৰ আঁতৰৰ তেওঁৰ গাওঁখনিলৈ, তপত চকুলোঁৰে সিক্ত দুচকু আৰু ছাল ছিগি সোলোকা-সোলোক তেজ ওলোৱা ভৰিৰে সৈতে আগবাঢ়ি গৈছে তেওঁৰ গাঁৱলৈ যোৱা পথটোৰ ফালে। বাটত আদিম মানৱে নেফা- নেফ কৈ ফালি ছিৰি খালেও বা ভোকত প্ৰাণ হেৰুৱালে ও তেওঁ আগবাঢ়ি গৈছে, সেয়া তেওঁৰ গাৱঁলৈ যোৱা পথ…
আছে মাথোঁ অদম্য সাহস আৰু ঘৰখনৰ প্ৰতি আছে কিবা এটা টান,
সঁচাকৈ, কিবা এটা আকৰ্ষণ আছে…
বিয়াৰ পিছত সময় নিমিলিল মানে মিলিলেও, নেটৱৰ্ক নোপোৱা গাঁৱৰ ঘৰ খনত থাকিবলৈ একদম ইচ্ছা নথকাত, ওচৰৰে বাই এগৰাকীক মাহেকীয়া দৰমহাৰ হিচাপত ৰাখি, বৃদ্ধ মাক দেউতাকৰ দায়িত্ব লৈছোঁ বুলি দুপেগ ডিঙিত পৰিলেই ফোপজহী মৰা, ৰাজধানী চহৰখনত থাকিবলৈ লোৱা একমাত্ৰ পুতেকে, বোৱাৰিয়েক আৰু নতিয়েকৰ সৈতে বিহু খাবলৈ বুলি আহি ঘৰতে আৱদ্ধ হ’ল, সেয়াই আশীৰ্বাদ স্বৰূপ হৈ পৰিছে বৃদ্ধ পিতৃ- মাতৃ হালৰ বাবে, আদৰেৰে খেতি কৰি ৰ’দত দেই- পুৰি নিয়া, সোঁতোৰা পৰা ছালৰ হাত খন লৈ নাতিয়েকক চুই চাইছে, ঈশ্বৰক প্ৰাৰ্থনা কৰিছে, এই দিনকেইটাৰ যেন শেষ নহওঁক।
সঁচাকৈ কিবা এটা আকৰ্ষণ আছে…
এই বিয়া, বিয়া নামৰ কামোৰ টোৰ অজুহাতত বা প্ৰ’ফিতৰ নামতেই হওঁক, কোনো উৎসৱ-পাৰ্বনত ঘৰলৈ মনত নপৰা, মেট্ৰো city খনৰ, চকু চাত মৰা পোহৰত, তীব্ৰ প্ৰতিযোগিতাত মানসিক চাপ কমাবলৈ লানি-নিছিগাকৈ গ’ল্ড ফ্লেকৰ পেকেট শেষ কৰিব পৰা, ইঞ্জিনিয়াৰ দাদাজন সৰু চহৰ খনত সোমাই আছেহি, নেটৱৰ্ক ৰ যথেষ্ঠ অসুবিধা যদিওঁ পাৰ মাংসৰ জুল আৰু কাষৰ বৰমায়ে বনোৱা কচু শাকে, নেটৱৰ্ক নোপোৱাৰ বেদনা আঁতৰাই পেলায়।পিছে বাঘেখাটী প্ৰেমিকাৰ লগত সংযোগ বিচ্ছিন্ন হ’লেও, বাপেকে কৰা পাছলিৰ বাৰি খনে মনটো আকৌ ভৰাই তোলে।
সঁচাকৈ কিবা এটা আকৰ্ষণ আছে…
মুখত ২৪ ঘণ্টাই প্ৰসাধন সানি, হোৱাইট জিনছ , লিপিট খাই থকা টপ আৰু হাই – হিল পিন্ধি ভৰিৰ পানী গাঁঠি লৈকে ঘা লাগি যোৱাকৈ দিনৰ দিনটো মিছা হাঁহি মাৰি মাৰি, প্ৰজেক্ট আদায়ৰ চেষ্টাত থকা আধুনিকা শিক্ষিতা মাৰ্কেটিঙৰ কাম কৰা ছোৱালী জনীয়ে, এবছৰীয়া কেঁচুৱা টোকো সময় দিব পাৰিছে এই কেইদিন। বেলকনীত, চাঁদত বহি বহি তাৰ লগতে কল কলাই আপোন পহৰা হৈ গৈছে ছোৱালী জনি।
সঁচাকৈ কিবা এটা আকৰ্ষণ আছে…
মাকৰ দীঘলীয়া ফ’ন বোৰত অতিষ্ঠ হোৱা ভন্টি জনিয়ে আজিকালি নিজেই ফ’নত খবৰ লোৱা আৰম্ভ কৰিছে, ‘মা ইঘৰ- সিঘৰ ঘূৰি নুফুৰিবা, মুখত মাস্ক লগাবা’ আৰু বাই! বাই! এতিয়া সময় নাই বুলি চিঞৰি উঠাৰ পৰিৱৰ্তে ফ’নটো থৈ সেমেকি উঠা দুচকু মোহাৰিছে।
সঁচাকৈ কিবা এটা আকৰ্ষণ আছে…
ঘৰৰ পৰা অহা ফ’নবোৰত অতিষ্ঠ হৈ, চাইলেন্ট কৰি ৰখা ল’ৰা টোৱে আৰু সুধিলে, ‘দেখা নাপালোঁ’ বুলি ফাঁকি মৰা ল’ৰাটোৱে এতিয়া নিজেই ফ’ন কৰি ঘৰৰ খবৰ সুধিছে , ‘ দেউতা বাহিৰলৈ ওলাই গৈছে নেকি?’
‘ যাবলৈ মানা কৰিবা এইকেইদিন’।
সঁচাকৈ কিবা এটা আকৰ্ষণ আছে…
হাইস্কুল পাছ কৰিয়েই কটনত পঢ়িবলৈ যোৱা অভিমানী ছোৱালী জনী, সকলো সময়তে কেৰিয়াৰৰ পিছত দৌৰি দৌৰি ও ভাগৰি নপৰা ছোৱালীজনী, কৃত্ৰিম ব্যস্ততাত ডুব গৈ থকা, পাষাণ মহানগৰী খনৰ কোনোবা এটা বেলকনিৰ পৰা, লহিয়াই থকা ৰঙা বেলিটো লৈ একেথৰে চাই থাকে। তাইৰ মনত ভাঁহি থাকে , শুকান পথাৰৰ কিৰিলিবোৰ, চাইকেল মাৰি কামৰ পৰা উভতি আহি থকা ল’ৰা বোৰৰ মিঠা সুহুৰি বোৰ আৰু গধূলি নামঘৰৰ পৰা ৰিণি-ৰিণি শুনা প্ৰাৰ্থনাৰ সুৰবোৰ…
সঁচাকৈ, কিবা এটা আকৰ্ষণ আছে…
নাজানো কিবা আকৰ্ষণ এটা আছে চাগে!!
কিবা আকৰ্ষণ এটা আছে এই চুবুৰীত,
কিবা আকৰ্ষণ আছে এই পদুলিটোত,
কিবা আকৰ্ষণ এটা আছে পুৰণি ৰঙযোৱা গেট খনত বা পদুলিৰ জপনা খনত।
তুমি-আমি, তই-মই কেতিয়াও নোহোৱা এটা অভিজ্ঞতাৰ সম্মুখীন হৈছোঁ, খুব সোনকালে নিষ্পত্তি ও হ’ব নিশ্চিয়। কিন্তু সময়ে শিকাই যোৱা, মৰমৰ টান বোৰ সদায় ধৰি ৰাখিব পাৰিবি নে????