– দিলীপ দৈমাৰী
[ তদন্তৰ তদাৰকীৰ বাবে অৱসৰপ্ৰাপ্ত দুগৰাকী ন্যায়াধীশৰো নাম প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ]
লখিমপুৰ কান্ড( Lakhimpur Kheri)ৰ বাবে উত্তৰ প্ৰদেশ পুলিচৰ ভূমিকাত অসন্তুষ্ট হৈ পৰিছে উচ্চতম ন্যায়ালয়। এইবাৰ অৱসৰপ্ৰাপ্ত দুগৰাকী ন্যায়াধীশৰ তত্ত্বাৱধানত তদন্ত সম্পন্ন কৰাৰ প্ৰস্তাৱ দিলে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন-ভি ৰামানাই। আনকি তদন্তৰ তদাৰকী কৰিবলৈ পঞ্জাৱ হাৰিয়ানাৰ দুগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নামো তেওঁ প্ৰস্তাৱ কৰিছে। যোৱা সোমবাৰে, অৰ্থাৎ ০৮-১১-২০২১ তাৰিখে চলা শুনানীৰ সময়ত পুনৰ উচ্চতম ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনাৰ সন্মুখীন হ’বলগীয়া হ’ল যোগী চৰকাৰ।
সোমবাৰে শুনানী চলাৰ সময়ত উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি এন-ভি ৰামানা( N V Ramana)ই কয় যে ‘অতিমাত্ৰা ৰাজনৈতিক হস্তক্ষেপ নিবিচাৰো। উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত বিচাৰপতিয়ে নিজৰ তত্ত্বাৱধানত তদন্তৰ গতি প্ৰকৃতিৰ ওপৰত নজৰ ৰাখক।’ লখিমপুৰ কান্ডৰ তদন্তৰ গতিক লৈ অসন্তুষ্ট ভাৰতৰ প্ৰধান বিচাৰপতি। এই সম্পৰ্কে তেওঁ পুনৰ কয় যে, ‘আমি যিদৰে ভাবিছিলো, সেইধৰণে তদন্ত আগবঢ়া নাই।’
উত্তৰ প্ৰদেশৰ যোগী চৰকাৰক ভৰ্ৎসনা কৰি মুখ্য ন্যায়াধীশ এন-ভি ৰামানাই কয়, ‘ আৰু কেইজনমান সাক্ষীক জেৰা কৰাৰ বাহিৰে স্টেটাচ্ ৰিপোৰ্টত অইন একো নাই। আমি ১০ দিন সময় দিছিলো। এই সময়ৰ ভিতৰত লেবৰেটৰীৰ ৰিপোৰ্টো নাহিল। আশানুৰূপ ভাবে তদন্তৰ গতি আগনাবাঢ়িল।’ যোগী চৰকাৰক সমালোচনা কৰি উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ, দোষীক ৰক্ষা কৰিবলৈ একাধিক এফ-আই-আৰ সংলগ্ন কৰা হৈছে। সঠিকভাৱে তদন্ত আগবঢ়াবলৈ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ অনুসৰি পঞ্জাৱ হাৰিয়ানাৰ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত দুগৰাকী ন্যায়াধীশ ৰাকেশকুমাৰ জৈন আৰু ন্যায়াধীশ ৰঞ্জিত সিঙে তদন্তৰ গতি-বিধি পৰ্যবেক্ষণ কৰিব।
বিগত ৮ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰিত কৃষকসকলৰ বিক্ষোভ চলাৰ সময়ত গাড়ীৰ চকাৰ চেপাত মৃত্যু হয় ৪ জন কৃষকৰ। মুহুৰ্ততে ৰণক্ষেত্ৰ হৈ পৰে সেই অঞ্চল। পুলিচ সেই অঞ্চললৈ যোৱাৰ সময়ত পুলিচক ঘেৰাও কৰি কৃষকসকলে বিক্ষোভ আৰম্ভ কৰে আৰু গণ-পিটন আৰম্ভ হয়। সেই হিংসাত্মক পৰিস্থিতিত পুনৰ ৪ জনৰ মৃত্যু হয়। এই ঘটনাৰ মূল অভিযুক্ত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰ মনু। সকলোপিনে প্ৰতিবাদ আৰম্ভ হোৱাৰ পিছত পলমকৈ হ’লেও তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। ইতিমধ্যে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী মিশ্ৰক বৰ্খাস্ত কৰিবলৈও সজোৰে দাবী উত্থাপন হৈছে।