• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 8, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

“লাইলিট্ বুৰঞ্জী”ত লাচিত বৰফুকন

ASSAMESE SECTION / Assam / Inspiration /History

by Editor
November 24, 2024
in ASSAMESE SECTION, ASSAM, History, Inspiration
Reading Time: 4 mins read
0
“লাইলিট্ বুৰঞ্জী”ত লাচিত বৰফুকন
Share on FacebookShare on TwitterShare on LinkedIn

“লাইলিট্ বুৰঞ্জী“ত লাচিত বৰফুকন

স্বৰ্ণ ভাজনি বৰুৱা

"লাইলিট্ বুৰঞ্জী"ত লাচিত বৰফুকন

২৪ নবেম্বৰ তাৰিখটো  মহাবীৰ লাচিত বৰ ফুকনৰ জন্ম  দিন ।

  সেই পৰিপ্ৰেক্ষিতত  লাচিত বৰফুকনৰ বিষয়ে কিছু চৰ্চা হোৱা পৰিলক্ষিত হৈছে ।

সম্প্ৰতি অসম চৰকাৰেও জাতীয় বীৰ গৰাকীক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত  প্ৰতিষ্ঠা কৰাৰ  এটা উদ্যোগ হাতত লৈছে । এইটো  নিশ্চয়  এটা প্ৰসংশনীয় পদক্ষেপ ।

কিন্তু আমি সকলোৱে এইটো কথাৰ প্ৰতি সতৰ্ক হ’ব লাগিব যাতে জাতীয় বীৰ গৰাকীৰ জীৱনীত  অন্তৰ্ভুক্ত হোৱা তথ্যবোৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত হয়  ।  বুৰঞ্জীত কেতিয়াবা   সচৰাচৰ পাই থকা কথাবোৰ শুদ্ধ নহ’বও পাৰে নতুবা তাত নতুন তথ্যও সংযোগ হ’ব পাৰে। উত্তৰ পুৰুষৰ হাতত বীৰজনাৰ  এখন বিতৰ্কহীন জীৱনী  তুলি দিব নোৱাৰিলে ভৱিষ্যতে  সমাজত  এক নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ।  

      মহাবীৰ গৰাকীৰ সন্দৰ্ভত আমি সাধাৰণ ভাৱে পোৱা  দুটামান কথা হৈছে …লাচিত বৰফুকন মোমাই তামুলী বৰ বৰুৱাৰ পুত্ৰ আছিল , তেওঁ বিখ্যাত শৰাইঘাটৰ যুদ্ধৰ বৰসেনাপতি আছিল আৰু দিল্লীৰ সম্ৰাট ঔৰংজেৱৰ সেনাক পৰাস্ত কৰি গুৱাহাটী মোগলৰ হাতৰ পৰা পুনৰুদ্ধাৰ কৰিছিল । লগতে পোৱা যায়..  এই মহাবীৰ গৰাকীয়ে  যুদ্ধৰ  সময়ত,  গড় বন্ধা কাৰ্যত গাফিলতি কৰাৰ বাবে দেশ আৰু জাতিৰ স্বাৰ্থত নিজ মোমায়েকৰ শিৰচ্ছেদ কৰি কাললৈ দৃষ্টান্ত ৰাখি থৈ গ’ল । 

         আচলতে জাতীয় মহাবীৰ গৰাকীৰ জীৱন সম্পৰ্কে বুৰঞ্জীত সমূহত  সণ্ঢালনিকৈ   পোৱা  নাযায় । যি অলপ পোৱা যায় তাতো মাজে মাজে বিতৰ্ক হোৱা দেখা যায়। বিশেষকৈ তেওঁৰ , জন্মস্থান ক’ত আছিল , পিতৃ-মাতৃ , বংশ-পৰিয়ালৰ পৰিচয় কি , মৃত্যুৰ তাৰিখ আৰু স্থান কি , যুদ্ধৰ সময়ত শিৰচ্ছেদ কৰা মোমাই গৰাকীৰ  নামটোনো কি আছিল , তেওঁ  লাচিতৰ নিজা  মোমায়েক   আছিল নে গড় বন্ধাৰ দায়িত্বত থকা আন কোনো এজন  বিষয়া  আছিল সেই কথাবিলাক বৰ স্পষ্ট ৰূপত পোৱা নাযায়।  

         লাচিত বৰফুকনৰ জীৱন সম্পৰ্কে চৰ্চাৰ উদ্যোগ চলি থকা এই সময়ত আমাৰ মনতো এটি কথাই ক্ৰিয়া কৰি আছে । সেয়া হৈছে লাচিত বৰফুকনৰ জীৱন সম্পৰ্কে সচৰাচৰ বুৰঞ্জী সমূহত পোৱা কথাখিনিৰ বিপৰীতে দুগৰাকী তাই ভাষা চৰ্চাকাৰী  ব্যক্তি ডাম চাও ইন্দ্ৰ মহন বৰুৱা আৰু চাও কমল চন্দ্ৰ মহন দেৱে তাই  বুৰঞ্জী খুঁচৰি যুগুতাই উলিওৱা লাচিত বৰফুকনৰ জীৱন  সমন্ধীয় কিছু কথা।

           ডাম চাও ইন্দ্ৰ মহন বৰুৱা দেৱৰ  “মহাবীৰ লাচিত বৰফুকনৰ জীৱন বুৰঞ্জী আৰু বংশাৱলী শীৰ্ষক” নিবন্ধটি ১৯৭৭ চনতে সাহিত্যিক হোমেন বৰগোহাঞি দেৱ সম্পাদিত “নীলাচল” কাকতৰ ১২ জানুৱাৰী স‍ংখ্যাত প্ৰকাশ পাইছিল । এই নিবন্ধটি আমি ( মোৰ স্বামী শ্ৰী যুত কেশৱ বৰুৱা আৰু মই) ১৯৮৭চনত “চাবুৱা প্ৰেছ”ৰ পৰা পুথিৰ আকাৰত  ছপা কৰি উলিয়াইছিলোঁ।

"লাইলিট্ বুৰঞ্জী"ত লাচিত বৰফুকন

  চাও কমল মহন দেৱৰ লাচিত বৰফুকন সমন্ধীয় লেখা এটি ( নাম: আহোম যুগৰ ভাটি অলীয়া বৰফুকন লাচিতৰ জীৱন বৃত্তান্ত) সন্নিবিষ্ট হৈছিল হৈছিল ২০১৯ চনৰ জানুৱাৰী মাহত ডিব্ৰুগড়ত অনুষ্ঠিত  ” সদৌ অসম আহোম সভা”ৰ ৬১ সংখ্যক দ্বিবাৰ্ষিক  অধিৱেশন উপলক্ষে প্ৰকাশিত  শ্ৰী যুত ভৰত সন্দিকৈ দেৱ সম্পাদিত গ্ৰন্থ  “নাম দাওফী”ত ।

চাও কমল চন্দ্ৰ মহন দেৱে  লাচিত বৰফুকনৰ জীৱন সম্পৰ্কে চৰ্চা কৰাৰ ক্ষেত্ৰত অগ্ৰজ ইন্দ্ৰ মহন বৰুৱা দেৱক এগৰাকী বাটকটীয়া ৰূপে গ্ৰহণ কৰিছিল।  দুয়ো গৰাকী লেখকৰ নিবন্ধত সামান্য তাৰতম্য থাকিলেও মূল কথাখিনি কিন্তু একেই । দুয়ো গৰাকী লেখকৰ মতেই  লাচিত বৰফুকন  আছিল আহোমৰ   ৰজাঘৰীয়া  তিনিটি গুৰু ফৈদৰ  (মহন, দেওধাই, বাইলুঙ । তাই ভাষাত.. মহুং-চাংবুন মপ্লং ) অন্তৰ্গত মহন বংশৰ মছাই চেংকালুকৰ পুত্ৰ ।

ৰজাৰ গুৰু চেংকালুকৰ পৰিয়াল সমূহ বাস কৰিছিল চৰাইদেউৰ ওচৰৰ চেং লুঙ মুঙত(চিংল’পাহাৰ) । সেই ঠাইত  তেতিয়া চুতীয়া জাতিৰ লোক সকলে বাস কৰিছিল । আহোম সকলে চুতীয়া সকলক ‘টিউৰা’ বুলি কৈছিল । সেই অঞ্চলত থকা তিৰুপথাৰ এই টিউৰা শব্দৰ  পৰাই ওলাইছে হৈছে বুলি জনা যায় । তিৰুপথাৰ বৰ্তমান নগা পাহাৰৰ অন্তৰ্গত (চিংল’ পাহাৰত)।

ৰজাৰ দিনত এই তিৰুপথাৰ অঞ্চলতে লো তৈয়াৰ কৰা হৈছিল  আৰু লগতে এই অঞ্চলটো আছিল ৰজাঘৰীয়া অস্ত্ৰ-শস্ত্ৰ প্ৰশিক্ষণৰ এক গুপুত কেন্দ্ৰথলীও । লাচিতৰ পিতৃ ৰাজগুৰু  মছাই চেংকালুকে ৰজাঘৰীয়া খাত-পাম লৈ এই অঞ্চলতে  বাস কৰি আছিল । তেওঁৰ সন্তান লাচিত লাপেতহঁতেও পাৰদৰ্শী প্ৰশিক্ষকৰ তত্বাৱধানত এই অঞ্চলতে অস্ত্ৰ চালনা, কাড় মৰা, ঘোঁৰা চালনা কৰা পাহাৰ বগোৱা ,  আদি কাৰ্যবোৰৰ প্ৰশিক্ষণ লৈছিল।

         ইন্দ্ৰ মহন বৰুৱা আৰু কমল মহন দেৱে তেওঁলোকৰ নিবন্ধত লাচিতৰ বংশৰ পুৰুষনামা এখনো সংযোগ কৰি দিছে (অৱশ্যে  এই তালিকাখন “নাম দাওফী”ত থকা কমল মহন দেৱৰ নিবন্ধটিত সংযোগ কৰা হোৱা নাই। অন্যত  প্ৰকাশিত  নিবন্ধতহে আছে)। এই বংশনামা অনুসৰি  ছ্যুকাফাৰ লগত অহা মহুং গুৰু গৰাকীৰ নাম আছিল টাও মুন লাই- চেং।  তাৰ পাছৰ গৰাকীৰ নাম মহং।

"লাইলিট্ বুৰঞ্জী"ত লাচিত বৰফুকন

মহঙৰ পিছৰ গৰাকীৰ নাম কাচেং ডাম ,কাচেংডামৰ পুত্ৰৰ নাম মছাই চেংকালুক। মছাই চেংকালুকৰ পুত্ৰই আছিল লাচিত বৰফুকন।  বংশাৱলীখনত পুৰুষ সকলৰ জন্মকালৰ দূৰত্ব লক্ষ্য কৰিলে অৱশ্যে সামান্য তাৰতম্য চকুত পৰে।  ইন্দ্ৰ মহন বৰুৱা দেৱে প্ৰস্তুত কৰা পুৰুষনামাখনত হয়তো দুই এজনৰ নাম পৰি ৰৈছে ।

      মছাই চেংকালুকৰ সাতজন পুত্ৰ আৰু এগৰাকী কন্যা আছিল ।  সংখ্যাৰ ফালৰ পৰা লক্ষ্য কৰিলে লাচিত আছিল সপ্তম সন্তান কিন্তু তেওঁতকৈ ডাঙৰ দুজন ভাতৃ সৰুতে ঢুকুৱাত তেওঁলোকৰ নাম পুৰুষনামাত নথকাৰ বাবে আৰু কন্যাগৰাকীৰ নামো নথকাৰ বাবে  ( সাধাৰণতে কন্যা সন্তানৰ নাম  পুৰুষনামাত নাথাকে।)  বাকী কেইজনৰ  ভিতৰত লাচিত হ’ল চতুৰ্থজন পুত্ৰ । 

জীৱিত পুত্ৰ সকল আছিল একাদিক্ৰমে মাইচেও, মবাওলা, টাওমুনচেং, লাচিত আৰু লাপেত। মাইচেও আৰু টাওমুনচেং  আছিল ডাঙৰ গৰাকী পত্নীৰ পুত্ৰ আৰু মবাওলা, লাচিত আৰু লাপেত আছিল সৰু গৰাকীৰ পুত্ৰ। 

           সচৰাচৰ বুৰঞ্জীৰ তথ্য অনুসৰি   লাচিতৰ পিতৃ আছিল মোমাই তামুলী বৰবৰুৱা ।  সৰুতে  তেওঁ চাৰি টকাত আনৰ ঘৰত বন্ধকত থাকি ঘৰুৱা কাম বন কৰিছিল। কিন্তু তেওঁ কাৰ ঘৰত বন্ধকত আছিল ,  গৃহস্থগৰাকীৰ  নাম কি আছিল , এই বিষয়ে একো  জনা নাযায়। সেই বিষয়ৰ কিছু তথ্য  পোৱা যায় উক্ত লেখক দ্বয়ে  সন্ধান কৰি উলিওৱা  মহং বংশৰ বুৰঞ্জীপুষ্ট নিবন্ধকেইটিত ।

তেওঁলোকৰ আলোচনা মতে… লাচিত আৰু লাপেত তেনেই সৰু হৈ থাকোঁতেই  ৰাজপণ্ডিত মছাই চেংকালুকৰ মৃত্যু হ’ল।  ঘৰ-বাৰীৰ লগতে এমা-ডিমা ল’ৰাকেইটিক চোৱা-চিতা  কৰিবৰ বাবে লাজু নামৰ এজন লোকক নিয়োগ কৰা হ’ল।  তেওঁ কাৰিকৰী দিশত অতি নিপুণ ব্যক্তি আছিল। পিতৃৰ   অনুপস্থিতিত  লাজুৱেই নিজ মোমায়েকৰ দৰে দায়িত্ব লৈ লাচিতহঁতৰ অভিভাৱক স্বৰূপ হৈ পৰিছিল। 

লাজুৰ  এজন ভায়েকৰ নাম আছিল  লাহন। তেওঁ অস্ত্ৰ-শস্ত্ৰ  আদি চালনাত  পাৰ্গত ব্যক্তি আছিল । তেওঁৰ তত্বাৱধানতে লাচিত লাপেতহঁতে চেংলুঙত  অস্ত্ৰচালনা, ঘোঁৰা চালনা, পাহাৰ ভগোৱা , সাঁতোৰা আদি কাৰ্যৰ  প্ৰশিক্ষণ লৈছিল। 

"লাইলিট্ বুৰঞ্জী"ত লাচিত বৰফুকন

চাও কমল মহন দেৱে আহোম বুৰঞ্জীৰ উৎসৰ পৰা দৰ্শাইছে  এই লাজু আৰু লাহন হৈছে লুক খা খনীয়া (লিগিৰীৰ ফালৰ পৰা হোৱা ৰজাৰ সন্তান) লান ফি মাৰ (ব্যক্তিৰ নাম) বংশৰ পৰা উদ্ভৱ হোৱা মেটেকা তলতীয়া গোহাঁইৰ ঘৰৰ লোক।

ইন্দ্ৰ মহন বৰুৱাদেৱে  অৱশ্যে  লাজু আৰু লাহনক লাচিত লাপেতহঁতৰ মোমায়েক বুলি উল্লেখ কৰিছে। তেনেকৈ ল’লে লাজু আৰু লাহন  মৰানঘৰীয়া লোক হ’ব। এই ক্ষেত্ৰত বৰুৱা দেৱৰ মততকৈ  বুৰঞ্জীৰ তথ্যৰ উদ্ধৃতি দি লিখা কমল মহন দেৱৰ মতটোহ অধিক গুৰুত্বপূৰ্ণ।

       লাজু  লাচিতহঁততকৈ বয়সত যথেষ্ট ডাঙৰ আছিল। নিজ মোমায়েক নহ’লেও লাজুক লাচিত লাপেতহঁতে মোমাই জ্ঞান কৰিছিল।  দায়িত্বশীল লাজু মোমাই কামে-বনে বৰ পাকৈত আছিল। তেওঁ লাচিতহঁতৰ ঘৰ-বাৰী চিকুণাই জাকত জিলিকা কৰি ৰাখিছিল ।

     এবাৰ চুচেংফা স্বৰ্গদেউ ( প্ৰতাপ সিংহ)চহৰ ফুৰিবলৈ চেং লুং মুঙলৈ  গৈছিল।  তেওঁ ৰাজগুৰু মছাই চেংকালুকৰ চিকুণ ঘৰ-বাৰী দেখি অতিশয় মুগ্ধ হৈ কোনে এনেদৰে পৰিপাটিকৈ ৰাখিছে জানিব বিচাৰিলে । চুবুৰীয়াৰ পৰা জানিব পাৰিলে যে এই কাম মোমাইৰ।   মোমাইৰ কাৰ্যত ৰজা মুগ্ধ হ’ল আৰু তেওঁক ৰাজকাৰেঙলৈ মতাই আনি  কাৰেঙৰ তামুলী লিগিৰা পাতিলে । 

ৰাজচ’ৰাত তেওঁ “মোমাই” নামেৰেই জনাজাত হ’ল। কাৰেঙত  অতি নিপুণতাৰে  কাম-কাজ কৰি মোমাই দিনে দিনে ৰজাৰ প্ৰিয়পাত্ৰ হৈ পৰিল। ৰজাই তেওঁক তামুলীৰ পৰা উচ্চ বিষয়বাব দিলে । মোমাই এগৰাকী উচ্চাকাংক্ষী ব্যক্তি আছিল । ৰজাৰ আদৰ পাই তেৱোঁ অধিক নিষ্ঠাৰে কৰ্তব্য কৰি এজন বিশ্বাসী ৰাজকৰ্মচাৰী হৈ পৰিল। ৰজাই তেওঁক  প্ৰথমে বৰুৱা , তাৰ পাছত ৰাজখোৱা আৰু অৱশেষত বৰ বৰুৱা পদত নিযুক্ত কৰিলে।

Lachit Phukan 1

            মোমাই তামুলী বৰবৰুৱাৰ লালুক , বাদুলী , ভাতধৰা , মৰঙি , থুক ,দৌকৰিয়া আদি কেইবাজনো পুত্ৰ আছিল । দুই এখন অসমীয়া  বুৰঞ্জীত লাচিতকো তেওঁৰ পুত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে । প্ৰকৃততে কিন্তু  লাচিত মোমাই তামুলীৰ  পুত্ৰ নাছিল। সৰুৰে পৰাই নিজৰ পুত্ৰৰ দৰে তদাৰকী কৰাৰ বাবেই নিশ্চয় কোনো লেখকে তেওঁক মোমাইৰ পুত্ৰৰ তালিকাত স্থান দিলে ।

লাচিততকৈ দুবছৰে সৰু একে মাতৃৰ সন্তান লাপেতৰ নাম কিন্তু মোমাইৰ সেই তালিকাত নাই।  আহোম ৰাজত্বকালত যে ভিন্ন সময়ত,  ভিন্ন বংশৰ আন দুজনমান ব্যক্তিৰ নাম যে লাচিত আছিল সেই কথা ভিন্ন বুৰঞ্জীৰ তথ্যেৰে  দাঙি ধৰিছে কমল মহন দেৱে ।

          ইন্দ্ৰ মহন বৰুৱা দেৱে  লাচিতৰ জন্মৰ বিষয়েও দুশাৰীমান লিখিছে  নিবন্ধটিত । তেওঁ তাই ভাষাৰ পুথিৰ উদ্ধৃতি দি  তাৰ অসমীয়া ভাঙনিও দিছে । সেই অনুসৰি লাচিতৰ জন্ম হৈছিল সাত মাহতেই । সেইবাবেই তেওঁক সাতমহীয়া লাচিত বুলি কোৱা হৈছিল । (লা ৰ অৰ্থ শক্তিমান চিত মানে সাত) । জ্যোতিষীৰ মতে লাচিতৰ গাত হেনো জন্মতেই শুভ লক্ষণ ফুটি উঠিছিল।

          উল্লেখ কৰি অহা হৈছে যে যুদ্ধ বিদ্যাত সিদ্ধহস্ত ব্যক্তি , লাজু মোমাইৰ ভায়েক লাহন হিলৈধাৰীয়ে  লাচিত লাপেতহঁতক চেংলুঙত যুদ্ধৰ প্ৰশিক্ষণ দিছিল। লাচিতে চিংল’ পাহাৰত (চৰাইদেউত কাষত) অস্ত্ৰ শিক্ষাৰ সাধনা কৰা গোপন ঠাইডোখৰৰ অস্তিত্ব আজিও আছে । ঠাইডোখৰত এটা বৃহৎ পুখুৰীও আছে ।  

lachit3

      নেৰা-নেপেৰাকৈ চলি থকা শৰাইঘাটৰ যুদ্ধত ৰাজ্যখনৰ সকলো সমৰ্থ পুৰুষেই যোগ দিব লগা হৈছিল। অস্ত্ৰ চালনাত সিদ্ধহস্ত  লাপেত ফুকন , আৰু লাহন হিলৈধাৰী আদিও গৈছিল ।  

         আহোম ৰজাৰ দিনত যুদ্ধৰ সময়ত সাধাৰণতে  গড় মাৰি শত্ৰুক ভেটা দিয়া হয়। লাচিতৰ সেনাপতিত্বত  যুদ্ধ পূৰাদমে চলি আছিল । মোগল বাহিনীক ভেটিবলৈ  ওখ গড় এটাৰ প্ৰয়োজন হৈছিল । বৰফুকনৰ সমুখত সময় তেনেই কম ।  তথাপি তেওঁ অতি কম সময়ৰ ভিতৰতে গড় এটা বান্ধিবলৈ  সিদ্ধান্ত ল’লে । গড় বান্ধিবলৈ   “মৌ মাই ক্ব ” , অৰ্থাৎ অভিযন্তা বা কাৰিকৰী দিশত সিদ্ধহস্ত লোক ৰূপে দায়িত্ব অৰ্পণ কৰিলে লাহন হিলৈধাৰীক।

উল্লেখ কৰি অহা হৈছে যে এই লাহন আছিল লাজু,  অৰ্থাৎ মোমাই তামুলীৰ  ভায়েক।  দুখৰ বিষয় যে “মৌ মাই ক্ব” অৰ্থাৎ অভিযন্তা লাহনে  সময়মতে গড় বান্ধি উলিয়াব নোৱাৰিলে । এনে কাৰ্যত বৰফুকন  খঙত একো নাই হৈ পৰিল। কৰ্মত গাফিলতি কৰাৰ অপৰাধত তেওঁ খাপৰ পৰা হেংদাং উলিয়াই  “মৌ মাই ক্ব” ৰ,  অৰ্থাৎ অভিযন্তা লাহন হিলৈদাৰীৰ শিৰচ্ছেদ কৰিলে ।

18regLachit

পৰৱৰ্তী সময়ত এই “মৌ মাই ক্ব”, অৰ্থাৎ অভিযন্তা শব্দ তল পৰিল । প্ৰচাৰ হ’ল যে লাচিত বৰফুকনে যুদ্ধ ক্ষেত্ৰত নিজ মোমায়েকক কাটিলে । আচলতে তাই ভাষাৰ “মৌ মাই ক্ব”, শব্দটোৱেই  অসমীয়াত হৈ পৰিল  ”মোমাই”। 

        উল্লেখ্য যে লেখক ইন্দ্ৰ মহন বৰুৱা দেৱে লিখা কথাখিনিত এটা অমিল  দেখা যায় । তেওঁ যুদ্ধত  লাজু, অৰ্থাৎ মোমাই তামুলী বৰবৰুৱাৰ ভাতৃ লাহন হিলৈধাৰীক(মৌ মাই ক্ব , অভিযন্তা) কটা  বুলি নিলিখি মোমাই তামুলী বৰবৰুৱাকে কটা বুলি লিখিছে । হয়তো লিখাৰ সময়ত “ভাতৃ” শব্দটো পৰি গ’ল। 

        দেশৰ স্বাৰ্থত  লাজু, অৰ্থাৎ মোমাই তামুলী বৰবৰুৱাৰ ভাতৃ লাহনৰ   ডিঙি কটা গ’ল।  দদায়েকক কটাত পৰৱৰ্তী সময়ত লাজু, অৰ্থাৎ মোমাই তামুলীৰ পুতেকহঁত বৰফুকনৰ পৰিয়ালৰ  শত্ৰু হৈ পৰিল। বৰফুকনৰ বাব পোৱাৰ পিছত মোমাই তামুলীৰ পুতেক লালুক বৰফুকন অত্যাচাৰী হৈ পৰিল আৰু লাচিত বৰফুকনৰ পৰিয়ালৰ লোক সকলৰ নিধন যজ্ঞ আৰম্ভ কৰিলে । উপায় নাপাই লাচিতৰ বংশ পৰিয়ালৰ লোক সকলে চেদেলি-ভেদেলি হৈ আন ঠাইলৈ গৈ আত্মগোপন কৰিব লগা হ’ল। 

      চেংলুঙত বাস কৰা বাবে লাচিতৰ পিতৃ মই চেংকালুকৰ বংশটোক চেঙেলীমূৰীয়া মহনৰ বংশ বোলা হয় । এই বংশটোৰ বেছি ভাগ পৰিয়ালেই বৰ্তমান চৰাইদেউত দক্ষিণে  , জজলী, লাইচেং, মৰাণজান, লেচাই হাবি, দিচাং পানী আদি অঞ্চলত বাস কৰি আছে । যুদ্ধৰ পিছত লালুকসোলা বৰফুকনে শত্ৰুতা কৰাত বৰফুকনৰ পৰিয়ালৰ স্থানান্তৰ হ’ব লগা হৈছিল।

লাচিতৰ এজন ভাতৃ মবাওলাই বিয়া কৰোৱা নাছিল । তেওঁ সাধক প্ৰকৃতিৰ আছিল। তেওঁৰ নামেৰেই বৰ্ত্তমানৰ মাইবেলা নামটো উদ্ভৱ হৈছে বুলি শুনা যায়। ভাতৃ লাপেত আৰু টাওমুনচেন দিহিঙৰ পাৰত বাস কৰিছিল ।  লাপেত ফুকনক লালুকসোলাৰ মানুহে খেদি গৈ বৰ্তমানৰ বৰবৰুৱাৰ ওচৰৰ ঠাই এডোখৰত কাটি হত্যা কৰিছিল । সেই ঠাইৰ নামেই লেপেতকটা হ’ল। মবাওলাকো হত্যা কৰা হৈছিল নাজিৰাৰ ওচৰত ।

লাচিতৰ ডাঙৰ ককায়েক মাইচেৱে নাজিৰাত বাস কৰিছিল । তেওঁক নাজিৰহটীয়া বোলা হৈছিল। বৰ্তমানৰ বুৰঞ্জী সমূহত এই কথাবোৰ পোৱা নাযায় যদিও তাই ভাষাৰ পুথি-পাঁজি চৰ্চা কৰা বকতা-পাটসাঁকোৰ বয়সীয়াল লোক সকলৰ প্ৰায় পালেই কম-বেছি পৰিমাণে জানে ।

           লাচিত বৰফুকনে আতন বুঢ়াগোঁহাই  দেৱৰ জীয়েক এগৰাকীক বিয়া কৰাইছিল ।যুদ্ধৰ সময়ত  তেওঁ গৰ্ভাৱতী আছিল। সেই অৱস্থাত তেওঁৰ পত্নীক পৰিয়ালত নাৰাখি ৰজাৰ ঘৰত নি ৰখাৰ বাবে বৰফুকন দেৱ দুখিত হৈছিল আৰু অপমানিতও হৈছিল । হয়তো এনে কাৰণতে  যুদ্ধৰ পিছত তেওঁ আৰু গড়গাঁৱলৈ ঘূৰি নাহিল । শুনা যায়, যুদ্ধৰ পৰৱৰ্তী সময়ত তেওঁ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ  গৈ হাবুং অঞ্চলত বাস কৰে ।

      বৰফুকনৰ গৰ্ভৱতী পত্নীৰ ফালৰ এটি পুত্ৰ সন্তান জন্ম হ’ল । তেওঁৰ নাম আছিল চৌ চাংডাম । পিতৃহীন চৌ চাং ডাম দদায়েক লাপেতৰ ঘৰত  ডাঙৰ হৈছিল। চৌ চাং ডামৰ বৰজীয়েক আছিল লাইচেং গাভৰু । বৰ্তমানৰ দিচাং পানী অঞ্চলৰ কাষত “লাইচেং ” নামৰ  গাঁওখনিৰ নামটো বৰফুকনৰ নাতিনী  উক্ত “লাইচেঙ”ৰ নামেৰেই  হৈছে বুলি জনা যায়।

          মহন, দেওধাই বাইলুং  সকল অতীতৰে পৰা বংশ তথা জাতিৰ বুৰঞ্জী চৰ্চা কৰা লোক। ভাৰত বৰ্ষত প্ৰথম বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ কৰিছিল তেওঁলোকেই।  অসমলৈ অহাৰ পিছত বংশ বুৰঞ্জী আৰু ৰাজ বুৰঞ্জী সমূহ প্ৰথম তিনিশমান বছৰ তাই ভাষাতেই লিখা হৈছিল ।

lachit bhawan

পৰৱৰ্তী কালতহে কিছুমান  বুৰঞ্জী অসমীয়া গদ্যত লিখা হয় । উল্লেখ্য যে উক্ত মহন-দেওধাই-বাইলুং লোক সকলৰ মাজত আজিও কেইবাহাজাৰো  তাই ভাষাত লিখা সৰু-বৰ সাচিঁপাতৰ পুথি ঘৰে ঘৰে সংৰক্ষিত হৈ আছে । উক্ত তিনি ফৈদৰ লোক সকলে  পৰম্পৰা অনুসৰি পূৰ্বৰ পৰাই  বুৰঞ্জী চৰ্চা কৰি অহাৰ দৰে  সংখ্যাত তাকৰ হ’লেও তেওঁলোকৰ  নাতি-পুতি সকলে এই  কাৰ্য  আজিও অব্যাহত ৰাখিছে । 

           বিভিন্ন সময়ত ৰাজ্যখনলৈ অহা ৰাজনৈতিক ধুমুহাত এই ৰাজগুৰু তিনিঘৰৰ বৌদ্ধিক জীৱনলৈও সংঘাত আহিছিল। কীৰ্তি চন্দ্ৰ বৰবৰুৱাৰ বুৰঞ্জী দাহ পৰ্ব, লালুকসোলাৰ অত্যাচাৰী কাৰ্য-কলাপ , মানৰ আক্ৰমণ আদিৰ ফলত বুৰঞ্জী চৰ্চাৰ পৰিৱেশটো ক্ৰমে নোহোৱা হৈ আহিছিল। অসমৰ প্ৰথম গৰাকী অভিধান প্ৰণেতা টেঙাই মহং দেৱে কি দুৰ্যোগৰ মাজত তেওঁৰ অভিধান “বৰ অম্ৰ”খন যুগুত কৰি উলিয়াইছিল  সেই কথা সংশ্লিষ্ট সকলে জানে।

আচলতে ৰাজনৈতিক ধামখুমীয়াবোৰৰ মাজত কেৱল বুৰঞ্জী ৰচনাৰ পৰিৱেশেই যে নোহোৱা হৈছিল এনে নহয় ,  বুৰঞ্জীৰ সমল সমূহো কিছু নষ্ট হৈছিল নতুবা কিবা প্ৰকাৰে হেৰাইছিল। এনে পৰিপ্ৰেক্ষিততে উত্তৰ কালৰ জিজ্ঞাসু নাতি-পুতি সকলে বুৰঞ্জী চৰ্চা কৰোঁতে অসুবিধাৰ সন্মুখীন হৈছিল ।

ডাম চাও ইন্দ্ৰ মহন বৰুৱা আৰু কমল চন্দ্ৰ মহনদেৱ দুয়োগৰাকীয়েই মহুং বংশৰ লোক। তেওঁলোক দুয়োগৰাকীয়েই যথেষ্ট কষ্ট কৰি, বিভিন্ন পৰিয়ালত এখিলা দুখিলাকৈ সিঁচৰতি হৈ থকা বুৰঞ্জীৰ পাতবোৰ সংগ্ৰহ কৰি, সেইবোৰত সন্নিবিষ্ট তথ্য জোৰা লগাই মহাবীৰ গৰাকীৰ জীৱন সম্পৰ্কীয় কথাখিনি পোহৰলৈ আনিছে।

lachit maidam

          ইন্দ্ৰ মহন বৰুৱা দেৱে তেওঁৰ লেখাটিত লাচিতৰ জন্ম কথা, লাচিতক যুদ্ধলৈ মতাই নিয়া কথাখিনিৰ লগতে আন কেইবাটাও প্ৰসংগ তাই ভাষাৰ পুথিৰ( লাইলিট বুৰঞ্জীৰ) উদ্ধৃতি দি তাৰ অনুবাদ সংযুক্ত কৰি থৈ গৈছে। চাও কমল মহন দেৱেও লাচিত বৰফুকনৰ তথ্য উদ্ধাৰৰ ক্ষেত্ৰত তাই ভাষাত লিখা ৰাজ বুৰঞ্জী, চকৰিফেটী বুৰঞ্জী, দেওধাই বুৰঞ্জী,  আহোম বুৰঞ্জী আদিৰ তথ্য সন্নিৱিষ্ট কৰিছে।  

      ইন্দ্ৰ মহন বৰুৱা দেৱে নিবন্ধটি যুগুত কৰোঁতে “পূৰ্বাঞ্চল তাই সাহিত্য সভা”ৰ প্ৰতিষ্ঠাপক সভাপতি ডাম চাও ডম্বৰু দেওধাই ফুকন,  পণ্ডিত জোনাৰাম চাংবুন ফুকন, পুষ্প মহন, মণিৰাম মহনকে ধৰি কেইবাগৰাকীও তাই ভাষাৰ পণ্ডিতৰ স’তে আলোচনা কৰিছিল। নিবন্ধটিৰ পাতনিত তেওঁ এই কথা সন্মানেৰে উল্লেখ কৰিছে।  

Lachit1

          মই  তাই  ভাষাৰ বুৰঞ্জী পুথি  চৰ্চা কৰি নাইবা ক্ষেত্ৰ অধ্যয়ন কৰি লাচিত বৰফুকনৰ জীৱনী প্ৰস্তুত কৰিবলৈ অপাৰগ।  কিন্তু  কোনো  বুৰঞ্জী প্ৰিয়  লোকে  যাতে  জাতীয় বীৰ গৰাকীৰ জীৱন সম্পৰ্কে সঠিক দিশত অধ্যয়ন কৰিবলৈ  সমল ৰূপে ল’ব পাৰে , সেই  সেই উদ্দেশ্যেৰেই  ইতিমধ্যে ভিন্ন  ছপা মাধ্যমত  প্ৰকাশ পোৱা লেখকদ্বয়ৰ উক্ত কথাখিনি এই নিবন্ধত পাঠকলৈ আগবঢ়ালোঁ। 

* “লাইলিট” ৰ অৰ্থ ঘাই পুথি। ‘লাই’ ৰ অৰ্থ ঘাই, ‘লিট’  মানে পুথি।

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা
Bhupen Hazarika

গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা

by Angshuman Hazarika
September 6, 2026
0

গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা অংশুমান হাজৰিকা পৃথিৱীৰ দুটা ভিন্ন প্ৰান্তৰ দুজন মহান বিপ্লৱী শিল্পী, এজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ...

Read moreDetails
সুধাকন্ঠৰ জীৱন পৰিক্ৰমা : চমু অৱলোকন

ভূপেন হাজৰিকা আৰু লুইত

September 6, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কামতাপুৰ আন্দোলন

September 3, 2026
ধূলিৰ মাজত দণ্ডামিছ আৰু আলেকজেণ্ডাৰ

ধূলিৰ মাজত দণ্ডামিছ আৰু আলেকজেণ্ডাৰ

September 3, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 2, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026
NEPAL: What if the mud is already here?

NEPAL: What if the mud is already here?

September 7, 2026
The River That Sang Through Bhupen Hazarika

The River That Sang Through Bhupen Hazarika

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40591 shares
    Share 16236 Tweet 10148
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18865 shares
    Share 7546 Tweet 4716
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3994 shares
    Share 1598 Tweet 999
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    950 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    151 shares
    Share 60 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4079 shares
    Share 1632 Tweet 1020
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d