-মনোজ কুমাৰ ডেকা |
১)…আনে কি ভাৱে নাজানো, কিন্তু মই মোক একাধিক কাৰণত খুবেই ভাগ্যৱান বুলি ভাৱো । মই বিশ্বাস কৰোঁ যে উত্তৰপূৰ্বাঞ্চল বিশ্বৰ অন্যতম শ্ৰেষ্ঠ জৈৱ বৈচিত্ৰ উষ্ণ অঞ্চল । আৰু ইয়াত, লিখো বুলিলেই এহেজাৰ ইলিয়াড ওদিছি বা ৰামায়ণ মহাভাৰত লিখিব পৰা অযুত সমল আছে । সৰুপানী চুবলৈ অকন অনুৰ্বৰ ঠাই নাই । ৰাইজে অকন ধৈৰ্যৰে থু খেকাৰ পেলোৱা ঠাইখনো যদি চাই দেখিব, য’ত কামফেৰা কৰিলে তাত এডাল গছ বা লটিকা আছিল যি প্ৰচুৰ ঔষধি গুণসম্পন্ন ।
অসম বা উত্তৰ পূৰ্বাঞ্চল প্ৰকৃতাৰ্থত ৰত্নগৰ্ভা।
ধৰি ললো আহোমৰ আগমনৰ সময়ছোৱাই এই ভূখণ্ডৰ মানুহৰ বাবে জাগৰণৰ সময় ; তেতিয়াৰ পৰা আজিলৈ ক’ত কোনে কিমান নিজৰ কত কি, কি ৰূপত আছে জানিবলৈ চেষ্টা কৰিছে ? কিমানে বাৰু এনেবোৰ বিষয়ত (বিষয়ৰ সীমা সংখ্যা নাই) পুংখানুপুংখ অধ্যয়নৰ চেষ্টা কৰিছে ? নাই । কৰিলেও খুব কম । অতীত বিচাৰিব লগা হ’লে আজিও আমি বগা চাহাবৰ কিতাপকেইখন নহ’লে চলিব নোৱাৰো । সাত সাগৰ তেৰ নদী পাৰ হৈ আহি কি কি যে নকৰিলে ! সেয়ে কিবা এটা লিখিবলৈ আজিও তেওঁলোকে কোৱা বা লিখা কথাকেইটাকেই সাৰথি নকৰি উপায় নাই । এই ক্ষেত্ৰত আমি আজিও ইংৰাজ বা মিচনাৰীৰ অধীন । …নহয় স্বাধীন ।
মোৰ বেয়া লাগে- এতিয়াও আমি নুবুজো যে আমাৰেই নাতিপুতিৰ বাবে, সিহঁতৰ অধ্যয়নৰ বাবে , পঢ়া শুনাৰ বাবে,আমাক জনাৰ বাবে, আমাৰ মাটি, জাতি বা প্ৰকৃতিক জনাৰ বাবে আমি লিখিব লাগে বা লিখিবলৈ তথ্য সংগ্ৰহ কৰিব লাগে, ঘূৰিব লাগে ; আমি নকৰো । বিশ্ববিদ্যালয় কেইখনে কি কৰে ভগৱানে জানে ! বিচ্ছিন্ন বিশ্ববিদ্যালয় ! কেতিয়াবা কাকতে পত্ৰই পালে, ৰেডিও টিভিই পালেহে বুজোঁ-একাংশ ছাৰ-বাইদেৱে আজিকালি চিনেমাও বনায় । বোলছবি নিৰ্মান আৰু আলেখ্যন একেটা সময়তে নহয় ।…
অসম বা উত্তৰ পূৰ্বাঞ্চলত অধ্যয়নৰ বিষয় বস্তুৰ অভাৱ নাই । সদিচ্ছা আৰু সমৰ্থনৰহে অভাৱ । সেই অভাৱ দূৰ কৰিলে কিমান যে ভাল কাম হব ! আমাৰ সমাজৰ আৰ্থিক ভাৱে অকণমান শক্তিশালী লোকে এই বিষয়ত ভাবি চালে বৰ ভাল হয় ।
(২) একতাৰ বাবে মিলনৰ প্ৰয়োজন । মিলনৰ বাবে আহ যাহৰ প্ৰয়োজন ।
আপুনি লক্ষ্য কৰিব- চুবুৰীয়াৰ ঘৰলৈ নগ’লে, মাত এষাৰ নিদিলে মনৰ দূৰত্ব বাঢ়ে আৰু সেয়াই হৈছে উত্তৰ পূৰ্বাঞ্চলৰ বা নিজৰ ৰাজ্যত বাস কৰা জাতি জনগোষ্ঠীৰ।কোনো কাৰো খবৰ নলয় । এক অভং বাহাদুৰি । অৰ্থহীন অনুশীলন ।
আমি আমাৰ চুবুৰীয়াৰ খবৰ নাৰাখো !
সেয়ে ভাবিলো, আপোনালোকক খবৰ এটি দিওঁ । জনাওঁ । জনাওঁ এটি উপজাতিৰ বৰণীয়া এটি উৎসৱৰ বিষয়ে । যিটো অলপতে সমাপ্ত হৈছে নাগালেণ্ড আৰু মণিপুৰত । মন কৰিব, যাৰ উৎসৱ বা যিয়ে উদযাপন কৰে তেওঁলোক আমাৰ প্ৰতিবেশী। সেয়ে কৈছো !…
উৎসৱৰ নাম : “লাউনি উৎসৱ ।”
লাউনি উৎসৱ পৌমাই নগাসকলৰ এক গুৰুত্বপূৰ্ণ উৎসৱ । ই তেওঁলোকৰ বৰ্ণিল সমাজ জীৱনৰ এক অংগ । আকৌ পৌমাই নগা সকল, নগা সকলৰ এক অন্যতম পৰাক্ৰমী ঠাল বা উপজাতি । তেওঁলোকে লাউনি উৎসৱ প্ৰতি বছৰে ইংৰাজী জুলাই মাহৰ প্ৰথম সপ্তাহত পালন কৰে ।
কঠিয়া ৰোৱাৰ পিছত খেতিৰ প্ৰথম পৰ্য্যায়ৰ সমাপ্তিত ভাগৰ আঁতৰাবলৈ বা আনন্দ প্ৰকাশ কৰিবলৈ মূলতঃ এই উৎসৱৰ আয়োজন কৰা হয় । উল্লেখযোগ্য যে পৌমাই নগাসকল মূলতঃ নাগালেণ্ডৰ ফেক আৰু মণিপুৰৰ সেনাপতি জিলাত বাস কৰে। সেনাপতি জিলাৰ মুঠ জনসংখ্যাৰ ৬০%তকৈ অধিক পৌমাই নগাসকল । তেওঁলোকে লপাওনা চাৰ্কোলত ৯ দিনীয়াকৈ আৰু পাউমাতা চাৰ্কোলত ৫দিনীয়াকৈ এই লাউনি উৎসৱ পালন কৰা হয় ।
ভূঁই ৰোৱাৰ পিছত পৌমাই নগাসকল উবুৰি খাই পৰে লাউনি উৎসৱৰ বাবে । কেওফালে কেৱল হাঁহি হাঁহি আৰু হাঁহি । পাৰ ভঙা ফুৰ্তি । যেন পৰীক্ষা শেষ হ’ল !
আমি বহুতেই জানো যে উত্তৰপূৰ্বাঞ্চলৰ অলেখ জনগোষ্ঠীৰ পূজা পাতালৰ নিজস্ব পদ্ধতি আছে । পৌমাই নাগাসকলেও লাউনি উৎসৱ নিজস্ব পূজা পদ্ধতিৰে সমাপন কৰে । তাক কোৱা হয়, য়াউষ্মই ।
উৎসৱৰ প্ৰথম দিনা পুৰাহিতে পূজা সমাপন কৰি ‘মৌছিল’নামৰ এবিধ পবিত্ৰ গছ পৰিয়ালবোৰৰ ঘৰৰ বেৰত গুজি দিয়ে ।
উৎসৱৰ দ্বিতীয় দিনটোক কোৱা হয় চেপ’ইউ । উৎসৱৰ তৃতীয় দিনা গাঁওৰ ৰাইজে গৰু মহ আদি পথাৰলৈ নিনিয়ে বা এৰি নিদিয়ে । ইয়াৰ পৰিবৰ্তে তেওঁলোকে সিদিনা গোহালিতেই সিহঁতক ঘাঁহ বা অন্যান্য খাদ্যৰ যোগান ধৰে ।
লাউনি উৎসৱৰ চতুৰ্থ দিনটোক পৌমাই নগসকলে কয় লৌতোইউ । এই দিনটো নৱজাতকৰ নামত পালন কৰা হয় আৰু তেওঁলোকৰ সুস্বাস্থ্য উন্নতিৰ বাবে কুকুৰা বলি দিয়ে । সেইদিনা দহ বছৰৰ উৰ্দ্ধৰ সমূহ মতা মানুহে বেলেগে খায় । মহিলাৰ বাবে বেলেগে ব্যৱস্থা কৰা হয় । জুই জ্বলাবলৈ আধুনিক ডিয়াছলাই আদি সিদিনা ব্যৱহাৰ কৰা নহয় । বাঁহত ঘঁহি ঘঁহি পৌৰাণিক ব্যৱস্থাৰে জুই জ্বলোৱা হয় ।
উৎসৱৰ পঞ্চম দিনটোক কোৱা হয় ‘নিড্ডু’ ! ই লাউনি উৎসৱৰ প্ৰধান দিন । সিদিনা প্ৰচুৰ পৰিমাণৰ মাংস আৰু পৰম্পৰাগত সুৰাৰ ব্যৱহাৰ কৰা হয় । সকলোৱে বিৰাট হেঁপাহেৰে খাদ্য গ্ৰহণ কৰে । উৎসৱৰ আনন্দত মতলীয়া হয় ।
উৎসৱৰ ষষ্ঠ দিনটোক কোৱা হয় ‘চেপাওইউ’ । অৰ্থাৎ, আলহী সোধা । উল্লেখযোগ্য যে লাউনি উৎসবলৈ দুৰণিবটিয়া আলহী বা বিয়া দিয়া জীয়ৰীসকলো আহে । পৌমাই নগা সকলৰ ই এক পৰম্পৰা । ঘৰলৈ অহা জীয়ৰী বা আলহীক উৎসৱৰ পঞ্চম দিনা বিদায় দিয়া হয় । বিদায়ৰ সময়ত তেওঁলোকক চাঙত শুকুৱা সুস্বাদু মাংস উপহাৰ দিয়া হয় । ইয়াক তেওঁলোকে কয় ‘চৌচা’ ! পৌমাই নগাসকলৰ বিশ্বাস ইয়াৰ জৰিয়তে সম্বন্ধ সুদৃঢ় হয় । মনৰ সম্পৰ্ক কটকটীয়া হয় ।
উৎসৱৰ সপ্তম দিনা, চতুৰ্থ দিনৰ দৰেই পুৰুষৰ বাবে পৃথকে খাদ্য প্ৰস্তত কৰা হয় । কুকুৰা কটা হয় ।
লাউনি উৎসৱৰ অষ্টম দিনটোক পৌমাই নগা সকলে কয় ‘হাহপাওইউ’ ! ইয়াৰ অৰ্থ, পথাৰলৈ যাব পাৰা । সেইদিনা গৃহস্থ গৃহিনী আকৌ পথাৰলৈ যাব পাৰে । ডেকা গাভৰু সকলো সেইদিনা জুম বান্ধি পথাৰলৈ যায় । তেওঁলোকে সিদিনা নিজৰ মনৰ ডেকা বা গাভৰু গৰাকীক বিচাৰি লয় । বিয়াও হয় ।
উৎসৱৰ নৱম দিন, শেষ দিন । সিদিনা ঘৰৰ মুৰব্বীয়ে নিজৰ সন্তানক লৈ গাঁওৰ সীমাৰ বাহিৰলৈ গৈ পূজা আগবঢ়ায় কুকুৰা কাটে । কুকুৰাটোক পিছত দুছেও কৰি এভাগ বাওঁহাতে, আনভাগ সোঁ হাতে দলিয়াই দিয়ে । পৌমাই নগা সকলৰ বিশ্বাস, এনে কৰিলে দেৱতা প্ৰসন্ন হয় আৰু মাৰিমৰকৰ পৰা পৰিয়ালক ৰক্ষা কৰে । তেওঁৰ কৃপাত পৰিয়ালৰ শ্ৰীবৃদ্ধি হয় । উন্নতি হয় ।
পৌমাই নগাসকলৰ ডেকাচাঙক কোৱা হয় ‘খেকিঝি’ আৰু গাভৰু চাঙক কোৱা হয় ‘লৌকিঝি’ ! উৎসৱৰ এটা দিনত ডেকাসকল গাভৰু চাঙলৈ যায় । লগত লৈ যায় গাহৰি মঙহ বা অন্যান্য উপহাৰ । বিনিময়ত তেওঁলোকক গাভৰুৱে দিয়ে সুস্বাদু মদ বা শাক পাচলি ইত্যাদি । তেওঁলোকে আটায়ে প্ৰাণখুলি প্ৰেমৰ গীত গায় । হাঁহে । কথা পাতে ।
নিৰ্দিত সময়ত সপোন লৈ আটাইবোৰ ডেকা গাভৰু নিজৰ নিজৰ ঘৰলৈ উভতে ।
এনেদৰেই শেষ হয় লাউনি উৎসৱৰ । যিয়ে জীৱন গঢ়াৰ ভেটি ৰূপে পৰিচিত পৌমাই নগা সকলৰ মাজত আজিও প্ৰচলিত । ( মোৰ অনুৰোধ, আন ঠাইলৈ যোৱাৰ মাজতে এনেবোৰ উৎসৱ চাবলৈয়ো ওলাবচোন । যাব । চাব । উভতি আহি লিখিব ।…কোনে জানে তথাকথিত আধুনিকতাৰ হেঁচাত কেতিয়া অপমৃত্যু হয় এনে বৰণীয়া উৎসৱৰ ! )