• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, August 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

লাচিত বৰফুকনৰ বীৰগাঁথা!

ASSAMESE SECTION / ASSAM / History / Inspiration

by Monoswini Sarmah
November 23, 2024
in ASSAMESE SECTION, ASSAM, History, Inspiration
Reading Time: 3 mins read
0
Lachit Borphukan: Architect of Assam’s Resistance and Legacy of Valor
Share on FacebookShare on TwitterShare on LinkedIn

লাচিত বৰফুকনৰ বীৰগাঁথা!

মনস্বিনী শৰ্মা

manaswini sarma
মনস্বিনী শৰ্মা

 আহোম ৰাজত্বৰ বীৰ সেনাপতি লাচিত বৰফুকনৰ কৃতিত্ব তথা সাহসৰ গৌৰৱগাথা আজিও ইতিহাসৰ সোণালী পৃষ্ঠাত খোদিত হৈ আছে।

লাচিত বৰফুকন হ’ল এক অপৰাজেয় ব্যক্তিত্ব,সাহস আৰু সংগ্ৰামৰ এক প্ৰতীক তথা সত্বা। এক কথাত লাচিত বৰফুকন হ’ল অসমীয়া জাতিৰ আৱেগ, অসমীয়াৰ স্বাভিমান।

আজিও প্ৰতিজন অসমীয়াৰ মনত লাচিত বৰফুকনৰ সাহস, নেতৃত্বৰ দুৰদৰ্শীতাই শিহৰণৰ সৃষ্টি কৰে। লাচিত বৰফুকনক বাদ দি অসমীয়া জাতিটোৰ সাহস আৰু বীৰত্বৰ কথা কল্পনাই কৰিব নোৱাৰি। লাচিত বৰফুকনৰ দৃঢ়, নি:স্বাৰ্থ আৰু দুৰদৰ্শী নেতৃত্বই সোঁৱৰাই থাকে অসমীয়া জাতিৰ প্ৰৱল পৰাক্ৰমৰ কথা।

১৬২২ চনৰ ২৪ নবেম্বৰ তাৰিখে লাচিত বৰফুকনৰ জন্ম হৈছিল।তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী। লাচিত বৰফুকনৰ পিতৃ মোমাই তামুলী বৰবৰুৱা আছিল আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক।
লাচিত বৰফুকন

    ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই ল’বলগীয়া হৈছিল।শিশু অৱস্থাৰ পৰাই সততা, কৰ্তব্যনিষ্ঠা, নিয়মানুৱৰ্তিতা স্পষ্টবাদিতা আদি গুণৰ অধিকাৰী লাচিত বৰফুকনে নিজৰ বাসগৃহতেই আৰম্ভ কৰিছিল প্ৰাৰম্ভিক শিক্ষা। ৰাজপৰিয়ালত জন্ম গ্ৰহণ কৰাৰ সূত্ৰেই সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই আয়ত্ত কৰিছিল লাচিত বৰফুকনে।

উল্লেখ্য যে লাচিত বৰফুকনক উপযুক্ত শিক্ষাৰে দিক্ষিত কৰি তুলিবলৈ তেওঁৰ পিতৃয়ে ঘৰুৱা শিক্ষক নিয়োগ কৰি হিন্দু ধৰ্মনীতি, অৰ্থশাস্ত্ৰ আদিৰ বিষয়ত শিক্ষা প্ৰদান কৰিছিল। ইয়াৰ ওপৰিও তেওঁ পিতৃ মোমাই তামুলী বৰবৰুৱা আহোম ৰাজ্যৰ বৰবৰুৱা পদত অধিষ্ঠিত থকাৰ বাবেই সেই সময়ত আলোচিত হোৱা বিভিন্ন আলোচনা সমূহৰ পৰা লাচিত বৰফুকনে ৰাজনৈতিক, কূটনৈতিক, অৰ্থনৈতিক, সামাজিক আদি বিষয় সন্দৰ্ভত জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

     লাচিতে একেদিনাই বৰফুকনৰ পদ পোৱা নাছিল। তেওঁ প্ৰথমতে আছিল ঘোঁৰা বৰুৱাৰ পদত। এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলক চলোৱা) হোৱাৰ পিছতহে স্বৰ্গদেও চুপুংমুংৰ বৰফুকন হৈছিল। শৰাইঘাটৰ যুদ্ধত দেখুওৱা বীৰত্বৰ বাবে আজিও অমৰ হৈ আছে লাচিত বৰফুকন।

স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যুৰ পাছত চক্ৰধ্বজ সিংহ ৰাজপাটত বহে। তেখেতে ৰাজভাৰ গ্ৰহণ কৰিয়ে নামনি অসমৰ পৰা মোগলক খেদাৰ কথা চিন্তা কৰিলে। সেই সময়ত স্বৰ্গদেউৰ ভঁৰালত মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিব পৰাকৈ প্ৰয়োজন অনুসাৰে সামগ্ৰী নাছিল। সেয়ে মন্ত্ৰী আতন বুঢ়াগোহাঁয়ে স্বৰ্গদেউক যুদ্ধৰ সকলো সামগ্ৰী উপযুক্ত ধৰণে যুগুতোৱাৰ পাছত মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পৰামৰ্শ দিলে। স্বৰ্গদেউৱেও আতন বুঢ়াগোহাঁইৰ পৰামৰ্শ মানি দুবছৰ ধৰি যুদ্ধৰ বাবে প্ৰস্তুতি চলালে।

এই প্ৰস্তুতিৰ ফলত স্বৰ্গদেউৰ হাতত বিপুল সৈন্য বাহিনী গঠন হৈছিল আৰু ইয়াৰ পাছত আহি পৰিছিল এই সৈন্য বাহিনীৰ বাবে সেনাপতি নিয়োগ কৰা। এই সেনাপতি হ’ব লাগিব কাৰ্য কুশলী আৰু বিচক্ষণ বুদ্ধি সম্পন্ন। লগতে এই সেনাপতিৰ হাতত কলিয়াবৰৰ পৰা গুৱাহাটীলৈকে নামনি অসমৰ শাসনভাৰ ন্যস্ত থাকিব। ইয়াৰ পাছত এই সেনাপতিৰ পদৰ বাবে বাছনিত উঠিল লাচিত বৰফুকন।

লাচিত বৰফুকন আছিল ৰাজ্যৰ সৰ্বপ্ৰধান কাৰ্যপালক আৰু বিচাৰক মোমাই তামূলী বৰবৰুৱাৰ নোমলীয়া পুত্ৰ। দেউতাক মোমাই তামূলী বৰবৰুৱাৰ ৰাজধানীত থকা ঘৰৰ চ’ৰাৰ দৈনন্দিন কাৰ্যাৱলীৰ পৰাই লাচিতে পোন প্ৰথমে শিক্ষা লাভ কৰিছিল। পোনপ্ৰথমে লাচিত বৰফুকন আছিল ৰাজমন্ত্ৰীৰ হাঁচতিধৰা বা ক’বলৈ গ’লে প্ৰাইভেট চেক্ৰেটেৰী বা পি.এ.।

লাচিত বৰফুকন

এই পদত থকাৰ বাবে লাচিতে ৰাজসভাৰ পাত্ৰ-মন্ত্ৰীসকলৰ আলোচনাত উপস্থিত থাকিবলৈ সুযোগ পাইছিল বাবে ইয়াৰ পৰাই লাচিতে বহু কথাৰ জ্ঞান লৈছিল আৰু আয়ত্ত কৰিছিল। মীৰজুমলাৰ অসম আক্ৰমণৰ সময়ত লাচিতে দিখৌমুখত যুদ্ধ কৰিছিল আৰু কৃতকাৰ্যও হৈছিল।১৬৬৭ খ্ৰীষ্টাব্দত মোগলৰ বিৰুদ্ধে আহোমৰ যুদ্ধ আৰম্ভ হ’ল আৰু আহোমে ব্ৰক্ষ্মপুত্ৰৰ উত্তৰকূলত জয়ী হয়। প্ৰায় দুমাহ সময় যুদ্ধ কৰি আহোমে হেৰুৱা ৰাজ্য আৰু মৰ্যদা উভতাই আনি পুনৰ প্ৰতিপত্তি স্থাপন কৰিলে।

    পুনৰ মোগলৰ যুদ্ধৰ সম্ভাৱনা শুনি আহোম ডা-ডাঙৰীয়াসকলে মনস্থ কৰিলে যে এইবাৰ গুৱাহাটীৰ চাৰিওকাষে গড় বান্ধি গড়ৰ মাজত প্ৰজা আৰু সম্পদসমূহক সুৰক্ষিত কৰি ৰাখিব। গুৱাহাটী যিহেতু আগৰে পৰা পতা ঠাই। গতিকে গুৱাহাটী যুদ্ধৰ ঘাটি হিচাপে উপযোগী।

এই ক্ষেত্ৰত লাচিত বৰফুকনে কৈছিল ” গুৱাহাটীত থাকি যুদ্ধ কৰা মানে নিজৰ ঘৰত থাকি যুদ্ধ কৰাৰ নিচিনা সুবিধা।” গড় বন্ধাৰ উদ্দেশ্যে লাচিতে চৰাই-পহু মৰাৰ চলেৰে গুৱাহাটীৰ হাবি-বন,বাট-পথ চাই ফুৰিলে। গড়বোৰৰ বুৰুজত অন্তৰে অন্তৰে হিলৈ পাতিলে।

      ১৬৬৭ চনত আহোমে গুৱাহাটী দখল কৰাৰ খবৰ শুনি ঔৰঙ্গজেৱে অসমত পুনৰ মোগল সংস্থাপিত কৰিবলৈ ৰামসিংহৰ সেনাপতিত্বত সেনাবাহিনী প্ৰেৰণ কৰিলে। ৰামসিংহৰ আগমণৰ খবৰ পাই অসমীয়া সচেতন হ’ল আগন্তুক কঠিন সংগ্ৰামৰ বাবে। এইবাৰৰ আহোম-মোগলৰ‌ ৰণৰ উদ্দেশ্য হ’ল গুৱাহাটীৰ পৰা মানাহলৈকে ৰাজ্যৰ আধিপত্য সংৰক্ষণ। গুৱাহাটীৰ চাৰিওকাষে গড় আৰু অধিক শকত কৰা হ’ল।

লাচিত বৰফুকনে তেওঁৰ আদেশ পালন নকৰিলে কাকো সুদাই নেৰে বুলি আদেশ ঘোষণা কৰিলে। গুৱাহাটীৰ আমিনগাঁৱৰ ওচৰৰ গড় বন্ধাৰ দায়িত্ব দিছিল মোমায়েকক। কিন্তু মোমায়েকে এই কামত হেমাহি কৰাত‌ তেওঁ নিজৰ হেংদাঙেৰে মোমায়েকক কাটি দুচেও কৰি ক’লে, “দেশতকৈ মোমাই ডাঙৰ নহয়।”

ইয়াৰ লগে লগে সৈন্য বাহিনী আৰু অধিক সষ্টম আৰু বদ্ধপৰিকৰ হ’ল। ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ দায়িত্বত আছিল লাচিত বৰফুকন। তেওঁৰ ছাউনী আছিল ইটাখুলি পাহাৰত। লাচিত বৰফুকনে মূৰত ৰণটুপী পিন্ধিছিল আৰু তেওঁৰ মুখখন বহল চন্দ্ৰৰ নিচিনা আছিল।

লাচিত বৰফুকন

   গুৱাহাটীৰ চাৰিওকাষে পৰ্বতমালা। মাজে মাজে যথাস্থানত দুৰ্গ আৰু বুৰুজ। শত্ৰু সৈন্যক এই ৰণবেহুৰ মাজত সোমোৱাই ল’বলৈ লাচিত বৰফুকনে চেষ্টা কৰিলে। এই ক্ষেত্ৰত ৰামসিংহক গুৱাহাটীৰ সমীপলৈ আনিবলৈ লাচিত বৰফুকনে তিনিজন ৰাজখোৱা বিষয়াক দায়িত্ব দিলে। ১৬৬৯ চনত আহোম আৰু মোগলৰ মাজত নাৱেৰে যুদ্ধ হ’ল। এই যুদ্ধত লাচিতে বাঙালক আক্ৰমণ কৰিলে।

         চক্ৰধ্বজ সিংহৰ মৃত্যুৰ পাছত উদয়াদিত্য সিংহ ৰাজপাটত বহে। উদয়াদিত্য সিংহৰ ৰাজত্ব কালতে লাচিত বৰফুকনে নিজৰ পৰাক্ৰমী শক্তিৰে ৰামসিংহক পৰাজিত কৰি মোগলক পৰাস্ত কৰে। তাহানিতে গুৱাহাটী আৰু ইয়াৰ ওচৰৰ অঞ্চলক শৰাইঘাট বোলা হৈছিল বাবে আহোম আৰু মোগলৰ এই যুদ্ধখনক ‘শৰাইঘাটৰ ৰণ’ আখ্যা দিয়া হয়। 

    ১৬৭১ চনত ৰামসিংহই অসমৰ পৰা পৰাজিত হৈ উভতি যাবলৈ ল’লে। যাবৰ সময়ত তেওঁ এবাৰ হাজোৰ হয়গ্ৰীৱ মন্দিৰৰ ব্ৰাহ্মণসকলক ক’লে,” বৰনবাব লাচিত বৰফুকন সামান্য বীৰ নহয়। যন্ত্ৰাকৃতি গড়। মই একো ঠাইতে ছিদ্ৰ নাপালো।”

    শৰাইঘাটৰ যুদ্ধৰ সময়ত লাচিতৰ তীৰকঁপে জ্বৰ আছিল। কিন্তু মনৰ উদ্যম আৰু দেশ ৰক্ষাৰ প্ৰতি থকা অদম্য শক্তিৰ বাবে তেওঁ নৰীয়া দেহাৰে যুদ্ধ কৰিছিল। তেওঁ নিজে আগবাঢ়ি গৈ যুদ্ধ নকৰা হ’লে অসমীয়াই নিন্দনীয়ভাৱে পৰাজয় বৰণ কৰিলেহেঁতেন। লাচিতৰ অদম্য শক্তি দেখি সৈন্য সকলেও যুদ্ধত মনোবল লাভ কৰিছিল। শৰাইঘাটৰ যুদ্ধৰ কেইদিনমানৰ পাছত লাচিত বৰফুকনে শেষ নিশ্বাস ত্যাগ কৰে।

Lachit

    গুৰুত্বপূৰ্ণ কথা যে আলাবৈ ৰণত মোগল সেনা জয় লাভ কৰাৰ পিছত পুনৰ আহোম সৈন্যক চূড়ান্ত আক্ৰমণ কৰিবলৈ ঔৰংজেৱৰৰ নিৰ্দেশত ৰামসিংহ সাজু হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ আহোম সেনাপতি লাচিত বৰফুকনৰ স্বাস্থ্য সেই সময়ত সুস্থিৰ নাছিল, ৰোগাক্ৰান্ত হৈ আছিল লাচিত বৰফুকন। তথাপিও দেশৰ স্বাৰ্থত ৰোগীয়া শৰীৰেই মোগলৰ মুখা মুখি হ’বলৈ সাজু হৈছিল লাচিত বৰফুকন।

১৬৭১ খ্ৰী:ৰ ৰ্মাচ মাহত শৰাইঘাটত মোগল আৰু আহোম সেনাৰ সন্মুখ সমৰত লিপ্ত হৈছিল। গুৰুত্বপূৰ্ণ কথা যে এই ইতিহাস প্ৰসিদ্ধ শৰাইঘাটৰ যুদ্ধত আক্ৰমণকাৰী মোগল সেনাই সম্পূৰ্ণভাৱে পৰাজয় বৰণ কৰে।

    লাচিত বৰফুকনৰ নেতৃত্ব বহন কৰা এই শৰাইঘাট যুদ্ধ হ’ল অসমৰ ইতিহাসৰ সোণালী আখৰেৰে জিলিকা যুগান্তকাৰী ঘটনা। মহা পৰাক্ৰমী মোগল শক্তিক পৰাভূত কৰা লাচিত বৰফুকন নেতৃত্বই অসম বাসীৰ শৌৰ্য-বীৰ্য তথা সন্মান বিশেষভাৱে বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে।

নৰীয়া শৰীৰে অথচ বুদ্ধিমত্তাৰ উদাহৰণ দাঙি ধৰি লাচিত বৰফুকনে যিদৰে মোগল সৈন্যৰ সৈতে সন্মুখ সমৰত লিপ্ত হ’ল সেইয়া অতি প্ৰশংসনীয়। গুৰুত্বপূৰ্ণ কথা যে ৰণনীতিগত ক্ষেত্ৰত ব্যাপক ইন্ধন যোগাই লাচিত বৰফুকনে প্ৰথম বাৰৰ বাবে গেৰিলা যুদ্ধ পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল।

Lachit 1

(মনস্বিনী শৰ্মা শিৱসাগৰৰ এগৰাকী যুৱ লেখিকা)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Monoswini Sarmah

Monoswini Sarmah

Related Posts

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ
Climate Change

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

by Jharna Sarma Dev Choudhury
August 16, 2026
0

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ ঝৰ্ণা শৰ্মা দেৱচৌধুৰী এনে এখন দেশ, যিখন দেশ হয়তো আৰু কেইবছৰমানৰ...

Read moreDetails
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

August 14, 2026
Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

August 14, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

August 12, 2026
International Day of the World’s Indigenous Peoples observed at Tihu College by Mahabahu Climate Forum

International Day of the World’s Indigenous Peoples observed at Tihu College by Mahabahu Climate Forum

August 11, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 18, 2026
AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

August 17, 2026
Attending RAI’S Class

Attending RAI’S Class

August 17, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39811 shares
    Share 15924 Tweet 9953
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18659 shares
    Share 7464 Tweet 4665
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3806 shares
    Share 1522 Tweet 952
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    289 shares
    Share 116 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    109 shares
    Share 44 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d