লাচিত বৰফুকন
ডঃ সূৰ্যকুমাৰ ভূঞা

লাচিত বৰফুকন কোন?
তেওঁ আছিল দিল্লীৰ সম্রাট জাহাঙ্গীৰ আৰু ছাহজাহান বাদছাহৰ দিনৰ মোগলৰ লগত হোৱা যুদ্ধত অসমৰ সেনাপতি মোমাই তামুলী বৰবৰুৱাৰ নুমলীয়া পুতেক।
সামান্য অৱস্থাৰ পৰা মোমাই তামুলী বৰবৰুৱা হৈছিল।
ৰাজ্যৰ সর্বপ্রধান কার্যপালক আৰু বিচাৰক,— এই দুয়ো বিষয়ৰ ভাৰ আছিল বৰবৰুৱাৰ গাত।
তেওঁৰ নাম আছিল শুকুতি, কিন্তু তেওঁ মোমাইতামুলী বুলিহে বেছিকৈ জনাজাত। তেওঁ পোনতে সাধাৰণ বনুৱা হিচাপে চাৰি টকা ৰূপৰ কাৰণে ভাগিনীয়েকৰ ঘৰত বন্ধা হৈ কাম কৰিছিল।
এদিন তেওঁ চৰাইদেওলৈ যোৱা আলিকাষৰৰ পথাৰত আলি দিবলৈ কোৰেৰে কাম কৰি আছিল। ভাগিনীয়েকে তেওঁক মোমাই বুলি মাতিছিল, তাকে দেখি সেই ঠাইৰ মানুহে শুকুতিক মোমাই বুলি মাতিবলৈ ধৰিলে।
স্বৰ্গদেৱ প্ৰতাপসিংহ মহাৰাজ বাটেৰে যাওঁতে শুকুতিক কাম কৰি থকা দেখা পালে আৰু তেওঁ ধাননি পথাৰত চিকুণকৈ আলি দিয়া দেখি স্বৰ্গদেৱে সন্তোষ পালে। মানুহৰ গুণৰ প্রতি স্বৰ্গদেৱৰ দৃষ্টি বৰ চোকা আছিল। স্বৰ্গদেৱে মোমাইক ভাগিনীয়েকৰ পৰা মোকোলাই আনি পোনতে তিপমীয়া ৰাজখোৱা আৰু পাছলৈ ৰজাৰ বাৰীচোৱা বৰতামুলী পাতিলে।
মোমাই তামুলীয়ে ইটো পদৰ পৰা সিটো পদলৈ উঠি অৱশেষত বৰবৰুৱাৰ বিষয় লাভ কৰিলে। মোগল যুদ্ধৰ সময়ত তেওঁ আহোম সৈন্যৰ সেনাপতিৰূপে যুদ্ধ পৰিচালনা কৰিছিল।
১৬৩৯ চনত আল্লাহ-ইয়াৰ-খাঁৰ লগত হোৱা সন্ধি নিবন্ধত মোমাইতামুলীয়ে প্রধান অংশ গ্রহণ কৰিছিল; আৰু বহুবছৰ ধৰি এই সন্ধিৰ ভেটিতে অসম-মোগলৰ সম্বন্ধ পৰিচালিত হৈছিল। মোমাইতামুলীৰ দূৰদর্শিতা আৰু সাহসিকতা স্বৰ্গদেৱ প্ৰতাপসিংহৰ প্ৰধান সম্বল আছিল।
এজনা মোগল উকীলে ফৌজাদাৰৰ আগত কৈছিল— “চাহেব, অসমৰ কথা কি কোৱা? ৰজা হ’ল সাক্ষাৎ মহাদেৱ, মোমাইতামুলী হ’ল মহাদেৱৰ প্ৰধান ভৃত্য নন্দী। এই দুজনা অসমৰ কাৰ্যকাৰক হৈ থকা পর্যন্ত তুমি সেই দেশলৈ টোৱাব নোৱাৰা।”

মোমাইতামুলীৰ জীয়েক পাখী গাভৰু স্বৰ্গদেৱ জয়ধ্বজ সিংহৰ কুঁৱৰী আছিল। সম্রাট আওৰঙ্গজেৱৰ তৃতীয় পুত্র চুলতান। আজমতাৰাৰ মহিষী ৰমণী গাভৰু আছিল জয়ধ্বজ সিংহ আৰু পাখী গাভৰুৰ সন্তান। মোমাইতামুলীৰ পুত্ৰসকলেও ৰাজ্যৰ ওখ ওখ বিষয় ভোগ কৰিছিল।
অসমৰ বর্তমান অর্থনৈতিক জীৱন মোমাই তামুলী বৰবৰুৱা অনুষ্ঠিত ব্যৱস্থাৰ পৰিণতি বুলি ক’ব পাৰি। ১৬০৮ খ্ৰীষ্টাব্দত তেওঁ অসমীয়া বিষয়াসকলৰ কৰ্তব্য আৰু কাৰ্যপন্থা নিৰূপণ কৰে আৰু কাৰ তলত কিমান সংখ্যক পাইকে কাম কৰিব তাকো ধার্য কৰি দিয়ে। মোগলৰ মনচবদাৰী প্রথা অনুযায়ী বৰা, শইকীয়া, হাজৰিকা, বৰুৱা, ৰাজখোৱা, ফুকন— এইসকল বিষয় সৃষ্টি কৰা হয়। অৱশ্যে এই প্রথা নিৰূপণ কৰোঁতে অসমত পূর্বকালৰে পৰা চলি অহা বিষয়াৰ তাৰতম্যৰ প্ৰণালীৰ পিনেও চকু ৰখা হৈছিল।
সুদৃঢ় অর্থনৈতিক ভেটিত অসমীয়া গাঁৱলীয়া জীৱন সংগঠন কৰাৰ ভাৰো মোমাইতামুলীক অর্পণ কৰা হৈছিল। শাসনৰ সুবিধাৰ নিমিত্তে গাঁওসমূহক এটা এটা চুবুৰিত অন্তৰ্ভুক্ত কৰা হৈছিল। প্রত্যেক অসমীয়া পৰিয়ালৰ তিৰোতাসকলৰ নিমিত্তে সূতা কটা আৰু কপোৰ বোৱা বাধ্যতামূলক আছিল। মোমাইতামুলীৰ এই দূৰদৰ্শী ব্যৱস্থাৰ কাৰণে, জাতি বৰ্ণ আৰু সামাজিক অৱস্থা নির্বিশেষে গোটেই অসমত কাপোৰ বোৱা প্ৰথা আজিলৈকে প্ৰচলিত হৈ আছে।
প্রতিখন গাঁৱতে প্রয়োজনীয় কাৰিকৰ, পুৰোহিত আদি সকলো বিদ্যা আৰু ব্যৱসায়ৰ মানুহৰ বসতি আছিল। অর্থনৈতিক স্বাধীনতা অসমীয়া সামাজিক জীৱনৰ মূল লক্ষ্য আছিল। ইয়াৰ ফলত প্রতি পৰিয়ালৰ নিজৰ যাৱতীয় প্রয়োজনৰ বস্তু নিজ ঘৰতে উৎপন্ন হৈছিল।
সমসাময়িক অসম বুৰঞ্জীৰ পৰা মোমাইতামুলীৰ কৰ্তব্যপৰায়ণতাৰ বিষয়ে এটি ভাল উদাহৰণ পোৱা যায়। নামনি অসমত শাসনকর্তা হৈ থকা কালত তেওঁ কছাৰী ৰজা ভীমবল নাৰায়ণৰ পৰা এখন চিঠি পালে। চিঠিত তেওঁক ‘নামাজানিৰ ৰজা’ বুলি অভিহিত কৰা হৈছিল। এই আখ্যা দেখি মোমাইতামুলীয়ে ভাবিলে যে তেওঁৰ অধিপতি স্বৰ্গদেৱ প্ৰতাপসিংহ মহাৰাজক অপমান কৰা হৈছে। তেওঁ এই বিষয়ে গড়গাঁৱত থকা স্বৰ্গদেৱলৈ লিখি পঠিয়ালে।
স্বৰ্গদেৱে উত্তৰ দিলে— “কছাৰী ৰজাই মোৰ বিষয়া বৰবৰুৱাক ৰজা বুলি চিঠি দিছে, ইয়াৰ পৰা বুজিব পৰা গ’ল যে সর্বাধিনায়ক মহাৰজা মোলৈ তেওঁৰ অসীম শ্রদ্ধা। কছাৰী ৰজাৰ কোনো অপৰাধ নাই। তেওঁৰ উকীলক ভালৰূপে বঁটা দি বিদায় দিবা।”
মোমাইতামুলীৰ উচ্চপদ আৰু প্ৰখ্যাতি লাভৰ মূল কাৰণ আছিল তেওঁৰ অতুলনীয় কর্তব্যজ্ঞান আৰু স্বৰ্গদেৱৰ প্ৰতি পৰম আনুগত্য আৰু নিষ্ঠা। তেওঁৰ কৰ্তব্য যিমানকি গুৰু বা সাধাৰণ হওক, তেওঁ সকলো অৱস্থাত তাৰ সমাধানত নিজৰ সর্বান্তঃকৰণ দি কাম কৰিছিল। তেওঁ নিজৰ প্ৰতি আৰু নিজৰ আদৰ্শৰ প্ৰতি সদায় সত্যনিষ্ঠ আছিল, আৰু তেওঁৰ সকলো কার্যাৱলীত সর্বাঙ্গসুন্দৰভাৱে সমাধানৰ আনন্দই তেওঁক অনুপ্ৰেৰণা যোগাইছিল, নিজৰ লাভ বা সুবিধা যিয়েই নহওক লাগিলে।

লাচিত বৰফুকনে পিতৃদেৱতাৰ পৰা এইখিনি গুণৰ উত্তৰাধিকাৰী হৈছিল, অপৰাজেয় কর্তব্যজ্ঞান আৰু নিজে কৰা কামত সম্পূর্ণ আত্মবিলোপ। লাচিত বৰফুকনে যদি নিজৰ আত্মজীৱন-চৰিত লিখিলেহেঁতেন, তেওঁ তাত স্বীকাৰ কৰিলেহেঁতেন— “মই দেউতাৰ পৰা শিকিছিলো কর্তব্যপৰায়ণ হ’বলৈ আৰু নিজৰ কাম ভাল পাবলৈ, আৰু মোৰ ওপৰত আৰোপণ কৰা দায়িত্বক নিষ্ঠতা আৰু বিবেকেৰে কৰি যি মধুৰ আনন্দ, সেই আনন্দত আত্মবিভোৰ হ’বলৈ।”
দেউতাক মোমাইতামুলী বৰবৰুৱাৰ ৰাজধানীত থকা ঘৰৰ চ’ৰাৰ দৈনন্দিন কার্যাৱলীৰ পৰাই লাচিতে পোনপ্রথমে শিক্ষা পাইছিল। এই চ’ৰাই তেওঁৰ পক্ষে শিক্ষাবাহৰ আৰু বিদ্যালয় স্বৰূপ হৈছিল। বৰবৰুৱা হিচাপে মোমাইতামুলীৰ তলত যাৱতীয় বিষয়াসমূহে কাম কৰিছিল, এওঁলোকৰ সহায়েৰে তেওঁ নিজৰ ৰাজকার্য সম্পাদন কৰিছিল, মাটি আৰু গোচৰৰ সিদ্ধান্ত দিছিল, বিদেশৰ পৰা অহা দূতসকলক সম্বর্ধনা জনাইছিল, আৰু ৰজাঘৰীয়া আৰু কূটনৈতিক সমস্যাবোৰ আলোচনা কৰিছিল। স্বৰ্গদেৱৰ বৰচ’ৰা, ন্যায়ালয় আৰু পকাঘৰত বৰবৰুৱাৰ কৰ্তব্য ধার্য আছিল।
কিন্তু তেওঁৰ ঘৰত যথেষ্ট কাম আছিল, সেইবোৰৰ সিদ্ধান্ত যথাসময়ত স্বৰ্গদেৱৰ পাত্র-মন্ত্ৰীৰ আগত আলোচনা আৰু সমর্থনৰ কাৰণে দাঙি ধৰিছিল। দেউতাকৰ চহৰৰ ঘৰতো হোৱা সকলো কথা ল’ৰা অৱস্থাত লাচিতে দেখিছিল আৰু শুনিছিল। যাতে পৰিয়ালৰ ভিতৰত পুৰুষানুক্রমে ওখ বিষয়বোৰ চলি থাকে, তাৰ কাৰণে আহোমৰ সম্রান্ত লোকসকলে পুতেকহঁতক শিক্ষা দিবৰ নিমিত্তে উপযুক্ত শিক্ষক নিয়োগ কৰিছিল। সকলো উচ্চ পৰিয়ালতে ভাল ভাল পণ্ডিত নিযুক্ত কৰা হৈছিল।
তেওঁলোকে আহোম শাস্ত্ৰ আৰু হিন্দু দণ্ডনীতি আৰু অর্থশাস্ত্র অনুসৰি ডেকাসকলক ৰাজধৰ্মৰ জ্ঞান দিছিল আৰু দেশৰ বুৰঞ্জী আৰু শাসন সম্বন্ধীয় পূর্বৰ আৰ্হি স্বৰূপে ঘটনাবোৰৰ কথাও জনাইছিল। বৰবৰাৰ পুত্ৰ হিচাপে লাচিতে ৰজাৰ বৰচ’ৰালৈকে অহা-যোৱা কৰিছিল। বুৰঞ্জীত পোৱা যায় যে লাচিতক ৰাজমন্ত্রী ডাঙৰীয়াৰ হাচটিধৰা তামুলী নিযুক্ত কৰা হৈছিল, এই পদটো ঘৰুৱা সচিব বা প্রাইভেট হেক্রেটৰী খাপৰ বিষয়। ৰাজনীতিৰ ক্ষেত্ৰত এই পদটোক প্রথম সোপান বুলি সকলো ঠাইতে গণ্য কৰা হয়।
হাচটিধৰা তামুলীয়ে মন্ত্রীৰ তামোল-পাণ আৰু কাকত-পত্ৰ লৈ গৈছিল আৰু সেইমতে তেওঁ ৰজাৰ বৰচ’ৰাত হোৱা পাত্র-মন্ত্রীৰ মেলত উপস্থিত হ’ব পাৰিছিল। সেই মেলত থাকিবলৈ সুবিধা পোৱাটো বিশেষ অনুগ্ৰহৰ কথা। দেউতাকৰ ঘৰত লাভ কৰা শিক্ষাক স্বৰ্গদেৱৰ চ’ৰাত সমাধা হোৱা পাত্ৰ-মন্ত্ৰীৰ মেলৰ কথা-বার্তাৰ জ্ঞানৰ দ্বাৰা লাচিতে পৰিপুষ্ট কৰিব পাৰিছিল।
সম্রান্ত পৰিয়ালৰ ল’ৰাৰ কাৰণে সামৰিক শিক্ষা বাদ নপৰিছিল, কাৰণ সেই কালত অসামৰিক আৰু সামৰিক— এই দুয়োৰে ভিতৰত নিকপকপীয়া প্ৰভেদ নাছিল। আৰু প্ৰতিজন বিষয়াই, এনেকি ন্যায়সোধা বিষয়া বা পুৰোহিতেও আৱশ্যক হ’লে আৰু অৱস্থা অনুযায়ী অস্ত্ৰ গ্ৰহণ কৰিব লগাত পৰিছিল। প্রাচীন আহোম পৰিয়ালবৰ্গ আছিল মূল শাসনৰ ঘাই ধৰণীস্বৰূপ, সেই কাৰণে তেওঁলোকৰ ডেকাসকলে বহুমুখী শিক্ষা লাভ কৰিব লগাত পৰিছিল।
লাচিত বৰফুকন লুখুৰাখুন ফৈদৰ মানুহ আছিল। এই ফৈদ অতি প্রাচীন আৰু এওঁলোকৰ আদি পুৰুষজনা অসম বিজেতা চুকাফাৰ লগত আহিছিল। আহোম স্বৰ্গদেৱসকলৰ শৱ মৈদামত থোৱাৰ কালত তেওঁলোকৰ নির্দিষ্ট কর্তব্য আছিল।
লাচিতৰ চা-চেহেৰাৰ বিষয়ে জানিবৰ কাৰণে আমাৰ হাতত সমসাময়িক ছবি পৰা নাই। যাহওক, তেওঁৰ আৰু সহযোগী সেনাপতিসকলৰ আকৃতি-প্রকৃতিৰ বিষয়ে এটি সংক্ষিপ্ত লিপিবদ্ধ বিবৰণী পোৱা যায়। লিখকে এটা-দুটা কথাৰে লাচিতৰ ৰূপ বর্ণনা কৰিছে। লাচিতৰ বিষয়ে বুৰঞ্জীত আছে— “ইটাখুলিৰ নামনিত আছিল লাচিত বৰফুকন , তেওঁৰ মুখখন বহল আৰু পূৰ্ণচন্দ্ৰৰ নিচিনা। কোনেও তেওঁৰ চকুলৈ চাব নোৱাৰে।“
বৰসেনাপতি হোৱাৰ পূৰ্বে লাচিতে কি কি বিষয় ভোগ কৰিছিল, তাৰ বিষয়ে সঠিক জানিব নোৱাৰি। কিন্তু তিনিটা বাব লোৱাৰ কথা নিশ্চয়কৈ জানিব পাৰি। পোনতে তেওঁ ঘোঁৰাবৰুৱাৰ পদ পাইছিল। ঘোঁৰাবৰুৱাৰ কাম আছিল ৰজাৰ ঘোঁৰাবোৰৰ তত্ত্বাৱধান কৰা। এই বাবত থাকোঁতে লাচিতে দুর্দান্ত ঘোঁৰাক বশলৈ আনিছিল, তাৰ পৰিণামত ৰজাই ঘোঁৰাত উঠোঁতে দোলাত উঠা যেন পাইছিল।
কিছুদিনৰ পাছতে লাচিতে দুলীয়া বৰবৰুৱাৰ পদ পাইছিল আৰু তাৰপাছত গড়গাঁৱৰ সমীপৱৰ্তী শিমলুগুৰি খেলৰ প্রধান বিষয়া শিমলুগুৰীয়া ফুকনৰ বাব পাইছিল। তাৰপাছত তেওঁ দোলাকাষৰীয়া বৰুৱাৰ পদ পায়। তেওঁৰ কাম আছিল ৰজা দোলাত উঠি যাওঁতে লগত যোৱা পালী-পহৰীয়াবোৰক চলাই-মেলি ফুৰা।
দোলা-কাষৰীয়াবোৰৰ বাব আছিল আজিকালিৰ পুলিচৰ চিপাহীৰ দৰে আৰু সেই অনুসাৰে দোলা-কাষৰীয়া বৰুৱাজন আছিল আজিকালিৰ পুলিচ বিভাগৰ বৰমূৰীয়া বিষয়া ইন্সপেক্টৰ জেনাৰেলৰ নিচিনা। বৰুৱাতকৈ ফুকনৰ মর্যাদা অধিক হ’লেও সেই দোলা-কাষৰীয়া বৰুৱাৰ বাবটোৱে লাচিতক বেছি চকুত লগা কৰিছিল। মীৰজুমলাৰ আক্ৰমণৰ সময়ত লাচিতে দিখৌমুখত শত্রুসৈন্যৰ লগত যুদ্ধ কৰিছিল আৰু সেই কামত তেওঁ কিছু পৰিমাণে কৃতকার্যও হৈছিল।
বৰসেনাপতিৰূপে নিযুক্ত হোৱাৰ সময়ত লাচিত দোলা-কাষৰীয়া বৰুৱা আছিল বুলি কোৱা হৈছে। স্বৰ্গদেৱে দোলাত বহি থকা অৱস্থাতে লাচিতক এবাৰ কাষলৈ মাতি আনিলে আৰু নতুন সেনাপতিৰ কাৰ্যদক্ষতা প্রমাণ চাবৰ মনেৰে স্বৰ্গদেৱে দোলা কাষৰীয়া মানুহখিনিক নিজৰ কর্তব্য সম্পাদনৰ বিষয়ে বুজাবলৈ লাচিতক আদেশ দিলে। লাচিতে ভালকৈ বুজাই দিয়াত স্বৰ্গদেৱে সন্তোষ পাই ক’লে— “বঙাল শত্ৰু ওচৰতে আছে। কেনেকৈ চৈয়দ পিৰোজ আৰু চৈয়দ চালাক ধৰিব পৰা যাব? অধিকাৰী যাক পাতিম সিও গাঢ় হব লাগিব।”

ইয়াৰ উত্তৰত লাচিতে ক’লে— “স্বৰ্গদেৱৰ ৰাজ্যতনো মানুহ নাই নেকি? বঙালনো কি? মানুহহে। আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ? স্বৰ্গদেৱে ধূলা দিবহে লাগে। মন কৰি চাওক।” এই কথা শুনি তেতিক্ষণে লাচিতক অসমীয়া সৈন্যৰ প্রধান সেনাপতি পাতিবলৈ স্বৰ্গদেৱে থিৰ কৰিলে। স্বৰ্গদেৱৰ সিদ্ধান্তত মন্ত্রীসকলেও হয়ভৰ দিলে।
লাচিতক সেনাপতি পতা কথাটো প্রকাশ্যভাৱে ঘোষণা কৰাৰ পূর্বে তেওঁৰ নিৰ্ভীকতা আৰু আত্মমর্যাদাবোধৰ নতুন প্রমাণ চাবৰ কাৰণে স্বৰ্গদেৱে ইচ্ছা কৰিলে। লাচিতক স্বৰ্গদেৱৰ কাষলৈ মাতি অনা হ’ল। স্বৰ্গদেৱৰ আগত আঁঠু ল’বৰ সময়ত আঁৰত থকা লিগিৰা এটাই আগৰ ব্যৱস্থামতে, বেগেৰে আহি লাচিতৰ মূৰৰ বস্ত্র থাপমাৰি কাঢ়ি লৈ গ’ল। এইদৰে মূৰত পিন্ধা কাপোৰ কাঢ়ি নিয়াটো তেতিয়াৰ দিনত, এনেকি আজিও, বৰ অপমানৰ কথা।
লাচিতৰ বৰ খং উঠিল, তেওঁ খাপৰ পৰা হেংদান উলিয়াই লিগিৰাটোক কাটিবলৈ খেদি গ’ল। উপায় নাপাই লিগিৰাই স্বৰ্গদেৱৰ সিংহাসনৰ তলত সোমাল। তালৈকে উগ্রমূর্তি হৈ লাচিতে লিগিৰাটোক কাটিবলৈ চোঁচা মাৰি গ’ল। এনেতে স্বৰ্গদেৱে বাধা দিলে আৰু লাচিতৰ অপৰিমেয় সাহপিতৰ প্রমাণ পাই তেওঁক স্বৰ্গদেৱে প্রশংসা কৰিবলৈ ধৰিলে। লাচিতক স্বৰ্গদেৱে সোণোৱালী হেংদান আৰু মর্যাদা অনুসৰি অন্যান্য খিতাপ দি আনুষ্ঠানিকভাৱে সেনাপতি আৰু বৰফুকন পদত নিযুক্ত কৰিলে।
যুদ্ধৰ আয়োজনৰ লগে লগে চক্ৰধ্বজসিংহ স্বৰ্গদেৱে মোগলৰ মতিগতি আৰু সামৰিক কার্যকলাপৰ বিষয়ে জানিবৰ কাৰণে দেশ-বিদেশলৈ উকীল-কটকী পঠিয়াবলৈ ধৰিলে। দেশৰ দুৰৱস্থা দেখি স্বৰ্গদেৱ দুখিত হৈছিল সঁচা, কিন্তু যিখন দেশে মহম্মদ-বিন-বখটিয়াৰ খিলিজিৰ দিনৰে পৰা মুছলমানৰ আক্রমণ ব্যর্থ কৰি আহিছে, মীৰজুমলাৰ হাতত পৰাভূত হোৱাৰ একমাত্ৰ দৃষ্টান্ত সেই দেশৰ কাৰণে বিশেষ অপমানৰ কথা নহয়।
অৱশ্যে এই অপমানৰ পৰা খন্তেকীয়াভাৱে মর্যাদা হানি হৈছিল বুলি ধৰিব লাগিব। চক্রধ্বজসিংহ স্বৰ্গদেৱ অভিভুত হোৱা নাছিল, কাৰণ স্বজাতিৰ অদম্য শক্তিৰ ওপৰত তেওঁৰ দুর্জয় বিশ্বাস আছিল।
১৬৬৩ আৰু ১৬৬৫ খ্ৰীষ্টাব্দৰ ভিতৰত দাক্ষিণাত্যত মহাৰাষ্ট্ৰৰ শিৱাজীয়ে মোগলক পৰাভৱ কৰিছিল। শিৱাজীৰ কৃতকার্যতাই স্বৰ্গদেৱ চক্ৰধ্বজসিংহ মহাৰাজক নিজৰ যুদ্ধ কৰাৰ প্ৰচেষ্টাত উদ্গনি যোগাইছিল।
১৫৮৭ শকৰ ২৪ মাঘ বা ইংৰাজী ১৬৬৬ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে চক্ৰধ্বজসিংহই কোচবেহাৰৰ ৰজা প্রাণনাৰায়ণলৈ লিখিছিল— “তুমি কৈ পঠাইছা বোলে শুবাএৰে বঙালৰ লেঢ়াই লাগিছে, শুবাএ বঙালক মাৰি কুৰি দিনৰ পথ হোঁহোঁকাইছে, আৰু দাউদ-খাঁ পৰিল, আৰু দিলেৰ-খাঁ ঘায় খাইছে, আৰু পাদশ্যাও দিল্লীৰ পৰা আগৰালৈ আহিছে, এইখান কৈছা, পাছত কাৰ ভঙ্গজয় হয় ইয়াকো নেজানি। আৰু বুলিছা আমিও গড়খাৱৈ প্ৰযত্নে কৰিছোঁ, তুমিও গড় বান্ধা, লোক মলুকৰো মহলা কৰা। হয়, বুলিব পোৱা। কিন্তু বাৰেক দেৱতাৰো ভঙ্গজয় আছে। এবাৰ ঘাটিছোঁ বুলি আমি যত্ন নকৰিম নেকি? সিহঁতে এবাৰহে আমাক এনে কৰিছে সিহঁতক আমি বাৰম্বাৰ যেনে কৰিছোঁ তুমি আপুনি সমস্তবোৰ জানা।”
[ডঃ সূৰ্যকুমাৰ ভূঞাৰ ‘লাচিত বৰফুকন’ গ্ৰন্থৰ পৰা]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)