• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, May 20, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Entertainment

লাচিত বৰফুকন

ASSAMESE SECTION / Assam / Inspiration / History

by Editor
November 24, 2024
in Inspiration, ASSAMESE SECTION, Drama, History
Reading Time: 47 mins read
0
লাচিত বৰফুকন
Share on FacebookShare on TwitterShare on LinkedIn

RelatedPosts

চন্দ্ৰকান্ত সিংহ আৰু শিখ – হিন্দুস্তানী সৈনিক সকল

চন্দ্ৰকান্ত সিংহ আৰু শিখ – হিন্দুস্তানী সৈনিক সকল

May 18, 2026
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
গছে সলায় পাত, পক্ষীয়ে লগায় মাত

গছে সলায় পাত, পক্ষীয়ে লগায় মাত

May 14, 2026

লাচিত বৰফুকন

পদ্মনাথ গোহাঞি বৰুৱা

lachit phukan2

লাচিত বৰফুকন

(বুৰঞ্জীমূলক নাটক)

[অসমীয়া সাহিত্যিক পেঞ্চনাৰ, “বিজুলী”, “ঊষা” আৰু “বন্তি”ৰ সম্পাদক, কলিকতা বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব্ব অসমীয়া প্ৰশ্নকাৰ আৰু পৰীক্ষক, অসমীয়া সাহিত্যিক সম্মিলনীৰ পোনপ্ৰথম সভাপতি, সদৌ অসম আহোম এচোচিয়েচনৰ সভাপতি, পোনপ্ৰথম অসম লেজিচ্‌লেটিভ কাউন্সিলৰ আহোম-প্ৰতিনিধি মেম্বৰ, “অসমৰ বুৰঞ্জী”, “গীতাসাৰ”, “শ্ৰীকৃষ্ণ” প্ৰভৃতি প্ৰণেতা, ৰায়বাহাদুৰ পদ্মনাথ গোহাঞি বৰুৱা এম, আৰ, এ, এচ, ৰচিত।]

                 পাতনি

 অসাধাৰণ ৰাজনীতিজ্ঞ মহাপুৰুষ চক্ৰধ্বজসিংহ স্বৰ্গদেৱে পাতি লোৱা দুৰ্জ্জয় শৰাইঘাটৰ মহাৰণৰ চিত্ৰ আঁকি দেখুৱাটোৱেই এই নাটকৰ ঘাই উদ্দেশ্য। সেই অৰ্থে, এই কাহিনীৰ নায়ক কৰি ঘাইকৈ দুটি চৰিত্ৰ সজাব পাৰি –( ১) চক্ৰধ্বজসিংহ আৰু (২) লাচিত বৰফুকন।

পিচে, চক্ৰধ্বজসিংহ স্বৰ্গদেৱে ৰণ পাতিলে যদিও, আচল “শৰাইঘাটৰ ৰণ” তেওঁ দেখিবলৈ নাপালে, তেওঁৰ পৰবৰ্ত্তী স্বৰ্গদেৱ উদয়াদিত্যৰ কালত হে শৰাইঘাট ৰণক্ষেত্ৰত অসমীয়াৰ বিচক্ষণ ৰণকুশলতা প্ৰকাশ পায়; আৰু লাচিত বৰফুকন হে আৰম্ভণৰেপৰা সামৰণিলৈকে শৰাইঘাটৰ মহাৰণত নায়কৰূপে লিপ্ত আছিল। গতিকে, এই গ্ৰন্থৰ নাম “লাচিত বৰফুকন” ৰখা হল।

 গদ্যত “গাওঁবুঢ়া” আৰু “টেটোন-তামুলি”নামেৰে দুখন ধেমেলীয়া সৰু নাটক ৰচনা কৰা হৈছিল যদিও, ইয়াৰ আগেয়ে ভাঙৰ নাটক আমি গদ্যত ৰচনা কৰি পোৱা নাই। এই খনো অসমীয়া সাহিত্যক্ষেত্ৰত মোৰ স্নেহাস্পদ ডেকা লগৰীয়া শ্ৰীমান্ সৰ্ব্বেশ্বৰ শৰ্ম্মা বৰুৱা বোপাদেৱৰ অনুৰোধৰ ফল হে বুলিব লাগে। আৰু তেওঁৰ উৎসাহ আৰু সু-দিহাৰ বল নোপোৱা হলে, অনতিপলমে “লাচিত বৰফুকন” পোহৰলৈ ওলোৱাৰ সম্ভাৱনা নাছিল।

আৰু, এই গ্ৰন্থৰ ভেঁটি চোঙাওঁতে “উষা” ত প্ৰকাশিত আমাৰ সুযোগ্য সমনীয়া বন্ধু শ্ৰীযুত হেমচন্দ্ৰ গোসাঁইদেৱৰ “শৰাই ঘাটৰ যুদ্ধ” আৰু উক্ত ডেকা বন্ধুৰ “লাচিত বৰফুকন” শীৰ্ষক প্ৰৱন্ধ দুটিৰপৰা যথেষ্ট উপকৰণ বুটলি লোৱা হৈছে; সেই বাবে ইয়াতে দুইৰো শলাগ লোৱা হৈছে। বুৰঞ্জীমূলক নাটক ৰচনা কৰাত যি বঢ়া-টুটা দোষাদোষ ঘটিব পাৰে, তাৰ বাবে এই পাতনিতে গুণগ্ৰাহী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলোঁ। ইতি –

তেজপুৰ, অসম।

২৩ ভাদ, ১৮৩৭ শক।

বিনীত,

শ্ৰীপদ্মনাথ গোহাঞি বৰুৱা

  • ••••••••

      দ্বিতীয় তাঙৰণৰ পাতনি

 “লাচিত বৰফুকন” নাটক ভালেমান দিন ছপাৰ বাজ হৈ, পাবলৈ নোহোৱা হৈ আছিল। নানা ফালৰপৰা গ্ৰাহকৰ ওপৰা-উপৰিকৈ ‘অৰ্ডাৰ’ পোৱা স্থলতো এই পুথি যোগান দিব পৰা নহৈছিল; কাৰণ, আমি আমাৰ আন কেইখনমান ডাঙৰ গ্ৰন্থ প্ৰকাশ কৰাত ব্যস্ত থকা হেতুকে ইয়াৰ নতুন তাঙৰণ উলিয়াবলৈ ছেগ ধৰিব পৰা নাছিলোঁ। এতিয়া, উপস্থিত মহাৰণৰ আলমত জাতীয় বীৰ পূজাৰ সময়োপযোগী অভিনয় কৰিবলৈ “লাচিত বৰফুকন” নাটকৰ অত্যাৱশ্যক বুলি ৰাইজে আৰু চৰকাৰে টানি ধৰাত, ইয়াৰ দ্বিতীয় তাঙৰণ অনতিপলমে উলিয়াবলৈ আগ বঢ়া হৈছে।

 ‘থিয়েটাৰ’ পতা ‘ষ্টেজ’ৰ সুচলাৰ্থে আগৰ আসোঁৱাহবোৰ গুচাবলৈ নাটকখনত হাত ফুৰাওঁতে ঠাই বুজি বঢ়া-টুটা ঘটিছে; ফলত পুথিৰ কলেৱৰ অলপ বাঢ়িছে। এইবাৰ আগৰ বৰ্ণাশুদ্ধি দোষাদোষ পৰিশোধন কৰাৰ উপৰি, ৰাইজৰ মনোৰঞ্জককৈ নাটকখনৰ ভাষা আগতকৈ প্ৰাঞ্জল কৰা গৈছে। ইতি-

“পদ্মকুটীৰ”, তেজপুৰ, অসম ।

৩০ ভাদ, ১৮৬৪ শক।      }

। গ্ৰন্থকাৰ ।

  • ••••••••••

                 । উছৰ্গা।

এই

গ্ৰন্থৰ নায়ক

লাচিত বৰফুকনৰ

অসাধাৰণ প্ৰতিভা বিকাশৰ

বিশিষ্ট স্থল।

শৰাইঘাটৰ ৰণক্ষেত্ৰ

চিকনাই “উষা”ৰ পোহৰত উলিয়াওঁতা

সাহিত্যক্ষেত্ৰত

মোৰ

প্ৰিয়তম লগৰীয়া

একষ্ট্ৰা এচিষ্টেন্ট কমিচনাৰ,

পণ্ডিত ৺হেমচন্দ্ৰ গোসাঁইদেৱলৈ

তেওঁৰ

প্ৰত্নতাত্ত্বিক অনুৰাগ

আৰু

তদৰ্থে আজীৱন অহোপুৰুষাৰ্থৰ

বঁটা স্বৰূপে

ইপাহী

প্ৰীতি-উপহাৰ।

                       গ্ৰন্থকাৰ

  • ••••••••••

ভাওবিলাক

                    পুৰুষ

১। চক্ৰধ্বজসিংহ • অসম দেশৰ ৰজা, আহোম স্বৰ্গদেৱ

২। আতন বুঢ়াগোহাঞি ডাঙৰীয়া • স্বৰ্গদেৱৰ ঘাইমন্ত্ৰী

৩। লাঙ্গিচং বৰগোহাঞি ডাঙৰীয়া • চৰাৰ মন্ত্ৰী

৪। ভগা বৰপাত্ৰগোহাঞি ডাঙৰীয়া • চৰাৰ মন্ত্ৰী

৫। লাচিত • ঘোঁৰা-বৰুৱা,পাচত বৰফুকন

৬। চক্ৰপাণি • ৰাজখোৱা বিষয়া

৭। গন্ধৰ্ব্বনাৰায়ণ • কোঁচ ৰাজকোৱঁৰ

৮। চন্দ্ৰনাৰায়ণ • দৰঙ্গী ৰাজকোৱঁৰ

৯। উদয়াদিত্য • চক্ৰধ্বজসিংহৰ ভায়েক, আহোম স্বৰ্গদেৱ

১০। মাধৱচৰণ • বৰফুকনৰ কটকী

১১। ৰামসিংহ • মোগলৰ বৰসেনাপতি

১২। আওৰেংজেৱ • দিল্লীৰ পাটচাহ

১৩। চৈয়দ ফিৰুজ • গুৱাহাটীৰ মোগল থানাদাৰ

১৪। চৈয়দ চানা • মোগল সেনাপতি

১৫। ৰচিদ্‌খাঁ • মোগল সেনাপতি

১৬। চৰিপ্‌খাঁ • মোগল সেনাপতি

১৭। অজিতচিং • ৰামসিংহৰ গা-চোৱা

১৮। ৰঘুনাথচিং • মোগল সেনাপতি

১৯। নচৰৎখাঁ • মোগল সেনাপতি

২০। পণ্ডিতৰায় • ৰামসিংহৰ কটকী

২১। নৰ্ত্তম শৰ্ম্মা • ৰণৰ ক্ষণ গণনা কৰোঁতা

২২। পানীফুকন • আহোম সেনাপতি

২৩। খাৰঘৰীয়া ফুকন • আহোম বিষয়া

২৪। দুত

২৫। দুৱৰী

২৬। ৰুগীয়া

২৭। দুখীয়া

২৮। মগনীয়া

২৯। সৈনিকগণ

৩০। ৰণুৱা

৩১। নেওগ ফুকন • অসমীয়া বিষয়া

                 তিৰোতা

১। ৰমণী গাভৰু • আহোম ৰাজকুমাৰী

২। পিজলা গাভৰু • লাচিত বৰফুকনৰ জীয়েক

৩। আমিনা • মোগল অন্দৰমহলৰ লিগিৰী

৪। আঘনী • ৰমণী গাভৰুৰ বেটী

৫। কেতেকী • পিজলা গাভৰুৰ বেটী

৬। নাচনী, লিগিৰী, ইত্যাদি।

  • ••••••••
লাচিত বৰফুকন

          লাচিত বৰফুকন

                  । অঙ্ক।

(গীত গাই গাই দুফালৰপৰা দুই গায়িকাৰ প্ৰৱেশ)

               । প্ৰস্তাৱনা গীত।

ভূপালী—ঢিমা তেতালা।

বাজে আপুনি, পুৰণি বীণা, শুনি কি আবেগে আতুৰ প্ৰাণ।

ৰিণিকি ৰিণিকি, হিয়াত বাজিছে, পাহৰা সুৰৰ মধুৰ তান॥

উষাৰ কিৰণে, পুবে পোহৰোঁতে, আহি উঠি সুৰে মলয়া লগতে,

ওপচায় হিয়া, নতুন উলাহে;—গোৱা সকলোৱে জাতীয় গান॥

(গাই গাই দুই গায়িকা দুফালে প্ৰস্থান)

         (পট পৰিবৰ্ত্তন)

            প্ৰথম গৰ্ভাঙ্ক

ৰাজবাট —ৰুগীয়া, দুখীয়া,মগনীয়া।

 ৰুগীয়া — (লাখুটিত ভিৰ দি ৰৈ) হে মোৰ ঈশ্বৰ! মাৰি নিলেও ভাল আছে; কত নো লেলাত ভুঞ্জিম আৰু! গাৰ অৱস্থা এই, তাতে তিনি সঁজীয়া লঘোন; গোটেইখন ধূঁৱলি-কুঁৱলী দেখিছোঁ? উঃ ৰাম! (বহে)

দুখীয়া—কণা বিধতাই এইখন কপালত নো কি লেখিলে কব নোৱাৰো, মোৰ আৰু দুখেই নুগুচিল। গাত কাপোৰ নাই, পেটত ভাত নাই, হাতত বিত্ নাই;—জীৱন ধৰোঁ কেনেকৈ? তাতে অকল এটা পেটলৈ নহয়, আৰু চাইটালৈ আঁজুৰিব লাগে! অস্, অস্, অস্, ইয়ালৈকে চৰ্জিলা মোক ঈশ্বৰ!

      (এটা মগনীয়াৰ প্ৰৱেশ)

 মগনীয়া—হে মোৰ দৌতাহঁত কি আছে খুদ-কণ এটা দে হঁত ঐ! আজি তিন দিন কণ এটা পেটলৈ যোৱা নাই। জীৱ যায় এতিয়া! গুণ নহয় যদি, ধৰম হব, মোৰ ঈশ্বৰহঁত!

 দুখীয়া—ভাল তয়ো বোপাই। তই নো আমাৰ গাত দেখিছ কি, আছে কি দিবলৈ? তই ছ-সঁজীয়া, ময়ো চাৰি সঁজীয়া লঘোনীয়া; কাক কোনে পুতৌ কৰে এতিয়া!

 ৰুগীয়া—মোৰ ফাললৈ চকু নিদিলেই ভাল, মোৰ সোণাই! কি দিম,কি আছে, হাড়-ছাল সাৰ! থকাৰ ভিতৰত ৰোগৰ বাহটো।

 মগনীয়া—এৰা, দেখিছোঁ মোৰ লগৰীহঁত; পিচে, কিনো কৈছোঁ, কিনো কৰিছোঁ কব নোৱাৰোঁ। পেটৰ পোৰণিত গা আচন্দ্ৰাই কৰিছে। নমৰোঁও, নিজীওঁও, উপায়-বুধি নাই!

 ৰুগীয়া- সঁচা, মোৰ সোণাই, আমাক দেখিলে যমো পলায়? যমৰ নগৰতো আমালৈ ঠাই নাই হবলা? পৰ্ভু, ইয়াল’কে চৰ্জিলা আমাক!

 দুখীয়া – ভাল কৈছ। যমৰ নগৰতো ৰজা-বিষয়াক হে বিচাৰে। সিদিনা সেয়া আমাৰ “ভগনীয়া” সৰ্কদেউক নিলেহি, নেদেখিলি?

 মগনীয় –এ, নকবি আৰু তেওঁৰ কথা মোৰ ককাই! তেৱেই তো জীয়াতে-মৰা কৰি থৈ গল প্ৰজাক। সেইজনা ৰজা পাটত উঠিবৰ দিন ধৰি আজ ৰাইজৰ চিৰি মৰি আহিবলৈ ধৰিলে। তাৰ উপৰি, মছলমানক ধন-সোণ, বয়-বস্তুৰে সৈতে বলে নোৱাৰাকৈ চই শোধাবলৈ গাত লৈ প্ৰজাক জীয়াই জীয়াই যমৰ আলহী কৰি থৈ গৈছে।

দুখীয়া—ভাল ধৰিছ কথাটো তই। মুছলমানে আগেয়েই পাৰেমানে লগত এসোপা চুঁচি নিলে; এতিয়া, বছৰি দি থাকিবলৈ নো দেশখনত বাৰু কৰপৰা ওলাই থাকিব? সেই হে দশ আকালে উছন নিয়াবলৈ ধৰিছে।

 মগনীয়া—“এৰা, এৰা, উছন নগৈ কৰিবি কি? একঠা চাউলত টকাটো দিবলৈ কৰ পাবি! টেটুত লৰা-ছোৱালী এথোপা নথকা হলে দেশ ছাৰি বিদেশলৈ হে গুচি গলোগৈহেঁতেন।

 ৰুগীয়া—এ, নকবি সেই কথা। কপালত থকাটো কেনেকৈ গুচাবি? চাপৰিলে মেঘ নেৰায় মোৰ সোণাই! যেই হওক, এতিয়াৰ জনা স্বৰ্গদেউৰ দিনত বতৰ এফেৰি মুকলি হব যেন মনত ধৰিছে।

 দুখীয়া—এঃ, থ, কেনেকৈ জানিছ তই?

 ৰুগীয়া— নহয়, নহয়, সঁচাকৈয়ে এওঁ স্বৰ্গদেৱে প্ৰজাৰ দুখলৈ চাইছে হেনো।

 মগনীয়া—এঃ, থৈ দে। বোলে মোমাই মৰক, ভুতক পাচে পাওক।খাবলৈ নাপাই মৰোঁৱেই, আকৌ দুখ গুচিব কেতিয়াকৈ? যাওঁ, মোৰ ককাইহঁত, চুঁচৰি-বাগৰি ঘৰচেৰেকত মাগি চাওঁগৈ। (প্ৰস্থান)

 দুখীয়া—এৰা, যাবহে লাগে আমিও। (প্ৰস্থান)।

 ৰুগীয়া—ব’ল, মোৰ সোণাইহঁত, গৈছোঁ ময়ো পৰিধৰি! উঃ উঃ উঃ,ধাতু যায়েই নে কি ঐ!

 ( বিপৰীত বাটে উলটিবলৈ ৰুগীয়া কেইখোজমান আগ বাঢ়ে; আৰু ছদ্মবেশী চক্ৰধ্বজে ধীৰে ধীৰে প্ৰৱেশ কৰে।)

 ৰুগীয়া— (স্বগতঃ ) এওঁ বা কোন! যেয়ে হওক, মানুহ জন টনকিয়াল দেখিছোঁ। এওঁৰপৰা পাই-পইচা এটি পাবৰ আগন্তুক আছে। (ফুটাই) দৌতা ঈশ্বৰ, এই ৰুগীয়া মগনীয়াক এফেৰি কিৰপা কৰক। তিনি সঁজীয়া লঘোনত মৰোঁ এতিয়া, দৌতা!

চক্ৰধ্বজ—এঃ, এঃ, দেহি! বাৰু হোঁ, ল। (টকা এটা দিয়ে)

ৰুগীয়া—(আনন্দত বিহ্বল হৈ) উ-ঐ, মোৰ বিধতা! ভগৱন্তে তোমাক জয়-জয় কৰক, মোৰ দৌতা। ভাল তৰালাঁ আজি মোক ঈশ্বৰ!

 চক্ৰধ্বজ—বাৰু, হৈছে, থ। সি কেইটা কোন? কলৈ গৈছে সিহঁত?

 ৰুগীয়া—সিহঁতো মোৰে নিচিনা দুৰ্ভগীয়া। আকালত হাহাকাৰ কৰি ফুৰিছে। খুদ-কণ এটা পাওঁ বুলি গৈছেগৈ সৌৱা মাগিবলৈ।

 চক্ৰধ্বজ—বাৰু, যা এতিয়া। সেই টকাটোৰে তোৰ কেইদিন যাব?

 ৰুগীয়া—তেহেলৈ যি হওক দৌতা, দুদিনমানলৈ তেও ৰইখা পৰিলো। আধাপেটীয়াকৈ আৰু এসঁজীয়া হৈ চলিম। ভাল, আহোঁ হে এতিয়া। সেৱা হে দৌতা? (প্ৰস্থান)

 চক্ৰধ্বজ—(ক্ষন্তেক টলকামাৰি ৰৈ) হাঁয়, মোৰ প্ৰজাৰ বিপত্তিৰ আৰু সীমা নেহোৱাত পৰিল! আকালত ৰাজ্যজুৰি হাহাকাৰ! কিন্তু সিফালে মোগলে চই পেচ্কচ্, চুঁচিবই লাগিছে! উঃ, উঃ, উঃ, ইমানতো আমি কাপুৰুষৰ দৰে সহি আছোঁ! বাৰু, দেখোঁ, কি কৰিব পৰা যায়।

(প্ৰস্থান)

              #######

লাচিত বৰফুকন

             দ্বিতীয় গৰ্ভাঙ্ক

দিল্লী⸺পাটচাহৰ অন্দৰমহল।

ৰমণী গাভৰু (অকলে )।

বিৰহ-গীত।

কানাড়া মিশ্ৰ-একতালা।

লেখি আকাশৰ ছবি, ভাবোঁ বহি বহি,

        প্ৰাণ-সখী মোৰ গল এৰি।

আমন-জিমন,         জোনাই বয়ণ,

      দেখি মোৰ মন যায় উৰি ॥

কান্দোঁ মনে মনে,    মাতোঁ ঘনে ঘনে,

     ঘুৰি লগ ধৰোঁ কেনে কৰি;

নেদেখি এতিয়া,     ফাটে মোৰ হিয়া,

    থাকোঁ কিনো মতে প্ৰাণ ধৰি ॥  (নিটাল মাৰি ৰয়।)

 ৰমণী—কাৰ দেশ? কাৰ ঘৰ? ক’ত মই?—যি দেশত মোৰ জন্ম, সেই দেশ ই নহয়। যি ঘৰত মই পালিত, সেই ঘৰ ই নহয়। য’ত জগতৰ সৌন্দৰ্য্য একে ঠাইতে দেখোঁ, সেই ঠাই ই নহয়। ই বুকৰ স্বদেশ নহয়, নিলগৰ পৰদেশ। এইখন সেই মোৰ আপোন ঘৰ নহয়, লোকৰ পৰ-ঘৰ। ইয়াত অসমৰ অতুলন শোভা নাই, চউপাশে চকুত আমনি লগোৱা দৃশ্য হে! যাকে দেখোঁ তাৰে ওপৰত খং উঠি আহে, কাকো দেখিবৰ মন নাযায়,কাৰো মাত শুনিবৰ মন নাহে! অকণমান মাথোঁ ভাল পাওঁ আমিনাজনীক,তাইৰ গান শুনিবলৈ। এনে অৱস্থাত আকৌ বিৰিহঁতে মোক বুজাব-বৰাবলৈ আহে! আজি মই বাজীকৰৰ সজাত বাঘিনী বুলি সিহঁতে নাজানে? জনা হলে, এই ঘৃণনীয় মোগল ৰাজপৰিয়ালটোৰ তিৰোতাবিলাক এজনী-এজনীকৈ মোৰ ওচৰত চুঁচুৰিবলৈ নিতৌ নাহিলহেঁতেন। জনা হলে, সিহঁতে মিঠা মুখেৰে,নম্ৰ ভাৱে, বিবিধ প্ৰলোভন দেখুৱাই মোৰ মন পাবলৈ যত্ন নকৰিলেহেঁতেন। সিহঁতে নাজানে, জন্মভূমিৰ বিৰহত মোৰ প্ৰাণ কেনেকৈ কান্দিছে ; সিহঁতৰ অনুভৱ কৰিবৰ শক্তি হোৱা নাই, স্বজাতিৰ চিন্তাই মোৰ অন্তৰত কেনে ভাৱে অগ্নি জ্বলাইছে; সিহঁতৰ ধাৰণা হোৱা নাই, মোৰ দেশদ্ৰোহী জাতি-বৈৰীৰ প্ৰতি মোৰ হিয়াত জাতক্ৰোধ কেনে ভীষণ ভাৱে উধাইছে ; নহলে, নীচ, নিলাজ, নিৰ্ব্বোধহঁতে নিতৌ একেটা কথাৰে আহি মোৰ ককৰ্থনা নুশুনিলেহেঁতেন। নীচাশয়হঁতে জনো ভাবিছে যে, সিহঁতৰ কপট আৰু অসাৰ প্ৰলোভনে মোক টলাব পাৰিব,- সেই কাপুৰুষ পাটচাহ-পুত্ৰক মোৰ পৱিত্ৰ দেহা উছৰ্গিবলৈ মোৰ প্ৰবৃত্তি হব! কিন্তু পাষণ্ডহঁতে জনা নাই, এই হিয়াৰ সহনী} কিমান, এই মনৰ বান্ধনী কেনে; এই প্ৰাণ থাকে মানে এই দেহা স্বৰ্পিত বিজাতীৰ স্পৰ্শত কলুষিত নহয়; মকৰাৰ জালত সিংহী পৰি অদ্ভুত ঘটনা ঘটালেও, মোগলৰ মায়া-জালত ৰমণী নপৰে, ই ধুৰুপ। যাওক সি কথা, যিজনৰ হন্তে এই প্ৰাণ, সিজনৰ কোলাত বা আগত যেন ই মাৰ যায়; যি দেশৰ ৰক্ত-মাংসেৰে এই দেহা, সেই দেশৰ মঙ্গলৰ অৰ্থে যেন ইয়াৰ ক্ষয় হয়। যি ভূমিৰ সাৰবস্তুৰে সৈতে এই শৰীৰৰ অস্থি-ছৰ্ম্ম, সেই ভূমিত যেন ই লয় পায়;ভগৱন্তৰ চৰণত মোৰ এই কামনা। (মৌন)।

 অহ, সেই পাষণ্ডহঁতৰ নেৰানেপেৰা চোঁচনিত মোৰ জন্মভূমিৰ সাৰ-শক্তি জানো অন্ত হবলৈ ধৰিছে, দেশত প্ৰজাৰ জানো হাহাকাৰ লাগিছে! আমাক বন্ধোৱা দিয়াৰ লগতে পাষণ্ডহঁতে কত ধন, কত সোণ, কত কি সম্পত্তি চুঁচিলে তাৰ অন্ত নাই; তদুপৰি এতিয়া বছৰি অতিপাত নিৰিখে পেচ্কচ্ আৰু চই দি থাকিব লগাত পৰিছে। মোৰ দুখুনী জন্মভূমিয়ে পৰক চহকী কৰিবলৈ বছৰি এই দৰে নো বাঢ়ি-উৎপন কিমান দিব, দুখীয়া অসমীয়া প্ৰজাই নো তাৰ বিষময় ফল আৰু কিমান ভুঞ্জিব, ভাবিলে প্ৰাণ মৰি আহে!জয়ধ্বজসিংহ ৰজাই এই দৰে অসমক মাৰি মৰিব বুলি নাভাবিছিলোঁ! যি হওক,এতিয়া নিৰাশ হবৰ সকাম নাই, ই তাৰ সময়ো নহয়। কি উপায়েৰে জন্মভূমিৰ উদ্ধাৰৰ বাট উলিয়াব পাৰি, এতিয়া তাৰ চিন্তাৰ হে সময়। মোৰপৰা যদি মোৰ স্বদেশ আৰু স্বজাতিৰ এই আপদৰ কালত এফেৰিমানো উপকাৰ হয় তেনেহলেও মোৰ জনম সাৰ্থক মানিম। (মৌন)।

     (আঘনী লিগিৰীৰ প্ৰৱেশ )

 আঘনী-এ, আই, আইদেউচোন অকলে! অকলে অকলেচোন কিবা বোৰ কৈ আছে! মই বোলোঁ কাৰে নো কথা পাতেঐ, চাওঁগৈচোন।

 ৰমণী —অকলে নহয় বাই, লগৰেই আছোঁ।

 আঘনী —ঔ আই! ক’তাচোন, কোনো নাই?

 ৰমণী — আছে।

 আঘনী—ক’ত আছে? (ইফালে-সিফালে জুমি চায় )

ৰমণী—তই নেদেখ।

 আঘনী—মই নো ইমান চকুৰে নমনা হলোঁ নে? আপোনাকচোন দেখিছোঁ।

 ৰমণী—মোৰ দেহাটো দেখিছ তো।

 আঘনী— আৰু নো কি দেখা নাই?

 ৰমণী — মোৰ মনটো।

 আঘনী— অ, সেইটো হয়। পিচে, মনটো নো কোনোবাই দেখে নে?

 ৰমণী— নেদেখে, কিন্তু লগ পায়।

 আঘনী— লগ নো পায় আকৌ কেনেকৈ?

 ৰমণী—কিয়, গমি চাচোন, যেতিয়া তোৰ মনটোৱে অলৈ যাওঁ তলৈ যাওঁ কৰে, আৰু আগৰ কথাবোৰ সোৱঁৰাই দিয়ে, তেতিয়া জানো তই মনক লগ নাপাৱ?

 আঘনী—ওঁ, হওঁতে হয়; এৰা, পাওঁ-পাওঁ যেন লাগি যায় হয়।

(বাহিৰৰপৰা কোনোবাই দুৱাৰ হেঁচোকে)

 ৰমণী— কোনোবা আহিছে। বাই, যাচোন চাগৈ।

 আঘনী— কোন্ নো আহে ঐ! আহিয়ে থাকে আৰু!

(বুঢ়ীয়ে দুৱাৰ মেলি দিয়ে; আমিনাৰ প্ৰৱেশ)

 ৰমণী—অ, আমিনা! আহাঁ, বহাঁ। বাই, বহিবলৈ দেচোন।

 আমিনা -তচলিম (চেলাম দিয়ে )। (বুঢ়ীয়ে আসন পাৰি দিয়ে) ভাল, বহোঁ বাৰু। পিছে, আপোনাৰ তবিয়েট ভাল নে?

 ৰমণী— এৰা, ভালে-বেয়াই মাজতে।

 আমিনা— মাজতে নো ৰয় কেনেকৈ আকৌ?

 ৰমণী—কিয়, টবিয়েট মানে তোমালোকে গা-মন দুইকো বুজোৱা নহয়?

 আমিনা- হয়। পিচে?

 ৰমণী— পিচে, গা যদি ভালে আছে, মন ভালে নাই; মন যদি ভালে আছে, গা ভালে নাই। সেই দেখি ভালে-বেয়াই মাজতে।

আমিনা—সঁচা। আপোনাৰ কথা আটাইবোৰ অৰ্থলগা। শুনিবলৈ ভাল লাগে। সেই হে আহোঁ। আপুনি চাগৈ আমনি পায়?

 ৰমণী—অকল তুমি আহিলে আমনি নাপাওঁ, আমিনা!

 আমিনা—মই নো কাহানি কাৰ লগত আহিছিলোঁ, মনত নপৰে দেখোন।

 ৰমণী— নহয়, মানুহ লগ নহয়, কথাৰ লগ।

 আমিনা—অ, বুজিছোঁ।

 আঘনী—এৰা, ময়ো বুজিলোঁ।

 আমিনা—তই আকৌ বুজিলি কি?

 আঘনী—এ, মোকো তোমাৰ দৰে কথাৰ পাকত পেলাই ঘুৰ্ম্মটি খুৱাইছিল নহয়, এতিয়া, অলপৰ আগতে। পিচে মোক বুজাই দিলে,তেওঁৰ মনটোও হেনো তেওঁৰ লগৰীয়া!

 ৰমণী—(মিচিকিয়াই) বাৰু, এৰাঁ সেইবোৰ কথা এতিয়া। আমিনাৰ আজি কিবা বিশেষ সকাম আছে নে কি?

 আমিনা—এৰা, আছেও নাইও।

 আঘনী – উ-উ, এওঁৱো শিকিলে সেইখন কথা! মোৰ হাঁহি হে উঠিব।

এতিয়া, যাওঁ আই!

(বুঢ়ীৰ প্ৰস্থান)

 আমিনা—বুঢ়ীটি বৰ ৰঙ্গিয়াল, নহয় নে?

 ৰমণী—এৰা, তাইতে হে মোৰ এফেৰি শান্তি।

 আমিনা—আৰু?

 ৰমণী—আৰু এফেৰি তোমাত।

 আমিনা—আৰু?

 ৰমণী—আৰু ইয়াত নাই।

 আমিনা—ক’ত বা আছে।

ৰমণী—আছে, থক কৰবাতে; তোমাক সেই ছোৱা নালাগে। তোমাৰ ছোৱাতে ধৰা। কিনো সকাম আজি?

 আমিনা—সেই একেটা কথাই। আপুনি ভাল নাপায় দেখি কবলৈকে মন নাযায়। যুবৰাজে সুধি পঠিয়াইছে, তেওঁৰে সৈতে নিকালৈ আপুনি ৰাজী হ’ব নে নহয়?

 ৰমণী—নহওঁ যদি?

 আমিনা—সেইটোৰ উত্তৰ আমি কেনেকৈ দিম? তেও বুলি, গতিক ভাল নেদেখোঁ।

 ৰমণী – ভাল নেদেখাঁ, কি কৰিব? বে-ৰাজীতে নিকা পঢ়াব?

 আমিনা— সেইটো কেনেকৈ হব! তথাপি,-

 ৰমণী—তথাপি কি?—বলৱন্তী? (বুকুৰপৰা কটাৰী উলিয়াই) আহোম ৰমণীত সেই কথা নৰজে; হয় সিবিধ (আনলৈ হানি দেখুৱায়),নহয় ইবিধ (নিজৰ বুকুলৈ টোৱাই দেখুৱায়)।

 আমিনা—নহয়, নহয়, আপুনি সিমান উতলা কেলেই হব লাগিছে। আপোনাৰ বেৰাজীত যে একো হব নোৱাৰে সেইটো মই ডাঠি কলোঁ। পিচে, আপোনাৰ নো নিকা নহবই নে?

 ৰমণী—হবও পাৰে, নহবও পাৰে। বাৰু, সেই কথা আমি আন এদিন পতিম। সদ্যহতে যুবৰাজক কবাগৈ যে, ইয়াত মোৰ মন নবহে মানে কিছুমান দিনলৈ সেই বিষয়ে একো কব নোৱাৰিছোঁ এথোন। (স্বগতঃ) মিথামুখে দিন দীঘলাই নি পলাবৰ ছেগ চাওঁ।

 আমিনা— সজ কথা। বাৰু, মই সেই দৰেই যুবৰাজক বুজাই কমগৈ।

 ৰমণী—বেচ, আমিনা, তোমাৰ লগত সেই হে এফেৰি শান্তি পাওঁ। কিয়নো, তুমি কথা বুজাঁ। বাৰু, এতিয়া আমাক গান এটি নুশুনাবাঁ নে?

 আমিনা —হয়,শুনাব লাগে; পিচে ভেৰি হে হল দেখোন?

ৰমণী—বাৰু, চমুকৈয়ে এটি গোৱাঁ।

 আমিনা—ভাল, গজল এটিকে গাওঁ, শুনক।

                    । গীত।

       (ঝিঝিত খাম্বাজ-ঠুংৰী)।

প্ৰেম কি ধন,

       প্ৰেমিক জনে হে বুজে হাঁয়।

প্ৰণয়ী প্ৰভুক,

যেয়ে যিবা জনাৱে,

        উলটি প্ৰেমকে হে পায়।

আকাশ পাতাল,

কৰে এক তাল,

         ধৰাতে স্বৰগ যেন পায়।

ভজন কীৰ্ত্তন,

প্ৰেমৰে হে গুণ,

       জগতকে প্ৰেম সি বিলায়।

 ৰমণী—বেচ, বৰ মধুৰ লাগিছিল। সিদিনা যে গাইছিলাঁ-“বাৰ্তা দে সখি, কোন গেলি মে গেঁয় শ্যাম” এই সুৰৰেই নহয় নে?)।

 আমিনা—হয়, সেই সুৰেই। ভাল, উঠো হে এতিয়া? তছ্লিম

(চেলাম দিয়ে!)

 ৰমনী—বাৰু, যোৱাঁ আমিনা। যাওঁ, ময়ো অলপ ভিতৰতে ইফাল-সিফাল কৰোঁগৈ।

(দুইৰো দুফালে প্ৰস্থান।)

লাচিত বৰফুকন

              । তৃতীয় গৰ্ভাঙ্ক।

গুৱাহাটী,—মোগল থানা।

(ৰচিদ্খাঁ আৰু নেওগ ফুকন।)

 ৰচিদ্—তোমাৰ ষড়যন্ত্ৰৰ বলতে গুৱাহাটী আমি হাত কৰিলোঁ সঁচা, কিন্তু আকৌ আমাৰ হাতৰপৰা যাতে নাযায় তাৰ নিমিত্তে সহায় থাকিবা।

 নেওগ— অৱশ্যে, অৱশ্যে থাকিম। কিন্তু, কিয়নো শঙ্কা কৰিলা? কিনো সপোন দেখিলা?

 ৰচিদ্—আশঙ্কাৰ কাৰণ আছে। কিয়, তুমিয়ে সিদিনা কৈছিলা নহয়, বোলে, ৰজাৰ নগৰত আকৌ কিবা গুনা-গুণা চলিছে।

 নেওগ—ওঁ, চলিছে তো। কিন্তু, এতিয়াও ভিতৰুৱাকৈ হে।

 ৰচিদ্—যি হওক, আমাক তাৰ স্বৰূপ তত্ত্ব অনাই দিব লাগে নহয়?

 নেওগ — দিব লাগে তো। পিচে, সদায় শুদা মুখেৰেই লাগে নে?

 ৰচিদ্ —অ, নহয়। মই ঠিক আছোঁ। হাতে হাতে।

 নেওগ—কিন্তু, ই বৰ টান কথা দেও! জীৱন-মৰণৰ কথা!

 ৰচিদ—একো ভয় নাই। কোনে জানিব আমি কি কৈছোঁ।

 নেওগ— অ, নহয়। বাৰ-ছালৰো কাণ আছে। সিবাৰৰ কথা ঘুনুক- ঘানাককৈ ওলায়ছেই; কি হয়গৈ কব পৰা নাই এখোন।

 ৰচিদ্ —ভয় নকৰিবাঁ, আমি আছোঁ।

 নেওগ —তোমালোক থাকি কৰিবা কি? ৰজাই দণ্ডিলে ৰাখিব পাৰিবা জানো?

 ৰচিদ্ —কিয়! ৰজাই বিচাৰ ললেই তুমি আমাৰ কোঁঠত আশ্ৰয় লবাঁহি; তেতিয়া আৰু ৰজাই কি কৰিব?

নেওগ — তেতিয়া হওঁতে একো কৰিব নোৱাৰে, কিন্তু—

 ৰচিদ্ —কিন্তু-ফিন্তু একো নাই; ভয় নকৰিবা, মই ডাঠি কৈছোঁ।

 নেওগ — বাৰু, পিচে ইটো কথালৈ সেইয়া এতিয়াই হব জানো?

 ৰচিদ — হব তো। এতিয়াই, হাতে হাতে দিওঁগৈ, আহাঁ। (স্বগতঃ? কিন্তু মোক নো এনে অসময়ত পাটচাহে বদলি দি কিয় মাতি নিয়ে? মোৰ ওপৰত কিবা সন্দেহ হৈছে নে কি? যি হওক, ফিৰুজখাঁই কিন্তু মোৰ দৰে টিপ্-টাপ্ লগাই কাম সাধিব নোৱাৰিব; তথাপি তেওঁকো অলপ ইচাৰা দি যাব লাগিব। সম্ৰাটৰ হুকুম পালিবই লাগিব; কিন্তু মই ইয়াৰপৰা সৰহ দিনলৈ আঁতৰি নাথাকোঁ; কল-পেঁচ লগাই আকৌ সোনকালে ফিৰিমগৈ। (ফুটাই) অ,ফুকন,আহাঁ, দিওঁগৈ। (দুইৰো প্ৰস্থান)

LachitBorphukan

              । চতুৰ্থ গৰ্ভাঙ্ক।

গড়গাওঁ—ৰজাৰ বৰচৰা।

(চক্ৰধ্বজসিংহ, আতন বুঢ়াগোহাঞি, ভগী বৰপাত্ৰগোহাঞি, লাঙ্গিচং বৰগোহাঞি, লাচিত বৰুৱা।)

 চক্ৰধ্বজ।—ডাঙৰীয়াসকল আৰু বিষয়াবৰ্গ! আজি ডাঙৰীয়া-বিষয়া সকলোটিকে চৰালৈ আহবান কৰাৰ উদ্দেশ্য বোধকৰোঁ বহুতে নাজানাহঁক,— কওঁ শুনা। দিনক-দিনে ৰাজ্যৰ অৱস্থা কি দৰে হীন হৈ পৰিছে সেইটো দেখিছাহঁক। প্ৰজাৰ দুৰ্গতি দেখি আৰু স্থিৰে ৰব নোৱাৰাত পৰিছোঁহি। প্ৰজাৰ ঘৰত খাবলৈ-পিন্ধিবলৈ নাই, আকালে গৰাহ মাৰি ধৰিছে, অনাহাৰে অকালত কিমানৰ প্ৰাণ গৈছে তাৰ ঠিকনা নাই; ইয়াৰ ওপৰত আকৌ

কৰ-কাটলৰ হেঁচা! জুৰুলা প্ৰজা এনে হেঁচাত চেপেটা হব লগা হৈছে। এই দৰে আৰু বছৰদিয়েক পাৰ হবলৈ দিলে আমাৰ প্ৰজা আৰু নাথাকে, সমূলঞ্চে অন্ত পৰিব; আমি মাথোন এৰা বাড়ীৰে হে ৰাজ্য পাতিব লাগিব। এতেকে, এতিয়া সজ আলোচনা কৰি আমাক যুগুত পৰামৰ্শ দিয়াহঁক, এই পঞ্চমুখী ৰাজ্য উদ্ধাৰৰ অৰ্থে কি উপায় কৰা যায়। উপস্থিত সভাসদ্সকলে নিজ নিজ মত ব্যক্ত কৰি গৈ থাকাঁ, দেখোঁ সৰহ ভাগে কি উপায় দিয়ে।

 বৰগোহাঞি—সঁচা, স্বৰ্গদেৱ! ৰাজ্য জুৰি প্ৰজাৰ হাহাকাৰ! পিন্ধিবলৈ নেপোৱাটো যি হওক, খাবলৈ নাপাই যে প্ৰজা মৰি অন্ত পৰে এতিয়া ! অনতিপলমে ইয়াৰ এটা উপায় নকৰিলেই নহৈছে। মোৰ বোধেৰে আকালত পৰা প্ৰজাক ৰাজভঁড়ালৰপৰা অন্নদান দি সদ্যহতে ৰক্ষা কৰা যাওক।

 লাচিত — প্ৰস্তাব বেয়া নহয়; কিন্তু মোৰ মনেৰে প্ৰজা বুজি অৰ্থদানও হব লাগে। কিয়নো, এতিয়া একঠা চাউলত এটা হৈছে। আৰু, ইতিমধ্যত ৰণলৈকো সষ্টম হোৱা যুগুত। বিনা ৰণে গুণ নিদিব।

 বৰপাত্ৰ —মোৰ মনেৰে ৰজাঘৰীয়া সাহায্য কিমান দিনলৈ চলিব, তাৰো এটা সীমা ৰখা উচিত। নতুবা, অনিশ্চিত কাললৈ অবাৰিত দুৱাৰে সেই সাহায্য মেলি দিব লাগিলে, ৰাজভঁড়াল উদং হৈ ৰজা-প্ৰজা দুইৰো সমানে কঁকাল পৰিব ; আৰু তেতিয়া কাকো কেৱে চাব নোৱাৰা হৈ ৰাজ্য ৰসাতললৈ যাব!

 বুঢ়াগোহাঞি — প্ৰস্তাৱ আটাইবিলাক যুক্তিযুত হৈছে। ৰাজভঁড়ালৰপৰা সাহায্য দানত মোৰ অমত নাই। কিন্তু, ফুটা পাত্ৰত পানী ভৰোৱা যুক্তি মোৰ নহয়। মোৰ যুক্তিৰে, আগধৰি প্ৰজাৰ অৱস্থা আগলৈ ক্ৰমাৎ পৰি যোৱাৰ বাট নমৰাকৈ ৰাজ-অনুগ্ৰহ আগ বঢ়োৱা কাচিতো উচিত নহব। গতিকে, যিবোৰ কাৰণত প্ৰজাৰ ভিতৰুৱা অৱস্থা ক্ৰমাৎ হীন হৈ ৰাজ্যৰ দুৰৱস্থা বাঢ়িবলৈ ধৰিছে, প্ৰথমে তাৰ তত্ত্ব লোৱা কৰ্ত্তব্য; তাৰ পাচে তাৰ প্ৰতিবিধান উপায় চিন্তা বিধেয়। প্ৰজাৰ দুৰ্গতিৰ যে সীমা নোহাৱাত পৰিছে, তাক কোৱা বাহুল্য মাথোন; কিন্তু তাৰ মূলত কি আছে, তাকো ততালিকে খানি চোৱা যুগুত।

 ৰজা —সঁচা, কি কাৰণত ৰাজ্যৰ বৰ্ত্তমান দুৰ্দ্দশা ঘটিছে, প্ৰথমে তাৰ তত্ত্ব বিচাৰ কৰা যুগুত। মোৰ দৃষ্টিৰে হলে সেই তত্ত্ব বিচাৰি বহু দূৰৈলৈ চকু দিবৰ সকাম নেদেখোঁ, সি আগতে ওলাই আছে। ভাবি চাব লাগে, প্ৰজাৰ অৱস্থা হীন হয় কেনেকৈ? আৰ্জনতকৈ অধিক ভগন আৰু শক্তিৰ অতীত খাটনি এই দুয়েই তাৰ প্ৰধান কাৰণ। আমাৰ প্ৰজাৰ ভাগ্যতো আমি ঠিক তাকে ঘটাইছোঁহঁক। আমাৰ পূৰ্ব্ববৰ্ত্তী শাসনত মোগল আক্ৰমণৰ ভয়ঙ্কৰ উৎপাতত বিস্তৰ ধন জন ক্ষয় হোৱাৰ উপৰিও প্ৰজাৰ কৃষি-শিল্প, বেহা- ব্যৱসায় ইত্যাদিত বিষমৰূপে আঘাত পৰে; আৰু ৰজাই ঠাৱৰিব নোৱাৰি ৰাজ্য এৰি ভাগি যোৱাত, শত্ৰুৱে প্ৰজাৰ সম্পত্তিৰ ওপৰত যথেচ্ছাচাৰ কৰিবলৈ বাকী নথলে। তদুপৰি, স্বৰ্গীয় জয়ধ্বজ সিংহ ৰজাদেৱে ৰাজ্যলৈ উলটি আহি যি সন্ধি কৰিলেহি, তাৰ ফলতো ৰাজ-ভঁড়ালৰ বহু অৰ্থ-সম্পত্তি মোগল সেনাপতিয়ে ৰাজ্যৰপৰা বাহিৰ কৰি নিলে। ভাবি চোৱাঁহঁক, আমাৰ বঙহৰ ৰমণী গাভৰুক বলেৰে দিল্লীৰ পাটচাহলৈ সঁপি দিওঁতে, তেওঁৰ যৌতুক স্বৰূপে কুৰি হাজাৰ সোণৰ মোহৰ, চাৰিলাখ-কুৰি-হাজাৰ ৰূপ, ডেৰ কুৰি হাঁতী এই খিনি অৰ্থ-সম্পত্তি ৰাজ্যৰপৰা একেবাৰতে বাজ হয়। আৰু তাৰ লগতে ভৰলী আৰু কলঙ্গৰপৰা পছিম ছোৱা আহোম ৰাজ্য মোগলক এৰি দিয়া হয়। এতিয়া গমি চোৱাহঁক, সেই একেবাৰতে ইমানখিনি ভৰণী সহি ৰাজ্য নপৰি থাকে কেনেকৈ? অকল সেয়ে নহয়, তাৰ উপৰি বছৰি পেচ্‌কচ্ আৰু চই শোধাই থাকিব লগা হৈছে। তাৰ অৰ্থে প্ৰজাই ৰজাঘৰত ওপৰঞ্চিকৈ খাটিব লগা হৈছে; আৰু প্ৰজা বুজি কৰ-কাটলও বঢ়াই দিব লগাত পৰিছে। এনে স্থলত প্ৰজাৰ অৱস্থা পৰি নাহিব কিয়? সেই হীনাৱস্থাৰ হেঁচাত প্ৰজা একেবাৰে জুৰুলা নহব কিয়? আৰু ৰাজ্যত আকাল নালাগিব কিয়? ইত্যাদি বিবেচনাৰে সৈতে আমি কওঁ যে, প্ৰথমেই প্ৰজাক চুহি থকা পেচ্‌কচ্ আৰুচই ৰহিত কৰিবলৈ চাব লাগে; তাৰ পাচত আমাৰ হেৰোৱা ৰাজ্য উদ্ধাৰ কৰি সেই ছোৱাৰ উৎপন্নেৰে বিপন্ন ইছোৱাত সহায় কৰিবলৈ যুগুত বিধান কৰা হব লাগে। ইয়াকে কৰিব নোৱাৰিলে আমাৰ ৰাজ্য ৰসাতললৈ যোৱাটো ধ্ৰুব নিশ্চয় কথা।

লাচিত—স্বৰ্গদেৱে কোৱা আটাইখিনি কথা যুক্তিসঙ্গত। পিচে, পেচ্‌কচ্, আৰু চই ৰহিত কৰাৰ অৰ্থে ৰণ দিয়া নহব জানো?

 বুঢ়াগোহাঞি —যুক্তিৰ ভিতৰ নোসোমালে অৱশ্যে ৰণ দিব লাগিব, তাৰ নিমিত্তে চিন্তা কি?

 বৰগোহাঞি — চিন্তা হব লগীয়া কথা। একেই তো ৰাজ্যৰ দুৰৱস্থা, তাতে ৰণ-বিগ্ৰহ লগাই ললে আৰু তললৈ হে যাব।

 লাচিত —নাযায় তললৈ, তেতিয়া ওপৰলৈ হে উঠিব। কিয়নো, বৰ্ত্তমান মোগলৰ দখলত থকা আমাৰ হেৰোৱা ৰাজ্যছোৱাৰ প্ৰজাৰ অৱস্থা এতিয়াও টনকিয়াল হৈয়ে ৰৈছে। ৰণ দি সেই ছোৱা আকৌ আমাৰ হাতলৈ আনি লব পাৰিলে, তাৰে সৈতে অৱস্থা মিলাই ইছোৱাৰ অৱস্থাও উন্নত কৰি লব পৰা যাব। আৰু,ৰণত মোগলক জিনিম যে,তাত সন্দেহ নাই।

 বৰপাত্ৰ —ৰণ লাগি উঠিলে তাৰ নিমিত্তে আকৌ খৰচ নালাগিব জানো? পিচে, সেই খৰচ নো ৰাজ্যৰ এনে দুৰৱস্থাত কৰপৰা যোগাৰ কৰা হব?

 বুঢ়াগোহাঞি —সেইটো অৱশ্যে ভাবিব লগীয়া কথা। কিন্তু ৰাইজৰ ওপৰত বৰঙ্গনি পেলাই পেচ্কচ্ ৰ অৰ্থে যি সাত লাখ টকা তুলি গোলাঘৰ বান্ধি আচুতীয়াকৈ থোৱা হৈছে, তাকে আমি ৰণৰ খৰচত লগাব পাৰোঁ। আৰু, তাকে কৰি ৰাজ্যৰ অৱস্থা ক্ৰমাৎ পৰি যোৱাৰ গতি আমি ৰোধ কৰি লব পাৰিম। বিশেষ, এতিয়াও আমি যোৱা বছৰৰ চই শোধাব পৰা নাই; নেশোধালে এনেও বিষাদ লাগিবই; অথচ সেই শোধাবলৈ বাকী থকা খিনিও আমি ৰণৰ খৰচত লগাব পাৰিমহঁক।

লাচিত বৰুৱা —অতি যুক্তিসঙ্গত কথা। আৰু, মোৰ বোধৰে নিতান্ত অধঃপাতে যাব লগা আছে যদি, ততালিকে যোৱাই শ্ৰেয়ঃ; লাহে লাহে তললৈ গৈ থাকি লেলাত ভুঞ্জাৰ মাত্ৰা বঢ়াব লাগিছে কিয়? ৰণ পাতি ললে, হয় জয়, নহয় পৰাজয়; হয় উঠন, নহয় পতন আছেই। কিন্তু, এই পন্থা অনিশ্চিত নহয়; আৰু এই পন্থাত চলিলে হে প্ৰজাৰ বৰ্ত্তমান দুখ-কষ্ট নিবাৰণৰ অৰ্থে ৰাজভঁড়ালৰপৰা সাহায্য দান কৰাটো সঙ্গত বিবেচনা কৰোঁ।মই ডাঠি কওঁ, ৰণত আমাৰ জয় হব। দুখীয়া হৈছে বুলি, অসমীয়া ৰণুৱাৰ তেজ পানী হোৱা নাই।

(দুৱৰীৰ প্ৰৱেশ)

 দুৱৰী —স্বৰ্গদেৱ ঈশ্বৰ! দুৱাৰত গুৱাহাটীৰপৰা আহি এজন দূত উপস্থিত। তেওঁৰ হাতত এখন পত্ৰ দেখা পালোঁ।

 বুঢ়াগোহাঞি —স্বৰ্গদেৱৰ আজ্ঞা হলে আহিব পাৰে, আহিলে এই সময়ত অলাভ নহব বোধ কৰোঁ।

 ৰজা — বাৰু, আহিব পাৰে, আনগৈ।

 দুৱৰী —যি আজ্ঞা, স্বৰ্গদেৱ-ঈশ্বৰ।

(প্ৰস্থান)

 ৰজা —গুৱাহাটীৰ থানাদাৰৰ ওচৰৰপৰা আহিব পায়।

 বৰগোহাঞি —হব পায়, স্বৰ্গদেৱ!

(দূতে সৈতে দুৱৰীৰ পুনঃ প্ৰৱেশ)

 বুঢ়াগোহাঞি — সকাম কি দূত?

 দূত (পত্ৰ এখন আগবঢ়াই দি) –  ডাঙৰীয়া-দেউতা! গুৱাহাটীৰ থানাদাৰ চাহাবে স্বৰ্গদেৱ-ঈশ্বৰলৈ এই খন পত্ৰ দি পাচিলে।

 বুঢ়াগোহাঞি –  (পত্ৰ হাতত লৈ) বাৰু, দুৱৰী, দূতক লৈ যা, কোটোৱালক গতাই দে গৈ। যথা শুশ্ৰূষাৰে আৰু যতনেৰে ৰাখক। (ৰজাৰ হাতলৈ পত্ৰখন আগবঢ়াই দিয়ে)

 দূত —দেউতা-ঈশ্বৰ! থানাদাৰ চাহাবে পত্ৰৰ জবাব লৈ যাবলৈ কৈ পঠিয়াইছে।

লাচিত বৰুৱা—(উত্তেজিত হৈ) বাৰু, পাবি জবাব, যা। নগণ্য থানাদাৰ এটাৰ হুকুম!

(দূতে সৈতে দুৱৰীৰ প্ৰস্থান)

 ৰজা —(পত্ৰ পঢ়ি জ্বলি উঠি) কি! ইমান সাহ! এটা সামান্য থানাদাৰৰ এনে বৰকথা! স্বয়ং দিল্লীৰ সম্ৰাটে এনে শকত কথা কলেও আমি কদাপি নাহোঁ। মোগল সম্ৰাটৰ এটা সামান্য কৰ্ম্মচাৰীৰ এনে অপমানসূচক টান কথা শুনি নিটাল মাৰি ৰব লাগিলে নিশ্চয় ইন্দ্ৰবংশী আহোম ৰজাৰ গৌৰৱ হানি হব। যি নাম, যি গৌৰৱ আমাৰ পুৰ্ব্বৰাজসকলে অতকাল অম্লানভাবে ৰক্ষা কৰি গৈছে, সেই নাম-গৌৰৱত এতিয়া কিবা স্বৰূপে চেকা পৰিব লাগে যদি, আমি নিশ্চয় এই ৰাজপাটৰ যোগ্য নহম। পেচ্‌কচ্, আৰু চই শোধোৱাত পলম হোৱা বাবেই সামান্য কৰ্ম্মচাৰী এটাৰপৰা এনে কৰ্কশ বাক্য সহিব লগা হলে আমাৰ মনুষ্যত্বই মিছা! সেই পেচ্‌কচ্, আৰু চই শোধোৱাৰ ফল স্বৰূপেইতো আমাৰ ৰাজ্যৰ ইছোৱা আজি অধঃপতে যায়। তদুপৰি, গুৱাহাটী অঞ্চলৰ অসমীয়া প্ৰজাবৰ্গৰ প্ৰতি মোগলৰ আচৰণ আৰু উৎপীড়ন অসহনীয় হৈ উঠাত, নামনি অসমৰ আমাৰ প্ৰজাবৰ্গে আমাক কাতৰ ভাৱে জনাইছে, সিবিলাকক আমি অনতিপলমে উদ্ধাৰ কৰিব লাগে বুলি। আমাৰ সেই অঞ্চলৰ প্ৰজাবৰ্গৰ ৰাজভক্তিত আমি বিমোহিত; আৰু সিবিলাকৰ কাতৰুক্তিত আমি মম্মান্তিক! বিশেষতঃ, একে জাতি অসমীয়া প্ৰজা দুজাতি হৈ, দুই ৰাজ-শাসনৰ তলত বাস কৰাটো নিতান্ত অস্বাভাবিক। এতেকে, এনে অৱস্থাত আৰু অনৰ্থক পলম কৰা বিধেয় নহয়; পেচ্‌কচ্, আৰু চইৰ পৰিবৰ্ত্তে আমি ৰণ দিবলৈ হে প্ৰস্তুত বুলি পত্ৰোত্তৰত কোৱা যাওক। আমাৰ এই মত; সভাসদৰ অভিমত প্ৰকাশ কৰাৰ আৱশ্যক।

 সবাৰে একবাক্যে — স্বৰ্গদেৱৰ মতেই আমাৰো মত।

 লাচিত বৰুৱা — মোৰ বোধেৰে পত্ৰোত্তৰৰ লগে-লগেই ৰণ ঘোষণা

কৰি দিয়া হে যুগুত। নতু শত্ৰুক সময় আৰু সুবিধা দিয়া হয় মাথোন।

বুঢ়াগোহাঞি —স্বৰূপ কথা। বৰুৱাদেৱৰ লগত মোৰ মত সম্পূৰ্ণ মিলিছে।

 বৰগোহাঞি —সঁচা, ৰণ দিয়াটোৱেই স্থিৰ যেতিয়া, পলম কৰাৰ সকাম নাই। শুভস্য শীঘ্ৰম্।

 ৰজা —ভাল কথা। ততালিকে ৰণ ঘোষণা কৰি দি, তাৰ আয়োজনত ধৰা যাওক।

 বুঢ়াগোহাঞি —হৈছে, স্বৰ্গদেৱ! আয়োজনত আজিয়েই ধৰা যাব। আৰু স্বৰ্গদেৱৰ অনুমতি হলে, ৰণৰ ঘাই-সেনাপতিও আজিয়েই বৰণ কৰিব পৰা যায়।

 ৰজা —সজ কথা। এজন বাচাঁহঁক।

 বুঢ়াগোহাঞি —মোৰ বিবেচনাত আমাৰ লাচিত বৰুৱাদেৱেই ঘাই সেনাপতিৰ নিমিত্তে সুযোগ্য পাত্ৰ। মিৰজুম্লাৰ আক্ৰমণতে আমি তেওঁৰ বীৰত্ব আৰু ৰণ-পাণ্ডিত্যৰ পৰিচয় পাই থৈছোঁহঁক। তেওঁৰ বিক্ৰমৰ কথা বোধ কৰোঁ মোগলেও পাহৰা নাই।

 সভাসদ্ — উত্তম বাচনি।

 ৰজা — উত্তম প্ৰস্তাব। লাচিত বৰুৱাদেৱকে আমি বৰসেনাপতিৰ বাব দিছোঁ। তেওঁক আজিৰপৰা কলিয়াবৰৰ বৰফুকন পাতি, বৰ্ত্তমান বৰফুকন ঘোৰাঁকোৱঁৰক বৰবৰুৱা পতা হল। সদ্যহতে মোগলৰ বাঁহবাৰী আৰু কাঁজলীৰ কোঁঠ দখল কৰি গুৱাহাটীলৈ আগবাঢ়িবলৈ আমাৰ নতুন বৰফুকনক আদেশ দিয়া গল। তাৰ পাচত, সময়ানুযায়ী আদেশ আমাৰপৰা তেওঁ পাই থাকিব। লাচিত বৰুৱাৰ বীৰত্বৰ বিষয় আমাৰো অবিদিত নহয়। মোগল সেনাপতি মিৰজুম্লাই আমাৰ নগৰ অৱৰোধ কৰি থকা কালত কেইবাখনো সমুখ-সংগ্ৰামত বৰুৱাদেৱে তেওঁক বিষমকৈ ঘটাইছিল; আৰু সদৌশেহত ঠাৱৰিব নোৱাৰা যেন দেখি হে মিৰজুম্লাই চক্ৰান্তৰ ওপৰত আমাৰে সৈতে সেই মাৰাত্মক সন্ধি স্থাপন কৰি ইয়াৰপৰা বিদায় লয়।

গতিকে, মোৰ দৃঢ় বিশ্বাস, আমাৰ নতুন বৰসেনাপতি লাচিত বৰফুকনৰ হাতত এইবাৰ মোগলৰ সম্পূৰ্ণ পৰাজয় ঘটিব; আৰু আমাৰ মনোৰথ পুৰ্ণ হব। যি হওক, ইমানতে আজিলৈ এৰা হল; যুদ্ধৰ আয়োজনত ভাগে ভাগে যোগ দিয়াগৈহঁক।

 লাচিত –স্বৰ্গদেৱৰ আজ্ঞা শিৰোধাৰ্য্য। মোৰ ক্ষুদ্ৰ শক্তিয়ে আজি অযাচিতে এনে প্ৰশংসা আৰু অনুগ্ৰহ লাভ কৰাৰ বাবে মই স্বৰ্গদেৱ প্ৰমুখ্যে সভাসদলৈ কৃতজ্ঞতা জনাইছোঁ। যি গুৰুতৰ কাৰ্য্যৰ ভাৰ মোৰ ওপৰত আজি ন্যস্ত হৈছে, তাক প্ৰাণপণে বহন কৰিবলৈ মোৰ যত্ন হব। মোগলক এই দেশৰপৰা সমূলঞ্চে বাজ কৰি হে উলটিম; নতুবা ৰণতে এই বিজিত দেহা বিসৰ্জ্জন দিম। এই দেশৰ নাম ‘অসম’, আন দেশ এই দেশৰ সমান হব নোৱাৰে,-নতুবা অসম প্ৰতাপী স্বৰ্গদেৱ চুকাফাৰ নাম-গৌৰৱ ৰক্ষা নপৰে। অসমৰ অসমীয়া প্ৰজা আনৰ তলতীয়া হব নোৱাৰে; স্বাধীন অসমক পৰাধীন হবলৈ নিদিওঁ। অখণ্ড অসম দ্বিখগু হব নোৱাৰে; গুৱাহাটী উদ্ধাৰ কৰি অসম অখণ্ড কৰি হে বহিম। এয়ে মোৰ দৃঢ় সংকল্প। তদৰ্থে মই প্ৰাণপণে যুঁজিম। এয়ে মোৰ ৰণ-মন্ত্ৰ। “মন্ত্ৰৰ সাধন কিম্বা শৰীৰ পতন”; টলে যদি হিমাচল, নটলে প্ৰতিজ্ঞা মোৰ।

 সভাসদ।- ধন্য ধন্য লাচিত বীৰ! ধন্য তোমাৰ ৰণ-তেজ! ধন্য তোমাৰ স্বদেশপ্ৰেম!

                    । অঙ্কপাত।

লাচিত বৰফুকন

২। অঙ্ক।

| প্ৰথম গৰ্ভাঙ্ক |

কাঁজলীমুখ—চৈয়দ চানা আৰু চৈয়দ ফিৰুজ।

ফিৰুজ।—দেখিলাঁ অসমীয়াৰ ফন্দ্! তলে তলে কেতিয়াবাৰেপৰা আয়োজন কৰি থাকি, ৰণ ঘোষণা কৰাৰ লগে লগে অসমীয়া ফৌজে আমাৰ কোঁঠ আক্ৰমণ কৰিলেহি। আমি বিবুদ্ধি হৈ অগত্যা শত্ৰুক বাঁহবাৰী কোঁঠ এৰি দিবলৈ বাধ্য হলোঁ। নহলে, সিহঁতে আমাক হটাব পাৰে নে?

চানা—নকবাঁ তেনে কথা। এইবাৰ অসমীয়া ফৌজৰ ৰকম বেলেগ। নেদেখিলাঁ বৰসেনাপতি জনৰ তেজ! এওঁৱেই সেই লাচিত বৰুৱা; এতিয়া বৰফুকন হৈ আহিছে। এওঁৰ বিক্ৰম সহিব নোৱাৰি গড়গাওঁ নগৰ আক্ৰমণত,আমাৰ মহাপৰাক্ৰমী মিৰজুম্লা সেনাপতি অস্থিৰ হৈ পৰিছিল। এওঁ তাচ্ছিল্যৰ পাত্ৰ নহয়, এওঁৰে সৈতে লৰিবলৈ আমি বিশেষকৈ সাজু হব লগাত পৰিছোঁ। বাঁহবাৰীৰ কোঁঠ অধিকাৰ কৰি শত্ৰুৱে এতিয়া কাঁজলীমুখ কোঁঠলৈ চোঁচা লৈছে; আহাঁ, তাৰ ৰক্ষাৰ্থে সাজু হওঁগৈ; মুখৰ কথাত কাৰ্য্য সিদ্ধি নহয়।

ফিৰুজ—যাওঁ, বাৰু বলাঁ। কিন্তু দেখিবাঁ, এইবাৰ অসমীয়াক ভালকৈ চিনাকি দিম।

(দুইৰো বেগেৰে প্ৰস্থান)

(লাচিত, ৰাজখোৱা আৰু পানীফুকনৰ প্ৰৱেশ)

পানীফুকন—ধন্য, লাচিত বৰফুকন! ধন্য তোমাৰ বীৰবাণী! ধন্য তোমাৰ উদগনি! তোমাৰ বীৰোচ্ছ্বাসত আজি মোৰ প্ৰতি সিৰে ৰণ-তেজ উতলি উঠিছে। অবাৰিত ৰণ-লীপ্সা মোৰ প্ৰাণত চতুৰ্গুণ বাঢ়িবলৈ ধৰিছে। শত্ৰুৰ তেজেৰে আজি এই তৰোৱাল ৰাঙলী কৰি হে তৃপ্তি পলুৱাম।

ৰাজখোৱা -ধন্য লাচিত বৰফুকনৰ ৰণকৌশল! তেওঁৰ দিহা মতে নচলা হলে, বাঁহবাৰী কোঁঠ ইমান সহজে আমাৰ হস্তগত হোৱাৰ আশা নাছিল। আৰু বৰফুকনৰ বিক্ৰম দেখি মোগল সেনাপতি বিচুৰ্ত্তি হল।

লাচিত —শলাগৰ পাত্ৰ মই নহয়, তোমালোক হে। দিহা দিয়াতকৈ দিহা পালন কৰাৰ ওপৰত হে ৰণৰ ফলাফলে ঘাইকৈ নিৰ্ভৰ কৰে। বৰঞ্চ, দিহা মতে কাৰ্য্য হৈ নুঠিলে, হিতে-বিপৰীত হে ঘটে। গতিকে, বাঁহবাৰীৰ ৰণত আমাৰ জয় হোৱা বাবে মোৰ সহায়কাৰী সেনাপতি তোমালোক হে ধন্যবাদৰ পাত্ৰ। কিন্তু, এই খিনিতে অলপ সঙ্কেত দিয়াৰ আৱশ্যক, জয় লাভে বিজয়ী দলক উৎসাহিত হে কৰিব লাগে, উধত কৰিব নালাগে। আনন্দত অতিকৈ উৎফুল্ল হলে কৰ্ত্তব্যত বিঘ্ন ঘটে। যি হওক, এতিয়া ৰণৰ আৰম্ভণ মাথোন, আমাৰ সাধিব লগীয়া ভালেমান গুৰুতৰ কাৰ্য্য আগলৈ আছে। আমাৰ উপস্থিত কৰ্ত্তব্য হৈছে, ততালিকে গৈ কাঁজলীমুখৰ কোঁঠ অৱৰোধ কৰা। তাৰ নিমিত্তে আমি ভালকৈ সাজু হব লাগে। কিয়নো বাঁহবাৰীত শত্ৰুৱে আমাৰ হাতত যি শিক্ষা পালে, সি এই যাত্ৰাত সিহঁতক আগতকৈ শকত কৰিবৰ সম্ভৱ। কিন্তু নিশ্চয় জানিবাঁ, যিমানেই শকত হওক, শত্ৰু আমাতকৈ বলী হব নোৱাৰে; দেৱৰাজ ইন্দ্ৰৰ বংশধৰ পৃথিবীত আন কোনো পালি দেৱতাৰ বংশধৰতকৈ কদাপি হীনতৰ হব নোৱাৰে, এই কথা ধুৰুপকৈ মনত ৰাখিবাহঁক; আৰু মনত ৰাখিবাঁ স্বৰ্গদেৱৰ জ্বলন্ত আদেশ। স্বৰ্গদেৱে আমাক আমাৰ হেৰোৱা ৰাজ্য উদ্ধাৰ কৰিবলৈ পঠিয়াইছে। আমাৰ সাহ-পিত্, ৰণ-কৌশল আৰু আত্মোৎসৰ্গৰ ওপৰতে আমাৰ পতনমুখী ৰাজ্যৰ পুনৰুদ্ধাৰে সম্পূৰ্ণে নিৰ্ভৰ কৰিছে। ওপৰত আমাৰ ঈশ্বৰ, আগত আমাৰ ৰজা, বুকুত আমাৰ স্বদেশ; এই তিনি লক্ষ্য ৰাখি আমি সম্মুখ-সংগ্ৰামত আগ বাঢ়ি জয় লাভ কৰি পুৰুষৰ চিনাকি দিবলৈ আহিছোঁ; আমি ৰণত পিঠি দেখুৱাই কাপুৰুষৰ নাম পাবলৈ অহা নাই। আহাঁহঁক, আগ বাঢ়োঁ, আমাৰ জয় অনিবাৰ্য্য।

পানীফুকন–শুনা প্ৰতিধ্বনি—“আমাৰ জয় অনিবাৰ্য্য। পুনৰপি উচ্চাৰোঁ, ‘আমাৰ জয় অনিবাৰ্য্য’। আমাৰ হাতত এইবাৰ মোগলৰ পৰাজয় ধ্ৰুব-নিশ্চয়।

লাচিত।–জানিবাহঁক, আগৰ দিহাই দিহা। আকৌ এবাৰ দোহাৰি কওঁ, শুনিবাঁহঁক;সোঁ-হাতে পানীফুকন, বাওঁ-হাতে সলাল গোহাঞি, পিচৰপৰা ৰাজখোৱা, সম্মুখে দি মই নিজে; দেখিবাহঁক, আক্ৰমণৰ হেঁচাটো যাতে চাৰিওফালৰপৰা সমানে পৰে। এয়ে মুঠ, দিহা, আহাঁ যাওঁ, আগ বাঢ়োঁ, একে উশাহতে গৈ শত্ৰুৰ ওপৰত পৰোঁগৈ।

পানীফুকন।-—আগ বাঢ়োঁ, আহাঁহক; নিশ্চয় জিনিম আমি।

পালি-সেনাপতি দল।–জয় স্বৰ্গদেৱৰ জয়! জয় বৰসেনাপতিৰ জয়!

(ৰণোন্মত্ত হৈ সকলোৰে বেগেৰে প্ৰস্থান।)

18regLachit

। দ্বিতীয় গৰ্ভাঙ্ক।

গড়গাওঁ,-“ৰজাৰ বৰচৰা।

( চক্ৰধ্বজসিংহ, বুঢ়াগোহাঞি, বৰগোহাঞি বৰপাত্ৰগোহাঞি, বৰবৰুৱা)।

ৰজা—বৰ সন্তোষৰ কথা, প্ৰথম ৰণ দুয়োখনতে আমাৰ জয় হৈছে; বাঁহবাৰী আৰু কাঁজলীমুখৰ কোঁঠ আমাৰ হস্তগত হৈছে। এই দুটা কোঁঠ পুনঃ আমাৰ হাতলৈ অহাত আমাৰ বিশেষ লাভ বুলি ধৰিব লাগে। কাৰণ এই দুই কোঁঠৰ অধীনস্থ ৰাজ্যৰ প্ৰজাৰ বৰ্ত্তমান অবস্থা বৰ টনকিয়াল, এই ৰাজ্যৰ সংসৰ্গত আমাৰ ইফালৰ এছোৱা আকালগ্ৰস্ত ৰাজ্যৰ অৱস্থা আকৌ অলপ তুলিব পৰা যাব। যাওক, সি পাচৰ কথা, সম্প্ৰতি ৰাজভঁড়ালৰপৰা আকাল- গ্ৰস্ত প্ৰজাক যথাৱত ৰূপে সাহায্য দান কৰিবলৈ ধৰা হওক; ৰাজ্যত আমাৰ এই ৰণজয়ৰ আনন্দ চৌপাশে ৰাষ্ট্ৰ হওক।

বুঢ়াগোহাঞি — হৈছে, স্বৰ্গদেৱ! এই সংসৰ্গত প্ৰজাই আনন্দ অনুভৱ হোৱাটো একান্ত বাঞ্ছনীয়। তাৰ লগতে মই প্ৰস্তাব কৰোঁ যে, আমাৰ ৰণবিজয়ী উৎসাহী বৰসেনাপতি লাচিত বৰফুকনৰ উৎসাহ বঢ়াবলৈকো যথাৱত সুব্যৱস্থা কৰিব লাগে।

বৰবৰুৱা — অতি উত্তম প্ৰস্তাব।

ৰজা —বৰ ভাল কথা। লাচিত বৰফুকনৰ আমি নিশ্চয় গুণ লোৱা উচিত। বিশেষতঃ, এই সময়ত তেওঁৰ যথোচিত গুণ লৈ তেওঁক উৎসাহিত কৰা নিতান্ত প্ৰয়োজন। এতেকে, তেওঁ যেনেকৈ শত্ৰুৰ কোঁঠ দখল কৰি আমালৈ বিস্তৰ ধন-বস্তু পঠিয়াইছে, আমিও সেই দৰে তেওঁৰ ৰণ-জয়ৰ শলাগৰ নিদৰ্শন স্বৰূপ তেওঁলৈ যথাযোগ্য উপহাৰ পঠিওৱা উচিত। সেই অৰ্থে, তেওঁলৈ যথা সম্মানেৰে এখন সোণৰ ডঁৰিকা-দিয়া তৰোৱাল, এগছ সোণৰ বন্-কৰা টঙ্গালি আৰু এটা উত্তম ৰণুৱা বগা ঘোঁৰা আমাৰপৰা উপহাৰ পঠিয়াবলৈ আমি আদেশ দিছোঁ। অনতিপলমে ইয়াৰ দিহা হব লাগে।

বৰগোহাঞি —নিশ্চয় হব, স্বৰ্গদেৱ! অকল এই ৰণত জয় লাভ কৰাৰ বাবেই নহয়, ইতিপূৰ্ব্বে মিৰজুম্লাৰ আক্ৰমৰ সময়ত তেওঁ যি বীৰত্ব দেখুৱাইছিল সেই বাবেও তেওঁ শলাগৰ পাত্ৰ। লাচিত বৰফুকন বাস্তৱতে এজন অসাধাৰণ বীৰ।

বৰবৰুৱা—লাচিত বৰফুকনৰ বীৰত্বৰ বিষয়ে বোধ কৰোঁ কাৰো দ্বিধা মত নহব। এনে জন পুৰুষত বৰসেনাপতিৰ বাচনি পৰাটো বৰ প্ৰসংসনীয় হৈছে।

ৰজা—সেই বাবে আমি বুঢ়াগোহাঞি ডাঙৰীয়াৰ শলাগ লৈছোঁহঁক।

বৰবৰুৱা -স্বৰূপ কৈছে স্বৰ্গদেৱে; তেওঁৱেই হে এই প্ৰস্তাব পোনেই আগ বঢ়াইছিল।

ৰজা —বাৰু, যাওক, এতিয়া আন আলোচনাত ধৰিব লাগে। প্ৰথম দুখন ৰণত জয় লাভ কৰিয়েই আমি আনন্দ-বিহবল হব নালাগে। আগলৈ। আমাৰ আৰু গুৰুতৰ কাৰ্য্য় ভালেমান বাকী ৰৈছে। এতিয়ামানে আমাৰ ৰণ- বল আগ বাঢ়ি গুৱাহাটী পাবগৈ পায়। তাত সম্প্ৰতি পাণ্ডুৰ কোঁঠ আমি হাত কৰাৰ আৱশ্য়ক; বৰফুকনে বোধ কৰোঁ তাৰ আক্ৰমণৰ যুগুত দিহা- লগাবগৈ পায়। ইতিমধ্যত ইফালে কিন্তু আমি সকলো প্ৰকাৰে তেওঁৰ সহায় হবলৈ সাজু থকা বিধেয়; সঙ্কটত লাগ বুলিলেই যাতে তেওঁক আমি যথোচিত ৰণবলৰ যোগান দিব পাৰোঁ, তাৰ আয়োজন হোৱা উচিত। সেই অৰ্থে বুঢ়াগোহাঞি ডাঙৰীয়া আৰু বৰগোহাঞি ডাঙৰীয়াই নিজ নিজ ৰণবল যুগুত কৰি লৈ সাজু থাকিবাহঁক।

বুঢ়াগোহাঞি —হৈছে, স্বৰ্গদেৱ! সেই বিষয়ত মই আওকণীয়া হৈ থকা নাই। লাচিত বৰফুকনে যুদ্ধযাত্ৰা কৰাৰ দিনধৰি মই ভিতৰি সেই আয়োজনত আছোঁৱেই ;এতিয়া স্বৰ্গদেৱৰ আদেশ মতে প্ৰকাশ্য আয়োজনত ধৰা হব। মোৰ বোধৰে বাঁহবাৰী আৰু কাঁজলীৰ কোঁঠ দখল কৰাৰপৰা বৰফুকনৰ ৰণবল সিফালে বাঢ়িছে আৰু তেওঁ সতকাই ইফালৰ সাহায্যলৈ হাত মেলিব নালাগিব; তথাপি আমি সাজু থকা উচিত।

বৰগোহাঞি — সঁচা, তথাপি আমি সাজু থকা উচিত। বুজিব নোৱাৰি, সিফালে মোগলৰ ৰণ-বলো সামান্য নহয়; তাতে আমাৰ পক্ষ এতিয়া লোকৰ দখলত সোমাইছেগৈ।

ৰজা —তোমালোক দুয়োজনৰ ভাব আৰু কাৰ্য্য়ৰ গতিৰ মিল দেখি বাস্তৱতে আমাৰ সন্তোষ লাগিছে। আমি আদিৰেপৰা পাঙ্গি আছোঁ যে, লাচিত বৰফুকনে ৰণ-বল যোগান খোজাৰ সঙ্কেত দিয়া মাত্ৰে ইফালৰপৰা তোমালোক দুজনক এজন-এজনকৈ পঠিয়াম বুলি; আৰু আৰশ্যক হলে বৰবৰুৱা আৰু বৰপাত্ৰক নগৰ ৰখীয়া থৈ আমি স্বয়ং ৰণযাত্ৰা কৰিম।

ইবিলাক দুজন এতিয়াৰেপৰা ৰাজ্যৰ শান্তি ৰক্ষাত লাগি যাওক; আমি তিনিজনে ৰণ-বিষয়ত একান্ত মনোযোগ দিওঁহঁক, কি বোলাঁ?

কেইওজনে —হৈছে, স্বৰ্গদেৱ! অতি উত্তম বিধান।

ৰজা —বেচ কথা। যোৱাহঁক, এতিয়া ঘৰঘৰি হৈ, নিজ নিজ ভাগৰ

কাৰ্য্যালোচনাত ধৰাগৈহঁক। আমিও উঠো।

(সকলোৰে প্ৰস্থান)

Lachit Phukan

। তৃতীয় গৰ্ভাঙ্ক।

গুৱাহাটী –বৰফুকনৰ বাহৰ!

(পিজলা গাভৰু আৰু কেতেকী)

কেতেকী —সেই ডেকা বিষয়াজনে মোক লগ পালেই সোধে।

পিজলা —কি সোধে? কোনে সোধে?

কেতেকী —আইদেউৰ কথাকে সেধে। সেই ডেকা বিষয়াজনে।

পিজলা —কোন্ ডেকা বিষয়াৰ কথা কৈছ অ কেতেকী বাই?

কেতেকী —এ, আই? ইমানতো নুবুজিলে নে আপুনি? সেই, বোলোঁ, সেই ডেকা বিষয়াজন। সেই, সেই যে, এঃ বাকলি, সেই চিটিকণ যে দিছিলে মোৰ হাতত।

পিজলা —(লাজত তলমূৰ কৰি) ওঁ, বাৰু, বুজিছোঁ। কি সোধে?

কেতেকী —তাকে সোধে। চিটিকণৰ কথাকে কয়।

পিজলা —(হাঁহি হাঁহি} কি হয়?

কেতেকী —কয় আৰু কয়। বোলে চিটিকণ পাই আইদেৱাৰাই খং কৰিছে নে কি?

পিজলা — (মিচিকিয়াই) পিচে?

কেতেকী —পিচে আৰু, কি আৰু, খং নাই কৰা বুলি কওঁ।-বেয়া কওঁ জানো?

পিজলা —নাই কোৱা বেয়া। (হাঁহে)

কেতেকী —এৰা, বেয়া হলে কৈ দিব। শিকাই দিব। যেনেকৈ শিকাৱ তেনেকৈ কম।

পিজলা —আজি লগ পোৱা নাই হবলা?

কেতেকী। —পাইছিল। নিতৌ পায়। আৰু, নিতৌ আপোনাক চাই যায়হি নহয়।

পিঞ্জলা —ইঃ।

কেতেকী —সঁচা, মৰি যাবলৈকে। ঠিক এতেপৰতে আহে। আহি জুমি চাই চাই গুচি যায়।

পিজলা —ইঃ, মিছা।

কেতেকী —শপত খালেও নপতিয়ালে আৰু কি কৰিম! (বাহিৰলৈ গম্ লৈ) চাওঁচোন, কি জানি বা আহিছেই। (উঠি গৈ দুৱাৰ মেলি দিয়ে)।

(গন্ধৰ্ব্বনাৰায়ণ তলমূৰ হৈ ওলাইপৰে!)

কেতেকী —সেয়াচোন এতিয়া! কলেও নপতিয়ায়!

পিজলা — (লাজত তলমূৰ কৰে )।

গন্ধৰ্ব্ব — (তলমূৰকৈ) নিজে যে অপ্ৰস্তুত হৈছোঁৱেই, আনকো আমনি কৰিবলৈ হে আগতে ওলাই পৰিলোঁ!

কেতেকী -নাই, একো আমনি কৰা নাই। ডেকা-দৌতাই একো আমনি কৰা নাই। (পিজলাৰ কাণৰ ওচৰত) আইদেউ, বহিবলৈ দিম জানো?

পিজলা — (কওঁ-নকওঁকৈ ) ওঁ, দে বাৰু।

কেতেকী — (আসন পাৰি দি ) ডেকা-দৌতা বহক।

গন্ধৰ্ব্ব — (চুচুক্চামাক্ কৈ বহি ) কি জানি কিবা জগৰেই লগাইছোঁ এথোন? বহোঁ বাৰু।

কেতেকী —জানো, বাকলি! সেইটো আইদেৱে হে জানে। কি বোলে আইদেউ?

পিজলা — (মিছা-খং দেখুৱাই) হেঁই এই জনী!

কেতেকী —অ, জগৰ মোৰ ওপৰত হে পৰিল? ডেকা-দৌতা, আপুনি সাৰিল। হক, বাৰু ময়ে পৰোঁ জগৰত।

পিজলা — কথা কোৱাৰ বাব গোটেইটো কেতেকীয়েই নলবিচোন বাৰু।

কেতেকী —ওঁ নলওঁ, নলওঁ। আপোনাসকলকে দিছোঁ। আপোনা- সকলে কথা পাতক। মই শুনাৰ ভাগটোকে লৈছোঁ।

গন্ধৰ্ব্ব —কিনো কথা পাতিম, কবলৈ দেখোন কথাই নোলায়! অন্তৰত হলে পাচিয়ে পাচিয়ে আছে। উঃ, ঘামতে কপোঁচোন!

পিজলা—আটাইৰে একে দশা।

কেতেকী —আপোনাৰো নে আইদেউ?

পিজলা —হেঁই এই জনী। টপটপাই নাথাকিবি দেই। ভুকু খাবি।

কেতেকী — ওঁ, নাথাকোঁ, মই যাওঁৱেই; ভুকু কেইটাৰ বাব সাৰোঁ।

(প্ৰস্থান)

পিজলা -(সেমেনাসেমেনিকৈ) এ, যাওঁ বুলিয়েই গুচি গল এই এজনী!

গন্ধৰ্ব্ব—যাওক, তাই আমনি কৰিহে আছিল।

পিঙ্গলা— (আঁচলেৰে মুখ ঢাকি) আমনি কৰা নাছিল, আপোনাৰ কামকে কৰি হে আছিল।

গন্ধৰ্ব্ব —অ, হয় নে? আমাৰ কিবা কাম কৰিছিল?

পিজলা— (চকুলৈকে ঢাকি) কিবা চিঠি একণৰ কথা। তাকে তাই পেৰি আছিল।

গন্ধৰ্ব্ব—অ, হয় তেন্তে। সেইটি মোৰে কাম কৰিছিল। পিছে, তাৰ সমিধানলৈ আশা কৰিব পাৰোঁ জানো?

পিজলা— (মূৰলৈকে ঢাকি) সকলো কথা দেউতাৰ ইচ্ছাৰ তল।

গন্ধৰ্ব্ব—সঁচা, মোৰ কৰ্ত্তব্যাকৰ্ত্তব্যও সকলো তেখেতৰ ইচ্ছাৰ তল মই তেখেতক সদায় মূৰ্ত্তিমান গুৰু-দেৱতা যেন দেখোঁ।

পিজলা—সেইটো স্বাভাৱিক। কৰ্ত্তব্যৰ মিল হলে মানুহৰ মনৰো মিল হয়। এতিয়া সেই কৰ্ত্তব্যত নাম কৰিব পাৰিলেই সন্তোষ। (লাহে লাহে মুখ উলিয়ায়)।

গন্ধৰ্ব্ব—বেচ কৈছাঁ। তেখেতৰ মন আৰাধনা কৰিও পাবলৈ টান; কিন্তু ৰণ-কৌশলত কুশল দেখিলে সেই মন আপুনি কুমলি অহা যেন দেখোঁ।

পিজলা—নিজেই বুজিছে তেনেহলে। যি কাৰ্য্য়েৰে দেউতাক সন্তুষ্ট কৰিব পাৰি, তাৰ চেষ্টাত থাকিলে মনোবাঞ্ছা পুৰ হলে হব পাৰে।

গন্ধৰ্ব্ব— ইয়াতকৈ আৰু ভাঙ্গি কব নালাগে; মই সুন্দৰকৈ বুজিছোঁ। মুখেৰে ইয়াত কলে কি হব, কাৰ্য্য়েৰে কাৰ্য্যক্ষেত্ৰত দেখুৱাব পাৰোঁ যেন, ঈশ্বৰৰ চৰণত এই কামনা।

পিজলা—শুনি বৰ সন্তোষ পালোঁ। এই সন্তোষ যেন চিৰলগৰীয়া হয়, ভগৱন্তৰ চৰণত এই কামনা।

গন্ধৰ্ব্ব— (উচ্ পিচাই) উঠিবৰ মন নাযায়! ইফালে কৰ্ত্তব্যয়ো নেবে।

পিজলা—ভাল, উঠক বাৰু আজিলৈ। মাজে মাজে আহি ৰণৰ কথা শুনালে সন্তোষ পাম।

গন্ধৰ্ব্ব—বাৰু, অনুৰোধ সাদৰে মনত ৰাখিছোঁ ( প্ৰস্থানলৈ উদ্যত।)

পিজলা—কেতেকী বায়ে বা কৰিছেগৈ কি? চাওঁগৈচোন। (উঠি যায়।)

গন্ধৰ্ব্ব—( অকলে) অহ, কেনে হৃদয়গ্ৰাহী সঙ্কেত! লাজুকী গাভৰুৰ কোমল হিয়াৰ কৰুণ ভাব সাদৰী কথাৰ মধুৰতাৰ মাজেদি কেনেকৈ বিৰিঙ্গি পৰিছিল! হাঁয়, সেই ক্ষণটিত মই নো কোন্ স্বৰ্গত আছিলোঁ কব নোৱাৰোঁ! মাজে মাজে আহি ৰণৰ কথা শুনাব লাগিব। ইয়াতকৈ আৰু সুখৰ সমিধান কি হব পাৰে? যি কৰে ঈশ্বৰে! যাওঁ, কৰ্ত্তব্যে টানিব লাগিছে। (প্ৰস্থান।)

lachit1 1

। চতুৰ্থ গৰ্ভাঙ্ক।

পাণ্ডুঘাট,—আহোমৰ গড়খাৱৈ।

(লাচিত, পানীফুকন, চক্ৰপাণি, চন্দ্ৰনাৰায়ণ, নেওগ-ফুকন, চাউডাং)।

চন্দ্ৰনাৰায়ণ— বৰফুকন ডাঙৰীয়া! আজি অপৰাধী নেওগ-ফুকনৰ বিচাৰৰ দিন। যথাবিহিত কৰাৰ অৰ্থে স্মৰণ কৰোৱা হৈছে।

পানীফুকন—মোৰ বোধেৰে উপস্থিত ৰণৰ কাৰ্য্য়ালোচনাৰ পুৰ্ব্বেই সেই আপদীয়া বিচাৰৰ লেঠা মাৰি লোৱা ভাল।

লাচিত— সেই বিচাৰৰ তত্ত্ব অনুসন্ধানৰ কাৰ্য্য় শেষ হৈ গৈছে ; প্ৰমাণৰ আৰু বাকী নাই, মাত্ৰ বিচাৰৰ ৰাই দিবলৈ হে বাকী। নেওগ-ফুকনে মোগল থানাদাৰ ৰচিদখাঁৰে সৈতে চক্ৰান্ত কৰি আমাৰ অধিকাৰৰ কোঁঠবিলাক শত্ৰুৰ হস্তগত কৰাবলৈ আৰু আমাৰ ফালৰ ভিতৰুৱা প্ৰস্তাব আৰু আয়োজনৰ বিষয়ে গোপনে মোগল কৰ্ম্মচাৰীক জানিবলৈ দি, গুৱাহাটী দখল আমাৰ পক্ষে অসম্ভৱ কৰি তুলিবলৈ ষড়যন্ত্ৰ কৰাটোও প্ৰমাণিত হৈছে। গতিকে, আমাৰ বিচাৰত তেওঁক বিশ্বাসঘাতকতা অপৰাধৰ বাৰে তৰোৱালৰ ধাৰত দিয়াটোকে সিদ্ধান্ত কৰিছোঁ। এতিয়া আমাৰ এই সিদ্ধান্তই সৈতে অপৰাধীক স্বৰ্গদেৱৰ সমীপলৈ পঠিয়াব লাগে। দেশতকৈ বিষয়া বৰ হব নোৰাৰে।

চক্ৰপানি— উচিত বিচাৰ। দোষ চাই দণ্ড হৈছে।

লাচিত—পানীফুকনে অপৰাধীক নি স্বৰ্গদেৱৰ চৰালৈ পঠিয়াবৰ যুগুত দিহা দি আহাগৈ।

পানীফুকন—ডাঙৰীয়াৰ আদেশ শিৰোধাৰ্য্য়। চাউডাং, অপৰাধীক বান্ধ,

বাজ কৰ,লৈ আহ।

(আগ বাঢ়ি প্ৰস্থান)

নেওগ—হে ডাঙৰীয়া! প্ৰাণে নমৰাটো ৰাই দিয়া হলেও ভাল আছিল! (চাউডাঙ্গে নেওগ-ফুকনক বান্ধি বাহিৰ কৰি নিয়ে)।

পানীফুকন— (ঘুৰি আহি লাচিতৰ ওচৰত) অপৰাধীক ৰাজ-চৰালৈ পঠিওৱাৰ যুগুত দিহা দি অহা হৈছে। আজিয়েই নিয়া হব।

লাচিত—ভাল কথা। এতিয়া আগন্তুক আক্ৰমণৰ আলোচনাত ধৰা হওক। প্ৰথমতে আমি চাব লাগিব, শত্ৰুপক্ষৰ আয়োজন কিমান। মোৰ অনুমানত ইয়াৰ আগৰ দুটা আক্ৰমণতকৈ এইবাৰ শত্ৰুৰ আয়োজন বহুল।— অনুমান কিয়, দেখাকৈয়ে বহুল। কিয়নো, আমাৰ চোৰাংচোৱাই সন্ধান লৈ আহিছে যে, মোগলৰ ভালেমান ৰণতৰী অতি বেগেৰে উজাই আহিব লাগিছে, শীঘ্ৰে পাণ্ডুঘাটৰ কাষ চাপিবহি। এতেকে, শত্ৰুৰ সেই ৰণবল আহি যোগ হবলৈ নৌ পাওঁতেই আমি তুৰন্তে পাণ্ডুৰ কোঁঠ অৱৰোধ কৰিবগৈ লাগে।

এইবাৰত কিন্তু আগবাৰৰ দিহা নাখাটিব; কিয়নো, কোঁঠ অৱৰোধ কৰা আৰু শত্ৰুৰ ৰণবলৰ যোগান আঁতৰাই ৰখা এই দুটা সুকীয়া কাৰ্য্য সমানে চলিব লাগিব। গতিকে, এইবাৰ মই সমুখত থিতাপি হৈ ৰব নোৱাৰিম, কোঁঠৰ চতুঃপাশে ঘুৰি, মই নিজে চকু দি ফুৰিব লাগিব।

গতিকে, নতুন দিহা মতে সোঁ হাতে সলাল গোহাঞি, বাওঁ-হাতে বাৰুকিয়াল গোহাঞি, পিচত বৰগোহাঞি ফুকন, সমুখত চন্দ্ৰনাৰায়ণ আৰু চক্ৰপাণি ৰাজখোৱাৰে সৈতে পানীফুকনে নায়কৰ কাৰ্য্য কৰিব; গন্ধৰ্ব্বনাৰায়ণে মোৰ আশে-পাশে কোঁঠৰ চৌপাশে ঘূৰি থাকিব আৰু যি ক্ষণতে যাক যেনে উপদেশ দিয়া যাব, সেই বিষয়ে সেইজনক প্ৰতি ক্ষণে জনাই থাকিব।

এই খিনিতে কৈ থোৱা উচিত যে, মোৰ দৃষ্টি অৱৰুদ্ধ কোঁঠৰ ওপৰতকৈ উজাই অহা শত্ৰুৰ ৰণতৰীৰ ওপৰত হে বেচি তীব্ৰভাৱে পৰিব। আৰু, কোৱা বাহুল্য মাথোন যে, কোঁঠৰ ওপৰত চাৰিও ফালৰপৰা পাৰ্য্য়মানে সমভাৱে হেঁচা দিবলৈ চাব লাগিব। সেই অৰ্থে লাটুম বৰুৱাই অশ্বাৰোহী ৰণুৱা এদলৰে সৈতে ইজন নায়কৰ কথা সিজনক ক্ষণে-ক্ষণে জনাই থাকিব। এয়ে এইবাৰৰ দিহা; ভালকৈ মনত ৰাখি চলিবাহঁক।

দিহা নাপাহৰিলে, উৎসাহ নাভাগিলে এইবাৰো যে আমাৰ জয় অনিবাৰ্য্য়, এইবাৰো যে আমি স্বৰ্গদেৱৰ শলাগৰ পাত্ৰ হব পাৰিমহঁক, তাত সন্দেহ নাই।

পানীফুকন—এইবাৰো আমাৰ জয় অনিবাৰ্য্য। এইবাৰো শত্ৰুৰ তেজেৰে তৰোৱাল ৰাঙ্গলী কৰি তৃপ্তি লাভ কৰিম। এইবাৰো সিংহৰ আক্ৰোশেৰে মোগল বাঘক চমক লগাই স্বৰ্গদেৱৰ শলাগৰ পাত্ৰ হম, তাত সন্দেহ নাই।

চন্দ্ৰনাৰায়ণ—নাই, সন্দেহ নাই। (স্বগতঃ ) কিন্তু, মোৰ উদ্দেশ্য সিদ্ধিত হে ঘোৰ সন্দেহ মানিছোঁ। অনৰ্থক হে খাটিছোঁ হবলা।

লাচিত —আহাঁ, তেন্তে আগ বাঢ়োঁ; সিংহৰ সন্তানে সিংহ তেজেৰে আগ বাঢ়োঁ। চাওঁ, আজি কাৰ শক্তি আমাৰ গতি ৰোধ কৰে! (বেগেৰে প্ৰস্থান)

পানীফুকন—দেখোঁ আজি, বাৰিষাৰ বেগবান ব্ৰহ্মপুত্ৰৰ ঢল ভেটে কোনে!—আহাঁহঁক, একে উছাহে শত্ৰুক ঢ়ৌৱাই লৈ যাওঁগৈ!(বেগেৰে প্ৰস্থান)

সকলোৱে—জয় স্বৰ্গদেৱৰ জয়! জয় লাচিত বৰফুকনৰ জয়!

(ৰণোন্মোত্ত হৈ সকলোৰে প্ৰস্থান)

Lachit

। পঞ্চম গৰ্ভাঙ্ক।

মানাহামুখ⸺মুকলি ৰণ-ক্ষেত্ৰ।

(ফিৰুজখাঁ আৰু মাধৱচৰণ )

মাধৱ—মোৰ কথা আপুনি নুশুনিলে। তাৰ-ভেটূীৰ ভাগ বিচাৰোঁ বুলি আপোনালোকে মোৰপৰা কথা লুকুৱালে। ই অমুকাই কিন্তু আটাইবোৰ জানোঁ। কৰোঁ বোলা হলে অনেক কৰিব পাৰিলোঁহেঁতেন। নকৰিলোঁ, কি দৰ্কাৰ!

ফিৰুজ–কিয়, মই তো কোনো কথা তোমাৰপৰা চেপাচি ৰাখিবলৈ চোৱা নাই! বাৰু, যি হল, হল। এতিয়াও নোৱাৰিবাঁ জানো?

মাধৱ-নোৱাৰিম কেলৈ? অমুকাই নোৱাৰা কাম কি আছে? বৰফুকন দৌতা মোৰ হাতত গুঁথি-লোৱা কড়ি; আৰু কি লাগে?

ফিৰুজ–ঠিক, পাৰিবা, মোৰ বিশ্বাস হৈছে। কিমান লাগিব কোৱা।

মাধৱ–কিমান লাগিব। জীৱনটো বেচিলে যিমান পাম সিমান লাগিব। নেদেখিলাঁ, নেওগ-ফুকনৰ জীৱন কেনেকৈ বেচা গল?

ফিৰুজ -আচ্ছা, একো কথা নাই, মই তোমাক খুচি কৰি হে এৰিম।

মাধৱ -এৰিবাঁ-নেৰিবাঁ আকৌ কি! হাততে নাপালে অমুকাই চুলি এডালমানো আগ নাবাঢ়ে।

ফিৰুজ -(ধনৰ মোনা এটা মাধৱৰ কানত আৰি দি) এতিয়া হল নে? এয়া সম্প্ৰতিকলৈ হে, কাৰ্য্য সিদ্ধি কৰিব পাৰিলে আৰু আছে।

মাধৱ -বাৰু, বাৰু, একো কথা নাই; দৌতাক মই আজিয়েই নালাগিমগৈ হবলা, হেঁঃ। (স্বগতঃ) কোনো উপায়েৰে আঁতৰিব পাৰিলেই হয়! ( প্ৰকাশ্যে) এতিয়াই গলে এতিয়াই লগ পামগৈ। হওঁতে—

( চৈয়দ চানা উধাতু খাই প্ৰৱেশ)

মাধৱ –(স্বগতঃ) এয়ে আঁতৰিবৰ ছেগ।

(মাধৱ সাউৎকৰে প্ৰস্থান)

ফিৰুজ –কি হল? হল কি? খবৰ কি?

চানা -খবৰ বৰ বিষম?

ফিৰুজ -কেনে বিষম? কি হল? শত্ৰু কিমান দুৰৈত?

চানা -কিমান দুৰৈত। এয়া, গাতে, পায়হি হে লাগে; বাৰিষাৰ বৰনৈৰ দৰে কল্‌কল্‌কৰে আগ বাঢ়িছে।

ফিৰুজ -কিয়, ভেটি ধৰিব নোৱাৰিলাঁ নে?

চানা -ভেটি ধৰিবাঁ! ঠাৱৰিব নোৱাৰি, পাণ্ডুৰ কোঁঠ এৰি দি আহিও ৰক্ষা পোৱা নাই; পিচে পিচে বাঘে খেদাদি খেদি আহিবই লাগিছে! আৰু, ভেটিবাঁ কাক? কিহেৰে? মই ইতিপূৰ্ব্বেই তোমাক এবাৰ কৈছিলোঁ নহয় যে, লাচিত বৰফুকন সাধাৰণ বীৰ নহয়। তেওঁৰ ৰণ-কৌশল অতি চমকাৰ, অতি বিচক্ষণ। তলতীয়া কৰ্ম্মচাৰীবিলাকো তেওঁৰ এনে অনুগামী যে, গা আৰু ছাঁ হে বুলিবাঁ। অন্যৰ কথা নকওঁ, অকল লাচিত ফুকনৰ গতি ৰোধে কোনে? তেওঁ যেনি মুখ কৰে, একেবাৰে এফালৰপৰা দংশি নিয়ে। অসমীয়াৰ ভিতৰত এনে বীৰ আছিল বুলি নাজানিছিলোঁ! যি হওক, আহাঁ, এতিয়া আক্ষেপৰ সময় নহয়; মানাহাৰ কোঁঠ ৰক্ষা কৰোঁগৈ। (দুইৰো প্ৰস্থান) (খোলা তৰোৱালেৰে লাচিত, গন্ধৰ্ব্ব, পানীফুকন প্ৰভৃতিৰ বেগেৰে প্ৰৱেশ )

নেপথ্যত — (সৈনিকৰ আৰাৱ ) পলা, পলা, পালেহি, পালেহি!

লাচিত —আহাঁ, আহাঁ আগবাঢ়ি। চোৱাঁ, চোৱাঁ সৌৱা শিয়ালৰ দল ছিটিকি পলাইছে। গন্ধৰ্ব্বৰে সৈতে মই পিছে পিছে খেদোঁ। পানীফুকনে আনবিলাকৰে সৈতে উভতি আগচি ধৰাঁগৈ।

(বেগেৰে প্ৰস্থান)

গন্ধৰ্ব্ব—যাওঁ, যাওঁ, ময়ো আগবাঢ়ি ধৰোঁগৈ। বাঘে-খেদা দিওঁ আজি ফেৰুৱাদলক।

(বেগেৰে প্ৰস্থান)।

পানীফুকন—আহাঁ, আহাঁ আগবাঢ়ি। বিজুলী-বেগেৰে গৈ আগচি ধৰোঁগৈ। শক্ৰক কচু-কটা দি হেঁপাহ গুচাওঁগৈ। মোগলক আজি সমূলঞ্চে নিপাত কৰিম। উলটি লৈ বাৰ্ত্তাদিবলেকো এটা বাকী নৰব। আহাঁ, আহাঁ, যাওঁ উৰাৱত হৈ। (বিপৰীত বাটে সকলোৰে বেগেৰে প্ৰস্থান)

নেপথ্যত—ধৰ্-ধৰ্, মাৰ্-মাৰ্, কাট, বান্ধ। (সৈনিকৰ আৰাৱ আৰু হিলৈৰ আৱাজ} (ফিৰুজ আৰু চানাক বন্দী কৰি লৈ পানীফুকন, গন্ধৰ্ব্ব, চক্ৰপাণি, চন্দ্ৰনাৰায়ণ আৰু লাচিতৰ পুনঃ প্ৰৱেশ)

লাচিত—(ৰাঙলী খোলা তৰোৱাল জোকাৰি) আজি হে অলপ হেঁপাহ পলুৱালোঁ! শত্ৰুৰ তেজেৰে মনাহা ৰাঙলীকৈ বোৱাই আহি হে মোৰ ৰণ–লীপ্সা কিঞ্চিৎমান পৰিতৃপ্ত হল। আহাঁ, মোৰ বীৰ সেনাপতিগণ, আহাঁ মোৰ বীৰ সেনাদল—আহাঁ, মোৰ কাষলৈ আহাঁ, তোমালোকে মোৰ ধন্যবাদ গ্ৰহণ কৰাঁহি। তোমালোক প্ৰকৃত বীৰ; বীৰ প্ৰসবিনী অসম মাতৃৰ তোমালোক সুযোগ্য সন্তান। তোমালোকৰ আজিৰ সাহ, আজিৰ বল, আজিৰ উৎসাহ, আজিৰ পৰিশ্ৰম আৰু সবাতোপৰি অবিচলিত বিজয়-লক্ষ্য আৰু ৰণকৌশলৰ প্ৰতি তোমাসৱৰ একান্ত মনোযোগ মই নশলাগি নোৱাৰোঁ। চমুকৈ কবলৈ গলে, আজিৰ ৰণ-জয় ঘাইকৈ তোমালোকৰ অদম্য উৎসাহ আৰু অসাধাৰণ বীৰত্বৰ ফলত হে লাভ হৈছে। সেই বাবে আজি মই অতুল আনন্দ উপভোগ কৰিছোঁ। এই ৰণৰ বিজয় বাৰ্ত্তা পাই স্বৰ্গদেৱেও অতিশয় সন্তোষ পাব। বলাঁ, এতিয়া যাওঁহঁক, মানাহাত আমাৰ অস্ত্ৰ ধুই, অধিকৃত কোঁঠ চম্‌জি লৈ, শত্ৰুৰপৰা লাভ কৰা ধন-বন্ত আহিলা-পাতি আমাৰ ব্যৱহাৰৰ জোখাৰে যৎকিঞ্চিত ৰাখি বাকী সমুদায় এই দুই মোগল সেনাপতি বন্দীৰে সৈতে স্বৰ্গদেৱৰ ওচৰলৈ ভেটী পঠিয়াওঁগৈ। এই ধন-বস্তুৰে সৈতে, বিশেষকৈ পাণ্ডুৰ কোঁঠত লাভ হোৱা ৰচদ-পাতিৰে সৈতে স্বৰ্গদেৱে আমাৰ অকালগ্ৰস্ত প্ৰজাবৃন্দক আপাদত সহায় কৰি সন্তোষ লভিব। এই ৰণত জয়লাভ কৰি আমি এদোপ উধাইছোঁ মাথোন, কিন্তু ইয়াৰ উপৰিও আমাৰ আৰু গুৰুতৰ কাৰ্য্য় আগলৈ আছে। আহাঁহঁক, সদ্যহতে অস্ত্ৰ ধুই গুৱাহাটীলৈ আমি উলটি যাওঁগৈ। ইয়াত আমাৰ দুজন সুদক্ষ সেনাপতিৰে সৈতে দুদল ৰণুৱা ৰখীয়া থৈ যাবলৈ ব্যৱস্থা কৰা হব। আহাঁ, তোমালোকে বন্দী লৈ পিচে-পিচে আহি থাকাঁ।

(প্ৰস্থান)

গন্ধৰ্ব্ব —আহি থাকা সঙ্গীসৱ, গজ-গমনেৰে আহি থাকাঁ। বৰফুকনৰ গাৰ লগে লগে মই ছাঁও আগ বাঢ়োঁ।

(প্ৰস্থান)

পানীফুকন —আহাঁ মোৰ বীৰ সেনাদল। বিজয়-সঙ্গীতৰ সুৰত মন নচুৱাই গহীন-গমনেৰে গুৱাহাটীমুখে আগ বাঢ়োহঁক।

সকলোৱে—জয়, স্বৰ্গদেৱৰ জয়! জয় লাচিত বৰফুকনৰ জয়!

(পটৰ চৌপাশে ঘূৰি ঘূৰি সৈন্য-সেনাপতি সৈনিক খোজেৰে গীত গায়)

। সৈনিক সঙ্গীত।

আহাঁ আহাঁ ভাই,    সকলোৱে মিলি,

জনম ভূমিৰ উদ্ধাৰ সাধোঁ;

জনম ভূমিৰ,         উদ্ধাৰ কাৰণে,

সন্তানে জীৱন উছৰ্গা কৰোঁ ॥

একে অসমৰ,       এছোৱা যৱনে,

বলেৰে দখল কৰিছে চোৱাঁ;

একে অসমীয়া,       এভাগ প্ৰজাই,

দেখিছোঁ সদায় চকুলো টোকা।

এতেকতে এবে,       কৰ্ত্তব্য আমাৰ,

উদ্ধাৰোঁ সত্বৰে স্বজাতি ভাই ;

উদ্ধাৰোঁ সত্বৰে,         জনম ভুমিৰ

যৱনে যি ছোৱা পীড়িছে হাঁয় ॥

ৰাজভক্তি গুণে,      অসমীয়া জাতি,

সবাৰো আগত জিলিকে আজি;

বিজয় পতাকা,        ৰজাৰ আমাৰ

উৰাম,—আহিছোঁ ৰণুৱা সাজি।

বীৰ প্ৰসৱিনী,           অসম জননী,

লাচিত আমাৰ অসম বীৰ;

এনে মহাবীৰ,          যাৰ সেনাপতি,

কি ভয়, কি ভয়,—জিনিম স্থিৰ ॥

জিনিম শত্ৰুক,      —পৰিম নতুবা—

ৰজাৰ আদেশ হইছে আগ;

ৰাজভক্তি পণ,       প্ৰাণত আমাৰ,

জীৱন সৰ্ব্বস্ব কৰিম ত্যাগ।

লক্ষ্য ৰণ জয়,      লক্ষ্য দেশোদ্ধাৰ,

অসম আমাৰ জনম ভূমি;

এই তিনি ধ্যান,        নাই অন্য কাম,

জিনিম মোগল নিশ্চয় আমি ॥

দ্বিতীয় অঙ্কপাত।

(জিৰণিৰ পটক্ষেপন)

Lachit Phukan1

৩। অঙ্ক।

। প্ৰথম গৰ্ভাংক।

দিল্লী -পাটচাৰ চৰা।

(আওৰেংজেব, ঘাই উজিৰ, কটকী, ৰামসিংহ, নচৰৎখাঁ, ৰঘুনাথসিংহ)

কটকী -জাহাপনা! অসমৰ খবৰ অতি বিষম! আহোম ৰজা চক্ৰধ্বজ সিংহই তেওঁৰ পূৰ্ব্ববৰ্ত্তী ৰজা জয়ধ্বজ সিংহৰ সন্ধি অগ্ৰাহ্য কৰিছে।

আওৰেংজেব -কি! ইমান আস্পৰ্দ্ধা! (ফিকি উঠি) সামান্য জংঘলী নগণ্য অসম ৰাজ্যৰ গৰাকী আহোম ৰজাৰ ইমান সাহ,-স্বয়ং দিল্লীশ্বৰৰ দ্বাৰা গৃহীত সন্ধি-সূত্ৰ ছিঙ্গিবলৈ সি আগ বাঢ়ে।

কটকী -অকল সিমানেই নহয়, জাহাপনা! আহোম ৰজা চক্ৰধ্বজে পূৰ্ব্বৰাজৰ অঙ্গীকৃত চই-পেচকচ্‌ৰ বাকী অংশ শোধাবলৈ অস্বীকাৰ কৰিছে।

আওৰেংজেব -ওঁ, ইমান পালেগৈ নে! (শিয়ঁৰি উঠে)।

কটকী -সিমানেও হোৱা নাই, জাহাপনা! অসমৰ ৰজাই দিল্লীশ্বৰৰ বিৰুদ্ধে ৰণ ঘোষণা কৰিছে।

আওৰেংজেব -কি! সঁচাকৈয়ে নে?  (সিংহাসন এৰি উঠি আহে।) সামান্য পতঙ্গ হৈ জুইত জাহ যাবলৈ ওলাইছে? মোগল পৰাক্ৰমৰ কথা অসমীয়াই জনা নাই হবলা?

কটকী -অকল সেয়ে নহয়, জাহাপনা! আহোম ৰজাই ইতিমধ্যতে কেইবাখনো ৰণত জিকিছেও।

আওৰেংজেব -কি কোৱাঁ?-অসম্ভৱ। এইবিলাক নিশ্চয় অমূলক জনৰৱ। যি অসম ৰজাই সিদিনা মিৰজুম্লাৰ আক্ৰমণ সহিব নোৱাৰি ৰাজধানী এৰি পলাই পৰ্ব্বত উঠিছিলগৈ, সেই অসম ৰজাই আজি আকৌ ৰণত জিকে। অসম্ভৱ কথা।

কটকী —তাতকৈও অসম্ভৱো সম্ভৱ হৈছে, জাহাপনা! অসমৰাজে আমাৰ হাতৰপৰা বাঁহবাৰী, কাঁজলী আৰু পাণ্ডু দুৰ্গ কাঢ়ি লৈ, গুৱাহাটী অধিকাৰ কৰি বহিছে।

আওৰেংজেব —অতি আচৰিত! কিয়, তাত আমাৰ কোনো মোগল সেনাপতি দুৰ্গ ৰক্ষা কৰোঁতা নাছিল নে?

কটকী —আছিল, জাহাপনা! চৈয়দ চানা আৰু চৈয়দ ফিৰুজ তিনি ৰণত ঘাটি, অৱশেষত অসমীয়াৰ হাতত বন্দী হয়; আৰু সিবিলাক দুয়োকে গড়গাওঁ নগৰলৈ নিয়াই অসমৰাজে বধ কৰালে!

আওৰেংজেব —সঁচা নে? অতি অসহনীয় কথা! দিল্লীৰ গৌৰৱ এইদৰে হানি হব লাগিলে আমি সম্ৰাট নাম গ্ৰহণ কৰাই বৃথা। আৰ্য্য়াৱৰ্ত্ত আৰু দক্ষিণাত্য গোটেই হিন্দুস্থান আজি যি দিল্লীৰ পদানত, নগণ্য অসম আজি তাৰ বিৰুদ্ধে উঠে! যি মোগলৰ বিজয় গৌৰৱ অক্ষুন্ন ভাৱে গোটেই ভাৰতত ৰাষ্ট্ৰ, সেই মোগল ক্ষমতা আজি সামান্য আহোম ৰাজৰ দ্বাৰা পৰাভূত! অসহন, অতি অসহন! তুৰন্তে ইয়াৰ প্ৰতিকাৰ হব লাগে।

ৰামসিংহ —সঁচা সমুচিত প্ৰতিকাৰ হোৱা উচিত। সিফালে সম্ভৱতঃ আমাৰ ৰণবল যথেষ্ট নাছিল, নহলে নগণ্য অসমীয়া সেনাৰ হাতত মোগল পৰাজিত হোৱা নিশ্চয় অসম্ভৱ। তাতে আমাৰ ৰণবল ততোধিক ক্ষীণ হোৱাৰ সম্ভৱ; কাৰণ ৰণত আমাৰ সৈন্য় ক্ষয় হোৱাৰ উপৰিও শত্ৰুৰ হাতত বিস্তৰ বন্দী হৈছে। অতএব, মোৰ বোধৰে, অনতিপলমে বিপুল সৈন্যবলৰে সৈতে অসমৰ বিৰুদ্ধে যুদ্ধযাত্ৰা হোৱা বিধেয়।

আওৰেংজেব —নিশ্চয়! অতি উত্তম প্ৰস্তাব। এই প্ৰস্তাব তুৰন্তে কাৰ্য্য়ত পৰিণত হব লাগে। বিলম্ব সহ্য নহয়।

উজিৰ—নিশ্চয়। বিলম্ব কৰাৰপৰা কাৰ্য্যত বিঘ্ন ঘটিবলৈ হে আছে। আৰু এই যাত্ৰাৰ আয়োজন বিশেষ হব লাগিব। অসমৰ আহোম ৰাজশক্তিক’ নগণ্য ভাবি উপেক্ষা কৰিব নালাগে। কাৰণ, আহোম ৰাজৰ ৰণবল তাকৰীয়া হব পাৰে, কিন্তু অকামিলা নহয়। ইতিপুৰ্ব্বে কলিয়াবৰৰ ১ম আৰু ২য় যুদ্ধ, দিকৰাইমুখৰ যুদ্ধ, শ্ৰীঘাটৰ যুদ্ধ, এই কেইখন ৰণতে অসমীয়া সেনাৰ পৰাক্ৰম আমাৰ ভালকৈ জনা আছে; কলিয়াবৰৰ দুয়োখন ৰণতে কানে- কানমাৰিয়ে হে আমাৰ মান ৰক্ষা পৰিছিল; দিকৰাইমুখৰ ৰণত আমাৰ তবেক হেন বীৰক বিহ্বল কৰি তুলিছিল; আন কি, সেই ৰণত অহোম মহিলায়ো ৰণত প্ৰাণ দিছিল; শ্ৰীঘাটৰ যুদ্ধত আমাৰ সত্ৰাজিত আৰু আবাবাকৰ নিচিনা যোদ্ধা অসমীয়াৰ হাতত ৰণত পৰিল আৰু আব্দুল চালামৰ নিচিনা তেজী যোদ্ধাকো ৰণত পৰান্মুখ কৰি অসমীয়াই বন্দী কৰি আমাক পৰাভূত কৰিলে; মিৰজুম্লাৰ আক্ৰমণৰ ফলো তথৈবচ; সেই বাৰ আমাৰ লগত সন্ধি স্থাপিত নোহোৱা হলে, মিৰজুম্না যে তাত দুই-এক বছৰতকৈ বেচি কাল টিকিব পাৰিলেহেঁতেন মোৰ এনে বোধ নহয়। এইবিলাকেই আহোম পৰাক্ৰমৰ জলন্ত প্ৰমাণ। গতিকে, অহম- ৰাজক্ষমতাক ভাৰতবৰ্ষৰ ভিতৰত এটা বৰ দুৰ্জ্জয় ক্ষমতাৰূপে গণ্য কৰি, সেই অনুযায়ী আয়োজনেৰে হে আমাৰ যুদ্ধ-যাত্ৰা কৰা বাঞ্ছনীয়। আৰু, মোৰ বোধেৰে, জাহাপনাৰ অনুমতি হলে, আজিয়েই সেনাপতি নিৰ্ব্বাচন আৰু যুদ্ধ-যাত্ৰাৰ সিন্ধান্ত হৈ যাব পাৰে।

আওৰেংজেব -হওক, এতিয়াই হৈ যাওক। আমি আগ্ৰহেৰে অনুমতি দিছোঁ। এক মুহুৰ্ত্তৰ বিলম্বও সহ্য় নহয়।

উজিৰ — মোৰ বিবেচনাৰে আমাৰ সুদক্ষ সেনাপতি ৰজা ৰামসিংহক এই যাত্ৰাত ঘাই সেনাপতিৰ বাব দিয়া যুগুত। অম্বৰাধিপতি জয়সিংহৰ পত্ৰ ৰামসিংহ এজন বিখ্যাত যোদ্ধা।

আওৰেংজেব –উচিত বিবেচনা। এই প্ৰস্তাব গ্ৰহণ কৰি ৰজা ৰামসিংহক আমি ঘাই সেনাপতিৰ বাব দিলোঁ। সৈন্য-সামন্ত আৰু পালি সেনাপতি সমুদায় তেওঁৰ বাছনি মত দিয়া যাওক। আৰু, মোৰ বক্চিচ্,

স্বৰূপে তেওঁক এটা ঘোঁৰা আৰু এখন হীৰাপতোৱা তৰোৱাল দিয়া হওক।

ৰামসিংহ —জাহাপনা, মই আনন্দেৰে ঘাই সেনাপতিৰ বাব গ্ৰহণ কৰিছোঁ। সৈন্য-সামন্ত যি লাগে যথাসময়ত বাছি লোৱা যাব। কিন্তু, পালি-সেনাপতি কেইজনৰ নিৰ্ব্বাচন এতিয়াই হোৱা উচিত। মোৰ বাছনি মতে, সদ্যহতে নচৰৎখাঁ, ৰঘুনাথ সিংহ, বইৰামদেও, কিৰাতসিংহ, বৰ্ত্তিয়া এই কেইজন মোৰ লগত যোৱাটো স্থিৰ হলেই ভাল।

আওৰেংজেব —সেয়ে স্থিৰ। যোৱাহঁক, তুৰন্তে যুদ্ধ-যাত্ৰাৰ নিমিত্তে

নিজ নিজ আয়োজনত ধৰাগৈ।

(সকলোৰে প্ৰস্থান)

lachit phukan2

।দ্বিতীয় গৰ্ভাঙ্ক।

দিল্লী—অন্দৰমহল।

( আমিনা আৰু ৰমণী গাভৰু)

ৰমণী — আমিনা! তুমি এদিন বাইজীৰ নাচোন এটা নাচি দেখুৱাবা বুলিছিলা নহয়?—পাহৰিলা?

আমিনা—পাহৰিছোঁ৷ সঁচা। আপুনি কিন্তু নাপাহৰে। ভাল, বাৰু, এতিয়াই দেখুৱাওঁ। (গীত গাই নাচে)

। গীত।

ৰাগিনী দেশ⸺সুৰ কাৰ্ ফা।

মউ পিওঁ পিওঁ কৰে পাণ ভৰি।

প্ৰেম সুধা সৰে জৰি জৰি॥

কিনো চাবাঁ শোভা,   জ্বলে পুণ্য প্ৰভা,

বয় শান্তি নই        ৰূপে ৰস চৰি।

যাওঁ উটি বুৰি        চাওঁ উৰি ঘূৰি,

গাথোঁ তৰা-ফুল    নাচোঁ চালি ধৰি।

ৰমণী —আমিনা, তোমাৰ নাচ-গান দেখি-শুনি বৰ ভাল লাগিল। যাবৰ পৰত আৰু এটা গাই শুনাবাঁ দেই।

আমিনা —ভাল। আপোনাৰ ওচৰত যুৱৰাজ বৰ বাধ্য। যি কওঁ, তাতে তেওঁ মান্তি হয়।

ৰমণী —কিনো কৈছিলা? কিহত নো মান্তি হোৱা যেন পালা?

আমিনা —আপুনি যেনেকৈ শিকাই পঠিয়াইছিল, তেনেকৈয়ে কৈছিলোঁ।

ৰমণী —এ, মই শিকাই পঠিওৱা কথা ময়ে পাহৰিছোঁ; আটাইখিনি মনত নাই। কোৱাচোঁ, বাৰু তুমি কি কি কৈছিলা।

আমিনা —কলোঁ, বোলোঁ, “আহোম ৰাজকন্যাৰ ভাৰ গতি আপোনাৰ ফালে বেয়া নহয়। পিচে, ইয়াত এতিয়ালৈকে তেওঁৰ মন হে বহা নাই। কাৰণ, অসমত মুকলিমুৰীয়াকৈ থকা ৰাজকন্যা; পিচে, ইয়াত অন্দৰমহলত পৰ্দ্দাৰ ভিতৰত থাকি তেওঁ স্ফুৰ্ত্তিহীন হৈছে। ইয়াত পাটচাৰ বেগমসকলৰ ওচৰত কেউপিনে ৰখীয়া-চন্তৰী দেখি তেওঁ আচৰিত মানিছে; আৰু কয় যে, পিজঁৰাত চৰাই বন্ধ কৰাৰ দৰে ইবিলাকক বন্ধ কৰি কিয় কষ্ট দিছে?” মোৰ এই কথা শুনি যুৱৰাজ অলপ আচৰিত হৈছিল। পিচে, মই বুজাই কলোঁ, বোলোঁ, অসম দেশত পৰ্দ্দা প্ৰথা নাই; আৰু তাত হেনো আহোম ৰমণী ৰাজসভালৈকো পাব পাৰে।

ৰমণী —পিচে?

আমিনা —পিছে, যুৱৰাজে মোৰ কথা মানিলে; আৰু সুধিলে কি কৰিলে নো আপোনাৰ মন মুকলি কৰিব পাৰি।

ৰমনী —তুমি কি উত্তৰ দিলাঁ?

আমিনা — মই আপুনি কোৱা ভাগেই কলোঁ। বোলোঁ, আহোম ৰাজকুমাৰীয়ে কিছুকাল পূবৰ ফালে খনচেৰেক মোহলগা ঠাই দৰ্শন কৰি

আহিবলৈ হেঁপাহ কৰে।

ৰমণী –পিচে, পিচে?

আমিনা –পিচে, যুৱৰাজে বাৰু বুলি আশ্বাস দিলে। কিন্তু, মই সুধিলোঁ, বোলোঁ, অকল আপোনাৰ অনুমতি হলেই হব জানো? সম্ৰাটে বা বোল কি?

ৰমণী -পিচে, কি উত্তৰ দিলে তেওঁ?

আমিনা -তেওঁ উত্তৰ দিলে, বোলে, বাৰু তাৰ উপায় হব। তাৰ পাচত মই আকৌ সুধিলোঁ, কেনেকৈ নো পঠিওৱা হব আৰু ক’ত ক’ত নো ফুৰিব।

ৰমণী -পিচে, তাৰ উত্তৰ কি দিলে?

আমিনা -তাৰ উত্তৰ দিলে, বোলে, কেনেকৈ পঠিওৱা হব তাৰ ব্যৱস্থা মোৰ হাতত। ক’ত ক’ত ফুৰিব সেইটো ৰাজকুমাৰীৰ ইচ্ছা। পূব ফালে অনেক তীৰ্থস্থান আছে, সেইবোৰকে দৰ্শন কৰি আহিবগৈ পাৰিব।

ৰমণী -বৰ সন্তোষ পালোঁ আমিনা। এই পোতাশালৰ নিচিনা ঠাইত তুমি মোৰ আচল বন্ধুৰ কাম কৰিছাঁ। ইয়াৰ বাবে তোমাক কি দি সন্তুষ্ট কৰিম ভাবি পোৱা নাই।

আমিনা -এঃ, কি দিব লাগিছে। মোক প্ৰকৃত মিত্ৰ বুলি ভাবিছে যদি, মই কৰা উপকাৰৰ বাব দিয়াটো অন্যায় হে হব।

ৰমণী -সেইটোও সঁচা। আমিনা, তুমি যেনে বুদ্ধিমতী, তেনে জ্ঞানৱতী; আৰু কবলৈ গলে, তেনে ৰসৱতীও। বাৰু, এতিয়া তোমাৰ কৰিব লগীয়া বাব ফেৰি কৰিলেই আজিলৈ বিদায় পাবাঁ।

আমিনা -কি নো বাব?

ৰমণী -আমনি নোপোৱাঁ যদি কওঁ। আমিনা, তুমি সিদিনা শুনাবলৈ গাতলোৱা এটি ব্ৰজাৱলী গান শুনোৱাৰ বাব।

আমিনা -অ, সেই বাব। মই বোলোঁ কিবাহে! বাৰু, গাওঁ, শুনক।

। গীত।

ৰাগ⸺গৌৰী।

ভালি নাচে মদন গোপাল,

বজায় মোহন বেণু গলে বনমাল॥

অৰুণ চৰণ দুহোঁ থমকে চলায়,

ঈষত ঈষত হাঁসি পঞ্চমত গায়।

শ্যামল সুন্দৰ চান্দ বয়ান বিকাশ,

বহয় মলয় মৃদু পদৰজ আশ॥

ৰমণী —বেচ, বেচ আমিনা! গানটি অতি মধুৰ লাগিছিল।

আমিনা —ভাল, এতিয়া যাওঁ হে। তছ্লিম (চেলাম দিয়ে)।

ৰমণী—বাৰু, যোৱাঁ। তোমাৰপৰা হে মোৰ যি এফেৰা সন্তোষ?

(আমিনাৰ প্ৰস্থান; ৰমণী চিন্তাযুক্ত।)

ৰমণী — (স্বগতঃ) জানো, কি হয়গৈ, ঈশ্বৰে হে জানে। এই ছেগতে ইয়াৰপৰা ওলাই ঘৰমুৱা হব পাৰিলেই ৰক্ষা।

(আঘনীৰ প্ৰৱেশ)।

ৰমণী —অ, বাই, আহিছ? ভালেই হল।

আঘনী।— কি নো? কিয়নো ভাল হল আইদেউ?

ৰমণী—উলটি নুসুধিবি বাই! শুনি যা, কৈ যাওঁ।

আঘনী —বাৰু বাৰু। কৈ যাওক, শুনি যাওঁ।

ৰমণী — জানিছ বাই, আজি ৰাতি তোৰ লগতে ৰজনী সখীকো লৈ আহিবি। তেওঁক মোৰ সাজ-পাৰ পিন্ধাই চাব লাগিছে।

আঘনী —কি নো? আইদেৱে নিজকে দাপোনত যেনেটি দেখে তেনেটিয়েই হব দেখোঁ। তাকে নো আকৌ সখীয়েকক সাজ-পাৰ পিন্ধাই চাব লাগিছে কেলৈ? মানুহে দুইকো একে সাঁচতে উঠা বুলি হে কয়।

ৰমনী —উলটি নধৰিবি বুলিছোঁ নহয়। শুনি গৈ থাক। মই পৰহিলৈ ইয়াৰপৰা এফালে যাম। মোৰ সলনি ৰজনী সখীকে মই বুলি থৈ যাম। এই কথা তই আৰু সুখীয়ে জানিব মাথোঁ, আন কেৱে মই উলটি নাহোঁমানে ইয়াৰ সম্ভেদ পাব নালাগে। মই যোৱাৰ পাচত মোক বুলি’সখীক দেশ ফুৰাবলৈ যুৱৰাজে পাল্কী আৰু মানুহ পঠিয়াব। সৰ্থীয়ে ঠিক মোৰ সাজেৰে সাজি ওলাই যাব। তয়ো যাবি। তই কেতিয়াও লগ নেৰিবি। কিছুমান দিনৰ পাচত তহঁতক ওলোটাই আনি এই ঘৰতে থবহি। তহঁতে তাৰ পাচতো ঠিক এতিয়া তয়ে-ময়ে থকাদি থাকিবিহঁক। মানুহৰ লগত বেচিকৈ কথা বাৰ্ত্তা নহবিহঁক। বিশেষ, আমিনা আহিলে বৰ সাৱধানে চলিবিহঁক, যাতে তায়ো সখীক মই বুলিয়েই জানি থাকে। তাৰ পাচতো যি হয় হৈ গৈ থাকিব, তহঁতে কিন্তু কেতিয়াও এই সম্ভেদ নাভাঙ্গিবি; ভাঙ্গিলে তহঁতৰো মৰণ, মোৰো বিপদ!—যা এতিয়া। ময়ো অলপ ওলাই ইফাল-সিফাল কৰোঁগৈ।

আঘনী- (হুমুনিয়াহ পেলাই) ভাল, আইদেউ!

(দুইৰো দুফালে প্ৰস্থান)

lachit phukan3

। তৃতীয় গৰ্ভাঙ্ক।

গুৱাহাটী,—বৰফুকনৰ বাহৰ।

( মাধৱচৰণ আৰু চন্দ্ৰনাৰায়ণ )

মাধৱ—অ, বোলোঁ, আমাৰ ৰাজকুমাৰে ৰণৰ অন্ত পেলাই হে উলটিব। নে, কেতিয়াকৈ উলটিব?

চন্দ্ৰ—এ জানো দেও হে, কি কৰোঁ কব পৰা নাই এথোন। মিছাতে খৰলি খাই মৰিছোঁহি নে কি জানো!

মাধৱ—কিয়? মন দেখোঁ অলপ বিচাতন দেখিছোঁ? কিয় বা?

চন্দ্ৰ— জানো উচাতন নে বিচাতন, তোমালোকে হে জানা দেও। মিছাতে ইয়াত লেকাট লাগিবলৈ আহিলোঁ মাথোন, লাভত একো নহবগৈ যেন হে লাগিছে।

মাধৱ—কিনো লাভৰ আশা কৰি অহা হৈছিল?

চন্দ্ৰ—ৰাজকুমাৰৰ আশা কি হব পাৰে ভাবি চোৱাচোন বাৰু।

মাধৱ—চাইছোঁ, ধুকি পাইছোঁ,ৰাজ্যলাভ। সেইটি বাৰু পাইছোঁ; আপোনাক লাভ কৰিবলৈ দিবলৈ চাব নে এতিয়া নিজলৈ চাব? ৰজা, বৰফুকন, বিষয়া এইবিলাকৰ নিজৰ গাতে তত্ নাই, আপোনালৈ চাব এতিয়া? ভাল আশাত বন্ধ গৈছে হয় আপুনিও!

চন্দ্ৰ—এৰা, গম্ পাইছোঁ লাহে লাহে। এফেৰি ৰং-তামাচা, ফুৰ্তি কৰিবলৈ আজৰি নোহোৱাকৈ থাটিও বৰফুকনক সন্তোষ লগাব পৰা নাই, তেওঁ হেনো দায়ীত্ব থকা ভাঙ্গৰ কাম মোৰ ওপৰত নিৰ্ভৰ কৰি নিশ্চিন্ত হব নোৱাৰে। নোৱাৰে ভালেই হে, ময়ো নিবিচাৰোঁ। তেওঁৰ লগত তো চৰাই হৈ উৰিব নোৱাৰি। ঔ ৰাম। অলপ জিৰাবলৈ-শঁতাবলৈ আজৰি নাই, অলপ ফুৰ্তি কৰিবলৈ ছেগ নাই, কেৱল উৰোঁ উৰোঁ! সকলোৱে আকৌ তেওঁৰ দৰে পাৰিলে হে হয়।

মাধৱ—নকব আৰু, এই পাকত হলে মোৰ মনে সৈতে মিলি গৈছে।

চন্দ্ৰ—বাৰু, চাওঁ আৰু কেইটামান দিন। নহলে, গুচি যাবগৈ লাগে। আৰু এফালে তো হতাশ হৈছোঁৱেই। মিছাতে গাৰ দুখ, মনৰ কষ্ট!

মাধৱ— আৰু নো হতাশৰ ইটো বিষয় কি?

চন্দ্ৰ—(বিমৰ্ষ),এ নুসুধিবাঁ, সেইবোৰ কথা দেও!

মাধৱ—মাধৱে কিন্তু নুসুধিলেও নুবুজাকৈ নাথাকে। এই ভাগ প্ৰেমৰ বিকাৰ হব পায়?-পিজলা গাভৰুদেউ তাৰ লক্ষ্য় নহয় জানো?

চন্দ্ৰ—তুমি তো কম শিয়ান নহয় দেখিছোঁ।

মাধৱ—এ, কম নহয় দেখি তো এই দুটা দিন বৰ্ত্তিব পাৰিছোঁ।

(গন্ধৰ্ব্বৰে সৈতে পানীফুকনৰ প্ৰৱেশ )

পানী—ডাঙৰীয়া ওলোৱা নাই হবলা?

মাধৱ—বতৰা গৈছে হে, মোগল সেনাপতিৰ দূত এজনেও পত্ৰ এখন লৈ ৰখি হে আছেহি।

গন্ধৰ্ব্ব—কোন জন? ক’তা?

মাধৱ—সেয়া। ছাঁতে ৰৈ জিৰাইছে। সৌৱা, সৌ চীখ চিপাহীটোৱেই।

(লাচিত বৰফুকনৰ প্ৰৱেশ)

লাচিত—ক’তা? মোগলৰ দূত কেনি গল?

মাধৱ।—সৌৱা। বাৰু, মই মাতি আনোগৈ। (মাধৱৰ প্ৰস্থান)

চন্দ্ৰ— দূত আহিবৰ ভালেখিনি পৰ হল। বপুৰা বৰ নিৰ্জ্জু মানুহটি!

লাচিত—নিৰ্জ্জু নহয়, স্থিৰমতি। সেইটো সিফালৰ সৈনিক শিক্ষাৰ গুণ।

(মাধৱৰ পিছে পিচে অজিত সিংহৰ প্ৰৱেশ)

মাধৱ— (অজিত সিংহক ভেঁটাই দি ) এখেতেই আমাৰ বৰফুকন বৰসেনাপতি ডাঙৰীয়া।

অজিত—চিনি পাইছোঁ। (সৈনিকৰ চেলাম দি পত্ৰ আগ বঢ়াই দি ) দিল্লীশ্বৰৰ প্ৰধান সেনাপতি ৰজা ৰামসিংহই ডাঙৰীয়ালৈ এইখন পত্ৰ দি পঠিয়াইছে।

লাচিত—বাৰু, দিয়াঁ। (পত্ৰ গ্ৰহণ কৰে; আৰু পঢ়ি ক্ষন্তেক গভীৰ ভাৱে চিন্তা কৰি চাই) তোমাক ইয়াৰ উত্তৰ এতিয়াই লাগে নে?

অজিত—হয় হজুৰ! জবাব দিলে নিব পাৰোঁ, নহলে হজুৰে পঠিয়াই দিবও পাৰে।

পানী—ডাঙৰীয়া! উত্তৰ পাচেকৈ পঠিয়ালেও নহব জানো?

লাচিত—হব। পাচেকৈ আমাৰ দূতে লৈ যোৱা হে উচিত। (অজিতৰ প্ৰতি) বাৰু, পত্ৰৰ উত্তৰ পাচেকৈ আমাৰ দূতে লৈ যাব। সেনাপতি ৰজাদেওক আমাৰ চালাম দিবাগৈ।

অজিত—বহুত আচ্ছা হজুৰ! ( সৈনিকৰ চেলাম দি ঘুৰি গহীন খোজেৰে প্ৰস্থান কৰে)।

লাচিত—মোগলৰ সেনাপতি ৰজা ৰামসিংহই লিখিছে কি শুনিবাহঁক, —“পূৰ্ব্বৰ মোমাই তামূলী বৰবৰুৱাৰ সন্ধি মতে এতিয়াও অসুৰৰ আলি .”সৰু বৰনৈকে সীমা মানি আহোম ৰজাই গুৱাহাটী মোগলক এৰি দিব লাগে; নহলে দুঘণ্টামান যুঁজিও চাব পাৰে। তালৈকো তীৰ-বন্দুক নহলে আমাক খুজিলেও পাব পাৰে”।

গন্ধৰ্ব্ব—উঃ, কেনে অসহনীয় গণ্ডপ! পত্ৰৰ মৰ্ম্ম শুনি মোৰ সিৰে- সিৰে তেজ উতলিব লাগিছে! বৰসেনাপতি ডাঙৰীয়াৰ সাক্ষাতত নোহোৱা হলে আজি দূতৰ মুখেই চুঙা চাই সোপা দিবৰ মন আছিল। বাৰু, ৰামসিংহই তেওঁৰ অনুমানৰ পৰিমাণ পাবলৈ আৰু সৰহ পলম নাই।

চন্দ্ৰ—ইঃ, ইমান ফিতাহি! দূতৰ আগতে ভালকৈ গালি পাৰি পঠিয়াব লাগিছিল। সি নৌ যাওঁতেই নুশুনিলোঁ!

লাচিত—তোমাৰ দৰে সকলো উতলা জানো? ধীৰে-শাঁতে পাচে-পৰে ভাবি-চিন্তি জোকৰ-মুখত চূণ-পৰাকৈ উত্তৰ দিবলৈ বুলি স্থগিত ৰখা হল। দূতৰ আগত গালি পৰাটো উজু কথা, কিন্তু সম্মুখ সংগ্ৰামুত ঠাৱৰি মহতালি দেখাব পাৰিলাহেঁতেন যদি তেহে। কিন্তু তোমাক যতে দিওঁ ততে পোলোকা মাৰি তুমি পিচুৱাই পৰা দেখোন? তোমাৰ ওপৰত নিৰ্ভৰ কৰাৰপৰা কেইখন ৰণত কেইবাৰ মোৰ ৰণ-কৌশলত কেনা লগাইছিলা মনতকৈ চাৱাঁ। বাৰু, যি হওক, ৰামসিংহ সেনাপতিয়ে এইখন আমাৰ পত্ৰৰ হে উত্তৰ দিছে। এইদৰে উত্তৰাউত্তৰি কৰি থাকোতেই বাৰিষালৈ থকা বাকী দিন কেইটা পাৰ হলে আমালৈ হে ভাল। সিমানত নগৰৰপৰা আমাৰ ডাঙৰীয়া দুজনো সসৈন্য় পাবহি। এতেকে মোৰ মনেৰে, সদ্য়হতে এই ভাৱে উত্তৰ দি থোৱাই ভাল দেখোঁ,—“মান্ধাতাৰ বংশত জন্মি আৰু জয়সিংহৰ পুত্ৰ হৈ ৰামসিংহই তেনে কথা লিখিব নালাগিছিল। দুই-চাৰি ঘন্টা যে যুজিব খোজে,দুই-চাৰি বছৰ যুঁজিবলৈ সাহ দিব নোৱাৰে নে? আৰু, তীৰ-বন্দুক খোজাৰ কথা যে কৈছে, বাৰু সম্প্ৰতি তেওঁকে লাগিব পাৰে, থাওক; দুই-চাৰি বছৰৰ পাচত লাগিলে খোজা হব। কিন্তু, গুৱাহাটী ঈশ্বৰে আহোমক দিছে, তাক কদাপি। মোগলৰ হাতত অৰ্পণ কৰা নাযায়।”–কি বোলাহঁক? গন্ধৰ্ব্বনাৰায়ণে এই ভাৱেই এখন পত্ৰ লিখি মোৰ দস্তখত লৈ আজিয়েই আমাৰ দূতৰ হাতত মোগল শিবিৰলৈ পঠিয়াবাঁ।

গন্ধৰ্ব্ব—ভাল, আজিয়েই উত্তৰ পঠিওৱা হব। আৰু, ডাঙৰীয়াই কোৱা মতেই লিখি আনি দস্তখত লমহি।

পানী— ডাঙৰীয়াৰ উত্তৰ অতি বিতোপন হব। আৰু আমাৰ দুতৰ যোগে পঠিয়াবলৈ স্থিৰ হোৱাটোও উত্তম ব্যৱস্থা হৈছে। কিয়নো, তেতিয়া হলে আমাৰ ফালৰ এজনেও গৈ শত্ৰুৰ শিবিৰ সোমাই তাৰ আলেখ-লেখ চাই আহিবলৈ সুবিধা ঘটিব।

গন্ধৰ্ব্ব—তেন্তে পত্ৰবাহকজন চতুৰ লোক হোৱা উচিত। আমাৰ মাধৱ চৰণেই বোধ কৰোঁ সেই কামৰ নিমিত্তে উপযুক্ত লোক হব। তেওঁ নগলে ময়ে এই দূতৰ বাব লবলৈ আগ বাঢ়িছোঁ।

চন্দ্ৰ—নহয় নহয়। মাধৱেই হে তাৰ নিমিত্তে লায়ক।

মাধৱ—অলায়ক নো কিহৰ নিমিত্তে? অমুকাক যতে দিয়ে ততে ৰাজী। মুঠেই বিপদলৈ নেঠেলিব।

লাচিত—( মিচিকিয়াই ) বাৰু, বিপদ নাই। দূত, কটকী, পত্ৰবাহক এনে বিলাকক শক্ৰৱেও অনিষ্ট কৰিব নাপায়। বাৰু, মাধবেই যাবাঁ।

মাধৱ—ভাল, ডাঙৰীয়া দৌতা, যাব লাগে। কিন্তু কথাটোহে কৈছোঁ। (স্বগতঃ ) বাৰু যাম, এইখিনিতে লাভৰো এটি চেলু পোৱা গৈছে জানিবা। বৰফুকনে বলে-কৌশলে ৰণখন বাৰিষালৈ নিবলৈ যে ফাকতি তৰিছে, তাৰ সম্ভেদ্ দিওঁগৈ যদি, মোগল সেনাপতিৰপৰা যে ভালকৈ কিছু সৰকাব পাৰিম তাত সংশয় নাই। বেচ কথা, মনত ৰাখিব লগীয়া কথা।

লাচিত—বাৰু, হৈছে এতিয়া; ভাবিব নালাগে। এতিয়া নিজ নিজ বহালৈ যোৱাঁগৈহঁক। যথাসময়ত যাৰ যি কৰ্ত্তব্য় কৰি থাকিবাহঁক। মনত ৰাখিবাহঁক, ‘অসমে প্ৰতি অসমীয়াৰপৰা কৰ্ত্তব্য বিচাৰে।’

(সকলোৰে প্ৰস্থান)

পানী ফুকন—ডাঙৰীয়াৰ আদেশ শিৰোধাৰ্য্য। নিজ কৰ্ত্তব্যত নিশ্চয় মতি ৰাখিম। কিন্তু, শত্ৰু সেনাপতিৰ পত্ৰৰ মৰ্ম্মলৈ মনত পৰিলে গা জ্বলি আহে! মোগল সেনাপতিৰ এই অযথা দানৰ প্ৰতিদান কাহানিকৈ দিব পাৰোঁ। তাৰ নিমিত্তে আজিৰপৰা ক্ষণ গণনা হাতত ললোঁ। এই প্ৰতিদান নিদিওঁমানে নিশ্চিন্ত নহওঁ। দেখোঁ, ৰামসিংহই কিমানপৰ ঠাৱৰিৱ পাৰে।

LachitBorphukan

।চতুৰ্থ গৰ্ভাঙ্ক।

আগীয়াঠুঁটি-তামীঘৰা শিবিৰ।

(অজিত আৰু ৰামসিংহ।)

অজিত—অসম-ৰাজৰ আহোম সেনাপতিৰ ব্যৱহাৰ বৰ ভাল পালোঁ। আৰু, আহিবৰ সময়ত মোৰ আগত হজুৰলৈ চেলাম দি পঠাইছে।

ৰামসিংহ—হব তো, এজন সেনাপতিয়ে আন এজন সেনাপতিৰ প্ৰতি যথাবিহিত সম্মান দেখুৱাবই লাগে। এই ৰণ-নীতি সভ্য জাতিৰ লক্ষণ।

অজিত—নহয়, মই আকৌ অসমদেশৰ কথা আমাৰ দেশত যেনে বুলি শুনিছিলোঁ, তেনে ভাবি হে গৈছিলোঁ। অসমীয়া মানুহ বোলে হেনো জংঘলী, অসভ্য। মই হলে বিপৰীত হে দেখিলোঁ।

ৰামসিংহ—জংঘলী হয়; কিন্তু জংঘলী হলেই যে অসভ্য় হব, সেইটো নহয়। এই জংঘলতে বশিষ্ঠ মুনিৰ আশ্ৰম আছিল।

অজিত—আৰু এটা কথা আপোনাক জনাম বুলি ভাবি আহিছিলোঁ।

ৰামসিংহ— কি? কৈ যোৱাঁ।

অজিত— গোপনে হে কওঁ।

ৰামসিংহ—বাৰু।

অজিত—শুনি আহিলোঁ, আমাৰ ৰচিদ্খাঁ হেনো মানুহ ঠিক নহয়। এওঁ অসমত অগেয়েও বহু দিন আছিল। মই সিবাৰ আহোঁতে তেওঁক ইয়াতে পাই গৈছোঁ।

ৰামসিংহ—পিচে, কি হল নো?

অজিত—অসমত বেচি দিন থকাৰ বাবেই বোধ কৰো অসমীয়া মানুহৰ লগত তেওঁৰ ভাব দোচোৰা।

ৰামসিংহ—কেনে নো দোচোৰা ভাব?

অজিত—লাভ দেখিলে সিফালেও পেট দিয়ে।

ৰামসিংহ—(গমি চাই) হব পাৰে। মোৰ কাণত আন ফালৰপৰাও এনে কথা পৰিছেহি। আমি দিল্লীতে ৰচিদ্খাঁৰ নীচতাৰ বিষয়ে বিস্তৰ শুনিছিলোঁ; আৰু সেই কাৰণেই পাটচাহে তেওঁক অসমৰপৰা ফিৰাই নি ফিৰুজখাঁক গুৱাহাটীৰ খানাদাৰ পাতি পঠায়।

এতিয়াও তেওঁ সেই স্বভাৱ এৰিব পৰা নাই, কেৱল মোৰ লগে-লগে ৰখাৰ কাৰণে হে পাকচক্ৰত ফুৰিবলৈ চল পোৱা নাই। অ, সেই কাৰণে হে বোধ কৰোঁ মোৰ আদেশ তেওঁ তামিল কৰাত প্ৰায় গহৰি কৰে; আৰু মুখে-মুখে জবাব দিবলৈ বিচাৰে। বাক, দেখোঁ আৰু কিছু দিন। কিন্তু তুমি তো বৰ হুঁচিয়াৰ দেখিছোঁ। পাক এটা দি আহোঁতেই ইমানবোৰ সম্ভেদ্ লব পাৰিলাঁ!

অজিত—হজুৰ! কৰ্ত্তব্যত ফুৰিলে হুঁচিয়াৰ হবই লাগিব। নহলে নো মোৰপৰা চৰকাৰৰ কি উপকাৰ হব?

ৰামসিংহ—ঠিক। চীখ.চিপাহীবিলাক এই বিষয়ত বৰ ঠিক। সেই কাৰণে হে মই সিহঁতক বেচি ভাল পাওঁ আৰু বিশ্বাস কৰোঁ। বাৰু, তুমি যোৱাঁ এতিয়া, খোৱা-মেল কৰাঁগৈ।

অজিত—বহুত আচ্ছা হজুৰ! মই আহোঁ। (স্বৰ্গতঃ) এফেৰি কৰ্ম্ম সাধিলো। ৰচিখাঁই অসমৰ ভিতৰুৱা কথা সোপাকে জানে; এওঁক খেদাব পাৰিলে হে মোৰ উদ্দেশ্য সিন্ধিত বিশেষকৈ সুচল ঘটিব। (প্ৰস্থান)

ৰামসিংহ—(অকলে) কথাটো আপোনা আপুনি প্ৰমাণিত হৈ পৰিল। মই আহিয়েই শুনিছিলোঁহি যে, কোনোবা দুটা মানুহৰে সৈতে ৰচিদাখাঁৰ কিবা স্বাৰ্থ-চক্ৰান্ত চলিছিল। সেইটো ব্যৰ্থ হোৱাত হে তেওঁ দুয়োকুল হেৰুৱাব লগাত পৰে। তেওঁৰো মনোবাঞ্ছা পূৰ্ণ নহল, আমাৰ দুবাৰ ৰণত পৰাজয় ঘটিল। সি যি হওক, এওঁৰ লগত সতৰ্ক হৈ ব্যবহাৰ কৰিব লগাত পৰিছে।

নতুবা, এওঁক একেবাৰে বিদায় দিব পাৰিলেও বেয়া নহয়। বাৰু, দেখা যাওক, আৰু কিছুদিন তেওঁৰ আলেখ-লেখ বুজি চাওঁ।অজিতসিং কিন্তু বৰ হুঁচিয়াৰ, বৰ বিশ্বাসী। এই ডেকা সৈনিকটি দেখাতেই বুদ্ধিমান। অমাৰ অসম-যাত্ৰাৰ পিচদিনা বাটৰুৱা শিবিৰত ই আহি আমাৰ ফৌজত ভৰ্ত্তি হওঁতেই ইয়াৰ প্ৰতি স্বভাৱতে মোৰ মনোযোগ আকৃষ্ট হৈছিল। তেতিয়াৰেপৰা দিনে দিনে ই নিজ কাৰ্য্যেৰে মোক মোহ লগাই আহিছে। বাস্তবিকতে ইয়াক মোৰ গা-চোৱা কামত ভৰ্ত্তি কৰি বৰ ভাল কাম কৰিলোঁ। ( নিটাল মাৰি ৰয়)।

(ৰচিদ্খাঁ আৰু ৰঘুনাথসিংহৰ প্ৰৱেশ)।

ৰঘু—এ, আমাৰ বৰসেনাপতি অকলে! চিন্তাত দেখোঁ মগ্ন।

ৰচিদ্—চিন্তা তো বহুত কৰা হৈছে, তাৰ ফল হে ব্যৰ্থ!

ৰামসিং—(মুৰ দাঙ্গি খঙেৰে} বৰ্থ্য় কাৰ দোষত?

ৰচিদ্—মোৰ দোষত হবলা?

ৰাম—তোমাৰ দোষত নহয় যে কি? মোৰ উদ্ভাবিত উপায় আৰু কৌশল তোমাৰ ফেৰিয়াফেৰিত কেইটা ব্যৰ্থ হৈছে ভাবি চোৱাঁ।

ৰচিদ্—ভাবি চাই হে কৈছোঁ, মোৰ ফেৰিয়াফেৰিত একো ব্যৰ্থ হোৱা নাই, মোৰ পৰামৰ্শ নোলোৱাত হে সকলো ভ্ৰষ্ট হৈছে। মই ইয়াতে থানাদাৰ কৰি অতকাল কটালোঁ, এই ঠাইৰ আও-ভাও মই নাজানো, আপুনি কালি আহিয়েই বেচি জনা হলহি!

ৰাম—কি কোৱাঁ! মই এই ঠাইৰ হাল নুবুজা-নজনাকৈ এই মহাৰণ চলাইছোঁহি?

ৰঘু—কিয় হব তেনে কথা; আপুনি আহিবৰেপৰা আহোমৰ কোঁঠ লবলৈ যিবিলাক বিচক্ষণ উপায় উদ্ভাৱন কৰি ৰণ-কৌশল তৰিব লাগিছে, ৰণস্থলৰ হাল নুবুজাকৈ কোনে তেনে কৰিব পাৰে?

ৰাম—ভাবি চোৱাঁ, তেজপুৰৰ ওৰচত লগা ৰণত জিকি যেতিয়া মোৰ দিহা মতে আমাৰ ফৌজে শত্ৰুৰ ৰণতৰী আক্ৰমণ কৰেগৈ, তেতিয়া ৰচিদখাঁৰ বাধা-বিঘ্ন হেতুকেই তাত জয় লাভ কৰিব নোৱাৰিলোেহঁক; তাৰ পাচত যেতিয়া ৰংমহলৰ কোঁঠ আক্ৰমণ কৰিবলৈ দিহা দিওঁ, তেতিয়াও এওঁৰ ফেৰিয়াফেৰিতে আমাৰ উদ্দেশ্য ভ্ৰষ্ট হয়। এই দৰে আৰু কেইবাটাও মোৰ সদুপায় এওঁ নষ্ট কৰিছে। এওঁৰপৰা ৰণত লাভ নহৈ বিস্তৰ ক্ষতি হে হৈছে দেখিছোঁ।

ৰচিদ—ক্ষতি হৈছে যদি, মোক পঠিয়াবৰে দৰ্কাৰ নাছিল।

ৰাম—নাছিল তো দৰ্কাৰ। এতিয়াও দৰ্কাৰ নাই। তুমি ২৪ ঘণ্টাৰ ভিতৰত ভটীয়াই গুচি যোৱাঁগৈ। নহলে, ৰঘুনাথ, এওঁৰ তমীঘৰৰ বঁধু

কাটি উঠাই দিবাঁ।

(খঙ্গেৰে প্ৰস্থান।)

ৰচিদ্—বাৰু, আমিও যাবলৈ হে প্ৰস্তুত। একো কথা নাই। বাৰু, বলা যাওঁ এতিয়া। ৰামসিংহ কিমানলৈ তম্ভে ময়ো দেখিম।

(ৰচিদ্ আৰু ৰঘুনাথৰ প্ৰস্থান; ৰামসিংহ চিন্তাযুক্ত)

18regLachit

।পঞ্চম গৰ্ভাঙ্ক।

গড়গাওঁ,— ৰজাৰ বৰচৰা।

( চক্ৰধ্বজ, বুঢ়াগোহাঞি বৰগোহাঞি বৰবৰুৱা)

চক্ৰধ্বজ—ৰামসিংহ সেনাপতিৰ অহঙ্কাৰৰ বৰকথা শুনিছাহঁক;— ৰামসিংহই বোলে আমাক হতীয়াহতি যুদ্ধলৈ আহ্বান কৰিছে। তেওঁ ভাবিছে বোধ কৰোঁ, তেওঁত্পৰ আৰু বিচক্ষণীয়া যোদ্ধা নাই, তেওঁৰ সৈতে সম্মুখ-সংগ্ৰাম দিব পৰা সেনাপতি অসমত নোলাব; কিন্তু আছে নে নাই আমাৰো দেখুৱাবৰ মন যায়; আৰু হতীয়াহতি যুদ্ধত তেওঁ কিমান পৰ ঠাৱৰিব পাৰে তাৰো প্ৰমাণ চাবৰ ইচ্ছা হয়।

পিচে, তেনে উধত, মানুহৰ ইচ্ছা পূৰাবলৈ গলে আমাৰ মৰ্যাদা নৰয়, ইন্দ্ৰবংশী ৰাজ-সিংহাসন লাঞ্ছিত হয়। নতুবা, পাটচাহ আওৰেংজেবে সেই আহবান দিয়া হলে তাক আগ্ৰহেৰে গ্ৰহণ কৰা গলহেঁতেন, আহোম ৰাজ-সিংহাসনৰ বাহুবল দেখুৱালোহেঁতেন!

বুঢ়াগোহাঞি—উঃ, মোগল সেনাপতি ইমানটো গণ্ডপ। তেওঁ গছৰ গুৰিলৈ চাপি নোচাৱাকৈ একেবাৰে আগলৈ হাত মেলে? আগেয়ে তেওঁ তেওঁৰ সমনীয়া সেনাপতিৰে সৈতেই লৰি চাওক কিমানপৰ ঠাৱৰিব পাৰে, তাৰ পাচত পাচৰ কথা। সম্মুখ-সংগ্ৰামলৈ সষ্টম হৈ তেওঁৰ সমুখতে আহোম বীৰ লাচিত বৰফুকন বিদ্যমান; প্ৰথমে তেওঁৰ আগতে থিয় দি ঠাৱৰকচোন। তাৰ পাচত আমি আছোঁ, আমাৰ পাচত যি হয় হব!

বৰবৰুৱা—ৰামসিংহৰ প্ৰলাপত আমাৰ লাগিবৰ সকাম নাই। তেওঁৰ উক্তি শুনিয়েই আমি যুক্তি ধুকি পাইছোঁ। বাট এৰি অবাটে চলোঁতাক পৰি-মৰাহে বোলে!

চক্ৰধ্বজ—তথাপি, এনে অহঙ্কাৰ অসহনীয়। ৰামসিংহৰ দৰ্প তুৰন্তে চুৰ্ণ হব লাগে।

বুঢ়াগোহাঞি— নিশ্চয় ৰামসিংহৰ দৰ্প চূৰ্ণ হব লাগে। স্বৰ্গদেৱৰ অনুমতি হওক, মই তুৰন্তে বৰফুকনৰ সাহায্যাৰ্থে সসৈন্যে যাত্ৰা কৰোঁ।

বৰগোহাঞি— যাত্ৰা কৰিবাই তো, আমিও কৰিব লাগিব। পিচে, আগধৰি ইমানকৈ উতলিবৰ প্ৰয়োজন নাই। আমি নো তুৰন্তে যাত্ৰা কৰোঁ কিয়? চাওঁচোন, বৰফুকনৰ লগত তেওঁ কিমান পৰ লৰিব পাৰে।

চক্ৰধ্বজ—বৰগোহাঞি ডাঙৰীয়াৰ যুক্তিও সাৰুৱা; আৰু ইতিমধ্যতে ৰামসিংহৰ কোঁঠ আক্ৰমণ কৰিবৰ অৰ্থে বৰফুকনলৈ আদেশ আৰু উপদেশ পঠিওৱা যাব। কিন্তু, যদিও লাচিত বৰফুকনৰ অসামান্য বীৰত্বৰ ওপৰত আমাৰ অটল বিশ্বাস, তথাপি তাত তেওঁক অকলে লৰিবলৈ দি তাৰ ফলাফললৈ ইমান দূৰৈত আমি অপেক্ষা কৰি থকাটো সঙ্গত বিবেচনা নকৰোঁ। গতিকে, সিফালে বৰফুকনে মোগল সেনাপতিৰ কোঁঠ অৱৰুদ্ধ কৰোক, ইফালৰ পৰা বুঢ়াগোহাঞি ডাঙৰীয়া তেওঁৰ সাহায্যাৰ্থে সসৈন্যে যাত্ৰা কৰোক।

বৰবৰুৱা— হৈছে স্বৰ্গদেৱ! এয়ে উত্তম ব্যবস্থা। আদেশ পালে আমিও যাওঁ।

চক্ৰধ্বজ—এয়ে স্থিৰ। বুঢ়াগোহাঞি ডাঙৰীয়াৰ সকলো আয়োজন বোধ কৰোঁ ঠিক আছে?

বুঢ়াগোহাঞি— হৈছে, স্বৰ্গদেৱ! মই কেতিয়াবাৰেপৰা প্ৰস্তুত আছোঁ; আজিয়েই যাত্ৰা কৰিব পৰা যায়। ইফালে উজাই আহি মোগল সেনা তেজপুৰ পাইছেহি; সিফালে চেঁচা তো সিহঁতে এটা হেঁচা দিছেহি। এই যাত্ৰাতে মই সেই মোগল ফৌজ দুটা তেজপুৰ আৰু চেঁচাৰপৰা ওফৰাই ঢলিয়াই লৈ যাওঁগৈ।

চক্ৰধ্বজ—বাৰু, কাইলৈ পুৱাতে যাত্ৰা কৰা হব লাগে। তাৰ পাচত বৰগোহাঞি ডাঙৰীয়াও এই ৰূপেই প্ৰস্তুত থাকিব লাগে; প্ৰয়োজন হোৱা মাত্ৰে যেন যাত্ৰা হব পাৰে। সম্প্ৰতি অহা যাত্ৰাতে আৱশ্যকতকৈও অলপ অধিক খাৰ-গুলী অস্ত্ৰ-শস্ত্ৰ ৰণক্ষেত্ৰলৈ পঠিয়াব লাগে। ইফালে ইয়াত আমি তাৰ অপৰ্যাপ্ত যোগানৰ আয়োজনত ধৰোঁহঁক; এই অৰ্থে অনতিপলমে যুণ্ডত আয়োজনত ধৰিবলৈ খাৰঘৰীয়া ফুকনক আদেশ কৰা গল; বৰবৰুৱাৰ গাত তাৰ তত্ত্বাৱধানৰ ভাৰ থাকিল। এতিয়া সবাৱে মিলি উপস্থিত যাত্ৰাৰ আয়োজত সহায় কৰিবগৈ লাগে; সন্ধ্যাৰ পুৰ্ব্বে আমি সমস্ত আয়োজন পৰিদৰ্শন কৰিমগৈ।

(সকলোৰে প্ৰস্থান)

Lachit

।ষষ্ঠ গৰ্ভাঙ্ক।

বৰফুকনৰ বাহৰ,— ভিতৰ-চৰা।

(পিজলা গাভৰু আৰু গন্ধৰ্ব্বনাৰায়ণ )

পিজলা—( অকলে) হাঁয়, কিবা এটি যেন নাই। মন উগুল-থুগুল আৰু প্ৰাণ উৰুঙা লাগিছে কিয়? তেওঁচোন মোৰ এতিয়ালৈকে একোৱেই নহয়। তথাপি, দুদিন নেদেখিলে দুবছৰ যেন লাগে কিয়? কেতেকী বাইক পঠিয়াই মতাই আনিম যেন! পিচে,—

(গন্ধৰ্ব্বৰ হঠাৎ প্ৰৱেশ )

গন্ধৰ্ব্ব—অকলে আপোন মনেৰে দেখোন?

পিজলা— (লাজত তলমূৰ কৰি) এৰা, সাক্ষাতকে নাপাওঁচোন?

গন্ধৰ্ব্ব— ক্ষমা কৰিবাঁ, পিজলা!

পিজলা।—কিহৰ ক্ষমা? আপনি কি জগৰ লগাই আহিছে নে কি?

গন্ধৰ্ব্ব—ভাঙৰ জগৰ।

পিজলা—কিবা?

গন্ধৰ্ব্ব—তোমাক আজি ভালমান দিন দেখা দিবহি পৰা নাই।

পিজলা—ভালেমান দিন! পৰহিচোন সাক্ষাৎ পাইছিলোঁ। মই হে পাহৰিছিলোঁ!

গন্ধৰ্ব্ব—এৰা, ভালেমান দিন যেন লাগিছিল!

পিজলা—(হৰিধৰ হাঁহিৰে) লাগিব পাৰে; মোৰ প্ৰতি ই আপোনাৰ অনুগ্ৰহৰ চিন্।

গন্ধৰ্ব্ব— অনুগ্ৰহ নহয়, তাতকৈ এফেৰি মধুৰ বিধৰ। কি বাৰু, কোৱাঁ, মই নোকোৱাকৈ।

পিজলা— জানো!

গন্ধৰ্ব্ব।—জানা যদি, কোৱাঁ আকৌ।

পিজলা—ভাল, আপুনিও!

গন্ধৰ্ব্ব।—ভাল নহয়, বেয়া জানো? অ, মোক বেয়া পাইছাঁ?

পিজলা—( তলমূৰকৈ) তেনে কথা নকব দেই।

গন্ধৰ্ব্ব—কওঁ যদি, কি দণ্ড?

পিজলা—জানো, আপুনি কি কয়?

গন্ধৰ্ব্ব—মোৰ ভাষা তুমি নুবুজাঁ নে কি?

পিজলা— আপোনাক নো কথাত কোনে ভাগৰাব!

গন্ধৰ্ব্ব—ৰণত হলে ভাগৰা নাই আজিলৈকে; কথাত যদি ভাগৰোঁ। কেতিয়াবাকৈ, তোমাৰ ওচৰত হে।

পিজলা—অ, ভাল মনত পৰিছে; সিদিনা এৰাৰপৰা ৰণৰ কথাখিনি নকয় নো কিয়?

গন্ধৰ্ব্ব—ভাল কথা হল। আৰু এটা অপৰাধ!

পিজলা— নকয়? বাৰু নালাগে কব। (মুখ আমোলায়)

গন্ধৰ্ব্ব—নহয় নহয়, কওঁ কওঁ; তোমাৰ ৰোহ-পতা মুখখনি চাবৰ মনেৰে হে তেও এই খন চতুৰালি কৰা হৈছিল। কওঁ শুনা। কোন্

খিনিৰপৰা কম? কি কম বাৰু?

পিজলা—আকৌ বোলে কি কম? যি কবলৈ কৈছোঁ, তাকে কওক। যিখিনি মই শুনিব লগীয়া, সেই খিনি শুনাওক।

গন্ধৰ্ব্ব—কোন্ খিনি বা শুনাব লাগে এতিয়া? মহা ভাবনাত হে পৰিলোঁ!

পিজলা—আপোনাৰ ৰসিকতাৰো অন্ত নপৰে, মোৰো শুনা নহব এই দৰে। মোৰ বিশেষ লাগতিয়াল খিনিৰ দুটামান কথা মই সুধি যাম, আপুনি কৈ যাব।—দেই?

গন্ধৰ্ব্ব—দেই।

পিজলা।—ৰণক্ষেত্ৰত দেউতাই আপোনাক ভাল পাইছে নে?

গন্ধৰ্ব্ব—(গহীন) সেইটো মই কেনেকৈ কম। স্বদেশৰ মঙ্গলাৰ্থে মোৰ দেহ-মন-প্ৰাণ উছৰ্গি দিছোঁ; তদুপৰি বৰসেনাপতি গুৰুদেৱক সন্তুষ্ট কৰিবলৈ মোৰ সদায় লক্ষ্য। ভগৱন্তেহে জানে, কিমানদূৰ কৃতকাৰ্য্য় হব পাৰিছোঁ।

পিজলা—মানুহেও অলপ জানে। আমিও এফেৰি সম্ভেদ পাইছোঁ। ভগৱন্তে আপোনাৰ সজ আৰু সৰল উদ্দেশ্য যেন সিদ্ধি কৰে।

গন্ধৰ্ব্ব—তোমাৰো মনোৰথ যেন পূৰ্ণ হয়। যাওঁ, সময় হৈছেহি, অগীয়াঠুঁটি কোঁঠ অৱৰোধৰ দিহা লওঁগৈ! (উদ্যত )।

পিজলা—যাওক, ৰণত বিজয়ী হৈ আহকগৈ। যাওঁ, ময়ো দেউতাৰ আগপৈচান ধৰোঁগৈ।

(প্ৰস্থান)

গন্ধৰ্ব্ব—( আপোনা আপুনি) অহ, নিজনি বিলৰ নিৰ্ম্মল পানীত পদুম কলিৰ প্ৰতিবিম্বৰ দৰে, পিজলাৰ নিৰ্ম্মল হিয়াত মোৰ দেহ-মন-প্ৰাণৰ প্ৰতিবিম্ব এটি দেখোঁ যেন লাগি যায়!—এই হেন ভীষণ ৰণকেন্দ্ৰৰ দোৰ্ঘোৰ অশান্তিৰ মাজতো সেই হিয়া-দাপোনত আত্মৰূপ দেখি পৰম শান্তি লাভ কৰোঁ। যাওঁ, কঠোৰ কৰ্ত্তব্যে কৰুণ প্ৰেমৰ বাধা নামানে।

(প্ৰস্থান)

lachit phukan3

।সপ্তম গৰ্ভাঙ্ক।

আগীয়াঠুঁটি কোঁঠ,—ৰণস্থল।

( অজিত আৰু ৰামসিংহ)

ৰামসিংহ—অজিত!

অজিত—হজুৰ!

ৰামসিংহ—আজিৰ খবৰ কি?

অজিত—খবৰ ভাল নহয়, হজুৰ! আগীয়াঠুঁটি কোঁঠৰ দক্ষিণে আহোম পালি সেনাপতি পানীফুকনৰে সৈতে আমাৰ নচৰংখাঁ সেনাপতিয়ে এখন ৰণ দিছিল; পিচে তেওঁ খেদা খাই উলটি আহিছে।

ৰামসিংহ—লাচিত বৰফুকন ৰণস্থললৈ অহা নাই দেখোন?

অজিত—নাই অহা। বৰসেনাপতি বৰফুকনে বোলে আপোনৰে সৈতে হে লৰি চাব।

ৰামসিংহ—উঃ, কি আম্পৰ্দ্ধা! শিয়ালে সিংহে সৰি দেখুৱাব খোজে! ৰামসিংহই কিন্তু শিয়াল বধ কৰি বীৰত্বৰ অখ্যাতি নানে; বাঘে-সিংহে হলেও। অলপ লৰি চাব পাৰি। সেই হে কওঁ, আহে যদি আহোম ৰজা চক্ৰধ্বজসিংহ স্বয়ং আহক, অলপ চিনাকি দি পঠিয়াওঁ। বাৰু, দেখা যাওক। বলাঁ, এইবাৰ সম্প্ৰতি ৰঘুনাথসিংহ আৰু কিৰাতসিংহ বৰ্ত্তিয়াক একেলগে পঠিয়াই আহোঁ।

অজিত—(স্বগতঃ) আস্পৰ্দ্ধা কাৰ, নেদেখা জনেহে দেখিছে।

(দুইৰো প্ৰস্থান)

(হেৰাথলিখাই চন্দ্ৰনাৰায়ণৰ প্ৰৱেশ)

চন্দ্ৰ—ইস্, ইস্, ইস্, পৰিধৰি মৰোঁ! ভাল জানিবা মিছাতে এইখনত লটিঘটি হৈ মৰিছোঁহি! ৰাজ্য লাভৰ আশা যে এৰিছোঁৱেই, গৈ থৈ দেহাৰো আশা এৰিব লাগিবগৈ যেন হে পাইছোঁ। (গা ভিৰাই উলটি-উভতি পিঠিলৈ চাই) ছিঃ! ধূলি-মাকটি লাগি গোটেই কাপোৰ-কানি গুচিল। (হাতৰ

ৰুমালেৰে গাৰ চোলাৰ ধূলি জাৰি) ইস্, ইস্, এই পোছাকেৰে মানুহৰ আগত ওলাবলৈকে বেয়া লগা হল! (আকৌ ধূলি জাৰে)—

(গন্ধৰ্ব্বনাৰায়ণৰ প্ৰৱেশ)

গন্ধৰ্ব্ব—কি কৰিছা তুমি? পানীফুকন আৰু ৰাজখোৱা ওলোৱাহি নাই নে?

চন্দ্ৰ—কোন্ ওলায়হি কোন্ নোলায়হি কোনে জানে! নিজৰ তৰণি নাই! আনৰ খবৰ ৰাখোঁ!

গন্ধৰ্ব্ব—কিয়, তোমাৰ নো কিয় তৰণি নাই?

চন্দ্ৰ—নেদেখিছাঁ, পৰি-ধৰি কি হৈছোঁ! (গাৰ ধুলি কোবায় )

গন্ধৰ্ব্ব—কত নো পৰিলাঁ? কেনেকৈ?

চন্দ্ৰ—ক’ত? কেনেকৈ? নেদেখিলাঁ, সেই বাঘ যেন ৰণুৱা জাকে পানীফুকনক এৰি আমাৰ ফালে চোঁচা ললে। মই তৰা না ছিঙ্গি লৰি পলাই হে সাৰিছোঁ, লগৰ জাকৰ কি হৈছে কব নোৱাৰিছোঁ এথোন। বাটত পৰি-ধৰি গোটেই একতৰ্ হলোঁ!

গন্ধৰ্ব্ব—তুমি তো ভাৰি যোদ্ধা! সেই জাক আমাৰ খেদা খাই পলাই যোৱা মছলমান ৰণুৱা; পলৰীয়াৰ আগত পৰিয়েই তুমি পলাব লগাত পৰিল নে? তাতে ইমান বিহ্বল হৈছা?

চন্দ্ৰ—এঃ বিহ্বল হোৱাৰ কথা কৈছাঁ, কাপোৰ-কানি গুচিল নহয়, নেদেখিছা?

গন্ধৰ্ব্ব—সিও এটা কথা!—ই যে ৰণক্ষেত্ৰ, তোমাৰ গা-ঘেলোৱা বিলাসভূমি নহয়।

(লাচিত আৰু পানীফুকনৰ প্ৰৱেশ)

পানীফুকন।—এইবাৰ বোলে মোগল সেনাপতি একেলগে দুজন ওলাই আমাক গিলিপ মাৰি ধৰিব পৰাকৈ আহিব।

লাচিত।—আহক, ভাল হৈছে। কেনেকৈ জানিলাঁ?

পানী।—আমাৰ চোৰাংচোৱাই ৰামসিংহৰ গা-চোৱা সেই অজিত নামে চীখ চিপাহীটোক লগ পাইছিল। সি এই সংবাদ ভিতৰ-বিশ্বাসত দিছিল। অজিতৰ ভাবটো যেন আমাৰ ফলীয়া, এনে লাগি যায়।

লাচিত।—কোঁঠৰপৰা শক্ৰৰ সৈন্য বাহিৰলৈ ওলায়মানে আমালৈ ভাল। কিন্তু, পাৰ্য্য়মানে সিহঁতক ৰণৰ কেন্দ্ৰস্থললৈ চাপিবলৈ দিব নালাগে। অজিত আমালৈ সহানুভূতি থাকিবও পাৰে। কাৰণ যি মানুহটি বৰ ধাৰ্ম্মিক, গোৰা হিন্দু। অসমীয়া আৰু পছিমীয়া হিন্দুৰ আৱ-ভাৱৰ বৰ মিল!

গন্ধৰ্ব্ব।—সিহঁতৰ দুজন ওলাইছে যদি, আমিও দুজনেইচোন সমুখ হৈ চাওঁ; পানীফুকনে ময়ে সদ্যহতে আগ বাঢ়োঁ। দেখোঁচোন, আমাৰ আগত সিহঁত কিমানপৰলৈ ঠাৱৰে।

লাচিত।—বাৰু, আগ বাঢ়াহঁক। আমিও ওলাই দেখুৱাওঁ; আমাক তাকৰীয়া দেখিলে, শত্ৰুপক্ষ সৰহীয়াকৈ নোলাব পাৰে। কিন্তু, সৰহীয়ালৈকো আমাৰ হিয়া নডৰায়;—সিংহৰ এটা, শিয়ালৰ জাক্-জাক্!—মনত ৰাখিবাঁ।

(ৰামসিংহ, অজিত, নচৰৎখাঁৰ প্ৰৱেশ)

নচৰৎ।—অসমীয়া সেনা সৰহ নহয়, কিন্তু সিহঁতৰ চল বেচি। আমি ঘূৰোঁমানে সিহঁত গা পায়হিয়েই।

অজিত।—সৰহ নহয় যদি, আমাৰ সৰহীয়াকৈ গৈ বিপক্ষক গিলিপ মাৰি। ধৰিলেই হয় দেখোন। কিন্তু, অসমীয়া ৰণুৱা লেখত পৰা হলেও জোখত চৰা হব পায়; আৰু অসমীয়া সেনা ৰণত বিমুখ নহয়, নপলায়।

ৰামসিংহ।-আচ্ছা, এইবাৰৰ ফলাফল দেখা যাওক। আহাঁ, আমি দুৰ্গৰ সিলুটিৰপৰা লক্ষ্য কৰোঁগৈ; এইবাৰ লাচিত ফুকন ওলায় নে কি চাব লাগে। লাচিত কেনে যোদ্ধা নিলগৰপৰাই এবাৰ চোৱা যাওক। (কেইওজনৰ প্ৰস্থান)

(গন্ধৰ্ব্ব আৰু পানীফুকনৰ প্ৰৱেশ)।

গন্ধৰ্ব্ব।—ষি হওক, তেও সমানে সমানে লাগি জিকিলোঁ।

পানী।—আৰু, সিহঁতৰ সৈন্য-সংখ্যা আমাতকৈ অনেকগুণে বেচি আছিল; আমাৰ যিমান গৈছিল, সিমানখিনি সিহঁতৰ ৰণত পৰিছেই। কিন্তু, যি হওক, শত্ৰুসৈন্য কচুকটা দি, তেও আজি হেঁপাহ পলুৱালোঁ।

গন্ধৰ্ব।—মই সেনানায়কৰ কথা হে কৈছোঁ; সিহঁতৰো দুজন, আমাৰে দুজন। পিচে, আমি দুয়ো সিহঁতৰ দুইকো হৰুৱালোঁ।

পানী।—এইবাৰ সিহঁতৰ ঘাই সেনাপতি ৰামসিংহ স্বয়ং ওলাইছে। কিন্তু নিলগে নিলগে হে; তেওঁ নিলগৰপৰ দিহা দিছে, নিজে লিপ্ত হোৱাহি নাই এথোন। কিন্তু, তেওঁকো লিপ্ত কৰাই হে এৰিম আজি।

গন্ধৰ্ব্ব।—আমাৰো ঘাই সেনাপতি বৰফুকনে স্বয়ং লৰিব এইবাৰ। এইবাৰ হে বাৰ; এইখন ইে চাব লগীয়া ৰণ হব। যাওঁ, বলা, আমিও সষ্টম হওঁগৈ।

পানী।—বলাঁ, বলাঁ, আমাক বিচাৰিবই পায়। (দুইৰো বেগেৰে প্ৰস্থান)

(অজিত আৰু ৰঘুনাথ সিংহৰ প্ৰৱেশ।)

ৰঘুনাথ।——অসমীয়া ৰণুৱাৰ ইমান তেজ বুলি মই আগেয়ে নাজানিছিলো। ভাবিছিলোঁ, বোলোঁ, মিৰজুম্লাৰ সামান্য আক্ৰমণ এটা সহিব নোৱাৰি পলাই যোৱা আৰু শৰণাগত হৈ ৰক্ষা পৰা আহোম ৰজাক নো কি গণিতা কৰিম!

অজিত।—সেইটো আপুনি ভুল শুনিছিল আৰু ভুল বুলিছিল। মিৰজুম্লাৰ আক্ৰমণৰ কথা মই ভালকৈ জানোঁ। তেতিয়াৰ লাচিত বৰুৱাৰ বিক্ৰম সহিব নোৱাৰি তেওঁ হুঁহকি পৰাটোহে সঁচা; ৰণাভুৱা জয়ধ্বজসিংহ আহোম ৰজাই আত্মৰক্ষাৰ্থে পলাই পৰ্ব্বতলৈ যোৱাৰ লগত ইয়াৰ সম্বন্ধ নাই। এতিয়া সেই লাচিতেই অসমীয়া সৈন্যবলৰ ঘাই সেনাপতি। বাৰু, সেইবোৰ যি হওক, দেখিলে হে লেখিম কোন্ কিমানৰ বীৰ। আহক এতিয়া। (দুইৰো প্ৰস্থান)

(শত্ৰুপক্ষক ৰণত হৰুৱাই লাচিত, পানীফুকন, গন্ধৰ্ব্বৰ প্ৰৱেশ )

লাচিত।— শক্ৰ হলেও শলাগিব লগীয়া। ৰামসিংহ এজন বিচক্ষণীয়া বীৰ। তেওঁৰ ৰণ-পাণ্ডিত্য নিশ্চয় প্ৰশংসনীয়। কিন্তু, সেই পাণ্ডিত্যৰ পৰিচয়োপযোগী তেওঁৰ ৰুচি হে মাৰ্জ্জিত নহয়; ই হে দুখৰ বিষয়। যি ৰামসিংহই আহোম স্বৰ্গদেৱৰ আজ্ঞাধীন সেনাপতি এজনকে আজিলৈকে পৰাভূত কৰিব পৰা নাই, সেই ৰামসিংহই এদিন সেই স্বৰ্গদেৱক হতীয়াহতি যুদ্ধলৈ আহ্বান কৰিছিল!

সেই কথা স্বৰ্গদেৱৰ অন্তৰত বৰকৈ লাগিছিল,— লাচিতৰ অন্তৰত প্ৰতিশোধৰ উত্তেজনা জলাইছিল। আজি মোগল ৰণ-বল আমাৰ হাতত বিষমকৈ ক্ষয় হোৱাত ৰামসিংহ হুঁহকি পৰিবলৈ বাধ্য হৈছে, তেওঁৰ দৰ্প খৰ্ব্ব হৈছে। ৰামসিংহৰ দৰ্পচুৰ্ণৰ সূত্ৰপাতৰ সু-সংৱাদ শুনি স্বৰ্গদেৱেও বিমল আনন্দ অনুভৱ কৰিব। ৰামসিংহৰ লগত আজি সহ সংগ্ৰাম কৰি মোৰ ৰণলীপ্সা দুগুণে চৰিছে।

গন্ধৰ্ব্ব।—আমাৰ পক্ষে ই বিশেষ গৌৰৱৰ বিষয়। মোগল জঁয় পৰিছে।

পানী।—ৰণত অসংখ্য শত্ৰু পৰিছে। মোৰ কিন্তু তালৈ বিশেষ লক্ষ্য় নাছিল; মোৰ লক্ষ্য আছিল মোগল সৈন্য সমুলঞ্চে নিপাত কৰিবলৈ। পলৰীয়া সৈন্যবিলাক আগচি আগচি কাটি, মই মোৰ তৰোৱাল ধৰাৰ সাৰ্থকতালৈ চাইছিলোঁ। হওক, আজি তেও মোৰ ৰণলীপ্সা অলপ তৃপ্ত হল, আজি শত্ৰুৰ তেজেৰে ৰণভুমি প্লাবিত কৰি এফেৰি হেঁপাহ পলুৱালোঁ।

লাচিত।—বলা, ইয়াত পলম কৰাৰ সকাম নাই। বলাহঁক, অধিকৃত কোঁঠ দখল কৰি আজিৰ বিজয়বাৰ্ত্তা তুৰন্তে স্বৰ্গদেৱলৈ পঠিয়াওঁগৈ। এই বাৰ্ত্তা ইসদৌ অসমত আজি উলাহ আৰু উৎসাহৰ ঢৌ তুলিব। (সকলোটিৰ প্ৰস্থান)

( ৰামসিংহ, নচৰৎখাঁ, ৰঘুনাথ আৰু অজিতৰ প্ৰৱেশ )

ৰামসিংহ।—ধন্য় বীৰ লাচিত বৰফুকন! ধন্য তোমাৰ ৰণকৌশল! দিল্লীশ্বৰৰ আদেশত ইতিপূৰ্ব্বে বহুবাৰ বহুতো বিচক্ষণীয়া বীৰৰ ৰণ-কৌশল ভেদিব লগীয়া হৈছিল; কিন্তু লাচিতৰ নিচিনা দুৰ্ভেদ্য ৰণ-কৌশল কেতিয়াও মই আগত পোৱা নাছিলোঁ। যি হওক, এইবাৰ মোৰ যুদ্ধযাত্ৰা সাৰ্থক হল। নহলে, লাচিত হেন বীৰৰ লগত লৰি মোৰ ৰণলীপ্সা তৃপ্ত কৰিবলৈ এই জীৱনত এনে সুবিধা নঘটিলহেঁতেন। যিদিনা লাচিতক নিপাতি খোদ্ চক্ৰধ্বজসিংহৰে সৈতে লৰিবলৈ পাম, সেই দিনা হে মোৰ ৰণলীপ্সা

শাম কাটিব,—দেখোঁ কাহানিকৈ সেই দিন আছে।

অজিত।—( স্বৰ্গতঃ ) ধন্য তুমি সেই লাচিত বৰুৱা! ধন্য তোমাৰ ৰাজভক্তি! ধন্য তোমাৰ স্বদেশ-প্ৰেম!

নচৰৎখাঁ।—এই ৰণত আমাৰ সৈন্য-বল বিত্তৰ ক্ষয় হল।—কুৰি হাজাৰৰ ওপৰ হব।

ৰঘুনাথ।—এই একেখন ৰণতে ইয়াৰ আগৰ দুবাৰৰো হিচাব ধৰিলে আমাৰ সৈন্য়ক্ষয় আৰু অনেক বেচি হব!

ৰামসিংহ।—তাত আৰু ভুল নাই; যি হওক, এই বাৰ্তা পাটচাহলৈ দি তুৰন্তে সৈন্যবলৰ যোগান খুজি পঠিয়াব লাগে। সম্প্ৰতি আমি ইয়াৰপৰা আঁতৰি গৈ শৰাইঘাটৰ ওচৰত নতুনকৈ কোঁঠ পাতিবলৈ আয়োজন কৰোঁগৈ,

আহাঁহঁক।

(সকলোটিৰে প্ৰস্থান।

lachit phukan2

।অষ্টম গৰ্ভাঙ্ক।

গড়গাওঁ, ৰজাৰ ভিতৰ-চৰা।

(নৰিয়া-শয্যাত চক্ৰধ্বজ, বৰগোহাঞি, চুন্যতফা, বৰবৰুৱা)

চক্ৰ।— (চাটিফুটি কৰি ) ডাঙৰীয়া!

বৰগোঃ।—( আতুৰ হৈ) স্বৰ্গদেৱ!

চক্ৰ।–সি দুজন ডাঙৰীয়া নাই! বৰফুকনো নাই! মোৰ শেষ-কথা সিবিলাকক শুনাবলৈ নাপালোঁ!

বৰগোঃ।—নাই স্বৰ্গদেৱ, সিবিলাক ৰণক্ষেত্ৰত আছে।

চক্ৰ।—(হুমুনিয়াহ কাঢ়ি) জানিছোঁ। ময়ো ৰণৰ কথাকে হে ভাবিছোঁ, ৰণৰ কথাকেহে কব খুজিছোঁ। কিন্তু, মোৰ শৰীৰৰ অৱস্থা ক্ৰমাৎ বিষম বোধ কৰি আহিছোঁ। ভাই- গোহাঞি চুন্যত্ফা ক’ত?

চুন্যত্।—আছোঁ।

চক্ৰ।—কাষলৈ আহাঁ।

চুন্যত।—(কাষ চাপি) কওক।

চক্ৰ।—মোৰ নৰিয়া ক্ৰমাৎ সাংঘাতিক হৈ উঠিছে, গতিক বিষম। মোৰ অন্তিম কাল ওচৰ চাপিলহি। তোমাক মোৰ শেষ-কথা কৈ যাবৰ সময় পাইছেহি।

চুন্যত।—(চকুলো টুকি) কিয় কয় তেনে কথা? বেজবৰুৱাই সোনকালে আৰোগ্য হব বুলি কৈ, নতুন ঔষধ আনিবলৈ গৈছে।

চক্ৰ।—নহয়, কবই লাগিব মোৰ শেষ-কথা। ইচ্ছাময়ৰ ইচ্ছাৰ আগত তোমাৰ মোৰ ইচ্ছাই ঠাৱৰিব নোৱাৰে। নহলে, মোৰ কবলগীয়া কথা কোৱা নহবগৈও পাৰে।

চুন্যত্।—( চকুলো টুকি) বাৰু, কওক। শুনিছোঁ।

চক্ৰ।—শুনি ভালকৈ মনত ৰাখিবাঁ। আৰু, তাক কাৰ্য্য়ত লগাবলৈ এফেৰিও ক্ৰটী নকৰিবাঁ।

চুন্যত।—(তলমূৰকৈ) নকৰোঁ ক্ৰটী।

চক্ৰ।—বাৰু, তেন্তে শুনা। ডাঙৰীয়ায়ো শুনিবাঁ। বৰবৰুৱায়ো মন কৰিবাঁ।

বঃ গোঃ আৰু বঃ বঃ। -শুনিছো স্বৰ্গদেৱ, কওক।

চক্ৰ।—মোৰ জীৱনৰ মহৎ উদ্দেশ্য কি আছিল, তোমালোকে অৱশ্য়ে জানা। জানি, সেই উদ্দেশ্য সিদ্ধিৰ অৰ্থে যত্নও কৰিছাহঁক।

বৰবৰুৱা।—জানো স্বৰ্গদেৱ, বেচকৈ জানো।

চক্ৰ।—মই তথাপি কওঁ, শুনাহঁক। মোৰ ভাই, তোমালোকৰ ভাবী ৰজায়ো শুনিব লাগে। শুনি, সেই উদ্দেশ্য সিদ্ধি কৰিবলৈ প্ৰাণপণে যত্ন কৰিব লাগিব।

চুন্যত,। (সুস্থিৰ হৈ) যত্নৰ এফেৰিও ক্ৰটী নহব, কওক।

চক্ৰ।—মই ৰাজপাটত উঠিবৰ দিন ধৰি মোৰ প্ৰাণৰ ধাউতি আছিল। মুছলমানৰ হাতৰপৰা মোৰ ৰাজ্যৰ মহাতীৰ্থস্থান কামাখ্যাপীঠ কেনেকৈ পুনৰুদ্ধাৰ কৰোঁ; আৰু মোৰ প্ৰাণৰ প্ৰধান লক্ষ্য আছিল, মোৰ কামপীঠৰ প্ৰজাবৃন্দক মোগলৰ গৰাহৰপৰা কাহানিকৈ উদ্ধাৰি লওঁ। এয়ে চলিত ৰণৰ মুখ্য় উদ্দেশ্য়, মোৰ জীৱনৰ প্ৰধান লক্ষ্য।

বৰগোহাঞি ডাঃ।—হৈছে, স্বৰ্গদেৱ! আমৰ বুজিবলৈ আৰু বাকী নাই। বোধ কৰোঁ, যুৱৰাজেও বুজিবলৈ বাকী ৰব নাপায়।

চক্ৰ।—আৰু, মোগলৰাজক চই পেচ্কচ্ শোধোৱাৰ নিয়ম ৰহিত কৰি, মোৰ জুৰুলা প্ৰজাৰ অৱস্থা টনকিয়াল কৰাটো বৰ্তমান যুদ্ধৰ অন্যতম উদ্দেশ্য। এই কেইবিধ প্ৰধান লক্ষ্য ধৰিয়েই মোগলৰ লগত চলিত তুমুল ৰণ পাতি লোৱা হৈছে। কিন্তু, দুখৰ বিষয়, তাৰ সামৰণি দেখিবলৈ নাপাম হবলা!

বৰবৰুৱা।—নকৰ তেনে কথা, স্বৰ্গদেৱ! ইচ্ছাময়ৰ ইচ্ছাৰ তত্ব পায় কোনে!

চক্ৰ।—বাৰু, তথাপি কৈ থলো; মনত ৰাখিবাহঁক, মোৰ বিহনে যেন মোৰ মহৎ উদ্দেশ্য বিফল নহয়।

চুন্যত্।—(স্থিৰ-গম্ভীৰ স্বৰেৰে) নিশ্চয় বিফল নহব।

চক্ৰ।—( হৃষ্ট চিত্তেৰে) ধন্য তুমি! ধন্য মই !ধন্য মোৰ ডাঙৰীয়া-. বিষয়াসকল!—এয়ে মোৰ মৰণ-সুখ। এই সুখ লাভত শঙ্কা নাই; তোমাসৱ উপস্থিত কেইজনৰ অশ্বাসত মোৰ সম্পূৰ্ণ বিশ্বাস হৈছে। ৰণক্ষেত্ৰত থকা ডাঙৰীয়া বিষয়াসকলৰ ওপৰতো মোৰ অটল বিশ্বাস। বিশেষকৈ, বৰফুকন লাচিতৰ বীৰত্বত মোৰ সুদৃঢ় ভাৰসা। লাচিত এজন অসামান্য বীৰ। মহাবীৰ লাচিতৰ হাতত মোৰ উদ্দেশ্য আৰু গৌৰৱ ৰক্ষা পৰিব। ঈশ্বৰ আমাৰ সহায় হব!

Lachit Phukan1

।৩য়, অঙ্কপাত।

। জিৰণিৰ পটক্ষেপণ।

৪। অঙ্ক।

।প্ৰথম গৰ্ভাঙ্ক।

গড়গাওঁ,–ৰজাৰ বৰচৰা।

( উদয়াদিত্য, বৰগোহাঞি বৰবৰুৱা, খাৰঘৰীয়া ফুকন)

উদয়।—মোগলৰ লগত আমাৰ যি মহাৰণ এতিয়া চলিব লাগিছে, তাৰ মূলত আমাৰ পূৰ্ব্ববৰ্তী চলা-জনা স্বৰ্গদেৱ আছিল; দুখৰ বিষয়, সেই ৰণৰ সামৰণি দেখিবলৈ নৌ পাওঁতেই ত’ত নিজৰ জীৱন-লীলা সামৰি স্বৰ্গযাত্ৰা কৰিব লগীয়া হল! পুৰ্ব্বাপৰ প্ৰচলিত ৰীতি অনুসৰি, আমি আহোম ৰাজপাটত উঠি অসম ৰাজ্য শাসন আৰু অসমীয়া প্ৰজা পালন কৰিব লগাত পৰিছোঁ; আৰু আমি সেই গুৰুতৰ কাৰ্য্যৰ ভাৰ গ্ৰহণ কৰিয়েই ইতিপুৰ্ব্বৰ পৰা চলি থকা মহাৰণ চলাব লগাত পৰিছোঁ। এই ৰণৰ সামৰণি চলা জনা ৰজাদেৱে কি দৰে মাৰিলেহেঁতেন, সেইটো অৱশ্যে কব নোৱাৰি, তথাপি এই ৰণত সম্পূৰ্ণ জয় লাভেই যে তেৰাৰ লক্ষ্য আছিল তাত সন্দেহ নাই। এতেকে, আমিও সেই লক্ষ্যকে স্থিৰ কৰি ধৰা হে যুগুত।

বৰগোহাঞি ডাঃ।— ইয়াত আৰু দ্বিধামত কি হব পাৰে?

উদয়।— কিন্তু, বৰফুকনে বাৰ্ত্তা দিছে যে, মোগলৰ ঘাই সেনাপতি ৰামসিংহই সন্ধিৰ প্ৰস্তাব তুলিছে; আমাৰপৰা তেওঁ সেই বিষয়ে আদেশ আৰু উপদেশ পাবলৈ বাট চাই আছে।

বৰবৰুৱা |—আমাৰ জিতত প্ৰস্তাব ৰাখি সন্ধি কৰিব পাৰিলে, বোধ কৰোঁ বেয়া নহয়; তেনেহলে দেশত সোনকালে শান্তি স্থাপিত হব।

খাৰঘৰীয়া ফুকন।—মোৰ বোধেৰে হলে, শত্ৰুপক্ষ দুৰ্ব্বল হৈ পৰিব পায়, কিয়নো যোৱা কেইখন ৰণত বিপক্ষৰ সৈন্য় আৰু খাৰ-গুলী আদি ৰণবল

বিস্তৰ ক্ষয় হৈছে। সেই কাৰণে হে, সম্ভৱতঃ, সন্ধিৰ প্ৰস্তাব উঠিছে।

বৰগোহাঞি |—তাত সন্দেহ নাই। কিয়নো, সন্ধিৰ প্ৰস্তাৱ সিপক্ষৰপৰা আগধৰি উঠিছে যেতিয়া, সিপক্ষ নিশ্চয় টানত পৰিছে।

উদয়।—এনে অৱস্থাত সন্ধিৰ প্ৰস্তাব গ্ৰহণ কৰা বাঞ্ছনীয় নহয়। এতেকে, বৰফুকনলৈ তুৰন্তে সংবাদ যাব লাগে যে, সদ্যহতে ৰণ চলি থাওক, আমি সন্ধিৰ প্ৰস্তাব বিবেচনাৰ ভিতৰত লৈছোঁ।

খাঃ ফুকন।—অতি উত্তম সিদ্ধান্ত।

উদয়।— কিন্তু, বৰফুকনে ইয়াকো কৈছে যে, শত্ৰুপক্ষৰ নতুন ৰণবলৰ যোগান অলপতে আহি পোৱাৰ সম্ভাৱনা দেখা গৈছে। এতেকে, আমাৰ বোধেৰে, আমাৰে নতুন ৰণবলৰ যোগান যোৱা বিধেয়। আগৰ দিহা মতে বৰগোহাঞি ডাঙৰীয়া অনতিপলমে সসৈন্য়ে গুৱাহাটীলৈ যাত্ৰা কৰিব লাগে। ইফালে খাৰ-গুলী, অস্ত্ৰ-শস্ত্ৰ আদি আগতকৈও বহুল আয়োজনেৰে প্ৰস্তুত হৈ থাওক। বৰবৰুৱাৰ গাত নগৰ ৰক্ষাৰ আৰু খাৰঘৰীয়া ফুকনৰ গাত খাৰ- গুলী যোগানৰ ভাৰ থাকিল। যোৱাহঁক, নিজ নিজ কৰ্ত্তব্যত ধৰাঁগৈ।

(সকলোৰে প্ৰস্থান)

।দ্বিতীয় গৰ্ভাঙ্ক।

গুৱাহাটী,—আহোম-কোঁঠ।

(লাচিত, বুঢ়াগোহাঞি ডাঙৰীয়া, পানীফুকন, ৰাজখোৱা, গন্ধৰ্ব্বনাৰায়ণ, চন্দ্ৰনাৰায়ণ, মাধৱচৰণ)

লাচিত।—বাঁহবাৰী, কাঁজলীমুখ, পাণ্ডু, মনাহামুখ, আগীয়াঠুঁটি, চিতামাৰি, দৰং এই সকলোপিনে ঘাটি মোগল সেনাই এতিয়া মৰোজীওকৈ গুৱাহাটী আক্ৰমণ কৰিবৰ অভিপ্ৰায়ে আগয়াঠুঁটিৰ উত্তৰ-পছিমত খুপ্ খাইছেহি।

ইতিমধ্যত দিল্লীৰপৰা মোগলৰ বহুসংখ্যক সৈন্য চৰিপখাঁ নামেৰে সেনাপতি নেতৃত্বত আহি ৰামসিংহৰ সৈন্যবলৰ লগত যোগ হৈছে। গতিকে, শত্ৰুপক্ষ এই কোবত সৈন্যবলেৰে আকৌ আগৰ দৰে টনকিয়াল হৈ উঠিছে; মই বুজিব পাৰিছোঁ, সিবিলাকৰ আয়োজন এইবাৰ বিশেষ। এতেকে, আমিও সেই অনুপাতে সাজু হোৱা উচিত।

বুঢ়াগোহাঞি।— নিতান্ত উচিত।

লাচিত।—ভাল, (দিহাকৰণ-কাকত পঢ়ি):-এতিয়া আমাৰ ৰণৰ ঘাইকৈ চাৰি ভাগে ভগাই কাৰ্য্যক্ষেত্ৰত আমি অটলভাৱে নামিবগৈ লাগে যেনে, প্ৰথম ভাগত, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে,অমৰাজুৰিৰপৰা পাণ্ডুলৈকে আপুনি স্বয়ং; থহোৱা বুৰঞ্জৰপৰা কামাখ্যাৰ পছিম খটখটীলৈকে দৈয়ঙ্গীয় ৰাজখোৱা; দুৱাৰগৰিলাত লাটুম বৰুৱা; পাৰঘোপাৰপৰা ধেনুখিৰোৱালৈকে বাৰুকিয়াল বৰগোহাঞি; গোটা আলিৰপৰা অসুৰৰ আলিৰ মূৰলৈকে নেওগ হাজৰিকা; অসুৰৰ আলিত কমলাবৰীয়া গোহাঞি; অসুৰৰ আলিৰ দক্ষিণ পৰ্ব্বতত মৰঙ্গিখোৱা বৰচেটীয়া; উষাহৰণ পৰ্ব্বতত জাতিচন্দন গোহাঞি; ওভোতাশিমলুৰ বাটত চক্ৰপাণি ৰাজখোৱা। এই অনুক্ৰমে সসৈন্যে কৰ্মচাৰী নিয়োজিত হৈ, প্ৰতি বাৰবেওঁৱে একোটা বৰতোপ পতা হব লাগে।

বৰগোহাঞি।—ভাল, এই দিহা মতে নিজে চলিবলৈ আৰু আনকো চলাবলৈ প্ৰাণপণে যত্ন কৰা হব।

লাচিত।— (দিহাকৰণ-আঁচনি পঢ়ি) দ্বিতীয় ভাগত, ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে, বুঢ়াগোহাঞি ডাঙৰীয়াই এই অনুক্ৰমে দিহা লগাবঃ— যেনে জুৰিয়াৰপৰা শৰাইঘাটলৈকে সেন গোহাঞি ৰাজখোৱা , শৰাইঘাটত মাজিউ অভয়পুৰীয়া ৰাজখোৱা; কেকুৰিৰপৰা লঠিয়ালৈকে সৰু অভয়পুৰীয়া ৰাজখোৱা; লঠিয় পৰ্ব্বতত ডাঙৰীয়া স্বয়ং; লঠিয়াৰপৰা চিলাপৰ্ব্বতলৈকে মিৰি সন্দিকৈ ফুকন। সেন্দুৰীঘোপাৰপৰা খাৰঘৰীয়া আলিলৈকে দিহিঙ্গীয়া ৰাজখোৱা; ৰংমহলত পেলন চাৰিঙ্গীয়া ফুকন, ৰংমহলৰপৰা কানাই-বৰশীবোৱা শিললৈকে ধলা গোহাঞি ৰাজখোৱা; চাহবুৰঞ্জত ৰূপ সন্দিকৈ; কুৰুৱাত বৰপাত্ৰগোহাঞি ডাঙৰীয়া। এই নিৰ্ব্বাচন মতে বিষয়া-বিভাগ হৈ ঠায়ে ঠায়ে কোঁঠ পাতিব আৰু প্ৰতি বাৰ বেওঁৱে একোটা বৰতোপ বহুৱাব।

বুঢ়াগোহাঞি।—কোনো কথা নাই; মোৰ জিম্মাত পৰাখিনিত বৰসেনাপতিৰ দিহাকৰণ পৰিপাটিকৈ পালন কৰোৱা যাব।

লাচিত।— (পানীফুকনৰ প্ৰতি) তৃতীয় ভাগত, ব্ৰহ্মপুত্ৰৰ পানীৰ ভাগত,উত্তৰ পাৰে দিহিঙ্গীয়া ৰাজখোৱা আৰু বুঢ়াগোহাঞি ফুকন; দক্ষিণ পাৰে টঙ্গচু ৰাজখোৱা আৰু কলষ্ণু নেওগে ৰণতৰীৰ গতি-বিধিৰ ওপৰত লক্ষ্য ৰাখিব; আৰু তোমাক এই বিভাগত অধ্যক্ষ পতা হল।

পানীফুকন।—ডাঙৰীয়াৰ আজ্ঞা শিৰোধাৰ্য্য়। এই দিহাকৰণ প্ৰাণপণে পালন কৰা হব। দেহত এই প্ৰাণ থাকে মানে মোগলে পানীয়ে দি বাট নাপায়।

লাচিত।—চতুৰ্থ ভাগত, মই নিজে গন্ধৰ্ব্বনাৰায়ণৰে সৈতে ইটাখুলীৰ নামনিত ৰৈ, তাৰপৰা সকলোৰে কাৰ্য্যৰ ওপৰত দৃষ্টি ৰাখিম।

বুঢ়াগোহাঞি।—অতি উত্তম দিহকৰণ হৈছে। এই দিহা নিয়াৰিকৈ পালন কৰিব পাৰিলেই যে আমাৰ জয়লাভ হব তাত সন্দেহ নাই।

লাচিত।—এইবোৰৰ আটাইতকৈ আগেয়ে, এতিয়া ভাবিব লগীয়া কথা হৈছে যে, কাইলৈ পুৱাতে মোগলৰ অশ্বাৰোহী আৰু পদাতিক দুইবিধ সৈন্যেৰে দুজন সেনাপতিয়ে অগয়াঠুঁটিৰপৰা বামে গুৱাহাটীলৈ এটা চোঁচা লব; আৰু তাৰ ওপৰতে গুৱাহাটী যোৱা থকাই ঘাইকৈ নিৰ্ভৰ কৰিছে। সেই কাৰণে, সেই আগন্তুক আক্ৰমণ আদবাটতে ওফৰাবৰ অৰ্থে, মাজবাটতে আমাৰ এটা গড় বন্ধোৱাৰ অত্যন্ত অৱশ্য়ক হৈছে। সেই গড় আৰু গড় খাৱৈ আজি ৰাতিৰ ভিতৰতে হৈ নুঠিলেই নহয়। (মোমাইদেৱাকৰ প্ৰতি) সেই কাৰ্য্যৰ ভাৰ আমাৰ মোমাইদেউৰ গাতে দিয়া হল। কিন্তু মনত ৰাখিব, ৰাতি নৌ পুৱাওঁতেই গড় ওলাব লাগে; নহলে সৰ্ব্বনাশ!

মোমাই।—ভাল, ভাৰ পৰিছে যেতিয়া লবই লাগিব, কৰিবই লাগিব।

লাচিত।—মোগলৰ আগন্তুক আক্ৰমণ ওফৰাবৰ অৰ্থে এয়ে আমাৰ আগলি দিহাকৰণ। ইয়াৰ যেন ব্যতিক্ৰম নঘটে; আৰু সেই দিহা প্ৰত্যেকে মনত ৰাখি যেন এতিয়া নিজ নিজ কৰ্ত্তব্যত মনোযোগ দিয়েগৈ।

পানীফুকন।—যাওঁ, নিজ কৰ্ত্তব্যলৈ সাজু হওঁগৈ। কিন্তু, বৰসেনাপতি ডাঙৰীয়াৰ দিহা মতে আজিৰ ৰাতিৰ ভিতৰতে আগীয়াঠুঁটি আৰু গুৱাহাটীৰ মাজত গড়টো হৈ নুঠেগৈ যদি হে সকলো ভ্ৰষ্ট! তেনেহলে আমি বাকীবিলাকে নিজ নিজ কৰ্ত্তব্যত অগ্ৰসৰ হোৱাৰপৰা বিশেষ ফল নধৰিব। কিয়নো, এই দিহাকৰণ গুৱাহাটী ৰক্ষাৰ নিমিত্তে হে।

লাচিত।—স্বৰূপ কৈছাঁ, এই দিহাকৰণ গুৱাহাটী ৰক্ষাৰ নিমিত্তে হে। ৰাতিৰ ভিতৰত গড় হৈ নুঠিলে কিন্তু সকলো পণ্ড! গতিকে, এই কাৰ্য্যৰ ওপৰত মোৰ চোকা দৃষ্টি থাকিব। ৰাতিৰ ভিতৰত গড় উলিয়াবই লাগিব। এতিয়া আৰু পলম কৰাৰ সকাম নাই, সকলোৱে নিজৰ নিজৰ কৰ্ত্তব্যত ধৰিবগৈ হে লাগে।

সকলোৱে।—জয় স্বৰ্গদেৱৰ জয়! জয় লাচিত বৰফুকনৰ জয়!

(সকলোৰে দিহাদিহি প্ৰস্থান)

Lachit Phukan 1

। তৃতীয় গৰ্ভাঙ্ক।

গুৱাহাটী,⸺কামাখ্যা দেৱালয়ৰ সমূখ।

(মাধৱচৰণ আৰু নৰ্ত্তম গণক)

মাধৱ।—আজিচোন তল-ওপৰ। আটাইবিলাক উৰুলীকৃত!⸺এ ৰাম! যোৱা গৈছে, অহা আহিছে,—যেন লানিনিছিগা পৰুৱা হে! হৈছে কি?

নৰ্ত্তম।—হৈছে কি!—তাকো নাজানা নে?

মাধৱ।—এঃ, নাজানো দেখি তো সুধিছোঁ! জানিলে হবলা সোধে? তুমি তো ভোঁ-ভোঁ পণ্ডিত দেখিছোঁ! বাৰু, কোৱাঁচোঁ কি হৈছে? কিহৰ উৎসৰ এইখন?

নৰ্ত্তম।—তাকে তো কৈছোঁ, বোলো, আজি কামাখ্যা মাইৰ পীঠত ম’হ বলি পৰিছে বুলি নাজানা হবলা?

মাধৱ।—উঃ, সেই একেটা কথাকে নেৰে! জানিলে নো সুধিম কিয়, ইয়াৰো বোধ নাই নে?—তুমি পণ্ডিত নে মুৰ্খ? দেখাত হলে ভোঁ-ভোঁ,— বিঙ্গিত লগুণ, কপালত ফোঁট, কাষলতি-তলত পুথি, হাতত পাঁজি-গোটেই বিচক্ষণ পণ্ডিতৰ লক্ষণ!

নৰ্ত্তম।— (খঙ্গত জলি উঠি) পণ্ডিত নহয়, মূৰ্খ নে কি? ৰাজ-গণক কেতিয়াবা কোনোবা দেশত মূৰ্খ হব পাৰে নে?

মাধৱ।—(স্বগতঃ) অ, বুজিলোঁ, এৱোঁ আমাৰ সেই ৰণৰ ক্ষণ গণা গণকৰে এজন। ভালেই হৈছে, সুবিধাকৈ পোৱা গৈছে। এই ছেগত মোৰ গুপ্ত ফন্দটো এফেৰি খেও খুৱাই লবলৈ বেচ চল লাগিছে। ( ফুটাই ) বোলোঁ, খং নকৰিবাচোন, কথাটো হে কৈছোঁ। বামুণ-দৈবজ্ঞৰ দৰে টিকনিৰ আগতে খং এওঁৰো! বাৰু, যাওক সেইবোৰ কথা, কোৱাচোঁ কাৰ বলি? কোনে দিছে?

নৰ্ত্তম।—কিয়? নাজানাঁ?’—আমাৰ ৰাইজৰ বলি। আমি সদৌ প্ৰজাবৃন্দে মিলি দিছোঁ।

মাধৱ।—কাৰ হৈ? কি উদ্দেশে?

নৰ্ত্তম।—কিয়, আমাৰ ৰজাৰ হৈ। আমাৰ আহোমৰাজে কামপীঠৰ অসমীয়া প্ৰজাক মোগলৰ হাতৰপৰা উদ্ধাৰ কৰিবলৈ ৰণ দিছে। সেই মহাৰণত আমাৰ স্বৰ্গদেৱৰ জয় হব লাগে, মোগল-ৰাজৰ হাতৰপৰা কামপীঠ উদ্ধাৰ হব লাগে, সেই উদ্দেশ্য়ে বলি দিয়া হৈছে।

মাধৱ।-ভাল হৈছে। কিন্তু, পঠা-বলি পৰা হলে জানিবা আমাৰ উদৰ- ৰাজো আলহী হব পাৰিলেহেঁতেন। পিচে, এতিয়া ম’হ হে বলি নালাগে নৰবলিকে দিয়াহঁক, তাত আমাৰ হৰিষো নাই বিষাদো নাই।

নৰ্ত্তম।-ছিঃ! পায় নে তেনেকৈ কব? বলি হবলা মানুহে খাবলৈ হে দিয়ে? কটা, কেনে আপদীয়া মানুহঔ এইটো!

মাধৱ।-কিয়, বলি মানুহে খোৱা তুমি দেখা নাই নে? ম’হ নহৈ পঠা হোৱা হলে, তোমাতে দেখা গলহেঁতেন, খালাহেঁতেন নে নাকৰ তলে গুজিলাহেঁতেন।

নৰ্ত্তম।-কিনো অবুজনঔ। বোলোঁ, আমি যেতিয়া খাওঁ তেতিয়া সি বলি নহয়, —তেতিয়া ভোগ,—প্ৰসাদ।

মাধৱ।-বাৰু, বাৰু, তোমাৰেই জয়। তেওতো সি এই পেট–পূজাৰ বস্তু? প্ৰসাদেই হওক, বা পঠাই হওক, বা পঞ্চমকাৰৰ এক মকাৰেই হওক, তাৰে তো আমিসৱৰ পেট-পূজা কৰা যায়? ইস্, ইস্, এৰি পেলাওঁ সেইবোৰ কথা দেও, জিভাৰ পানী ওলাই আহে।

নৰ্ত্তম।-উঃ, কটা কেনে লুভীয়া মানুহঔ এইটো!

মাধৱ।-সঁচা, লুভীয়া তো। ই মানুহৰ ধৰ্ম্ম। ময়ো মানুহ, সেই দেখি মানুহৰ ধৰ্ম্ম ৰক্ষা কৰিছোঁ। লোভ, পাপ আৰু মৃত্যু এই তিনি লৈয়ে সংসাৰ। নাজানা নে, শাস্ত্ৰত কৈছে, “লোভে পাপ, পাপে মৃত্যু”; ইয়াত বাজে আৰু আছে কি? বাৰু, ভাবি চোৱাঁ, লোভত নপৰা কোন আছে?— মোৰ জানিবা মাংসলৈ মনত পৰি লোভ লাগিছে; তোমাৰ হয়তো ধনলৈ মনত পৰিলে লোভ লাগিব।—নহয় জানো?

নৰ্ত্তম।-এৰা, হওঁতে হয়। পিচে, আমাক ধনৰ লোভ লগাওঁতা আছে কোন্ দেও! নিচলা গণকক গণিতা কৰে কোনে!

মাধৱ।—ময়েচোন গণিতা কৰোঁ; ময়েচোন সেই লাভ দেখুৱাব পাৰোঁ।

নৰ্ত্তম।—(ৰংমুৱা হৈ) দেখুৱাচোঁ বাৰু, চাওঁ।

মাধৱ।-বাৰু, দেখুৱাওঁ; তাৰ আগেয়ে শুনাঁঃ— তুমি বাৰু ৰণৰ ক্ষণ গণনা কৰ দলত আছাঁ নে নাই? এইটো কাৰ বাব?—দৈৱজ্ঞৰ নে গণকৰ?

নৰ্ত্তম।-ওঁ, আছোঁ; ময়ে গণোঁ। এইটো গণকৰ বাব।

মাধৱ।—পিচে, সেয়ে ধন। সেয়ে মোনা-ভৰা ধন দিব পাৰে।

নৰ্ত্তম।- কেনেকৈ, কেনেকৈ? কোৱাচোঁ, কোৱাঁ।

মাধৱ।-তুমি ৰণৰ ক্ষণটো সময়ত পলমাই ধৰিব নোৱাৰিবাঁ নে?

নৰ্ত্তম।-পাৰিম। কিয় নোৱাৰিম। কি বৰ টান কথাটো।

মাধৱ।-বাৰু তেন্তে। যাওঁ বলাঁ এতিয়া। সেই কাৰ্য্যই তোমাক কোঁচ-ভৰাই ধন দিব। মই কলোঁ, মনত ৰাখিবাঁ। আহাঁ, আঁতৰি নিজানত বহোঁগৈ; এই বিষয়ে আৰু বহুত কথা কবলৈ আছে। (স্বগতঃ) হুঁঃ এইবাৰ বহালোঁ! বুঢ়াৰ হাতত চেঙ্গেলী! মোৰ প্ৰভূৰ বন হে হয়?

(দুইৰো প্ৰস্থান)

  • •••••••••••••••
lachit1 1

। চতুৰ্থ গৰ্ভাঙ্ক ।

গুৱাহাটী আৰু আগীয়াঠুঁটিৰ মাজবাট, —মোমাইকটা গড়।

সময়,-শেহ-নিশা।

(কাঁড়ী-পাইকবিলাকে উশাহশুদ্ধি নোহোৱাকৈ খাটিও গড় উলিয়াব নোৱাৰি লাৱেজান হৈ পৰি গৈছে; বৰফুকনৰ মোবাইদেৱাক চিন্তাযুক্ত হৈ মূৰে-কপালে হাত দি বহি আছে!)

মোমাই-এতিয়াও গড়ৰ কাম তিনিভাগৰ এভাগ বাকী। মানুহ একেৰাহে খাটি হাইৰাণ হল; অৱশ হৈ পৰি গৈছে। এতিয়া গড় উলিয়াওঁ কেনেকৈ? কি কৰোঁ! কি উপায় হব! এই মানুহৰে সৈতে আজি ৰাতি নৌ পুৱাওঁতে হে নালাগে, কাইলৈ দিনটো খাটিও গড় উলিয়াব পৰাটো টান দেখিছোঁ। পিচে, কি হব এতিয়া? ভাগিন বৰফুকনে কি বুলিবহি এতিয়া। তেওঁ শেহ-ৰাতি গড় চাবলৈ আহিবৰ কথা আছে। আহিলে কি কম তেওঁক! (টলকা মাৰি ৰয়) অ, সৌৱা, ওলালেহিয়েই!-

(চঁকখাই উঠে।)

(লাচিত আৰু গন্ধৰ্ব্বৰ প্ৰৱেশ)

লাচিত -ক, মোমাইদেউ, গড় ওলাল নে? মানুহবিলাক দেখোন। শুই পৰিছে! তুমি বহি চাই আছাঁ!

মোমাই -এ, কিনো কম বোপা-ডাঙৰীয়া? উশাহশুদ্ধি নোহাৱাকৈ কাম কৰি কৰি মানুহ হাইৰাণ হল; জুমে-জুমে অৱশ হৈ ঢলি ঢলি পৰিছে।

লাচিত -পিচে? ৰাতিপুৱাবলৈ তো আৰু বেচি পলম নাই?

মোমাই।-এৰা, বেচি পলম নাই। সেই দেখি হে গুণি-ভাবি বিমোৰ হৈছোঁ।

লাচিত।-এতিয়াও গুণিবৰ পৰ আছে নে? ই গণনাৰ ফল নহয়, কাৰ্য্যৰ হে ফল। সেই ফলৰ ওপৰতে আজি মোৰ দেশৰ গৌৰৱ!

মোমাই।—বুজিছোঁ ময়োঁ। বুজি হে প্ৰাণটাঁকি লাগিছোঁ। শক্তিয়ে আটিছেমানে খাটিছোঁ; দেখোঁ কি হয়।

লাচিত।—দেখিবা কি? ৰাতিৰ ভিতৰতে গড় উলিয়াই দেখুৱাবই লাগিব, নহলে, ৰক্ষা নাই!

মোমাই।-দেখুৱাব পাৰিলে তো ভাগ্যৰ কথা। পিচে, মনৰ সমান কামে বেগাব পাৰিলে হে হয়। কালি দুপৰৰপৰা ক্ষন্তেক বিৰতি নোলোৱাকৈ খাটিছোঁ। খাটি খাটি গড়ৰ তিনি ভাগ উলিয়াইছোঁ ইমান পৰে। এতিয়াও এভাগ বাকী। ৰাতিপুৱাবলৈ আছেগৈ মাথোন আৰু এপৰ। কি কৰোঁ, বিবুদ্ধি!

লাচিত।—কি! গড় ওলাবলৈ এতিয়াও তিনিভাগৰ এভাগ বাকী। ‘ (ততালিকে খাপৰপৰা তৰোৱাল উলিয়াই একেঘাপে মোমায়েকক দোছো কৰে?

কাঁড়ীবিলাক।-(মূৰ দাঙ্গি চাই বিস্ময় মানি লৰালৰিকৈ উঠে)

গন্ধৰ্ব্ব।-ইস! ইস! ইস্! (তধা লাগি ৰয় )

লাচিত।-(ৰাঙ্গলী তৰোৱাল জোকাৰি উত্ৰাৱল হৈ) ইস্ বুলিছাঁ?- মোৰ দেশতকৈ মোৰ মোমাই ডাঙৰ হব নোৱাৰে। এই ৰাতিৰ ভিতৰত গড় নোলালে ইয়াত কাকো জীয়াই নথওঁ আজি!

গন্ধৰ্ব্ব।-উঠ্ উঠ্, কাঁড়ীহঁত। চা, চা, মোমায়েককে কাটিলে! তহঁত কোন্ কূটা। উঠ্, উঠ্, উঠ্‌হঁক। কোৰ ল। পাৰ্চী ল। চাঙ্গী ল। (আটাইবিলাক উঠি আকৌ চতুৰ্গুণ উৎসাহেৰে গড়ৰ কামত ধৰেগৈ )

লাচিত।-গড়ৰ কাম বাকীছোৱাৰ ভাৰ গন্ধৰ্ব্বৰ ওপৰত পৰিল। ৰাতি নৌ পুৱাওঁতেই গড় ওলাব লাগিব। মই ঠিক সময়ত আকৌ ওলামহি। আকৌ যেন তৰোৱাল তেজেৰে ৰাঙলী হবলগীয়া নহয়।

গন্ধৰ্ব্ব।-ৰাতিৰ ভিতৰতে গড় নিশ্চয় উলিয়াম। চিন্তা নাই; আপুনি নিশ্চিন্তে অন্য চিন্তাত ধৰকগৈ।

লাচিত।-অন্য চিন্তালৈ আৰু সময় নাই। এই চিন্তাই ৰাতি নুপুৱায়- মানে;-গড় নোলায়মানে। তুমি যোৱাঁ, কাম আগুৱাই নিয়াঁ। মই পিচৰ পৰা পৰীক্ষা কৰি আহি থাকোঁ। (লাচিত উভতি গড়ৰ গুৰিছোৱা চাবলৈ

যায়; গন্ধৰ্ব্বই ধুমাধুমিকৈ কাম কৰায়)

(লাচিতৰ প্ৰস্থান)

গন্ধৰ্ব্ব।-লাগ, ৰাইজহঁত, প্ৰাণটাকি লাগি যাহঁত। আমাৰ দেশ অসমে আজি প্ৰতি অসমীয়াৰপৰা কাম বিচাৰিছে। (ধুমাধুমিকৈ গড়ৰ কাম চলে)

লাচিত।-(পুৱতীনিশা পুনঃ প্ৰৱেশ) কি, গন্ধৰ্ব্ব! গড় ওলাল নে?

গন্ধৰ্ব্ব।-(হৰ্ষচিত্তেৰে) ওলাল, ডাঙৰীয়া! এই মাত্ৰ উলিয়াই উঠিছোঁ।

লাচিত।-(গন্ধৰ্ব্বক সাবটি ধৰি) ধন্য তুমি! ধন্য তোমাৰ কৰ্ত্তব্য- জ্ঞান! তুমি আজি মোৰ প্ৰাণৰ উদ্দেশ্য সিদ্ধি কৰিলাঁ। কি দিম তোমাক? যথাসময়ত ইয়াৰ বাবে যথাযোগ্য বঁটা পাবা। নিশ্চিন্ত হলো মই। (তৰোৱাল জোকাৰি) আহক মোগল; চাপি আহক। ইয়াতে যৱনক সমুলঞ্চে নিপাত কৰি মোৰ “মোমাই-কটা-গড় তৰ্পণ” কৰিম।

(সকলোৰে প্ৰস্থান)

Lachit

পঞ্চম গৰ্ভাঙ্ক

শৰাইঘাটৰ ভাটী,-মোগল-কোঁঠ।

(ৰামসিংহ, চৰিপ্‌খাঁ, পণ্ডিতৰায় আৰু অজিতচিং)

ৰামসিংহ -(চৰিপ্‌খাঁৰ প্ৰতি) তুমি যাত্ৰা কৰিবৰ সময়ত পাটচাহৰ লগত অৱশ্যে সাক্ষাৎ হৈছিল?

চৰিপ্- হৈছিল। কিন্তু, পাটচাহ বৰ ব্যস্ত আছিল। অকল পাটচাহ কিয়, সেই কেদিন গোটেই দিল্লী চহৰ তল-ওপৰ হৈছিল।

পণ্ডিতৰায়–কিয়? কিবা দুৰ্ঘটনা হৈছিল নে কি?

চৰিপ্ -দুৰ্ঘটনা নহয়, সু-ঘটনা হে। আনন্দত হে তল-ওপৰ হৈছিল। চাহাজাদা মহম্মদ আজমৰ বিয়া হৈ গল নহয়,-শুনা নাই?

অজিত—ওঁঃ, নাই শুনা! কাৰে সৈতে বিয়া হল?

চৰিপ্ -সেই আহোম ৰাজকুমাৰী ৰমণী গাভৰুৰে সৈতে।

অজিত – ৰমণী গাভৰুৰে সৈতে বিয়া! বেচ, হওক। (লুকুৱাই হাঁহে) ৰমণী চাগৈ এতিয়া যুৱৰাণী হল; তেওঁৰ বৰ ভাগ্য!

ৰামসিংহ -বাৰু, সেইবোৰ কথা এতিয়া এৰাঁ; পাচত আৰু সৈন্য আহিব লগীয়া আছে নে নাই?

চৰিপ্ —ক’তা, মোক সেই বিষয়ে পাটচাহে একো কোৱা নাই; লাগিলেই বোধ কৰোঁ পঠিয়াবলৈ প্ৰস্তুত ৰাখিছে।

ৰামসিংহ -আগীয়াঠুঁটিৰপৰা বামে তো গুৱাহাটীলৈ বাট লব পৰা নহলেই! –উঃ, লাচিতৰ কি অদ্ভুত কৌশল, একে ৰাতিৰ ভিতৰতে মাজ বাটতে সেই হেন প্ৰকাণ্ড গড়টো তৈয়াৰ কৰাই উলিয়ালে!-এতিয়া আমি শৰাইঘাটেদি বাট নুলিয়ালে, গুৱাহাটী সোমাবলৈ অন্য ভাল উপায় মই দেখা নাই। কিন্তু, তালৈকো এতিয়া বাৰিষা হল!

চৰিপ্‌খা –হয়, মোৰ বিবেচনাৰেও সম্প্ৰতি শৰাইঘাটে দি সোমোৱাটো হয় এৰিব লাগে, নহয় স্থগিত ৰাখিব লাগে।

ৰামসিংহ –সেই ভাবিয়েই তো পাণ্ডুৰ ফালৰ গড় ভাঙ্গি গুৱাহাটী সোমাবলৈ চেষ্টা কৰা গৈছিল। সেই অৰ্থে, গড়ৰ তলত গোপনে বাৰুদ পুতি, তাত জুই দি, গড়ৰ এছোৱা উৰাই দিয়া হৈছিল। কিন্তু আচৰিত মানি লগীয়া কথা যে, যুঁজৰ দৰেই গড় বন্ধাতো পৈণত অসমীয়া সেনাবিলাকে ধোৱাতে লুকাই ভঙ্গা গড় তৎক্ষণাত আকৌ বান্ধি তুলিলে! এই সম্পৰ্কতো লাচিত বৰফুকনৰ চোৰাংচোৱা নিয়োগ কাৰ্য্য শলাগিব লগীয়া।

অজিত –লাচিত বাস্তৱতে এজন অসাধাৰণ ৰণ-পণ্ডিত।

চৰিপ্ -সঁচা, তেওঁৰ কিছুমান অসাধাৰণ কাৰ্য্য দেখি স্তম্ভিত হব লগা হৈছে। লাচিত এজন অসামান্য ৰণ-পণ্ডিত।

ৰামসিংহ -সেইবোৰ যি হওক, এতিয়া মোৰ বিবেচনাত আমি আকৌ প্ৰথমে লঠিয়াৰ ফালৰপৰা, তাৰ পাচত দৰঙ্গৰ সীমাই দি গুৱাহাটী সোমাবলৈ একোটা হেঁচা দি চোৱা উচিত। তাতে যদি কৃতকাৰ্য্য হব পৰা নাযায়, তেন্তে সম্প্ৰতিকলৈ আমি দলিবাৰীত কোঁঠ মাৰি, গোপনে অসমীয়া ৰণবলৰ গতি-বিধি বুজি বাৰিষাটো পাৰ কৰা উচিত হব।

চৰিপ্ -উত্তম ব্যবস্থা। লঠিয়া আৰু দৰঙ্গৰ সীমাই দি আমি গুৱাহাটী সোমাব পাৰোঁ বা নোৱাৰোঁ, দলিবাৰীত কোঁঠ মাৰি, বহিব পাৰিলে, খৰালি নহয়মানে আমি তাতে সুবিধাকৈ ৰব পাৰিম।

ৰামসিংহ -আচ্ছা, আপাততঃ সেয়ে স্থিৰ হল।-অজিত!

অজিত -হজুৰ!

ৰামসিংহ -যাবৰ হল।

অজিত -বহুত আচ্ছা, হজুৰ।

(সকলোৰে প্ৰস্থান)

########

18regLachit

ষষ্ঠ গৰ্ভাঙ্ক।

গুৱাহাটী,-বৰফুকনৰ চৰা।

(বুঢ়াগোহাঞি ডাঙৰীয়া আৰু লাচিত)

বুঢ়াগোহাঞি -আজি আপোনাক বিমৰ্ষ দেখিছোঁ,—কিয়?

লাচিত -হয়, ডাঙৰীয়া, বাহিৰত বিমৰ্ষ হৈ দেখুৱাৰ কথা নহয়; কিন্তু ভিতৰি হে এটা কথাত মনত বৰ দুখ লাগিছে।

বুঢ়াগোহাঞি –কিনো কথাত?

লাচিত –আপুনি জানেই, দলিবাৰী কোঁঠ অৱৰোধ কৰিবলৈ অবিধিকৈ পঠিয়াই আমাৰ দহ হাজাৰ সৈন্য অনৰ্থক হানি কৰিলো! ই বৰ পৰিতাপৰ বিষয়। ই মোৰ দূৰদৃষ্টিত কেনা দেখুৱাইছে!

বুঢ়াগোহাঞি -অবিধি নো কেনেকৈ হল?

লাচিত –অৰ্থাৎ, মোৰ কৌশলৰ বহিৰ্ভুত কাম হল। বৰ্ত্তমান ৰণৰ গতি-গোত্ৰ চাই, নিজৰ গড়ৰ বাহিৰে খেদি গৈ আক্ৰমণ কৰাটো মোৰ ৰণ-বিধি নহয়। সেই দুৰ্ঘটনাৰ আগলৈকে মই তেনে ব্যৱস্থাত ধৰা নাছিলোঁ।

বুঢ়াগোহাঞি -তেন্তে নো আপুনি সেনাদল কিয় বাহিৰকৈ পঠিয়াইছিল?

লাচিত -ৰজাৰ আদেশ, নপঠিয়ালেই নহয়। ৰণ নিছিগা দেখি, নগৰত নতুন ৰজা উদয়াদিত্য স্বৰ্গদেৱে তত্ নাইকিয়া কৰিছে। মই আপত্তি দেখুৱাৰ স্থলতো স্বৰ্গদেৱে সেই আদেশ দোহাৰি পঠিয়ালে যে, দলিবাৰী কোঁঠৰপৰা মোগলক খেদি পঠিয়াবৰ নিমিত্তে তুৰন্তে যাত্ৰা কৰিব লাগে। অগত্যা সেই মতে দুজন সেনাপতিৰ তলে দহ হাজাৰ আমাৰ সৈন্য পঠিয়াইছিলোঁ; পিচে, শত্ৰুপক্ষে ছেগ বুজি আগে-পিচে বেৰি ধৰি সেই দহো হাজাৰ সৈন্য নিপাত কৰিলে!

মোৰ যেন বাহুৰপৰা দহটোপা ৰক্ত হে ক্ষয় হল। আমাৰ মাজত একো-একোটা সেনা একো-একোটা হাতীৰ নিচিনা। তাৰ ঘাটি হয় বুলি হে আমি আগ-পিচ চাওঁ। ইয়াৰ আগেয়ে যি কেইটা ডাঙৰ যুঁজ হৈ গল, তাতো আমাৰ ইমান মানুহ নপৰিল। আজি সামান্য কথা এটাতে অতবোৰ সৈন্য ক্ষয় পালে। এই বিষয় মই স্বৰ্গদেৱলৈ জনাওঁ হে বুলিছোঁ।

বুঢ়াগোহাঞি -এঃ, বাৰীৰ ভিতৰত পুখুৰী এটা সিঁচিলেও আঁঠ-দহোটা মানুহক শিঙ্গীয়ে ফুটে। এখন ৰণত আঁঠ-দহ হাজাৰ মানুহ পৰিল, তাকে আকৌ স্বৰ্গদেৱক জনাব লাগে কিয়?

লাচিত -হওঁতে হয়; পিচে অবাবত আমাৰ অতখিনি সৈন্য হানি হল, তাত হে দুখ লাগিছে। কিন্তু, তুৰন্তে মই নিজে গন্ধৰ্ব্ব আৰু পানীফুকনক লগত লৈ অশ্বাৰোহী আৰু পদাতিক সৈন্যৰে সৈতে মোগলৰ কোঁঠ অৱৰোধ কৰিলোগৈ; এনেতে বৰগোহাঞি ডাঙৰীয়ায়ো নগৰৰপৰা সসৈন্যে আহি যোগ দিলেহি। ফলত, মোগল সেনাপতিয়ে তাত ঠাৱৰিব নোৱাৰি কোঁঠ এৰি দি আকৌ শৰাইঘাট পালেহি।

বুঢ়াগোহাঞি -বৰ ভাল হল। আমাৰেইচোন জয়।

(গন্ধৰ্ব্ব আৰু পানীফুকনৰ প্ৰবেশ)

লাচিত -অ, আহিছাহঁক? মই দিহা দি অহা মতে দলিবাৰী কোঁঠ বৰগোহাঞি ডাঙৰীয়াই ভালকৈ চম্‌জি লৈছে নে?

পানী -সেই কোঁঠ এতিয়া আমাৰ সম্পূৰ্ণ দখলত; তাত সম্প্ৰতি শত্ৰুৰ সঞ্চাৰ নাই।

গন্ধৰ্ব্ব -ডাঙৰীয়া! ৰামসিংহ সেনাপতিৰ কটকী পণ্ডিতৰায় ৰৈ আছেহি।

লাচিত -হয় নে? বাৰু, আহিবলৈ কোৱাঁগৈ।

গন্ধৰ্ব্ব -ভাল, আনোগৈ।

প্ৰস্থান )

পানী -কিবা আলোচনা উপলক্ষে আহিব পায়; মানুহজনক চিন্তামুক্ত যেন দেখি আহিলোঁ।

(পণ্ডিতৰায় আৰু অজিতৰে সৈতে পুনঃ গন্ধৰ্ব্বৰ প্ৰৱেশ )

লাচিত -(পণ্ডিতৰায়ৰ প্ৰতি) সকাম কি, কটকী?

পণ্ডিত -আমাৰ বৰসেনাপতি হজুৰে এইখন পত্ৰ দি পঠিয়াইছে।

লাচিত -চাওঁ। (পত্ৰ লৈ পাঠ কৰে ) অ, ৰামসিংহ সেনাপতিয়ে পাঁচ লাখ টকা দি গুৱাহাটী কিনিবলৈ বিচাৰিছে!

পণ্ডিত –হয়, ডাঙৰীয়া! সেয়ে হলে মোগলৰ লগত আহোমৰ মিত্ৰতা দৃঢ়তৰ হয়। বিশেষ, জীয়াৰী-সম্বন্ধ ঘটিল যেতিয়া, ৰাজকীয় সম্বন্ধেৰে সি দৃঢ়তৰ হোৱাটো অবাঞ্ছনীয় নহয়। পত্ৰত লিখা পাঁচ লাখ টকা আপোনালোকে গুৱাহাটীত গড় বন্ধোৱা খৰচৰ বাবদ হে দিয়া হৈছে; লাগিলে তাৰো ওপৰঞ্চি দিয়া যাব।

বুঢ়াগোহাঞি -কিনো জীয়াৰী-সম্বন্ধৰ কথা কলা? ভালকৈ নুবুজিলোঁ।

অজিত- নুবুজিলে?আপোনাসকলৰ জীয়াৰী ৰমণী গাভৰুৰ কথা কোৱা হৈছে। অলপতে হেনো দিল্লীৰ পাটচাহৰ পুত্ৰ চাহাজাদা আজমৰ লগত ৰমণী গাভৰুৰ বিয়া হৈ গৈছে; সেই কাৰণে মোগলৰাজৰে সৈতে আহোমৰাজৰ জীয়াৰী-সম্বন্ধ ঘটিছে বোলা হৈছে।

লাচিত -হয় নে? (হঠাৎ অন্যমনস্ক) ৰমণী গাভৰুৰ বিয়া হৈ গৈছে নে? হওক, তথাপি গুৱাহাটী দি সেই সম্বন্ধ দৃঢ়তৰ কৰাৰ সকাম আমাৰ বিশেষ নাই।

বুঢ়াগোহাঞি -(স্বগতঃ) গুৱাহাটী এৰি দিলে, মোগলে গোটেইখন অসম দেশকে লবগৈ।

পণ্ডিত -ডাঙৰীয়া! কথাটো দকৈ ভাবি চাওক।

লাচিত -ভাবি চাবলৈ নাই; আমালৈ তেনেকুৱা মিট্‌মাট সুবিধাজনক নহব। এতিয়ালৈকে আমি টকাৰ অভাবত পৰা নাই এথোন; আৰু বছৰচাৰেকৰ পাচত, তেনে অভাব আহে যদি, তেতিয়া বাৰু দেখা যাব। তোমাৰ সেনাপতি মহাশয়ক আমাৰ চেলাম দি এই উত্তৰ জনাবাঁগৈ। তেওঁক এইটোও জানিবলৈ দিবাগৈ যে, গুৱাহাটী বেচিবলৈ লাচিত গুৱাহাটীলৈ অহা নাই, গুৱাহাটী উদ্ধাৰ কৰিবলৈ হে আহিছে। লাচিতৰ দেহাৰপৰা প্ৰাণৰ বিয়োগ নঘটেমানে, আহোম ৰাজ্যৰপৰা গুৱাহাটীৰ বিয়োগ নঘটে! এই কথা তোমাৰ বৰসেনাপতি ৰজা ৰামসিংহক দঢ়াই দঢ়াই কবাঁগৈ।

পণ্ডিত -ভাল, মই মুখেৰেই বিবৰি কমগৈ। বিদায় হে এতিয়া।

অজিত -(সৈনিক চেলাম দি) হুজুৰ, প্ৰভো! সেৱা হে এতিয়া।

লচিত -বাৰু, যাব পাৰাহঁক। (পণ্ডিতৰায় আৰু অজিতৰ প্ৰস্থান)

পানীফুঃ -দান চাই সমিধান হৈছে। সাত লাখ টকা আগ কৰি যি গুৱাহাটীৰ নিমিত্তে যুদ্ধ পতা হল, এতিয়া মোগলক পাঁচ লাখত সেই গুৱাহাটী বিক্ৰী কৰিব লাগে। ৰাজ্য বেচি খোৱা আকালত আমাৰ ৰজা এতিয়াও পৰা নাই; সিমান সস্তাত পালে গুৱাহাটীৰ নিচিনা চহৰ আমাৰ ৰজাই খনচাৰেক কিনিব হে পাৰে। আমাৰ প্ৰাণ থাকেমানে গুৱাহাটী মোগলৰ হাতলৈ আৰু যাবলৈ নাপায়।

গন্ধৰ্ব্ব -গাৰ বলত ঘাটি এতিয়া ধনৰ বল দেখাৱ : মোগলৰ গণ্ডপ্ দেখি ঘৃণা বোধ হৈছে। যি গুৱাহাটী প্ৰাণ দি কিনিবলৈ আহিছোঁ, সেই গুৱাহাটী ধন লৈ বেচিম! আমি জীয়াই থকাত গুৱাহাটী কোনে নিয়ে চাওঁ।

লাচিত -ই ৰামসিংহৰ মতলব বুজিছোঁ; ছলে-বলে-কলে-কৌশলে তেওঁ গুৱাহাটীক কেন্দ্ৰ কৰি লৈ, থিতাপি হৈ বহিবলৈ বিচাৰিছে! কি বিড়ম্বনা! মহৰ শিঙ্গত কঁকিলাৰ ডাঁৰ! আমিও আকৌ পাৰ্য্যমানে মোগলক গুৱাহাটী সোমাবলৈ এৰি নিদিছোঁ,প্ৰাণপণে লৰিম। লাচিতৰ প্ৰাণ থাকে মানে গুৱাহাটী আহোমৰ হাতৰপৰা যাব নোৱাৰে। ই ধ্ৰুব-নিশ্চয় কথা। এই গুৱাহাটীয়েই মোগলক আহোমৰ প্ৰতাপ দেখুৱাব।

পানীফুঃ -নিশ্চয়, ই প্ৰাণপণ কৰিব লগীয়া লক্ষ্য। “মন্ত্ৰৰ সাধন কিম্বা শৰীৰ পতন”; হয় গুৱাহাটী ৰক্ষা, নহয় এই শৰীৰৰ পতন।-এই দুটাৰ এটা হে হব; ইয়াৰ অন্যথা নহয়। অসম ৰজাৰ অসম ক্ষমতাৰ পৰিমাণ মোগলে এইবাৰ ভালকৈ পাব।

লাচিত -সি যি হওক, ৰামসিংহ নিশ্চিন্ত হৈ বহি থকা নাই। এইবাৰ শৰাইঘাটেদি গুৱাহাটী সোমাবলৈ তেওঁ সমস্ত ৰণবল একেলগ কৰি প্ৰাণপণে যুঁজিব। এতেকে, আমাৰো সতৰ্ক হোৱা উচিত। যোৱা, পানীফুকনে নৌবাহিনী ৰণবলৰ ওপৰত তত্ত্বাৱধান কৰাঁগৈ; আৰু গন্ধৰ্ব্বই এদল অশ্বাৰোহী সেনা লগত লৈ ঘুৰি-পাকি চাই আহাঁগৈ, মোৰ দিহমতে আমাৰ কৰ্মচাৰী- বিলাক সষ্টম হৈ আছে নে নাই। প্ৰত্যেককে মোৰ নামে দোহাৰি কৈ আহিবাঁ, যেন দিহা নাপাহৰে। বলাহঁক, আমিও দিহাদিহি কৰ্ত্তব্যত ধৰোঁগৈ। জয় স্বৰ্গদেৱৰ জয়!

সকলোৱে সমস্বৰে—জয়, লাচিত বৰফুকনৰ জয়!

(সকলোৰে দিহাদিহি প্ৰস্থান)

########

lachit phukan3

। সপ্তম গৰ্ভাঙ্ক।

শৰাইঘাটৰ নামনি—মোগলৰ শিবিৰ।

(ৰামসিংহ, চৰিপ্খাঁ, ৰঘুনাথ সিংহ, নচৰৎখাঁ, অজিত)

চৰিপ্— অসমীয়াৰ আয়োজন কি প্ৰকাৰ হৈছে, তাফ আগধৰি জানিব পাৰিলে ভাল আছিল।

ৰামসিংহ—সেইটো জনা গৈছে। আমাৰ তুৰকচাৱাৰী চোৰাংচোৱা দলৰ বৰ্ণনা মতে অসমীয়াৰ আয়োজন এইবাৰ বিশেষ। ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ দুয়ো পাৰে আৰু পানীৰ মাজেদিও আমাৰ গতিৰোধ কৰিব পৰাকৈ ঠায়ে ঠায়ে বহুতো কৰ্মচাৰী সসৈন্যে নিয়োজন কৰা হৈছে। আক, আমৰ যাত্ৰা ওফৰাব পৰাকৈ মাজে মাজে বৰতোপ পাতিছে। পানীফুকন পালি সেনাপতিয়ে গুৱাহাটীৰপৰা কিছু ভাটীত আহি আগ বাঢ়ি থাকিবলৈকে স্থিৰ হৈছে। লাচিত ফুকনৰ বিচক্ষণ দিহাকৰণ।

চৰিপ্—আমিও তেন্তে শত্ৰুপক্ষৰ সেইবিলাক আয়োজন আৰু দিহা ব্য়ৰ্থ কৰিবলৈ চাব লাগে।

ৰঘুনাথ —নিশ্চয়, তাকে নকৰিলে আমাৰ পক্ষে উঙ্গই আগ বঢ়াটোৱেই সম্ভৱপৰ নহব। লাচিত বৰফুকনৰ দিহা সামান্য বিধৰ নহয়।

নচৰৎ —তেওঁ নিজে কিন্তু এইবাৰ নিজৰ দিহাৰ ওপৰত চকু ৰাখিব নোৱাৰিব। শুনিলোঁ, কালিৰপৰা বোলে তেওঁৰ তীৰকঁপে জ্বৰ উঠিছে।

অজিত —কি! লাচিত ফুকনৰ জ্বৰ! তেনেহলে আজি আহোমৰ আগত বিধি-পথালি! এয়ে কিন্তু উদ্দেশ্য সাধিবৰো আচল ছেগ। দেখা যাওক, কোনে কি কৰিব পাৰে। লাচিতৰ কিন্তু দেহা দু্ৰ্ব্বল হলেও, বুদ্ধিৰ বিভ্ৰম নঘটে।

চৰিপ্ —ঠিক কৈছাঁ, এই হে আচল ছেগ। শীঘ্ৰে যাত্ৰা কৰিবৰ দিহা কৰা যাওক।

ৰঘুনাথ —মোৰ বোধেৰে আমি আটাইকেইওজনে একে সময়তে সসৈন্যে শত্ৰুক বেৰি ধৰিবগৈ লাগে।

নচৰৎ —ঠিক কথা। লাচিতৰ অনুপস্থিতিত এই কাৰ্য্য়কৈ সুবিধা হৈছে।

অজিত— মোৰ বোধেৰে হলে, ঠিক হোৱা নাই। আটাইকেইওজন একেবাৰে আগবাঢ়ি উজাবৰ প্ৰয়োজন কি? তেনে কৰিলে ইফালে শিবিৰ উদং হয়। লাগ বুলিলে পাচত যোগান দিব কোনে?

চৰিপ্ —হওঁতে হয়। পাচত যোগান দিবলৈকো থাকিব লাগে।

অজিত —আৰু চাবলগীয়া যে, অকল পানীয়েদি হে উজাব লগীয়া হৈছে যেতিয়া, নিজৰ মানুহেৰেই বাট জুৰি গলে সময়ত নিজৰ গা পুৰাবলৈকে টান পৰিব। সেই কাৰণে, মোৰ বোধেৰে আটাইকেইওজন আগ বাঢ়িব নালাগে; অন্তুতঃ, বৰসেনাপতি গুৰি-ধৰা হৈ শিবিৰত থকা হে যুগুত।

ৰামসিংহ —অজিত মানুহটো ডেকা, কিন্তু তাৰ বুদ্ধিটো হলে বুঢ়া। তাৰ কথাখিনি বৰ সাৰুৱা, দলিয়াই পেলাব লগীয়া নহয়।

চৰিপ্ —মোৰ মনতো অজিতৰ প্ৰস্তাব সাৰুৱা যেন লাগিছে; সেইমতে কাম হোৱা হে উচিত বিবেচনা কৰোঁ।

ৰামসিংহ —আচ্ছা সেয়ে হব; প্ৰথমেই চৰিপ্খাঁই অকলে নৌবাহিনী ৰণবলেৰে উজাই আগ বাঢ়িব; পাচত মই শিবিৰৰপৰা সময়মতে ৰণবলৰ যোগান দি থাকিম।

অজিত — (স্বগতঃ} হওক, ছেগ ধৰা বেয়া নহল। বৰসেনাপতি যোৱা হলে, এইবাৰেই অন্ত পেলালেগৈহেঁতেন! অহঃ! লাচিত বৰফুকনকৰ নৰিয়া। হাঁয়, অসমৰ কি দুৰ্ভাগ্য!! কি যে বিধি-বিড়ম্বনা!!!

চৰিপ্ —ভাল, তেনেহলে সেই মতেই মই প্ৰস্তুত হওঁগৈ। পলম কৰাৰ সকাম নাই।

ৰামসিংহ —আচ্ছা, যোৱাঁ, সষ্টম হোৱাঁগৈ। ৰঘুনাথ আৰু নচৰৎ! তোমালোকো এতিয়া যোৱাঁ, কিৰাতবৰ্ত্তিয়া আৰু বইৰামদেও ইবিলাকৰে

লগ লাগি যথা সময়ত মোৰ আদেশ আৰু উপদেশ লবাহিহঁক। ময়ো যাওঁ,অজিত! আহাঁ।

(সকলোৰে প্ৰস্থান।)

অজিত —বহুত আচ্ছা, হুজুৰ! (স্বগতঃ) অহঃ! অসমৰ অসম মহাবীৰ বিচক্ষণীয়া ৰণপণ্ডিত বৰসেনাপতি লাচিত বৰফুকনৰ আসন্ন সাময়িক নৰিয়া:

বিষম সমস্য!! অদ্ভুত বিভ্ৰাট!!!

(ৰামসিংহৰ পিচ-ধৰি প্ৰস্থান)।

। চতুৰ্থ অঙ্কপাত।

জিৰণি-পটক্ষেপণ

lachit phukan2

৫। অঙ্ক।

।প্ৰথম গৰ্ভাঙ্ক।

গুৱাহাটী⸺বৰফুকনৰ বাহৰ।

(নৰিয়া-পাটীত লাচিত, পিজলা আৰু গন্ধৰ্ব্বনাৰায়ণ)

পিজলা— (নৰীয়াৰ শিতানৰ কাষত বহি বিছি বিছি) দেউতা! এতিয়া কেনে পাইছে? গাৰ পোৰণি অলপ এৰিছে নে?

লাচিত—(হুঙ্কাৰ ছাৰি) হুঁ-ওঁ, কেনে পাইছোঁ?—মোৰ ৰণ কেনে চলিছে? মোগল সেনা কোনখিনি পাইছেহি? গন্ধৰ্ব্ব কত?

গন্ধৰ্ব্ব —আছোঁ। শত্ৰুপক্ষৰ নৌ-সেনাবাহিনীৰ ৰণতৰীবোৰ উজাই আহি আন্ধাৰু বালিৰপৰা এটা পাকৰ ভাটী পাইছেহি।

লাচিত—কি! (উঠিবলৈ ধৰি, পৰি যায়) ইমানলৈকে উজালে। তাৰ ভাটীতে পানীফুকনে ভেটি নধৰিলে?

গন্ধৰ্ব্ব— ধৰিছিল। শত্ৰুৰ গতিৰোধ কৰিব নোৱাৰি হুঁহকি পৰি পানীফুকন আন্ধাৰু বালিৰ পোনত ৰৈছেহি।

লাচিত—সৰ্ব্বনাশ! পালেহিয়েই! যোৱাঁ, যোৱাঁ, এতিয়া কোন্খিনি পাইছেহি তুৰন্ত চাই আহাঁ।

গন্ধৰ্ব্ব -ভাল, চাই আহোঁ।

(গন্ধৰ্ব্বৰ প্ৰস্থান)

পিজলা —দেউতা, আপুনি ৰণৰ কথা লৈ উত্ৰাৱল হোৱাৰ এতিয়া সময় নহয়, গা আকৌ আচন্দ্ৰাই কৰিব।

লাচিত—গাৰ ফালে কি হব লাগে আই, ৰণৰ কথা নাভাবি পাৰোঁ নে? ৰণৰ ভাবনা এই দেহাৰ ভাবনাতকৈ আগ।

(গন্ধৰ্ব্বৰ পুনঃ প্ৰৱেশ)

লাচিত —(উদ্বিগ্ন হৈ) কি বাৰ্ত্তা? কোনখিনি পাইছেহি?

গন্ধৰ্ব্ব —শত্ৰুৰ ৰণতৰী কল্ কল্ কৈ উজাবই লাগিছে।

লাচিত —(একে চিপে উঠি বহি) কি! এতিয়াও আমাৰ পক্ষে বৰ- তোপ মাৰি শত্ৰুৰ ৰণতৰী ওফৰাই দিয়া নাই কিয়? পানীফুকনে কৰিছে কি?

গন্ধৰ্ব্ব — বৰতোপ ফেৰ কৰি পানীফুকন সষ্টম হৈ আছে, কিন্তু গণকে এতিয়াও ক্ষণ মিলা নাই বুলি ৰাখি থৈছে।

লাচিত — (উত্ৰাৱল) কি! ক্ষণ নিমিলাৰ বাবেই শত্ৰুক গ পোৱাইছেহি। ক্ষণ মিলিবই লাগে। গণকক কোৱাঁগৈ।

গন্ধৰ্ব্ব — যাওঁ, ক্ষণ মিলিবই লাগে বুলি কওঁগৈ। (গন্ধৰ্ব্বৰ প্ৰস্থান।)

পিজলা — দেউতা, বহি থাকিলে আকৌ মূৰ ঘূৰাব; এই পৰোক (লাহেকৈ ধৰি শুৱাই দিয়ে)।

লাচিত —(চাটিফুটি) যায়! যায়! এতিয়াহে যায়! যত কৰিলোমনে সকলো মিছা হয় এতিয়া!

(গন্ধৰ্ব্বৰ পুনঃ প্ৰৱেশ )

লাচিত— (উদ্বিগ্ন) মিলিল নে ক্ষণ?

গন্ধৰ্ব্ব —নাই, গণকে নামানে আমাৰ কথা।

লাচিত —তেন্তে কি উপায়! যায়, যায়! দেশ ৰসাতললৈ যায়! কোন্খিনি পাইছেহি? যোৱাঁ, যোৱাঁ, আকৌ যোৱাঁ—তুৰন্তে কোৱাঁহি।

গন্ধৰ্ব্ব —চাই অহাৰ বাব নাপাই লাগি যাবলৈ আজ্ঞা পোৱা হলেই

ভাল আছিল। বাৰু, যাওঁ, চাই আহোঁ।

(গন্ধৰ্ব্বৰ প্ৰস্থান।

লাচিত —হাঁয়, ইবাৰ হে যায় গুৱাহাটী!

পিজলা—দেউতা, বৰকৈ উতলা নহব; বিকাৰ আকৌ বেচি হবলৈ ধৰিছে।

লাচিত —(চাটি ফুটি) কি কৰিম! কি উপায়!

পিজলা —ভগৱন্তে কৰিব যি হয়, আপুনি স্থিৰ হওক।

(ৰাজখোৱাৰ প্ৰৱেশ)

ৰাজখোৱা—ডাঙৰীয়া! শত্ৰু আহি আন্ধাৰু বালিৰ পোন্ পালেহি, এতিয়াও ক্ষণ মিলা নাই! কি কৰা যায় এতিয়া?

লাচিত —সৰ্ব্বনাশ। (একেচিপে উঠি বহি) যোৱাঁ, যোৱাঁ, তুৰন্তে এখন মাৰ বান্ধিবলৈ দিয়াঁগৈ। মোক এই চালপীৰাই সৈতে লাঙ্গি নিবলৈ মানুহ লৈ আহাঁগৈ।

ৰাজখোৱা — ভাল, ডাঙৰীয়া!

(ৰাজখোৱাৰ প্ৰস্থান।

পিজলা — (আতুৰ হৈ) এই মহাসঙ্কতত ৰক্ষা কৰাঁ প্ৰভো!

লাচিত — (উচাতন) ক’তা, ক’তা, আহিল নে? নে, মোক নে।

পিজলা —(চকুলো টুকি) কলৈ নিব লাগে আপোনাক দেউতা?

লাচিত —ৰণলৈ। ৰণৰ কেন্দ্ৰলৈ। মোগলৰ মাজলৈ।

পিজলা —এই নৰীয়া গাৰে ৰণত আপুনি কি কৰিবগৈ দেউতা? নালাগে যাব। উত্ৰাৱল নহব দেউতা! গন্ধৰ্ব্ব কোৱঁৰে এইবাৰ এটা সু-দিহা লগাবগৈ; অপুনি নিশ্চিন্ত হওক, দেউতা!

লাচিত —ঔ,নকবি,নকবি, আই, নকবি। মই নগলে আজি এই ছেগতে মোগলে গুৱাহাটী লবহি।

পিজলা —নৰীয়া গাৰে গৈ আপুনি নো কেনেকৈ ৰাখিব? নালাগে যাব দেউতা!

লাচিত —ৰাখিব নোৱাৰোঁ যদি, প্ৰাণকে দিমগৈ; ৰণতে নিজেই ধৰা দিমগৈ। কিন্তু, গুৱাহাটী এৰি দি, মই জীয়াই নাথাকোঁ; থকাৰপৰা গৌৰৱ নাই, গৰিহণা আছে। কতা, কতা, ইমান পৰেও নাহিল! মোক নিনিলেহি!—নিনিলেহি! (মূছ্কছ্, যায়।)

(মানুহ লৈ ৰাজখোৱা আৰু গন্ধৰ্ব্বৰ পুনঃ প্ৰৱেশ। চালপীৰাই সৈতে লাচিতক উলিয়াই নিয়ে; চকুলো টুকি টুকি পিজলা পিচে পিচে যায়।)

Lachit Phukan1

।দ্বিতীয় গৰ্ভাঙ্ক।

শৰাইঘাট,-তুমুল ৰণ।

(পানীফুকন বৰতোপ আৰু হিলৈ মাৰিবলৈ সষ্টম হৈ আছে; নৰ্ত্তমে হাতত জ্যোতিষ পুথি লৈ ক্ষণ গণনা কৰিব লাগিছে।)

পানীফুক—হাঁয়, মোগলৰ ৰণতৰী কল্ কল্ কৈ উজাবই লাগিছে। সৌৱা, চৰিপখাঁ আহি আন্ধাৰুবালিৰ পোন্ পালেহি! আৰু ৰব নোৱাৰি। নোৱাৰি ৰব। বৰতোপ ওফৰাব লাগিল। হিলৈ মাৰিবলৈ হুকুম দিম এতিয়া।-হৈছে নে? হৈছে নে বাপু? ক্ষণ মিলিছে নে?

নৰ্ত্তম -নাই, নৌ মিলে; অলপ বাকী।

পানী — (উত্ৰাৱল হৈ) এতিয়াও বাকী! আমাৰ কাৰ্য্য়লৈ আৰু তেন্তে সময় বাকী নাথাকে। এটা মুহূৰ্ত্তৰ ফেৰত এতিয়া এখন ৰাজ্য যায়?

নৰ্ত্তম — (খঙ্গেৰে) ক্ষণ নিমিলিলে বলেৰে মিলাব পাৰি নে?

পানী—সৰ্ব্বনাশ! পালেহি, একেবাৰে গা পালেহি। ক্ষণ মিলাৰ আগেয়ে এতিয়া ধ্বংস মিলিব! নোৱাৰি, নোৱাৰি ৰব আৰু!

(চালপীৰাই সৈতে নৰীয়া লাচিত বৰফুকনক প্ৰৱেশ কৰোৱা হয়।)

লাচিত — (ব্ৰহ্মপুত্ৰলৈ আঙ্গুলিয়াই) লৈ যোৱাঁ, মোক একেবাৰে মাল নাৱত তুলি দিয়াঁগৈ। গণকৰ ক্ষণ মিলাৰ অপেক্ষাত আমাৰ সেনা-সেনাপতি সকলে ইমানতো চাই আছে! অহঃ, নিয়াঁ মোক, নাৱে সৈতে ভটীয়াই দিয়াঁগৈ; মোক মোগল সেনাপতিয়ে ধৰি বন্দী কৰি লৈ যাওক; আৰু মোৰ সেনা আৰু সেনাপতিসকলে চাই থাওক!

স্বৰ্গদেৱলৈ বাতৰি যাওক, নৰিয়া-পাটীত পাই বৰফুকনক শত্ৰুৰে ধৰি নিলে; আমি দখল কৰা গুৱাহাটী আকৌ মোগলৰ হাতত পৰিল! হাঁয়, চন্দ্ৰ-দিবাকৰ থাকেমানে এই অখ্য়াতি থাকিল, থাওক! দিয়াঁ, দিয়াঁ, মোক ভটীয়াই দিয়াঁ।

(চালপীৰা নাৱত তুলি ভটীয়াই দিবলৈ নিয়া হল।)

অসমীয়া সেনা-সেনাপতিঃ

জয়,স্বৰ্গদেৱৰ জয়!

জয় বৰফুকন লাচিতৰ জয়।

(সকলোৰে বেগেৰে প্ৰবেশ)

পানীফুকন—হাঁয়, হাঁয়! গল, গল! নিৰস্ত্ৰ বৰফুকনৰ নাও ভটীয়াই গল। শত্ৰুৰ মুখত অযাচিতে পৰেগৈ এতিয়া। যোৱাঁ, যোৱাঁ, বিষয়াসকল, আগ বাঢ়া। কি চাইছাঁ, বৰফুকনৰ নাও আৰ কৰি আগ হোৱাঁগৈহঁক। গণকৰ ক্ষণ নালাগে। এই মাৰিলোঁ, মাৰিলোঁ বৰতোপ, মাৰিলোঁ (আৱাজ)।-হিলৈ মাৰিবলৈ ধৰাহঁক (আৱাজ)।—মাৰি থাকাঁ, মাৰি থাকাঁ। (জাউৰি-জাউৰিকৈ হিলৈৰ আৱাজ)।

অসমীয়া সেনা-সেনাপতিসকলঃ

জয় স্বৰ্গদেৱৰ জয়।

জয় বৰফুকন লাচিতৰ জয়।

(সকলো বেগেৰে প্ৰৱেশ আৰু প্ৰস্থান)

পানীফুকন—(নেপথ্যলৈ আঙুলিয়াই )চোৱাঁ, চোৱাঁ, সৌৱা বৰফুকনৰ নাও আৰ কৰি ধৰি আমাৰ বিষয়াসকলৰ নাও আগ বাঢ়িল। দুয়ো পাৰৰপৰা মেলি দিয়া নাও চাপি, সৌৱা এখন সাকোঁ যেন হৈছে। নাৱে নাৱে ভৰি দি ব্ৰহ্মপুত্ৰ ইপাৰ-সিপাৰ হব পৰা হৈছে! অসমীয়া ৰণতৰী দেখি চৰিপখাঁ তধা লাগিছে। গণকৰ বাধা নেওচা যাওক, বৰতোপ উফৰিবলৈ দিয়াঁ। হিলৈ মাৰিবলৈ ধৰাঁ। শত্ৰুৰ নাও ওফৰাই নিয়ক। (হিলৈৰ আৱাজ)। নৰবাঁ, নৰবাঁ, মাৰাঁ, মাৰাঁ, জাউৰি-জাউৰিকৈ হিলৈ মাৰি থাকাঁ (হিলৈৰ আৱাজ)। যাওঁ, যাওঁ, ময়ো যাওঁ, আগচি ধৰোঁগৈ। (নেপথ্যত হিলৈৰ আৱাজ)

(পানীফুকনৰ বেগেৰে প্ৰস্থান; বুঢ়াগোহাঞি ডাঙৰীয়াৰ প্ৰবেশ)

বুঢ়াগোহাঞি — বুৰিল, বুৰিল! শত্ৰু নিগমে বুৰিল! চোৱাঁ, চোৱাঁ, বৰতোপৰ গুলি লাগি মোগলৰ নাওবোৰ সসৈন্য়ে তললৈ গৈছে! যাওক, যাওক, ৰসাতললৈ যাওক। বাকীবোৰ ভটীয়াই সৌৱা পলাবলৈ ধৰিছে।

যাওঁ, যাওঁ, ময়ো খেদি যাওঁ। আজি মোগলক কচুকটা দি হেঁপাহ পলুৱাওঁগৈ যাওঁ।

(বুঢ়াগোহাঞি ডাঙৰীয়াৰ বেগেৰে প্ৰস্থান; চন্দ্ৰনাৰায়ণৰ প্ৰৱেশ )

চন্দ্ৰনাৰায়ণ —পৰিল, পৰিল! পৰিল সৌৱা, চৰিপ্খাঁ সেনাপতি পৰিল! নাৱে সৈতে পানীৰ তললৈ গল! চোৱাঁ, চোৱাঁ, বাকী নাও-মানুহ – আটাইবোৰ ছিটিকি পলাইছে! আমাৰ নাৱে খেদি নিছে!

(বেগেৰে প্ৰস্থান)

নেপথ্যত —(ৰণ-কোলাহল ) জয় স্বৰ্গদেৱৰ জয়!

জয় বৰফুকন লাচিতৰ জয়!

(গন্ধৰ্ব্বনাৰায়ণৰ বেগেৰে প্ৰৱেশ)

গন্ধৰ্ব্ব —ধন্য মহাবীৰ লাচিত বৰফুকন! ধন্য তোমাৰ ৰণ-কৌশল! ধন্য তোমাৰ স্বদেশ-প্ৰেম! ধন্য তোমাৰ ৰণপাণ্ডিত্য! নৰিয়াই তোমাৰ বাহুবল অৱশ কৰিছিল, কিন্তু প্ৰতিভা মলিন কৰিব পৰা নাছিল। বাহুবলতকৈও আজি তোমাৰ বুদ্ধিবলে জগতক তবধ লগালে! এক নিৰস্ত্ৰ লাচিতে আজি সহস্ৰ সশস্ত্ৰ সৈনিকৰ বল দিলে। মহাবীৰ লাচিতৰ অলৌকিক ৰণ কৌশলে আজি অসমীয়া সেনানীৰ প্ৰাণত বৈদ্যুতিক বল প্ৰয়োগ কৰিলে! ধন্য তুমি! ধন্য তোমাৰ জন্মভূমি! ধন্য তোমাৰ জাতীয় প্ৰেম!

Lachit Phukan 1

।তৃতীয় গৰ্ভাঙ্ক।

আন্ধাৰু বালি,—ৰণৰ পাচত।

(মাধৱচৰণ আৰু নৰ্ত্তম)

নৰ্ত্তম —দিয়া এতিয়া, দিবলৈ বাকী থকাখিনি।

মাধৱ— কিয় দিম? দিম কিয় হে?

নৰ্ত্তম—কিয়? দিম বোলা দিয়া আকৌ কিয় কি?

মাধৰ—দিম বুলিছিলোঁ হয়, কাম নকৰাকৈ এনেই দিম বোলা নাই।

নৰ্ত্তম— কি! কাম কৰি দিয়া নাই নে? এনেই হে ৰাখি দিলোঁ এবেলা পৰলৈ? আন্ধাৰু বালিৰ পোন্ পোৱাইছিলোঁহি আৰু! পিচে, কি কৰিবা, অদ্ভুত গণনা নগণা হল।

মাধৱ—নগণা হল, মই কৰিম কি? কাৰ্য্য সিদ্ধি হলে হে বাকী কেটকা দিম বুলিছিলোঁ; নহল সিদ্ধি, নোপোৱাঁ।

নৰ্ত্তম—মোৰ দোষত নহল নে কিবা?

মাধৱ—যাৰে দোষত নহক লাগে।

নৰ্ত্তম—এ, সেইবোৰ ঠগবাজী নকৰিবাঁ জানিছা; দিয়া, দিয়া, দিব লগীয়া দি দিয়া, গুচি যাওঁ।

মাধৱ—যোৱাঁ গুচি, তোমাক নো কোনে ধৰি ৰাখিছে। কিয় আছাঁ?

নৰ্ত্তম—নিদিয়া দেখি হে আছোঁ।

মাধৱ— নিদিওঁ বুলিছোঁ নহয়।

নৰ্ত্তম—নিদিবা কিয়? মোলৈ বুলি মোগলৰ টকা আনি এতিয়া নিজে খাৱা নে কি?

মাধৱ—মোগলৰপৰা ধন লোৱাৰ লগত তোমাৰ কি হাত আছে? তোমাৰ বন্দবস্ত আছিল মোৰ লগত। মোগল গুৱাহাটী সোমোৱালৈকে অসমীয়া ৰণুৱাক ক্ষণ নিদি ৰাখি থব পৰা হলে, আমাৰ উদ্দেশ্য সিদ্ধি হলহেঁতেন; তেতিয়া বাকী কেটকা হে নালাগে আৰু কিমান পালাহেঁতেন।

নৰ্ত্তম—নালাগে আমাক বেচিকৈ; যি পাব লগা আছিল তাকে দিলে’ – গুচি যাওঁ।

মাধৱ—কি অবুজন অ! কাৰ্য্য সিদ্ধি নহ’ল দেখি, নোপোৱাঁ বুলিছো নহয়? কি কেপ্ কেপাই থাকাঁ।

নৰ্ত্তম—নাপাম কিয়? এঃ, এনেয়ে আহিছে। দিয়াঁ, দিয়াঁ। নিদিলে নেৰিম জানিছা (মাধৱৰ জোলোঙাত ঠাপ মাৰি ধৰি টনা-আজোৰা লগায়; আৰু জোটাপুটিত দুয়ো বাগৰি পৰি চৰীয়াচৰিকৈ চিয়ঁৰ-বাখৰ লগায়)।

(এটা মোগল সৈনিকৰ প্ৰৱেশ)

সৈনিক—হো, আল্লা! কি হৈছে তহঁতৰ? কি হৈছে, কচোন বাৰু শুনোঁ। (দুইকো জোটাপুটি ভাঙ্গি এৰুৱাই দিয়ে)।

মাধব—ধৰাঁ, ধৰাঁ, দোছু, এই দুষ্মনক ধৰি দুকিলমান লগাই দি ই মোগলৰ ফালৰ ধন খাই, ক্ষণ নিদিওঁ বুলি এৰি দি, বেইমানী কৰিছে।

সৈনিক—হয় নে? অ, সেই হে আমি জিকিও হাৰিলোঁ! বেটা, বেইমান নিমখ হাৰাম! (নৰ্ত্তমক ধৰি চৰ, ভুকু ইত্যাদিৰে কিল-কীৰ্তন কৰে)।

নৰ্ত্তম—উঃ ৰাম! মৰিলোঁ, মৰিলোঁ, এৰি দে। বাৰু, হেৰ কথাওচোন শুন। উঃ উঃ—

সৈনিক—আচ্ছা কি কবি ক, ক বেটা বেইমান, ক।

নৰ্ত্তম—তুমি জনা নাই দোছ, সি মোক দিওঁ বোলা টকা নিদি হে গোটেই বৰ্ব্বাদ কৰিলে। মোক সি আপোনালোকে ঘুচ, দিয়া ধনখিনি নিদিয়াত হে ক্ষণ এৰাই গল!

সৈনিক—হয় নে বেইমান, নিমখহাৰাম! তই আগেয়েও কেইবাবাৰো হেনো মোগলৰ নিমখ খাই নিমখহাৰামী কৰি থৈছ। বেটা, তোক হে মজা দিব লাগে (মাধৱক ধৰি পেলাই লৈ গুৰুলাগুৰুলকৈ কিলায়)।

নৰ্তম—(হেঁপাহ গুচাই মাধৱক কিলচাৰেক মাৰি), ধৰাঁ দোষ, কটাবন্দী এই ঠগবাজক বিষয়াৰ আগত দিওঁগৈ নি)। (দুয়ো দুই বাউসিত পৰি মাধবক চোঁচোৰাই উলিয়াই নিয়ে)।

মাধৱ—হেৰ ই, নিনিবিহঁত ঐ! নবধিবিহঁতঔ! এতিয়া হে মৰিলো ঔ।

(প্ৰস্থান)

lachit phukan3

।চতুৰ্থ গৰ্ভাঙ্ক।

হাদিৰা,—ৰণ-কেন্দ্ৰ।

(ৰামসিংহ, নচৰৎখাঁ আৰু অজিত)

নচৰৎ – চৰিপ্খাঁৰ পতনৰ লগতে আমাৰ নৌসেনাৰ একেবাৰে বল মৰিল; এতিয়া আৰু আমাৰ ৰণতৰী যিবোৰ বাকী ৰৈছে, সেইবোৰ মোৰ বোধৰে ফেৰত পাঠাৱা হে যুগুত।

ৰামসিংহ—ৰণতৰী আটাইবোৰ গৈ মানাহাত ৰবলৈ আদেশ দিয়া হৈছে। সম্প্ৰতিকলৈ জল-যুদ্ধৰ আয়োজম আৱশ্য়ক নকৰে। কিন্তু, শৰাইঘাটৰ যুদ্ধৰ পাচত লগা স্থলযুদ্ধ কেখনতো যে আজিলৈকে আমি কে ঘাটিব লাগিছোঁ, ই হে দুখৰ বিষয়! তোমালোকক আৰু কি কম, এই বাবে মই বৰ অপমান পাইছোঁ। এতিয়া কোন্ মুখেৰে যে দিল্লীলৈ উলটিম তাকে হে ভবিছোঁ।

নচৰৎ— আমি নো বাৰু কি কৰিম? আমি তো কৰ্ত্তব্য়ত ক্ৰটী কৰা নাই। আপুনি স্ব-চকুৰে দেখিয়েই আছে।

ৰামসিংহ—অৱশ্যে, তোমালোকে যত্নৰ ক্ৰটী কৰা নাই; কিন্তু অসমীয়া সৈন্য ইমান কাজুৱা বুলি মোৰ ইতিপূৰ্বে্ ধাৰণা নাছিল। এতিয়া দেখিছোঁ, একেবিধ অসমীয়া সৈন্যই নাবিক, পদাতিক আৰু অশ্বাৰোহী সৈন্যৰ কাম কৰিব পাৰে; সেই একেবিধেই তীৰ, বন্দুক আৰু বৰতোপ মাৰিব পাৰে; গড় বান্ধিব পাৰে; মাল যুঁজিব পাৰে;—বিশেষকৈ চোৰাংচোৱা কাৰ্যত.. অসমীয়া সৈনিক অতুলনীয়।

মুঠৰ ওপৰত কবলৈ গলে, সিহঁত ৰণ-সংক্ৰান্ত সকলো কামতে পৈণত। এনে অদ্ভুত, অথচ বিচক্ষণীয়া সৈন্যবল এক আহোম ৰজাত বাজে ভাৰতবৰ্ষৰ আন কোনো ৰাজক্ষমতাৰ আছে বুলি মই নাজানো। সেই হে আহোম ৰাজক্ষমতাৰ অসম পৰাক্ৰম! তথাপি, এখন ৰণতো আমি নাম কৰিব নোৱাৰাৰ বাবে আপোনা আপুনি খেদ কৰিব লগীয়া হৈছে। ইফালে ৰণৰো সামৰণি পৰিব লগীয়া হলহি।

অজিত —হজুৰ! ৰণৰ সামৰণি পৰিবৰ হৈছে নে?

ৰামসিংহ—ওঁ, সামৰণিৰ ওচৰ চাপিছেহি। এই খনেই শেহ ৰণ হব। ইয়াতে মোৰ বল—বীৰ্য্য, ৰণ-কৌশল, ৰণ-বল যি বাকী ৰৈছে চুড়ান্তকৈ খটাম। এই ৰণতে হয় লাচিত, নহয় ৰামসিংহৰ পতন নিশ্চয়।

অজিত— ইয়াৰ পাচত আৰু ৰণ দিয়া নহব নে?

ৰামসিংহ—এই যাত্ৰাত আৰু নহয়।

অজিত—ওঁ, বুজিলোঁ; ইয়াতে সকলো শেষ হব লাগে।

নচৰৎ—এইবাৰ বোলে হতীয়াহতি যুদ্ধ হব? হয় নে?

ৰামসিংহ—হয়, আমাৰ সেই প্ৰস্তাৱ শত্ৰুপক্ষে গ্ৰহণ কৰিছে।

নচৰৎ—তেন্তে লাচিতৰ শিৰলৈ মোৰ নজৰ থাকিল।

ৰামসিংহ—লাচিত হেন বীৰৰে সৈতে হতীয়াহতি তোমালোকৰ লগত হোৱাটো শোভনীয় নহব। লাচিত যদি তোমাৰ হাতত পৰিব লাগে, তেন্তে মোলৈ আৰু কোন্ থাকিব!

নচৰৎ—বাৰু, আপোনাৰ হাতৰপৰা সাৰি যায় যদি, তেতিয়া আমি আক্ৰমণ কৰিলে তো দোষ নাই?

ৰামসিংহ —হওঁতে শক্ৰবধত দোষ কি আছে! কিন্তু, মোৰ হাতৰপৰাই সাৰি যাওকচোন,-এইবাৰ আহক।

নচৰৎ—বাৰু, তেন্তে মনত থাকিল। সাজু হৈ আহোঁগৈ। (প্ৰস্থান)

অজিত —মোৰো মনত থাকিল। ময়ো স্ববেশেৰে আহোঁগৈ। (প্ৰস্থান)

নেপথ্যত —জয়, স্বৰ্গদেৱৰ জয়! জয় লাচিত বৰফুকনৰ জয়।

(খোলা তৰোৱালেৰে লাচিতৰ প্ৰৱেশ)।

লাচিত—ধৰাঁ অসি, ৰামসিংহ, আজি তোমাৰে সৈতে হেঁপাহ পলুৱাই লাগি চাওঁ? তুমি আহোম স্বৰ্গদেৱক এই কাৰ্য্য়লৈ বিচাৰিছিলা; প্ৰথমে তেওঁৰ এই অনুচৰকে চাই লোৱাঁ। হেৰা, বীৰ! মল্লযুদ্ধত আহোমৰ বাহুবলৰ চিনাকি ইয়াৰ আগেয়ে তোমাক দিয়া নাই, তালৈ সময় হোৱা নাছিল বুলি; এতিয়া মোৰ উদ্দেশ্য সিদ্ধি হল, সেই সময়ো হৈছে। ধৰাঁ অসি, আহোম বীৰৰ প্ৰত্যক্ষ চিনাকি দিওঁ।

ৰামসিংহ —চলোৱা অসি, লাচিত, এই তোমাৰ অন্ত-কাল!

(লাচিত আৰু ৰামসিংহৰ মাজত অসিযুদ্ধ; নচৰতৰ হঠাৎ প্ৰৱেশ)

নচৰৎ —কি চাব লাগিছে,-এই একে ঘাপে বধিলো লাচিত!

(নচৰতে পিচৰপৰা লাচিতক ঘাপ মাৰিবলৈ উদ্যত, এনেতে বিজুলী সঞ্চাৰে অজিত প্ৰৱেশ কৰি, সৈনিক পোছাক ছিঁৰি দলিয়াই পেলাই, “ৰমণী গাভৰু”ৰ স্বৰূপ সাজেৰে আক্ৰমণৰ মাজত সোমায়হি।)।

অজিত — কি কৰাঁ! কি কৰা নচৰৎ!

নচৰৎ— (চমক্ খাই) ইকি! -অজিত!—অজিত কি ৰমণী!!

ৰমণী —আন ৰমণী নহয়-“ৰমণী গাভৰু”। নচৰৎ! আগেয়ে ৰমণীক নবধিলে মোৰ মানস স্বামী লাচিতক বখিব নোৱাৰাঁ। চাই লোৱাঁ,স্বৰূপ মোৰ!

আজি হে ৰমণীৰ বিয়া!—(নচৰতৰে সৈতে অসি-যুদ্ধত ৰমণী গাভৰুৰ পতন, নচৰতৰ তুৰন্তে প্ৰস্থান, লাচিত আৰু ৰামসিংহ তধা!)

ৰমণী —প-ৰ-ভু, দয়া-ম-য়, পু-ৰা-লাঁ কা-ম-না! সা-ৰ্ থক্- জীৱন! জনম ভূ-মিৰ উদ্-ধা-ৰ দে-খি-লোঁ। য’-ৰ দে-হা ত’-ত সঁ-পি-লোঁহি। যা-ক ভা-ব-ত, তা-ক আ-গ-ত পা-লোঁ-হি। ম-নো-ৰথ পূ-ৰ-ণ হ-ল মোৰ। (মৃত্যু)

ৰামসিংহ —অহঃ! অজিত মোৰ!তুমি তো সাধাৰণ অজিত নাছিলাঁ! তুমি ৰমণী গাভৰু! সেই হে ৰমণী গাভৰুৰ উন্নত ভাবেৰে মোক মুহিব পাৰিছিলাঁ তুমি; এক্ষন্তেকলৈকো কৰ্ত্তব্যবিমুখ নহৈ তুমি ক্ষত্ৰিয়ক শিক্ষা দিব পাৰিছিলাঁ। আহোম “ৰমণী” সামান্যা ৰমণী নহয়। তোমাৰ বীৰাঙ্গনা চৰিত্ৰৰ বলে শত ক্ষত্ৰিয়ৰ তেজ পানী কৰিব, ভাৰত ৰমণীক সতীত্বৰ জ্ঞান দিব।

আহোম বীৰ লাচিত! তোমাৰ বীৰত্ব, তোমাৰ ৰণ-পাণ্ডিত্য, তোমাৰ ৰাজভক্তি, তোমাৰ জাতীয়তা, তোমাৰ স্বদেশ-প্ৰেম পৃথিবীৰ আদৰ্শ। ক্ষত্ৰিয় ৰীতি অনুসৰি, মই আজি প্ৰকাশ্যে তোমাৰ ওচৰত পৰাজয় স্বীকাৰ কৰি স্বদেশলৈ উলটিলোঁ; তোমাৰ দেশ তুমি উদ্ধাৰ কৰিলাঁ। যি দেশত ৰমণী গাভৰু হেন বীৰকন্যা আৰু লাচিত বৰফুকন হেন বীৰপুত্ৰৰ জন্ম,সেই দেশত অন্যৰ অধিকাৰ নাই!

(গহীন খোজেৰে প্ৰস্থান)

লাচিত–অহঃ! কি অলৌকিক বিয়া! পৃথিবীত এনে বিয়া দেখুৱাবলৈকে ৰমণী গাভৰুৱে অসমত জন্ম লৈছিল। ধন্য তুমি গাভৰু! ধন্য তোমাৰ প্ৰতিজ্ঞা! ধন্য তোমাৰ স্বদেশপ্ৰেম! ধন্য, ধন্য তোমাৰ গুপ্তপ্ৰেম! প্ৰাণ দি ৰাখিলা এই প্ৰাণ; কিবা পালা প্ৰতিদান?

নাই, নাই তাৰ যোগ্য প্ৰতিদান নাই এই সামৰিক কৰ্মজীৱনত। যি বিয়া পাতিলাঁ আজি মানসত মোৰে, অচিৰে পাতিম সি বিয়া সিপুৰীত তোমাৰে। মিলিব তাৰ শুভছেগ অনতিপলমে। দৈহিক ৰণত প্ৰকাশ্যে জয়ী হৈ বিজয়ী নাম লাভ কৰিলোঁ; আধ্যাত্মিক ৰণৰ ক্ষণ গণিম সংগোপনে এই ৰণ-সামৰণিত। (নেপথ্যলৈ চাই) কোন আছাঁ?–(পানীফুকন আৰু গন্ধৰ্ব্বৰ প্ৰৱেশ) লোৱাঁ, এই পৱিত্ৰ শৱ গভীৰ সম্মানেৰে আমাৰ শিবিৰলৈ লৈ যোৱাঁ; ইয়াৰ সুযোগ্য সৎকাৰ হব লাগিব।

Lachit Phukan1
*******

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: লাচিত বৰফুকন
Editor

Editor

Related Posts

চন্দ্ৰকান্ত সিংহ আৰু শিখ – হিন্দুস্তানী সৈনিক সকল
ASSAMESE SECTION

চন্দ্ৰকান্ত সিংহ আৰু শিখ – হিন্দুস্তানী সৈনিক সকল

by Diganta Kumar Gogoi
May 18, 2026
0

চন্দ্ৰকান্ত সিংহ আৰু শিখ - হিন্দুস্তানী সৈনিক সকল দিগন্ত কুমাৰ গগৈ  উনবিংশ শতিকাৰ দ্বিতীয় দশকত আহোম ৰাজবিষয়া সকলৰ অন্তৰ্কলহ আৰু...

Read moreDetails
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
গছে সলায় পাত, পক্ষীয়ে লগায় মাত

গছে সলায় পাত, পক্ষীয়ে লগায় মাত

May 14, 2026
ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

May 12, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 12, 2026
পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব

পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব

May 11, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Rupee at 96+ Against the Dollar: Is India Heading Toward Another Economic Vulnerability Crisis in 2026?

Rupee at 96+ Against the Dollar: Is India Heading Toward Another Economic Vulnerability Crisis in 2026?

May 19, 2026
চন্দ্ৰকান্ত সিংহ আৰু শিখ – হিন্দুস্তানী সৈনিক সকল

চন্দ্ৰকান্ত সিংহ আৰু শিখ – হিন্দুস্তানী সৈনিক সকল

May 18, 2026
Adapting Agriculture for a Changing Climate

Adapting Agriculture for a Changing Climate

May 18, 2026
Plant-Based Eating for a Sustainable Future: Greener Choices, Brighter Tomorrow

Plant-Based Eating for a Sustainable Future: Greener Choices, Brighter Tomorrow

May 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    32553 shares
    Share 13021 Tweet 8138
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    14194 shares
    Share 5678 Tweet 3549
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    281 shares
    Share 112 Tweet 70
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3730 shares
    Share 1492 Tweet 933
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    943 shares
    Share 377 Tweet 236
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6533 shares
    Share 2613 Tweet 1633
  • Love in the Age of Ghosting and Situationships

    83 shares
    Share 33 Tweet 21
  • Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

    81 shares
    Share 32 Tweet 20
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4331 shares
    Share 1732 Tweet 1083
  • The Oxfam Report, 2021: India’s Health Inequality & Covid-19

    224 shares
    Share 90 Tweet 56
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d