• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

ASSAMESE SECTION / Assam / History

by Gautam Sarmah
November 24, 2024
in ASSAMESE SECTION, ASSAM, History, Inspiration
Reading Time: 4 mins read
0
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত
Share on FacebookShare on TwitterShare on LinkedIn

লাচিত আৰু শৰাইঘাটৰ যুদ্ধ

গৌতম শৰ্মা

Gautam Sarma
গৌতম শৰ্মা

আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত (১৬৪৮-১৬৬৩) মোগল সম্ৰাট ঔৰংজেৱৰ সেনাপতি মিৰজুমলাৰ দ্বাৰা আহোম ৰাজ্যৰ আক্ৰমণ আৰু ৰাজধানী গড়গাঁও দখল (১৬৬২) আছিল আহোম তথা অসমীয়া সেনাৰ বাবে চৰম লজ্জাজনক এক ঘটনা।

যি ঘটনাৰ অন্তত আহোম ৰাজে মোগলৰ সৈতে ঘিলাঝাৰীঘাটত অতি এক অপমানজনক চুক্তিত (১৬৬২) স্বাক্ষৰ কৰিব লগা হৈছিল।

মিৰজুমলাৰ প্ৰত্যাবৰ্তনৰ পাছত জয়ধ্বজ সিংহই ১৬৬৩ চনৰ নৱেম্বৰ মাহত ধ্বংসস্তূপত পৰিণত হোৱা ৰাজধানী গড়গাঁৱত প্ৰৱেশ কৰি শোকত ম্ৰিয়মান হৈ এক বিফল মন আৰু ভগ্ন হৃদয় তথা পৰাজয়ৰ গ্লানি মূৰ পাতি লৈ মৃত্যুবৰণ কৰে।

তেওঁৰ মৃত্যুৰ পাছত ভায়েক চক্ৰধ্বজ সিংহই আহোম ৰাজসিংহাসনত অধিষ্ঠিত হৈ মোগলৰ পৰাধীনতাৰ পৰা নিজক মুক্ত কৰাৰ উপায় চিন্তিলে।

এইজনা স্বাধীনচেতিয়া, নিৰ্ভীক দেশপ্ৰেমীক ৰজাই সিংহাসন আৰোহণ কৰিয়েই এনেদৰে কৈছিল “বঙাল তথা বিদেশীৰ অধীন হৈ থকাতকৈ মৰণেই শ্ৰেষ্ঠ। মোৰ উপৰিপুৰুষসকল কেতিয়াও কাৰো তলত নাছিল আৰু ময়ো মোগলৰ কৰতলীয়া হৈ থাকিব নোৱাৰোঁ।”

এইজনা স্বাধীনচেতিয়া ৰজাই লাচিতৰ দৰে এজন বীৰক চিনাক্ত কৰি মোগলৰ বিৰুদ্ধে কৰিবলগীয়া আগন্তক মহাৰণৰ সেনানায়কৰ গুৰুদায়িত্ব অৰ্পণ কৰি তেওঁক বৰফুকন পদত অধিষ্ঠিত কৰিছিল। 

         ১৬৬৭ চনৰ বাৰিষাকালৰ ভিতৰত যুদ্ধৰ সকলো যা-যোগাৰ সম্পূৰ্ণ কৰি আগষ্ট মাহৰ ২০ তাৰিখে লাচিতক নামনি অসমৰ ফালে মোগলৰ বিৰুদ্ধে প্ৰেৰণ কৰা হ’ল। সেই একে সময়তেই প্ৰায় ২০,০০০ জয়ন্তীয়া সৈন্যসহ ৰাণী, লুকী, বেলতলা আদিৰ জনজাতীয় ৰজাসকলেও আহোম সেনাত যোগ দি শক্তি বঢ়ালে। লাচিত বৰফুকনৰ সুদক্ষ পৰিচালনাত এই সন্মিলিত বাহিনীয়ে বাঁহবাৰী, কাজলি, ইটাখুলি আদি দুৰ্গবোৰ মোগলৰ পৰা পুনৰ উদ্ধাৰ কৰিলে।

প্ৰায় দুমাহ অৱৰোধ কৰাৰ পাছত গুৱাহাটী আৰু পাণ্ডুও অসমীয়া সেনাই অধিকাৰ কৰে। আনফালে অসমত থকা মোগল সেনাক সহায়ৰ বাবে চৈয়দ চানা আৰু চৈয়দ ফিৰোজৰ নেতৃত্বত এক শকত মোগল বাহিনী আহি অসমত উপস্থিত হ’লহি।

কিন্তু লাচিতৰ সুদক্ষ ৰণকৌশলৰ আগত মোগল সেনাই বেছিপৰ টিকি থাকিব নোৱাৰিলে। চৈয়দ চানা, চৈয়দ ফিৰোজ আদিকে ধৰি ভালেসংখ্যক মোগল আক্ৰমণকাৰীক বন্দী কৰি ৰাজধানী গড়গাঁৱলৈ প্ৰেৰণ কৰিলে। স্বৰ্গদেউ চক্ৰধ্বজ সিংহই এই বিজয়ৰ বাতৰি পাই উৎফুল্লিত হৈ এনেদৰে মন্তব্য কৰিছিল “এতিয়াহে মই এগৰাহ ভাত সুখেৰে খাব পাৰিম।”

লাচিত আৰু শৰাইঘাটৰ যুদ্ধ

ইয়াৰ পাছত লাচিত বৰফুকনক চক্ৰধ্বজ সিংহই গুৱাহাটীৰ সিপাৰে মোগলৰ গতি-বিধি লক্ষ্য কৰি থাকিবলৈ নিৰ্দেশ দিলে। গুৱাহাটীত থকা কালতেই তেওঁ পাণ্ডু আৰু শৰাইঘাটৰ দুৰ্গক সুৰক্ষিত ৰূপত নিৰ্মাণ কৰি উলিয়ালে। মোগলৰ হাতৰপৰা উদ্ধাৰ কৰা অঞ্চলসমূহত পুনৰ আহোম শাসন ব্যৱস্থা প্ৰবৰ্তন কৰা হ’ল। এইখিনি লৈকে সকলো ঠিকেই আছিল।

কিন্তু যেতিয়াই অসমীয়া সেনাৰ হাতত মোগল সেনাৰ পৰাজয়ৰ বাতৰি গৈ দিল্লী পালেগৈ তেতিয়াই লগে-লগে মোগল সম্ৰাট ঔৰংজেৱে অসমক এশিকনি দিবলৈ বুলি অম্বৰৰ ৰাজপুত ৰজা জয়সিংহৰ পুতেক ৰামসিংহক অসমৰ বিৰুদ্ধে প্ৰেৰণ কৰে। আৰু এই ৰামসিংহৰ অসম আগমন তথা আহোম ৰাজ্য আক্ৰমণেই ইতিহাসপ্ৰসিদ্ধ শৰাইঘাটৰ যুদ্ধৰ ঐতিহাসিক বীজ ৰোপণ কৰে।

অসম তথা আহোম ৰাজ্য আক্ৰমণ কৰাৰ উদ্দেশ্যে ১৬৬৯ চনৰ মাৰ্চ মাহত ৰামসিংহই ৩০,০০০ পদাতিক, ১৮,০০০ আশ্বাৰোহি, ৩০,০০০ কাঁড়ী আৰু ৩০ খন যুদ্ধ জাহাজসহ এক বিশাল মোগল সেনাবাহিনী লৈ গোৱালপাৰাত উপস্থিত হ’লহি। ৰামসিংহৰ সহকাৰী সেনাপতি হিচাপে প্ৰেৰণ কৰা হ’ল গুৱাহাটীৰ প্ৰাক্তন থানাদাৰ ৰচিদ খাঁক।

মোগল বাহিনী আগমনৰ বাতৰি পাই অসমীয়া বাহিনীয়ে মানাহ অঞ্চলৰ পৰা গুৱাহাটীলৈ পিছুৱাই অহাত বিনাবাধাই ৰামসিংহই গুৱাহাটী পালেহি। মোগল বাহিনীৰ আগমনত ভীতিগ্ৰস্ত হৈ অসমীয়াই সেনাই প্ৰকৃততে পিছ হোঁহকা নাছিল। ইয়াৰ অন্তৰালত থকা মূল কাৰণ হ’ল, সেইসময়ত গুৱাহাটী আৰু ইয়াৰ উপকন্ঠ অঞ্চলতহে মোগলক ভেটিবৰ বাবে প্ৰকৃত ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছিল।

লাচিত আৰু শৰাইঘাটৰ যুদ্ধ

ব্ৰহ্মপুত্ৰৰ উত্তৰে আমিনগাঁৱৰ শৰাইঘাট দুৰ্গত আতন বুঢ়াগোহাঁই, পাণ্ডুত বৰগোঁহাই, কুৰুৱাত বৰপাত্ৰগোহাঁই, অসুৰ আলিত কলীয়াবৰীয়া ফুকন, ইটাখুলিত স্বয়ং লাচিত বৰফুকন আৰু নৌবিভাগৰ দায়িত্বত নাওবৈছা ফুকনে প্ৰতিৰক্ষাৰ বাবে সাজু হৈছিল। মোগল বাহিনীৰ দুৰ্জয় অভিযান অধিক দক্ষতাৰে প্ৰতিৰোধ কৰিবৰ বাবে লাচিতে একে ৰাতিৰ ভিতৰতে শৰাইঘাটত থকা আহোম সেনা চাউনিৰ চাৰিওপিনে এক গড় নিৰ্মাণৰ আঁচনি ল’লে।

এই গড় ৰাতিটোৰ ভিতৰতে সম্পন্ন কৰাৰ দায়িত্ব অৰ্পণ কৰিলে নিজ মোমায়েকক। কিন্তু নিৰ্দিষ্ট সময়ৰ ভিতৰত গড় নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত গাফিলতি কৰাত লাচিতে মোমায়েকক মৃত্যুদণ্ড দি ৰনুৱা তথা বনুৱাসকলৰ মনত ভয়ৰ সঞ্চাৰ কৰি একে ৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ কৰি তুলিবলৈ বাধ্য কৰাইছিল। আনফালে ৰামসিংহই এই খবৰ পাই শৰাইঘাটৰ গড় ভেদ কৰিবলৈ চেষ্টা চলালে।

কিন্তু তেওঁ এই কাৰ্যত বিফল হৈ দৰঙৰ ফালে আগবাঢ়িল। দৰঙত হোৱা স্থল যুদ্ধত ৰামসিংহই জয়লাভ কৰিলে যদিও পৰৱৰ্তী নৌযুদ্ধত তেওঁ পৰাজয় বৰণ কৰি হাজো ফাললৈ পিছ হোঁহকিবলৈ বাধ্য হয়। তেনেতে ৰামসিংহ আৰু গুৱাহাটীৰ প্ৰাক্তন থানাদাৰ ৰছিদ খাঁনৰ মাজত হোৱা মনোমালিন্যৰ ফলত মোগল সেনাবাহিনীৰ মাজত এক বিশৃংখল পৰিস্থিতিয়ে দেখা দিয়ে।

পৰিস্থিতিৰ পূৰ্ণ সুযোগ লৈ আহোম সেনাই শুৱালকুচি, চেঁচা আদিৰ যুদ্ধত মোগলক পৰাস্ত কৰি আগীয়াঠুটিত থকা মোগলৰ সেনাচাউনি অধিকাৰ কৰে। উপায়হীন হৈ ৰামসিংহই হাজো ত্যাগ কৰি দলিবাৰীৰ ওচৰৰ আলাবৈ পাহাৰৰ ওপৰত এক সুচল ঠাইত সেনাচাউনি পাতে। এইখিনি ঠাইতেই আহোম সেনাপতি লাচিত বৰফুকনৰ তীব্ৰ অনিচ্ছা স্বত্বেও আহোম ৰজা চক্ৰধ্বজ সিংহৰ নিৰ্দেশক্ৰমে ১৬৬৯ চনত অসমীয়া সেনাৰ বাবে অতি দুৰ্ভাগ্যজনক যুদ্ধখন সংঘটিত হয়।

LachitBorphukan

যিখন যুদ্ধত এটা দিনতেই প্ৰায় ১০,০০০ অসমীয়া সৈন্যৰ প্ৰাণ গৈছিল। আহোম ৰজাৰ ভুল নিৰ্দেশত সংঘটিত এই আলাবৈ যুদ্ধৰ ক্ষতিৰ সংবাদে ৰজা চক্ৰধ্বজ সিংহক শোকত ম্ৰিয়মান কৰি তুলিলে। এই শোকতে সেই বছৰৰ শেষৰফালে তেওঁৰ মৃত্যু হয়। এইজনা স্বাধীনচেতিয়া ৰজাৰ মৃত্যুৰ পাছত উদয়াদিত্য সিংহই এক সংকটকালত ৰজা হয়। এইজনা ৰজাৰ দিনতেই অসমৰ ইতিহাসৰ আটাইতকৈ লেখত ল’বলগীয়া ইতিহাসপ্ৰসিদ্ধ শৰাইঘাটৰ যুদ্ধখন মোগল আৰু আহোম সেনাৰ মাজত সংঘটিত হৈছিল।

         উল্লেখযোগ্য যে, আলাবৈ যুদ্ধত জয়লাভ কৰাৰ পাছত ৰামসিংহই যুদ্ধ কৰাৰ পৰিৱৰ্তে আহোম পক্ষৰ সৈতে সন্ধি কৰিবৰ বাবে চেষ্টা কৰিছিল আৰু লগতে এই সন্ধিৰ দ্বাৰাই গুৱাহাটীক মোগলক এৰি দিবলৈ বাধ্য কৰাব খুজিছিল। কিন্তু আহোম ৰজাই ইয়াক মানি লোৱাৰ পৰিৱৰ্তে আতন বুঢ়াগোহাঁইৰ নেতৃত্বত লাচিতৰ সহায়ৰ বাবে পুনৰ ২০,০০০ সৈন্য প্ৰেৰণ কৰিলে।

তেনেতে মোগল সম্ৰাট ঔৰংজেৱৰ পৰাও আহোমৰ বিৰুদ্ধে যুদ্ধ দিবৰ বাবে ৰামসিংহলৈ কাঢ়া নিৰ্দেশ অহাত ৰামসিংহয়ো নতুন উদ্যমেৰে সৈন্য সঞ্চালন কৰিবলৈ আঁচনি ল’লে। কিন্তু স্থলযুদ্ধত তেওঁ বহু চেষ্টা কৰিও সফল হ’ব নোৱাৰি নৌযুদ্ধত নমাৰ সিদ্ধান্ত ল’লে। এইখিনি সময়তেই ইউৰোপীয় নাবিকসহ এক বিশাল নৌবাহিনী ৰামসিংহৰ সহায়ৰ বাবে বংগদেশৰ পৰা আহি অসমত উপস্থিত হ’লহি। কামাখ্যা পাহাৰ আৰু শুক্লেশ্বৰৰ মাজৰ ‘আন্ধাৰ বালি’ অংশইদি ব্ৰহ্মপুত্ৰ অতিক্ৰম কৰি গুৱাহাটীত উপস্থিত হোৱাত ৰামসিংহৰ এক প্ৰচেষ্টা ব্যৰ্থ হয়।

lachit phukan3

        দুৰ্ভাগ্যবশতঃ এইখিনি সময়তেই অসমীয়া সেনা বাহিনীৰ নায়ক লাচিত বৰফুকন কঠিন নৰীয়াত শয্যাশায়ী হয়। এনে অৱস্থাত নেতৃত্ববিহীন হৈ পৰা অসমীয়া সৈন্যৰ ওপৰত তীব্ৰগতিত মোগলৰ আক্ৰমণ চলিল। জয়ৰ আশা নেদেখি অসমীয়া সৈন্যই পিছ হোঁহকিবলৈ ধৰিলে। শত্ৰুৰ এনে আগ্ৰাসন দেখি লাচিতৰ ধৈৰ্যৰ বান্ধ খুলখাই গ’ল। তীৰ কঁপা জ্বৰৰ গাৰেই নিজৰ নাৱত জপিয়াই পৰিল।

বৰফুকনৰ এই উদ্যম দেখি অসমীয়া নৌবাহিনীৰ মনোবল ঘূৰি আহিল। ব্ৰহ্মপুত্ৰৰ বুকু যুদ্ধ নাৱেৰে ভৰি পৰিল। পাহাৰৰ ওপৰৰ পৰাও অসমীয়া স্থল সেনাই শত্ৰুৰ ওপৰত কাঁড়, হিলৈ, বৰটোপ আদিৰে উপৰ্যুপৰি আক্ৰমণ চলালে। ১৬৭১ চনৰ মাৰ্চ মাহত হোৱা এই ইতিহাসপ্ৰসিদ্ধ শৰাইঘাটৰ যুদ্ধত ৰামসিংহৰ নেতৃত্বত অসমলৈ অহা আক্ৰমণকাৰী মোগল বাহিনী সম্পূৰ্ণৰূপে বিধস্ত হয়।

পৰাজয়ৰ গ্লানি লৈ ৰামসিংহই এপ্ৰিল মাহৰ ৫ তাৰিখে অসমৰপৰা প্ৰত্যাবৰ্তন কৰিবলৈ বাধ্য হয়। অসমীয়া সেনাই মোগল বাহিনীক খেদি নি মানাহ নদী পাৰ কৰি থৈ ইয়াতেই মোগল আৰু আহোম ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰে। এই ইতিহাসপ্ৰসিদ্ধ শৰাইঘাটৰ যুদ্ধৰ ঠিক পিছৰ বছৰতেই ১৬৭২ চনৰ এপ্ৰিল মাহত অসমীয়া ৰজা আৰু প্ৰজাক বিজয়ৰ মুকুট পিন্ধোৱা মহাবীৰ লাচিত বৰফুকনৰো মৃত্যু হৈছিল।

শেষত, আমি আমাৰ লেখাৰ শেষ মূল বিষয়লৈ যাব খুজিছোঁ। য’ত শৰাইঘাটৰ যুদ্ধৰ পৰিণতি তথা তাৎপৰ্যৰ বিষয়ে আলোকপাত কৰিম।

প্ৰথম তাৎপৰ্য: সপ্তদশ শতিকাৰ আহোম-মোগলৰ দীঘলীয়া সংঘৰ্ষৰ ক্ষেত্ৰত শৰাইঘাটৰ যুদ্ধৰ বিশেষ গুৰুত্ব আছে। কিয়নো, শৰাইঘাটৰ এই যুদ্ধখন আছিল চৰকাৰীভাৱে আহোম আৰু মোগলৰ মাজৰ অন্তিম যুদ্ধ। ১৬৮২ চনত গদাধৰ সিংহৰ দিনত সংঘটিত ইটাখুলিৰ যুদ্ধখন যদিও শেষ আহোম-মোগল যুদ্ধ বুলি জনা যায় কিন্তু এই যুদ্ধখন মোগলৰ পক্ষৰ পৰা হোৱা নাছিল। স্বাৰ্থন্বেষী এজন বিষয়াই গুৱাহাটীখন মোগলক এৰি দিয়াত গুৱাহাটী পুনৰ উদ্বাৰৰ বাবেহে এই যুদ্ধখন সংঘটিত হৈছিল।

lachit maidam

দ্বিতীয় তাৎপৰ্য: শৰাইঘাটৰ যুদ্ধত আহোম সেনাৰ হাতত মোগলৰ শ্ৰেষ্ঠ সেনাপতি ৰামসিংহৰ পৰাজয় সমগ্ৰ ভাৰতবৰ্ষৰ ইতিহাসৰ বাবেই এক প্ৰভাৱসম্পন্ন ঘটনা। উত্তৰ-পূব ভাৰতৰ এটি ক্ষুদ্ৰ শক্তিৰ হাতত মোগল সেনাৰ এই ধৰাসায়ী হোৱা অৱস্থাই সমসাময়িক ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা মোগল বিৰোধী শক্তিসমূহক প্ৰবল প্ৰেৰণা যোগাইছিল। বিশেষকৈ মাৰঠা, শিখ, জাট আদি মোগল বিৰোধী শক্তিবোৰে প্ৰবল প্ৰতাপী মোগল শক্তিৰ বিৰুদ্ধে থিয় দিবলৈ সাহস কৰিছিল। অৰ্থাৎ এই শৰাইঘাটৰ যুদ্ধই পৰোক্ষভাৱে মোগল সাম্ৰাজ্যৰ পতনমুখী গতিৰ বাট প্ৰশস্ত কৰিছিল বুলি ক’লে ভুল কোৱা নহ’ব।

তৃতীয় তাৎপৰ্য: মিৰজুমলা অসম আক্ৰমণৰ পৰিণতি স্বৰূপে আহোম আৰু মোগলৰ মাজত হোৱা ঘিলাঝাৰী ঘাটৰ সন্ধিৰ চৰ্তসমূহ আহোম সেনাৰ বাবে চৰম অপমানজনক হিচাপে চিহ্নিত হৈছিল। অসমীয়া তথা আহোম সেনাই শৰাইঘাটৰ যুদ্ধৰ জৰিয়তে সেই অপমান আঁতৰাই হেৰুৱা গৌৰৱ পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

যুদ্ধৰ পৰিণতি স্বৰূপে অসমীয়া সেনাই গুৱাহাটীসহিতে মানাহ নৈ পৰ্যন্ত নিজ ৰাজ্যখণ্ড পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অসমীয়া সেনাৰ এই বল-বিক্ৰম দেখি শত্ৰুৰ সেনানায়ক স্বয়ং ৰামসিংহয়ো এইবুলি প্ৰশংসা কৰিছিল। “এই দেশৰ ৰজাৰ গৌৰৱ, পাত্ৰমন্ত্ৰীসকলৰ গৌৰৱ, সেনাপতিসকলৰ গৌৰৱ সমগ্ৰ দেশখনৰ গৌৰৱ। য’ত প্ৰতিজন সৈন্যই নাও চলোৱা, কাঁড় মৰা, খাৱৈ খন্দা, হিলৈ মৰা এই সকলোতেই পাকৈত। এনেদৰে পাকৈত ৰনুৱা মই ক’তো দেখা নাই। আনকি মই ৰামসিংহ ব্যক্তিগতভাৱে ৰণক্ষেত্ৰত থাকিও কোনো সুযোগ তথা ছিদ্ৰ নাপালোঁ।”

তদুপৰি ৰামসিংহৰ লগত অসমলৈ অহা নৱম শিখ গুৰু টেগবাহাদুৰৰ লিখনিৰ দ্বাৰাও অসমীয়া সেনাৰ বীৰত্বৰ বতৰা সমগ্ৰ জগতে জানিলে।

চতুৰ্থ তাৎপৰ্য: এই শৰাইঘাটৰ যুদ্ধৰ জয়লাভে আহোম ৰজাসকলৰ মাজত নিজ সৈন্যবাহিনী আৰু সেনানায়কৰ প্ৰতি প্ৰবল আস্থাৰ জন্ম দিলে। নিজ সৈন্যবাহিনীৰ ওপৰত বৃদ্ধি পোৱা এই প্ৰবল আস্থাৰ বলতেই পৰৱৰ্তী আহোম ৰজা ৰুদ্ৰসিংহই অসমীয়া সৈন্য আৰু ওচৰ-চুবুৰীয়া ৰজাসকলৰ সহায়ত সমগ্ৰ উত্তৰ-পূব ভাৰতত মোগলৰ প্ৰতিপত্তি অন্ত পেলাবৰ বাবে এক বৃহৎ আঁচনি লৈ এক বৃহৎ সেনাবাহিনী প্ৰস্তুত কৰি উলিয়াইছিল।

lachit bhawan

দুৰ্ভাগ্যবশতঃ তেওঁৰ আকস্মিক মৃত্যুয়ে এই আঁচনিক পৰিত্যক্ত কৰে। যি নহওক, স্বৰ্গদেউ ৰুদ্ৰসিংহৰ এই উচ্চাকাংঙ্খী আঁচনিৰ অন্তৰালত শৰাইঘাটৰ যুদ্ধৰ জয়লাভ এক প্ৰেৰণা আছিল বুলি নিশ্চিতভাৱে মন্তব্য কৰিব পাৰি।

পঞ্চম তাৎপৰ্য: শৰাইঘাটৰ যুদ্ধত মোগলৰ পৰাজয় সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ বাবেও পৰোক্ষভাৱে গুৰুত্বপূৰ্ণ আছিল। প্ৰকৃততে, মোগল সম্ৰাটসকলৰ অসম তথা উত্তৰ-পূব ভাৰত জয় কৰাৰ মূল লক্ষ্য আছিল ব্ৰহ্মদেশকে আদি কৰি দক্ষিণ-পূব এছিয়াৰ দেশসমূহত মোগলৰ আধিপত্যতা প্ৰতিষ্ঠা কৰা। কিন্তু শৰাইঘাটৰ যুদ্ধত হোৱা তেওঁলোকৰ বিপৰ্যয়ে তেওঁলোকৰ এই নীতিত চেঁচা পানী ঢালিলে।

মোগলৰ এই দক্ষিণ-পূব এছিয়াৰ বিজয়ৰ নীতিক ইতিহাসবিদ S.K. চেটাৰ্জীয়ে সঠিকভাৱেই মন্তব্য কৰিছে এনেদৰে যে “Assamese kings stopped the Muslim flood from penetrating into Burma and beyond. A land root for aggressive advance was denied to the India Muslims by the Ahoms of Assam. Otherwise, the history of Burma, Siam and Indo-China might have been different.”

ষষ্ঠ তথা অন্তিম তাৎপৰ্য: এই শৰাইঘাটৰ যুদ্ধৰ বাবেই আমি লাচিত বৰফুকনৰ দৰে এজন বিশ্বস্ব, বীৰ অসমীয়া সেনানায়ক পালোঁ। যি নিজ দেশ ৰক্ষাৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰি প্ৰতি অসমীয়াৰ শিৰত বিজয়ৰ মুকুট আঁৰি দি যুগ যুগান্তৰলৈ জাতিটোক মূৰ দাঙি থিয় হোৱাৰ পাঠ পঢ়াই গ’ল।

শৰাইঘাটৰ যুদ্ধত জয়লাভ অসমৰ ইতিহাসৰ এক গৌৰৱউজ্জ্বল অধ্যায়। এই যুদ্ধই এহাতেদি যেনেকৈ অসমীয়াৰ শৌৰ্য-বীৰ্য তথা সন্মান বিশেষভাৱে বৃদ্ধি কৰিলে আৰু অন্যহাতেদি মহাপৰাক্ৰমী মোগল শক্তিক এক প্ৰচণ্ড আঘাত হানিলে।

অসমবাসীৰ বাবে শৰাইঘাটৰ যুদ্ধ তথা লাচিত বৰফুকন এক চিৰসেউজ স্মৰণ হৈ ৰ’ব।

20221125 121057 1

আনকি আমি অসমবাসীয়ে আজিও সুবিচাৰ সংগ্ৰাম বুলিলে শৰাইঘাটৰ যুদ্ধক আৰু প্ৰকৃত দেশপ্ৰেমী নেতা বুলিলে কিংবদন্তি চৰিত্ৰ লাচিত বৰফুকনৰ কথা সাদৰেৰে স্মৰণ কৰোঁ।

(লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক। ফোন: ৯৯৫৪০ ০০২০০)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Gautam Sarmah

Gautam Sarmah

Related Posts

“Once Upon a Time”- Revisiting Oral Traditions of Assam
ASSAM

“Once Upon a Time”- Revisiting Oral Traditions of Assam

by RODALI BARUAH
September 14, 2026
0

"Once Upon a Time"- Revisiting Oral Traditions of Assam RODALI BARUAH I have always heard folktales and stories orally from...

Read moreDetails
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়

চিলাৰায় ! চিলাৰায় নাছিল কি!!

September 13, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 13, 2026
Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

September 12, 2026
স্বাৱলম্বিতাৰ লক্ষ্যৰে অৰ্থনৈতিক আন্দোলন আৰু সদৌ অসম ছাত্ৰ সন্থা

When Livelihoods Knew Nature : The Ecological Wisdom Embedded in Assam’s Changing Traditional Occupations

September 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

September 14, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
The Indigenous Guardians of the Death Zone

The Indigenous Guardians of the Death Zone

September 14, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40937 shares
    Share 16374 Tweet 10234
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19186 shares
    Share 7674 Tweet 4797
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4303 shares
    Share 1721 Tweet 1076
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    955 shares
    Share 382 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    155 shares
    Share 62 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4118 shares
    Share 1647 Tweet 1030
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    398 shares
    Share 159 Tweet 100
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    95 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d