-অঞ্জন শৰ্মা |
জিম্বাবৱেৰ হাৰাৰেৰ পঞ্চকোণীয় গীৰ্জাৰ বিশ্বপ মি: মুপাৰুটশ্বা গীৰ্জাৰ ভিতৰত বিষণ্ণ হৈ বহি আছে। জিম্বাবৱেৰ অৰ্থনীতি এনেদৰে ভাঙি পৰিছে যে যিটো গীৰ্জাত আগতে ৪০০ মানুহ সমৱেত হৈ প্ৰাৰ্থনা কৰিছিল, সেই সংখ্যা এতিয়া হ্ৰাস হৈ ১২০ হৈ পৰিছে। বিশ্বপে এতিয়া বাইবেলৰ বাণীসমূহ বহুতকে WhatsAppৰ জৰিয়তে প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে। গীৰ্জাত প্ৰাৰ্থনা কৰিবলৈ অহা মানুহবোৰৰ সন্মুখত তেওঁ পূৰ্বতকৈ অধিক উজ্জীৱিত হ’বলৈ আৰু মানুহবোৰকো উজ্জীৱিত কৰিবলৈ কৃত্ৰিমভাৱে যত্ন কৰি আহিছে যদিও তেওঁৰ সেই প্ৰয়াস ব্যৰ্থ হৈ পৰিছে। তেওঁ বৰ বিষণ্ণ হৈ পৰিছে।
জিম্বাবৱে এতিয়া সুতীব্ৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে। দিনটোৰ ২৪ ঘন্টাত বিজুলী সৰবৰাহ হয় মাত্ৰ ৬ ঘন্টা। পানীৰ পাইপৰ টেপেৰে পৰিষ্কাৰ পানী বাহিৰ হয় সপ্তাহত এদিন। পেট্ৰল পাম্পবোৰত পেট্ৰল নাই, যি দুই এটাত আছে- সুদীৰ্ঘ শাৰী। দেশখনৰ অৰ্দ্ধেক জনসংখ্যা, অৰ্থাৎ প্ৰায় ৭.৫ নিযুত মানুহে অহা বছৰটোৰ আৰম্ভণিৰে পৰাই দিনটোত মাত্ৰ এসাঁজ খাদ্যৰ বাবেও তীব্ৰ সংগ্ৰাম কৰিব লাগিব বুলি ইতিমধ্যে World Food Programme (UN Agency)-এ সকিয়াই দিছে। জিম্বাবৱেৰ বাৰ্ষিক মুদ্ৰাস্ফিতীৰ হাৰ সম্প্ৰতি ৫০০% হোৱা বুলি Msasa Capital নামৰ এটা সংস্থাই ঘোষণা কৰি কৈছে যে -“We can’t see the light at the end of the tunnel”!
জিম্বাবৱেৰ চৰকাৰে দোষ দিছে প্ৰকৃতিক, ‘ইদাই’ ( Idai ) নামৰ ঘূৰ্ণিক। দোষ দিছে খৰাং বতৰক। জাম্বিয়া আৰু জিম্বাবৱেৰ সীমান্তত থকা ‘কাৰিবা’ হ্ৰদ ইতিমধ্যে শুকাই গৈছে আৰু হাইদ্ৰ’পাৱাৰ প্লেন্ট বন্ধ হৈ গৈছে।
প্ৰাকৃতিক দুৰ্যোগৰ কথা সুকীয়া, কিন্তু দেশখনৰ সমস্যাবোৰৰ বাবে প্ৰাকৃতিক দুৰ্যোগ দায়ী নহয়। ‘কাৰিবা’ হ্ৰদ শুকাই যাব বুলি এবছৰ পূৰ্বৰে পৰা ঘোষণা কৰি থকা হৈছিল যদিও সেই ঘোষণাক গুৰুত্ব দি দেশখনৰ কয়লা-নিৰ্ভৰ শক্তিকেন্দ্ৰৰ দ্বাৰা বিজুলীৰ জোৰা মাৰিবলৈ যত্ন কৰা নহ’ল বাবে জিম্বাবৱে এতিয়া অন্ধকাৰত। বেলেগ দেশৰ পৰা বিজুলী আনিবলৈও ধন নাই। জিম্বাবৱেৰ উদ্যোগবোৰ এটাৰ পিছত অইনটো বন্ধ হৈ পৰিছে। কিছুমান ফেক্টৰী মাত্ৰ কেইঘন্টামানৰ বাবে নিশাহে চলে। হাৰাৰেৰ কাষৰ Mbare নামৰ স্থানত ওবে মাপুপা নামৰ ব্যক্তি এজনে কবৰৰ বাবে ‘Tombstone’ তৈয়াৰ কৰে। তেওঁৰ ব্যৱসায় খুব ৰমৰমীয়া হব লাগিছিল, যিহেতু মৃত্যুৰ সংখ্যা দিনে দিনে বৃদ্ধি হৈ আছে। কিন্তু হোৱা নাই, কাৰণ বিজুলীৰ অভাৱত তেওঁ মাৰ্বলত ফলকত লিখিব পৰা নাই ‘এপিটাফ’!
জিম্বাবৱেৰ জলাধাৰবোৰত পানী নাই, যিবোৰত অলপ-অচৰপ আছিল- সেইবোৰতো ছিদ্ৰ হৈ পানী ওলাই গৈ শুকান হৈ পৰিছে। জলাধাৰবোৰ পৰিষ্কাৰ কৰিবলৈ প্ৰয়োজনীয় বিদেশী সামগ্ৰী আনিবলৈ চৰকাৰৰ হাতত বিদেশী মুদ্ৰা নাই। হাৰাৰেৰ বাহিৰৰ এখন সৰু চহৰ Chitungwiza-অত ৬৬ বছৰ বয়সীয়া গৌডেনশ্বিয়া মাপুটিয়ে এবাল্টি পানীৰ বাবে ২৪ ঘন্টা শাৰী পাতিবলগীয়া হৈছে, হয় , তেওঁ ৰৈ থাকিবলগীয়া হৈছে, তেওঁ নিৰুপায়, কাৰণ ঘৰত ৮৩ বছৰীয়া কেন্সাৰ আক্ৰান্ত ককায়েকৰ বাবে এটুপিও পানী নাই।
জিম্বাবৱেৰ কৃষিক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰি থকা Grain Marketing Board (GMB)য়ে সুলভ মূল্যত প্ৰতি টনত ২৪০ ডলাৰকৈ যৱ (maize) বিক্ৰী কৰি আছে, আৰু কিনি আছে প্ৰতি টনত ৩৯০ ডলাৰকৈ!! অৰ্থাৎ এক বিৰাটাকাৰৰ দুৰ্নীতিৰ চিন্ডিকেট চলি আছে- প্ৰতি টনত ১৫০ ডলাৰৰ দুৰ্নীতি; বিক্ৰী কৰা যৱ পুনৰ অধিক মূল্যত ক্ৰয় কৰি কৰি!!
জিম্বাবৱেত এতিয়া খাদ্য, পানী, বিজুলী সকলোতে বিৰাট সংকট। এই সংকট মুগাবেৰ দিনতেই আৰম্ভ হৈছিল। দুৰ্নীতিৰ অভিযোগ তুলিয়েই এক অভ্যুত্থানৰ দ্বাৰা ২০১৭ চনৰ নৱেম্বৰত তেওঁক আতৰ কৰা হৈছিল। কিন্তু এতিয়া অৱস্থা মুগাবেৰ দিনতকৈও অধিক, অত্যধিক শোচনীয় হৈ পৰিছে।
২০০৮ – ২০০৯ চনত জিম্বাবৱে চৰকাৰে বেংক-নোট ছপা কৰিছিল, বহুকেইটা শূণ্য যোগ দি দি। সেই নোটসমূহ এতিয়া মূল্যহীন কাগজত পৰিণত হৈছে। মুদ্ৰাস্ফিতীৰ বাবে নোটৰ কোনো মূল্য নাই। সেইবাবে এতিয়া চৰকাৰে এক ইলেক্ট্ৰনিক কি-বোৰ্ড বাহিৰ কৰি বেংকৰ সৈতে “Real Time Gross Settlement”ৰ ব্যৱস্থা কৰিছে ডলাৰৰ দ্বাৰা লেনদেন কৰিবলৈ; ইলেক্ট্ৰনিক নোট- ‘Zollars’ (জিম্বাবৱে ডলাৰ= জলাৰ) নামেৰে নগদ ধন উলিয়াবলৈ, কিন্তু তাতো ব্যৰ্থ চৰকাৰ।
মুগাবেক অপসাৰণ কৰি Emmerson Hnangagwa -এ ৰাষ্ট্ৰপতি হোৱাৰ পিছত সদম্ভে ঘোষণা কৰিছিল যে Zollar = Dollar ; কিন্তু সেই দালি নগলিল। জিম্বাবৱেৰ অৰ্থনীতি দেখা পাই কোনেও Zollar-অক আদৰি নললে। গতিকে এতিয়া আমেৰিকাৰ ডলাৰৰ বাহিৰে বেলেগ গত্যন্তৰ নাই। ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা জুন মাহলৈ Zollar-এ ডলাৰৰ তুলনাত ৯০% অৱনমিত হৈছে। চৰকাৰী বিষয়া, পুলিচ, মিলিটাৰী আদিয়ে আপত্তি কৰিছে যে Zollar-অৰ দ্বাৰা দৰমহা লব নোৱাৰি, যিহেতু ই কেইঘন্টামানৰ ভিতৰতে বাষ্পত পৰিণত হয়। তেওঁলোকে এতিয়া ডলাৰৰ দ্বাৰা দৰমহা পাবলৈ বিচাৰিছে।
আন্তৰ্জাতিক মুদ্ৰানিধি (International Monetary Fund)-এ এনে এক অৱস্থাত জিম্বাবৱেক সহায় কৰা দৰকাৰ যদিও পূৰ্বৰ ধাৰ পৰিশোধ নকৰা হেতুকে সহায় কৰিব নোৱাৰে।
এনে এক পৰিস্থিতিত আমেৰিকা আৰু পশ্চিমীয়া দেশবোৰে অতি শীঘ্ৰেই জিম্বাবৱে চৰকাৰক দেশখনত বলৱৎ হৈ থকা দুখন নাৰকীয় আইন প্ৰত্যাহাৰ কৰিবলৈ পৰামৰ্শ দিছে- যি দুখনৰ সহায়েৰে জিম্বাবৱেৰ ৰাষ্ট্ৰপতিয়ে অবাধে হত্যা, অত্যাচাৰ, দমন, অপহৰণ কৰি কৰি মানুহক অধিক বিক্ষুব্ধ কৰি তুলিছে।
কিছুমানে প্ৰতিবাদ কৰিছে দলে দলে জিম্বাবৱে ত্যাগ কৰি। সেইকাৰণেই গীৰ্জাৰ বিষণ্ণ বিশ্বপেও WhatsApp-অৰ জৰিয়তে বাইবেলৰ বাণী প্ৰচাৰ কৰিবলগীয়া হৈছে সেৰেঙা উপস্থিতি দেখি, অৰ্থনৈতিক সংকট দেখি।
Exodus!!
প্ৰস্থান !!
জিম্বাবৱেৰ পৰা প্ৰস্থান!!
বাইবেলৰ বাণী প্ৰচাৰ কৰা গীৰ্জাৰ পৰাও প্ৰস্থান!! বিজুলীৰ অপেক্ষাত ৰৈ আছে ‘এপিটাফ’ লেখক!!