• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, January 31, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

মনোজ কুমাৰ বৰুৱা 

by Admin
January 10, 2023
in Opinion
Reading Time: 2 mins read
0
লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া
Share on FacebookShare on TwitterShare on LinkedIn

লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

মনোজ কুমাৰ বৰুৱা 

Girls1

উত্তৰ আধুনিকতাবাদ প্ৰকৃততে এক নিৰ্দিষ্ট অধ্যয়নশৈলী হোৱাৰ পৰিৱৰ্তে ই প্ৰচলিত ব্যৱস্থা আৰু নীতিৰ বিৰোধভাৱ হিচাপে সদায় ক্ৰিয়াশীল হৈ আহিছে।

এই প্ৰতিক্ৰিয়াৰ বিশ্লেষণত কোনো সমাজবিদ অথবা ৰাজনীতিবিদৰ উদ্ধৃতি ব্যৱহৃত নহয়। প্ৰতিক্ৰিয়াসমূহ আত্মগ্লানিৰ কাৰক হ’ব পাৰে যদিও ই উত্তৰ আধুনিক সমাজখনৰেই বদান্যতা। চিন্তাসমূহৰ সাম্প্ৰতিক প্ৰাসংগিকতা নিৰ্ণয় কৰাৰ দায়িত্ব পাঠকৰ।

    আমি আঞ্চলিকতাবাদৰ প্ৰয়োজনীয়তাৰ কথা আলোচনা কৰিলে প্ৰায়ে কিছুমান সমস্যাৰ কথা কওঁ, যি সমূহৰ সমাধান আঞ্চলিক পৰ্যায়তহে সম্ভৱ। লিংগ বৈষম্যতাও তেনে এক ব্যাধি যাৰ সমাধান আঞ্চলিক পৰ্যায়ত নহ’লে, সমাধান কৰা কঠিন। ভাৰতবৰ্ষৰ বৰ্তমানৰ অৱস্থাৰ অতি শেহতীয়া ভিত্তি হৈছে ব্ৰিটিছৰ হাতৰ পৰা স্বাধীনতা প্ৰাপ্তি আৰু ভাৰতৰ সংবিধান গ্ৰহণ।

RelatedPosts

selective focus photography of magazines

Ignorance is the real drug!

January 30, 2023
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

January 29, 2023
Freedom of press and trial by media

Freedom of press and trial by media

January 28, 2023

আইন ব্যৱস্থাৰ ব্যৱস্থাগত উত্তৰণৰ আঁৰৰ সমাজখন অতি বিভাজিত। স্বাধীনতাৰ পূৰ্বৰ ভাৰতীয় সমাজখন বহুতো স্বাধীন অঞ্চল আৰু ৰাজতন্ত্ৰ হিচাপে বুৰঞ্জীৰ পাতত জিলিকি আছে। এই অঞ্চল সমূহৰ সমাজ গঠন প্ৰক্ৰিয়া, প্ৰচলিত ৰীতি নীতি আৰু ৰাজতান্ত্রিক আইন ভিন্ন ভিন্ন। সেয়েহে ঠাইভেদে নাৰী পুৰুষৰ সম্বন্ধও সুকীয়া। এনেবোৰ কাৰণতেই নিশ্চিতভাৱে অসমত, ভাৰতবৰ্ষৰ অন্য অঞ্চলত অথবা আমেৰিকা যুক্তৰাষ্ট্ৰত লিংগ সমতাৰ ধাৰণা পৃথক পৃথক হ’ব। 

    অসমৰ প্ৰেক্ষাপটত বিষয়টোত বহুতো তৰ্ক বিতৰ্ক হয় যদিও শেষত গৈ দেখা যায়, ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত অসমত নাৰীৰ মৰ্যাদা পুৰুষৰ সমান নহ’লেও একেবাৰে আওকাণ কৰিবলগীয়া নহয়। অসমৰে বিভিন্ন সমাজত নাৰীৰ সামাজিক আৰু অৰ্থনৈতিক গুৰুত্ব আছে। ভাৰতৰ অন্য অংশৰ পুৰুষতান্ত্ৰিক সাংস্কৃতিক আধিপত্যৰ দৰে কাৰকসমূহে বিধি পঠালি দিয়ে যদিও বৰ্তমানো ই অসমৰ সমাজত স্তিমিত হৈ যোৱা নাই। এনে সময়ত আমি নিজৰ ভালখিনি সাৱটি আগবাঢ়ি যোৱাই সকলোৰে কাম্য।

    অসম চৰকাৰে বৰ্তমান উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ সকলক স্কুটী প্ৰদান কৰাৰ ক্ষেত্ৰত ছোৱালীৰ বাবে ৬০% আৰু ল’ৰাৰ বাবে ৭৫% নিৰ্ধাৰণ কৰিছে। স্কুটী পোৱা ল’ৰাৰ সংখ্যা ৬০৫২ আৰু ছোৱালীৰ সংখ্যা ২৯৭৪৮। আপাত দৃষ্টিত চাবলৈ গ’লে অসমৰ অৰ্থনৈতিক ভাৱে পাছপৰা সমাজখনত সকলোৱে লিংগ সমতাৰ নামত এই ১৫% ৰ পাৰ্থক্য সমীচীন নহয় বুলি স্বীকাৰ কৰিব।

লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

অন্য দিশেৰে চাবলৈ গ’লে একবিংশ শতিকাৰ উদাৰ বাণিজ্যিকীকৰণে ছানি ধৰা এইখন সমাজত প্ৰচলিত লিংগ সমতাৰ নমুনা এয়া। সমাজ গঠনৰ বিষয়ে অধ্যয়ন নকৰা জনৰ মনতো এই ১৫% অথবা ২৩৬৯৬ খন স্কুটীৰ পাৰ্থক্যই আপোনা আপুনি ‛নাৰী পিছপৰা’ ধৰণৰ ধাৰণাৰ সৃষ্টি কৰিব। আমি দেখিছোঁ লিংগ বৈষম্যতা নোহোৱা কৰিবলৈ কেন্দ্ৰীয় ভাৱে গ্ৰহণ কৰা পদক্ষেপসমূহ ইতিমধ্যে বিফল হৈছে।

এনে সমূহ দিশ চলি জাৰি চালে এনেধৰণৰ কাৰ্যপন্থাই আঞ্চলিক প্ৰয়াসকো ব্যৰ্থ হিচাপে পৰিচিত কৰোৱাব। গতিকে জনকল্যাণমূলক আঁচনিৰ চমক সৃষ্টি কৰি লিংগ সমতাৰ মহাভাৰতীয় প্ৰচেষ্টাত খোজত খোজ মিলাই আগবঢ়াতকৈ নিজ অঞ্চলৰ ইতিহাস, সমাজ আৰু সময়ক বিশ্লেষণ কৰি চোৱাহে অধিক সমীচীন।

    সমাজ আৰু সময়ৰ বিশ্লেষণ কৰিলে দেখা যায় বৰ্তমান ই উত্তৰ আধুনিক আৰু বজাৰ তান্ত্ৰিক। তেন্তে সমাজখনৰ প্ৰতিক্ৰিয়াও ইয়াৰ ওপৰত নিৰ্ভৰশীল হ’ব। ওঠৰ শতিকাৰ নৱজাগৰণে ইতিমধ্যে প্ৰমাণ কৰিছে কেনেধৰণে সেই সময়ৰ আমেৰিকাত উদাৰনৈতিক বাণিজ্যিকীকৰণে পিতা-পুত্ৰ, পতি-পত্নী আৰু মালিক-লগুৱাৰ দৰে সামাজিক সম্বন্ধ সমূহ অৰ্থনৈতিক লাভ লোকচানৰ দৰদামৰ সম্বন্ধলৈ পৰিণত কৰিছিল।

লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

আনকি এনেধৰণৰ ধাৰণাই আমেৰিকান উপনিৱেশবাদী সকলক ব্ৰিটিছ ৰাজতন্ত্ৰৰ পিতা পুত্ৰৰ দৰে গৌৰৱোজ্জ্বল সম্বন্ধকো লাভ লোকচানৰ দৰদামৰ দৃষ্টিৰে চাবলৈ বাধ্য কৰাইছিল। বৰ্তমান ইয়াৰ সৈতে যোগ হ’ল উত্তৰ আধুনিকতাবাদ। বৰ্তমানৰ এই ব্যৱস্থাটোৱে ‛প্ৰকৃততে কি’ তাক গুৰুত্ব দিয়াতকৈ ‛কেনেকুৱা হৈ দেখুৱাবলৈ বিচাৰিছে’ তাকহে গুৰুত্ব দিয়ে। KFC, DOMINOS আদিৰ ব্ৰেণ্ডিঙত প্রকৃততে বস্তুৰ গুণাগুণতকৈ প্ৰচাৰৰ গুৰুত্ব বেছি।

অৰ্থাৎ সামাজিক আচৰণ সমূহৰ গুণাগুণতকৈ তাৰ প্ৰকাশধৰ্মিতাৰ গুৰুত্ব বেছি। অশালীন ব্যৱহাৰ আৰু মহিলাৰ প্ৰতি সমমৰ্যাদা এই দুয়োটাৰ মাজত সমাজে সমমৰ্যাদাক গুৰুত্ব দিব। কাৰণ এনেধৰণৰ প্ৰকাশধৰ্মীতাৰ বজাৰ মূল্য বেছি। ইয়াৰ আঁৰত অজস্ৰ নাৰী বিদ্বেষ থাকিলেও তাক প্ৰকাশধৰ্মিতাৰ আওতালৈ অনা নহয়।

সামাজিক আচৰণ এই পৰ্যন্ত হ’ব পাৰে অশালীন ব্যৱহাৰেৰে মহিলাক অৱদমন কৰাতকৈ ভদ্ৰভাৱেই সেই বৈষম্যতাক মানুহে বিবেকত প্ৰশ্ৰয় দিব। নাৰীক সন্মানৰ চকুৰে চোৱাৰ সলনি ‛সন্মানৰ চকুৰে চোৱা হৈছে ধৰণৰ ধাৰণা’ৰ সৃষ্টি কৰিবলৈহে প্ৰয়াস চলিব। ইয়ে বৰ্তমান সময়ত ‛লিংগ সমতা হৈছে’ ধৰণৰ মনোভাৱ সৃষ্টি কৰিলেও লিংগ বৈষম্যতাক গোপনে সমাজত পোহপাল দিব।

girls4

প্ৰকৃত সত্যৰ ধাৰণা নাই, আচৰণভেদে সত্যৰ ধাৰণা পৃথক। প্ৰত্যেক সত্যৰ দৰে লিংগ সমতাৰো নিৰ্দিষ্ট এটা দৃষ্টিভংগী নাই। এয়াই উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া। গতিকে এনে সময়ত আমি পুনৰ মানুহৰ অন্তৰাত্মা (moral soul) আৰু যুক্তি (reason) ৰ ধাৰণাতেই অৱস্থান কৰিছোঁহি নে এয়া বিকাশৰ চলমান প্ৰক্ৰিয়াৰ নৱতম সংযোজন সেয়া সুধীসমাজে বিশ্লেষণ কৰিব। 

    লিংগ বৈষম্যতাক কেন্দ্ৰীয় ভাৱে সমাধান কৰিবলৈ প্ৰয়াস কৰাৰ দৰে কিছুমান ঐতিহাসিক ভুলৰ বাবে আজিও লিংগ বৈষম্যতাৰ আলোচনা সমীচীন। বাৰে বাৰে উঠি অহা প্ৰজন্মসমূহ লিংগ সমতাৰ ফালে ধাৱমান হোৱাৰ সময়ত এয়া যদি লিংগ বৈষম্যতা সমাধান কৰাৰ অন্যতম প্ৰয়াস হয় তেন্তে ই পুনৰ এক ঐতিহাসিক ভুল হিচাপেই চিহ্নিত হ’ব।

কাৰণ স্কুটী বিতৰণত ১৫%ৰ পাৰ্থক্যক যদি কেৱল অন্য ৰাজ্য বা ভাৰতৰ কেদ্রীয় চৰকাৰৰ পৰা অনুপ্ৰাণিত হৈ কেৱল প্রকাশধৰ্মীতাৰ অংশ হিচাপেহে ব্যৱহাৰ কৰা হয় তেন্তে ই নাৰী বিদ্বেষৰ ধাৰণা আৰু নিগাজীহে কৰিব। আত্মসমালোচনাৰ পাছৰ পৰ্যায়ৰ পদক্ষেপসমূহ আপেক্ষিকভাৱে সঠিক। উত্তৰ আধুনিকতা প্ৰত্যেক মতবাদৰ বাবে নিজেই এক Phase of Self Criticism।

গতিকে উত্তৰ আধুনিকতাই সৃষ্টি কৰা আত্ম সমালোচনাৰ পাছৰ সমাজখনে ইয়াক সৃষ্টিৰ পৰা চলি অহা চিৰশ্বাস্বত নীতি বুলি গণ্য কৰিলে ইয়াৰ সমাধান কেতিয়াও সম্ভৱপৰ হৈ নুঠিব।

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

selective focus photography of magazines
Special Report

Ignorance is the real drug!

by Admin
January 30, 2023
0

Ignorance is the real drug Chinmoyee Deka Chinmoyee Deka Journalism and Mass Media is considered as the fourth pillar of...

Read more
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

January 29, 2023
Freedom of press and trial by media

Freedom of press and trial by media

January 28, 2023
‍মহাবাহুঃ সামান্য আলোকপাত

‍মহাবাহুঃ সামান্য আলোকপাত

January 22, 2023
person s hands covered with blood

ৰক্তাক্ত দুলীয়াজান আৰু ছাত্ৰ সন্থাৰ সপ্তদশ অধিৱেশন

January 19, 2023
Queer-Hood and Heteronormative Norms

Queer-Hood and Heteronormative Norms

January 14, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
Hate Speech: Turning the tide

Hate Speech: Turning the tide

January 31, 2023
Afghanistan: Humanitarians await guidelines on women’s role in aid operations

Afghanistan: Humanitarians await guidelines on women’s role in aid operations

January 31, 2023
Two years on from Myanmar military coup!

Two years on from Myanmar military coup!

January 31, 2023
“মে ডাম মে ফী “– এটি দৃষ্টি …

“মে ডাম মে ফী “– এটি দৃষ্টি …

January 31, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    411 shares
    Share 164 Tweet 103
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    235 shares
    Share 94 Tweet 59
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    57 shares
    Share 23 Tweet 14
  • Russian authorities have begun the procedure for the denunciation of international treaties!

    57 shares
    Share 23 Tweet 14
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    84 shares
    Share 34 Tweet 21
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    40 shares
    Share 16 Tweet 10
  • ইংৰাজী-প্ৰীতিয়ে কঢ়িয়াই অনা মাতৃভাষাৰ সংকট

    87 shares
    Share 35 Tweet 22
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    26 shares
    Share 10 Tweet 7
  • Hell on Earth: Russia is creating an ecological catastrophe in Ukraine

    88 shares
    Share 35 Tweet 22
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: