• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

লোকচানত চলি থকা ‘খিলঞ্জীয়া’ৰ বেপাৰখন !

ASSAMESE SECTION / Opinion

by Rezaul Karim
March 10, 2025
in ASSAMESE SECTION, Opinion
Reading Time: 3 mins read
0
chess pieces on chess board in daytime

Photo by Monstera Production on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

লোকচানত চলি থকা ‘খিলঞ্জীয়া‘ৰ বেপাৰখন !

(গালি পাৰক। কিন্তু শেষলৈ পঢ়িব)

ৰেজাউল কৰিম 

Rezaul Karim
ৰেজাউল কৰিম 

শেহতীয়া ঘটনা দুটামানৰ আলম লৈ তলৰ কথাখিনি লিখিলোঁ।


বাংলাদেশী, মিঞা আদি কথাবোৰে এতিয়া মোৰ দৰে মানুহক বৰকৈ আকৰ্ষণ নকৰে। (মিঞা শব্দটো মই ব্যৱহাৰ নকৰো। কিন্তু আজিৰ পৰিস্থিতিত ব্যৱহাৰ কৰিলোঁ।) এইবোৰ ৰাজনৈতিক বেপাৰ বুলি সকলোৱে বুজি পাইছে। বেপাৰখন ভালদৰেই চলি আছে। আৰু হয়তো কিছুদিন চলিব।

লোকচানত চলি থকা 'খিলঞ্জীয়া'ৰ বেপাৰখন !
অশোক সিংহল

আজিকালি বেপাৰীয়ে দেশ চলাই আছে বুলি সকলোৱেই জানে। অসমত মিঞাৰ নামত চলা বেপাৰখনে অসমীয়া মানুহৰ এচামৰ মনত মুছলমানৰ প্ৰতি স্থায়ী বিভেদৰ সৃষ্টি কৰিছে বুলি অনেকে বিশ্বাস কৰে। এইখন বেপাৰত অসমীয়া মানুহৰ কোনো লাভ হোৱা নাই যদিও লোকচান ভৰি হলেও বেপাৰখন চলাই নিবলৈ সুবিধা কৰি দিছে।

এই কথাৰ শেহতীয়া প্ৰমাণ হৈছে অসম মন্ত্ৰীসভাৰ অনাঅসমীয়া শক্তিশালী মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াৰ দুটামান কথা। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ভাওনা সম্পৰ্কে তেওঁ কৰা মন্তব্য কোনো জিভা পিছলখোৱা মন্তব্য নহয়। এইটো তেখেতে প্ৰতিনিধিত্ব কৰা এটা আদৰ্শৰ কথা বুলিয়েই মোৰ ব্যক্তিগত ধাৰণা। কেৱল ইয়াক প্ৰতিষ্ঠা কৰিবলৈ উপযুক্ত সময় হৈছে নে নাই তেওঁ সেইটো টুকুৰিয়াইহে চাইছে।

মন্ত্ৰী মহোদয়ে বহন কৰা আদৰ্শটো অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ আৰু স্বাভিমানৰ পৰিপন্থী। সেইবাবে খিলঞ্জীয়াৰ স্বাৰ্থ আৰু স্বাভিমানৰ কথা আন সতীৰ্থই কৈ বিষয়টোক বেলেন্স কৰি ৰাখে। মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াৰ আদৰ্শবাদক বিৰোধ কৰিব পৰা ধাতু অসম মন্ত্ৰীসভাৰ কাৰোৱেই নাই বোলা কথাটো এতিয়া ওলাই পৰিছে।

অসমীয়াৰ স্বাৰ্থ আৰু স্বাভিমান ৰক্ষাৰ সংগ্ৰামখনৰ নামতো বেপাৰ চলিছে। সেই বেপাৰখনৰ কেঁচামাল হৈছে অসমৰ মুছলমান সমাজখন আৰু বিশেষকৈ মিঞা বুলি কোৱা লোকসকল। কথাটো বহলাই নকলেও বুজাই বুজিছে।

ইতিহাসৰ পৃষ্ঠালৈ উভতি গ’লে দেখিব যে অসমত উনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আগ ভাগত বঙ্গৰ পৰা অনা খেতিয়ক সকলক মাটি দি সংস্থাপিত কৰা সময়তো অনা অসমীয়া বেপাৰী সকলেই অধিক লাভবান হৈছিল। আনকি সেই সময়ত একাংশ অনা অসমীয়া বেপাৰীয়ে এই সকল নবাগত মুছলমান কৃষকক লৈ ৰমৰমীয়া বেপাৰ কৰিবলৈ অসমলৈ আহি ভীৰ কৰিছিল।

সকলোৱে এটা কথা জানে যে নতুনকৈ ৰেল লাইন বহুৱাত মুছলমান লোকৰ আগমন সহজ হৈছিল। আগত মুছলমান সকল আছিল দুখীয় কৃষি শ্ৰমিক। নতুন ৰেল লাইন যলৈকে গৈছিল সেই লাইনৰ কাষে কাষে অনা অসমীয়া মাৰোৱাৰী বেপাৰী সকলে নিজৰ নিজৰ গোলা পাতিছিল। তেওঁলোকে অধিক হাৰত সুদ লৈ নতুনকৈ অহা মুছলমান কৃষক সকলক খেতি কৰিবলৈ, ঘৰ সাজিবলৈ অগ্ৰিম ধন ধাৰে দিছিল।

তাৰ বিনিময়ত মুছলমান কৃষক সকলে সেই মাৰোৱাৰী বেপাৰীবোৰক নিজৰ ফচল বিক্ৰি কৰিছিল। ধাৰ কৰা অগ্ৰিম ধন সময়ত আদায় দিব নোৱাৰিলে সুদৰ ওপৰত সুদ বহুৱাই লুন্ঠন চলাইছিল। এনেদৰেই এই বেপাৰী সকলে ধন ধাৰে দিয়া সুদৰ পৰা আৰু ফচলৰ ওপৰত নিজ ইচ্ছাৰে মূল্য নিৰ্ধাৰণ কৰি উপাৰ্জন কৰা ধনেৰে বেপাৰৰ সাম্ৰাজ্য বৃদ্ধি কৰিছিল।

লোকচানত চলি থকা 'খিলঞ্জীয়া'ৰ বেপাৰখন !

মন কৰিব লগা কথাটো হৈছে যি সময়ত বঙ্গৰ পৰা অহা মুছলমান কৃষকৰ অনিয়ন্ত্ৰিত সংখ্যাই খিলঞ্জীয়া অসমীয়াৰ মনত শংকাৰ সৃষ্টি কৰিছিল সেই সময়ত অসমত কিন্তু এই অনা অসমীয়া বেপাৰী সকলে মুছলমান কৃষকৰ পৰা অধিক সুদত ধন দি বেপাৰত মগ্ন আছিল। সেই সকল মাৰোৱাৰী(মাৰোৱাৰী শব্দটো প্ৰচলিত অৰ্থত ব্যৱহাৰ কৰিছো)বেপাৰীৰ গোলাবোৰ আজিও আছে।

অবিভক্ত ভাৰতৰ বঙ্গৰ পৰা অহা যিসকল মুছলমান লোকক অনা অসমীয়া বেপাৰী সকলে তাহানিতে অধিক সুদৰ হাৰত ধন দি সংস্থাপিত কৰাত সহায় কৰা নামত বেপাৰ চলাইছিল সেই সকল মুছলমানৰ তৃতীয় চতুৰ্থ প্ৰজন্মক বিদেশী আৰু বাংলাদেশী বহিষ্কাৰ আন্দোলনৰ সময়ত বিদেশী, বাংলাদেশী বোলা হ’ল। বৰ্তমানে তেওঁলোকক মিঞা বুলি কোৱা হয়। বিদেশী বহিষ্কাৰ আন্দোলনটোত অনা অসমীয়া বেপাৰী সকলৰ বিশেষ অৱদান আছে বুলি সকলোৱেই জানে।

আন্দোলনকাৰী নেতা সকলৰ অনেকে প্ৰকাশ্যভাৱে অনেক সময়ত এই কথা কৈছে যে অসমত ব্যৱসায় কৰিলে তেওঁলোকক চান্দা দিবই লাগিব। আজিকালি এজনে চান্দা নলৈ টেক্স লয় বুলিও কৈছে । টেক্স দি বা চান্দা দি বেপাৰীয়ে স্বাচ্ছন্দে বেপাৰ কৰি আছে। এইবোৰ কোনো গোপন কথা নহয়।

কথাটো মন কৰিব যে অসমত সমস্যা খিলঞ্জীয়াৰ। সমস্যাৰ নামত বেপাৰখন চলাই নিছে অনা অসমীয়া বেপাৰীয়ে। খিলঞ্জীয়াৰ কোনো এটা মৌলিক সমস্যাৰ আজিলৈকে সমাধান নহ’ল। বেপাৰী সকলৰ বেপাৰত কিন্তু লোকচান হোৱা নাই। লোকচান যদি হৈছে খিলঞ্জীয়াৰ হৈছে।

বাৰম্বাৰ মই বেপাৰী শব্দটোৰ লগত অনা অসমীয়া শব্দটো উল্লেখ কৰাৰ একমাত্ৰ কাৰণ হৈছে অসমৰ ব্যৱসায়ৰ ক্ষেত্ৰখন অসমীয়া বেপাৰীৰ নিয়ন্ত্ৰণত নাই বুলি সকলোৱে জানে। আনহাতে বেপাৰী শব্দটোক মই কোনো নেতিবাচক অৰ্থত ব্যৱহাৰ কৰা নাই।

এতিয়া দেশৰ ৰাজনীতি কেইজনমান বেপাৰীৰ নিয়ন্ত্ৰণাধীন বুলি সকলোৱে জানে। অসমৰ ৰাজনীতিতো এচাম ব্যৱসায়ীৰ সাংঘাটিক দখল আছে। আনকি শক্তিশালী বেপাৰী এতিয়া অসমৰ মন্ত্ৰী হৈছে। গতিকে অসমৰ বেপাৰ বাণিজ্যৰ অভিকেন্দ্ৰৰ ওপৰত কোনো এজন অসমীয়া নেতা বা মন্ত্ৰীৰ কোনো নিয়ন্ত্ৰণ নথকাটো অতি স্বাভাৱিক। অসম বা ভাৰতৰ ৰাজনীতি বেপাৰীয়ে নিয়ন্ত্ৰণ কৰে বুলিয়েই আমি বেপাৰী সকলক বেয়া পাব লাগিব বুলি মই নাভাবো।

কথাটো হৈছে বেপাৰী সকলে অকল বেপাৰ নকৰি তেওঁলোকে ক্ষমতাৰ ছলেৰে অসমৰ খিলঞ্জীয়া অসমীয়াৰ সমাজখনত খিলঞ্জীয়াৰ জাতীয় স্বাৰ্থ আৰু স্বাভিমানক নস্যাৎ কৰিবলৈ কৰা প্ৰচেষ্টাক কোনো কাৰণতে সহ্য কৰিব নোৱাৰি। অসমত খিলঞ্জীয়া মানুহে কোন কোন সম্প্ৰদায়ৰ লগত ভবিষ্যতে কেনেদৰে চলিব সেইটো তেওঁলোকে নিজে নিৰ্ধাৰণ কৰিব পৰা ক্ষমতা আছে।

আজি অশোক সিংহল ডাঙৰীয়াই এচাম মুছলমান লোকক মিঞা বুলি কৈ হিন্দু মানুহক তেওঁলোকক কামত নলগাবলৈ উপদেশ দিয়া বুলি বাতৰি প্ৰকাশ হৈছে। ইয়াৰ সত্যতা মই নাজানো। কিন্তু সত্য হ’ব পাৰে বুলি বিশ্বাস কৰো। এই কথা কোৱা বাবে তেওঁক পোনে পোনে দোষাৰোপ কৰিব নোৱাৰো। কাৰণ ইয়াৰ অনেক আগতেই আমাৰ অতি জনপ্ৰিয় নেতা এজনে মইতো মিঞাক অপমান কৰোৱেই বুলি মিঞাক অপমান কৰিব পৰা মান্যতা দি থৈছে।

আনকি নিজক জনপ্ৰিয় কৰিবলৈ দুৰ্বল মিঞাক তুচ্ছ তাচ্ছিল্য কৰিব পৰাটো অতি প্ৰয়োজন। আচল কথাটো হৈছে অশোক সিংহল ডাঙৰীয়া প্ৰথমে এগৰাকী বেপাৰীহে। কাইলৈ তেওঁ মন্ত্ৰী হৈ নাথাকিলেও তেওঁৰ বেপাৰ থাকিব। যি সকল মুছলমানৰ অসমত বসতি স্থাপনৰ সময়ত অনা অসমীয়া বেপাৰী সকলে অধিক সুদৰ বিনিময়ত ধন ধাৰলৈ দি অধিক বেপাৰ কৰিছিল, আজি মিঞা বুলি কোৱা সকল সেই সকল মুছলমানৰ তৃতীয় চতুৰ্থ প্ৰজন্মৰ সন্তান।

অশোক সিংহল ডাঙৰীয়া অসমৰ খিলঞ্জীয়ালোক হয় নে নহয় সেই লৈ মোৰ একোৱেই ক’ব লগা নাই। তেওঁৰ বংশ পৰিয়াল কিমান বছৰৰ পৰা অসমত বসবাস কৰি আছে সেই কথা লৈও মোৰ কোনো কথা নাই।

এটা কথা ঠিক যে তেওঁ কোৱা মিঞা মুছলমান সকলৰ প্ৰথম পুৰুষসকল অসমত আহি বসতি আৰম্ভ কৰোতে যিসকল অনা অসমীয়া মাৰোৱাৰী বেপাৰীয়ে তেওঁলোকক লৈ বেপাৰ কৰিছিল সেই সময়তো যদি সিংহল ডাঙৰীয়াৰ উপৰি পুৰুষ অসমত আছিল তেনেহলে তেখেত নিজে আজি তেওঁৰ অসমৰ পূৰ্বপুৰুষৰ চতুৰ্থ বা পঞ্চম পুৰুষ হ’ব পাৰে।

লোকচানত চলি থকা 'খিলঞ্জীয়া'ৰ বেপাৰখন !

আজি সিংহল ডাঙৰীয়াই অসমত নিৰ্মাণ কাৰ্যৰ বেপাৰ কৰিছে সেই সকল মুছলমানৰ চতুৰ্থ পুৰুষ শ্ৰমিক সকলক লৈ। তেখেতৰ প্ৰতিষ্ঠানত মুছলমান বনুৱা নাথাকিব পাৰে কিন্তু ব্যৱসায়ৰ খাতিৰত কম পাৰিশ্ৰামিকৰ বনুৱাৰ প্ৰয়োজন হয়। তেখেতে মিঞা শ্ৰমিকক লৈ ব্যৱসায় কৰাত আপত্তি কাৰোৱেই থাকিব নালাগে।

গতিকে তেওঁৰ প্ৰতিষ্ঠানত মিঞা শ্ৰমিক থকাটো ধৰি লৈ কৈছো যে অসমত ধাৰাবাহিকভাৱে অনা অসমীয়া বেপাৰীৰ এচামে মুছলমান সকলৰ যোৱা চাৰিটা প্ৰজন্মক লৈ নিজৰ বেপাৰখন ৰমৰমীয়াকৈ ঠিকেই চলাই গৈছে। ইয়াৰ বিনিময়ত অসমৰ খিলঞ্জীয়ালোকক কোনেও কিন্তু কোনো লাভাংশ দিয়া নাই বা মূল্য ৰেহাইও দিয়া নাই। তাৰ বিপৰীতে অসমতে গজগজীয়া হৈ অসমীয়াৰ স্বাভিমানৰ ঘাই শিপাডালত ধৰিহে টানিছে।

মিঞা মুছলমানৰ ল’ৰা ছোৱালীয়ে পাৰক নোৱাৰক অসমীয়াৰ স্বাভিমান ৰক্ষাৰ বাবে ৰাজ্যৰ ভিতৰে বাহিৰে বিহু নাচিবলৈ চেষ্টা কৰিছে,বৰগীত গাবলৈ চেষ্টা কৰিছে, সত্ৰীয়া নৃত্য শিকিবলৈ প্ৰয়াস কৰিছে। হাজাৰ অপমান অপবাদ মূৰত লৈয়ো অসমীয়া কৃষ্টি সংস্কৃতিক আপোন কৰিবলৈ অহৰহ চেষ্টা চলাই আছে।

দুই এক ব্যতিক্ৰমৰ বাহিৰে সিংহল ডাঙৰীয়াৰ সম্প্ৰদায়ৰ কেইজন ছাত্ৰ ছাত্ৰীয়ে বা কিমান লোকে অসমৰ ভিতৰত বা বাহিৰত অসমৰ সংস্কৃতি হাতে কামে প্ৰচাৰ কৰি অসমৰ পৰিচয় দাঙি ধৰিছে আমি নাজানো। আপোনালোকৰ দৰে ধনাঢ্য লোকে নিজৰ সংস্কৃতি আনৰ ওপৰত জাপিবলৈ চেষ্টা নকৰি অসমৰ সংস্কৃতিটোকে অসমৰ চুকে কোণে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰাটোহে সজ কাম।

আপোনাৰ যিহেতু ধনৰ অভাৱ নাই গতিকে আপুনি যি মিঞাৰ বিৰুদ্ধে ঘৃণা প্ৰচাৰ কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে সেই অভিযোগ যদি মিছা তেনেহলে আপুনি মিঞা ল’ৰা ছোৱালীক অসমীয়া সংস্কৃতি সুসংহত ভাৱে শিকাই মূলসুঁতিৰ অসমীয়াৰ সমকক্ষ হ’বলৈ সুবিধা কৰি দিয়ক। তেতিয়াহে ভাবিম আপোনাৰ খিলঞ্জীয়া অসমীয়াৰ প্ৰতি দৰদ কিমান। সঁচা অৰ্থত যদি আপুনি এই কাম কৰিব খোজে তেন্তে মই নিজেই এই কামত আগ ভাগ লবলৈ আগ্ৰহী।

কাৰণ, মই উপলব্ধি কৰিছো যে মিঞাক পণ্য কৰি এচাম ধুৰন্ধৰ বেপাৰীয়ে দীৰ্ঘদিন ধৰি খিলঞ্জীয়াৰ আবেগকলৈ বেপাৰ কৰি আছে । বেপাৰখন খিলঞ্জীয়াৰ বাবে লোকচানত চলি থকা সত্বেও এচাম খিলঞ্জীয়াই এই বেপাৰ চলাই নিয়াত এচাম বেপাৰীক সহায় কৰি আছে। মিঞা আজীৱন শ্ৰমিক হৈ নাথাকে। তেওঁলোকে আগবাঢ়িব নোৱাৰিলে অসমীয়া সমাজখনো পিছপৰি থাকিব।

কিন্তু মিঞাই সামান্য পঢ়া শুনা কৰিলে ই হৈ পৰে শিক্ষা জেহাদ। মিঞা সকলক কামত নলগালে খিলঞ্জীয়াৰ সমস্যা সমাধান নহয়। কিন্তু মিঞাক গালি পাৰি শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক নস্যাত কৰিলে খিলঞ্জীয়াৰ থাকিব কি ? বেপাৰখনৰ গতি বিধি এতিয়াই চাই লওক।

এইখিনি কথাৰ বাবে মোক গালি পাৰক কথা নাই। কিন্তু সত্য উপলব্ধি কৰিবলৈ চেষ্টা কৰক। তাৰ পিছত যিমান পাৰে গালি পাৰক।

লোকচানত চলি থকা 'খিলঞ্জীয়া'ৰ বেপাৰখন !

09-03-2025

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Rezaul Karim

Rezaul Karim

Related Posts

Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast
Social Media

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

by ANUP SALOI
August 17, 2026
0

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds ANUP SALOI Have you ever witnessed a person always...

Read moreDetails
টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

August 16, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

August 14, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
What Is a Life Well Spent? Lessons from Ancient Civilizations

What Is a Life Well Spent? Lessons from Ancient Civilizations

August 11, 2026
When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

August 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026
Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

August 17, 2026
প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

August 16, 2026
টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

August 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39758 shares
    Share 15903 Tweet 9939
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18619 shares
    Share 7448 Tweet 4655
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3766 shares
    Share 1506 Tweet 942
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    275 shares
    Share 110 Tweet 69
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4185 shares
    Share 1674 Tweet 1046
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5107 shares
    Share 2043 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    108 shares
    Share 43 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d