লোকশিল্পী খগেন মহন্তৰ সোঁৱৰণত
যুগান্ত বায়ন
দেহা কলা হলে ভাগে দুটি মনে….
এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ…
অসমৰ লোক সংগীতৰ জগতখনক সমৃদ্ধ আৰু বিশ্বমুখী কৰাৰ ক্ষেত্ৰত যি কেইগৰাকী শিল্পী সাধকৰ নাম অসমীয়া জাতিয়ে চিৰ দিনৰ বাবে স্মৰণ কৰি থাকিব, তাৰ ভিতৰত এগৰাকী অন্যতম শিল্পী হৈছে খগেন মহন্ত। নামেই যাৰ পৰিচয়।
অতীতত এনে এটা সময় আছিল, বৰ্তমানৰ দৰে অলেখ গণ সংযোগৰ মাধ্যমৰ সলনি, একমাত্ৰ ৰেডিঅ’টোই গণ সংযোগৰ মাধ্যম হিচাপে ৰাইজৰ মাজত বিনোদনৰ সৃষ্টি কৰাৰ লগতে এক সুস্থ সাংস্কৃতিক পৰিৱেশৰো সৃষ্টি কৰিছিল।
ৰেডিঅ’ যোগে যিকেইগৰাকী শিল্পীৰ গানে শ্ৰোতা ৰাইজক আপ্লুত কৰিছিল, সেইসকলৰ মাজত খগেন মহন্তৰ গান আছিল এক অনন্য সৃষ্টি। আকাশবাণী গুৱাহাটীৰ ভক্তিমূলক গীতৰ অনুষ্ঠানেৰে আৰম্ভ হোৱা গীতৰ অনুষ্ঠান “বন্দনা”ৰ জৰিয়তে শিল্পী গৰাকীয়ে মহাপুৰুষ মাধৱদেৱৰ অনুপম অৱদান অতি জনপ্ৰিয় বৰগীত “তেজৰে কমলাপতি” গুৰু গম্ভীৰ কণ্ঠেৰে পৰিৱেশন কৰি দিনটোলৈ শ্ৰোতাৰ মন মগজু পুলকিত কৰি ৰাখিছিল।
১৯৪২ চনৰ ১৭ আগষ্টত জন্ম গ্ৰহণ কৰা তথা লোক সংগীতক সমল হিচাপে লৈ অগণন কালজয়ী গীত আৰু সুৰৰ সৃষ্টি কৰা খগেন মহন্তই ১৯৭৬ চনত আকাশবাণী গুৱাহাটীত যোগদান কৰি কেন্দ্ৰটোৰ জৰিয়তে সহস্ৰাধিক গীত নিজেই পৰিৱেশন কৰাৰ লগতে অসমৰ কেইবাগৰাকীও স্বনামধন্য শিল্পীৰ গীত পৰিৱেশনৰ মঞ্চ এখন সৃষ্টি কৰি অসমৰ সংগীতৰ জগতখনক বৰ্ণাঢ্য কৰি তুলিছিল।
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিয়োগৰ দিনাখন অতি কম সময়ৰ ভিতৰতেই কলাগুৰু গৰাকীৰ জীৱন পৰিক্ৰমা সামৰি ৰাভাদেৱে ৰচনা কৰা শেষ গান “এয়ে মোৰ শেষ গান” সুৰ কৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জৰিয়তে ৰাভাৰ শেষকৃত্য অনুষ্ঠানত চলি থাকোতেই পৰিৱেশন কৰি এক ইতিহাস সৃষ্টি কৰিছিল।
তেখেতে বিভিন্ন গীতিকাৰৰ গীত গাইছিল যদিও ঘাইকৈ কেশৱ মহন্তৰ গীত বেছিকৈ গাইছিল। পত্নী অৰ্চনা মহন্তৰ সৈতে পৰিৱেশন কৰা কেইবাটাও দ্বৈত কণ্ঠৰ গীতে আমাৰ সমাজক পুলকিত কৰিছিল।
অসমৰ জাতীয় সমাজত বিহু পৰিৱেশনৰ ক্ষেত্ৰত থকা তেওঁৰ অনাবিল দক্ষতাৰ বাবে তেখেতক বিহু সম্ৰাট হিচাপেও স্বীকৃতি দিয়া হৈছিল।
শিল্পী হিচাপে সমগ্ৰ জীৱন উচৰ্গা কৰা খগেন মহন্তক বহু বঁটা আৰু সন্মানেৰে বিভূষিত কৰি অসমীয়া সমাজ খনে কৃতজ্ঞতাৰ পৰিচয় ডাঙি ধৰিছে। শিল্পী গৰাকীয়ে ১৯৭২ চনত প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোক সংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰিছিল।
অসমীয়া আধুনিক সুগম সংগীতত কণ্ঠ দানৰ উপৰিও তেওঁ বোলছবিতো সংগীত পৰিচালানা আৰু গীত গোৱাৰ স্বীকৃতি স্বৰূপে ১৯৯০ চনত টেলিফিল্ম “নিশি উজাগৰ” আৰু “জুই”ত সংগীত পৰিচালনা কৰাৰ বাবে “ৰজত কমল” বঁটাৰে সন্মানিত কৰা হৈছিল। ১৯৯২ চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰা শিল্পীগৰাকীয়ে ১৯৯৪ চনত “শ্ৰীক্ষয় বঁটা”, ১৯৯৯ চনত “সংগীতাচাৰ্য্য” বঁটাৰে সন্মানিত হয়।
২৫ খন অসমীয়া চলচ্চিত্ৰৰ নেপথ্য শিল্পী হিচাপে কন্ঠদান কৰা শিল্পীগৰাকীয়ে ১৯৫৯ চনত মহীশুৰত অনুষ্ঠিত হোৱা সদৌ ভাৰত আন্ত বিশ্ববিদ্যালয় যুৱ মহোৎসৱত খোলবাদন কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল।
১৯৬১ চনত আকাশবানী গুৱাহাটীৰ জৰিয়তে প্ৰথম গ্ৰামোফোন ৰেকৰ্ড কৰা খগেন মহন্তই ১৯৬৪ চনত সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অধীনত নেপালত গীত পৰিৱেশন কৰাৰ লগতে ১৯৯৬ চনত ব্ৰিটেইনতো গীত পৰিৱেশন কৰি অসমীয়া লোক সংগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছিল।
এই গৰাকী মহান শিল্পীৰ ২০১৪ চনৰ ১২ জুনৰ দিনা মহাপ্ৰয়াণ ঘটে।
আজি ১২ জুন ২০২৪ অসমীয়া লোক সংগীতৰ পূজাৰী খগেন মহন্তৰ দশম মৃত্যু তিথিত শিল্পী গৰাকীক সশ্ৰদ্ধ প্ৰণাম জনাই তেখেতক স্মৰণ কৰাৰ লগতে তেওঁৰ অন্যান্য অনুপম অৱদানক জীয়াই ৰখাৰ ক্ষেত্ৰত আমি অধিক সজাগ আৰু সচেতন যাতে হব পাৰোঁ তাৰ বাবে সংকল্প গ্ৰহণ কৰাত আজিৰ এই পূৰ্ণ্য দিনটোৱেই হওঁক অনুপ্ৰেৰণাৰ উৎস।
যুগান্ত বায়ন; Phone- 8878415089
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)