লোকসংগীত শিৰোমণি সংবাদ মহীৰূহ গোকুল পাঠক
(১৪ অক্টোবৰ,২০২৪ ওপজা দিন উপলক্ষ্যে)
যুগান্ত বায়ন
সত্ৰীয়া আৰু লোকসংস্কৃতিৰ সেৱাৰ থলী সত্ৰ নগৰী বৰপেটা আৰু কোচ ৰজা নৰনাৰায়ণৰ অস্থায়ী ৰাজধানী বৰনগৰক সামাজিক আৰু সাংস্কৃতিক মঞ্চত প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা অসমৰ কলা-সংস্কৃতি আৰু সংবাদ জগতৰ অক্লান্ত সৈনিক “বিষ্ণুৰাভা বঁটা” প্ৰাপক বৰপেটা সত্ৰৰ ইতিহাস প্ৰণেতা গোকুল পাঠকৰ আজি ১৪ অক্টোবৰ ওপজা দিন।
এগৰাকী লোকশিল্পী, সাহিত্যিক তথা সাংবাদিক হিচাপে পৰিচিতি লাভ কৰি বৰপেটা-বৰনগৰ অঞ্চলৰ লগতে সমগ্ৰ অসমৰ জাতীয় জীৱন সম্বৃদ্ধিশালী কৰা গোকুল পাঠকৰ জন্ম হৈছিল ১৯২৬ চনৰ ১৪ অক্টোবৰৰ সৰভোগ বৰনগৰৰ আমগুৰি সাপনা নামৰ গাঁওখনত।
তেওঁৰ পিতৃ আছিল এগৰাকী প্ৰতিষ্ঠিত লোকশিল্পী গহীন চন্দ্ৰ পাঠক আৰু মাতৃ আছিল পদ্মাৱতী পাঠক। শৈশৱ কালৰে পৰাই পিতৃৰ পদাংক অনুকৰণ কৰি বিভিন্ন লোকবাদ্য যেনে, খোমক, একতাৰা, খোল, খঞ্জৰী, দোতাৰা আদি নিপুনভাৱে বজাবলৈ শিক্ষা লাভ কৰাৰ লগতে লোকগীত পৰিৱেশন কৰাৰ বাবেও উপযুক্ত প্ৰশিক্ষন লাভ কৰিছিল।
কেতেকীবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা গোকুল পাঠকে ১৯৪৭ চনত বৰনগৰ জোৰৰাম পাঠক হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰপিছত তেওঁ গুৱাহাটী বি.বৰুৱা মহাবিদ্যালয় আৰু বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা মহাবিদ্যালয়ৰ শিক্ষা লাভ কৰে।
বৰপেটা আৰু বৰনগৰৰ সমাজ জীৱনৰ মহীৰূহ বিষ্ণুৰাভাৰ সহযোগী গোকুল পাঠকে স্বাধীনতা আন্দোলনৰ সময়ৰ মুক্তি আন্দোলনৰ পটভূমিত ৰচনা কৰা গীতৰ প্ৰথম সংকলন “মুক্তি অভিযান” নামৰ এখন গীতৰ সংকলন প্ৰকাশ কৰি সাহিত্য সৃষ্টিৰ সাধনাত ব্ৰতী হৈ পৰে।
পৰৱৰ্তীকালত তেওঁ “কৃষকৰ জয়গান”, “অবিচাৰ” আদি গ্ৰন্থ ৰচনা আৰু প্ৰকাশ কৰি বৰপেটা আৰু বৰনগৰৰ সাহিত্যৰ জগতখনক অসমীয়া সাহিত্য জগতৰ লগত পৰিচয় কৰাই দিয়াৰ বাট মুকলি কৰে। বি.বৰুৱা মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা সময়তে তেওঁ কমিউনিষ্ট দলত সক্ৰিয়ভাৱে যোগদান কৰে। ফলত তেওঁ ৰজাঘৰৰ আক্ৰোষৰ বলি হ’বলগীয়া হৈ পুলিচৰ তীব্ৰ হেঁচাত গুৱাহাটী ত্যাগ কৰি বৰপেটাত শিক্ষা গ্ৰহণ কৰিবলগীয়া হয়।
গোকুল পাঠকে ১৫ বছৰ ধৰি গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ যোগে ধাৰাবাহিকভাৱে লোকগীত পৰিৱেশন কৰি অসমৰ লোকসংগীতক জগত সভালৈ লৈ যোৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদান সদায় অসমৰ লোকসংগীতৰ ইতিহাসক জিলিকাই ৰাখিব। সাংবাদিক জীৱনক জীৱনৰ এক অন্য সঙ্গী হিচাপে গ্ৰহণ কৰা গোকুল পাঠকে ১৯৬৮ চনতেই বৰপেটাৰ পৰা “আমাৰ দেশ” নামৰ এখন বাতৰি কাকত প্ৰকাশ কৰি উলিয়াইছিল।
তেওঁ নিজেই সম্পাদনা কৰা কাকতখন পিছত বিভিন্ন কাৰিকৰী কাৰণত নিয়মীয়াভাৱে প্ৰকাশত যতি পৰিছিল যদিও ১৯৮৭ চনৰ পৰা কাকতখন এক বহল পৰিসৰত হাউলীৰ কেইগৰাকীমান উদ্যমী যুৱকৰ প্ৰচেষ্টাত পষেকীয়া বাতৰিকাকত হিচাপে ১৯৯০ চনলৈ প্ৰকাশ হৈ আছিল। তেওঁ “ৰূপান্তৰ” নামৰ আন এখন আলোচনীৰো সম্পাদক আছিল। এই আলোচনীখন ১৯৬১ চনৰ পৰা ১৯৬৮ চনলৈ প্ৰকাশ হৈ আছিল।
লোকসংগীত শিৰোমণি গোকুল পাঠকে ২০০১ চনত অসম চৰকাৰে প্ৰদান কৰা “বিষ্ণুৰাভা বঁটা”ৰ লগতে হাউলী ৰাস মহোৎসৱৰ “হাউলী বঁটা”, “অনন্তৰাম দাস বঁটা”, “বৰপেটা বঁটা”, “বৰপেটা ৰত্ন” আৰু ১৯৮৯ চনত শিল্পী পেঞ্চন আৰু ২০০৯ চনত সাহিত্যিক পেঞ্চন লাভ কৰিছিল।
২০১৮ চনৰ ২৭ মে’ত তেওঁ ৰচনা কৰা সমগ্ৰ সৃষ্টিৰাজিক একত্ৰিত কৰি “গোকুল পাঠক ৰচনাৱলী” নামেৰে এক সংকলন প্ৰকাশিত হয়। গোকুল পাঠক ৰচনাৱলী সম্পাদনা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা এই সংকলনটো উন্মোচন কৰি বিশিষ্ট লেখক, চিন্তাবিদ, সাংবাদিক প্ৰয়াত হোমেন বৰগোহাঞিয়ে গোকুল পাঠকক অসমৰ সাংস্কৃতিক আকাশৰ এক উজ্জ্বল নক্ষত্ৰ বুলি অভিহিত কৰিছিল।
একেটা অনুষ্ঠানতে উপস্থিত থকা অসমৰ আন এগৰাকী বিশিষ্ট সাংবাদিক সমালোচক হাইদৰ হুছেইনে গোকুল পাঠকৰ তেজত দেশ আৰু জাতিপ্ৰেম আমৃত্যু কালৰ বাবে প্ৰৱাহিত হৈ থকা বুলি উল্লেখ কৰি স্বদেশ প্ৰেমৰ ভাও লোৱা লোকৰ সংখ্যা বেছি হোৱাৰ সময়তে বচন নমতাকৈ দেশ আৰু জাতিটোৰ বাবে অক্লান্ত আৰু প্ৰতিদান নিবিচৰাকৈ জাতিটোৰ হকে কাম কৰি যোৱা এজন নীতিনিষ্ঠ ব্যক্তি বুলি কৰা মন্তব্যই লোক সাধকগৰাকীৰ অনন্য জীৱন পৰিক্ৰমাক উদ্ভাসিত কৰি তুলিছে।
অভাৱ, লোভ, মোহ আদিক জয় কৰা শিল্পীগৰাকীয়ে মৃত্যুৰ আগমূহুৰ্তলৈ জীৱন আৰু জীৱিকা ৰক্ষাৰ হেতু অহৰহভাৱে সংগ্ৰাম কৰিবলগীয়া হৈছিল। বৰপেটাৰ “হোলীগীত”ক ৰাষ্ট্ৰীয় স্তৰ লৈ নিয়াৰ ক্ষেত্ৰত আগভাগ লোৱা শিল্পীগৰাকীয়ে সাম্প্ৰতিক সময়ৰ তথাকথিত একাংশ নামিদামী শিল্পী-সাহিত্যিকৰ বিলাসী জীৱনক প্ৰত্যাহ্বান জনাই এটা ভগা জুপুৰীত জীৱন যাপন কৰি অৱশেষত ২০২০ চনৰ ১০ মে’ত ৯৩ বছৰ বয়সত এই মায়াময় সংসাৰৰ পৰা চিৰ বিদায় লৈছিল।
আজি ১৪ অক্টোবৰ ২০২৪ লোকসাধকগৰাকীৰ ৯৮ সংখ্যক ওপজা দিনৰ এই শুভক্ষণত সাধকগৰাকী লৈ জনাইছোঁ আমাৰ অশ্ৰুভৰা অঞ্জলি। আজিৰ এই দিনটোতেই অসমৰ লোকসংগীত আৰু সংবাদ সাধনাত ব্ৰতী হৈ থকা প্ৰতিগৰাকী লোকে গোকুল পাঠকৰ সংগ্ৰামী জীৱন পৰিক্ৰমাক পাথেয় কৰি আগবাঢ়িলেহে প্ৰকৃত অৰ্থত শিল্পীগৰাকীক সন্মান জনোৱা হ’ব আৰু অসমত লোকসংগীত আৰু সংবাদ ক্ষেত্ৰখন জাউতি যুগীয়া হৈ থাকিব।
যুগান্ত বায়ন ৮৮৭৬৪১৫০৮৯
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.