-মনোজ কুমাৰ ডেকা |
ভাৰতৰ মূল ভূখণ্ডৰ সৈতে থকা অসম বা উত্তৰ পূৱৰ আন ৰাজ্য সমূহৰ অন্যতম পাৰ্থক্য হ’ল, এই অঞ্চলত বৃহৎ উদ্যোগৰ অভাৱ দেখা যায় । প্ৰকৃতিৰ সেউজীয়াত উমলী থকা সৰল চহা প্ৰাণে নিজৰ নিমাখিত প্ৰয়োজন পূৰাবলৈ কেতিয়াবা কুটিৰ শিল্পৰ সহায় লয় । অধিক আৰু বৃহৎ উপাৰ্জন, ধন আহৰণৰ বাবে ইয়াৰ বিক্ৰী বা ব্যৱসায় সততে এই অঞ্চলৰ লোকে কৰিব নিবিচাৰে । কৃষিজীৱী লোক সমাজে সততে নিজৰ বা সমাজ জীৱন আগবঢ়াই নিবলৈ সহায় লয় লোক উৎসৱ, লোক খেল ধেমালি, লোক ঔষধ-চিকিৎসা বা লোক ধৰ্মৰ ।
অষ্ট্ৰিক, মংগোলীয় আৰু আৰ্য্য সংস্কৃতিৰ যোগ হৈছে অসমীয়া সংস্কৃতি । যদি বিহুলৈ লক্ষ কৰে সেয়া জলজল পটপতকৈ স্পষ্ট হৈ পৰে । বহাগ বিহু বা মাঘ বিহুৰ বহু ক্ৰিয়াকলাপৰ সমিলমিল অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত দেখা যায় । উদাহৰণ স্বৰূপে বহাগ বড়োৰ বাবে বৈশাগু, ৰাভা সকলৰ বাবে বায়খো, ডিমাছা সকলৰ বাবে বুছোডিমা । বহাগৰ গৰু কেন্দ্ৰিক আচাৰ সমূহ অনাৰ্যমুলীয় । বিহুৰ নৃত্যভংগী বা ইয়াৰ অন্তৰ্নিহিত চিন্তাতো মিল আছে । হুঁচৰিৰ সৈতে সোনোৱাল কছাৰীৰ হাইডাঙ, দেউৰীৰ হুৰাই ৰাঙলী, তিৱাৰ লাই-হিলালি বা ৰাভাৰ হৈ মাৰো মিল দেখা যায় ।
বৃক্ষ পূজাকেন্দ্ৰিক লোকাচাৰ আমাৰ বাবে সুলভ । ই মূলতঃ জনগোষ্ঠীয় চিন্তাৰ ফল । বিভিন্ন জানগোষ্ঠীয়ে গছক পূজা কৰে । ভঠেলি, সুঁৱৰি আদি এনে উৎসৱৰ উৎকৃষ্ট উদাহৰণ ।জনগোষ্ঠীয় সমাজ সংস্কৃতিত বাঁহৰ স্থান কি আমি জানো । লোকসংস্কৃতিবিদ ডঃ নবীন চন্দ্ৰ শৰ্মাৰ মতে, বাঁহ লিংগৰ প্ৰতীক । আই ধৰিত্ৰী বা বসুমতিৰ জৰায়ুত বাঁহ স্থাপন কৰিলে আই বসুমতি শস্যশালিনী হয় বুলি বিশ্বাস প্ৰচলিত আৰু এই বিশ্বাসৰ আধাৰত জন্ম হ’ল বাঁহ পূজা বা ভঠেলি নৃত্য আৰু উৎসৱৰ ।
নৱবৈষ্ণৱ সংস্কৃতিৰ বিচিত্ৰ ৰূপৰ প্ৰকাশ নৃগোষ্ঠীয় গোট সমুহৰ প্ৰভাৱৰ ফল। ৰাতিসেৱা জাতীয় অনুষ্ঠাৰ লোকাচাৰ বা পৰিৱেশীত গীত সমুহ ইয়াৰ উদাহৰণ । নৃগোষ্ঠীয় প্ৰভাৱেৰে প্ৰভাৱিত অনেক বৰ্ণহিন্দু মানুহে একাধিক নৃগোষ্ঠীয় লোকাচাৰত বিশ্বাস ৰাখে ।
আমি গৰ্বিত যে উত্তৰ পূৰ্বাঞ্চলত বা আমাৰ অসম মুলুকত নাৰীৰ সামাজিক অৱস্থান অতি উচ্চ । মঙ্গলটি,দেওধনী, বেজালি বা ডাইনী- সকলোতে নাৰীৰ উপস্থিতি স্পষ্ট । ৰজস্বলা নাৰী বা বিধৱা নাৰীৰ ক্ষেত্ৰত আমাৰ সমাজৰ নীতি বহু শিথিল । বহু নৃগোষ্ঠীয় সমাজত নাৰীৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱাৰ আগেয়ে নাৰী সমাজ বা সংগঠনৰ অনুমোদনৰ প্ৰয়োজন ।
বনৌষধ বা বন লতাৰ উপকাৰীতা, অপকাৰীতা আদিৰ অগাধ জ্ঞানেৰে পূৰণ নৃগোষ্ঠীয় সমাজত গছলটিকাৰে চিকিৎসাও কৰা হয় ।
বহু দেৱদেৱী বা ধৰ্মীয় বিশ্বাসৰ মূল নৃগোষ্ঠী । কামাখ্যা মূলতঃ অনাৰ্য মূলৰ । একেদৰে শিৱ বড়ো সকলৰ বাবে বাথৌ-দাম্বৰা-শিৱৰাই- বাথৌ বওৰাই, ডিমাছাৰ বাবে শিব্ৰই, দেউৰীৰ বাবে কুণ্ডিমামা ।
বৰ্ণহিন্দুৰ বালিকটা দা’ৰ ওপৰত নচা আৰু ৰাভাৰ জুইৰ ওপৰত নচা সমধৰ্মী । জৰাফুঁকা, ডাইনী, যখিনি,বীৰা, বুঢ়াডাঙৰীয়াৰ চিন্তা চেতনা অসমীয়া সমাজৰ একাধিক নৃগোষ্ঠীৰ মাজত জীপাল আৰু ইয়াৰ লোকাচাৰ স্পষ্ট ।