• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, April 21, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Remembrance

ল’ৰালিৰ ধেমালি!

ASSAMESE SECTION/ Childhood

by Sanjeev Kumar Nath
January 24, 2025
in Remembrance, Lifestyle
Reading Time: 5 mins read
0
ল’ৰালিৰ ধেমালি!
Share on FacebookShare on TwitterShare on LinkedIn

ল’ৰালিৰ ধেমালি!

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

সত্তৰৰ দশকৰ আগ ভাগ। অসমৰ এখন সৰু চহৰত থকা এটা চৰকাৰী বিভাগৰ আবাসিক এলেকা।

তাৰে এটা সৰু ঘৰৰ ভিতৰৰ এটা কোঠাত থকা এটা পকী আলমাৰি—ঘৰ সাজোতেই পকী স্লেব দি বনোৱা আলমাৰি।

সেই আলমাৰিৰ একেবাৰে ওপৰত এটুকুৰা চুম্বক, এটা ৰবৰৰ বল, কিছুমান ফুটা “সাপ বেলুন”ৰ দীঘল ৰবৰ, কেইটামান মার্বল গুটি, এখন সৰু চুৰি কটাৰি, এসময়ত চাউল জোখাৰ বাবে ব্যৱহাৰ হোৱা দুটা টেমা আৰু টেমা দুটাক সংযোগ কৰা এডাল দীঘল ৰছী….।

ল’ৰালিৰ ধেমালি

মাজে মাজে অন্য দুই এপদ বস্তুও এইসোপা বস্তুৰ লগ লাগেহি—বহঁতৰ কোমল কলি, বৰশীৰ বাবে ব্যৱহাৰ কৰা সূতা, দুর্গা পূজাৰ বজাৰত কিনা সৰু বন্দুক আদি। এই সম্পদ সমূহৰ মালিক আছিলো ময়েই–তেতিয়া এল পি স্কুলৰ ছাত্র।

“নাজানো কোনে কৈছিল যে পকেটত চুম্বক থাকিলে ভূত ওচৰলৈ আহিব নোৱাৰে। বোধকৰোঁ মোৰ লগৰ কোনো সৰু ল’ৰাৰ পৰাই সেই জীৱন-দায়িনী, ৰক্ষা-কবচ হেন জ্ঞান পাইছিলোঁ। আচলতে ডাঙৰ সকলে বহুত সময়ত গমেই নাপায় যে অকণমানি বোৰৰ নিজৰো এখন সমাজ আছে, যে বিভিন্ন ধৰণৰ জ্ঞান-চর্চা তেওঁলোকৰ মাজতো হয়। মাত্র কিছুমান কথা ডাঙৰক কোৱা নাযায়।”

        এতিয়া কাহানিও লগ নেৰিব বিচৰা ডিঙিৰ বিষ, কঁকালৰ বিষ কি বস্তু তেতিয়া নাজানিছিলোঁ, আৰু সেই আলমাৰিৰ খলপাবোৰ বগাই একেবাৰে ওপৰত মোৰ মহা মূল্যবান সম্পদ সমূহ থোৱা বা তাৰ পৰা নমাই অনা মোৰ বাবে তেনেই সহজ আছিল। অৱশ্যে একেবাৰে ওপৰত থোৱাৰ অন্য এটা কাৰণো আছিল—অন্য ঠাইত, মানে আলমাৰিৰ প্রকৃত storage areaত মোৰ লামলাকটু সোপা থোৱা মানা আছিল।

RelatedPosts

woman sitting on the car s window

Why it is Important to Travel?

April 18, 2026
Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy

Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy

April 12, 2026
Climate Change: Individual Action Versus Collective Action !

Climate Anxiety Crisis: How Climate Change is Destroying Young People’s Mental Health Worldwide

April 12, 2026

আপুনি ভাবিব পাৰে যে এই অদৰকাৰী বস্তুবোৰ মোক কিয় লাগে। গতিকে দুই এপদৰ ব্যৱহাৰৰ বিষয়ে কওঁ। এতিয়া  জানি শুনি কোনো জীয়াই থকা বস্তু হত্যা কৰা মোৰ বাবে সম্ভৱ নহয়। কিন্তু শৈশৱ আৰু কৈশোৰত কি নিষ্ঠুৰ আছিলোঁ।

সেই যে সাপ বেলুনৰ দীঘল ৰবৰ ডাল—সেই ডালৰ এটা মূৰ বাওঁ হাতৰ আঙুলিৰে ধৰিলৈ সোঁহাতেৰ আঙুলিৰে ইটো মূৰ ধৰি দীঘলকৈ টানি হঠাত এৰি দিওঁ মজিয়াত বা ঘৰৰ বাহিৰত থকা মাখি এটালৈ, আৰু পিছ মুহূর্ত্ততে মাখি মৰা বীৰৰ অব্যর্থ ৰবৰ-সন্ধানত বেচেৰা মাখিৰ প্রাণ বায়ু উৰি যায়।

তেতিয়া আকৌ মাখিৰ শৱ দেহ নি দিওঁগৈ ৰঙা গুড়ি পৰুৱাক। ৰঙা গুড়ি পৰুৱাৰ শাৰী ক’ত আছে বিচাৰি উলিয়াই তাত সিহঁতৰ বাবে মাংসৰ (মাখি) যোগান ধৰোঁ। পৰুৱাহঁতে কেনেকৈ এগালমানে ধৰি, ডাঙি, আগলৈ, পাছলৈ, কাষলৈ, মদাহী মানুহে ধলং পলংকৰি যোৱা দৰে গৈ শেষত মাখিটো গাঁতত সুমুৱাইগৈ, তাকে চাই ৰং পাওঁ।

ভূতলৈ ভয় ঠিক কেতিয়া গুছিল মনত নপৰে, কিন্তু এতিয়া টিভিৰ হৰৰ শ্ব’ বা বেছিভাগ হৰৰ ফিল্ম অখাদ্য যেন লাগে। ইমানেই আমনিদায়ক পাওঁ যে চোৱাৰ ধর্য্য নাথাকে। এনে ফিল্মৰ বেবেৰিবাং ঘটনা বোৰে বা “ভয় উদ্রেককাৰী” দৃশ্য সমূহে কোনোমতেই মনত ভয়ৰ সঞ্চাৰ কৰিব নোৱাৰে, আৰু ভয়ৰ “ৰোমাঞ্চ” বুজি নাপালে কি ভূতৰ কাহিনী চাব?

কিন্তু সৰু কালৰ সেই সম্পদখিনিৰ মাজত চাগৈ মোৰ বাবে আটাইতকৈ বেছি মূল্যবান বস্তু আছিল সৰু চুম্বক টুকুৰা। বেয়া ৰেডিঅ’ বা তেনে কোনো যন্ত্রৰ পৰা উদ্ধাৰ কৰা চুম্বক টুকুৰা নহ’লে মই ৰাতি অন্ধকাৰত কেনিও ওলাব নোৱাৰিছিলোঁ।

ল’ৰালিৰ ধেমালি

তেতিয়াটো অন্ধকাৰো বেছি আছিল। ঘোপ মৰা অন্ধকাৰ কি বস্তু আজিকালি চহৰত ডাঙৰ হোৱা বহুত ল’ৰা-ছোৱালীয়ে বোধকৰোঁ বুজিয়েই নাপায়। কিবা কাৰণত এখোজো যদি অন্ধকাৰত যাব লগীয়া হয়, তেন্তে মুহূর্ত্ততে সেই অন্ধকাৰৰ ভিতৰত মোলৈ চোপ লৈ থকা ভূত, প্রেত আদিয়ে যাতে মোক ধৰিব নোৱাৰে তাৰ বাবে অব্যর্থ মহৌষধ আছিল সেই ভগা যন্ত্রৰ পৰা উদ্ধাৰ কৰি ৰখা সৰু চুম্বক টুকুৰা।

নাজানো কোনে কৈছিল যে পকেটত চুম্বক থাকিলে ভূত ওচৰলৈ আহিব নোৱাৰে। বোধকৰোঁ মোৰ লগৰ কোনো সৰু ল’ৰাৰ পৰাই সেই জীৱন-দায়িনী, ৰক্ষা-কবচ হেন জ্ঞান পাইছিলোঁ। আচলতে ডাঙৰ সকলে বহুত সময়ত গমেই নাপায় যে অকণমানি বোৰৰ নিজৰো এখন সমাজ আছে, যে বিভিন্ন ধৰণৰ জ্ঞান-চর্চা তেওঁলোকৰ মাজতো হয়। মাত্র কিছুমান কথা ডাঙৰক কোৱা নাযায়।

ডাঙৰবোৰে যে কিছুমান কথা বুজি নাপাব, সেইটো যেন কণমানিহঁতে ঠিকেই বুজে, গতিকে অবুজনক বুজাই ঢেৰুৱাৰ ঠাৰি সিজোৱাতকৈ তেওঁলোকে সেইবোৰ ৰহস্যময় জ্ঞানৰ কথা নিজৰ মাজতে বিলায়।

ল’ৰালিৰ ধেমালি
সাপ বেলুন

ভূতৰ যে চুম্বকলৈ ইমান ভয় সেইটো কথা ডাঙৰবোৰে নাজানিব পাৰে, কিন্তু সেই জ্ঞানৰ চাগৈ তেওঁলোকৰ সিমান প্রয়োজনো নাই—তেওঁলোকেতো ভূতৰ ভয়ত কঁপি থকা দেখা নাযায়। ডাঙৰ হ’লে চাগৈ কণমানিৰো তেনে সাহস হ’ব, কিন্তু সেই সময় অহালৈকে, অন্তত: এটুকুৰা চুম্বক পকেটত ৰখাটো অতি দৰকাৰী কথা।

কলি বঁহতবোৰ অৱশ্যে মোৰ সম্পদ-ভাণ্ডাৰত অনবৰতে নাথাকে, বঁহত গছত কলি লগা সময়তহে থাকে। এইবিধ অতি লাগতীয়াল বস্তু সাধাৰণতে স্কুলত অন্য কাৰোবাৰ পৰা অনা। স্কুলৰ শিক্ষক সকলে জানো জানিছিল যে তেওঁলোকৰ সৰু সৰু বিদ্যার্থী সকলে বিনিময় প্রথাৰে বেহা কৰিছিল :

“তুমি যদি মোক তোমাৰ চুম্বক টুকুৰা দিয়া মই তোমাক পাঁচটা বঁহত কলি দিম”।

“চুম্বক? নাই, মই চুম্বক দিব নোৱাৰোঁ। কিন্তু মই তোমাক এটা মার্বল গুটি দিম যদি তুমি মোক দুটা বঁহত কলি দিয়া”।

ল’ৰালিৰ ধেমালি
UB Photos

ফলি মচিবলৈ বঁহত কলি ব্যৱহাৰ হৈছিল। আসমৰ প্রাকৃতিক সম্পদৰ এনে ব্যৱহাৰৰ কথা, আৰু সেই সম্পদৰ বেহা বেপাৰৰ কথা কোনো অর্থনীতি বা বাণিজ্য শাস্ত্রৰ পুথিত পোৱা যায় নে নাযায় নাজানো।

সেই আলমাৰিৰ ওপৰ খলপাৰো ওপৰত থকা মোৰ সম্পদ সমূহৰ মাজত সাধাৰণতে বৰশী, বৰশীৰ সূতা আদি থাকে যদিও মই বৰ কৌশলী মাছমৰীয়া নাছিলোঁ। অৱশ্যে মোৰ মৎস্য চিকাৰে মাজে সময়ে মানুহক আচৰিত কৰিছিল।

এবাৰ সেই চৰকাৰী আবাসৰ বাহিৰৰ সৰু নলা এটাত এটা মাগুৰ মাছ দেখিলোঁ। তেতিয়াৰ দিনত বন্ধ দিনৰ দুপৰীয়া বেছি ভাগ সাধাৰণ জ্ঞান-বুদ্ধিৰ মানুহে কিছু সময় জিৰণি লয় কাৰণ টিপি থাকিবলৈ মোবাইল নাই। (লাহে লাহে বাঁহৰ দীঘল খুটাত লগোৱা এন্টিনা আহিল, টেলিভিজন আহিল, কিন্তু দূৰদর্শনৰ অনুষ্ঠানকেইটাতো দিনটো চাই থাকিব নোৱাৰি।)

 এটা বন্ধ দিনৰ দুপৰীয়া ডাঙৰবোৰে জিৰণি লোৱাৰ সময়ত অকলে পিছফালে পিট-পিটাই থাকোঁতে দেখিলো প্রায় শুকান, সৰু নলাটোত এটা বেচ ডাঙৰ মাগুৰ মাছ। পিছফালে বেৰত আঁউজাই থোৱা বৰশী এডাল আনি, মাছটো হাতেৰে ধৰি তাৰ মুখ বৰশীত চিলাই দিলোঁ।

জীয়া মাছ। জপিয়াই আছে, তথাপি নলাৰ পৰা লগা ধূলি মাকটি চাফ কৰিবলৈ, (authentic feel দিবলৈ) ওচৰতে থকা পুখুৰীটোত তাক এবাৰ বৰশীৰে সৈতে স্নান কৰোৱাই লৈ আহিলো সকলোকে মোৰ চিকাৰ দেখুৱাবলৈ। দুই এজনে অলপ সন্দেহৰ চকুৰে চালে যদিও বেছিভাগেই কৰা প্রশংসাত মোৰ বুকু ফুলি উঠিছিল, কিন্তু এতিয়া কথাটো মনত পৰিলে ভাল নালাগে।

কিয় বা এনেকৈ মিছা নাটক ৰচনা কৰি প্রশংসা লভিছিলোঁ নাজানো; এতিয়া যিমানদূৰ নিজক বুজি পাওঁ, তেনে প্রবৃত্তি নাই বুলিয়েই জানো। সমগ্র ঘটনাটো কিছু সন্দেহেৰে চোৱা কিজনৰ এজন আছিল আমাৰ নীচেই কাষৰ ঘৰৰ ডেকা ল’ৰা এটা। বোধকৰোঁ বেচেৰাই বজাৰৰ পৰা জীয়া মাগুৰ আনি থৈছিল, আৰু কেনেবাকৈ এটা ওলাই বগাই গৈ সেই সৰু নলাত পৰি চিকাৰিৰ চকুত পৰিছিল।

Fishing
মোৰ বৰশী

কিন্তু এনে নহয় যে মাছমৰীয়া হিচাপে মই একেবাৰে অপদার্থ আছিলোঁ। এবাৰ এটা বগা মাগুৰ মোৰ বৰশীত লাগিছিল। সি ইমানেই ডাঙৰ আছিল আৰু মই ইমানেই সৰু আছিলোঁ যে সি পুঙা টানি নি পাতাল পোৱালেগৈ, আৰু মই কোনোপধ্যে চিপ মাৰিব নোৱাৰোঁ।

ভাগ্যে এজন ওচৰ চুবুৰীয়াই এই নাটক দেখি আছিল, আৰু মই সহায়ৰ বাবে তেওঁক চিঞৰিলোঁ। আমাৰ দ্বৈত প্রয়াসত চিপ মৰা হ’ল, আৰু এনে এটা প্রকাণ্ড বগা মাগুৰ উঠিলে যে তাক দুদিন মাক এটা ডাঙৰ চৰিয়াত জীয়াই থৈ মানুহক দেখুৱা হৈছিল। তেতিয়া মোৰ যি গর্ব আৰু আনন্দ হৈছিল খুব সম্ভৱ নোবেল বঁটা পোৱা জনেও তেনে গর্ব আৰু আনন্দ অনুভৱ নকৰে।

ল’ৰালিৰ ধেমালি

সেই পুখুৰীটোৰ সৈতে মোৰ সম্বন্ধ আছিল অতি গাঢ়। পুখুৰীৰ পাৰত পিট-পিটাই ফুৰোঁতে এবাৰ মোক এজন মানুহে এটা বুদ্ধি শিকাইছিল আৰু সেই বুদ্ধিৰে মই প্রায়ে কিছুমান সৰু সৰু মাছ ধৰিছিলোঁ। পুখুৰীৰ পাৰত এটা তেনেই সৰু নতুন “পুখুৰী” খান্দি তাৰ সৈতে এটা সৰু নলাৰে মূল পুখুৰীক সংযোগ কৰিছিলোঁ। মোৰ অকণমানি পুখুৰী আৰু সেই নলাত পানীৰ দল, শেলুৱৈ আদি দি পৰিবেশটো মূল পুখুৰিৰ সৈতে একে কৰি পেলাইছিলোঁ।

ৰাতিপুৱা সোনকালে উঠি সেই নলাটো প্রথমে বোকাৰে বন্ধ কৰি দিওঁ। পিছত অকণমানি পুখুৰীটো সিঁচি সৰু সৰু মাছ কেইটামান পাওঁ, বিশেষকৈ মিছা মাছ। মাত্র কেইটামান হ’লেও মোৰ বৰ ভাল লাগিছিল কাৰণ মিছা মাছ মোৰ অতি প্রিয় আছিল। আছিল বুলি ক’ব লগীয়া হৈছে এইবাবে যে এতিয়া মই কোনো মাছেই (বা মাংসও) নাখাওঁ।

Rain

এবাৰ ওচৰতে হোৱা সৰস্বতী পূজা এভাগত সেৱা কৰোঁতে পূজাৰীয়ে মোক বৰ ডাঙৰ নার্জী ফুল এপাহ দিছিল। মই তাৰ গুটি উলিয়াই মোৰ সেই সৰু পুখুৰীৰ কাষতে কিছু ঠাই উলিয়াই পুলি গজালোঁ। কালক্রমত সেইবোৰ পুলি ডাঙৰ হৈ পুখুৰীৰ পাৰৰ সেই অংশ ডাঙৰ নার্জীৰে জাতিষ্কাৰ হৈছিল।

        সেই আলমাৰিত থকা এটা “যন্ত্র” আছিল এডাল দীঘল সূতাৰে সংযোগ কৰি ৰখা দুটা টেমা। এই যন্ত্রৰ বৱহাৰৰ বাবে দুজন ব্যক্তিৰ প্রয়োজন। টেমা দুটা দুয়ো টানি ধৰি দূৰত অৱস্থান কৰিব লাগে, আৰু এজনে টেমাটোৰ খোলা ফালে মুখদি কথা কয়, আৰু আনজনে অন্যটো টেমাৰ খোলা ফালে কাণ এখন পাতি লৈ কথা শুনে। এক প্রকাৰৰ টেলিফোন।

আৰু এজনে কোৱা কথা টেলিফোনৰ মাজেৰে শুনাৰ উপৰি এনেয়ো যদি ইজনে শুনি থাকে তেতিয়াও কিন্তু সেই যন্ত্রৰ চমৎকাৰী ব্যৱহাৰৰ বিষয়ে কাৰো সন্দেহ নাথাকে।

কোৱা বাহুল্য যে  যন্ত্র ব্যৱহাৰকাৰী দুজনৰ এজন সদায় মই, আৰু ইজন মোৰ লগৰ কোনো বন্ধু। ডাঙৰ বোৰৰ এনে আৱিস্কাৰৰ আনন্দ বুজি পোৱাৰ যে সামর্থ নাই সেই বিষয়ে আমি সৰু বোৰে জানোৱেই, গতিকে তেওঁকোলক টেমা মুখত ল’বলৈ বা কাণত ল’বলৈ অনুৰোধ কৰাৰ প্রশ্নই নাছিল।

মোৰ সম্পত্তি বহনকাৰী সেই আলমাৰিৰ বাহিৰে অন্য এটা আলমাৰিৰ সৈতেও মোৰ বিশেষ সম্বন্ধ আছিল। সেইটোত গেলামালৰ দোকানৰ পৰা অনা কিছুমান বস্তু থোৱা হৈছিল। সেই বস্তুবোৰৰ মাজত থকা এটা বিশেষ বস্তুৰ বাবে মই মাজে মাজে সেই আলমাৰিত অতি সন্তর্পনে অনুসন্ধান কৰিছিলোঁ। সেই কোঠাত কোনো নথকা সময়ত সেই কাম কৰিবলৈ যাওঁতে মোৰ হাতত থাকে এখন চামুচ।

Children2

আৰু সেই সুস্বাদু সম্পদৰ টেমা খুলি, চামুচেৰে এচামুচতকৈ অলপ কম লৈ মুখত ভৰাই বিমল আনন্দ লভিছিলোঁ। আপোনাৰ যদি তেনে অভিজ্ঞতা নাই, তেন্তে আপুনি ভাবিব পাৰে যে ইমানেই সোৱাদ বস্তু যদি এচামুচতকৈ অলপ কম কিয় ল’ব লাগে? অভিজ্ঞতা।

অভিজ্ঞতাৰ পৰা জানিছিলোঁ যে শুকান ডেইৰী পাউডাৰ সৰু মুখত সৰহকৈ ভৰালে ওপৰ তালুত লাগি ধৰা সোপা শেষ হ’বলৈ বেছি সময় লাগে। তেনে অৱস্থাতে ধৰা পৰিলে কি হ’ব? অৱশ্যে এতিয়া বুজি পাওঁ যে সেই চৌর্য কার্যৰ বিষয়ে ডাঙৰ সকলৰ যে মুঠেই খবৰ নাছিল তেনে নহয়। তেওঁলোকৰ সহ্য গুণৰ পৰীক্ষা আৰু কি কি ধৰণে কৰিছিলোঁ তাৰ পুৰা হিচাপ আজি মোৰ ওচৰত নাই।

সেই সৰু চহৰত শৈশৱৰ ভালে কেইটা বছৰ পাৰ কৰিছিলোঁ। চহৰ মানে নামতহে চহৰ, বাটত গাড়ী-মটৰৰ সংখ্যা খুব কম, মানুহৰ সংখ্যা কম, “বিকাশ”ৰ নাম-গোন্ধ নাই।

এটা সৰু, সাধাৰণ চৰকাৰী আবাসত থাকোঁ, ধন সম্পত্তি বুলিবলৈ বিশেষ একো নাই আমাৰ, কিন্তু কোনোদিনে অভাৱৰ ভাবে আমনি কৰা মনত নপৰে। আনন্দত আছিলোঁ, বন্ধু-বান্ধৱ অনেক আছিল।

এতিয়া বুজি পাওঁ যে তেতিয়া আমাতকৈ বহুত বেছি ধন সম্পত্তি থকা মানুহৰ ল’ৰা-ছোৱালীৰ সৈতে আৰু তেনেই দুখীয়া মানুহৰ ল’ৰা ছোৱালীৰ সৈতে একেলগে খেলাধূলা কৰি ডাঙৰ হৈছিলোঁ। ধনী-দুখীয়া, বেছি সম্পত্তি থকা, কম সম্পত্তি থকা মানুহৰ বিভেদ নাছিল।

এতিয়া ভাবিলে আচৰিত লাগে। চহৰৰ আটাইতকৈ ডাঙৰ চৰকাৰী বিষয়াজনৰ ল’ৰাটো আৰু মই একলগে স্কুললৈ যাওঁ—খোজ কাঢ়ি। পার্থক্য ইমানেই যে সি এটা সৰু এলুমিনিয়ামৰ বাকচত তাৰ কিতাপবোৰ কঢ়িয়াই নিয়ে আৰু মই নিওঁ এটা মোনাত। প্রথমে পকা ৰাস্তাৰে আমাৰ যাত্রা আৰম্ভ হয়, কিন্তু কিছু দূৰ যোৱাৰ পিছত কেঁচা ৰাস্তা। কেতিয়াবা গাঁৱৰ মাজেৰে, কেৱল কেঁচা ৰাস্তাৰে যাওঁ।

Children3

আবেলি স্কুলৰ পৰা ওভতি আহোঁতে কেতিয়াবা পথাৰৰ মাজেৰে আহোঁ। ভোক বেছিকৈ লাগিলে তেনে কৰোঁ। ভোক নালাগিবলৈ টিফিন-চিফিন কিবা থাকিলেহে। হাতত কেতিয়াবা দুই এটা পইছা থাকে, মোৰ ধনী বন্ধুৰো বৰ বেছি পইছা নাথাকে।

“পানী খোৱা ছুটী” হ’লে (পানী খোৱা ছুটীত আৰু কি টিফিন খাম; পানী খোৱা ছুটীহে, টিফিন খোৱা ছুটী নহয়) সেই পইছাৰে কেঁচা বুট, চানা এনেকুৱা কিবা কিনি খোৱা যায়। কেতিয়াবা তাকো খোৱা নহয়। কিন্তু অভাৱৰ ভাব নাছিল; অভাৱৰ ভাবৰহে অভাৱ আছিল।

Bhaskar

বিকাশ বিহীন সেই চহৰৰ কেঁচা ৰাস্তাৰে কেতিয়াবা ৰাতি আহোঁ বন্ধুৰ ঘৰৰ পৰা। ৰাতি মানে সন্ধিয়াতে ৰাতি, পোহৰৰ ব্যৱস্থা কম বাবে। কিন্তু জোনাকত সেই কেঁচা ৰাস্তা জিলিকে, আৰু তাৰ পাৰৰ পথাৰ, নলা, জুৰি আদিৰ পৰা ভেকুলীয়ে কনর্চাট বজায়। এক যাদুকৰী পৰিবেশ।

কেতিয়াবা ঘোপ মৰা অন্ধকাৰ, আৰু ওপৰত তৰা ভৰা আকাশ। বহুত দিন তেনে আকাশ দেখা নাই। প্রায়ে বন্ধুৰ ঘৰলৈ যাওঁ কিতাপ বিচাৰি। দস্যু ভাস্কৰ চিৰিজৰ নতুন কিতাপ ওলালে সি প্রায়ে অনায়, আৰু আমি দুয়ো পঢ়োঁ। এনে লাগে যেন সময়ত আমিও দস্যু ভাস্কৰ হমগৈ।

Tubewell

পিছত মই যেতিয়া চৰকাৰী জলপানি লৈ মধ্য প্রদেশত পঢ়িবলৈ গ’লোঁ, তেতিয়া ইংৰাজী টাৰজান, ফেনটম আদি কমিক্সৰ নিচা লাগিছিল। অসমৰ সৰু চহৰৰ স্কুলৰ গ্রন্থাগাৰৰ কিতাপ পঢ়ি প্রায় শেষ কৰি পেলাইছিলোঁ, আৰু পিছত ডাঙৰ স্কুলৰ গ্রন্থাগাৰৰ কিতাপ আনি পঢ়িবলৈ ল’লোঁ। পঢ়াৰ আনন্দ বুজাত কোনো অসুবিধা নাছিল কাৰণ মোবাইল নাছিল, টেলিভিজনো আহিছিল দেৰিকৈ।

বন্ধ দিনত প্রাসাদোপম স্কুলঘৰৰ টাৱাৰত, বাগিচাত, গছৰ তলত, কিতাপ লৈ সময় কটাইছিলোঁ। কেতিয়াবা দুই এটা বন্ধুৰ সৈতে লগত কিছু খোৱা বস্তু লৈ যাওঁ আৰু পঢ়াৰ লগতে পিকনিকো হয়। ৰাতি হোষ্টেলত শোৱাৰ সময় হ’লে “হাউছ মাষ্টাৰ”ৰ অনুমতি সাপেক্ষে লাইব্রেৰীত বঢ়ি লিখা-পঢ়া কৰিব পাৰি, কিন্তু লিখা-পঢ়া কৰিবলগীয়া নাথাকিলে শুব লাগিব, অন্য কোনো কাম কৰাৰ অনুমতি নাছিল।

Phantom

আমাৰ হাউছ-মাষ্টাৰো আছিল অতি কঠোৰ বিধৰ। ৰাতি আহি বৃহৎ শোৱনি ঘৰৰ ভিতৰত মনে মনে সোমাই চাই ফুৰে—ল’ৰাহঁতে কি কৰিছে; শুইছে নে নাই। লাইট জ্ৱলাব নোৱাৰি। দুই এবাৰ লেপ বা কম্বলৰ তলত তর্চ জ্বলাই কমিকচ্ পঢ়ি থাকোঁতে ধৰা পৰাৰ পৰা কথমপি হে বাচিছোঁ।

Mandrake

কেতিয়া যে সেই মধুৰ লৰালি শেষ হৈ গ’ল আৰু আমি “ডাঙৰ” হৈ গ’লোঁ, বয়সীয়াল হৈ গলোঁ, গমেই পোৱা নগ’ল। কিন্তু ঈশ্বৰৰ কৃপাত এতিয়ালৈকে যিমান ঠাইত আছো, সকলোতে কণ কণ ল’ৰা-ছোৱালী কিছুমান আহি আমাৰ লগ লাগেহি। সিহঁতৰ সৈতে কথা পাতি, হাঁহি ধেমালি কৰি খুব ভাল লাগে।

আচলতে শিশুৰ সান্নিধ্যত আমি পুণৰ আমাৰ হেৰোৱা ল’ৰালিক কিছু পৰিমাণে ঘুৰাই পাওঁ। শিশুৰ সান্নিধ্যত যি বিমল আনন্দ পোৱা যায় তাৰ তুলনা নাই।

Bhaskar1

(Sanjeev Kumar Nath, sanjeevnath21@gmail.com)

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Sanjeev Kumar Nath

Sanjeev Kumar Nath

Related Posts

woman sitting on the car s window
Travel

Why it is Important to Travel?

by Agrita Chhibber
April 18, 2026
0

 Why it is Important to Travel? AGRITA CHHIBBER Traveling is crucial for people. Although we are social beings of the...

Read moreDetails
Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy

Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy

April 12, 2026
Climate Change: Individual Action Versus Collective Action !

Climate Anxiety Crisis: How Climate Change is Destroying Young People’s Mental Health Worldwide

April 12, 2026
AGRICULTURE : Smart solutions for high yield hydration

AGRICULTURE : Smart solutions for high yield hydration

April 12, 2026
বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

April 7, 2026
Zubeen Garg’s Death: An End to an Era

Zubeen Garg: “Sing ‘Mayabini’ for me when I am gone”

April 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Climate Crisis Alert: How Global Warming is Destroying Sualkuchi (Assam)’s Priceless Muga, Eri & Pat Silk Legacy

Climate Crisis Alert: How Global Warming is Destroying Sualkuchi (Assam)’s Priceless Muga, Eri & Pat Silk Legacy

April 20, 2026
এশটা বসন্তৰ গান…

এশটা বসন্তৰ গান…

April 20, 2026
Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

April 20, 2026
অসমৰ অশান্তি অতীতৰ সৈতে গভীৰভাৱে বিজড়িত

Assam Crisis : How Melting Glaciers, Rising Seas & Decades of Political Neglect Are Threatening Indigenous Communities

April 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    30719 shares
    Share 12287 Tweet 7680
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    12846 shares
    Share 5138 Tweet 3212
  • Dr. Utpal Das: Modern Architect of LNB Library, Dibrugarh University

    229 shares
    Share 92 Tweet 57
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4271 shares
    Share 1708 Tweet 1068
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3615 shares
    Share 1446 Tweet 904
  • ‘Kije Nidarun Khobor Asil’ by Trishna Devi & Miranda Choudhury

    89 shares
    Share 36 Tweet 22
  • চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

    922 shares
    Share 369 Tweet 231
  • দেশে দেশে ফুটবল

    240 shares
    Share 96 Tweet 60
  • Collective Agency and Climate Resilience: How Women-led Institutions are Redefining Adaptation in Rural India?

    78 shares
    Share 31 Tweet 20
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    854 shares
    Share 342 Tweet 214
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d