-ডা° সুকৃতি চৌধুৰী |
নমস্কাৰ বন্ধু-বান্ধৱী সকল
ল’ৰা-ছোৱালীহঁতক উদ্দেশ্য কৰি মই এয়া পুনৰ লিখিছো৷ সম্ভৱ হ’লে ল’ৰা-ছোৱালীহঁতক পঢ়িবলৈ দিব৷
১৮.১০.২০২০
——————-
মৰমৰ ভাইটি-ভন্তিহঁত,
কেনে আছা? দুদিনমানৰ বিৰতিৰ পিছত তোমালোকলৈ পুনৰ এখন চিঠি লিখিবলৈ বহিলো৷
জীৱনৰ লক্ষ্য সাধনত সফল হ’বলৈ কেতিয়াও ক’ব নালাগে যে ইমান গৰম পৰিছে৷ ইমান ঠাণ্ডা৷ ইমান ৰ’দ৷ ইমান বৰষুণ৷ যেতিয়া কেবল আৰু কেবল লক্ষ্যতহে নিজৰ নজৰ থাকিব তেতিয়া দুখ পোৱা কষ্ট পোৱা এইবোৰ অনুভৱেই নহ’ব৷ অৰ্জুনে যে কাড় মাৰিবলৈ গছত ওলমাই চকু ফুটাবলৈ দিয়া মাছটোৰ কেবল চকুহে দেখিছিল, উপযুক্ত উদাহৰণ সেইটোৱেই৷
উপযুক্ত দিন বা ভাল সময় বুলি একো নাই৷ আজিয়েই এতিয়াই এইমুহূৰ্তটোয়েই ভাল আৰু উপযুক্ত৷
আকাশৰ পৰা কেতিয়াও ভাল দিন আৰু সুখবোৰ সৰি নপৰে৷ ঈশ্বৰে প্ৰতিটো দিনেই সকলো সময়কেই একে কৰি বনাইছে৷ আমিহে মিছাতে ভাল-বেয়া বনাই লৈছো৷ এয়া আমাৰ ভুল৷
George Herbert ৰ একাষাৰ কথা তোমাক কৈ শুনাব খুজিছো —Do not wait. The time will never be ” just right”. Start where you stand and work with whatever tools you may have at your command. Better tools will be found as you go along.
তুমি যদি কিবা এটা ভাবিব পাৰিছা সেইটো নিঃসন্দেহে কৰিবও পাৰিব৷ ইংৰাজীত কয়– If you can dream it you can do it.
এই পৃথিৱীত তোমাৰ আটাইতকৈ ডাঙৰ শত্ৰু তুমি নিজেই আৰু শ্ৰেষ্ঠ বন্ধুও তুমি নিজেই৷ তুমি নিজকে কেনে ব্যৱহাৰ কৰিবা সেয়া তোমাৰ কথা৷ কিন্ত যেনে ব্যৱহাৰ কৰা তেনে ফল পাব৷ ব্যায়াম কৰিবা নে শুই থাকিবা, পৰিশ্ৰম কৰিবা নে এলাহ কৰিবা সেয়া তোমাৰ মৰ্জি৷ কিন্ত ফলো সেইমতেহে পাব৷ তুমি যি কৰা যিমান কৰা সেইটোয়েই তোমাৰ ৰিজাল্ট৷
তুমি যদি এখন নদীৰ পাৰত বহি বহি ভাবি থাকা যে কেনেকৈ সাতুঁৰিবা, তেনেহ’লে দহ জনম তাত বহি থাকিলেও সাতুঁৰিব নোৱাৰিবা ৷ যদিহে সাতুঁৰিবলৈ শিকিবই খুজিছা,পানীত নামি হাত-ভৰি মাৰিব লাগিব৷ জীৱনৰ সমস্যাবোৰো সেয়াই৷ কিয় সমস্যা হ’ল বুলি হায়ৈ-বিয়ৈ কৈ কান্দি জানো লাভ আছে বা এনেদৰে জানো সমস্যাৰ সমাধান হ’ব কোৱা ? তাতকৈ সমস্যাটোৰ মাজত সোমাই যুদ্ধ দিয়া ৷ এনেকুৱা একো সমস্যা নাই যিটো সমস্যাৰ সমাধান নাই৷ নিজকে সদায় এই প্ৰশ্নটো কৰিবা —Do you have the solution for the problem or you are part of the problem ? উত্তৰটো গভীৰকৈ ভাবি চাবাচোন৷
হাজাৰ মাইলৰ যাত্ৰাও মাত্ৰ এটা খোজেৰে আৰম্ভ হয়৷ Journey of thousand miles start with a single step. আৰু এটা কথা —প্ৰথম খোজটো আগবঢ়াই দিয়া মানেই কামটোৰ আধা পুৰা হৈয়েই যোৱাৰ দৰে হয়৷
শৰীৰটো ঈশ্বৰে দিয়া Best gift. তোমাৰ শৰীৰটো এই পৃথিৱীত কিবা কৰিবলৈ দিয়া এটা অবলম্বনহে৷ গাড়ী এখন যিদৰে চাৰ্ভিছিং কৰাই যত্নৰে ভালকৈ ৰখাৰ দৰকাৰ শৰীৰো একে৷ যত্ন নকৰা গাড়ীখনে কেৰকেৰ -ঘেৰঘেৰ কৰি যিদৰে আধাতে ৰৈ দিয়ে, যত্ন নকৰা শৰীৰো একে৷ পেলাই থোৱা গাড়ীত মামৰ লগাৰ দৰে শুই-বহি কটোৱা মানুহৰ শৰীৰটো বেমাৰ লাগে৷
কেতিয়াও ভয় নকৰিবা৷ মাত্ৰ সাৱধান হ’বা৷ তোমাক যিজনে ভয় খুৱাইছে, মনত ৰাখা তেৱো তোমালৈ ভয় কৰে৷ ভিতৰি ভয়াতুৰ মানুহেহে আনক ভয়-ভাবুকি দি ফুৰে৷ কাৰণ নিজৰ কিবা ক্ষতি হয় বুলি তেওঁ আতংকিত হৈ থাকে৷ ভয় বস্তুটো আঁতৰৰ পৰা যিমান ভয়ংকৰ যেন লাগে আচলতে সি ইমান সাংঘাতিক ভয়ংকৰ নহয়েই৷
নেপোলিয়ন বোনাপাৰ্টৰ দৰে মহান বীৰে কি কৈছিল জানা–“In the end, spirit always conquers the sword.” গতিকে চলিত ভাষাত ক’লে তোমাৰ “জোচ্” (Spirit) বনাই ৰাখা৷ Keep up your spirit. তুমি জয়ী হ’বাই৷
কেবল মোবাইলতে সকলো শিকিব পাৰিম বুলি ভবাটোৱেই এই পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ভুল ধাৰণা৷ মোবাইলে তোমাৰ প্ৰচেষ্টাক উপৰুৱা সহায় কৰিব পাৰে৷ কিন্ত ই সফলতাৰ সোপান নহয়৷
তুমি পঢ়া ভাল ভাল কথাবোৰ কাগজত ধুনীয়াকৈ লিখি পঢ়া টেবুলত চকুত পৰাকৈ থ’বাচোন৷ আজি মইয়ো তোমালৈ বুলি তলৰ কথা কেইটা আনি দিলো৷ নোট কৰি থ’বা দেই—-
Take care of your thoughts. Then actions will take care of themselves. Action follows thoughts. You sow an action and reap a tendency. You sow a tendency and reap a habit. You sow a habit and reap a character. You sow your character and reap your destiny. Therefore, destiny is your own own creation. If you can change your habits, you can become master of your destiny. ——-দুবাৰ পঢ়াচোন এই পেৰেগ্ৰাফটো৷ এতিয়া ইয়াৰ অসমীয়া অনুবাদ কৰি মোলৈ ই-মেইল কৰিবা দেই৷ মোৰ ই-মেইল ঠিকনা হ’ল: DrSukritiChoudhury@gmail.com.
তোমালোকলৈ মৰমেৰে—–সুকৃতি বা৷