• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, June 6, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature

শংকৰদেৱৰ ৰচনাত ভক্তিতত্ত্বৰ প্ৰকাশ : এক অধ্যয়ন

ড০ হিৰুমনি কলিতা

by Editor
September 4, 2024
in Literature, Book, Remembrance, Special Report
Reading Time: 6 mins read
0
শংকৰদেৱৰ ৰচনাত ভক্তিতত্ত্বৰ প্ৰকাশ : এক অধ্যয়ন
Share on FacebookShare on TwitterShare on LinkedIn

শংকৰদেৱৰ ৰচনাত ভক্তিতত্ত্বৰ প্ৰকাশ [‘ভক্তিপ্ৰদীপ’- গ্ৰন্থৰ বিশেষ উল্লিখনেৰে] : এক অধ্যয়ন

ড০ হিৰুমনি কলিতা

Hirumani Kalita
ড০ হিৰুমনি কলিতা
১.০০   অৱতৰণিকা :

        অসমৰ ধৰ্ম, সমাজ, সুকুমাৰ কলা-সংস্কৃতি আৰু সাহিত্যক্ষেত্ৰলৈ অভূতপূৰ্ব অৱদানেৰে স্বকীয়তা সৃষ্টি কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমৰ এক অদ্বিতীয় সত্তা৷

অসমভূমিত মহাপুৰুষ শ্ৰীশংকৰদেৱে পঞ্চদশ শতিকাৰ শেষৰফালে যি নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে আন্দোলনৰ পাতনি মেলিছিল, তাৰ ফলশ্ৰুতিতেই অসমত বৈষ্ণৱ সাহিত্যৰাজিৰ সৃষ্টি হৈছিল৷

শংকৰদেৱৰ ৰচনাত ভক্তিতত্ত্বৰ প্ৰকাশ : এক অধ্যয়ন

শংকৰদেৱ এগৰাকী সৃষ্টিশীল প্ৰতিভাসম্পন্ন কবি-কলাকাৰ; তেখেত একাধাৰে কবি, সমাজ-সংস্কাৰক, ধৰ্ম প্ৰৱৰ্তক, নাট্যকাৰ, অভিনেতা, সংগীতজ্ঞ তথা পৰম ভক্ত৷ প্ৰধানতঃ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰেই তেওঁৰ সৃষ্টিশীলতাৰ মহান উদ্দেশ্য৷ ‘কৃষ্ণস্তু ভগৱান স্বয়ম্‌’– এই সাৰবাক্যকে আধাৰ কৰি বিষ্ণু বা কৃষ্ণৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাই বৈষ্ণৱ সাহিত্যৰ মূল সুৰ৷

বিষয়বস্তু, ভাষা বা সাহিত্যিক ৰূপ অনুসৰি শংকৰদেৱৰ ৰচিত সমগ্ৰ সাহিত্যক সাহিত্যৰ সমালোচকসকলে কাব্য, নাট, গীত, অনুবাদমূলক ৰচনা, ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ তথা নাম প্ৰসংগমূলক পুথি- এনেদৰে বিভক্ত কৰিছে৷

ছয়খন কাব্য, ছয়খন নাট, বৰগীত, ভটিমা, টোটয়-চপয় আদি গীত; উত্তৰাকাণ্ড ৰামায়ণ আৰু ভাগৱতৰ অনুবাদ; ‘কীৰ্তন’, ‘গুণমালা’ আদি নাম প্ৰসংগৰ পুথি তথা ‘ভক্তিপ্ৰদীপ’, ‘ভক্তি ৰত্নাকৰ’, ‘নিমি-নৱসিদ্ধ সংবাদ’ আৰু ‘অনাদিপাতন’- শংকৰদেৱৰ ৰচিত ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ৷ ভক্ত আৰু ভগৱানৰ সম্পৰ্ক তথা ভক্তিৰ ভিন্ন ভাগসমূহ যদিও সকলো ৰচনাতে মূৰ্ত হৈ আছে তথাপি শংকৰদেৱৰ ৰচিত ভক্তিতত্ত্বপ্ৰকাশক গ্ৰন্থসমূহত ভক্তিৰ তত্ত্ব প্ৰকাশেই মুখ্য ভূমিকা গ্ৰহণ কৰা দেখা গৈছে৷

আমাৰ এই অধ্যয়নত ‘ভক্তিপ্ৰদীপ’ গ্ৰন্থত ভক্তিৰ তত্ত্বসমূহ কিদৰে প্ৰকাশি উঠিছে তাৰ বিচাৰ কৰা হৈছে৷

২.০০   বিষয় প্ৰবেশ :

        ‘ভক্তিপ্ৰদীপ’ শংকৰদেৱৰ ৰচিত ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ৷ গ্ৰন্থখনত মুঠ আঠটা অধ্যায় আছে আৰু ৩০৮ টা পদত এই গ্ৰন্থখনি সমাপ্ত হৈছে৷১ ই এখন সৰু কলেবৰৰ গ্ৰন্থ৷ বহু সমালোচকে গ্ৰন্থখনি শংকৰদেৱৰ ৰচনা নহয় বুলি মত পোষণ কৰিছে৷ কিন্তু–

শুনা সভাসদ পাপ কৰিয়া উচ্চাদ৷

গৰুড় পুৰাণ কৃষ্ণ অজুৰ্ন সম্বাদ৷৷

ভকতি প্ৰদীপ নামে মহন্তৰ গতি৷

কৃষ্ণৰ কিঙ্কৰে কহে শংকহ সম্প্ৰতি৷৷২ [পদ-৩]

পদফাকিলৈ লক্ষ্য কৰি আন পণ্ডিতসকলে এয়া শংকৰদেৱৰ ৰচনা বুলি ঠাৱৰ কৰিছে৷ তেওঁলোকৰ মতে এয়া শংকৰদেৱৰ আগবয়সৰ ৰচনা৷

শংকৰদেৱৰ ৰচনাত ভক্তিতত্ত্বৰ প্ৰকাশ : এক অধ্যয়ন

২.০১   মূল আৰু মৌলিকতা :

        ‘ভক্তিপ্ৰদীপ’– গ্ৰন্থৰ ৰচনাৰ প্ৰথম আৰু শেষত শংকৰদেৱে এই গ্ৰন্থৰ মূল গৰুড় পুৰাণ বুলি উল্লেখ কৰি গৈছে :

                        বেদ শিৰোৰত্ন            গৰুড় পুৰাণ

                                কৃষ্ণৰ নাম মহত৷

                        ভকতি প্ৰদীপ            পুস্তকৰ কথা

                                এহিমানে সমাপত৷৷ ৩ [পদ- ৩০৮]

        গৰুড় পুৰাণ অষ্টাদশ মহাপুৰাণৰ অন্তৰ্গত৷ কিন্তু সম্প্ৰতি যি গৰুড় পুৰাণ প্ৰাপ্ত হৈছে, তাত কৃষ্ণ-অজুৰ্নৰ কথোপকথন পোৱা নাযায়৷ সেয়ে, শংকৰদেৱে গৰুড় পুৰাণৰ যিটো প্ৰতিলিপিৰ আধাৰত ভক্তিপ্ৰদীপ ৰচনা কৰিছিল, সেয়া প্ৰাপ্ত নোহোৱা হেতুকে মূল আৰু মৌলিকতাৰ বিচাৰ এক অপ্ৰাসংগিক বিষয়৷ কিন্তু, বৰ্তমানপ্ৰাপ্ত গৰুড়-পুৰাণৰ ২৩১ অধ্যায়ৰ পৰা ২৪২ অধ্যায়লৈ ১২ টা অধ্যায়ত ভক্তিৰ বিষয়ে আলোচনা কৰা হৈছে৷

ভক্তিপ্ৰদীপৰো মুখ্য উপজীৱ্য হৈছে ভক্তিৰ মাহাত্ম্য প্ৰতিস্থাপনৰ দ্বাৰা কৃষ্ণৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদন৷ আকৌ উল্লেখযোগ্য যে ভক্তিপ্ৰদীপ গ্ৰন্থত প্ৰশ্নকৰ্তা হৈছে অজুৰ্ন আৰু উত্তৰকৰ্তা হৈছে কৃষ্ণ৷ তাৰ বিপৰীতে গৰুড় পুৰাণত ঋষিসকল হৈছে প্ৰশ্নকৰ্তা আৰু সূতমুনি হৈছে ব্যাখ্যাকাৰী৷

        মন কৰিবলগীয়া যে, গ্ৰন্থখনিত কথোপকথন পৰম্পৰাৰ জৰিয়তে যিদৰে বিষয়বস্তুক আগবঢ়াই নিয়া হৈছে তথা এই কথোপকথন যিহেতু কৃষ্ণ আৰু অজুৰ্নৰ, তাৰপৰা ইয়াত শ্ৰীমদ্‌ভগবদ্‌গীতাৰ প্ৰভাৱহে স্পষ্ট৷ গ্ৰন্থখনিৰ এঠাইত উল্লেখ আছে-

ইটো কৃষ্ণকথা শুনিয়োক সৰ্ব্বজন৷

গীতাত কহিলা এহি কথা নাৰায়ণ৷৷৪ [পদ- ৪০]

গ্ৰন্থখনিৰ গাঁথনিক দিশ আৰু ভক্তিসম্বন্ধীয় ভালেমান কথা গীতাৰ আদৰ্শত গঢ় লোৱা দেখা যায়৷ শংকৰদেৱে গীতাৰ আদৰ্শত গ্ৰন্থখনিৰ কথাবস্তু অজুৰ্ন আৰু কৃষ্ণৰ কথোপকথনৰ মাজেৰে উপস্থাপন কৰিছে৷

শংকৰদেৱৰ ৰচনাত ভক্তিতত্ত্বৰ প্ৰকাশ : এক অধ্যয়ন

২.০২   বিষয়বস্তু :

        যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞৰ কথা উল্লেখ কৰি ‘ভক্তিপ্ৰদীপ’ৰ বিষয়বস্তু আৰম্ভ হৈছে৷ পাণ্ডৱৰ ৰাজসূয় যজ্ঞত সমবেত হোৱা দেৱৰ্ষি, ৰাজৰ্ষি আৰু ব্ৰহ্মঋষিৰ আলোচনাত অংগিৰা আৰু নাৰদে যজ্ঞ সম্পাদনে সংসাৰ-মুক্তি দিব নোৱাৰে বুলি ব্যক্ত কৰাত অজুৰ্নৰ মনত সংশয় উপজি কৃষ্ণক মুক্তিৰ উপায়ৰ বিষয়ে প্ৰশ্ন কৰে৷ উত্তৰস্বৰূপে কৃষ্ণই কয় যে হৰিভক্তিয়েই মুক্তিৰ একমাত্ৰ উপায় আৰু ভক্তিহে মোক্ষৰ সাধক৷ ভক্তিবিনে হৰিক জনাৰ উপাই নাই, ভক্তিগুণৰ অন্ত নাই৷

২.২.১   ভক্তিৰ লক্ষণ আৰু মাহাত্ম্য :

        কৃষ্ণৰ কথা শুনি অজুৰ্নে ভক্তি কি আৰু ভক্তিৰ লক্ষণ সম্বন্ধে বুজাই কবলৈ প্ৰশ্ন কৰাত কৃষ্ণই কৈছে যে-

মোৰ কথা শ্ৰৱণ কীৰ্তন বিনে আন৷

নাহিকে ভকতি সখি দৃঢ় কৰা জ্ঞান৷৷

…..

মোৰ কথা শ্ৰৱণেত কৰিবেক ৰতি৷

তাকেসে বুলিয় সখি উত্তম ভকতি৷৷৫

        এই প্ৰসংগত কৃষ্ণই হৰিক নভজি আন দেৱতাক পূজাজন ম্লেছ আৰু চণ্ডালতকৈ অস্পৃশ্য তথা তেওঁৰ সমান মহাপাপী ব্ৰহ্মাণ্ডত নাই বুলি কয়৷ এইক্ষেত্ৰত কৃষ্ণই সুশীল ব্ৰাহ্মণ আৰু চণ্ডালিনীৰ কাহিনীৰ উল্লেখ কৰে৷ ব্ৰাহ্মণে অন্য দেৱতাক পূজা কৰা দেখি চণ্ডালিনীয়ে নিজকে পাপী অনুভৱ কৰি গঙ্গাস্নান কৰি কৃষ্ণনাম জপ কৰে৷ তেতিয়া নাৰদে কৈছে যে চণ্ডালিনীৰ কৃষ্ণভক্তিৰ ফলত সমস্ত চণ্ডালকুলৰ মুক্তিলাভ হয়–

চাৰিও বেদৰে তত্ত্ব তই আছা জানি৷

তইসি উত্তম জাতি তই মহাজ্ঞানী৷৷৬

আৰু অজুৰ্নক কৃষ্ণৰ ভজনা কৰিবলৈ উপদেশ দিয়ে৷ ইয়াৰপিছত অজুৰ্নে কৃষ্ণক ভাগৱত ধৰ্ম কি প্ৰশ্ন কৰিছে৷ উত্তৰত কৃষ্ণই কৈছে যে–

সমস্ত ভূতৰ হৃদয়ত আছো আমি৷

পৰম সুন্দৰ মনোহৰ অন্তৰ্য্যামী৷৷

হেন বুদ্ধি কৰি সৰ্বদায়ে ভজা মোক৷

এতেকে তৰিবা সংসাৰৰ দুখ-শোক৷৷৭ [১৪৬, ১৪৭]

অজুৰ্নৰ ইচ্ছানুসৰি কৃষ্ণই নামৰ মাহাত্ম্য বৰ্ণনা কৰি-বিষ্ণু সহস্ৰ নামৰ কথা কয়৷ কৃষ্ণবাক্যই বেদবাক্য, ইয়াৰ পৰা স্খলিত হ’লে নৰকৰপৰা নিস্তাৰ পোৱা নাযায়৷ সেয়ে আন দেৱতাত ভক্তি এৰি, কৰ্ম বাসনা পৰিহাৰ কৰি কৃষ্ণত আশ্ৰয় লোৱা উচিত৷ ইহে জীৱক মোক্ষপ্ৰাপ্তিৰ সন্ধান দিয়ে৷

        ইয়াৰ পিছত অৰ্জুনে শুদ্ধ হৃদয়েৰে কৃষ্ণনাম স্মৰণ কৰিছে আৰু সেয়ে কৃষ্ণই অৰ্জুনক ভকতৰ লক্ষণ কৈছে যে- কৃষ্ণভক্তৰ মহিমা অপাৰ৷ তীৰ্থস্থান, দেৱ থান, দেৱতা আদি সকলোকে কৃষ্ণভক্তই পৱিত্ৰ কৰে৷ কৃষ্ণভক্তৰ কৃপা লাভ কৰিবলৈ দেৱতাসকলে ভক্তৰ পিচ লয়৷ যিমানবোৰ তীৰ্থস্থান আছে সেইবোৰেও নিজক শুদ্ধ কৰিবলৈ ভকতৰ সান্নিধ্য বিচাৰে৷

প্ৰকৃত ভক্তই আন দেৱ-দেৱতাক ত্যাগ কৰি কৃষ্ণৰ চৰণতহে ভক্তিযুক্তৰূপত আশ্ৰয় লোৱা উচিত৷ যিজন ভক্তই একমাত্ৰ পৰম পুৰুষ কৃষ্ণৰ ভক্তিৰস প্ৰৱাহত আত্মনিমজ্জিত হয় তেওঁহে প্ৰকৃত ভক্ত৷

শংকৰদেৱৰ ৰচনাত ভক্তিতত্ত্বৰ প্ৰকাশ : এক অধ্যয়ন

২.২.২   ভাগৱত ধৰ্মৰ তত্ত্ব :

        এই বিষয়ে অৰ্জুনে প্ৰশ্ন কৰাত কৃষ্ণই কৈছে যে সৰ্বভূত তথা সৰ্বজীৱত দয়ালু, সহানুভূতিশীল তথা শান্তচিত্তবান হোৱাই  ভাগৱত ধৰ্মৰ মূল লক্ষ্য৷ সৰ্বজীৱত সমভাবাপন্নতাই ভাগৱত ধৰ্ম৷ অৰ্জুনে সাংসাৰিক লোকে এনে কঠিন ধৰ্মৰক্ষা কিদৰে কৰিব বুলি সংশয় প্ৰকাশ কৰাত কৃষ্ণই সমিধান দিছে যে- সৰ্বজীৱত আত্মাস্বৰূপে তেওঁ বিৰাজি আছে, তেওঁত সমৰ্পণেই মূল বস্তু৷ তেওঁৰ নামমাহাত্ম্য হৃদয়ংগম কৰি ভক্তই অহৰহ নাম-কীৰ্তনেৰে অক্ষয়কাল বৈকুণ্ঠত নিবাস কৰিবলৈ সক্ষম হয়৷

অৰ্জুনে কৃষ্ণৰ নামমাহাত্ম্য বৰ্ণনা কৰিবলৈ অনুৰোধ কৰাত সহস্ৰ নামৰ উল্লেখ কৰি তেওঁৰ এটি এটি নামে সহস্ৰ পাপ খণ্ডন কৰিব পাৰে বুলি ‘ভক্তিপ্ৰদীপ’ গ্ৰন্থত কোৱা হৈছে৷ বৈকুণ্ঠৰ মহিমা ব্যক্ত কৰি একান্ত ভক্তিৰেহে যে এই স্থান লাভ কৰিব পাৰি সেয়া পুথিত বৰ্ণিত হৈছে আৰু বৈকুণ্ঠলৈ যাবলৈ ইচ্ছা কৰাজনে অহৰহ কৃষ্ণ-নাম, শ্ৰৱণ-কীৰ্তন-স্মৰণ কৰিবলৈ উপদেশ দিয়া হৈছে :

                        মোহোৰ দুগুটি নাম                       এক হৰি এক ৰাম

                                        স্মৰে আক মহাপাপী হুই৷

                        ষাঠি লক্ষ কোটি জন্মে                    যত পাপ কৰি আছে

                                         সবাৰো মুণ্ডত লাগে জুই৷৷৮

শংকৰদেৱৰ ৰচনাত ভক্তিতত্ত্বৰ প্ৰকাশ : এক অধ্যয়ন

৩.০০   উপসংহাৰ :

        আলোচনাৰ পৰিশেষত দেখা যায় যে আলোচ্য গ্ৰন্থখনত বিষয়বস্তুৰ মাজেৰে অৰ্থাৎ কৃষ্ণ-অৰ্জুনৰ কথোপকথনৰ মাজেৰে ভক্তি, ভক্তিৰ লক্ষণ, প্ৰকৃত ভক্তৰ লক্ষণ-কৰণীয় আদি কথাবোৰ শংকৰদেৱে দাঙি ধৰিছে৷ পূৰ্বোল্লিখিত যে যিহেতু মূল গ্ৰন্থ গৰুড়-পুৰাণৰ বৰ্তমান প্ৰাপ্ত পুথিত এই কথোপকথন নাই, সেয়ে শংকৰদেৱে এই কথাবোৰ ক’ৰপৰা লৈছে, সেয়া সঠিককৈ কব পৰা নাযায়৷

গ্ৰন্থখনিৰ বিষয়বস্তু আৰু গঠনৰীতিয়ে ভাগৱতপুৰাণ আৰু শ্ৰীমদ্‌ভাগৱতগীতাৰ প্ৰভাৱহে স্পষ্ট কৰে৷ গ্ৰন্থত উল্লিখিত ভক্ত আৰু ভক্তিৰ তত্ত্ব, নামমাহাত্ম্য আৰু ভাগৱত ধৰ্মৰ আলোচনাই বৈষ্ণৱ সাহিত্যৰ মূল লক্ষ্য সম্পাদনত সাৰ্থক হোৱা বুলি কব পাৰি৷ নৱবৈষ্ণৱ ধৰ্মৰ মূল আদৰ্শ কৃষ্ণৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদন কৰাই গ্ৰন্থৰ লক্ষ্য যেন অনুভূত হয়৷ তৎসত্ত্বেও স্বীকাৰ্য যে শংকৰদেৱৰ অন্য সাহিত্যৰ গাম্ভীৰ্য তথা জ্ঞানপ্ৰকাশৰ বিস্তৃতি এই গ্ৰন্থত দেখা নাযায়৷

হয়তো সেয়া তেওঁৰ আগবয়সৰ ৰচনা বাবেও হ’ব পাৰে বুলি পণ্ডিতসকলে স্বীকাৰ কৰিছে৷ তথাপি অসমৰ জনজীৱনৰবাবে ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ ‘ভক্তিপ্ৰদীপ’- শংকৰদেৱে লিখি থৈ গৈছে আৰু এয়া  বৈষ্ণৱসকলৰ অমূল্য সম্পদ৷

পাদটীকা :

১৷ শৰ্মাদলৈ, হৰিনাথ৷ শংকৰদেৱৰ সাহিত্য প্ৰতিভা [দ্বিতীয় খণ্ড]৷ পৃ. ১৩১

২৷ শৰ্মা, নবীন চন্দ্ৰ [সম্পা.]৷ ভক্তিপ্ৰদীপ৷ পৃ. ১

৩৷ পূৰ্বোল্লিখিত৷ পৃ. ৫৫

৪৷ পূৰ্বোল্লিখিত৷ পৃ. ৬

৫৷ পূৰ্বোল্লিখিত৷ পৃ. ৪৫

৬৷ পূৰ্বোল্লিখিত৷ পৃ. ১৬

সহায়ক গ্ৰন্থ :

মুখ্য সমল :

১৷ শৰ্মা, নবীন চন্দ্ৰ [সম্পা.]৷ ভক্তিপ্ৰদীপ৷ জ্যোতি প্ৰকাশন, গুৱাহাটী, ২০০৩

গৌণ সমল :

২৷ কাকতি, বাণীকান্ত৷ পুৰণি অসমীয়া সাহিত্য৷ লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৯৮

২৷ শৰ্মা, তীৰ্থনাথ৷ ভক্তিবাদ৷ অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ১৯৯২

৩৷ শৰ্মা, সত্যেন্দ্ৰ নাথ৷ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত৷ সৌমাৰ প্ৰিণ্টিং গুৱাহাটী, ১৯৮৪

৪৷ শৰ্মাদলৈ, হৰিনাথ৷ শংকৰদেৱৰ সাহিত্য প্ৰতিভা [দ্বিতীয় খণ্ড]৷ নলবাৰী, ২০০৪

ড০ হিৰুমনি কলিতা, সহকাৰী অধ্যাপিকা, অসমীয়া বিভাগ, ভট্টদেৱ বিশ্ববিদ্যালয়, বজালী

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

backview of sad child waiting on a glass window
Special Report

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

by Pushpanjali Shivom Sarma
June 4, 2026
0

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে?  পুষ্পাঞ্জলি শিৱম শৰ্মা শিশুসকলৰ মন অতি দ্ৰুতগতিত বিভিন্ন কৌতূহলৰ মাজেৰে অৱস্থান কৰি গৈ থাকে। ...

Read moreDetails
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 31, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 31, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

May 28, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 28, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

May 25, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

June 5, 2026
Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

June 5, 2026
World Environment Day 2026: The Eastern Himalayas at a Crossroads

World Environment Day 2026: The Eastern Himalayas at a Crossroads

June 4, 2026
বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

June 4, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    33724 shares
    Share 13489 Tweet 8431
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    14975 shares
    Share 5990 Tweet 3744
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    367 shares
    Share 147 Tweet 92
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    290 shares
    Share 116 Tweet 73
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3787 shares
    Share 1515 Tweet 947
  • মাধৱদেৱৰ সাহিত্যকৃতি

    682 shares
    Share 273 Tweet 171
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1003 shares
    Share 401 Tweet 251
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6584 shares
    Share 2634 Tweet 1646
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4377 shares
    Share 1751 Tweet 1094
  • The Oxfam Report, 2021: India’s Health Inequality & Covid-19

    259 shares
    Share 104 Tweet 65
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d