• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

শালৈ জনগোষ্ঠী

-মুনীন্দ্ৰ কুমাৰ ডেকা, বীৰেশ্বৰ বৰুৱা, হেমন্ত শালৈ, নয়নমণি শালৈ, ৰামচৰণ তামুলী, তিলক হাজৰিকা

by Anjan Sarma
July 5, 2021
in Special Report
Reading Time: 1 min read
0
Share on FacebookShare on TwitterShare on LinkedIn

-মুনীন্দ্ৰ কুমাৰ ডেকা, বীৰেশ্বৰ বৰুৱা, হেমন্ত শালৈ, নয়নমণি শালৈ, ৰামচৰণ তামুলী, তিলক হাজৰিকা |

ভিন্ন জাতি-জনগোষ্ঠী আৰু জনজাতিৰ সু-সমন্বয়ত গঢ়ি উঠা বৃহত্তৰ অসমীয়া জাতি আৰু সংস্কৃতিৰ ভেটি টনকিয়াল কৰাত শালৈ জাতিৰ ঐতিহ্য, অৰিহণাও যথেষ্ট। শালৈ জাতিৰ ইতিহাস বিচাৰি চালে প্ৰথমে উল্লেখ কৰিব লাগিব বলদেৱ সূৰ্যখড়ি দৈৱজ্ঞ বিৰচিত ‘দৰং ৰাজবংশাৱলী’লৈ। উক্ত তথ্যমতে বংগৰ ছুলতান ছুলেইমান কৰৰাণীৰ সেনাপতি কালাপাহাৰে ১৫৬৪ খ্ৰীষ্টাব্দত কামৰূপৰ কামাখ্যা মন্দিৰ ধ্বংস কৰাৰ পিছত কোচৰজা নৰনাৰায়ণে মেঘা মুকদুমৰ হতুৱাই ছমাহৰ ভিতৰত কামাখ্যা মন্দিৰ পুনৰনিৰ্মাণ কৰি উলিয়ায় আৰু মহাৰাজ নৰনাৰায়ণে ভাতৃ চিলাৰায়ৰ সৈতে সাতদিন অনাহাৰে থাকি ‘চতুঃষষিষ্টি উপাচাৰে’ মন্দিৰত পূজা কৰাই ম’হ, ছাগলী, হাঁহ, পাৰ, কাছ, হৰিণ আদি একলাখ বলি আৰু তিনিলাখ হোম দিয়াৰ উপৰি মন্দিৰৰ কাম-কাজ নিয়াৰিকৈ চলোৱাৰ বাবে ‘সাত কুড়ি পাইক দিলা কৰি তাম্ৰফলি’। এই সাতকুৰি পাইক পৰিয়ালকেইটা আছিল—

ব্ৰাহ্মণ দৈৱজ্ঞ নট ভাট তাঁতী মালী।

কমাৰ কহাৰ বাঢ়ই ধোবা শালই তেলী।।

সোনাৰী কুমাৰ হিৰা কৈৱৰ্ত চমাৰ।

মুচিয়াৰ হাৰী আদি দিলা নিৰন্তৰ।।

(নবীন চন্দ্ৰ শৰ্মা সম্পাদিতঃ সূৰ্যখড়ি দৈৱজ্ঞ বিৰচিত ‘দৰং ৰাজবংশী’ঃ প্ৰথম প্ৰকাশ ১৯৭৩, পৃ. ১১২) ৰাজবংশাৱলীত উল্লিখিত জাতিকেইটাৰ কি ধৰণৰ কাম বা বৃত্তি স্পষ্টভাৱে জানিব পাৰি যদিও শালৈ জাতিৰ কাম বা বৃত্তি সম্পৰ্কত জানিব পৰা নাযায়। অৱশ্যে কনকলাল বৰুৱাই ‘দৰং ৰাজবংশাৱলী’ৰ উদ্ধৃতি দি তেখেতৰ গ্ৰন্থ ‘ষ্টাডিজ ইন আৰ্লি হিষ্টৰী অৱ কামৰূপ’ত প্ৰত্যেকটো জাতিৰ নাম ইংৰাজী হৰফত লিখি বন্ধনীৰ ভিতৰত ইংৰাজী অৰ্থ দিছে। গ্ৰন্থখনত Saloi অৰ্থ Sweet meat maker অৰ্থাৎ মিষ্টান্ন তৈয়াৰ কৰোতা বুলি লিখিছে। ইয়াৰপৰা এইটো স্পষ্ট যে শালৈসকলে ভোগ ৰান্ধিছিল অথবা শালৈয়ে তৈয়াৰ কৰা মিষ্টান্ন দেৱীৰ প্ৰসাদ হিচাপে ব্যৱহৃত হৈছিল।

বিহাৰৰ হালুৱৈ জাতিৰ লোকে উন্নত আৰু পৱিত্ৰ বুলি আজিও সমাজত প্ৰায় ব্ৰাহ্মণৰ সমকক্ষ হৈ উচ্চ স্থান লভি আহিছে। এওঁলোক পূৰ্বৰেপৰা ৰজা, জমিদাৰ আৰু বৰ বৰ লোকৰ মিঠাই অৰ্থাৎ হালুৱা তৈয়াৰ কৰি সৰ্বত্ৰে যোগান ধৰিছিল আৰু এতিয়াও এই ব্যৱসায় কৰিয়ে আছে। অন্য ব্যৱসায়তকৈ সেই কাৰণে এই জাতিৰ লোকসকলে হোটেল, মিঠাইৰ অথবা খোৱাবস্তুৰ ব্যৱসায়েই প্ৰধান জীৱিকা। এইটো জাতিটোৰ পূৰ্বৰপৰা চলি অহা জাতীয় পেশা বা ব্যৱসায়। অসমতো অভয়াপুৰী, বৰপেটা, পাঠশালা, টিহু, নলবাৰী আদিত শালৈ জাতিৰ লোকে মিঠাই তৈয়াৰ কৰা আৰু চাহ-মিঠাইৰ ব্যৱসায় কৰা দেখা যায়। আজিকালি নানা ব্যৱসায় কৰিলেও ইতিহাস ল’লে গুৰিতে যে পূৰ্বপুৰুষসকল ভিতৰত মিঠাই তৈয়াৰ কৰা ব্যৱসায়ী এক সময়ত বহুতো আছিল তাৰ প্ৰমাণ ওলাই পৰিব। অৱশ্যে ক্ৰমান্বয়ে অসমত মিঠাইৰ ব্যৱসায়ৰ সুবিধা নাপাই যথেষ্ট কৃষিভূমি থকা বাবে জীৱিকা-নিৰ্বাহৰ উপায় হিচাপে বহুতে কৃষিকে গ্ৰহণ কৰিলে, তাক নুই কৰিব নোৱাৰি। ইতিহাস মেলি চালেও দৰঙৰ কোচ ৰাজপৰিয়ালৰ ৰান্ধনি যে শালৈ জাতিৰ লোক আছিল তাৰ প্ৰমাণ পোৱা যায়। ব্যৱসায়ৰ ফালেদি ৰিজাই চালে এই বিহাৰৰ হালুৱৈ জাতিৰ লোকেই অসমত নামৰ উচ্চাৰণ সলনি হৈ হালৈৰ পাছত শালৈ হ’ব পাৰে। কাৰণ ‘হ’ৰ ঠাইত ‘স’ বা ‘শ’ উচ্চাৰণ হোৱাটো অসমৰ বিশেষত্ব। সেইবুলি অসমত থকা হালৈ কেওটৰ লগত শালৈ জাতিৰ কোনো সম্বন্ধ নাই। এই হালুৱৈ জাতীয় লোকে কেৱল বিহাৰতে নহয় উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, পশ্চিম বংগ আদিত যথেষ্ট আছে বুলি জনা যায়।(যাদৱ চন্দ্ৰ দাসঃ শালৈ জাতিৰ পৰিচয়ঃ দৰং শালৈ সন্মিলনীৰ স্মৃতিগ্ৰন্থঃ ১৯৮৫) ‘দৰং ৰাজবংশাৱলী’ৰপৰা শালৈ জাতিৰ সুকীয়া অস্তিত্ব বা বৃত্তিৰ বিষয়ে এনেদৰে স্পষ্ট আভাস পাব পাৰি। এই বংশাৱলীৰ ৰচনাকাল আমানত উল্লা চৌধাৰীৰ মতে ১৭৯১ চন আৰু গেইটৰ মতে ১৮০৬ চন। আনহাতে এই বংশাৱলীৰ ঐতিহাসিক মূল্য সম্পৰ্কত ডঃ মহেশ্বৰ নেওগে মন্তব্য প্ৰকাশ কৰিছে— “ধৰ্মানুৰাগ অনুপ্ৰাণিত অংশবোৰ বাদ দিলে বংশাৱলীৰ ঐতিহাসিক মূল্য খপ্ সোণৰ দৰে ওলাই পৰিব। (পদ্মৰাম শালৈঃ শালৈ জাতিৰ ঐতিহ্য বিচাৰঃ পৃষ্ঠা ১১)

কামাখ্যা মন্দিৰৰ কাম-কাজবোৰ নিয়াৰকৈ চলোৱাৰ বাবে ‘দৰং ৰাজবংশাৱলী’ত উল্লেখ থকাৰ দৰে ঊনৈছটা জাতিৰ এশ চল্লিছটা পাইক পৰিয়াল মহাৰাজ নৰনাৰায়ণে স্থানীয়ভাৱে সংগ্ৰহ কৰিছিল নে পশ্চিমৰপৰা আনিছিল সেই কথা জানিব পৰা নাযায়। শালৈ জাতিৰ বসতিপ্ৰধান অঞ্চললৈ লক্ষ্য কৰিলে দেখা যায় প্ৰথম অৱস্থাত অবিভক্ত কামৰূপ জিলা (বৰ্তমান কামৰূপ, নলবাৰী, বৰপেটা জিলা), গোৱালপাৰা আৰু দৰং জিলাতে বাস কৰিছিল। সম্প্ৰতি এই অঞ্চলৰ লগতে অসমৰ ভিন্ন জিলাত শালৈ জাতিৰ যিসকল লোকে বসবাস কৰিছে, সেইসকল অৱশ্যে এই দুখন জিলা ক্ৰমে কামৰূপ আৰু দৰং জিলাৰপৰা গৈ বসবাস কৰা লোকহে। এই কথাৰপৰা এইটো অনুমান কৰিব পাৰি যে মহাৰাজ নৰনাৰায়ণে পশ্চিমৰপৰা আনি আন আন বৃত্তিৰ লগতে শালৈৰ পৰিয়ালকেইটাও আনি কামাখ্যা মন্দিৰৰ ওচৰে-পাঁজৰে সংস্থাপিত কৰিছিল আৰু পিছৰ পৰ্যায়ত বংশ বৃদ্ধি ঘটি অসমৰ ভিন্ন অঞ্চললৈ বিয়পি পৰিল।

ভাৰতৰ পৰম বৈষ্ণৱ হিচাপে শ্ৰেষ্ঠ আসন লাভ কৰা ৰাজৰ্ষি জনক ৰজাৰ আশ্ৰয়ত তোলনীয় পুত্ৰ হিচাপে নৰকাসুৰ ডাঙৰ-দীঘল হৈ মহাপ্ৰতাপী আৰু যোদ্ধা হৈ উঠিছিল। কিন্তু কালক্ৰমত নৰকৰ আসুৰিক স্বভাৱৰ বাবে ৰাজ্যৰপৰা বহিষ্কৃত হ’ব লগা হৈছিল। নৰকাসুৰে সসৈন্যে প্ৰজাবৰ্গক লগত লৈ পূবৰ ফালে যাত্ৰা কৰি প্ৰাগজ্যোতিষপুৰ অধিকাৰ কৰি লয়। প্ৰাগজ্যোতিষপুৰ অধিকাৰ কৰাৰ পিছত প্ৰিয় প্ৰজাবৰ্গক ৰাজধানীৰ চৌপাশে স্থাপিত কৰে। নৰকাসুৰৰ লগত অহা আৰ্যসকলৰ ভিতৰত অইন কোন কোন জাতিৰ লোকৰ প্ৰব্ৰজন ঘটিছিল সেই কথা ক’ব পৰা নাযায় যদিও শালৈ জাতিৰ লোকসকল যে তেতিয়াই আহিছিল সেই কথা বসতি স্থাপনৰ পৰিস্থিতিলৈ লক্ষ্য কৰি অনুমান কৰিব পাৰি। সেয়েহে শালৈ জাতিৰ লোকসকল গুৱাহাটীৰ চৌপাশে থকা দেখা যায়। নৰকাসুৰৰ লগত অহা এই আৰ্যৰ সোঁতটো অসমলৈ অহা প্ৰথম গোষ্ঠী। পিছত প্ৰবল সোঁতত প্ৰব্ৰজন ঘটা আৰ্যসকল আগুৱাই যোৱাৰ আৱশ্যক নহ’ল। কাৰণ এটাৰ পিছত এটা অনাৰ্য গোষ্ঠীৰ লোক আহি উজনি অসমত বসতি স্থাপন কৰিছিল।

ঋকবেদৰপৰা জানিব পৰা যায় যে আৰ্যসকল সমগ্ৰ উত্তৰ ভাৰতত বিয়পিব ধৰাৰ লগে লগে সকলো ধৰণৰ কাম নিয়াৰিকৈ চলোৱাৰ বাবেহে মানুহৰ গুণ আৰু কৰ্মশক্তিৰ আধাৰত বৰ্ণবোৰ সৃষ্টি হ’বলৈ ধৰিলে। কালক্ৰমত আকৌ গুণ আৰু কৰ্মশক্তিক নেওচা দি বৃত্তিমূলক বৰ্ণবোৰেই জাতিত পৰিণত হ’ল। ব্ৰাহ্মণ, বৈশ্য, ক্ষত্ৰিয় আৰু শূদ্ৰৰ মাজতো পিছত বৃত্তি অনুযায়ী বিভিন্ন জাতিৰ সৃষ্টি হ’ল। ব্ৰাহ্মণ, দৈৱজ্ঞ, কমাৰ, কহাৰ, হীৰা ইত্যাদি জাতিবোৰৰ নাম কোৱাৰ লগে লগে বৃত্তিবোৰৰ কথা মনলৈ আহে। সেই সেই জাতিৰ লোকসকল কি জাতিৰ বুলি সুধিবলগীয়া নহয়। কিন্তু শালৈ জাতিৰ লোকসকলৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য নহয়। কাৰণ শালৈ জাতিৰ লোকৰ বৃত্তি স্পষ্ট নহয়। শালৈ শব্দটো সম্পৰ্কত অভিধানসমূহো নিমাত। অৱশ্যে হেমকোষ আৰু চন্দ্ৰকান্ত অভিধানত শালৈ অসমীয়া হিন্দুৰ এটা জাতি বুলিহে উল্লেখ কৰিছে। গতিকে বৃত্তিৰ বিপৰীতে জাতিটো বংশোদ্ভৱ জাতি বুলিহে ভবাৰ যুক্তি আছে। কোনোবা বংশৰ পূৰ্বপুৰুষৰ নামানুসৰিয়েই শালৈ জাতিৰ উদ্ভৱ। আনহাতে হিন্দু সমাজত গোত্ৰও বংশোদ্ভৱহে। একে জাতিৰপৰা ভিন্ন জাতিৰ উদ্ভৱ হোৱাটো বিৰাজমান। শালৈ জাতিটো বৃত্তিগতভাৱে যিহেতু জনাজাত নহয়, গতিকে জাতিটো বংশোদ্ভৱ জাতি। আৰ্য গোষ্ঠীৰ শালৈ জাতি কোনো খ্যাতনামা ব্যক্তিৰ বংশোদ্ভৱ। বহুতে ধাৰণা কৰে যে মহাভাৰত খ্যাত শৈল্যৰ বংশধৰ হ’ব। শৈল্যৰ নাম অনুসৰিয়ে ‘শালৈ’ লিখা হৈছে। শৈল্য মহাভাৰতৰ প্ৰসিদ্ধ ক্ষত্ৰিয় ৰজা আছিল। মহাভাৰতত বৰ্ণিত মদ্ৰ দেশৰ ৰজা শৈল্যৰ ভনীয়েক মাদ্ৰ পাণ্ডৱৰ দ্বিতীয় পত্নী আছিল। কেৱল বন্ধুত্বৰ বাবেই শৈল্যই পাণ্ডৱৰ মোমায়েক সত্ত্বেও দুৰ্যোধনৰ পক্ষ অৱলম্বন কৰিছিল। মহাৰথী কর্ণৰ পিছতে শৈল্যই কৌৰৱৰ সেনাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল। অৱশেষত যুধিষ্ঠিৰৰ হাতত শৈল্যৰ নিধন হৈছিল। শৈল্যৰ নামতে মহাভাৰতত ‘শৈল্য পৰ্ব’ নামেৰে নৱম পৰ্বটি নামকৰণ কৰা হৈছে। মহাভাৰতৰ মদ্ৰৰাজ্য সম্প্ৰতি ক’ত সেইটো ঠাৱৰ কৰিব পৰা নাযায় যদিও উত্তৰ-পূব ভাৰতৰ হাৰিয়াণা, পঞ্জাব অঞ্চলতে বুলি অনুমান কৰিব পাৰি। পিছত আৰ্যসকলৰ পূবলৈ ঘটা প্ৰব্ৰজনৰ ফলশ্ৰুতিত শৈল্যৰ বংশধৰসকল বিহাৰলৈ অহাটো আচৰিত কথা নহয়।

স্বনামধন্য সাহিত্যিক ভোজকুছিৰ গিৰীন্দ্ৰ নাথ ঠাকুৰীয়াই ‘আৱাহন’ আলোচনীত ‘অসমত শালৈ জাতি আৰু শালৈ জাতি’ নামৰ প্ৰবন্ধটোত জাতিটোৰ উৎপত্তি সম্পৰ্কত বিশদ আলোচনা আগবঢ়াইছে। প্ৰবন্ধটোত ঠাকুৰীয়াই লিখিছে— ‘তেতিয়াৰ কামৰূপ ৰাজ্যৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰতেই শালস্তম্ভ নামেৰে এজন প্ৰতাপী ৰজাই শালস্তম্ভ বংশ প্ৰতিষ্ঠা কৰিছিল। খ্ৰীষ্টীয় পঞ্চম শতিকাত এইজনা ৰজাই প্ৰায় পঁচিছ বছৰ ৰাজত্ব কৰিছিল। কথিত আছে যে এওঁ নৰক ৰাজপুত্ৰ ভগদত্তৰ বংশধৰ। নৰকে পশ্চিম ভাৰতৰপৰা কিছুমান আৰ্যলোক আনি প্ৰাগজ্যোতিষপুৰত বহুৱাইছিল। শালস্তম্ভ আৰ্যসম্ভূত আৰু এওঁৰ বংশধৰসকলেই শালৈ সম্প্ৰদায়ৰ বুলি জনাজাত।’ (ডাঃ কমি বৰুৱাঃ দৰং শালৈ সন্মিলনীৰ স্মৃতিগ্ৰন্থ, ১৯৮৫)।

মহাভাৰত খ্যাত মহাবীৰ শৈল্য ৰজাৰ মদ্ৰ ৰাজ্যৰ বংশধৰসকলেই শালৈ জাতি। নৰকাসুৰে শালৈসকলক আনিলে। শালস্তম্ভ বংশৰে লোকসকল শালৈ। নৰনাৰায়ণৰ সময়ত দেৱীৰ ভোগ তৈয়াৰ কৰা লোক বুলি জনা যায়।

স্বাৱলম্বিতা আৰু দেশপ্ৰেম ক্ষত্ৰিয়সকলৰ বিশেষ গুণ আৰু শালৈ জাতিৰ মাজত এই গুণসমূহ বিৰাজমান। জাতিটোৰ মাজত বহুতো দুখীয়া লোকৰ জীৱিকা প্ৰৱৰ্তনৰ কোনো ধৰণৰ সংস্থাপন নাই। তথাপিও কাৰো ওচৰত হাত নাপাতি পৰিশ্ৰম কৰি হ’লেও জীৱিকা নিৰ্বাহত অভ্যস্ত। শালৈসকল যিহেতু আহোমৰ পাইক আছিল সেই সময়ত ১৬৬৯ খ্ৰীষ্টাব্দত আহোম আৰু মোগলৰ মাজত হোৱা যুদ্ধত প্ৰাণ হেৰুওৱা প্ৰায় দহ হাজাৰ সৈন্যৰ মাজত বুজনসংখ্যক শালৈ জাতিৰ লোক নিহত হৈছিল বুলি জনশ্ৰুতি আছে। তাৰ পিছত ১৮২২ খ্ৰীষ্টাব্দৰপৰা ১৮২৬ খ্ৰীষ্টাব্দলৈ মান আৰু আহোমসকলৰ মাজত চলি থকা যুদ্ধৰ সময়ত গুৱাহাটী আৰু ইয়াৰ চৌদিশে বসতি কৰা বহু শালৈ জাতিৰ লোকে মানৰ গতিৰোধ কৰিবলৈ গৈ মৃত্যুৰ মুখত পৰে। বহুতো পুৰুষ-মহিলাক যুদ্ধবন্দী হিচাপে মানসকলে মানদেশলৈ লৈ যায়। ইয়াৰ বহুসংখ্যক অসমীয়া যুদ্ধবন্দী বৰ্তমানো ব্ৰহ্মদেশত বসতি স্থাপন কৰি আছে আৰু সেইসকলৰ মাজত শালৈ জাতিৰ লোকো আছে। দেশৰ মুক্তি যুঁজত শালৈ জাতিৰ অৰিহণা প্ৰণিধানযোগ্য। স্বাধীনতাকাংক্ষী দৰঙী ৰাইজে ১৮৯৪ চনত সাম্ৰাজ্যবাদী বগা বঙাল ইংৰাজৰ বিৰুদ্ধে গঢ়ি তোলা ‘পথৰু ঘাট’ৰ ৰণত শালৈ জাতিৰ বীৰ ৰঙা শালৈ, বিহুৰাম শালৈ আৰু ৰঞ্জিত শালৈয়ে প্ৰাণ উছৰ্গা দিছিল। অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলনত কাৰাবৰণ কৰা পুলিচৰ অত্যাচাৰৰ বলি হোৱা জাতিটোৰ লোকৰ সংখ্যা তাকৰ নহয়। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত তেতিয়াৰ দৰঙৰ গহপুৰ থানাত ত্ৰিৰংগা পতাকা উৰুৱাবলৈ গৈ পুলিচৰ গুলীত প্ৰাণ বিসৰ্জন দিয়া মহান ছহিদ মুকুন্দ কাকতি শালৈৰ জাতিৰ সন্তান। সেইদৰে বিদেশী বিতাৰণ সংগ্ৰামত আৰক্ষী, সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ হাতত শালৈৰ জাতিৰ দেহীৰাম চহৰীয়া (দৰং), সুনন্দ শালৈ, নৰপতি কাকতি, বিষ্ণু কাকতি ছহিদ হোৱাৰ উপৰি নিৰ্যাতিত লোকৰ সংখ্যাও মুঠেই কম নহয়।

স্বাধীনতাৰ আগতে ভাৰতৰ ভিন্ন অঞ্চলত শালৈ জাতিৰ লোকে বসবাস কৰিছিল। সম্প্ৰতিও পাকিস্তানৰ চাকৱালত এখন শালৈ গাঁও, মধ্য প্ৰদেশত শালৈ সংগ্ৰাজ আৰু চন্দ্ৰা শালৈ, হিমাচল প্ৰদেশৰ উমাত এখন শালৈ গাঁও নামৰ গাঁও, বিহাৰ, বেংগল, নেপাল, আমেৰিকা, লণ্ডন ইত্যাদিত শালৈ জাতিৰ লোকে বসবাস কৰি আছে।

১৮২৬ চনত ভাৰত চৰকাৰৰ পৰিসংখ্যা বিভাগৰ সঞ্চালকপ্ৰধান ডব্লিউ ডব্লিউ হাণ্টাৰ নামৰ ইংৰাজ বিষয়াগৰাকীয়ে অসম প্ৰদেশৰ সামগ্ৰিকভাৱে সকলো দিশ সামৰি ১৮৭১-৭২ চনত পৰিচালনা কৰা পিয়লৰ আধাৰত ‘A Statistical Account of Assam’ নাম দি দুটা খণ্ডত এখন গ্ৰন্থ প্ৰকাশ কৰিছিল। তেতিয়া শালৈ জাতিৰ লোক হিচাপে নিজকে পৰিচয় দিয়া লোকৰ মুঠ সংখ্যা ৩,১৮০ গৰাকী আছিল। শালৈ জাতিৰ লোকসকল মাথোন গোৱালপাৰা, কামৰূপ, দৰং আৰু নগাঁও এই চাৰিখন জিলাতহে থকা দেখা পোৱা গৈছিল।

১৮৭১-৭২ চনত কামৰূপ জিলাৰ মুঠ জনসংখ্যা আছিল ৫৬,১৬,৬৮১ জন (পুৰুষ ২,৯২,৬৮৮, মহিলা ২,৬৮,৯৯৩)। ইয়াৰ ভিতৰত হিন্দু ধৰ্মৰ লোকৰ সংখ্যা আছিল ৫,১৫,০২৪ (পুৰুষ-মহিলা)। ইমানসংখ্যক লোকৰ মাজত ১১৯২ গৰাকী শালৈৰ সংখ্যা অতি নগণ্য আছিল। তেনেদৰেই দৰং জিলাত মুঠ জনসংখ্যা আছিল ২,৩৬,০০৯ জন। ইয়াৰ ভিতৰত মুঠ হিন্দু ধৰ্মাৱলম্বীৰ সংখ্যা আছিল ২,২১,৩৮৯ জন (মুঠ অধিৱাসীৰ ৯৩.৮ শতাংশ)। ইমানসংখ্যক হিন্দু লোকৰ ভিতৰত ১,১১২ গৰাকী শালৈ জাতিৰ অস্তিত্বই জিলাখনত কোনো প্ৰভাৱ পেলাব পৰা নাছিল। একেদৰেই গোৱালপাৰা জিলাত সেই সময়ত মুঠ জনসংখ্যা ৪,০৭,৭১৪ জন আৰু তাৰ ভিতৰত হিন্দু লোকৰ সংখ্যা আছিল ৩,১১,৪১৯ জন। তাত শালৈ জাতিৰ ৮৪২ জন লোকৰ সমষ্টিটোৱে কোনো ধৰণৰ আৰু কোনো ক্ষেত্ৰতেই প্ৰভাৱ পেলাব নোৱৰাটো স্বাভাৱিক।

সাধাৰণভাৱে আমাৰ দৃষ্টিগোচৰলৈ অহা সদৌ অসম শালৈ সন্মিলনৰ বিভিন্ন অঞ্চলৰ প্ৰতিনিধি, স্থানীয় লোকসকলৰপৰা পোৱা তথ্যপাতিৰপৰা আনুমানিকভাৱে থিৰাং কৰিব পৰা যায় যে শালৈ জাতিৰ লোকসকলে বসবাস কৰি থকা গাঁৱৰ সংখ্যা ১৭২ খন। জিলা হিচাপে হিচাপ কৰিলে হয়গৈ এনে ধৰণৰঃ কামৰূপ জিলাত ৫৫ খন, নলবাৰী জিলাত ৬৭ খন, বৰপেটা জিলাত ১২ খন, দৰং জিলাত ৩৩ খন আৰু গোৱালপাৰা জিলাত ৫ খন।

শালৈসকলৰ ভাষা নিভাঁজ অসমীয়া আৰু সংস্কৃতমূলীয়া। মাগধী অপভ্ৰংশ পালি আৰু প্ৰাকৃত প্ৰাথমিক স্তৰৰ মাজেদি এই ভাষাৰ বিকাশ আৰম্ভ হয়। বুদ্ধসকলৰ চৈৰ্যাপদসমূহৰ ভাষাৰ মাজেদি আৰু তাৰ কিছু বছৰৰ পিছতে ওজাপালি অনুষ্ঠানৰ ভাষা আৰু শাস্ত্ৰীয় সংগীতৰ ধাৰাৰ মাজেদি ইয়াৰ বৈশিষ্ট্য অনুভূত হয়। বৰ্তমানৰ অসমীয়া ভাষাটো — সংবিধানৰ অনুচ্ছেদমতে স্বীকৃত হৈছে। বৰ্তমানে অসমীয়া সাহিত্যৰ লেখক, গৱেষকসকলৰ এক বুজনসংখ্যক এই শালৈ জাতিৰ লোক। যেনে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অতুল চন্দ্ৰ বৰুৱা, বুৰঞ্জীবিদ গুণগোবিন্দ দত্ত, বিশিষ্ট সাংবাদিক প্ৰভাত খাটনিয়াৰ, পৱন বৰুৱা, ডঃ লীনা ডেকা, ৰামচৰণ তামুলী, নৱ ঠাকুৰীয়া, গোলাপ পাঠক, নাৰায়ণ বৰ্মন, প্ৰণৱ বৰ্মন, জয়ন্ত দাস, হেমন্ত শালৈ, গল্প প্ৰভাকৰ ৰিজু হাজৰিকা, ৰসায়ন বিজ্ঞানী চন্দ্ৰমল কাকতি ইত্যাদি।

শালৈ জাতি বুলি কোনো নিৰ্দিষ্ট ভাষা নাই। কামৰূপত থকাসকলে কামৰূপীয়া, দৰঙত থকাসকলে দৰঙীয়া, গোৱালপাৰাত থকাসকলে গোৱালপৰীয়া আৰু উজনিত থকাসকলে উজনিৰ ভাষা ব্যৱহাৰ কৰে।

বিচাৰ কৰি দেখা যায় যে, এই জাতিৰ লোক বিভিন্ন নামকৰণত সমগ্ৰ উত্তৰ ভাৰত বিয়পি অসমত বাদেও প্ৰায় ১৬ লাখ আছে। যি দেখা যায়, অসমতে কম (প্ৰায় চাৰি লাখ)। শালৈ জাতিৰ লোক যে আৰ্য গোষ্ঠীৰ আছিল এই কথাৰ প্ৰমাণ তেওঁলোকৰ ধৰ্ম আচৰণ, গঢ়-গতি, চেহেৰা-পাতি, ক্ষণ, বৰণ, সাজ-সজ্জা আৰু কাজ-কৰ্মই প্ৰমাণ কৰে। পাছতো এই জাতিৰ লোকসকল এই গোষ্ঠীৰ লগত বিয়া-বাৰু কৰাই নাইবা কোনো কাৰণত মিহলি হৈ যোৱা নাছিল আৰু নিজৰ শ্ৰেষ্ঠতা আৰু গৌৰৱ ৰক্ষা কৰি চলিছিল। সেয়া নকৰাহেঁতেন ইমান কমসংখ্যক লোক ইমানদিনে নিশ্চিহ্ন হৈ গ’লহেঁতেন। অসমত শালৈ জাতিৰ লোকসকল ধৰ্মভীৰু আৰু পৱিত্ৰ আচৰণৰ। বহুযুগ অতীত হ’ল যদিও অৰ্থনৈতিক দুৰ্বলতাই এই জাতিৰ কোনো লোকক হীন অৱস্থালৈ নমাই আনিব পৰা নাই। যুগে যুগে হাজাৰ হাজাৰ বছৰ অতিবাহিত হৈ গৈছে যদিও নিজৰ পৱিত্ৰতা সদায় অটুট ৰাখি আহিছে। (খিলঞ্জীয়াৰ সৌজন্যত)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: শালৈ জনগোষ্ঠী
Anjan Sarma

Anjan Sarma

Related Posts

Matcha from Japanese Ritual to Global Obsession
Special Report

Matcha from Japanese Ritual to Global Obsession

by Pradakshina Sarmah
July 12, 2026
0

Matcha from Japanese Ritual to Global Obsession PRADAKSHINA SARMAH Matcha is deeply rooted in Japanese Culture, as well as Zen...

Read moreDetails
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

July 5, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

July 4, 2026
India’s Progress Highlighted in SDG Report 2026

India’s Progress Highlighted in SDG Report 2026

July 2, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 30, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
“Paromanawik Samay” !

“Paromanawik Samay” !

July 12, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 11, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37233 shares
    Share 14893 Tweet 9308
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16808 shares
    Share 6723 Tweet 4202
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2049 shares
    Share 820 Tweet 512
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    239 shares
    Share 96 Tweet 60
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    141 shares
    Share 56 Tweet 35
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6728 shares
    Share 2691 Tweet 1682
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3929 shares
    Share 1572 Tweet 982
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d