• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, September 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

শাৰদীয় দুৰ্গোৎসৱ আৰু ইয়াৰ লগত জড়িত ৰীতিনীতি ,প্ৰবাদ লোকবিশ্বাস ইত্যাদি

পুষ্পাঞ্জলি শিৱম শৰ্মা

by Anjan Sarma
October 11, 2021
in Special Report
Reading Time: 1 min read
0
Share on FacebookShare on TwitterShare on LinkedIn

–পুষ্পাঞ্জলি শিৱম শৰ্মা |

শাৰদীয় দুৰ্গোৎসৱ আৰু ইয়াৰ লগত জড়িত অনেক প্ৰবাদ তথা লোকবিশ্বাসে দুৰ্গাপূজাক অতীতৰে পৰাই মহিমামণ্ডিত কৰি আহিছে ৷
শাস্ত্ৰ পুৰাণত উল্লেখিত মতে,
— তত্ৰৈৱ চ বধিষ্যামি দুৰ্গমাখ্য মহাসুৰম্। দুৰ্গা দেৱীতি বিখ্যাতংতন্মে নাম ভৱিষ্যতি।।
 অৰ্থাৎ সেই সময়ত দুৰ্গম নামৰ এক মহাসুৰক বিনাশ কৰিম, সেইকাৰণে মানুহে মোক দুৰ্গাদেৱী নামেৰে উচ্চাৰণ কৰিব। ‘
দেৱী ভাগৱত’মহাপুৰাণত এই অসুৰ সম্পৰ্কে থকা কাহিনী অনুসৰি,
“পুৰণিকালত হিৰণ্যক্ষৰ বংশত ‘ৰুৰু’ নামৰ এক অতি শক্তিশালী অসুৰে জন্ম গ্ৰহণ কৰিছিল, সেই ৰুৰু দানৱৰ পুত্ৰ দুৰ্গম মহাপ্ৰতাপী আৰু বুদ্ধিমান আছিল। ৰুৰুৱে মনে মনে চিন্তা কৰি এই সিদ্ধান্তত উপনীত হ’ল যে ঋষি আৰু ব্ৰাহ্মণসকলে বেদমন্ত্ৰ উচ্চাৰণ কৰি যজ্ঞ কৰে, যজ্ঞৰ আহুতিস্বৰূপ ঘৃত ভক্ষণ কৰি শক্তিশালী হৈ বাৰে বাৰে অসুৰসকলক পৰাস্ত কৰে। এনে চিন্তা কৰি বেদসমূহ নিজৰ হাতলৈ আনিবৰ বাবে হিমালয় পৰ্বতলৈ গৈ ব্ৰহ্মাক তপস্যা কৰাৰ ফলত স্বৰ্গ-মৰ্ত্য-পাতাল কঁপিবলৈ ধৰিলে। ব্ৰহ্মাৰ আসন টল-বল কৰিবলৈ ধৰিলে। 
ব্ৰহ্মাই শেষত অসুৰক দেখা দি বৰ প্ৰাৰ্থনা কৰিবলৈ ক’লে। অসুৰে ব্ৰহ্মাৰ পৰা বৰ বিচাৰিলে যে তেওঁক বেদ কেইখন লাগে আৰু সমস্ত দেৱতা, ব্ৰাহ্মণ, কবিসকলে যেন বেদমন্ত্ৰ পাহৰি যাওঁক আৰু ব্ৰহ্মাইও যেন আৰু বেদ ৰচনা নকৰে। ব্ৰহ্মাই ‘তথাস্তু’ বুলি বৰ দি বেদ কেইখন অসুৰক দিলে।
 ব্ৰহ্মাৰ বৰ অনুসৰি ঋষি, ব্ৰাহ্মণসকলে বেদৰ মন্ত্ৰ পাহৰিলে যাগ-যজ্ঞ নোহোৱা হ’ল, দেৱতাসকলৰ খাদ্যাভাৱ হ’লত তেওঁলোক দুৰ্বল হ’ল, যজ্ঞ বন্ধ হোৱাত যজ্ঞ ধূম্ৰই মেঘৰ সৃষ্টিত বাধা দিয়াত বৰষুণ নোহোৱা হ’ল— ফলত দেশত শষ্য নগজা হ’ল। অনাবৃষ্টিৰ ফলত সমুদ্ৰ, নদ-নদী শুকাই গ’ল, পানীৰ অভাৱত পশু-পক্ষীসহ মানুহ মৃত্যু মুখত পৰিল। যিকেইজন জীয়াই আছিল তেওঁলোকে হিমালয়ৰ পাদ দেশলৈ গৈ মহামায়াৰ স্তৱ পাঠ কৰিবলৈ ধৰিলে।
আনহাতে দুৰ্বল হোৱা দেৱতাসকলে দুৰ্গম অসুৰৰ ওচৰত পৰাজিত হৈ স্বৰ্গৰাজ্য হেৰুৱালে। দেৱতাসকলেও সামান্য মনুষ্যৰূপে হিমালয়ৰ সুমেৰু পৰ্বতৰ গুহাত আত্মগোপন কৰি আদ্যাশক্তি মহামায়াক আকুল কণ্ঠেৰে মাতিবলৈ ধৰিলে।
তেতিয়া দেৱী ভুৱনেশ্বৰীয়ে অনন্ত নেত্ৰযুক্ত, অদ্ভুত ৰূপেৰে দেৱতা মনুষ্যগণক দৰ্শন দিলে— দেৱী নীলবৰ্ণা, চতুৰ্ভূজা, কৌটি সূৰ্যসমপ্ৰভা, দক্ষিণ অধোভূজত শৰমুষ্টি, দক্ষিণ ঊৰ্ধ্বভূজত পদুম ফুল বাওঁ ঊৰ্ধ্বভূজত ক্ষুধা, তৃষ্ণা, ক্লেশ আৰু শান্তিপ্ৰদ অনন্ত ৰসময় পুষ্প, পল্লৱ, ফল-মূল আৰু শাকাদি, বাওঁ অধোভূজত মহাশৰাসন ধাৰণ কৰিছে। 
এনেকৈ তেওঁ দুষ্টক দমন আৰু শিষ্টক পালনৰ হেতু অৱতাৰ গ্ৰহণ কৰিছিল আৰু অসুৰক দমন কৰি শান্তিৰ প্ৰতিষ্ঠা কৰিছিল ৷
ভাৰত তথা অসমত শৰৎকালত দুৰ্গা নামৰে আৰু চ’ত-বহাগত বাসন্তী নামেৰে দেৱীৰ পূজা কৰা হয়। সেইবাবে কোৱা আছে,
“শৰৎ কালে মহাপূজা ক্ৰিয়তে যা চ বাৰ্ষিকী। তস্যা মমৈতনমাত্ম্যং শ্ৰত্বা ভক্তি সমন্বিতঃ।। সৰ্ব্ববাধা বিনিৰ্মুক্তো ধন ধান্য সুতান্বিতাঃ। মনুষো মৎপ্ৰসাদেন ভৱিষ্যতি ন সংশয়।।
দুৰ্গাদেৱীৰ পূজা অৰ্চনাৰ বাবে প্ৰচলিত বিশেষ ৰীতিনীতিৰ ভিতৰত অন্যতম কিছুমান তলত আলোচনা কৰা হলঃ
ঘট স্থাপন ঃ– নবৰাত্ৰিৰ প্ৰথম দিনা দেৱীৰ প্ৰতিমাৰ সৈতে ঘট স্থাপন কৰা হয় ৷ 
ঘট স্থাপন এক গুৰুত্বপূৰ্ণ ৰীতি ৷ 
দেৱীৰ প্ৰতিমাঃ – দেৱীৰ বিভিন্ন ধৰনৰ সৰু বৰ প্ৰতিমা পূজাৰ মণ্ডপ সমুহত অতি আকৰ্ষণীয় ভাবে সজোৱা হয় ৷
দানব মহিষাসুৰক বধৰ ভংগীমাৰে দেৱীৰ কাষত বাওঁফালে লক্ষ্মীদেৱী আৰু গণেশ দেৱ বিৰাজমান থাকে ৷ সোঁপিনে সৰস্বতীদেৱী আৰু কাৰ্তিকৰ প্ৰতিমা থাকে ৷ তাৰোপৰি হিন্দু ধৰ্মৰ বিভিন্ন দেৱদেৱীৰো চিত্ৰ দেখা পোৱা যায় ৷
চক্ষুদানঃ – এই চক্ষুদানৰ পৰম্পৰা অতি প্ৰাচীন কালৰ পৰাই চলি আহিছে ৷
বিশ্বাস কৰা হয় যে দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰোতে সৰ্বশেষতহে চকুযুৰি বনোৱা হয়৷ ইয়াক নেত্ৰ দানৰ পৰম্পৰা হিচাপে মানা হয় ৷ কিন্ত এতিয়া কোনো কোনো ঠাইত দেৱীৰ প্ৰতিমা নেত্ৰসহ নিৰ্মিত হয় ৷
পুষ্পাঞ্জলিঃ– অষ্টমী তিথিত দেৱী দুৰ্গাক বিভিন্ন ফুল অৰ্পণ কৰি পূজা কৰা হয় ৷ইয়াকে পুষ্পাঞ্জলি বোলে৷ ৰং বিৰঙৰ সজীৱ ফুুুলেৰে দেৱীক অঞ্জলি দিয়া হয় ৷
কন্যা পূজনঃ– অষ্টমী বা নবমীৰ দিনা ঠাইভেদে ন গৰাকী পুষ্পিতা নোহোৱা কুমাৰী কন্যাক নববস্ত্ৰৰে তেওঁলোকৰ ভৰি ধুুুৱাই পূূূজা অৰ্চনা কৰা হয় ৷ তেওঁলোকক ভোজন কৰোৱা হয় ৷বিভিন্ন দানদক্ষিণা প্ৰদান কৰা হয় ৷
সেন্দুৰ খেলাঃ – দশমীৰ দিনাখন বিভিন্ন প্ৰান্তত মহিলাসকলে পৰস্পৰে পৰস্পৰক সিন্দুৰ লগায়, একপ্ৰকাৰৰ সেন্দুুুুৰৰ হোলী খেলাৰ দৰেই এই পৰম্পৰা পালন কৰা হয় ৷
বিশ্বাস কৰা হয় যে দেৱী দুৰ্গা মা ৰ বিদায়ক্ষণত তেওঁলোকে দেৱীৰ পৰা তেওঁলোকৰ সেন্দূৰ যুগমীয়া হোৱাৰ আশীৰ্বাদ লয়,প্ৰধানকৈ বিবাহিতা সধবা মহিলাসকলে ইয়াত আগভাগ লয় ৷ 
তেওঁলোকৰ পতিদেৱতাৰ সুদীৰ্ঘ আয়ুস আৰু মঙ্গল কামনাৰে এই পৰ্ব আয়োজন কৰা হয়.
প্ৰথমতে দেৱী মা ক পানৰ পাত অৰ্পণ কৰা হয় ৷তাৰপাছত দেৱীৰ প্ৰতিমাক সেন্দূৰ লগোৱা হয়৷
দেৱীক সেন্দূৰ লগোৱাৰ পিছতে বিবাহিত মহিলাসকলে ইগৰাকীয়ে সিগৰাকীক সেন্দূৰ লগাব আৰম্ভ কৰে আৰু পাৰস্পৰিক সদায়েই সধবা হৈ থকাৰ মঙ্গল কামনা কৰে ৷ .
বিজয়াদশমীঃ – বিজয়াদশমীৰ দিনাই দেৱীদুৰ্গাই মহিষাসুৰক বধ কৰিছিল ৷গতিকে এই দিনটো প্ৰবল উৎসাহ আৰু হৰ্ষোল্লাসেৰে পালন কৰা হয়। ৷
গতিকে ওপৰত উল্লেখ কৰা বিভিন্ন ৰীতিনীতিৰে শাৰদীয় দুৰ্গোৎসৱক প্ৰতিবছৰে অতি উৎসাহউদ্দীপনাৰে পালন কৰা হয় ৷যত লুকাই আছে সমগ্ৰ মানবজাতি আৰু সমাজৰ কল্যাণ ৷
শাৰদীয় উৎসৱঅনুষ্ঠানৰ পৱিত্ৰতাই চৌদিশে এক শুভ পৰিবেশৰ সৃষ্টি কৰক এয়ে কামনা ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: বিজয়াদশমীশাৰদীয় দুৰ্গোৎসৱ
Anjan Sarma

Anjan Sarma

Related Posts

silhouette of four person with flag of united states background
Politics

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

by Mohan Khound
September 10, 2026
0

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World US Regime Change Operations:...

Read moreDetails
Soliloquy of a Song: The birth of Buku hom hom kore…

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

September 6, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
flood

Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

September 2, 2026
Khanikar Puthi

Khanikar Puthi

September 1, 2026
চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

August 29, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 10, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 10, 2026
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40655 shares
    Share 16262 Tweet 10164
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18922 shares
    Share 7569 Tweet 4731
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4048 shares
    Share 1619 Tweet 1012
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4089 shares
    Share 1636 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d