–পুষ্পাঞ্জলি শিৱম শৰ্মা |
শাৰদীয় দুৰ্গোৎসৱ আৰু ইয়াৰ লগত জড়িত অনেক প্ৰবাদ তথা লোকবিশ্বাসে দুৰ্গাপূজাক অতীতৰে পৰাই মহিমামণ্ডিত কৰি আহিছে ৷
শাস্ত্ৰ পুৰাণত উল্লেখিত মতে,
— তত্ৰৈৱ চ বধিষ্যামি দুৰ্গমাখ্য মহাসুৰম্। দুৰ্গা দেৱীতি বিখ্যাতংতন্মে নাম ভৱিষ্যতি।।
অৰ্থাৎ সেই সময়ত দুৰ্গম নামৰ এক মহাসুৰক বিনাশ কৰিম, সেইকাৰণে মানুহে মোক দুৰ্গাদেৱী নামেৰে উচ্চাৰণ কৰিব। ‘
দেৱী ভাগৱত’মহাপুৰাণত এই অসুৰ সম্পৰ্কে থকা কাহিনী অনুসৰি,
“পুৰণিকালত হিৰণ্যক্ষৰ বংশত ‘ৰুৰু’ নামৰ এক অতি শক্তিশালী অসুৰে জন্ম গ্ৰহণ কৰিছিল, সেই ৰুৰু দানৱৰ পুত্ৰ দুৰ্গম মহাপ্ৰতাপী আৰু বুদ্ধিমান আছিল। ৰুৰুৱে মনে মনে চিন্তা কৰি এই সিদ্ধান্তত উপনীত হ’ল যে ঋষি আৰু ব্ৰাহ্মণসকলে বেদমন্ত্ৰ উচ্চাৰণ কৰি যজ্ঞ কৰে, যজ্ঞৰ আহুতিস্বৰূপ ঘৃত ভক্ষণ কৰি শক্তিশালী হৈ বাৰে বাৰে অসুৰসকলক পৰাস্ত কৰে। এনে চিন্তা কৰি বেদসমূহ নিজৰ হাতলৈ আনিবৰ বাবে হিমালয় পৰ্বতলৈ গৈ ব্ৰহ্মাক তপস্যা কৰাৰ ফলত স্বৰ্গ-মৰ্ত্য-পাতাল কঁপিবলৈ ধৰিলে। ব্ৰহ্মাৰ আসন টল-বল কৰিবলৈ ধৰিলে।
ব্ৰহ্মাই শেষত অসুৰক দেখা দি বৰ প্ৰাৰ্থনা কৰিবলৈ ক’লে। অসুৰে ব্ৰহ্মাৰ পৰা বৰ বিচাৰিলে যে তেওঁক বেদ কেইখন লাগে আৰু সমস্ত দেৱতা, ব্ৰাহ্মণ, কবিসকলে যেন বেদমন্ত্ৰ পাহৰি যাওঁক আৰু ব্ৰহ্মাইও যেন আৰু বেদ ৰচনা নকৰে। ব্ৰহ্মাই ‘তথাস্তু’ বুলি বৰ দি বেদ কেইখন অসুৰক দিলে।
ব্ৰহ্মাৰ বৰ অনুসৰি ঋষি, ব্ৰাহ্মণসকলে বেদৰ মন্ত্ৰ পাহৰিলে যাগ-যজ্ঞ নোহোৱা হ’ল, দেৱতাসকলৰ খাদ্যাভাৱ হ’লত তেওঁলোক দুৰ্বল হ’ল, যজ্ঞ বন্ধ হোৱাত যজ্ঞ ধূম্ৰই মেঘৰ সৃষ্টিত বাধা দিয়াত বৰষুণ নোহোৱা হ’ল— ফলত দেশত শষ্য নগজা হ’ল। অনাবৃষ্টিৰ ফলত সমুদ্ৰ, নদ-নদী শুকাই গ’ল, পানীৰ অভাৱত পশু-পক্ষীসহ মানুহ মৃত্যু মুখত পৰিল। যিকেইজন জীয়াই আছিল তেওঁলোকে হিমালয়ৰ পাদ দেশলৈ গৈ মহামায়াৰ স্তৱ পাঠ কৰিবলৈ ধৰিলে।
আনহাতে দুৰ্বল হোৱা দেৱতাসকলে দুৰ্গম অসুৰৰ ওচৰত পৰাজিত হৈ স্বৰ্গৰাজ্য হেৰুৱালে। দেৱতাসকলেও সামান্য মনুষ্যৰূপে হিমালয়ৰ সুমেৰু পৰ্বতৰ গুহাত আত্মগোপন কৰি আদ্যাশক্তি মহামায়াক আকুল কণ্ঠেৰে মাতিবলৈ ধৰিলে।
তেতিয়া দেৱী ভুৱনেশ্বৰীয়ে অনন্ত নেত্ৰযুক্ত, অদ্ভুত ৰূপেৰে দেৱতা মনুষ্যগণক দৰ্শন দিলে— দেৱী নীলবৰ্ণা, চতুৰ্ভূজা, কৌটি সূৰ্যসমপ্ৰভা, দক্ষিণ অধোভূজত শৰমুষ্টি, দক্ষিণ ঊৰ্ধ্বভূজত পদুম ফুল বাওঁ ঊৰ্ধ্বভূজত ক্ষুধা, তৃষ্ণা, ক্লেশ আৰু শান্তিপ্ৰদ অনন্ত ৰসময় পুষ্প, পল্লৱ, ফল-মূল আৰু শাকাদি, বাওঁ অধোভূজত মহাশৰাসন ধাৰণ কৰিছে।
এনেকৈ তেওঁ দুষ্টক দমন আৰু শিষ্টক পালনৰ হেতু অৱতাৰ গ্ৰহণ কৰিছিল আৰু অসুৰক দমন কৰি শান্তিৰ প্ৰতিষ্ঠা কৰিছিল ৷
ভাৰত তথা অসমত শৰৎকালত দুৰ্গা নামৰে আৰু চ’ত-বহাগত বাসন্তী নামেৰে দেৱীৰ পূজা কৰা হয়। সেইবাবে কোৱা আছে,
“শৰৎ কালে মহাপূজা ক্ৰিয়তে যা চ বাৰ্ষিকী। তস্যা মমৈতনমাত্ম্যং শ্ৰত্বা ভক্তি সমন্বিতঃ।। সৰ্ব্ববাধা বিনিৰ্মুক্তো ধন ধান্য সুতান্বিতাঃ। মনুষো মৎপ্ৰসাদেন ভৱিষ্যতি ন সংশয়।।
দুৰ্গাদেৱীৰ পূজা অৰ্চনাৰ বাবে প্ৰচলিত বিশেষ ৰীতিনীতিৰ ভিতৰত অন্যতম কিছুমান তলত আলোচনা কৰা হলঃ
ঘট স্থাপন ঃ– নবৰাত্ৰিৰ প্ৰথম দিনা দেৱীৰ প্ৰতিমাৰ সৈতে ঘট স্থাপন কৰা হয় ৷
ঘট স্থাপন এক গুৰুত্বপূৰ্ণ ৰীতি ৷
দেৱীৰ প্ৰতিমাঃ – দেৱীৰ বিভিন্ন ধৰনৰ সৰু বৰ প্ৰতিমা পূজাৰ মণ্ডপ সমুহত অতি আকৰ্ষণীয় ভাবে সজোৱা হয় ৷
দানব মহিষাসুৰক বধৰ ভংগীমাৰে দেৱীৰ কাষত বাওঁফালে লক্ষ্মীদেৱী আৰু গণেশ দেৱ বিৰাজমান থাকে ৷ সোঁপিনে সৰস্বতীদেৱী আৰু কাৰ্তিকৰ প্ৰতিমা থাকে ৷ তাৰোপৰি হিন্দু ধৰ্মৰ বিভিন্ন দেৱদেৱীৰো চিত্ৰ দেখা পোৱা যায় ৷
চক্ষুদানঃ – এই চক্ষুদানৰ পৰম্পৰা অতি প্ৰাচীন কালৰ পৰাই চলি আহিছে ৷
বিশ্বাস কৰা হয় যে দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰোতে সৰ্বশেষতহে চকুযুৰি বনোৱা হয়৷ ইয়াক নেত্ৰ দানৰ পৰম্পৰা হিচাপে মানা হয় ৷ কিন্ত এতিয়া কোনো কোনো ঠাইত দেৱীৰ প্ৰতিমা নেত্ৰসহ নিৰ্মিত হয় ৷
পুষ্পাঞ্জলিঃ– অষ্টমী তিথিত দেৱী দুৰ্গাক বিভিন্ন ফুল অৰ্পণ কৰি পূজা কৰা হয় ৷ইয়াকে পুষ্পাঞ্জলি বোলে৷ ৰং বিৰঙৰ সজীৱ ফুুুলেৰে দেৱীক অঞ্জলি দিয়া হয় ৷
কন্যা পূজনঃ– অষ্টমী বা নবমীৰ দিনা ঠাইভেদে ন গৰাকী পুষ্পিতা নোহোৱা কুমাৰী কন্যাক নববস্ত্ৰৰে তেওঁলোকৰ ভৰি ধুুুৱাই পূূূজা অৰ্চনা কৰা হয় ৷ তেওঁলোকক ভোজন কৰোৱা হয় ৷বিভিন্ন দানদক্ষিণা প্ৰদান কৰা হয় ৷
সেন্দুৰ খেলাঃ – দশমীৰ দিনাখন বিভিন্ন প্ৰান্তত মহিলাসকলে পৰস্পৰে পৰস্পৰক সিন্দুৰ লগায়, একপ্ৰকাৰৰ সেন্দুুুুৰৰ হোলী খেলাৰ দৰেই এই পৰম্পৰা পালন কৰা হয় ৷
বিশ্বাস কৰা হয় যে দেৱী দুৰ্গা মা ৰ বিদায়ক্ষণত তেওঁলোকে দেৱীৰ পৰা তেওঁলোকৰ সেন্দূৰ যুগমীয়া হোৱাৰ আশীৰ্বাদ লয়,প্ৰধানকৈ বিবাহিতা সধবা মহিলাসকলে ইয়াত আগভাগ লয় ৷
তেওঁলোকৰ পতিদেৱতাৰ সুদীৰ্ঘ আয়ুস আৰু মঙ্গল কামনাৰে এই পৰ্ব আয়োজন কৰা হয়.
প্ৰথমতে দেৱী মা ক পানৰ পাত অৰ্পণ কৰা হয় ৷তাৰপাছত দেৱীৰ প্ৰতিমাক সেন্দূৰ লগোৱা হয়৷
দেৱীক সেন্দূৰ লগোৱাৰ পিছতে বিবাহিত মহিলাসকলে ইগৰাকীয়ে সিগৰাকীক সেন্দূৰ লগাব আৰম্ভ কৰে আৰু পাৰস্পৰিক সদায়েই সধবা হৈ থকাৰ মঙ্গল কামনা কৰে ৷ .
বিজয়াদশমীঃ – বিজয়াদশমীৰ দিনাই দেৱীদুৰ্গাই মহিষাসুৰক বধ কৰিছিল ৷গতিকে এই দিনটো প্ৰবল উৎসাহ আৰু হৰ্ষোল্লাসেৰে পালন কৰা হয়। ৷
গতিকে ওপৰত উল্লেখ কৰা বিভিন্ন ৰীতিনীতিৰে শাৰদীয় দুৰ্গোৎসৱক প্ৰতিবছৰে অতি উৎসাহউদ্দীপনাৰে পালন কৰা হয় ৷যত লুকাই আছে সমগ্ৰ মানবজাতি আৰু সমাজৰ কল্যাণ ৷
শাৰদীয় উৎসৱঅনুষ্ঠানৰ পৱিত্ৰতাই চৌদিশে এক শুভ পৰিবেশৰ সৃষ্টি কৰক এয়ে কামনা ৷