শিক্ষক দিৱস :দুই বৰেণ্য গণিত শিক্ষকলৈ শ্ৰদ্ধাৰ্ঘ – শান্তিবাবু আৰু ৰাধাবাবু
পৰেশ বৈশ্য

ঊনবিংশ শতিকাৰ শেষৰফালে জন্ম গ্ৰহণ কৰা শান্তিৰাম দাস(১৮৯৫-১৯৫৮) আৰু ৰাধাকান্ত দাস (১৮৯৬-১৯৮৩) আছিল অসমৰ দুগৰাকী বৰেণ্য গণিত শিক্ষক।
ৰাধাকান্ততকৈ শান্তিৰাম আছিল প্ৰায় এবছৰে ডাঙৰ। শান্তিৰাম দাস আছিল হাইস্কুলৰ শিক্ষক আৰু ৰাধাকান্ত দাস আছিল কলেজৰ অধ্যাপক। দুয়োগৰাকীৰেই জন্ম হৈছিল অবিভক্ত কামৰূপ জিলাত। দুয়ো আছিল অসমৰ কীৰ্তিমান গণিত শিক্ষক।
সৰুৰেপৰা দুয়ো আছিল অতি চোকা। অসমৰ বিদ্বান সমাজত শান্তিৰাম দাস ” শান্তিবাবু” আৰু ৰাধাকান্ত দাস ” ৰাধাবাবু” বুলি জনপ্ৰিয় আছিল। কুৰি শতিকাৰ দ্বিতীয় দশকৰ পাছত দুয়োগৰাকীয়ে অসমত নামজ্বলা শিক্ষক হৈ পৰিছিল।
শান্তিৰাম দাসৰ জন্ম হৈছিল ১৮৯৫ চনত কামৰূপ জিলাৰ পলাশবাৰী অঞ্চলৰ পাল্লীত। তেওঁৰ পিতৃ -মাতৃৰ নাম আছিল ক্ৰমে ধৰ্মদাস কাকতি আৰু দীনবালা কাকতি। তেওঁ পলাশবাৰীতেই প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষা সাং কৰে।
পলাশবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা তেওঁ এম ই পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গুৱাহাটীৰ কটন কলেজিয়েট হাইস্কুলত নামভৰ্তি কৰে। তাৰ পৰা সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত তেওঁ কটন কলেজৰ পৰা আই.এ.ছি আৰু বি.এচ.ছি ডিগ্ৰী লাভ কৰে। তেওঁ বি.টি ডিগ্ৰী লৈছিল ঢাকাৰপৰা। তেওঁ প্ৰথমে কটন কলেজিয়েট হাইস্কুলত সহকাৰী শিক্ষক হিচাপে যোগদান কৰি তাৰ পৰাই সহকাৰী প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে।
তেওঁ চাকৰি জীৱন কটন কলেজিয়েট হাইস্কুলতেই অতিবাহিত কৰে। মাজতে তেওঁক অন্য চৰকৰী হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে বদলি কৰিব খুজিছিল যদিও তেওঁ সেই সুবিধা ল’বলৈ নিবিচাৰিলে। তেওঁ বিদ্যালয়ত সাধাৰণ গণিতৰ উপৰিও উচ্চ গণিত আৰু বলবিজ্ঞান শিকাইছিল। চুটি-চাপৰ তথা অল্পভাষী শান্তিবাবু বৰ কাঢ়া শিক্ষক আছিল। ছাত্ৰসকলক বৰ মনোগ্ৰাহীকৈ তেওঁ গণিত শিকাইছিল।

শান্তিৰাম দাস গণিতৰ শিক্ষক আছিল যদিও তেওঁ সাহিত্য চৰ্চাও কৰিছিল। তেওঁ এলেন উডৰ East Lynne খন ছোৱা ছোৱাকৈ অনুবাদ কৰি সেই সময়ৰ জনপ্ৰিয় আলোচনী ‘আৱাহন’ত প্ৰকাশ কৰিছিল। পাছত তেওঁ সেইখন ‘ ছন্মৱেশী’ নাম দি প্ৰকাশ কৰে। তেওঁ ‘বাহী’ আলোচনীতো প্ৰৱন্ধ পাতি লিখিছিল। তেখেতে লিখা আন কেইখনমান গ্ৰন্থ হ’ল বীৰ কুমাৰ, বৈৰাগী, অনাথনী, মিলন মন্দিৰ আদি।
শান্তিবাবুয়ে ৰাধাকান্ত দাসৰ সৈতে যুটীয়াকৈ সেই সময়ৰ জনপ্ৰিয় পাঠ্যপুথি “জ্যামিতি প্ৰৱেশ” লিখিছিল। ইয়াৰ উপৰিও তেওঁ নিজে উজু গণিত, উজু নেওতা, ন- পাটীগণিত, গণিত শিক্ষক, ত্ৰিকোণমিতি আদি পাঠ্যপুথি লিখি ছাত্ৰ- ছাত্ৰী আৰু শিক্ষক সমাজৰ মাজত জনপ্ৰিয় হৈছিল। ১৯৫৮ চনত তেখেতে ইহলীলা সম্বৰণ কৰে।
ৰাধাকান্ত দাসৰ জন্ম হৈছিল বৰপেটাৰ আমবাৰীহাটীত ১৮৯৬ চনৰ পহিলা ফেব্ৰুৱাৰীত। তেখেতৰ পিতৃ- মাতৃৰ নাম আছিল ক্ৰমে কালিৰাম দাস আৰু বিয়াপালি দাস। পিতাকক কালিৰাম মহাজন বুলিহে সকলোৱে জানিছিল। তেওঁ প্ৰাথমিক শিক্ষা লাভ কৰে দলবাৰীহাটী প্ৰাথমিক বিদ্যালয়ত। ১৯১৩ চনত তেওঁ বৰপেটা চৰকাৰী হাইস্কুলৰ পৰা বৃত্তিসহ সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। তাৰ পিছত তেওঁ কটন কলেজত আই.এচ.ছি পঢ়ে।
১৯১৫ চনত আই.এচ.ছি পাছ কৰি বি.এচ.ছি পঢ়িবলৈ কলকাতালৈ যায়। কিন্তু ঘৰুৱা সমস্যাৰ বাবে শিক্ষা আধৰুৱা কৰি ঘৰলৈ গুচি আহে। পাছত পুনৰ কলকাতালৈ গৈ প্ৰেসিডেন্সি কলেজত বি.এচ.ছি পাঠ্যক্ৰমত নাম লগায়। ১৯১৮ চনত তেওঁ গণিতত অনাৰ্ছ সহ প্ৰথম শ্ৰেণীত বি,.এচ.ছি পাছ কৰে। ১৯২১ চনত তেওঁ প্ৰেসিডেন্সি কলেজৰ পৰাই মৌলিক গণিতত প্ৰথম শ্ৰেণীত এম.এচ..ছি পাছ কৰে।

পাছত ১৯২৯ চনত তেওঁ পুনৰ প্ৰথম শ্ৰেণীসহ প্ৰায়োগিক গণিতত এম.এচ.ছি পাছ কৰে। ৰাধাকান্ত দাসে কটন কলেজত অধ্যাপনা কৰাৰ পূৰ্বে কিছু দিন গুৱাহাটীৰ সোণাৰাম হাইস্কুলত শিক্ষকতা কৰিছিল। ১৯২৫ চনত তেওঁ কটন কলেজত গণিতৰ অধ্যাপক হিচাপে যোগদান কৰে।১৯৫১ চনলৈকে তেওঁ কটন কলেজত অধ্যাপনা কৰে।
মাজতে তেওঁ কিছুদিনৰ বাবে অসম চৰকাৰৰ সহকাৰী শিক্ষাধিকাৰ হয়, পিছলৈ শিক্ষাধিকাৰ পদত অধিষ্ঠিত হয়। সেই পদত মন নবহাত তেওঁ পুনৰ কটন কলেজলৈ উভতি আহি অধ্যাপনা কৰে। শেষত কটন কলেজৰ পৰাই তেওঁ অৱসৰ গ্ৰহণ কৰে। কটন কলেজৰ পৰা অৱসৰ গ্ৰহণ কৰি তেওঁ কেইবছৰমান বৰপেটাৰ মাধৱ চৌধুৰী কলেজত অধ্যক্ষ হয়। তেওঁ গুৱাহাটী বাণীকান্ত বিটি কলেজৰো প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।
শিক্ষক হিচাপে তেওঁ বৰ কাঢ়া আছিল। তেওঁ আছিল কঠোৰ অনুশাসনপ্ৰিয়। তেওঁ শ্ৰেণীত গণিতৰ পাঠদানৰ সময়ত আন কোনো বিষয় অৱতাৰণা নকৰিছিল। ছাত্ৰক সততে প্ৰশ্ন কৰিছিল আৰু বুজি নাপালে ভালদৰে বুজাই দিছিল। প্ৰশ্নৰ আবোল- তাবোল উত্তৰ দিলে তেওঁ খং কৰিছিল। শ্ৰেণীত কোনো ছাত্ৰই দুষ্টামি কৰিলে থিয় কৰাই থৈছিল। তেওঁ সদায় সময়ত শ্ৰেণীত সোমাইছিল। কিছুমান ছাত্ৰক ঘৰলৈ মাতি নি শিকাইছিল। কিন্তু কাৰোপৰা মাচুল লোৱা নাছিল।

শান্তিৰাম দাসৰ দৰে তেৱোঁ পাঠ্যপুথি লিখিছিল। তেওঁ নিজাববীয়াকৈ ইংৰাজীতে স্থানাংক জ্যামিতিৰ এখনি মূল্যৱান পাঠ্যপুথি লিখিছিল। ৰাধাকান্ত দাস আছিল এগৰাকী ক্ৰীড়া সংগঠক। তেওঁৰ ফুটবল খেলত বৰ ৰাপ আছিল। তেওঁ গুৱাহাটী ফুটবল এচোছিয়েশ্বনৰ সচিব পদ অলংকৃত কৰিছিল। জনামতে তেওঁ আছিল এই সংস্থাটোৰ প্ৰতিষ্ঠাপক সম্পাদক।
তেওঁ স্কাউট এণ্ড গাইডৰ লগতো জড়িত আছিল। ১৯৮৩ চনত তেখেতৰ মৃত্যু হয়। গণিতৰ অধ্যাপক হিচাপে তেওঁ ইমানেই খ্যাতনামা আছিল যে তেওঁৰ মৃত্যুত দ্যা আসাম ট্ৰিবিউনে সম্পাদকীয় পৃষ্ঠাত তেওঁৰ প্ৰতি শ্ৰদ্ধাৰ্ঘসূচক এটি নিৱন্ধ প্ৰকাশ কৰিছিল।
পৰেশ বৈশ্য: ফোন নম্বৰ ৯৮৫৯২-৬৩৯৭৩
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)