• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, January 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Inspiration

শিক্ষক দিৱস: মানৱতাৰ জয়গান গাই ফুৰা তপোবনৰ সাধক – শিক্ষক কুমুদ কলিতা

কল্যাণ কলিতা

by Anjan Sarma
September 6, 2023
in Inspiration, Education, Real Stories, Special Report
Reading Time: 4 mins read
0
শিক্ষক দিৱস: মানৱতাৰ জয়গান গাই ফুৰা তপোবনৰ সাধক – শিক্ষক কুমুদ কলিতা
Share on FacebookShare on TwitterShare on LinkedIn

শিক্ষক দিৱস: মানৱতাৰ জয়গান গাই ফুৰা তপোবনৰ সাধক – শিক্ষক কুমুদ কলিতা

কল্যাণ কলিতা

Kalyan Kalita
কল্যাণ কলিতা

ৰাষ্ট্ৰপতিৰ পুৰস্কাৰৰ বাবে নিৰ্বাচিত শিক্ষক কুমুদ কলিতা

আজি শিক্ষক দিৱস৷

মহান দাৰ্শনিক, শিক্ষাবিদ, ভাৰতবৰ্ষৰ দ্বিতীয় ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন।  ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত মাদ্ৰাজৰ তিৰুটানি চহৰত জন্ম গ্ৰহণ কৰা অসাধাৰণ প্ৰতিভাধৰ ৰাধাকৃষ্ণণে তেওঁৰ শিক্ষা জীৱনৰ পৰিসমাপ্তিৰ পিছতে দৰ্শন বিষয়ত শিক্ষক হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে।

RelatedPosts

selective focus photography of magazines

Ignorance is the real drug!

January 18, 2026
“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

January 17, 2026
Green Milestone: G.L. Choudhury College Joins Green Campus Programme

Green Milestone: G.L. Choudhury College Joins Green Campus Programme

January 16, 2026

পৰৱৰ্তী সময়ত ড° ৰাধাকৃষ্ণণ যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল, তেতিয়া ৫ ছেপ্টেম্বৰত তেওঁৰ জন্মদিন পালনৰ বাবে কিছু ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ পৰা অনুমতি বিচৰাত ৰাধাকৃষ্ণণে ছাত্ৰ ছাত্ৰী সকলক কৈছিল যে তেওঁৰ জন্মদিন পালন কৰিব বিচৰাটো তেওঁৰ বাবে গৌৰৱৰ বিষয় কিন্ত এই দিনটো তেওঁৰ জন্মদিন হিচাপে পালন নকৰি শিক্ষক দিৱস হিচাপে পালন কৰিলে তেওঁ অধিক আনন্দিত হব।

শিক্ষক সকলক দেশৰ আটাইতকৈ শ্ৰেষ্ঠ বুলি অভিহিত কৰা মহান দাৰ্শনিকগৰাকীৰ ইচ্চা অনুসৰি ১৯৬২ চনৰ পৰা ৫ ছেপ্তেম্বৰ দিনটো ভাৰতবৰ্ষত শিক্ষক দিৱস পালন কৰা হয়৷ আজিৰ এই পবিত্ৰ শিক্ষক দিৱসত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বজালী সদৰ পাঠশালাস্থিত ‘পাঠশালা ছিনিয়’ৰ ছেকেণ্ডাৰী স্কুল‘ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বিষয় শিক্ষক কুমুদ কলিতাক প্ৰদান কৰিব ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটা ৷

এগৰাকী বিষয় শিক্ষক হোৱাৰ উপৰি কুমুদ কলিতাৰ সমগ্ৰ অসমতে আছে আন এক পৰিচয়৷ বজালী জিলাৰ পাঠশালা নিৱাসী কুমুদ কলিতা এগৰাকী শিক্ষক হিচাবে পৰিচিত হোৱাৰ উপৰিও পাঠশালা ‘তপোবন’ নামৰ এক আৱাসিক অনুষ্ঠানৰ জৰিয়তে কলিতাই  দিব্যাংগ শিশু-কিশোৰকে ধৰি সমাজৰ অৱহেলিত শিশু সকলক খুব আত্মীয়তাৰে প্ৰতিপালন কৰি আহিছে৷ আজি শিক্ষক দিৱসত এইগৰাকী মহানুভৱী শিক্ষকৰ বিষয়ে এক সামান্য ৰূপৰেখা৷

ভোগবাদ, বৈষয়িক সুখ, অৰ্থ প্ৰাচুৰ্য্যতাৰ লিপ্সা নাম কিনাৰ তাড়না আদিৰে আবৃত্ত বর্তমান তথাকঠিত আধুনিক সমাজত জনকল্যাণ, সমাজ কল্যাণ, মানবীয় প্ৰমূল্য, মূল্যবোধ আদি বহুক্ষেত্ৰত মাত্ৰ আভিধানিক শব্দ হৈ পৰিছে। অন্যায়-অনীতি-দুর্নীতিয়ে গ্ৰাস কৰা আমাৰ সমাজত ব্যৱহাৰিক ক্ষেত্ৰত অনেকেই মানৱতাক বিসর্জন দিছে যদিও একাংশ ভাল মানুহৰ বাবে আমাৰ সমাজৰ পৰিকাঠামো এতিয়াও স্থিৰ হৈ আছে।

আমি বুজন সংখ্যক মানুহে কৰি অহা ঠেক চিন্তাৰ বিপৰীতে আঙুলিৰ মুৰত গণিব পৰা সংখ্যক মানুহে ভোগবাদ আৰু স্থূল আত্মস্বার্থ বিসর্জন দি নিঃস্বার্থভাৱে সমাজত মানবতাৰ জয়গান গাই ফুৰিছে। এই নগন্য সংখ্যক মানুহৰ মাজৰে এগৰাকী হৈছে কুমুদ কলিতা। যিগৰাকী কুমুদ কলিতা ‘তপোবন’ৰ সাধক। যি গৰাকী কুমুদ কলিতা মানবতাৰ তপস্যাৰ আশ্ৰম ‘তপোবন’ৰ সন্যাসী।

শিক্ষক দিৱস: মানৱতাৰ জয়গান গাই ফুৰা তপোবনৰ সাধক - শিক্ষক কুমুদ কলিতা
কুমুদ কলিতা

যিখন আশ্ৰমত ভোগবিলাসী আধুনিকতা, লিপ্সা, ধামখুমীয়া, বিশ্বাসঘাটকতা, ঈৰ্ষাপৰায়নতা আদি ফোপোলা আভিজাত্যৰ বিপৰীতে বিৰাজ কৰে নিষ্পাপ সৰলতা, মানবীয় প্ৰমূল্য, নিস্বাৰ্থ মৰম, চেনেহ, আপ্রাণ ভালপোৱা৷ তথাকথিত আধুনিক সমাজৰ নিষ্পেষিত, পৰিস্থিতিয়ে নিথৰুৱা কৰা, সমাজচ্যুত শিশুৰ আদৰৰ আশ্ৰয় স্থলী কুমুদ কলিতাৰ মানস সন্তান ‘তপোবন‘।

 ২০০৫ চনত পাঠশালা চিনিয়’ৰ ছেকেন্দাৰী স্কুলৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বিষয় শিক্ষক কুমুদ কলিতাই পত্নী লুকি পাটগিৰিৰ সহযোগত নিজ গৃহত আৰম্ভ কৰে ‘তপোবন‘ৰ। সমাজৰ বাধাগ্রস্থ, দৃষ্টিহীন, বিশেষভাৱে সক্ষম, দিব্যাংগ, নিষ্পেষিত শিশুসকলক আশ্ৰয় আৰু সুৰক্ষা প্ৰদান কৰাৰ লগতে মৰমৰ উম দিয়াৰ উদ্দেশ্যে ৰোপন কৰে শিশু গৃহ ‘তপোবন‘ বীজ।

অতি ক্ষুদ্র মূলধনেৰে কেৱল মানৱতাকে সম্বল হিচাপে লৈ আৰম্ভ কৰা তপোবনৰ জৰিয়তে মানৱ দৰদী কুমুদ কলিতাই বিগত এটা দশকত প্ৰমাণ কৰি দিছে যে অতি ভাল আৰু মহৎ কাম অকলেও কৰিব পাৰি৷ মানৱতাৰ উৎকৃষ্ট নিদর্শন কুমুদ কলিতাই নিজ গৃহতে গঢ়ি তুলিছে এক আশ্ৰম সদৃশ পৰিবেশ।

২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত পাঠশালা ছিনিয়ৰ ছেকেন্দাৰী স্কুলৰ পিছপিনে আধুনিক যান্ত্ৰিকতাৰ পৰা দূৰত্ব বজাই গছে-ফুলে জাতিষ্কাৰ এক নান্দনিক আৰু সুন্দৰ পৰিবেশৰ সৃষ্টি কৰি এই ব্যক্তিগৰাকীৰ ঐকান্তিক প্রচেষ্টাত এজাক নিষ্পাপ শিশুৰ কলৰৱেৰে মুখৰ কৰি তুলিছে তপোবন নামৰ মানবতাৰ আশ্ৰমখনৰ চৌদিশ৷

নাম কিম্বা প্ৰচাৰৰ বাবে কেতিয়াও লালায়িত নহৈ কলিতাই নিজস্বভাৱে একাণপটীয়াকৈ সিচি গৈছে মানৱতাৰ কঠিয়া ৷

যি সময়ত নিজৰ সন্তানৰ মল-মুত্ৰ পৰিষ্কাৰ কৰিবলৈ ঘৃণা কৰা একাংশ পিতৃ-মাতৃয়ে শিশুৰ যতনৰ বাবে ধনৰ বিনিময়ত আয়া আদি পৰিচৰ্য্যাকাৰী ৰাখি নিজৰ কৰ্তব্যৰ প্ৰতি পোলোকা মাৰিছে তেনেকুৱা সময়তে একেখন সমাজৰে বাসিন্দা শিক্ষক কুমুদ কলিতাই তেওঁৰ একান্ত সংগী-আর্দ্ধাংগিনী লুকি পাটগিৰিৰ সহযোগত সমাজৰ নিষ্পেষিত, বঞ্চিত, নিষ্ঠুৰুৱা, উপেক্ষিত শিশুসকলক বিনা দিধ্বাই আপদাল কৰি গৈছে।

মস্তিষ্কৰ পৰা অপৈনত, অবোধ, শাৰিৰীকভাৱে দিব্যাংগ এইশিশুসকলৰ কোনোটোৱে কলিতাৰ চুলিত টানিছে, ঘুচিয়াইছে, লঠিয়াইছে, আনকি কোনোটোৱে তেওঁৰ মুখতে থুৱাইছে। তথাপিতো তেওঁৰ মুখত নাই কোনো খং-ৰাগ, বিৰক্তি, ক্ষোভ কিম্বা আক্ষেপ। নিষ্পাপ দেৱশি শিশুকিইটিৰ আক্ৰমণতো হাঁহি হাঁহি নিচুকাইছে, বুজাইছে, মানৱতাৰ পাঠ পঢ়াইছে সহনশীলতাৰ প্ৰতিমূৰ্তিম্বৰূপ এই ব্যক্তিগৰাকীয়ে।

কোনো তেজৰ সম্পৰ্ক নথকা এই শিশুসকলক প্ৰদান কৰিছে পৰিচন্নতা, নিয়মানুবর্তিতা, সংস্কৃতি, সংগীত, চিত্রকলা, শিল্পকলা, প্রকৃত আধুনিকতা তথা মানৱতাৰ আদিপাঠ৷ সিহতৰ মল মুত্ৰ পৰিষ্কাৰ কৰাৰ পৰা আদিকৰি নাকৰ শেঙুন, বমি আদি সকলো নিজ হাতে ধুই দেখুৱাই দিছে মানবীয় প্ৰমূল্য, অন্তৰৰ সচা ভালপোৱা, মৰম-স্নেহৰ অফুৰন্ত ভাণ্ডাৰ।

শিক্ষক দিৱস: মানৱতাৰ জয়গান গাই ফুৰা তপোবনৰ সাধক - শিক্ষক কুমুদ কলিতা
কুমুদ কলিতা

প্ৰতিটো উৎসব পার্বনলৈ নি সিহতক অংশগ্রহণ কৰোৱাৰ লগতে বনভোজৰো সোবাদ দিবলৈ নাপাহৰি এই নিষ্পেশিত শিশুসকলক প্ৰদান কৰি আহিছে এক সম্পূর্ণ সমাজ জীৱন।

নানা ৰঙী বেলুন উৰুৱাই ৰং ধেমালি কৰা বয়সতে, পখিলা খেদি ফুৰা বয়সতে একাংশ হৃদয়হীন, মানবতাহীন কাপুৰুষ পিতৃ-মাতৃয়ে সামাজত ভদ্ৰলোকৰ মুখা খোল খোৱাৰ ভয়ত নিদাৰুণভাবে পথৰ দাতিত কিম্বা জাবৰৰ দ’মত পেলাই থৈ যোৱা শিশু তথা শাৰিৰীকভাবে অক্ষমতাৰ বাবে এই ফুল কুমলীয়া বয়সতে পৰিয়ালৰ বোজা স্বৰূপ হৈ পৰা একাংশ শিশুক নিজৰ প্ৰাণৰ এটা অংশ হিচাপে আকোৱালি লোৱা কুমুদ কলিতাৰ মৰম আকলুৱা হৃদয়ক প্ৰকৃতাৰ্থত শব্দেৰে জুখিব নোৱাৰি ৷

কুমুদ কলিতা আৰু লুকি পাটগিৰিৰ পিতৃত্ব-মাতৃত্বৰ উমাল সান্নিদ্ধই শিশুহঁতক কেতিয়াও এনেকুৱা চিন্তা কৰিবলৈ আহৰি দিয়া নাই যে সিহতৰ কোনোবাজন জন্ম দিয়া পিতৃ-মাতৃৰ পৰা অৱহেলিত, তথাকথিত সমাজৰ পৰা বিচ্ছুত, বাক শক্তিহীন, দৃষ্টি শক্তিহীন, চিন্তাশক্তিৰ পৰা অপৈনত অথবা খোজকাঢ়িবলৈ অক্ষম৷ সিহতক বুকুৰ উমাল সান্নিধৰে মেৰিয়াই কুমুদ কলিতাই প্ৰদান কৰিছে ঐশ্বৰিক প্রশান্তি।

আজি এইগৰাকী কোমল হৃদয়ৰ ব্যক্তিৰ বাবে সিহতে পৃথিৱীখনক সুন্দৰ দেখিছে, ভৱিষ্যতৰ সোনোৱালী সপোন ৰচিছে। আজি তপোবনত পদাৰ্পন কৰা প্ৰতিজন ব্যক্তিয়ে এই নিষ্পাপ শিশুসকলৰ সতে উমলি, সিহতৰ অতীত ৰোমন্থন কৰি অন্তৰাত্মা কপি উঠাৰ সমান্তৰালকৈ কুমুদ কলিতা দম্পত্তিৰ মহানুভৱতাত তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাত গদগদ হৈ পৰে।

তপোবনত পদার্পন নকৰিলে, কুমুদ কলিতাৰ প্ৰাণতকৈও আপোন এই দিব্যাংগ শিশুসকলক লগ নাপালে হয়তো অনুভৱ কৰিব নোৱাৰি এখন ক্ষুদ্ৰ জগতৰ বিশালতাক ৷ পাঠশালাৰ বুকুত মানবতাৰ ধ্বজা উৰুওৱা কুমুদ কলিতা আজি পুৰস্কৃত হৈছে দেশৰ প্ৰথমগৰাকী নাগৰিক ৰাষ্ট্ৰপতিৰ দ্বাৰা ৷ বিভিন্ন ঘাত প্ৰতিঘাত অতিক্ৰমী আজিৰ ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা কুমুদ কলিতাৰ জীৱনৰ পথ মুঠেই মসৃণ নাছিল, এয়া আছিল খলা-বমাৰে পৰিপূৰ্ণ কণ্টকাকীৰ্ণ পথ৷

শিক্ষক দিৱস: মানৱতাৰ জয়গান গাই ফুৰা তপোবনৰ সাধক - শিক্ষক কুমুদ কলিতা

বজালীৰ এক অনুন্নত ঠাই নিজ শালদহ গাওঁৰ এটি দৰিদ্ৰ পৰিয়ালত ১৯৬৪ চনত জন্মগ্ৰহণ কৰা কলিতাই শৈশৱ কালৰ পৰা অশেষ কষ্ট স্বীকাৰ কৰি পঢ়া-শুনা কৰিছিল৷ আৰু সেই অপৈনত বয়সতে সংকল্প লৈছিল যে তেওঁ পাই অহা পিন্ধা-খোৱাকে ধৰি পঢ়া-শুনাৰ দুখ কষ্টবোৰ যাতে ভৱিষ্যতে আন শিশুৱে নাপায় তাৰ বাবে কাম কৰি যাব ৷

এনেকুৱা মহান মনোভাৱৰ বাবেই গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত তেওঁৰ সুন্দৰবড়ীৰ ভাড়া ঘৰৰ ওচৰত থকা অসম শিশু কল্যাণ সদন আৰু বৰঝাৰত থকা SOS Villageত প্ৰায়ে গৈছিল আৰু অনাথ শিশু সকলৰ লগত সময় কটাইছিল, তেওঁলোকৰ সতে ভাৱ বিনিময় কৰিছিল৷

বিশ্ববিদ্যালয়ত পঢ়াৰ সময়ত জালুকবাৰীৰ কৃষ্ণ কলিতা নামৰ ব্যৱসায়ী এগৰাকীৰ হোটেলত অংশকালীনভাবে কাম কৰি যি ক্ষুদ্র আর্থিক সকাহ পাইছিল তাৰেই নিজৰ লগতে অনাথ শিশু সকলৰ বাবে কিবা এটা সৰুকৈ হ’লেও কৰিছিল৷

শিক্ষা জীৱন সমাপ্ত কৰাৰ পিছতে আৰ্থিক দুৰৱস্থাত যোৰা-টাপলি মাৰিবলৈ পাণবজাৰৰ কিতাপৰ দোকানৰ পৰা কিতাপ আনি ঘৰে ঘৰে বিক্ৰী কৰি পোৱা টকা আৰু পিছত শিক্ষকতা বৃত্তিৰ টকাৰে প্ৰথমে দুখীয়া ছাত্ৰ-ছাত্ৰী সকলক সহায় কৰিছিল৷ আৰু এই দুখীয়া ছাত্ৰ-শিশুক সহায় কৰাৰ মনোবৃতিৰেই ২০০৫ চনত বিশেষভাৱে সক্ষম আৰু অনাথ শিশুৰ বাবে আৱাসিক প্ৰতিষ্ঠান ‘তপোবন‘ স্থাপন কৰে।

শৈশৱ কালত পোৱা নিজৰ অভিজ্ঞতাই কলিতাক সদায় সোঁৱৰাই দিয়ে যে তেওঁ পোৱা কষ্টবোৰ যাতে আন শিশুৱে নাপায় আৰু উন্নত মানৰ শিক্ষা লাভ কৰে সেই চিন্তাৰে বাস্তবিক ৰূপৰ নাম হৈছে তপোবন৷

শিক্ষক দিৱস: মানৱতাৰ জয়গান গাই ফুৰা তপোবনৰ সাধক - শিক্ষক কুমুদ কলিতা

আজি পাঠশালা বুলিয়েই নহয় সমগ্ৰ অসমতে মানৱতাৰ জয়গান গোৱা এক অনুষ্ঠানত পৰিণত হোৱা তপোবনত বৰ্তমান ২৬ গৰাকী বিশেষভাৱে সক্ষম অনাথ ল’ৰা ছোৱালী থকাৰ লগতে প্ৰতিষ্ঠানখনত শিক্ষা লাভৰ বাবে দিনত অহা-যোৱা কৰা বিশেষভাৱে সক্ষম লৰা-ছোৱালী আছে প্ৰায় ৬০ গৰাকী৷ কলিতাৰ তত্বাবধানতে প্ৰাথমিক অৱস্থাৰ পৰা স্কুলীয়া শিক্ষা লাভ কৰা বিশেষভাৱে সক্ষম ৬ গৰাকী শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু ৩ গৰাকীয়ে উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পৰৱৰ্তী শিক্ষা গ্ৰহণ কৰি আছে ৷

ইয়াৰে এগৰাকী কটন বিশ্ববিদ্যালয়ৰ স্নাতক মহলাত অধ্যয়ন কৰি আছে৷ তপোবনৰ অনাথ শিশুসকলক যে অকল পাঠ্যপুথিৰ জ্ঞানহে দিয়া হয় এনে নহয়, সিহতৰ সামগ্ৰীক উত্তৰণৰ কথা চিন্তা কৰি শিক্ষানুষ্ঠানখনত সংগীত-চৰ্চা, খেল-ধেমালি, নৃত্য-চৰ্চা, আবৃত্তি আদিকে ধৰি বিভিন্ন ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ দিৱস-অনুষ্ঠান উদযাপনৰ লগতে যোগ প্রশিক্ষণো দিয়া হয়।

যাৰ ফলস্বৰূপে তপোবনৰ আবাসী শিক্ষাৰ্থীসকলৰ মাজৰ পৰা ২০১৭ বৰ্ষত দুগৰাকীয়ে ৰাজ্যিক ভিত্তিত ‘Most Promising Singer Award’  লাভ কৰাৰ লগতে দুগৰাকীয়ে ২০২০ আৰু ২০২১ বৰ্ষত প্ৰেৰণা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ উপৰি দূৰদৰ্শনৰ বিভিন্ন কাৰ্যসূচী আৰু অসমৰ বিভিন্ন ঠাইৰ সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশনেৰে তপোবনৰ দিব্যাংগ শিশুসকলে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে৷

‘তপোবন’ৰ সৰ্বাঙ্গীণ বিকাশৰ কাৰণে এখন ক্ষুদ্ৰ গাঁৱৰ পৰিকল্পনা কৰা এই মহান শিক্ষকগৰাকীয়ে আশা কৰিছে তেওঁৰ পৰিকল্পনাৰ এই গাওঁখনত বৃত্তিমুখী প্রশিক্ষণ, ক্ষুদ্র উদ্যোগ যেনে মীন পাম, হাহঁ-কুকুৰা পালন, দুগ্ধপাম, কৃষি, বাঁহ-বেত আৰু পেকেজিং ইত্যাদিৰ উৎপাদনৰ ব্যৱস্থা হ’ব। তাৰোপৰি ভবিষ্যতে আৱাসিক অঞ্চল আৰু বিদ্যালয় বেলেগ কৰাৰ লগতে শিক্ষানুষ্ঠানখনৰ সতে সংলগ্ন কৰি ন্যূনতম সুবিধা থকা চিকিৎসা কেন্দ্ৰ এটা স্থাপন কৰা হব ৷

এই ক্ষেত্ৰত নিশ্বয়কৈ লাগিব সদাশয় অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তি তথা চৰকাৰৰ প্ৰত্যক্ষ তথা পৰোক্ষ সহযোগ৷ আজি পবিত্ৰ শিক্ষক দিৱসত আমিও আশা ৰাখিছো যে আজি ভাৰতৰ শৈক্ষিক ক্ষেত্ৰত অসমৰ নাম উজলোৱা শিক্ষক কুমুদ কলিতাৰ সপোন অনতি পলমে বাস্তবায়িত হৈ এখন সুস্থ সমাজ জাতিস্কাৰ হওঁক৷

শিক্ষক দিৱস: মানৱতাৰ জয়গান গাই ফুৰা তপোবনৰ সাধক - শিক্ষক কুমুদ কলিতা

05-09-2023

কল্যাণ কলিতা, ফোন-৯৯৫৭৩৪৮৬২৩

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

selective focus photography of magazines
Special Report

Ignorance is the real drug!

by Chinmoyee Deka
January 18, 2026
0

Ignorance is the real drug Chinmoyee Deka Journalism and Mass Media is considered as the fourth pillar of democracy, which...

Read moreDetails
“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

“দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

January 17, 2026
Green Milestone: G.L. Choudhury College Joins Green Campus Programme

Green Milestone: G.L. Choudhury College Joins Green Campus Programme

January 16, 2026
Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

January 15, 2026
শৈশৱ আৰু মানসিক আঘাত!

শৈশৱ আৰু মানসিক আঘাত!

January 15, 2026
Is Climate Change Slowly Poisoning Our Brains and Fuelling Dementia?

Is Climate Change Slowly Poisoning Our Brains and Fuelling Dementia?

January 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
person holding vinyl record

Music: Not Just An Art Form But A Therapy For Life

January 18, 2026
selective focus photography of magazines

Ignorance is the real drug!

January 18, 2026
শুদ্ধ মৌ!

শুদ্ধ মৌ!

January 18, 2026
person holding clear plastic bottle

Media and its influence on issues related to climate change

January 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    20525 shares
    Share 8210 Tweet 5131
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    9734 shares
    Share 3894 Tweet 2434
  • Latest COVID data confirm infections have risen globally

    1760 shares
    Share 704 Tweet 440
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    3045 shares
    Share 1218 Tweet 761
  • কামেশ্বৰ দাস: সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা

    224 shares
    Share 90 Tweet 56
  • Jesus Christ: Looking through the Lens of History

    102 shares
    Share 41 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3369 shares
    Share 1348 Tweet 842
  • Dr Purnima Devi Barman Among Mad Over Marketing’s Most Impactful Women of 2025

    90 shares
    Share 36 Tweet 23
  • Deliceto: a village as a living being

    84 shares
    Share 34 Tweet 21
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3462 shares
    Share 1385 Tweet 866
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d