শিক্ষাবিদ কিশোৰী মোহন পাঠকৰ মৃত্যুত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত শোকসভা
MAHABAHU DESK

গুৱাহাটী: ২১ জুন: অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য তথা প্ৰাগজ্যোতিষ মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি (২০০৪–২০০৭) অধ্যাপক কিশোৰী মোহন পাঠকৰ মৃত্যুত গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত ২১ জুন তাৰিখে এখনি শোকসভা অনুষ্ঠিত হয়।
সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ মনোজ কুমাৰ মহন্তই প্ৰয়াত পাঠকদেৱৰ জীৱন আৰু শিক্ষাৰ ক্ষেত্ৰত তেখেতে আগবঢ়োৱা অৱদানৰ বিষয়ে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।
ভাষণ প্ৰসংগত তেখেতে প্ৰয়াত পাঠকদেৱক এগৰাকী ভৱিষ্যদ্ৰষ্টা শিক্ষাবিদ আছিল বুলি উল্লেখ কৰি তেজপুৰ বিশ্ববিদ্যালয়ক পূৰ্ণাংগ অনুষ্ঠানলৈ ৰূপান্তৰিত কৰাত তেখেতৰ অৰিহণাৰ বিষয়ে ব্যক্ত কৰে।
মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড৹ জগদিন্দ্ৰ ৰায়চৌধুৰীয়ে শিক্ষাৰ প্ৰকৃত উদ্দেশ্য গণকল্যাণ বুলি উল্লেখ কৰি এইক্ষেত্ৰত প্ৰয়াত কিশোৰী মোহন পাঠকদেৱে নিজ জন্মস্থান বৰপেটাৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত নিজকে জড়িত কৰি সামাজিক উত্তৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ ওপৰতো আলোকপাত কৰাৰ লগতে অসমত বিজ্ঞান চৰ্চাৰ ক্ষেত্ৰত প্ৰয়াত পাঠকদেৱৰ ভূমিকা স্মৰণ কৰে।
সভাৰ শেষত উপস্থিত শিক্ষক, কৰ্মচাৰী সমন্বিতে প্ৰাগজ্যোতিষ মহাবিদ্যালয় পৰিয়ালবৰ্গই প্ৰয়াত পাঠকদেৱৰ স্মৃতিত এক মিনিট মৌনতা অৱলম্বন কৰাৰ লগতে এটি শোক প্ৰস্তাৱ গ্ৰহণ কৰে।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)