ড•বিৰিঞ্চি কুমাৰ মেধি
কুমাৰ দীপক দাস
অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, কবি-গীতিকাৰ ,শিক্ষাবিদ ড° বিৰিঞ্চি কুমাৰ মেধিদেৱৰ বিয়োগৰ বাতৰিয়ে আমাক অতি বেদনাহত কৰিছে ।
প্ৰথমে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় আৰু পিছলৈ গুবাহাটী বিশ্ববিদ্যালয়ত নৃতত্ত্ব বিভাগত অধ্যাপনা কৰি অৱসৰ গ্ৰহণ কৰা আমাৰ অতি শ্ৰদ্ধাৰ ড° মেধিচাৰৰ সান্নিধ্য আৰু ব্যক্তিত্বই আমাক সদায় কিবা নতুনত্ব আনিব পৰা জ্ঞানেৰে সমৃদ্ধ কৰিছিল ।
বিশেষকৈ অসম আন্দোলনৰ সময় চোৱাত তেখেতৰ এনে সক্ৰীয় সহযোগীতাৰে আমাৰ দিকপাল হৈ পৰিছিল অন্যহাতে সাহিত্য সংস্কৃতি চৰ্চা আৰু সৃষ্টিৰ ক্ষেত্ৰত আমাৰ অভিভাবক ৰূপে সদায় অনুপ্ৰাণিত কৰিছিল ৷
উল্লেখ্য, ‘যিদিনা মোক বিচাৰি নাপাবা‘ শীৰ্ষক জনপ্ৰিয় গীতৰ স্ৰষ্টা মেধিচাৰে কেইবাখনো কবিতা পুথিৰ লগতে বহু মন পৰশা গীত ৰচনা কৰিছিল ।
এনে বিশাল হৃদয়ৰ এগৰাকী মহানুভৱ শ্ৰদ্ধাৰ মেধিচাৰৰ বিয়োগত অসমৰ সামাজিক আৰু জাতীয় জীৱনত এক অপূৰণীয় ক্ষতি হ’ল ৷
বিশিষ্ট এই গৰাকী শিক্ষাবিদ তথা সমাজপ্ৰাণ ব্যক্তিৰ পবিত্ৰ স্মৃতিত আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলোঁ ৷
22-02-2023
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)