• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, January 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

শিক্ষাবিদ, ভাষাবিদ টাবু ৰাম টাইড

ASSAMESE SECTION / Tabu Taid / Inspiration

by Gautam Sarmah
August 1, 2025
in ASSAMESE SECTION, Inspiration, News, PEOPLE OF ASSAM
Reading Time: 3 mins read
0
শিক্ষাবিদ, ভাষাবিদ টাবু ৰাম টাইড
Share on FacebookShare on TwitterShare on LinkedIn

শিক্ষাবিদ, ভাষাবিদ টাবু ৰাম টাইড

শিক্ষাবিদ, ভাষাবিদ টাবু ৰাম টাইড
টাবু টাইড

গৌতম শৰ্মা

Gautam Sarma 1
গৌতম শৰ্মা

১ আগষ্ট, অসম তথা উত্তৰ-পূব ভাৰতৰ শিক্ষা, সাহিত্য আৰু ভাষা-সংস্কৃতিৰ উত্তৰোত্তৰ দিশ দেখুৱাই যোৱা অধ্যাপক টাবুৰাম টাইড চমুকৈ টাবু টাইডৰ ৮৩ সংখ্যক জন্মদিন।

অসম তথা উত্তৰ-পূব ভাৰতৰ জনজাতীয় সমাজ, ভাষা, আৰু শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰত এক দীঘলীয়া সময়জুৰি যিজন ব্যক্তিয়ে এটি সূক্ষ্ম অথচ শক্তিশালী বৌদ্ধিক চেতনা গঢ়ি থৈ গ’ল, তেখেতেই আছিল অধ্যাপক টাবু টাইড। 

RelatedPosts

Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout

Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout

January 19, 2026
It’s Time the World Walked Together for Survival

It’s Time the World Walked Together for Survival

January 19, 2026
অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

January 19, 2026

এগৰাকী ভাষাতত্ববিদ, লেখক, শিক্ষাবিদ আৰু শিক্ষা-প্ৰশাসক হিচাপে জনপ্রিয় টাবু টাইডে মূলতঃ মিচিং ভাষাৰ সংৰক্ষণ আৰু উন্নয়নৰ প্ৰতি উল্লেখযোগ্য বৰঙণি আগবঢ়াই গৈছে। মিচিং লোক নৃত্য, গীত বাদ্য আদি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়া বাবেও এখেতে বহু চেষ্টা কৰিছিল।

মিচিং ভাষাৰ প্ৰতি এখেতৰ বৰঙণিক সন্মান জনাই মিচিং আগম কেবাঙে এখেতক ‘আগম মিগাং‘ বুলি বিভূষিত কৰিছিল। মিচিং জাতিৰ ভাষিক আৰু সাংস্কৃতিক পৰিচয় সংৰক্ষণ আৰু উন্নয়নত টাবু টাইডৰ অৱদান অনস্বীকাৰ্য। তেখেতেই নহেন্দ্ৰ পাদুনৰ সৈতে লগ হৈ ১৯৬৮ চনত গুৱাহাটীত মিচিং কেবাং নামৰ এক সংগঠনৰ স্থাপন কৰি মিচিং ভাষাৰ বাবে বিজ্ঞানসন্মত লিপিৰ বিকাশৰ দিশত গুৰুত্বপূর্ণ পদক্ষেপ লৈছিল।

মিচিং ভাষা সাহিত্য আৰু সংস্কৃতিৰ সুনিৰ্দিষ্ট সংগঠন হিচাপে ১৯৭২ চনত মিচিং আগম কেবাং নামৰ অনুষ্ঠানটো গঠন কৰা হৈছিল; য’ত তেখেত প্ৰথম সভাপতি হিচাপে ১৯৮০ চনলৈকে দায়িত্ব পালন কৰিছিল। এই সংগঠনৰ জৰিয়তেই অসমত প্ৰথমবাৰৰ বাবে প্ৰাথমিক শিক্ষাত মিচিং ভাষাৰ পাঠ অন্তৰ্ভুক্ত কৰা হৈছিল।

   ভাষাবিজ্ঞান, অনুবাদ, সাহিত্য সম্পাদনা আৰু শিক্ষাকেন্দ্ৰিক গৱেষণাৰ জৰিয়তে টাবু টাইডে মিচিং ভাষা চর্চাৰ ক্ষেত্ৰখনক গুৰুত্বপূৰ্ণভাৱে প্ৰসাৰিত কৰি তুলিছিল। তেখেতেই মিচিং ভাষাৰ ব্যাকৰণ আৰু অভিধান প্ৰণয়ন, সাধু পুথি সম্পাদনা আৰু বিভিন্ন কাকত-আলোচনীত ইংৰাজী, অসমীয়া আৰু মিচিং ভাষাত ভাষাটোৰ উন্নয়ন সম্পৰ্কে অসংখ্য প্ৰবন্ধ লিখি, প্ৰকাশ কৰি গৈছিল।

শিক্ষাবিদ, ভাষাবিদ টাবু ৰাম টাইড
টাবু টাইড

তেখেতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইংৰাজী ভাষা শিক্ষাৰ পাঠ্যক্ৰমৰ লগতে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ বাবে মিচিং ভাষা শিক্ষাৰ পাঠ্যক্ৰমো তৈয়াৰ কৰি দিছিল। তেখেতৰ দ্বাৰা প্ৰস্তুত আৰু সম্পাদিত গ্ৰন্থসমূহৰ ভিতৰত আছে Glimpses নামৰ ইংৰাজী প্ৰবন্ধ সংকলন, Missing Gomper Kumsung নামৰ মিচিং ভাষাৰ অভিধান, ৰঞ্জিত দেৱ গোস্বামীৰ সৈতে যৌথভাৱে সম্পাদনা কৰা Banikanta Kakati, the man and his works আৰু তৰুণ চন্দ্ৰ পামেগামৰ সৈতে সম্পাদিত Folksongs of the Misings আদি গ্ৰন্থবোৰ। ভাষা, শিক্ষা আৰু সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা তেখেতৰ এই অৱদান মিচিং জাতিৰ লগতে সমগ্ৰ অসমৰ সাংস্কৃতিক ঐতিহ্যৰো এক অমূল্য সম্পদ।

     তেখেতৰ জীৱনকালত বা মৃত্যুৰ পাছতো তেখেতৰ নাম আৰু কৰ্ম কেতিয়াও আশা কৰা ধৰণে বহুলভাবে উচ্চাৰিত নহ’লেও, তেখেতৰ চিন্তা, কৰ্ম আৰু নীতি-প্ৰয়োগৰ উদ্যমতা আজিও বিভিন্ন শিক্ষানীতিত, জনজাতীয় ভাষা-চৰ্চা আৰু সাহিত্যৰ অন্তঃশীল স্তৰসমূহত স্পন্দিত হৈ আছে। যিয়ে নিজৰ জনজাতীয় পৰিচয়ৰ ভিতৰত থিয় হৈ, মূল শিক্ষাধাৰাৰ সৈতে সংগতি স্থাপন কৰি নতুন এটি পথ দেখুৱাইছিল।

তেখেতৰ জীৱন কেৱল এজন লেখক বা শিক্ষাবিদ হিচাপেই সীমাবদ্ধ নাছিল, তেখেতে এখন উন্নয়নশীল সমাজৰ ভাষা, সংস্কৃতি আৰু সাহিত্যক চহকী কৰি আগবঢ়াই নিয়াৰ দায়িত্বকো মূৰ পাতি লৈছিল। বিশেষকৈ, অসম তথা উত্তৰ-পূবৰ শিক্ষা, ভাষা, জনগোষ্ঠীয় সংস্কৃতি আৰু নীতি-নিৰ্ধাৰণৰ ক্ষেত্ৰত টাবুৰাম টাইডৰ অৱদান আছিল অতুলনীয়।

তেখেতৰ কৰ্ম আৰু ত্যাগক বিচাৰ নকৰাকৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ উন্নয়নৰ কোনো সমীক্ষা সম্পূৰ্ণ হ’ব নহয়। আমাৰ এই সীমাবদ্ধ আলোচনাত আমি কেৱল তেখেতৰ জীৱনী নহয়, সময়, সমাজ, আৰু শিক্ষাৰ সৈতে তেখেতৰ আত্মিক সমন্বয়ক বুজিবলৈ যত্ন কৰিম।

     প্ৰথমতেই আমি তেখেতৰ শৈক্ষিক তথা ব্যক্তিগত জীৱনৰ বিষয়ে এটি আভাস প্ৰদান কৰিবলৈ যত্ন কৰিম। যি আভাসৰ সিপাৰে টাবু টাইডৰ উদ্যম আৰু বিচক্ষণতাৰ পৰিচয় ফুটি উঠিছে। উল্লেখ্য যে, ১৯৪২ চনৰ  আজিৰ এই দিনটোতেই লখিমপুৰ জিলাৰ ঘুণাসুঁতি আয়েঙ্গিয়াত টাবু টাইডৰ জন্ম হৈছিল।

তামনচুক প্রাথমিক বিদ্যালয়ত প্রাথমিক শিক্ষা লোৱাৰ পাছত ১৯৫১-৫৭ চনলৈ উত্তৰ লখিমপুৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ত তেখেতে শিক্ষাগ্রহণ কৰিছিল। ১৯৬৩ চনত তেখেতে ক’লকাতা বিদ্যালয়ৰ অধীনস্থ ৰামকৃষ্ণ মিচন মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত সন্মান সহ স্নাতক ডিগ্রী লাভ কৰে। ১৯৬৪ চনত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ হিন্দু মহাবিদ্যালয়ত নাম ভর্তি কৰিছিল।

শেষত, ১৯৬৬ চনত তেখেতে স্নাতকোত্তৰ ডিগ্রী লাভ কৰিবলৈ সক্ষম হয়। স্নাতকোত্তৰ ডিগ্ৰী লৈ ১৯৬৭ চনত টাবু টাইডে গুৱাহাটীৰ কটন মহাবিদ্যালয়ত প্রবক্তাৰ চাকৰিত সোমায়। কটন মহাবিদ্যালয়ত চাকৰি কৰি থকা অৱস্থাতেই তেখেতে বিদেশত শিক্ষা গ্রহণৰ বাবে এটা জলপানি লাভ কৰে।

ইয়াৰে সুবিধা লৈ তেখেতে বৃটেইনৰ ‘ইউনিভাৰচিটি অৱ ৰিডিঙ’ (University of Reading) ১৯৭৩-৭৪-পৰা প্রায়োগিক ভাষাতত্ত্বত পোষ্ট-গ্রেজুৱেট ডিপ্লোমা লয়। তদুপৰি তেখেতে ব্রিটিছ কাউঞ্চিল ফেল’শিপ কাৰ্যসূচীৰ অধীনত ১৯৮২ চনত ‘ইউনিভাৰচিটি অৱ লণ্ডন ইন্সিটিউট অব এডুকেচন’ৰ পৰা দূৰৱৰ্তী শিক্ষা (Distance Education) বিষয়ক এক চার্টিফিকেট পাঠ্যক্রম গ্রহণ কৰিবলৈ সক্ষম হৈছিল। 

    ১৯৭০ চনত টাবু টাইড কেন্দ্রীয় লোকসেৱা আয়োগৰ (UPSC) দ্বাৰা অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত ভাৰতীয় প্রশাসনীয় সেরা আৰু ভাৰতীয় বৈদেশিক সেৱাৰ বাবে বাছনিভুক্ত হৈছিল। আমি পোৱা তথ্য অনুসৰি, এনে সৰ্ব ভাৰতীয় পৰ্যায়ৰ সেৱাৰ বাবে বাছনিভূক্ত হোৱা তেখেতেই আছিল অসমৰ প্ৰথম জনজাতীয়মূলৰ যুৱক। কিন্তু স্বাস্থ্য পৰীক্ষাত উত্তীর্ণ হ’ব নোৱাৰি তেখেতে সেই পদবী নাপালে।

কটন মহাবিদ্যালয়খনত চৈধ্য বছৰ (১৯৬৭-৮১) সেৱা আগবঢ়োৱাৰ শেষত শিক্ষা বিভাগৰ উপ-সঞ্চালকৰ (Public Instruction) দায়িত্ব গ্রহণ কৰে। তেখেতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিভিন্ন পদবীত, যেনে (SCERT) সঞ্চালক, অসম মাধ্যমিক শিক্ষা পৰিষদৰ সঞ্চালক, উচ্চশিক্ষা বিভাগৰ সঞ্চালক, অসম মাধ্যমিক শিক্ষা পৰিষদৰ চেয়াৰমেন, ষ্টেট চিলেকচন বোর্ড (হায়াৰ এডুকেচন) ৰ চেয়াৰমেন আদি পদবীত কার্যনির্বাহ কৰিছিল।

তেখেতে ২০০০ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে যদিও ২০০৪ চনৰ ফেব্ৰুৱাৰিলৈ ষ্টেট চিলেকচন বোর্ড (হায়াৰ এডুকেচন)-ৰ চেয়াৰমেনৰ দায়িত্বত আছিল। টাবু টাইড ‘গুৱাহাটী বিশ্ববিদ্যালয়’ৰ শিক্ষায়তনিক পৰিষদৰো সদস্য আছিল। এনেকৈ এক বৃহৎ প্ৰশাসনিক ব্যৱস্থাৰ ভিতৰত তেখেতে নীতি নিৰ্মাণৰ ক্ষেত্ৰতো এক সবল নেতৃত্ব আগবঢ়াইছিল। যিবোৰৰ সুফল শিক্ষা ব্যৱস্থাৰ দিশ প্ৰদানকাৰী স্তম্ভ হিচাপে আজিও বিবেচিত। ইয়াৰ উপৰিও, তেখেতে  জনজাতিসকলৰ ভাষাৰ উন্নয়নৰ ক্ষেত্ৰত যি অৱদান আগবঢ়াই গৈছিল, সেয়াও অতিকৈ আদৰণীয়।

    মিচিং ভাষা, যিটো ভাষাৰ উন্নয়নৰ বাবে তেখেতে জীৱনৰ বহুত বেছি সময় ব্যয় কৰিছিল; টাইডে মিচিং ভাষা উন্নয়নৰ বাবে যিবোৰ কাম-কাজ হাতত লৈছিল সেইবোৰ কেৱল ভাষা উন্নয়নৰ কাম-কাজ নাছিল, যিবোৰ আছিল এটি জনগোষ্ঠীৰ অস্তিত্বৰ ৰক্ষাৰ যুদ্ধৰ শক্তিশালী একো-একোপাত সাংস্কৃতিক অস্ত্ৰ। টাবু টাইডে যিটো পৰিৱেশ আৰু পৰিসৰৰ পৰা আহিছিল, তাৰ পৰাই সেই জনগোষ্ঠীটোৰ সমস্যাবোৰ তেওঁ ভিতৰৰ পৰা দেখিছিল, বুজিছিল আৰু উপলব্ধি কৰিছিল।

নিজ ভাষাটোৰ সংকট, শিক্ষাৰ অভাৱ, সাংস্কৃতিক অস্পষ্টতা, এইবোৰৰ প্ৰতি তেখেতে সমাধান নহয়, এজন সু-চিন্তক হিচাপেও বাস্তৱ দায়িত্ব পালন কৰিবলৈ যত্ন কৰিছিল। তেখেতে কৈছিল, “ভাষা আমাৰ আত্মাৰ সৰগীয় সংগীত।” এই সংজ্ঞাৰ মাজতেই টাইড দেৱৰ ভাষাৰ প্ৰতি থকা আকুলতা ধৰা পৰিছিল।

তেখেতৰ দৃষ্টিত, ভাষা কোনো কৌশলগত উপাদান নহয়, ই এক অস্তিত্বগত প্ৰত্যয়।   টাবু টাইডৰ দৃষ্টিকোণ আছিল উদাৰ, বহুস্বৰ, আন্তঃসম্প্ৰদায়িক। তেখেতৰ চিন্তা বৰ্ণগত, জাতিগত, ধৰ্মগত বিভাজনৰ সিপাৰে অৱস্থান কৰিছিল। সেয়েহে, আজি তেখেতৰ স্মৃতি উদযাপন কৰাটোত নহয়, তেখেতৰ চিন্তাক আদৰ্শ হিচাপে ব্যৱহাৰ কৰাটোৱেই হৈছে অসমৰ সমাজ জীৱন উন্নয়নৰ যথার্থ পথ। 

    আজিৰ অসমত, য’ত শিক্ষাৰ মান ক্ষীণ, জনজাতীয় সংস্কৃতি সংকটত, আৰু ভাষা বৈচিত্র্যতাও বিপন্ন, তাত টাইডৰ কৰ্ম আৰু দৃষ্টিভংগীয়ে অতি প্ৰাসংগিক ৰূপত ধৰা দিছে। ভাষাবিদ, শিক্ষাবিদ, সাহিত্যিক টাবু টাইডৰ জীৱন এটি জীৱন্ত প্ৰশ্ন। য’ত বিচাৰ কৰাৰ প্ৰয়োজন আছে, ভাষা আৰু শিক্ষাৰ মাজত সহানুভূতিশীল সংযোগ কেনেদৰে সম্ভৱ?

তেখেতৰ প্ৰশাসনিক বিচক্ষণতা, লিখনিৰ শক্তি, আৰু শিক্ষামূলক সংগ্ৰামী মনোভাৱ, এইবোৰেই তেখেতক এখন আদৰ্শ সমাজৰ সপোন দেখা এটি ‘জনজাতি দৰ্শন’ৰ মুখ্য প্রতিনিধি হিচাপে গঢ়ি তুলিছিল। তেখেতৰ এই অৱদানক আজি কেৱল স্মৰণেৰে নহয়, তেখেতৰ চিন্তা আৰু আদৰ্শৰে অনুপ্ৰাণিত হৈ আগবাঢ়ি গ’লেহে টাবু টাইডৰ বৌদ্ধিক আৰু নৈতিক পদচিহ্ন সঠিকৰূপত সংৰক্ষণ হ’ব।

এখন সমাজে কিদৰে নিজৰ ভাষা, সংস্কৃতি আৰু শিক্ষাৰ মাজত আত্ম-সমালোচনামূলক সংহতি গঢ়ি তুলিব পাৰে, তাৰ এটি জীৱন্ত পাঠ আছিল টাবু টাইড। তেখেতে দেখুৱাই গৈছিল যে, যদি দৃষ্টিভংগীত উচ্চ, দূৰদৰ্শিতা আৰু আত্মবিশ্বাস থাকে, তেনেহলে সেই সমাজে নিজৰ ভাষা আৰু পৰিচয়ক লৈ আগবাঢ়ি যাব পাৰে।

তেখেতে লগতে শিক্ষা আৰু সাহিত্যক ব্যৱহাৰ কৰি সাংস্কৃতিক পুঁজি সংগ্ৰহ কৰিবলৈও চেষ্টা চলাইছিল। যিটো আজি অসমত বৌদ্ধিক জগতৰ আত্ম-বিশ্লেষণৰ অনুপস্থিতিৰ সময়ত অধিক প্ৰাসংগিক বিষয় হৈ পৰিছে। টাইডৰ দৃষ্টিভংগী আছিল এক মুক্ত সংলাপ। টাইডৰ মৃত্যুৰ পিছত, তেখেতৰ ওপৰত সৃষ্টি হোৱা স্মৃতি প্ৰতিষ্ঠানসমূহৰ মূল দায়িত্ব কেৱল তেখেতক সোঁৱৰণ কৰা নহয়, তেখেতৰ দৰ্শনক ছাত্ৰ, গৱেষক আৰু নীতি প্ৰণেতাসকলৰ মাজলৈও লৈ যোৱা।

    আজিৰ এই বিশেষ দিনটোৰ সৈতে সংগতি ৰাখি ধেমাজিৰ গোগামুখৰ তেখেতৰ সমাধিস্থল আবুতানি ক্ষেত্ৰত তেখেতৰ স্মৃতিত প্ৰতিষ্ঠিত ‘টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয়’ আৰু গ্ৰন্থাগাৰৰ উদ্বোধন কৰা হ’ব। আমি আশা কৰিম, উত্তৰ-পূবৰ জনজাতি উন্নয়ন পৰিক্ৰমা বিভাগৰ পুঁজিত নিৰ্মিত এই আধুনিক সংগ্ৰহালয়টোৰ লক্ষ্য কেৱল বস্তু সংৰক্ষণতেই সীমাবদ্ধ নহ’ব, ই হ’ব তেখেতৰ দৰ্শন, চিন্তা আৰু ভাষা-সাংস্কৃতিক কাম-কাজৰ চেতনা বিকাশৰো এক উৎকৃষ্ট কেন্দ্ৰ।

আমাৰ বাবে আৰু এটা সুখৰ খবৰ যে, তেখেতৰ স্মৃতিত আজি তিনিটি বিশেষ বঁটা প্ৰদান কৰাও হ’ব। যিসমূহ বঁটা এইবৰ্ষৰ বাবে লাভ কৰিব তিনিগৰাকী বিশিষ্ট সাহিত্যিকে; ক্ৰমে অৰুণাচল প্ৰদেশৰ য়েছে দৰজে ঠংচি ডাঙৰীয়াক টাবু টাইড সাহিত্য বঁটা, মিচিং ভাষাৰ লেখক ডাঃ বিদ্যেশ্বৰ দলেক টাবু টাইড মিচিং সাহিত্য বঁটা আৰু পংকজ কুমাৰ দত্তই উপন্যাস সম্রাট ৰজনীকান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটা। যিকেইটা ভাল খবৰে স্বাভাৱিকতেই আমাক যথেষ্ট উৎফুল্লিত কৰি তুলিছে।

তেখেতৰ স্মৃতিত ৰূপায়ন কৰিবলৈ লোৱা এনেধৰণৰ সাহিত্যিক আৰু সাংস্কৃতিক কাৰ্যসূচীসমূহে নিঃসন্দেহে টাইডৰ জীৱনৰ নীতি, আদৰ্শ, আৰু সাহিত্যিক দৃষ্টিভংগীক স্মৰণ কৰাৰ এক গুৰুত্বপূর্ণ সুযোগ আমাক প্ৰদান কৰিব।

কিন্তু ইয়াৰ সমান্তৰালভাবে টাইডৰ সমাজ বৈজ্ঞানিক চিন্তা, ভাষা-সাংস্কৃতিক চেতনাৰ লগতে অসম আৰু উত্তৰ-পূবৰ জাতি-জনগোষ্ঠীসমূহৰ জীৱন পদ্ধতিৰ প্ৰতি থকা তেখেতৰ সন্মানবোধক চিন্তা-চৰ্চাসমূহৰো এইসময়ত স্মৰণ আৰু উচিত মূল্যায়ন হোৱা উচিত। যি মুল্যায়নৰ ভেটিত আমি টাইড দেৱৰ মহান কৰ্মৰাজিৰ আদর্শৰে উদ্বুদ্ধ হৈ আগুৱাব পাৰিম।

শিক্ষাবিদ, ভাষাবিদ টাবু ৰাম টাইড

লেখকৰ ফোন: ৯৯৫৪০-০০২০০ (ঠিকনা: ইতিহাস বিষয়ৰ সহঃ অধ্যাপক, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, হোজাই )

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Gautam Sarmah

Gautam Sarmah

Related Posts

Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout
World

Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout

by PAHARI BARUAH
January 19, 2026
0

Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout PAHARI BARUAH The 2025–2026 Iranian protests, which...

Read moreDetails
It’s Time the World Walked Together for Survival

It’s Time the World Walked Together for Survival

January 19, 2026
অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

January 19, 2026
Perks of Leaving Your Hometown Behind

Perks of Leaving Your Hometown Behind

January 19, 2026
selective focus photography of magazines

Ignorance is the real drug!

January 18, 2026
শুদ্ধ মৌ!

শুদ্ধ মৌ!

January 18, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout

Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout

January 19, 2026
It’s Time the World Walked Together for Survival

It’s Time the World Walked Together for Survival

January 19, 2026
অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

January 19, 2026
Perks of Leaving Your Hometown Behind

Perks of Leaving Your Hometown Behind

January 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    20525 shares
    Share 8210 Tweet 5131
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    9734 shares
    Share 3894 Tweet 2434
  • Latest COVID data confirm infections have risen globally

    1760 shares
    Share 704 Tweet 440
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    3045 shares
    Share 1218 Tweet 761
  • কামেশ্বৰ দাস: সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা

    224 shares
    Share 90 Tweet 56
  • Jesus Christ: Looking through the Lens of History

    102 shares
    Share 41 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3369 shares
    Share 1348 Tweet 842
  • Dr Purnima Devi Barman Among Mad Over Marketing’s Most Impactful Women of 2025

    90 shares
    Share 36 Tweet 23
  • Deliceto: a village as a living being

    84 shares
    Share 34 Tweet 21
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3462 shares
    Share 1385 Tweet 866
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d