শিক্ষাবিদ- সাংবাদিক হাউলীৰ কমল চন্দ্ৰ বায়ন
যুগান্ত বায়ন

শিক্ষাবিদ- সাংবাদিক হাউলীৰ কমল চন্দ্ৰ বায়নৰ মৃত্যু তিথিত একাজলি শ্ৰদ্ধাঞ্জলি
অসমীয়া আৰু হিন্দী ভাষাত সাহিত্য চৰ্চা কৰা বিশিষ্ট কথাশিল্পী, হিন্দী অসমীয়া অভিধান প্ৰণেতা, বিশিষ্ট শিক্ষাবিদ, প্ৰবীন সাংবাদিক, লেখক বৰপেটা জিলাৰ হাউলী নিবাসী কমল চন্দ্ৰ বায়নৰ ২০১৮ চনৰ আজিৰ দিনটোতে বিয়লি ৩- ৪০ বজাত নিজ বাসগৃহত বাৰ্ধক্যজনিত ৰোগত পৰলোক হৈছিল ৷
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ ৷ ১৯৩৩ চনৰ পহিলা জানুৱাৰীত বৰপেটা জিলাৰ জনীয়া সত্ৰত পিতৃ ধৰণীধৰ বায়ন আৰু মাতৃ কনকলতা বায়নৰ ঔৰসত জন্ম গ্ৰহণ কৰা বায়নে জনীয়া প্ৰাৰ্থমিক বিদ্যালয়ত স্কুলীয়া জীৱন আৰম্ভ কৰি বৰপেটা বিদ্যাপীঠৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ আগ্ৰাত অখিল ভাৰতীয় হিন্দী পৰিষদৰ অধীনত সাহিত্যৰত্ন আৰু পাৰংগত ডিগ্ৰী লাভ কৰে ৷
১৯৬১ চনত ধুবুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হিন্দীৰ বিষয় শিক্ষক হিচাপে যোগদান কৰি যথাক্ৰমে মাণিকপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ১৯৯৩ চনৰ ৩১ জানুৱাৰীত হাউলীৰ নৰ্মাল স্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷
বায়নে হিন্দী বাতৰি কাকত ক্ৰমে ” হিন্দী চেণ্টিনেল“, “ ধৰ্মযুগ ” ,” দৈনিক বিশ্বামিত্ৰ ” , ” ব্লিজ” ৰ উপৰি অসমীয়া বাতৰি কাকত ” দৈনিক অগ্ৰদূত” আৰু “আজিৰ অসম ” কাকতত হাউলীৰ পৰা সেৱা আগবঢ়াইছিল ৷
ৰাষ্ট্ৰভাষা বঁটাৰে সন্মানিত বায়নে হিন্দীত “শংকৰদেৱ কে বৰগীত ” , “মনীদুৰ অসম ” , আৰু হিন্দী অসমীয়া অভিধান ৰচনা কৰাৰ উপৰি অসমীয়াত ” মোৰ ৰচনা সম্ভাৰ “, “নবীন প্ৰজন্মৰ আস্থা আৰু বিশ্বাস”, ” শিক্ষা আৰু আধুনিকতাৰ?? সংঘাত”, ” প্ৰিয়া – পত্নী “, “জনিয়া সত্ৰৰ ইতিবৃ্ত্ত”, ” শংকৰ তাকেৰি অংশ “আৰু ৰাজধানী দিল্লীৰ ইতিহাস গ্ৰন্থৰে অসমীয়া আৰু হিন্দী সাহিত্যৰ ভড়াল চহকী কৰি থৈ গৈছে।
তেওঁ হাউলী প্ৰেছ ক্লাব, হাউলী সাহিত্য সভা আৰু হাউলী ৰঙালী বিহু সন্মিলনৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি হাউলীৰ সামাজিক-সাংস্কৃতিক উত্তৰণৰ ক্ষেত্ৰত বহুতো অৰিহণা আগবঢ়াই গৈছে। তেওঁ কেইবাবাৰো হাউলী ৰাস মহোৎসৱৰ স্মৰণিকা “মূৰুৰী”ৰ সম্পাদনা সমিতিৰ উপদেষ্টা হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।
তেওঁ ৭০ৰ দশকতে বৰপেটা সত্ৰৰ ইতিহাসক আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ হিন্দী শাখাৰ যোগেদি হিন্দী ভাষাত সমগ্ৰ ৰাষ্ট্ৰ জুৰি প্ৰচাৰ কৰিছিল। তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ হিন্দী অনুষ্ঠানৰ নিয়মীয়া লেখক হিচাপে পৰিচিত আছিল।

আজি পঞ্চম বাৰ্ষিক মৃত্যু তিথিত তেখেতক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ।
( যুগান্ত বায়ন আৰু পৰিয়াল বৰ্গ)
27-10-2023
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)