শিক্ষাৰ মাধ্যম, মাতৃভাষা আৰু ইংৰাজী
সঞ্জীৱ কুমাৰ নাথ
ভাষা আৰু শিক্ষাৰ মাধ্যম : শিক্ষাৰ সতে জড়িত সকলো পণ্ডিত, জ্ঞানী লোকে কয় যে শিশুৰ বাবে মাতৃভাষাই শিক্ষণৰ শ্রেষ্ঠ মাধ্যম।
সংযুক্ত ৰাষ্ট্রসংঘৰ মতেও সকলো দেশ, জাতিৰ শিশুৱে নিজৰ মাতৃভাষাত শিক্ষা গ্রহণ কৰিবলৈ পোৱাতোৱেই তেওঁলোকোৰ বাবে মঙ্গল। মাতৃভাষাত শিক্ষা গ্রহণ কৰিলে শিশুৱে সহজে বুজে, বুজা কথা মনত ৰাখে, আৰু প্রয়োজন অনুযায়ী উচিত উত্তৰ দিব পাৰে বা নিজৰ জ্ঞানৰ পৰিচয় দিব পাৰে।
সৰুকালত মাতৃভাষা ভালদ’ৰে শিকিবলৈ, অধ্যয়ন কৰিবলৈ পোৱা লোকৰ চিন্তা কৰিব পৰা শক্তি বাঢ়ে; মৌলিক চিন্তাৰ উপাদানবোৰ মানুহে মাতৃভাষাৰ পৰাই শিকে। এক কথাত ক’বলৈ গ’লে, শিশুৰ বাবে মাতৃভাষা মাতৃদুগ্ধ সম। শিশুক মাতৃভাষাত শিক্ষা নিদি অন্য ভাষাত দিয়াতো স্বাস্থ্যৱতী মাকৰ গাখীৰ নুখুৱাই কৃত্রিম আহাৰ খুউৱাৰ দ’ৰে কথা।
ইংৰাজী ভাষাৰ গুৰুত্ব : আজিৰ পৃথিৱীত ইংৰাজী ভাষাৰ গুৰুত্বৰ বিষয়ে বোধকৰো কাকো বুজাব নালাগে। ঔপনিবেশিক ইংৰাজ শাসনৰ বাবে বিশ্বৰ বিভিন্ন প্রান্তত বিয়পি পৰা এই ভাষাটোৰ প্রতি অনেকৰ বিদ্বেষ আছে, কিন্তু ইংৰাজী ভালদ’ৰে জনাৰ সুবিধাবোৰ কোনেও নুই কৰিব নোৱাৰে।
আফ্রিকাৰ কেনিয়াৰ লেখক ঙুগি ৱা থিয়ংগ’ই প্রথমে ইংৰাজীতেই লিখিবলৈ লৈছিল যদিও পিছত ঔপনিবেশিকৰ ভাষা বুলি তেওঁ ইংৰাজীত লিখা বাদ দিলে আৰু নিজৰ মাতৃভাষা কিক্যুত লিখিবলৈ ধৰিলে, কিন্তু তেওঁৰ প্রতিখন কিক্যু কিতাপ হয় তেওঁ নিজে ইংৰাজীলৈ অনুবাদ কৰে, নহয় আন কাৰোবাৰ হতুৱাই তাৰ অনুবাদ কৰোৱাই। অর্থাত তেওঁৰ কিতাপ এখন ইংৰাজীত প্রকাশ হ’লে তাৰ পৰা যিবোৰ লাভ হয় (অধিক ধন, অধিক পঢ়ুৱৈ) সেইবোৰ কিন্তু তেওঁক লাগে।
চীন দেশত আজি ইংৰাজী শিক্ষকৰ বিৰাট চাহিদা কাৰণ বিশ্বৰ বজাৰত চীনে যিধৰণৰ আগভাগ ল’ব বিচাৰে, তাৰ বাবে ইংৰাজীৰ জ্ঞান অপৰিহার্য। নিজৰ সভ্যতা, সংস্কৃতি, ভাষাৰ প্রতি গভীৰ শ্রদ্ধাৰ বাবে জনাজাত জাপানী সকলে সকলো কামতে নিজৰ ভাষাৰেই ব্যৱহাৰ কৰে, আন্ত:ৰাষ্ট্রীয় সভাতো জাপানী ভাষাৰ ব্যৱহাৰ কৰে, কিন্তু তেওঁলোকে ইংৰাজী আৰু অন্য ইউৰোপীয় ভাষাৰো প্রয়োজনমতে সুন্দৰকৈ ব্যৱহাৰ কৰে।
কৃষ্ণকান্ত সন্দিকৈয়ে তেওঁৰ অসমীয়া ৰচনা “অনুবাদৰ কথা”ত জাপানী সকলে ওলণ্ডাজ আদি ইউৰোপীয় ভাষাৰ পৰা কিদ’ৰে অজস্র বিজ্ঞান-প্রযুক্তিৰ কিতাপ জাপানী ভাষালৈ অনুবাদ কৰি আধুনিক জাপান গঢ়িছিল তাৰ বর্ণনা দিছে।
জাপানী সকলে তেওঁলোকৰ ভাষাত আধুনিক বিজ্ঞান-প্রযুক্তিৰ শিক্ষা সম্ভৱ নহ’ব বুলি কেতিয়াও সন্দেহ কৰা নাছিল, বৰঞ্চ জাপানী ভাষাতহে আধুনিক বিজ্ঞান-প্রযুক্তিৰ প্রচাৰ আৰু শিক্ষাৰ ব্যৱস্থা কৰিছিল।
ইংৰাজীৰ গুৰুত্ব আৰু ইংৰাজীৰ বোজা : আমাৰ নিজৰ দেশতো ইংৰাজীৰ গুৰুত্ব মুঠেই নুই কৰিব নোৱাৰি।
সংবিধান প্রনেতা সকলে প্রথমে কেৱল ১৫ বছৰৰ বাবে প্রয়োজন সাপেক্ষে ভাৰতত চৰকাৰী কাম-কাজত হিন্দীৰ লগতে ইংৰাজীৰ ব্যৱহাৰৰ পোষকতা কৰিছিল, কিন্তু ১৫ বছৰৰ পিছত কেৱল হিন্দীকেই সেই মর্যদা দিবলৈ লোৱাত দক্ষিণ ভাৰতত, আৰু কিছু পৰিমাণে উত্ত-পূব ভাৰততো সেই সিদ্ধান্তৰ বিৰুদ্ধে এক প্রকাৰৰ বিদ্রোহ হ’ল।
ফলত চৰকাৰী কাম-কাযৰ বাবে ইংৰাজীৰ প্রচলন থাকি গ’ল। অ-হিন্দী অনেক ভাৰতীয়ৰ বাবে হিন্দীতকৈ ইংৰাজী বেছি neutral; বহুতে ভাবে যে আন আন আধুনিক ভাৰতীয় ভাষা বোৰৰ মাজৰে এটা ভাষা হিন্দীক বিশেষ মর্যদা দিয়াটো গ্রহন যোগ্য নহয়। বিশ্বৰ অতি বৃহৎ ভাষাবোৰৰ মাজৰ এটা ভাষা হিন্দীৰ ব্যৱহাৰ আৰু প্রচাৰ বেয়া কথা নহয়, কিন্তু ভাৰতৰ সৰু ভাষাবোৰক একাষৰীয়া কৰাৰ নীতি সকলোৰে বাবে গ্রহনযোগ্য নহয়।
এনেবোৰ কাৰণতো ভাৰতত ইংৰাজীৰ গুৰুত্ব সদায় থাকিব বুলিয়েই ক’ব পাৰি। আফ্রিকাৰ কেবাখনো দেশত ইংৰাজীহে “ৰাষ্ট্র-ভাষা”, সেইদেশবোৰত প্রচলিত কোনো আফ্রিকীয় ভাষা নহয় কাৰণ বেছিভাগ আফ্রিকীয় লোকে ইংৰাজীক (বা আফ্রিকাত প্রচলিত অন্য ইওৰোপীয় ভাষাবোৰক)এক প্রকাৰে neutral lingua franca বুলি মানে।
গ্রন্থাগাৰৰ ভাষা হিচাপেও ভাৰতত ইংৰাজীৰ এটা সুকীয়া স্থান আছে। কিন্তু ইংৰাজীৰ গুৰুত্ব বুজি ইংৰাজী শিকা, শিকোৱা এটা কথা, আৰু শিশুক ইংৰাজীৰ বোজা দিয়াতো সম্পূর্ণ বেলেগ কথা। গণিত আৰু বিজ্ঞান ইংৰাজীত শিকাই অন্য বিষয় সমূহ মাতৃভাষাত শিকোৱা মানে শিক্ষক আৰু শিশু দুয়োকে অপ্রয়োজনীয় বোজাৰে কোঙা কৰা। গণিত, বিজ্ঞান ইংৰাজীত পঢ়িবলৈ যিধৰণৰ ইংৰাজী-জ্ঞানৰ প্রয়োজন হ’ব, সেয়া আহৰণ কৰাৰ কি ব্যৱস্থা কৰা হৈছে?
শিক্ষা-বর্ষটোত কণ-কণ ছাত্র-ছাত্রীহঁতে কেতিয়া গণিত, ইংৰাজী পঢ়িব পৰাকৈ ইংৰাজীৰ বিশেষ জ্ঞান আহৰণ কৰিব আৰু কেতিয়া বিষয় কেইটা পঢ়িব?
সৰু ল’ৰা-ছোৱালীৰ বিভিন্ন ভাষা শিকিব পৰা ক্ষমতা থাকে (আৰু সেই ক্ষমতাৰ আঁৰতো আছে তেওঁলোকৰ প্রথম ভাষা, অর্থাত মাতৃভাষাৰ অৱদান), কিন্তু ভাষা শিক্ষাৰ যিবোৰ নিয়ম-নীতি আছে, সেইবোৰ মানি যদি তেওঁলোকক মাতৃভাষাৰ ওপৰিও ইংৰাজী শিকাবলৈ লোৱা হয় তেন্তে কিমান বছৰ বয়সত কোনবোৰ কথা (ইংৰাজী ভাষাৰ কৌশল) শিকোৱা যায় সেইবোৰ চাইচিতি তেওঁলোকৰ সম্পুর্ণ পাঠ্যক্রম সলনি কৰিব লাগিব।
আৰু ভালদ’ৰে প্রশিক্ষিত শিক্ষকেহে এই কাম কৰিব পাৰিব। অর্থাত ইংৰাজী শিকাৰ লাভ আমাৰ কণ-কণ শিশু সকলক দিব বিছাৰিলে সেই কাম শুদ্ধ ধৰণেৰে কৰিব লাগিব আৰু ভালদ’ৰে পৰিকল্পনা কৰিহে কৰিব পৰা যাব।
ভাষাৰ মৃত্যু : ভাষা এটা জীয়াই থাকিবলৈ আৰু সুস্থ, সবল হৈ থাকিবলৈ তাৰ ব্যৱহাৰ হৈ থাকিব লাগিব—জীৱনৰ সকলো ক্ষেত্রতে। একোটা নির্দিষ্ট ক্ষেত্রত ভাষা এটাৰ ব্যৱহাৰ নোহোৱা মানে ভাষাটোৰ ব্যৱহাৰৰ ক্ষেত্রখন সংকুচিত হোৱা, আৰু এনে সংকোচনৰ ফলত ক্রমাত ভাষাটো মৃত্যুৰ ফালে গতি কৰে।
সকলো ক্ষেত্রতে ব্যৱহাৰ হোৱা, সকলোৱে ব্যৱহাৰ কৰা এটা ডাঙৰ ভাষাৰ প্রভাৱত সৰু ভাষা এটাৰ এইদ’ৰে মৃত্যু হয়, আৰু কেৱল ইংৰাজী ভাষাৰ প্রভাৱত বিশ্বত এতিয়ালৈকে ইমানবোৰ ভাষাৰ মৃত্যু হৈছে যে অনেকে ইংৰাজীক স্বজাতি ভক্ষক ভাষা (cannibal language) বুলি কয়। সৰু ভাষা মানে তলখাপৰ ভাষা নহয়, ডাঙৰ ভাষা মানে বেচি উন্নত ভাষা নহয়।
কম মানুহে ব্যৱহাৰ কৰা ভাষা সৰু, বেছি মানুহে ব্যৱহাৰ কৰা ভাষা ডাঙৰ। প্রতিটো সৰু-ডাঙৰ ভাষাৰে নিজৰ বৈশিষ্ট থাকে। প্রতিটো ভাষাৰে নিজৰ উৎপত্তি স্থলৰ ভূগোল-সমাজ-কলা আদিৰ সৈতে নিবিড় সম্বন্ধ থাকে। বৰফাবৃত ঠাইত বাস কৰা এস্কিমো সকলৰ ভাষাত “বগা” ৰং বুজুৱা শব্দ যিমান আছে, বোধকৰো অন্য কোনো ভাষাত নাই।
খাল, বিল, ডোঙা, নিজৰা, পুখুৰী, নদ, নদীৰে ভৰা অসমৰ অসমীয়া ভাষাত এনে water bodies বুজুৱা যিমান শব্দ আছে, আন বহুত ভাষাত নাই।
ক্ষুদ্র, জনজাতীয় ভাষা একোটাত এনেকুৱা একোটা শব্দ থাকিব পাৰে যাৰ প্রতিশব্দ ক’তো বিচাৰি পাবলৈ নাই। আমাৰ শুৱনী অসমীয়াৰো নিজৰ অনেক বৈশিষ্ট; কিন্তু অসমীয়াৰ লগতে আমাৰ ইয়াত আছে বিশ্বৰ অতি ডাঙৰ ভাষাবোৰৰ তিনিটা ভাষা : ইংৰাজী, হিন্দী আৰু বাংলা।
এনে পৰিস্হিতিত অসমীয়া ভাষা জীয়াই থাকিবলৈ হ’লে জীৱনৰ সকলো ক্ষেত্রতে ভাষাটোৰ ব্যৱহাৰ হ’ব লাগিব। দুটা বিষয় অসমীয়াত নপঢ়ুৱাব বিচৰা মানে অসমীয়াৰ সংকোচন ঘটোৱা। সংকোচনৰ শেষ পৰিনতি মৃত্যু। আমাৰ উত্তৰ-পূর্বাঞ্চলতে অনেক সৰু ভাষাই ইতিমধ্যেই এই পৃথিৱীৰ পৰা চিৰ বিদায় মাগিছে।
ভাষাবিদ সকলে কয় যে মাত্র তিনিটা পুৰুষতে এটা ভাষা শেষ হৈ যাব পাৰে : মাক দেউতাকে নিজৰ ভাষাটো ঘৰত ব্যৱহাৰ কৰে কিন্তু ল’ৰা ছোৱালীক ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ পঠায়; ল’ৰা ছোৱালীহ’তে লাহে লাহে বিদ্যালয়ৰ ওপৰি নিজৰ মাজতো ইংৰাজীতেই কথা ক’বলৈ লয়, আৰু তেওঁলোক যেতিয়া ডাঙৰ হ’ব আৰু তেওঁলোকৰো ল’ৰা ছোৱালী হ’ব, তেতিয়া সেই ল’ৰা ছোৱালীয়ে সকলো ঠাইতে কেৱল ইংৰাজীহে ব্যৱহাৰ কৰিব।
এইদ’ৰে তেওঁলোকে নিজৰ ভষাটোক নিজেই মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে।
কিন্তু অসমীয়াৰ এনে অৱস্থা হ’ব পাৰে নে?
কেৱল চৰকাৰক দোষ দি লাভ নাই। অসমীয়া শিশু এটাক তাৰ নামটো সোধক। সি মাক-দেউতাকে শিকাই দিয়া মতে তপৰাই উত্তৰ দিব: My name is ……
মাক-দেউতাকৰ মনৰ ক’ৰবাত এটা ধাৰণা আছে যে অনণমান হ’লেও তাৰ মুখেৰে ইংৰাজী উলিয়াব পাৰিলে বৰ ভাল হ’ব। তাক ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ পঠোৱাৰ পিছত আকৌ বাহাদুৰী কৰিব, “আমাৰ ই অসমীয়া বৰ টান পায়, ইংৰাজীহে পাৰে।”
বিখ্যাত ইংৰাজ ভাষাবিদ ডেভিদ কৃস্তেলে এবাৰ নাইজেৰিয়াত সাতোটামান আফ্রিকীয় ভাষা জনা এজন টেক্সি চালকক লগ পাইছিল। কথাৰ মাজত তেওঁক টেক্সি চালকে ক’লে যে তেওঁ কিন্তু নিজে জনা সেই আফ্রিকীয় ভাষাবোৰ নিজৰ ল’ৰা-ছোৱালীহঁতক শিকোৱা নাই; তেওঁ চেষ্টা কৰিছে অধিক পৰিশ্রম কৰি, টকা ঘটি সিহঁতক ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ পঠাবলৈ। তেওঁ নিজৰ আফ্রিকীয় ভাষাকেইটাৰ মূল্য বুজি নাপায়। তেওঁ ভাবে যে কেৱল ইংৰাজী শিকিলেই তেওঁৰ ল’ৰা ছোৱালীয়ে উন্নতি কৰিব পাৰিব।
ইংৰাজী বা অন্য কোনো ভাষাক বেছি উন্নত বা বেছি ভাল বুলি ভবাতো ভাষাবিজ্ঞানৰ মতে সম্পূর্ণ ভুল।
ইংৰাজীৰ জ্ঞান আজিৰ পৃথিৱীত অপৰিহার্য, কিন্তু শিশুক ইংৰাজী শিকাবলৈ খুব সুন্দৰ, নিখুঁট পৰিকল্পনাৰ প্রয়োজন। সৰুতে নিজৰ ভাষা ভাল দ’ৰে শিকিবলৈ পোৱা লোকে ভালদ’ৰে চিন্তা কৰিব পৰা ক্ষমতা আহৰণ কৰে, আৰু মাতৃভাষাত শিক্ষা গ্রহণ কৰিলে সকলো ফালৰ পৰাই শিশুৰ লাভ বুলি বিশ্বৰ আগশাৰীৰ পণ্ডিত সকলে কয়।
এটা প্রাচীন গ্রীক সাধু : প্রক্রাস্তেছৰ সাধু। প্রক্রাস্তেছে আলহী মাতি আনি হেনো এখন লোহাৰ বিছনাত শুবলৈ দিয়ে। আলহী যদি বিছনাতকৈ চুটি হয়, তেন্তে প্রক্রাস্তেছে আলহীক টানি টানি বিছনাৰ সমান দীঘল কৰি দিয়ে, আৰু যদি আলহী বিছনাতকৈ বেছি দীঘল, তেন্তে প্রক্রাস্তেছে আলহীৰ ভৰি কাটি বিছনাৰ সমান কৰি দিয়ে।
শিক্ষাৰ উন্নতি সাধিবলৈ হ’লে প্রথমে বুজিব লাগিব ভুল ক’ত হৈছে, শুধৰণিৰ ক’ত প্রয়োজন আছে; কিন্তু শুধৰণি কৰোঁতে প্রক্রাস্তেছক অনুকৰণ কৰিলে নহ’ব।
কৰিলে “শুধৰণি”হে বেছি ডাঙৰ ভুল হ’ব।
[সঞ্জীৱ কুমাৰ নাথ, ইংৰাজী বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, Mobile: 9476527719]
[Images from different sources]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)