শিক্ষাৰ ৰূপান্তৰত শিক্ষক
পৰেশ বৈশ্য

মানৱ সম্পদ গঢ়াৰ খনিকৰ হিচাপে সমাজত শিক্ষকসকল সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ।
সমাজত আন যিমানবোৰ বৃত্তিধাৰী লোক আছে সেই সকলোবোৰ শিক্ষকৰ হাতৰ পৰশত সৃষ্ট।
মানৱ সভ্যতাৰ বিকাশৰ সেতু শিক্ষকসকলেই নিৰ্মাণ কৰে। আধুনিক বিশ্বত শিক্ষকতা বৃত্তিৰ পৰিধিৰ প্ৰসাৰতা বৃদ্ধি পাইছে। আধুনিক প্ৰযুক্তিৰ ব্যাপক প্ৰসাৰতাই যিদৰে আন বৃত্তিৰ লোকৰ প্ৰতি প্ৰত্যাহ্বান আনিছে, সেইদৰে শিক্ষকতা বৃত্তিও অধিক গতিশীল হোৱাৰ সময় আহি পৰিছে।
পূৰ্বৰ চক, বোৰ্ড আৰু পাঠ্যপুথিৰ জৰিয়তে শিক্ষা দিয়াৰ দিন ক্ৰমাৎ উকলি আহিব ধৰিছে। ডিজিটেল যুগত কৃত্ৰিম বুদ্ধিমত্তাই শিক্ষকৰ স্থান দখল কৰিবলৈ সাজু হৈছে। উদ্যোগ নীতি নিৰ্ভৰশীল শিক্ষা ব্যৱস্থাই ঔদ্যোগিক বিকাশৰ লগে লগে পাঠ্যপুথি, পাঠ্যক্ৰম আদিত অভাৱনীয় পৰিবৰ্তন আহিছে। ফলত পৰম্পৰাগত শিক্ষাৰ ৰূপান্তৰৰ এক আন্দোলন আৰম্ভ হৈছে।
আধুনিক বিশ্বৰ শিক্ষা ব্যৱস্থাত শিক্ষক হ’বলৈ হলে শিক্ষকতা বৃত্তিৰ মানসিকতা, চিন্তা -চেতনা আৰু বৃত্তিগত উৎকৰ্ষতাৰ উত্তৰণ আৱশ্যকীয়। ২০২২ বৰ্ষৰ বিশ্ব শিক্ষক দিৱসত ” শিক্ষাৰ ৰূপান্তৰত শিক্ষক” শীৰ্ষক বিষয়টোৱে মুখ্য স্থান পাইছে। আনকি ৰাষ্ট্ৰসংঘৰ Education:2030 শীৰ্ষক এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাতো এই বিষয়টোৱে অধিক গুৰুত্ব পায়।
আধুনিক বিশ্বৰ বাবে শিক্ষকসকলক প্ৰস্তুত কৰি তুলিবলৈ হ’লে শিক্ষকৰ বাবে প্ৰত্যেক ৰাষ্ট্ৰৰ এক সংহত শিক্ষক নীতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
বিশেষকৈ শিক্ষকৰ Service Condition উন্নীতকৰণ অবিহনে ইস্পিত লক্ষ্যত উপনীত হোৱাত যে হেঙাৰ হ’ব, সেই কথা বিশ্বজুৰি উপলব্ধি কৰিছে। সমান্তৰালভাৱে শিক্ষাৰ ৰূপান্তৰৰ বাবে শিক্ষানীতি, শিক্ষা বাজেট আদি দিশবোৰত শিক্ষকৰ অংশীদাৰিত্বত গুৰুত্ব দিয়া হৈছে।

শিক্ষাৰ ৰূপান্তৰৰ বাবে শ্ৰম, বিত্ত আৰু শিক্ষা বিভাগৰ এক ষ্টাক ফোৰ্চৰ যে প্ৰয়োজন সেই দিশটোও বিশ্বৰ শিক্ষাবিদ সকলে আন্তঃৰাষ্ট্ৰীয় মঞ্চত উত্থাপন কৰা দেখা গৈছে। মনস্তাত্বিক গুণসম্পন্ন শিক্ষকৰ দ্বাৰা গঠিত শিক্ষকৰ সংগঠনসমূহৰ গণতান্ত্ৰিক চিন্তা- চেতনাক শ্ৰদ্ধা জনোৱাটো যে ৰাষ্ট্ৰৰ প্ৰয়োজন এই দিশটোও শিক্ষাৰ ৰূপান্তৰত গুৰুত্ব দিব বিচাৰিছে।
শিক্ষককে কেৱল অধিকাৰক প্ৰাধান্য নিদি সামাজিক দায়বদ্ধতাক প্ৰথম স্থানত ৰখাৰ বাবে শিক্ষক সমাজে আত্ম- মন্থন কৰাৰ যে প্ৰয়োজনীয়তা আছে, তেনেবোৰ কথাও শিক্ষাৰ ৰূপান্তৰত অমোঘ শক্তি হিচাপে কাম কৰিব পাৰে।
শিক্ষকৰ চাকৰিৰ বাবে কেৱল প্ৰচলিত বিষয়ৰ স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী আৰু বিএড ডিগ্ৰীৰ আধাৰত শিক্ষক নিযুক্তিৰ ধাৰণা সলনি কৰি ইয়াৰ লগত শিক্ষকৰ পদত বাচনি হ’বলৈ অন্ততঃ ডিজিটেল শিক্ষাৰ দক্ষতা নিৰূপণ কৰিব পৰা প্ৰমাণ পত্ৰ আৰু ব্যৱহাৰিক জ্ঞানৰ অধিকাৰীকহে শিক্ষকতা বৃত্তিত নিয়োগ কৰাৰ সপক্ষে আন্তঃৰাষ্ট্ৰীয় ঐক্য প্ৰদৰ্শন কৰাটো মনকৰিবলগীয়া।
শিক্ষকে পাঠ্যক্ৰম নিৰূপণ,শিকন কৌশল নিৰ্ধাৰণ, মুক্ত চিন্তা কৰাৰ স্বাধীনতা পোৱাৰ জৰিয়তেহে যে শিক্ষাৰ ৰূপান্তৰৰ ঘটিব সেই চিন্তাও উদ্ভাসিত হৈছে।

শিক্ষাৰ ৰূপাংকণত যুগ- সাপেক্ষ পাঠ্যপুথি আৰু পাঠ্যক্ৰম প্ৰস্তুত, শ্ৰেণীকোঠাৰ বাহিৰত থকা জ্ঞান আহৰণৰ বিশাল ক্ষেত্ৰসমূহৰ চিনাক্তকৰণৰ জৰিয়তে শিক্ষাৰ্থীক ব্যৱহাৰিক আৰু জীৱনমুখী শিক্ষা আহৰণৰ পথ প্ৰশস্ত কৰাৰ ওপৰতো শিক্ষাৰ ৰূপান্তৰ বহু পৰিমাণে নিৰ্ভৰশীল।
এই গধুৰ দায়িত্ব কান্ধ পাতি ল’বলৈ শিক্ষকসকল মানসিকভাবে প্ৰস্তুত হ’ব লাগিব।
ছাত্ৰক নিজৰ পছন্দৰ বিষয় অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰা, বিশ্বৰ ভৱিষ্যতমুখী যাত্ৰাৰ চেতনা ছাত্ৰৰ মাজত জাগ্ৰত কৰিবলৈ শিক্ষকে নিজকে দক্ষ কৰি তুলিব লাগিব। শিক্ষাৰ্থীৰ মন মগজুক নতুন চিন্তাৰ পৰিবেশ দিয়াত শিক্ষকে মাৰ্গক হিচাপে সেৱা আগবঢ়াব লাগিব। আজিৰ ঔদ্যোগিক নীতিয়ে মানৱকুলক প্ৰয়োজনীয় সেৱাসমূহ সহজলভ্য কৰাৰ দিশত অধিক গুৰুত্ব দিবলৈ লৈছে।
তাৰ বাবে মানৱীয় সমস্যাসমূহ অনুধাৱনৰ শক্তি আহৰণ কৰি তাক সুবিবেচিত চিন্তাৰ( Critical thinking) জৰিয়তে তাক সমাধানৰ বাবে প্ৰয়োজন হোৱা মানৱ সম্পদ শিক্ষানুষ্ঠানে গঢ়িব নোৱাৰিলে, তেনে শিক্ষানুষ্ঠান অপ্ৰাসংগিক হৈ পৰিব। তাৰ বাবে শিক্ষকসকল জবাবদিহি হ’ব লাগিব।

শিক্ষকে নিজৰ প্ৰয়াস ছাত্ৰৰ ওপৰত জাপি দি ছাত্ৰক নিয়ন্ত্ৰণত ৰখাৰ মানসিকতা পৰিহাৰ কৰি ছাত্ৰৰ চিন্তা-চেতনাক শ্ৰদ্ধা জনাবলৈ আন্তৰিকতা প্ৰদৰ্শন কৰিবলৈ সাজু হ’ব লাগিব।
সমাজত থকা প্ৰতিভাধৰসকলৰ লগত বা সামাজিক পৰিবৰ্তনৰ হকে সেৱা আগবঢ়োৱা বা চিন্তা কৰাসকলৰ লগত শিক্ষকে নিৰবিচ্ছিন্নভাৱে মত বিনিময়ৰ জৰিয়তে নিজৰ শৈক্ষিক দক্ষতা বৃদ্ধি কৰিবলৈ পৰিকল্পনা যুগুত কৰাটোও শিক্ষাৰ ৰূপান্তৰৰ বাবে অন্যতম অনুপান হ’ব।
সমাজৰ পৰা লিংগ বৈষম্য, অন্ধবিশ্বাস , বাল্য বিবাহ আৰু আৰ্থিক বৈষম্য আদিৰ দৰে সামাজিক সমস্যা সমূহ দূৰীকৰণৰ বাবে এক সামাজিক আন্দোলনৰ ৰূপৰেখা প্ৰস্তুত কৰিব পৰা দক্ষতা শিক্ষকে আহৰণ কৰিব নোৱাৰিলে শিক্ষাৰ ৰূপান্তৰ সম্ভৱ নহয়।
শিক্ষকসকল হ’ব লাগিব সমাজৰ ” Potential Donor”। সমাজৰ বিভিন্ন ক্ষেত্ৰৰ দক্ষতাসকলক লৈ এক Community School ৰ ধাৰণা সৃষ্টি কৰি ,তাক শিক্ষাৰ্থীৰ উত্তৰণ হকে প্ৰয়োগ আৰু মূল্যায়নৰ দক্ষতাও আধুনিক যুগৰ শিক্ষকে আহৰণ কৰিব পাৰিব লাগিব।

শিক্ষাৰ ৰূপান্তৰৰ মূল হাথিয়াৰবোৰৰ অন্যতম হ’ল শিক্ষক। গতিকে দক্ষ শিক্ষক নিয়োগ কৰিবলৈ শিক্ষাবৃত্তিক সকলো বৃত্তিৰ ভিতৰত সঁচা অৰ্থত শ্ৰেষ্ঠ বৃত্তি কৰিবলৈ ৰাষ্ট্ৰই কাৰ্যকৰী ব্যৱস্থাপনা গঢ়ি তুলিব লাগিব।যাতে প্ৰতিভাধৰ সকলৰ প্ৰথম পছন্দৰ বৃত্তি হিচাপে শিক্ষকতা হয়।
সমান্তৰালভাৱে ভাৱে শিক্ষা খণ্ডত ৰাষ্ট্ৰ মুঠ ঘৰুৱা উৎপাদনৰ এক আকৰ্ষণীয় অংশ বিনিয়োগ কৰা, ব্যয় সাপেক্ষে উচিত মানৱ সম্পদ সৃষ্টিৰ নিৰীক্ষণ কৰা, প্ৰযোজ্য শিক্ষানীতিৰ Employability সুনিশ্চিত কৰা আদি ৰাষ্ট্ৰ পক্ষৰ কামবোৰো শিক্ষাৰ ৰূপান্তৰৰ ভিতৰুৱা।
সহযোগিতা, শিকন দক্ষতা নিৰূপণ, আনন্দদায়ক শিকন , শিক্ষাৰ জৰিয়তে জাতীয় ঐতিহ্যৰ চেতনা জাগ্ৰত কৰা, মানৱীয় মূল্যবোধৰ শিকনি, আবেগিক বুদ্ধিমত্তা, লোকৰ প্ৰতি যতনশীল চেতনা, ত্যাগৰ আদৰ্শৰে উদ্বুদ্ধ কৰা, পৰিবেশৰপৰা শিক্ষা আহৰণৰ পৰিবেশ সৃষ্টি, নেতৃত্ববোধৰ শিক্ষা, শিষ্টাচাৰ আৰু নৈতিকতাবোধ আদি দিশবোৰক শিক্ষাত সংপৃক্ত কৰিব পাৰিলেহে সঁচা অৰ্থতশিক্ষাৰ ৰূপান্তৰ সম্ভৱ।
ইয়াৰ বাবে শিক্ষকসকল হ’ব লাগিব শিক্ষাৰ ৰূপান্তৰৰ সূত্ৰধাৰ।

লেখকৰ মোবাইল ফোন: ৯৮৫৯২-৬৩৯৭৩
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)