ৰুবী বৰা
অসম পৰ্বতাৰোহন সন্থাৰ সান্নিধ্যলৈঃ
পৰ্বতাৰোহন শব্দটোৰ লগত মিতিৰালি মোৰ বৰ বেছি দিনৰ নহয়। পৰ্বতাৰোহনৰ যে প্ৰশিক্ষণ হয়, তাৰ বাবে সুকীয়া প্ৰতিষ্ঠান আছে মই সেই বিষয়ে একোৰে আও ভাও পোৱা নাছিলো। তাতোকৈ ডাঙৰ কথা অসমত যে অসম পৰ্বতাৰোহন সন্থা বুলি ইমান পুৰণি এটা সন্থা আছে যিয়েই উত্তৰ পূৱ ভাৰতৰ দুঃসাহসিক ক্ষেত্ৰ খনৰ বাটকটীয়া সেয়াও মই জনা নাছিলো।
মুঠতে পাহাৰ মোৰ ভাল লাগে, পাহাৰবোৰ চাই অন্তহীন ভাৱত বুৰ গৈ, নিজকে হেৰুৱাই পেলাই ভাল লাগে। দেউতাই অৰুনাচলত চাকৰি কৰা সূত্ৰে পাহাৰ সৰুৰ পৰাই দেখিছিলো। একেবাৰে সৰু থাকোতে দেউতা ব’মদিলাত আছিল আৰু গৰম বন্ধ বোৰত আমি ফুৰিবলৈ গৈছিলোঁ। এবাৰ ব’মদিলাত তুষাৰ পাতৰ মাজতে বাহিৰত খোজকাঢ়ি ফুৰাৰ চখত মুৰত টাৱেল লৈ ঘুৰি ফুৰি ৰাস্তাৰ কাষলৈ অকস্মাৎ গুছি গৈ প্ৰায় ১০ ফুট তলত পৰিছিলোগৈ। মায়ে কয় মোৰ মূৰত বোলে তাৰ দোষ থাকি গ’ল সেয়ে পাহাৰ বুলি ক’লে ইমান পগলা হওঁ। ইফালে ঘৰৰ পৰা অসম অৰুনাচলৰ গেট বান্দৰদেৱালৈ মাত্ৰ ১০ কি.মি. , গতিকে লখিমপুৰ চহৰৰ ফালে গ’লে পাহাৰ খনৰ কাষেদিয়েই যাওঁ। এতিয়া অৱশ্যে সেয়া পাহাৰ হৈ থকা নাই, আমাৰ গাঁৱৰ ৰাস্তাবোৰত ডাঙৰ ডাঙৰ ডাম্পাৰ বোৰেদি সেই পাহাৰৰ মাটিয়েই পৰেহি, নিৰ্বিকাৰ প্ৰশাসন।

বাৰু যি কি নহওক, মোৰ পাহাৰ প্ৰীতি বয়সৰ লগে লগে বাঢ়ি গৈ থাকিল। সৰুৰ পৰা বাতৰি কাকত পঢ়াৰ অভ্যাস আছিল যদিও প্ৰৱন্ধবোৰ বৰ এটা পঢ়া নাছিলো। কিন্তু মৌচাক, অকনিৰ অগ্ৰদূত আদিত প্ৰকাশ পোৱা ভ্ৰমন কাহিনীবোৰ বৰ আগ্ৰহেৰে পঢ়িছিল। ২০১৩ চনৰ পৰা ব্যক্তিগত প্ৰতিষ্ঠান জি.আই.এম.টি. , তেজ্পুৰত কৰ্মজীৱন আৰম্ভ কৰাৰ পৰা নিজাববীয়াকৈ বাতৰি কাকত পঢ়ো আৰু প্ৰৱন্ধবোৰো পঢ়ো। তেতিয়াই পৰিচয় ঘটিল বিশিষ্ট লেখক তথা হিমালয়ৰ বুকুত ট্ৰেকিং কৰি ফুৰা আবিদ আজাদ দাদাৰ ৰোমাঞ্চকৰ ট্ৰেকিং কাহিনীৰ সৈতে। আবিদ দাক কুটুৰি কুটুৰি হিমালয়ত ট্ৰেকিং কৰিবলৈ কেনেকে যাব পাৰি কি কৰিব লাগে সকলোবোৰ সুধি সুধি ২০১৬ চনৰ জুলাইৰ শেষলৈ ওলালো উত্তৰাখণ্ডৰ ফুলৰ উপত্যকা (valley of flower)ত ট্ৰেকিং কৰিবলৈ বুলি। ঘৰততো মোক পগলা বুলিয়ে ভাবিলে। গাৱঁৰ মানুহবোৰক বহুত বুজাব লগা হ’ল ’ট্ৰেকিং” কি বস্তু, খাই নে পিন্ধে!
তথাপি ঘৰৰ পৰা মোক তেনেকুৱা একো বাধা নিদিলে। মা দেউতা দিল্লীলৈকে মোৰ লগত গ’ল তাতে ভাইটিক গটাই মই উত্তৰাখণ্ডৰ হৃষিকেশৰ পৰা য়ুথ হোষ্টেল এছ’চিয়েশ্যনৰ লগত জীৱনৰ প্ৰথমটো ট্ৰেকিং সুকলমে, সফলতাৰে সম্পূৰ্ণ কৰি আহিলো। তাতেই ভাৰতৰ ভিন ভিন ঠাইৰ ট্ৰেকাৰ সকলক লগ পাইছিলো। সকলোৰে মৰম আৰু উৎসাহত ট্ৰেকিঙৰ সময়ছোৱা অধিক স্মৰণীয় হৈ পৰিছিল। তাতেই বেলেগ ঠাইৰ পৰা অহা আন এটা ট্ৰেকিং দলৰ লগত হোৱা চিনাকী পৰ্ব অনুষ্ঠানত এগৰাকী মহিলাই নিজৰ চিনাকী দিওঁতে কৈছিল যে তেখেতে পৰ্বতাৰোহনৰ প্ৰশিক্ষনৰ অন্তৰ্গত বেচিক আৰু এডভান্স দুয়োটাই সম্পূৰ্ণ কৰিছে। সকলোৰে হাত চাপৰীৰে তেখেতক অভিনন্দন জনাইছিল। কিন্তু মই কথাটো বুজিয়েই পোৱা নাছিলো। কাষতে থকা জনক সোধাত তেওঁ মোক পৰ্বতাৰোহন প্ৰশিক্ষন কৰা বুলি বুজাই কৈছিল। কথাটো মূৰত সোমাই গৈছিল। কি হয় এই BMC ,AMC ? তাৰ পৰা ঘূৰি আহি গুগলত খুচৰা আৰম্ভ কৰিলো পৰ্বতাৰোহন প্ৰশিক্ষনৰ প্ৰতিষ্ঠান ক’ত আছে কি শিকাই ইত্যাদি বোৰ জানিবলৈ। অসমৰ পৰ্বতাৰোহনৰ বিষয়ে জানিবলৈ খুচৰোতে পাই গ’লো অসম পৰ্বতাৰোহন সন্থাৰ ৱেবছাইটটো। ৱেবছাইটটো খুলি দুজনমান ব্যক্তিৰ নাম পালো আৰু পলম নকৰি ফেচবুকত বন্ধুত্বৰ প্ৰস্তাৱ পঠাই দিলো। দুজনমানে কৰিলে দুজনমানে নকৰিলে। সম্পাদক মানস বৰুৱা ছাৰৰ মোবাইল নম্বৰটোলৈ ফোন কৰি কিবা অলপ তথ্য পাওঁ নেকি জানিব চেষ্টা কৰিলো। ছাৰে ক’লে মই যিহেতু লখিমপুৰৰ গতিকে অলপ কষ্ট কৰিব লাগিব আৰু ৱেব্ছাইটটো আৰু সন্থাৰ ফেচবুক পেজটো চাই থাকিবলৈ ক’লে যাতে সকলো গম পাই থাকিব পাৰোঁ আৰু ময়ো তাকে কৰিলো।
সেই ২০১৬ চনৰে নৱেম্বৰ মাহৰ কোনোবা এটা দিনত ফেচবুকত সন্থাৰ জ্যেষ্ঠ সদস্য মৃগাংক শৰ্মা ছাৰে সন্থাই আয়োজন কৰিবলৈ লোৱা ৪৮ ত্বম শৈলাৰোহন প্ৰশিক্ষনৰ বিষয়ে অসম পৰ্বতাৰোহন সন্থাৰ পেজত পোষ্ট এটা দিলে আৰু মই লগে লগে ছাৰে ফোন নম্বৰটো বিচাৰি মেছেজ কৰিলো। ছাৰেও মোক নম্বৰটো দিয়াত কথা পাতি ডিচেম্বৰত হোৱা শৈলাৰোহন প্ৰশিক্ষণত অংশ লওঁ।
য’গিন শিখৰ অভিযানৰ ফ্লেগ অফ কাৰ্য্যসূচীৰ প্ৰাকমুহুৰ্তত মৃগাংক শৰ্মা ছাৰে কৈছিল ’ পিঠিত বেগ এটা লৈ মোলৈ ফোন কৰি কৰি যে লখিমপুৰৰ পৰা যে পাইছিলাহি মোৰ মনত আছে কিন্তু এতিয়াও। ভালকৈ কৰি আহা অভিযান‘ এজোলোকা আশীৰ্বাদ দি ছাৰে কৈছিল মই সেৱা কৰাৰ সময়ত।
অসম পৰ্বতাৰোহন সন্থাৰ দ্বাৰা আয়োজিত ৪৮ ত্বম শৈলাৰোহন প্ৰশিক্ষনে মোৰ পাহাৰ প্ৰীতি হাজাৰ গুন বঢ়াই পেলালে। এটা পথ যেন মোৰ বাবে মুকলি হ‘ল পাহাৰক কাষৰ পৰা পোৱাৰ, নিজক চিনি পোৱাৰ। সন্থাৰ অভিজ্ঞতাৰে পুষ্ট সদস্য সকলে গোটেই প্ৰশিক্ষনৰ সময়ছোৱাত যি উদ্দ্যম আৰু বিচক্ষনতাৰে প্ৰশিক্ষন দিয়াৰ লগতে পাহাৰৰ ৰোমাঞ্চকৰ অভিজ্ঞতাবোৰ বৰ্ণনা কৰে, পৰ্বতাৰোহনৰ ক্ষেত্ৰ খনত পৰৱৰ্তী খোজ দিবলৈ উৎসাহিত কৰিবলৈ সেইখিনি যথেষ্ট।

তিনিদিনৰ শৈলাৰোহন, এদিন বশিষ্ঠৰ পাহাৰৰ ভিতৰত পানীত জলক্ৰীড়া আৰু এদিন গড়ভঙা সংৰক্ষিত বনাঞ্চলত ট্ৰেকিংৰ প্ৰশিক্ষনেৰে জীৱনৰ ৫ টা সোনালী দিন। ট্ৰেকিংৰ লগতে হয় নৈশ কেম্পিং। তাতেই আমি লগ পাইছিলো ২০১৫ চনৰ নেপাল ভূমিকম্পৰ সময়ত এভাৰেষ্ট অভিযানলৈ বুলি গৈ বেচ কেম্পত আনুশীলনত ব্যস্ত থকা, সেই নিৰ্মম প্ৰাকৃতিক দুৰ্যোগৰ কবলৰ পৰা সুকলমে ঘুৰি আহি নিজ গৃহত উপস্থিত হ’বলৈ সক্ষম হোৱা অসমৰ অভিযাত্ৰীৰ দলটোৰ অন্যতম সদস্য তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসক জগদ্বীশ বসুমতাৰী ছাৰক। ছাৰে অভিযানৰ কথাবোৰ আমাক কৈছিল, গা শিয়ৰি উঠা কাহিনীবোৰ ছাৰৰ কাষতে ৰৈ মই নিজক চিকুটি চাইছিলো , ‘’ সচাকৈয়ে এজন এভাৰেষ্ট অভিযানৰ অভিযাত্ৰীৰ কাষত মই আছোনে?” ডিচেম্বৰ মাহৰ মুকলি আকাশৰ তলত, অসম মেঘালয় সীমান্তৰ ঠাণ্ডাৰ লগতে মাজতে জ্বলাই লোৱা জুইকুৰাৰ উত্তাপ আৰু এভাৰেষ্টৰ সাধু কথাৰ দৰে কথাবোৰ কৈ যোৱা বসুমতাৰী ছাৰক মাজতে ঘেৰি লৈ আমিবোৰ টলকা মাৰিছিলো।
তাৰ পিছতে ২০১৮ চনৰ ছেপ্তেম্বৰ মাহত মই হিমাচল প্ৰদেশৰ চিমলাত থকা শ্ৰীখণ্ড মহাদেৱ ট্ৰেকিঙত অংশ লওঁ। কুল্লুৰ নিৱাসী আশীস নামৰ এজন যুৱকৰ ব্যক্তিগত ট্ৰেকিং এজেঞ্চী এটাৰ তত্বাৱধানত আয়োজিত ট্ৰেকিং টোত বহু অভিজ্ঞতা সম্পন্ন ট্ৰেকাৰ লগ পালো যাৰ কথাৰে মোৰ মনত পৰ্বতাৰোহনৰ প্ৰশিক্ষন লবলৈ পোকটো বেছিকৈ দৌৰিব আৰম্ভ কৰিলে।
অৱশেষত ২০১৯ চনৰ নৱেম্বৰ মাহত এবুকু সপোন বুকুত বান্ধি উপস্থিত হৈছিলোগৈ দাৰ্জিলিঙত অৱস্থিত ভাৰতৰ আটাইতকৈ পুৰনি পৰ্বতাৰোহন প্ৰশিক্ষন প্ৰতিষ্ঠান হিমালয়া মাউন্টেইনিয়াৰিং ইনষ্টিটিউটত।
(আগলৈ……..)
ৰুবী বৰা(৯৭০৭২৭৫৮৫৮)