–ৰুবী বৰা
(খণ্ড ১-সপোনৰ পম খেদি)
ফেব্ৰুৱাৰী মাহৰ কোনোবা এটা আবেলিত অসম পৰ্বতাৰোহন সন্থাৰ সম্পাদক মানস বৰুৱা ছাৰে ফোন কৰি জনাইছিল যে সন্থাই আয়োজন কৰিবলৈ লোৱা প্ৰাক এভাৰেষ্ট অভিযান Mount Jogin Expedition(6166 m) ৰ বাবে নিৰ্বাচিত সদস্যৰ তালিকাত মই আছো। মোৰ কিবা সপোন যেন লাগি গৈছিল।
হিমালয়া মাউন্টেইনিয়াৰিং ইনষ্টিটিউত দাৰ্জিলিঙৰ পৰা সুকলমে বেচিক মাউন্টেইনিয়াৰিং ক’ৰ্চ কৰি অহাৰ পিছৰ পৰা দিনে ৰাতিয়ে এনে এক অভিযানৰ সপোন দেখিছিলো।হিমালয়ত দুই এটা ১৫,০০০ ফুট উচ্চতালৈকে পূৰ্বৰ ট্ৰেকিং অভিজ্ঞতা আছে যদিও পৰ্বতাৰোহন অভিযানৰ আছে অন্য এক মাদকতা। প্ৰশিক্ষনৰ সময়তে ছিকিমৰ ৰাথং গ্ৰেচিয়াৰত শিকা টেকনিকবোৰ বাস্তৱত প্ৰয়োগ কৰিবলৈ মনটো কূটকূটাই আছিল। তেনেক্ষেত্ৰত এই অসম পৰ্বতাৰোহন সন্থাৰ পৰা পোৱা এই সুৱৰ্ণ সুযোগটো মোৰ বাবে হাততে সৰগ ঢুকি পোৱাৰ দৰে কথা আছিল। কাৰন ব্যক্তিগত ভাৱে এজেঞ্চীৰ জৰিয়তে এনেকুৱা এটা অভিযান কৰিবলৈ যথেষ্ট অৰ্থৰ প্ৰয়োজন, য’ত নেকি অসম পৰ্বতাৰোহন সন্থই আয়োজন কৰা এই অভিযানৰ বাবে আৰ্থিক অনুদান আগবঢ়াইছে অসম ক্ৰিড়া আৰু যুৱ কল্যান সঞ্চালকালয়ে।
প্ৰস্তুতি আৰম্ভ হৈছিল।
মাৰ্চৰ শেষত লখিমপুৰৰ পৰা এসপ্তাহৰ বাবে গুৱাহাটীলৈ গৈ দলৰ বাকী সদস্যৰ লগত অনুশীলনত ভাগ লওঁ আৰু পিছৰ পৰ্যায়ত ঘৰত অকলে অনুশীলন অব্যাহত ৰাখিছিলো। তাৰ মাজতে ক’ভিডৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশৰ লগতে অসমকো বাৰুকৈয়ে জোকাৰি যায়। নিৰ্বাচিত দলটোৰ সদস্যও ক’ভিডত আক্ৰান্ত হোৱাৰ বাতৰি,আত্মীয় কুটুমৰ লগতে নিতৌ চিনাকি আচিনাকী ব্যক্তিৰ মৃত্যুৰ বাতৰিয়ে সাংঘাতিক ধৰনে হতাশ কৰি পেলাইছিল সকলোকে। তাৰ মাজতে মোৰ ভাইটিও ক’ভিডত আক্ৰান্ত হয় আৰু আমি সকলো গৃহবন্দী হৈ পৰো। তথাপিও মই অনুশীলন এৰা নাছিলো। ঘৰৰ পদূলিৰ পৰা চোতাললৈকে দৌৰিছিলো শৰীৰতো সুস্থ কৰি ৰাখিবলৈ।
পেছাগত ভাৱে মূৰত থকা চৰকাৰী দায়িত্বৰ সমান্তৰালকে সকলো কৰি গৈ থাকিলো।
সকলো প্ৰস্তুতি, জল্পনা কল্পনাৰ লগতে ক’ভিডে সৃষ্টি কৰা বেহু ভেদি সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি আগষ্ট মাহৰ ১০ তাৰিখৰ দিনা অসম পৰ্বতাৰোহন সন্থাৰ কাৰ্যালয়ত জ্যেষ্ঠ সদস্য তথা অভিজ্ঞ পৰ্বতাৰোহীসকলৰ সাহস আৰু উৎসাহবোৰৰ মাজতে ফ্লেগ অফ কাৰ্য্যসূচীভাগ সম্পন্ন হৈছিল। তাত উপস্থিত থকা অভিজ্ঞ পৰ্বতাৰোহী ৰাজেন গৌতম ছাৰ, পাৰ্বতী প্ৰসাদ গৌতম ছাৰ, কিশোৰ বৰুৱা ছাৰ, ৰতন বসুমতাৰী ছাৰকে ধৰি সকলোৱে উৎসাহ ভৰা মন্তব্যৰে আমাক উৎসাহিত কৰি তুলিলে।তাৰ পিছত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত আগবঢ়াই থৈ আহিছিলগৈ আমাৰ ১৩ জনীয়া দলটোক। উগুল থুগুল মন, এবুকু উৎকন্ঠা আৰু দুচকুত সামৰি ৰখা দীৰ্ঘদিনীয়া সপোনৰ বুকুচাত উঠি বিমানখনত বহি নিজকে এৰি দিছিলো। কিন্তু বেছি সময়লৈ সপোনৰ পৃথিৱীত থকা নহ’ল। আগে পাছে বহি থকা দলৰ বাকীসকলৰ ল’ৰা ধেমালীবোৰত যোগদান কৰি ব্যস্ত হৈ পৰিলোঁ। দিল্লী পাই ৰাতিটো কটাই পিছদিনা পুৱাই উৰা মাৰিলো ডেৰাডুনলৈ বুলি। ডেৰাডুনলৈ যোৱা বিমানখন তেনেই সৰু আছিল।২x ২ আসনৰ বিমান খনত বহি থাকোতে ভিতৰত নাইট চুপাৰত বহি থকা যেন লাগিছিল। খিৰিকীৰ কাষৰ আসন এখনত বহি উৎসুকতাৰে চাই ৰৈছিলো হিমালয় দেখা পোৱাৰ অপেক্ষাত। একেখন বিমানতে অলিম্পিক খেলি ঘৰলৈ উভতি আহিছিল ভাৰতীয় মহিলা হকী দলৰ খেলুৱৈ বন্দনা কটাৰিয়া। উত্তৰাখণ্ডবাসীয়ে তেওঁক জনোৱা উষ্ম আদৰনি উপভোগ কৰিবলৈ বিমান বন্দৰ পৰা দৌৰি ওলাই গৈছিলো।যেতিয়া মনলৈ আহিল যে আমাৰ বেগকেইটা ভিতৰতে থাকি আহিল আনিবলৈ বুলি সোমাব লওঁতেহে গালৈ হুচ আহিল যে বিমান বন্দৰত সোমাবলৈ পৰৱৰ্তী বিমানৰ টিকেতৰ প্ৰয়োজন। দলৰ বাকীসকলে বেগকেইটা লৈ অহালৈকে মই, কৃষ্ণা আৰু ৰিজু বা বাহিৰতে ৰৈ থাকিলো আৰু ’জ’চ মে আকে হ’চ উৰা’ ধৰনৰ কাণ্ডৰ বাবে নিজকে লৈ পাৰোমানে হাঁহিলো। ডেৰাডুনত ভৰি থৈয়ে ৰোমাঞ্চিত হৈ উঠিছিলো। দেৱভূমি মোৰ যে কিমান হেপাহৰ, কিমান মৰমৰ, কিমান আদৰৰ। চুম’ত উঠি দেৱভূমিৰ সেউজীয়া আৰু পাহাৰবোৰৰ মাজেদি গান গাই গাই গৈ গৈ উত্তৰকাশী পালোগৈ আবেলি প্ৰায় ৫:৩০ ত। তাত ঠিক কৰি থোৱা হোটেলত সোমাওতেই আমাৰ অভিযানৰ গাইড জয়ন্দৰৰ লগতে স্থানীয় কেইজনমান পৰ্বতাৰোহীয়ে আহি আমাক ফুলৰ মালাৰে আদৰনি জনোৱাৰ লগতে অভিযানৰ সফলতাৰ কামনা কৰি শুভকামনা জনালেহি। আমি থকা হোটেলখনৰ পৰা কাশী বিশ্বনাথ মন্দিৰ নিচেই ওচৰতে আছিল। মন্দিৰৰ ঘন্টাধ্বনীয়ে পৰিৱেশটো খুব ভাল লগা কৰি ৰাখে। পিছদিনা পুৱা উঠিয়েই যেতিয়া দেখিছিলোঁ উত্তৰকাশীক আগুৰি থকা পাহাৰবোৰৰ পৰা কুৱঁলী ফালি বেলিটো ওলাই আহিছিল চকু মোহাৰি মোহাৰি চাইছিলো আৰু সময়খিনি উপভোগ কৰিছিলো। কাষেদি বৈ যোৱা ভাগীৰথী নদীৰ শব্দত আছিল এক সুকীয়া বৈশিষ্ট্য।
ৰাতিপুৱা ৫ টা বজাত আমি উত্তৰকাশীৰ মাজেদি খোজ্কাঢ়িব গৈছিলো। ভাগিৰথী নদীৰ ওপৰেদি থকা ওলমা দলঙেৰে পাৰ হৈ ওপৰলৈ গৈ এনে এঠাইত ৰৈছিলোগৈ য’ৰপৰা গোটেই উত্তৰকাশী চহৰ খন দেখা পাই । পেনাৰমা ম’ডত গেই ঠাইৰ পৰা ভাগিৰথী নদীৰ সৈতে গোটেই উত্তৰকাশী চহৰখনৰ ফটো তুলিছিলো।প্ৰভাতি পুৱাতে কাশী বিশ্বনাথ মন্দিৰো দৰ্শন কৰিছিলো। সেইদিনা দিনৰ ভাগত আমাক লৈ যোৱা হৈছিল পৰ্বতাৰোহন প্ৰশিক্ষনৰ প্ৰতিষ্ঠান নেহেৰু ইনষ্টিটিউত অৱ মাউন্টেইনিয়াৰিঙলৈ(NIM)। পাহাৰীয়া ওখ চাপৰ মিলাই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ প্ৰতিষ্ঠানটি খুৱ ধুনীয়া। সাধাৰনতে পৰ্বতাৰোহন ক্ষেত্ৰখনেৰ মূলতে হৈছে নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা। গতিকে পৰ্বতাৰোহনৰ প্ৰতিষ্ঠানবোৰৰ পৰিৱেশেই এনেকুৱা হৈ থাকে যে সোমাই যাওঁতেই মনটো আকৰ্ষন কৰে। মই নিজেই পঢ়ি অহা হিমালয়া মাউন্টেইনিয়াৰিং ইনষ্টিটিউত দাৰ্জিলিঙলৈ বাৰে বাৰে মনত পৰিছিল, লগতে তাত কটাই অহা সোনালী দিনবোৰৰ স্মৃতিয়ে আমনি কৰিছিলহি। ৰাতিলৈ অৱশ্যে হোষ্টেলৰ ৰোমমেট কেইজনীৰ লগত ভিডিঅ’ কন্ফাৰেঞ্চত কথা পাতিছিলো। NIM ৰ অধ্যক্ষই আমাৰ লগত বহু সময় কথা পাতিলে। আমাৰ অভিযানৰ বাবে প্ৰয়োজনীয় কিছুমান টেকনিকেল ইকুইপ্মেন্ট তাৰ পৰা লোৱা হৈছিল। তেখেতে আমাক শুভকামনা জনাই অভিযানৰ সফল কামনা কৰিলে।

ৰাতি বহুত দেৰীলৈ হোটেলৰ টেৰেচত অভিযানৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ পেকিং চলিল। খাদ্য সামগ্ৰীৰ লগতে অভিযানত ব্যৱহৃত হ’বলগীয়া প্ৰতিটো বস্তুৰ পৰীক্ষা কৰি ভৰাই যোৱাৰ লগতে হাই অল্টিটিউড পৰ্টাৰসকলে কঢ়ি্যাবলৈ সুবিধা হোৱাকৈ ওজন কৰি কৰি ড্ৰাম, দাফেল আদিত সামগ্ৰীবোৰ লিষ্ট বনাই ভৰাই যোৱা হয়। এই কামটোৰ ওপৰত পৰ্বতাৰোহন অভিযান এটা যথেষ্ট খিনি নিৰ্ভৰ কৰে, কিয়নো কেতিয়াবা এটা জুইশলা ভৰাবলৈ থাকি যোৱাৰ ফলত অভিযান সামৰি গুছি আহিব লগা পৰ্যন্ত ঘটনা নজিৰ আছে।
হিমালয়ে আৱৰি থকা উত্তৰাখণ্ড ৰাজ্যখনৰ বাতাবৰনত এক সুকীয়া বৈশিষ্ট্য আছে। তাৰ বাসিন্দাসকলো খুৱেই সহজ সৰল হোৱাৰ লগতে আনক সহায় কৰিবলৈ সদা সষ্টম।
আবেলি এদিন গৈছিলো ৰিজু বা, কৃষ্ণা আৰু মই ভাগীৰথীৰ পাৰলৈ। কি এক অবুজ শিহৰন দেহৰ মাজেদি পাৰ হৈ গৈছিল তাক ভাষাৰে বুজাব নোৱাৰি সঁচাই।
উত্তৰকাশী জিলা অধিকাৰী কাৰ্যালয়ত জিলা অধিকাৰী ময়ুৰ দিক্ষিত আৰু উত্তৰকাশী জিলা আৰক্ষী অধিক্ষক মনিকান্ত মিশ্ৰই আমাৰ দলটোক শুভেচ্ছা জনোৱাৰ লগতে দলৰ দলপতি মানস বৰুৱা আৰু উপেন চক্ৰৱৰ্তীক ৰাষ্ট্ৰীয় পতাকা আৰু অসম পৰ্বতাৰোহন সন্থাৰ পতাকা প্ৰদান কৰি আমাৰ অভিযানৰ শুভ উদ্বোধন কৰিছিল।
দুদিন থাকি উত্তৰকাশীৰপৰা আমি বিদায় লৈছিলো। বতৰ ফৰকাল আছিল, আকাশখনত নীলাবোৰে পোহাৰ মেলিছিল আৰু বাটৰ কাষৰ সেউজীয়া পাহাৰবোৰে আমাক হাত বাউলি মাতিছিল। গংগোত্ৰীৰ পৰা অলপ দূৰ গৈয়ে আমাৰ গাড়ীখনৰ চালক জনৰ গাওঁ, গংগোৰী গাওঁ পাইছিলো। আশী গংগাৰ ওপৰেদি পাৰ হৈ গৈয়ে পাইছিলো উত্তৰাখণ্ড জল বিদ্যুৎ পৰিষদ। পাইলট বাবা আশ্ৰম, মাল্লা, ভাতোৱাৰী আদি ঠাইবোৰৰ মাজেদি আমাৰ গাড়ী আগবাঢ়িছিল। ভিন্ন ৰূপী পাহাৰে আমাক মুগ্ধ কৰি নি আছিল। তাৰ মাজে মাজে ব’ৰ্ডাৰ ৰ’ডচ অৰ্গেনাইজেশ্যনৰ ধুনীয়া ধুনীয়া বানীবোৰ। পাহাৰ পাহাৰ কেৱল পাহাৰ।চুখীতপ নামৰ ঠাই টুকুৰাত আমাৰ গাড়ী খন ৰখাই চালক জনে তেওঁৰ বন্ধু এজনৰ ঘৰত বিশেষ কামত সোমাইছিল। ৰাস্তাৰ তললৈ থকা ঘৰবোৰৰ মানুহবোৰে নিজৰ দুচকীয়া, চাৰিচকীয়া বাহন বোৰ ৰাস্তাৰ কাষতে থৈ দিয়ে।

জেছপাৰ বেন নামৰ ঠাইখনত প্ৰথম চকু পৰিছিল কোনোবাটো শিখৰৰ বৰফাবৃত শিৰ, লাহে লাহে ঠাণ্ডাই স্পৰ্শ কৰিছিলহি। ৱিণ্ডচিটাৰ গাত সুমুৱাই লৈছিলো। ইটো পাহাৰৰ পৰা সিটো পাহাৰলৈ আমাৰ গাড়ীখন আগুৱাই গৈছিল আৰু আমি তলত এৰি থৈ যোৱা অকোৱা পকোৱা ৰাস্তাবোৰ দেখিহে অনুমান হয় আমি কিমান ওপৰলৈ গৈ আছো। হৰচিল পাৰ হৈ অলপদূৰ গৈ আমি গাড়ীৰ পৰা নামিলো। ভাৱিছিলো চাহ খাব ৰখাইছে নিশ্চয়। কিন্তু আচলতে আমি সেইদিনাৰ গন্তব্যস্থ্ল ধৰালী পাইছিলোহি। হোটেল কেডাৰ কল্পত সোমায়েই আমাৰ তিনিজনীৰ বাবে থকা কোঠাটোত সোমায়েই পোনে পোনে বেলকনীলৈ গৈ মই চিঞৰি দিলো। বেলকনীৰ ঠিক তলৰ পৰাই আৰম্ভ হৈছে আপেলৰ বাগান, বাগানখন পাৰ হৈয়ে গংগা নদী আৰু তাৰ ওপৰত থকা ওলোমা দলং এখন, দলংখন পাৰ হৈ অলপ আতৰতে পাহাৰটো আৰু পাহাৰীয়া গাওঁখনৰ ঘৰবোৰ। ওপৰলৈ আছে এটি মন্দিৰ। মন্দিৰটোক গংগোত্ৰী মন্দিৰ বুলি কোৱা হয় কিয়নো শীতকালত যেতিয়া বেছিকৈ বৰফ পৰে থকা গংগোত্ৰী মন্দিৰক ইয়ালৈ লৈ আহি ইয়াতে পূজা অৰ্চনা কৰা হয়। পুনৰ বৰফ কমিলে তালৈ লৈ যোৱা হয়। আনফালে বৰফাবৃত শিৰেৰে নীলা আকাশ চুমী থকা শিখৰবোৰ। কি যে মায়াসনা দৃশ্য সঁচাই। অলপ জিৰাই আমি তিনিজনী ৰাস্তাৰে আগুৱাই গ’লো আৰু মনৰ জুখাৰে বহি শুই বিভিন্ন প্জত ফটো তুলিলো। গধুলী সকলোবোৰ গংগাৰ পাৰলৈ গৈছিলো। আপোন মানুহবোৰকো ভিডিঅ’ কলৰ কৰি তাৰ সৌন্দৰ্য্য উপভোগ কৰাৰ সুবিধাকন দিছিলো। অসম পৰ্বতাৰোহন সন্থাৰ জ্যেষ্ঠ সদস্যসকলে যিদৰে প্ৰতিমুহুৰ্ততে ফোন কল, ভিডিঅ’ কলৰ যোগেদি আমাৰ খবৰ ৰাখি দিহা পৰামৰ্শ আগবঢ়াই গৈছিল মই সঁচাই অভিভূত হৈছিলো। গংগাৰ পাৰৰ পৰাও মানস ছাৰৰ মোবাইলত সত্যন শৰ্মা ছাৰৰ সৈতে আমি কথা পাতিছিলো। ছাৰো যেন আমাৰ লগতে আছিল। আমাৰ দলত যাবলগীয়া অথচ নিজৰ কৰ্তব্যৰ বাবে ৰৈ যোৱা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডা’ জগদীশ বসুমতাৰী ছাৰেও প্ৰতিখোজতে আমাক সাহস যোগায় যোৱাৰ লগতে পুৰনা অভিজ্ঞতাৰ লগত জড়িত সেইখিনি ঠাইৰ কাহিনীবোৰ খুচৰি খুচৰি হোৱাটছএপত আমালৈ প্ৰেৰন কৰি আমাৰ উৎসাহ বোৰত ৰহন সানিছিল। ৰাতি ভাত খাই উঠাৰ পিছত দলৰ মুৰব্বী আৰু গাইডে আমাক পৰৱৰ্তী দিনৰ কাৰ্য্যসূচীৰ লগতে পালন কৰিবলগীয়া সাৱধানতা ইত্যাদিৰ বিষয়ে ক’লে।
পিছদিনা হোটেলৰ ওচৰতে থকা কেডাৰকল্প মন্দিৰত সেৱা জনাই লক্ষ্যস্থান অভিমুখে ৰাওনা হৈছিলো।কেডাৰকল্প মন্দিৰত উত্তৰাখণ্ডৰ ৰাজ্যিক ফুল ব্ৰহ্মকমল এপাঁহ কোনোবাই উচৰ্গা কৰি আঁৰি থোৱা দেখিলো। মনলৈ ২০১৬ চনত ভেলী অৱ ফ্লাৱাৰ ট্ৰেকিঙৰ সময়ত ব্ৰহ্মকমলৰ নামত মোৰ লটি ঘটি হোৱা ঘটনাটোলৈ মনত পৰি ক্ষন্তেকৰ বাবে নষ্টালজিক হৈ পৰিলো। গুৱাহাটীৰ পৰা সন্থাৰ জ্যেষ্ঠ সদস্য ৰাজেন গৌতম ছাৰে সাই বাবাৰ অঞ্জলীৰ মিট্টিকা দি পঠিয়াইছিল, কৃষ্ণাই তাৰে সকলোকে দিয়া এটা এটা ফুট লৈ যাত্ৰাৰ শুভাৰম্ভ হৈছিল।
গংগোত্ৰীৰ পৰা আৰম্ভ হৈছিল আমাৰ ট্ৰেকিং। গংগোত্ৰীত তেতিয়াও লক ডাউন অব্যাহত আছিল। মন্দিৰ খোলা নাছিল। সূৰ্য্য কুণ্ডত সৃষ্টি হোৱা গংগাৰ উত্তাল জলতৰংগৰ কাষেদি পিঠিত বেগ আৰু হাতত লাখুটি লৈ আৰম্ভ হৈছিল আমাৰ পদযাত্ৰা…….( আগলৈ)