• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, September 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature History

শিপাৰ সন্ধানত : কিংবদন্তী আৰু ইতিহাসৰ মাজেৰে প’ কাও ছ্যু-কা-ফাক বিচাৰি

ASSAMESE Section / History

by Aashrawika Borah
December 2, 2025
in History, ASSAMESE SECTION, Remembrance
Reading Time: 5 mins read
0
শিপাৰ সন্ধানত : কিংবদন্তী আৰু ইতিহাসৰ মাজেৰে প’ কাও ছ্যু-কা-ফাক বিচাৰি
Share on FacebookShare on TwitterShare on LinkedIn

শিপাৰ সন্ধানত : কিংবদন্তী আৰু ইতিহাসৰ মাজেৰে প’ কাও ছ্যু-কা-ফাক বিচাৰি

আশ্ৰৱিকা বৰা

Aasrawika 1
আশ্ৰৱিকা বৰা

‘ যি বাটেৰে এন্ধাৰ পৃথিৱীৰ টোপনি ভাঙে,

ধৰাৰ বুকুলৈ সুৰুয নামে,

বায়ু-তীব্ৰ বেগেৰে,আকাশৰ বাটেৰে

হাতত লৈ চেং লগা হেংডাং

স্বৰ্গদেউ ঈশ্বৰ সৌমাৰ পীঠলৈ আহে ।

  যি তেজ লগা তৰোৱালে

  বুৰঞ্জী লিখে,

  দিন-ৰাতি,মাহ বগাই গৈ

  দিগন্তৰ সীমা নতুনকৈ আঁকে

  যি কুকুৰাৰ ঠেঙৰে মঙল চাই,

  কামৰূপৰ ইতিহাস সলাই ,

  সোন বৰণীয়া চুৰীয়া-চোলা পিন্ধি

 পাটকাইৰ বুকুৰে চাওফা আগবাঢ়ে, আগবাঢ়ে ।’

শিপাৰ সন্ধানত : কিংবদন্তী আৰু ইতিহাসৰ মাজেৰে প' কাও ছ্যু-কা-ফাক বিচাৰি
ছ্যু-কা-ফা

   ছ্যু-কা-ফা ! চাওফা ! প’ কাও !

যি নামেৰেই সম্বোধন নকৰোঁ কিয় এই ‘অসম‘ নামৰ ভূখণ্ডৰ খনিকৰজনৰ গুণানুকীৰ্তন শব্দৰ তৰ্জমাত সদায় তল পৰি ৰয়।

যিজন পুৰুষে তেখেতৰ উত্তৰপুৰুষে ক’বলৈ,ভাবিবলৈ,সোঁৱৰিবলৈ, গৌৰৱৰে চিৰদিন মূৰ তুলি থাকিবলৈ ঐতিহ্য আৰু ইতিহাসৰ মেটমৰা ভড়াল এটা দিলে , অসংখ্য জাতি-উপজাতিক একগোট কৰি বৃহত্তৰ অসমীয়া মহাজাতি গঢ়িলে, যাৰ আগমণে কামৰূপেও ৰূপ সলায় অসম নাম লৈ চাওফাই গঢ়া মহাজাতিটোক ‘অসমীয়া’ নামৰ এখন নজহা-নপমা চাল দিলে সেইজন পুৰুষ কি ঈশ্বৰতকৈ কম ?

মুঠেও নহয়। সেয়ে মই চাওফাৰ সৌমাৰ পীঠলৈ আগমন ঘটাৰ লগত যি দৈৱিক চাপ থকা কিংবদন্তি আছে, সেয়া মই উলাই নকৰোঁ। বৰঞ্চ যুক্তি-তৰ্ক, তথ্য আৰু ইতিহাসকো বুঢ়া আঙুলি দেখুৱাই এইগৰাকী মহাপুৰুষক কোনো শ‍ংকাহীনতাৰেই ‘ঈশ্বৰপুত্ৰ‘ বুলি অকপট স্বীকাৰ কৰোঁ।

তথাপি ইতিহাসৰ ছাত্ৰী হোৱাৰ সুবাদতে ইতিহাসৰ চকুৰে , বুৰঞ্জী, তথ্য , প্ৰমান আৰু তাৰ লগত সংপৃক্ত কিংবদন্তিসমূহৰ বাটেৰে এইগৰাকী ঈশ্বৰপুত্ৰৰ বংশৰ ইতিহাস বিচাৰি যিমান উদ্বুদ্ধ হ’লো , তাৰে এটি ক্ষুদ্ৰ অংশ পাঠকলৈ বুলি ‘ভুৰুকাত হাতী ভৰোৱা’ৰ চলেৰেই আগবঢ়ালোঁ।

    চাওফাৰ বংশাৱলীৰ সন্ধানত গৈ প্ৰথম খোজতে আমি ত্তাই জাতিৰ সম্পৰ্কে সামান্য পৰিচয় দিয়া উচিত হ’ব । ইতিহাসে কি কয় ?

মই ইতিপূৰ্বে উল্লেখ কৰা ঈশ্বৰপুত্ৰ কোনো ৰকমেই অমূলক নহয় যিহেতু প্ৰথিতযশা ইতিহাসবিদ ছাৰ এডৱাৰ্ড গেইটে তেখেতৰ ‘ A history of Assam’ ত ত্তাই বা তাই শব্দাৰ্থ মহান বা Glorious বুলি উল্লেখ কৰাৰ লগতে আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ চীনত তাই শব্দক celestial বা দেৱ-স্বৰূপ/দৈৱ/দিব্য শব্দৰ লগত একে অৰ্থত ব্যৱহাৰ কৰিছিল। ঠিক সেইদৰে আহোম বুৰঞ্জীত ত্তাইসকলক স্বৰ্গৰ অধিবাসী হিচাপেই আমি পাওঁ।

শিপাৰ সন্ধানত : কিংবদন্তী আৰু ইতিহাসৰ মাজেৰে প' কাও ছ্যু-কা-ফাক বিচাৰি
ছ্যু-কা-ফা

আনহাতে থাইলেণ্ডৰ প্ৰসিদ্ধ ইতিহাসবিদ Nai Likhit Huntrakul ৰ গ্ৰন্থ ‘ The historical records of the Shamis- Chinese relation’ নামৰ গ্ৰন্থৰ মতেৰে প্ৰাচীন কালত চীনৰ প্ৰথম গৰাকী সম্ৰাট হোৱাং তাই (২৬৯৭-২৫৯৬ খ্ৰী.পূ.)ৰ দিনত ৰাজকীয় সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা এক শ্ৰেনীৰ লোকক ‘ত্তাই’ খিতাপ প্ৰদান কৰা হৈছিল। চীনৰ দ্বিতীয়গৰাকী সম্ৰাট চিউ-হাউ(২৫৯৬-২৫১৩ খ্ৰী.পূ) আছিল ‘ত্তাই‘ খিতাপ বা উপাধি প্ৰাপক প্ৰথমগৰাকী ব্যক্তি।

তেখেতৰে বংশোদ্ভূত সকলো লোককে পাছলৈ ত্তাই হিচাপে জনা গৈছিল যদিও ইতিহাসবিদসকলৰ এটা গোটে ‘ত্তাই’ শব্দটো প্ৰথমে এটা উপাধি বা খিতাপ হিচাপেই মানি লৈছে ।

পাছলৈ অৰ্থাৎ ২২০৫ -১৭৬৬ খ্ৰী.পূ.লৈ হায়া বংশৰ পতনৰ পাছত এই খিতাপ লোপ পাইছিল। যদিও পৰৱৰ্তীকালতো ত্তাইসকলেই ৰাজকীয় বিভিন্ন উচ্চপদৰ বাবে সুবিধা লাভ কৰি ৰাজকীয় জীৱন এটাৰে অংশীদাৰ হৈ আছিল । উদাহৰণস্বৰূপে, চোৱাং ত্তাই (মন্ত্ৰী), চি ত্তাই( সচিব),পু ত্তাই (প্ৰাদেশিক ৰাজ্যপাল),গীট ত্তাই (প্ৰাদেশিক আচাৰ্য) , পান ত্তাই (প্ৰাদেশিক কোষাধক্ষ্য) , চাও ত্তাই ( আঞ্চলিক ৰাজ্যপাল), টিয়ান ত্তাই ( প্ৰাদেশিক সেনাধ্যক্ষ) ইত্যাদি।

অৱশ্যে তেখেতৰ এই গ্ৰন্থখনত দিয়া তথ্যৰ আধাৰত অসম্পূৰ্ণ আৰু দোষমুক্ত নহয় বুলি সমগ্ৰ বিশ্বব্যাপী ইতিহাসবিদসকলৰ বিভিন্ন দলে বিভিন্ন মতামত যুক্তি , তথ্যৰ আধাৰ প্ৰস্তুত কৰাৰ ফলত সমগ্ৰ ত্তাই জাতিৰ ইতিহাস যথেষ্ট জটিলতাৰ ফালে গমন কৰে। ইতিহাস বস্তুটোৱেই ৰহস্যক খান্দি খান্দি অতীতৰ গৰ্ভ বিদাৰি সত্যক  পোহৰমুখী কৰা ।

সেয়ে হয়তো আমাৰ বুৰঞ্জীয়ে ঠিকেই নিজৰ বাখ্যা দিয়ে – বু মানে নজনা,ৰণ মানে জনোৱা আৰু জী মানে ভড়াল অৰ্থাৎ নজনা কথা জনোৱাৰ ভড়াল। দেখিছেনে চাওফাৰ শিপা বিচাৰি গৈ  আধা বাটতে ক’ত নিজৰ ঢোল কোবাই আছোঁ !  এইখিনিতে  আচৰিত হ’ব লগা অথচ আমোদজনক কথা এটা মই কোৱাই নাই । কথাটো এনেকুৱা যে যি ত্তাইসকলক আমি সতকাই মংগোলীয় বুলি কৈ থাকো এওঁলোককলৈ আমাৰ পশ্চিমীয়া দেশৰ একাংশ ইতিহাসবিদেও কঢ়া-আজুৰা কৰে ।

শিপাৰ সন্ধানত : কিংবদন্তী আৰু ইতিহাসৰ মাজেৰে প' কাও ছ্যু-কা-ফাক বিচাৰি

জৰ্জ স্কটৰ মতেৰে ত্তাইসকলক ইতিৰোপীয়ানসকলে শ্বানমূলৰ বুলি কোৱাৰ বিপৰীতে আন এগৰাকী ইতিহাসবিদ এ.এইছ.কাইনে ত্তাইসকলৰ লগত শিপাৰ লগত জড়িত ‘শ্বান (যিয়ে বাৰ্মাৰ ত্তাইসকলক বুজায়) শব্দত বৃটিছ সত্বা আৰু লাও (যিয়েই সকলো ত্তাই লোকক বুজায়) শব্দত ফৰাছী সত্বা থকা বুলি কয় ।‌ অৱশ্যে এই ধৰণৰ মতবাদ আৰু বহুত আছে যদিও এইবোৰ সৰ্বজন সন্মত নহয় ।

আমি অসমত আমাৰ যি ত্তাই-আহোমৰ ইতিহাস পঢ়ো তাৰ যথেষ্ট বিশ্বাসযোগ্য সমল আছে বাবে আমাৰ কষ্ট আংশিকভাৱে কম বুলিবই পাৰি কিন্তু আহোমসকলৰ অসমলৈ অহাৰ পূৰ্বৰ যি তাইসকলৰ ইতিহাস আছে সেয়া আমাৰ দৰে সহজ নহয় বৰঞ্চ যথেষ্ট বিবাদিত আৰু ৰহস্যঘন।

     কিন্তু যদি এই বিবাদিত-অৰ্ধপ্ৰমাণিত , অমিমাংসিত মতবাদবোৰ কেছেটৰ ৰীল কটা দি কাটি-কুটি মই শেহতীয়াকৈ সকলোৱে গ্ৰহন কৰা তথ্য আগবঢ়াও তেন্তে সেয়া হৈছে , ত্তাইসকল মূলতঃ চীনামূলীয় নহয় বৰঞ্চ কাদাই আৰু ইন্দোনেছিয়ানসকলৰ লগতহে ত্তাঈসকলৰ ভাষিক  তথা নৃতত্বগত সম্পৰ্ক অধিক বুলি Paul K. Benedict এ প্ৰমাণ কৰে ।

১৯৯৩ চনত য়ুনান ইনষ্টিটিউট অৱ চাউথ ইষ্ট এছিয়াৰ বিশিষ্ট গবেষক চেং টিপেনে নান ঝাওত একালত ত্তাইসকলৰ আধিপত্য চলিছিল বুলি কৰা স্বীকাৰোক্তিৰ কথাই এই গবেষণাত মোহৰ মাৰে বুলি ক’ব লাগিব।

অৱশ্যে খুব ওচৰ সম্পৰ্কীয় কাদাই আৰু ইন্দোনেছিয়ানসকলৰ ভিতৰত শব্দৰ সমিলমিল ত্তাই ভাষাৰ লগত কাদাইসকলৰ যথেষ্ট ঘনিষ্ঠ, গতিকে ইন্দোনেচিয়ান,কাদাইসকল আৰু ত্তাই তিনিওকে বহু যুগতে মেলাত হেৰাই যোৱা একালৰ ককাই-ভাই বুলি ধৰিলে আমাৰ তথ্যভিত্তিক সাধুটো চুটি হ’ব বুলিয়েই ধৰিব পাৰোঁ। একালত এৰা এৰি হোৱা এই তিনি ভাতৃৰে এক ভাই অৰ্থাৎ ত্তাইসকল ‘চীন’ৰ য়ুনান প্ৰদেশত উপস্থিত হয় আৰু এই ঠাইতে বহু যুগলৈ নিগুটিয়াকৈ বসতি স্থাপন কৰে।

      বিবৰ্তনৰ ইতিহাস বৰ সুন্দৰ।‌ ইতিহাস নাই কাৰ ?  ঠাইৰ,ভাষাৰ , জাতিৰ, খাদ্যৰ, পোছাকৰ আনকি এতিয়া চাওকচোন আমাৰ উপৰিপুৰুষৰো উপৰিপুৰুষৰ ইতিহাস আছে।  ঢুকি নোপোৱা ধৰণে ইতিহাস পোত খাই থাকে সময়ৰ গতিত । আমি আপাতত ক‌ওঁ ত্তাইসকল য়ুনানৰ পৰা অহা কিন্তু য়ুনানলৈকো চোন তেওঁলোক আন‌ এঠাইৰ পৰা অহা ! য়ুনানতে ত্তাইসকলৰ কেইবাটাও ফৈদৰ সৃষ্টি হয় আৰু ভাগে ভাগে বিভাজিত হৈ দক্ষিণ চীনৰ বিভিন্ন অংশত বিয়পি পৰে।

শিপাৰ সন্ধানত : কিংবদন্তী আৰু ইতিহাসৰ মাজেৰে প' কাও ছ্যু-কা-ফাক বিচাৰি

     এতিয়া লাহে লাহে চাপি আহিছোঁ আমাৰ চাওফাৰ কাষলৈ । চাওফাৰ বংশাৱলী বিচাৰিবলৈ হ’লে  ‘পাক পেঞ কা কা‘ত উল্লিখিত কাহিনী,আহোম বুৰঞ্জী আৰু কাশীনাথ তামুলী ফুকনৰ বুৰঞ্জী তুলি ল’ব‌ই লাগিব। চাওফাৰ বংশাৱলী বিচাৰিলে আটাইতকৈ জনপ্ৰিয় আৰু সৰ্বাধিক প্ৰচলিত কিংবদন্তিটোকেই আমি মানি ল’বলৈ বাধ্য। এইক্ষেত্ৰত ত্তাই শাস্ত্ৰসমূহতো আমি সৰগৰ ৰজা লেংদনৰ নিৰ্দেশ অনুযায়ী ধৰালৈ সোনৰ জখলাৰে নামি অহা খুনলুং আৰু খুনলাইৰ কথাই জানিবলৈ পাওঁ।

    কিন্তু খুনলুং আৰু খুনলাইৰ প্ৰসংগ ওলাওতেই কোৱা উচিত হ’ব যে বহু অসমীয়া ভাষাত লিখা বুৰঞ্জী পুথিত সৰগৰ দেৱতা যাক ত্তাই ভাষাত লেংদন বুলি কোৱা হয় , সেই লেংদনক হিন্দু ধৰ্মৰ ইন্দ্ৰ আৰু জাচিংফাক সৰস্বতী বুলি আৰ্যকৰণ কৰাৰ প্ৰৱণতা এটা আহোম স্বৰ্গদেৱে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পাছৰ পৰা আৰম্ভ হ’ল। তাৰ পূৰ্বে লেংদন আৰু ইন্দ্ৰদেৱতাক একেই বা জাচিংফাই সৰস্বতী বুলি কোনো ত্তাই পুথিত উল্লেখ নাছিল।‌

সম্ভৱতঃ হিন্দু ধৰ্মৰ জড়িতে স্বৰ্গদেউ তথা ডা-ডাঙৰীয়াসকলক আৰ্যকৰণ কৰাৰ উদ্দেশ্যেই এই ধৰণৰ কিছু পৌৰাণিক আৰু কিছু কাল্পনিক বৈদিক কাহিনীৰ উৎপত্তি ঘটিছিল। গতিকে লেংদন মানে ইন্দ্ৰ নাইবা জাচিংফা মানে সৰস্বতী বুলি লিখাটো আচলতে শুদ্ধ নহয়। ইয়াৰ ফলত ত্তাইসকলৰ যি ধৰ্মীয় স্বকীয়তা সেয়া লোপ পায় ।

     ত্তাই শাস্ত্ৰসমূহৰ মতেৰে লেংদনৰ এগৰাকী ভাতৃৰ নাম আছিল চেংটাও নুৱ’ কাইফা থুনখাম । তেখেতক এখন স্বৰ্গীয় ৰাজ্য মুংফিৰ ৰজা বুলি জনা যায়। তেখেতৰে পুত্ৰ চেংটাও ন্যেন’ কাইফা থেনখামৰ দুই পুত্ৰ খুনলুং (বৰ কোঁৱৰ) আৰু খুনলাই (সৰু কোঁৱৰ)ক লেংদনে পৃথিৱীলৈ গৈ শাসন কৰিবলৈ নিৰ্দেশ দিছিল। লেংদনে যাবৰ পৰত খুনলুং আৰু খুনলাইক আহাৰ (দিনপেট) মাহত ম’হ বলি দি অৰন্যদেৱ পুফিচুক সন্তুষ্ট কৰিবলৈ নিৰ্দেশ দিছিল।

ইয়াৰোপৰি , দুই কোঁৱৰক এটি বাকছত এগৰাকী মহাদেৱীৰ মূৰ্ত্তি , এটা দতাঁল হাতী , এযোৰ কাইচেংমুং (স্বৰ্গীয় কুকুৰা), এখন ফুলবছা কাপোৰ, এযোৰ ঢোল, এখন হেংডাং আৰু এটা বাকচত চুমফাৰুমুঙ (চোমদেউ)ৰ মূৰ্ত্তি এটা উপহাৰ হিচাপে দিছিল। চোমদেউৰ মূৰ্ত্তি থকা বাকচটো কোনো কাৰণতেই মাটিত থ’বলৈ বাধা দি বছৰী এবাৰ মূৰ্ত্তিটোক যথা বিধি দেৱভূষণ পৰিধান কৰাবলৈ নিৰ্দেশ দিয়ে।

তাৰ লগতে  চোমদেউৰ মূৰ্ত্তিটো দুই কোঁৱৰৰ বাহিৰে আনে দৰ্শন কৰাৰো বাধা দি প্ৰতিবছৰে মাঘ (দিনশ্বান) মাহৰ এটি শুভদিন চাই চোমদেউৰ মূৰ্ত্তিটোক ৰখা মন্দিৰত দুই কোঁৱৰে কোনো আহাৰ নোখোৱাকৈ  আঠুলৈ শ্ৰদ্ধা সহকাৰে নোৱাই-ধুৱাই তাৰ পানীৰ এটা অংশ দুই কোঁৱৰে কিছু পদজল হিচাপে গ্ৰহণ কৰিবলৈকো লেংদনে দিহা দিছিল।

      খুনলুঙে পৃথিৱীলৈ আহি ৪০ বছৰ শাসন কৰাৰ পাছত তেওঁৰ বৰ পুত্ৰ খুনচু , মুংখো মুংজাঙৰ ৰজা হোৱাৰ বিপৰীতে সৰু পুত্ৰ খুনখকফা মুংজঙৰ ৰজা হয়। আনফালে খুনলায়ে মুংৰিমুংৰামত ৭০ বছৰ শাসন কৰাৰ পাছত তেওঁৰ পুত্ৰ ৰজা আইজেপ-ত্যাওফা ৰজা হয়। পিছে আইজেপ-ত্যাওফাৰ মৃত্যুৰ পাছতে তেওঁ নি: সন্তান হোৱাৰ বাবে খুনলাইৰ বংশলতা  শেষ হয়।

আই জেপ ত্যাওফাৰ দিনত হোৱা এটা ঐতিহাসিক ঘটনা হৈছে তেওঁৰ দিনৰ পৰাই আই জেপ লাকনি ত্তাই বৰ্ষৰ আৰম্ভ হয়। ৬৩৮ খৃষ্টাব্দৰ পৰা এই ৬০ বছৰীয়া ত্তাই বৰ্ষৰ আৰম্ভণি ঘটে । আই-জেপ-ত্যাওফাৰ মৃত্যুৰ পাছত নিবংশ হোৱা খুনলাইৰ বংশ তথা মুংৰিমুংৰামৰ  ৰাজসিংহাসনৰ বাবে মন্ত্ৰী পৰিষদে খুনলাইৰ বংশৰে খামপংকাই নামৰ কোঁৱৰ এগৰাকীক বাচনি কৰে।  আনহাতে খামপংফাৰে সৰু ভাতৃ খামটিৎফা মাওলুঙৰ ৰজা হয় ।

তেওঁৰ পাছত নিফামাও,ছ্যুপৎফা,ছুঅনফা,ছু্হনফা,ছ্যুহাওফা,ছ্যুলিপফা নামৰ কেইগৰাকীমান ৰাজকোঁৱৰে মাওলুঙ শাসন কৰে। তাৰ পাছতে এটি সাংঘাটিক সংযোগ ঘটে । ছ্যুলিপফা নি:সন্তান হোৱাৰ বাবে খুনখকফা বংশৰ চাও টাই পুং ৰাজপাটত উঠে। এই টাই পুঙেই আছিল আমাৰ ছ্যুকাফাৰ পুথাদেৱক বা মাকৰ দেউতাক বা ককাদেউতাক।

টাই পুঙৰ শাসনৰ অন্ত পৰাত তেওঁৰ পুত্ৰ চাও পা মেও পুং ৰাজপাটত উঠে। এইসময় চোৱাত কিং চেন মাও লুক ৰাজপ্ৰাসাদত পাৰিবাৰিক অশান্তি আৰু দন্দ্ব আৰম্ভ হয়। চাও পা মেও পুং বহু বছৰ নি:সন্তান আছিল। তেখেতৰ পাছত ৰাজপাটত উঠিবলৈ এগৰাকী উপযুক্ত কোঁৱৰৰ প্ৰয়োজন হোৱাত ছ্যুকাফাৰ এনায়েকে মাওলুঙৰ পৰা ছ্যুকাফাক মোমায়েকৰ ৰাজ্য কিং চেন মাওলৈ লৈ আহে ।

পিছে তেনে সময়তে চাও পা মেও পুঙৰ  ৰাণী নাং নাম আপম গৰ্ভৱতী হোৱাত সন্দেহৰ আবেশত ৰজাই  গৰ্ভাৱতী ৰানীক ৰাজ্যৰ পৰা বিতাৰিত কৰে। বিস্তাৰিত ৰানীয়ে মুং মুট লাকনি বৰ্ষত ছ্যুখানফাক জন্ম দিয়ে । পিছে ৰানীক মিছা সন্দেহত  বিতাৰিত কৰাৰ পাছত  এই সমগ্ৰ ঘটনাৰ ফলত পা মেও পুং অনুশোচনাত মানসিক ভাবে ইমানেই ভাগি পৰে যে তেওঁ মানসিক ৰোগত আক্ৰান্ত হৈ এদিন নিজেই নিজৰ ডিঙি কাটি আত্মহত্যা কৰে।

এনে অৱস্থাত পিতৃৰ ৰাজপাটত দাবীদাৰ হিচাপে ছ্যুখানফাকেই সকলোৱে ৰজা হিচাপে ঘোষনা কৰাত চাওলুং ছ্যুকাফাৰ লগত দেখদেখকৈ অন্যায় কৰাৰ দৰে হ’ল। এই ঘটনাৰ পাছত ছ্যুকাফাৰ মন তিক্ততাৰে ভৰি পৰাত আইতাকে ছ্যুকাফাক অন্য কোনো দেশত নতুনকৈ নিজা ৰাজ্য গঠন কৰিবলৈ দিহা দিয়ে ।

   ‘ তোমালোক দুয়ো ককাই-ভাই নিজৰ মাজত কেতিয়াও দন নকৰিবা। আমাৰ  একেটা স্বৰ্গীয় বংশলতা । একে লগে সৰগৰ পৰা আহিছোঁ একেটা পেটলৈকে গৈছে। একে পঘাৰে বান্ধি অনা গৰু,ম’হ , একে লগে বান্ধি অনা কাপোন-কানি যেন হেৰুৱাব লগা নহয় ।’ ( কাশীনাথ তামুলী ফুকনৰ বুৰঞ্জী)

   ‘ মই পশ্চিমৰ মুং-পা-কাম ৰাজ্যলৈ যাওঁ য’ত চৰায়েও শান্তিত জিৰণি ল’ব পাৰে ।’ এইবুলি ভায়েক ছ্যুখানফাক নিশ্চিতি দি ছ্যুকাফাই মাওলুঙক বিদায় দিয়ে।

      ছ্যুকাফা তেওঁৰ পিতৃ ৰাজ্য মুংখা-মুং-জালৈ আহি পৈত্ৰিক সম্পত্তি তেখেতৰ অস্থাৱৰ সম্পত্তিৰ ভাগ বিচাৰে। ইতিমধ্যে ছ্যুকাফাকলৈ সকলোৱে বুজি উঠিছিল যে এইগৰাকী টাই যুৱৰাজৰ যোগ্যতা কোনো ৰকমেই কম নহয় বৰঞ্চ ছ্যুকাফাৰ ব্যক্তিত্ব‌ই পিতৃ ৰাজ্যৰ ডা-ডাঙৰীয়াসকলৰো মন মোহিত কৰে।

ছ্যুকাফাই পাৰিবাৰিক কিছু সম্পত্তিৰ উপৰিও খুনলুঙৰ বংশৰ প্ৰতীক হিচাপে চোমদেউৰ মূৰ্ত্তিটোও তেখেতৰ লগত লৈ ওলাই আহে । পিতৃ ৰাজ্যৰ পৰা এটা মতা হাতী আৰু এজনী মাইকী হাতীৰ উপৰিও মুংখা-মুং-জাৰ কিছু প্ৰজা আৰু ডা-ডাঙৰীয়াও ছ্যুকাফাৰ লগত নতুন ৰাজ্যৰ সন্ধানত মুংখা-মুং-জাৰ পৰা গুছি আহে ।

 তাৰ পাছৰ পৰাই ছ্যুকাফাৰ বাবে আৰম্ভ হয় জীৱন জয়ৰ সংগ্ৰাম ! কা কাউ লাকনি বৰ্ষত ছ্যুকাফা মুং কেলৈত উপস্থিত হয় । তাৰপৰাই তেওঁ নেতৃবৰ্গক পঠিয়াই বানলাক আক্ৰমণ কৰি দখল কৰে। তাৰ পাছত পাক-টু-লুং পৰ্বত অতিক্ৰম কৰি মুং-খাম-জঙত উপস্থিত হয়।

তাত থকা টপাটপ’ নামৰ জনগোষ্ঠীক আক্ৰমণ কৰি যুদ্ধত ঘটুৱাই ছ্যুকাফাৰ শৰণাপন্ন কৰি এগৰাকী ডাঙৰীয়া কাং-খ্ৰু-মুঙক তাৰ শাসনকৰ্তা হিচাপে নিযুক্ত কৰি ছ্যুকাফাই জং নৈৰে আহি খা নামৰ আন এটা জনজাতিকো নিজৰ অধীনলৈ আনে । তাৰ পাছত নাম জিন নৈৰে আহি টিপামত উপস্থিত হয়হি ।

শিপাৰ সন্ধানত : কিংবদন্তী আৰু ইতিহাসৰ মাজেৰে প' কাও ছ্যু-কা-ফাক বিচাৰি
নাম জিন নৈৰে আহি টিপামত উপস্থিত হয়হি

টিপামত কিছুদিন জিৰণি লোৱাৰ পাছত বান সংক্ৰান্তীয় কাৰণত তেওঁ দিখৌৰে ভটিয়াই গৈ কিছুদিন শিমলুগুৰিত আশ্ৰয়লৈ চৰাইদেউত ন কৈ খেতি-খোলা পাতি , ৰাজচ’ৰা গঢ়াই নিগাজিকৈ থিতাপি লয়। ৰাজধানী স্থাপন কৰি দেৱতাৰ বাবে ছ্যুকাফাই উত্তৰ আৰু দক্ষিণে দুটাকৈ ঘোৰা সমাধিস্থ কৰি উচৰ্গা কৰিছিল। তদুপৰি এজোপা বৰগছ সোনৰ সূতাৰে মেৰিয়াই তাৰ গুৰিত এটা ৰূপৰ পাত্ৰ স্থাপন কৰিছিল।

প্ৰথমাৱস্থাত ছ্যুকাফাই তিনিখন অনা টাই ৰাজ্য যেনে মুং কামতা (কমতা), মুং টুমিছা (কছাৰী) আৰু মুং তিউৰা (চুতীয়া) ৰাজ্যৰ উপৰি তিনিখন টাই ৰাজ্য গঠন কৰিছিল তিনিজন শাসক নিযুক্ত কৰিছিল।

       আমি দৈ-কাও-ৰং বা পাটকাই পৰ্বত পাৰহৈ  ১২২৮ চনত ছ্যুকাফা আহি ৰাজ্য স্থাপন কৰাৰ পাছত পৰৱৰ্তী কালৰ বুৰঞ্জী কম-বেছি পৰিমানে জানো। কিন্তু এই ছ্যুকাফা তথা ত্তাই জাতিৰ ইতিহাস সম্পৰ্কে আমাৰ এতিয়াও চৰ্চা দুখলগাকৈ শোচনীয়। ইতিহাসৰো অতীত আছে । আমাৰ পূৰ্বপুৰুষৰো পূৰ্বপুৰুষ আছিল । তেওঁলোকো আছিল বহু উত্থান-পতনৰ সাক্ষী।  চাবলৈ গ’লে ছ্যুকাফা নিজেই এক বৃহৎ বুৰঞ্জী। ছ্যুকাফা নিজেই ইতিহাসৰ উপজীৱ্য।

ৰাজনীতিৰ পৰা কূটনীতিলৈ, যুদ্ধক্ষেত্ৰৰ পৰা সামাজিক অনুষ্ঠানলৈ, পাৰিবাৰিক অন্যায়ৰ বলি হোৱাৰ পাছতো  চকু মুদি পৈত্ৰিক ৰাজ্য ভায়েকক এৰি দিব পৰাকৈ উদাৰ মনৰ পৰা নিজেই শূণ্যৰ পৰা আৰম্ভ কৰি এখন সাম্ৰাজ্যৰ গুৰি ধৰোঁতা হোৱালৈ ছ্যুকাফা নিজেই এটা বৃহৎ অনুষ্ঠান, গবেষণাৰ বিষয় , বিশ্বাস আৰু বিস্ময়, সাহস আৰু শক্তিৰ নজহা-নপমা  ইমাৰত ।

সেয়ে মাজে মাজে ভাবোঁ, আমি শিপাৰ সন্ধানত মাজে মাজে নামিব লাগে। আমাৰ শিপাৰ গভীৰতা জানিলেহে আমাৰ স্বজাতি নামৰ এইজোপা গছে শিপাৰ শক্তিক ধিয়াই গগনচুম্বী উচ্চতা লাভ কৰা সম্ভৱ।

আমাক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ গৌৰৱান্বিত কৰিবলৈ , ছশটা বছৰৰ ৰাজশাসনৰ অভিলেখ গঢ়িবলৈকে কাঁইটীয়া বাটেৰে খোজ কাঢ়ি আহি ছ্যুকাফাই আমাক বহুত দিলে। এতিয়া আমাৰ দায়বদ্ধতাৰ ওপৰত নিৰ্ভৰ কৰে আমি কিমান তেওঁলোকৰ যোগ্য উত্তৰাধিকাৰী হিচাপে কিমানখিনি নিশ্চিতি দিব পাৰোঁ বা পাৰিছোঁ ! চাওফাৰ পথ হওক আমাৰ বাবে পাথেয় !

শিপাৰ সন্ধানত : কিংবদন্তী আৰু ইতিহাসৰ মাজেৰে প' কাও ছ্যু-কা-ফাক বিচাৰি
টিপাম

আশ্ৰৱিকা বৰা নতুন প্ৰজন্মৰ এগৰাকী উদীয়মান লেখিকা / সম্পাদক, মহাবাহু 

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Aashrawika Borah

Aashrawika Borah

Related Posts

কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!
ASSAMESE SECTION

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

by JYOTIRMOY PRADHANI
September 9, 2026
0

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল ড০ জ্যোতিৰ্ময় প্ৰধানী ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত উত্তৰ পূৰ্বাঞ্চলত যিকেইখন দেশীয় ৰাজ্য আছিল তাৰ ভিতৰত...

Read moreDetails
সুধাকন্ঠৰ জীৱন পৰিক্ৰমা : চমু অৱলোকন

ভূপেন হাজৰিকা আৰু লুইত

September 6, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কামতাপুৰ আন্দোলন

September 3, 2026
চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

August 29, 2026
Mahabahu – Special Issue

অৰুনোদইৰ আঁত ধৰি

August 23, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d