শিল্পী দশৰথ দাসৰ বিয়োগ
কুমাৰ দীপক দাস

এতিয়া বহু নিশা
সাৰে আছো মাথো মই …..
অসমৰ বিশিস্ট সংগীতজ্ঞ ,গায়ক ,সংগীত পৰিচালক ,সুৰকাৰ আৰু অসমৰ প্ৰথমগৰাকী ব্ৰজ নাথ শৰ্মা বঁটা প্ৰাপক শিল্পী দশৰথ দাসৰ বিয়োগৰ বাতৰি আমাক শোকাকুল কৰি তুলিছে ।
’৭০ৰ দশকৰ পৰা অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ লগতে চলচিত্ৰসংগীতত অনন্য মাত্ৰা প্ৰদান কৰা দৰশথ দাসৰ মৃত্যু সংস্কৃতিৰ পথাৰখনৰ বাবে এক অপূৰণীয় ক্ষতি।
‘এতিয়া বহু নিশা
সাৰে আছো মাথো মই …
অসম স্টাৰ থিয়েটাৰৰ তেতিয়াৰ সেই জনপ্ৰিয় গীতটোৱে নতুবা কহিনুৰৰ
চন্দ্ৰা ও চন্দ্ৰাৱলী ..
এনে বহু গীতে আজিও আমাক আলোড়িত কৰি তোলে ।
তেখেতে তিনিখনকৈ অসমীয়া কথাছবি ‘ৰেলৰ আলিৰ দুবৰি বন ‘ , ‘সাদৰী‘ আৰু ‘সেন্দূৰ‘ ত তেওঁ সংগীত পৰিচালনা কৰিছিল ।
‘ৰেলৰ আলিৰ দুবৰি বন ‘ ১৯৯৩ত মুক্তি পোৱা এখন অসমীয়া ছবি। ছবিৰ পৰিচালক আৰু প্ৰযোজক আছিল পুলক গগৈ। সঙ্গীত পৰিচালক আছিল দশৰথ দাসদেৱ তেওঁৰ সুৰাৰোপিত গীত গাইছিল বলিউদৰ কণ্ঠশিল্পী কুমাৰ চানু আৰু কবিতা কৃষ্ণমূৰ্তিয়ে। ছবিখনে ৪০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ‘ৰজতকমল’ বঁটা লাভ কৰিছিল ।
উল্লেখ্য যে, পাশ্চাত্য সংগীত সম্পৰ্কে বিশেষ দখল থকা শ্ৰদ্ধাৰ শিল্পী দাসে কহিনুৰথিয়েটাৰে মঞ্চস্থ কৰা ‘টাইটানিক’ নাটকৰ সংগীত পৰিচালনা কৰিছিল ।
দশৰথ দাস এই গৰাকী সংগীতজ্ঞৰ সান্নিধ্য আৰুপৰিচালনাত প্ৰয়াত পুলক গগৈদেৱৰ দুখন চুটি ছবিত গীত গাবলৈ সুবিধা পোৱা মুহূৰ্তবোৰ আজিৰ এই দিনটোত গৌৰৱেৰে মনতপেলাই মাটিৰ শিল্পী শ্ৰদ্ধাৰ দশৰথ দা’লৈ আমাৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰিলোঁ ।
মহান শিল্পী গৰাকীৰ বিদেহ আত্মাৰ সদগতিকামনা কৰাৰ লগতে তেওঁৰ অতি প্ৰিয় জন্ম গাওঁ সাদেৰীৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।

23-10-2023
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)