-অসীম তালুকদাৰ |
শিশুপাল মহাভাৰতৰ এটা উল্লেখযোগ্য চৰিত্ৰ ৷ শিশুপালৰ দেউতাক দামাঘোষ আছিল ছেদী ৰাজ্যৰ (বৰ্তমান মধ্যপ্ৰদেশৰ বুন্দেলখণ্ড অঞ্চলৰ অন্তৰ্গত) ৰজা আৰু মাক শ্ৰুতশ্ৰাভা আছিল বসুদেৱৰ (শ্ৰীকৃষ্ণৰ দেউতাক) আপোন ভনীয়েক ৷ ৰাজকুমাৰ শিশুপালে চাৰিখন হাত আৰু তিনিটা চকু লৈ জন্ম গ্ৰহণ কৰিছিল ৷ সদ্য জাতকৰ অদ্ভূত ৰূপ দেখি লাজ আৰু ভয়ত বিতত হৈ পৰা শ্ৰুতশ্ৰাভাই শিশুপালক পৰিত্যাগ কৰিবলৈ সিদ্ধান্ত লৈছিল ৷ তেতিয়াই এক দৈৱবাণীয়ে মহাৰাণীক তেনে কাম কৰিবলৈ মানা কৰাৰ ওপৰিও এয়াও কৈছিল কোনোবা বিশেষ ব্যক্তি এজনে কেচুৱাটো কোলাত লোৱাৰ লগে সি স্বাভাৱিক ৰূপ ঘূৰাই পাব, কিন্তু ভৱিষ্যতে সেইজন ব্যক্তিৰ হাততেই শিশুটোৰ প্ৰাণনাশ হব ৷ পাছত কেচুৱাটো চাবলৈ অহা শ্ৰীকৃষ্ণই কেচুৱাটো কোলাত লোৱাৰ লগে লগে শিশুপালৰ অতিৰিক্ত হাত দুখন আৰু চকুটো খহি পৰে ৷ পেহীয়েকৰ অলেখ অনুনয় বিনয়ৰ ফল স্বৰূপে শিশুপালৰ এশ অপৰাধ মাৰ্জনা কৰিব বুলি শ্ৰীকৃষ্ণই পেহীয়েকক কথা দিয়ে ৷ ইটোৰ পাছত সিটো কুকৰ্মত লিপ্ত শিশুপালৰ এশ অপৰাধ ক্ষমা কৰাৰ অন্তত যুধিষ্ঠিৰ ৰাজ অভিষেকৰ সময়ত শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰেৰে শিশুপালক হত্যা কৰে ৷
এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ – এয়া কোনো ৰাজনৈতিক পোষ্ট নহয় ৷
কোভিডৰ দ্বিতীয় ঢৌৱে অসম তথা ভাৰতৰ অৱস্থা কাহিল কৰি তোলা সাম্প্ৰতিক পৰিস্থিতিৰ সৈতে শিশুপালৰ কাহিনীৰ কিছু সামঞ্জস্য থকা যেন অনুভৱ হয় ৷ ৰুষ্ট প্ৰকৃতিয়ে বাৰু ওভত গোৰে নচা মানৱ জাতিৰ কিমান অপৰাধ মৰিষণ কৰিব ? যোৱা বছৰৰ কোভিডৰ প্ৰথম ঢৌৰ অভিজ্ঞতাৰ পৰা আমি কিবা শিকিলোনে ? আনৰ গাত দোষ জাপি দায়িত্বৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰাটো মানুহৰ এক স্বভাৱজাত প্ৰবৃত্তি ৷ নিজৰ কৰ্মৰ দ্বাৰা অন্য দহজনৰ জীৱন বিপদাপন্ন কৰি পেলোৱাৰ পাছতো নিজে কুশলে থাকিলেই হ’ল বুলি ভবা প্ৰৱণতাই আমাক কি দিশলৈ লৈ গৈ আছে কোভিডৰ এই দ্বিতীয় ঢৌ তাৰেই জ্বলন্ত প্ৰমাণ ৷ সাধাৰণীকৰণ কৰিবলৈ চেষ্টা কৰা নাই ; কিন্তু “ যদি ৰাজনৈতিক দলবোৰে হাজাৰ হাজাৰ মানুহ গোট খুৱাই নিৰ্বাচনীয় সমাবেশ পাতিব পাৰে, আমি শ শ মানুহ গোট হৈ ৰঙালী বিহু কিয় নাপাতিম ?” – এনে ধৰণৰ প্ৰৱণতা পোষণ কৰা মানুহবিলাকো নিৰ্বাচনীয় সমাবেশ পতা মানুহৰ সমানেই দায়ী ৷ মানুহ গোট খাব নালাগে বুলি কোৱা নাই, কিন্তু এই মহামাৰীৰ সময়ত সেয়া আমি সামাজিক দূৰত্ব মানি চলি আৰু মাস্ক পিন্ধিও কৰিব পাৰোঁ ৷ বৰ্তমান ইজনে সিজনৰ লগত সহযোগ কৰাৰ সময় ৷ দহজনৰ দোষ খুচৰি থকাতকৈ চিকিৎসক আৰু প্ৰশাসনে যাতে আমাক সহায় কৰিব পাৰে, তাৰ বাবে আমি তেওঁলোকক যথাসাধ্য সহায় কৰা উচিত ৷ সামাজিক দূৰত্ব মানি চলক, মাস্ক পিন্ধক ৷ মানৱজাতিয়ে সন্মুখীন হোৱা এনে ভয়াবহ পৰিস্থিতিৰ সময়তো স্বাৰ্থলোভী কিছুমান মানুহৰ দৌৰাত্ম্যৰ কাহিনী শুনি স্তম্ভিত হৈছো ৷ বিশ্বৰ বিভিন্ন প্ৰান্তত ভেকচিনৰ সলনি বটলত পানী নাইবা অনুৰূপ জুলীয়া পদাৰ্থ বিক্ৰী কৰা, বেজীটো শৰীৰত সুমুৱাই দি দৰৱখিনি নেহেচাকৈ উলিয়াই আনি আন কাৰোবাক একেখিনি দৰৱ দিয়া আদি খবৰ ওলাইছে ৷ আমাৰ অসমতো ৰাতিটোৰ ভিতৰতে বয়-বস্তুৰ দাম বঢ়াই দিয়াৰ খবৰ ওলাই আছে ৷ এই সকলোবোৰ আমাৰ অপৰাধ নহয় নে ?
আমেৰিকাই ইতিমধ্যে দুশ নিযুত লোকক ভেকচিন প্ৰদান কৰিছে, ইজৰাইলে প্ৰায় সমগ্ৰ জনগণক ভেকচিন প্ৰদান কৰি কোভিড নিয়ন্ত্ৰণলৈ আনিছে – তেনে ধৰণৰ পৰিসংখ্যা ব্যৱহাৰ কৰি চৰকাৰক সমালোচনা কৰা সহজ, কিন্তু বাস্তৱ পৰিস্থিতিত সি সিমান উপযোগী নহয় ৷ প্ৰতিখন দেশৰে আৰ্থ-সামাজিক পৰিস্থিতি, জন গাঁথনি আদি বেলেগ বেলেগ ৷ উদাৰহণ স্বৰূপে ইজৰাইলৰ জনসংখ্যা ভাৰতৰ তুলনাত নিচেই কম ৷ আমেৰিকা পৃথিৱীৰ আটাইতকৈ ধনী দেশ, কিন্তু ইয়াৰ জনসংখ্যা ভাৰতৰ প্ৰায় এক চতুৰ্থাংশ ৷ গতিকে ভাৰতৰ লগত এই দুখন দেশৰ পোনপটীয়া তুলনা সম্ভৱ নহয় ৷ কিছুমানে এয়াও কৈ আপত্তি কৰিছে যে ভাৰতবৰ্ষতকৈও বেছি জনসংখ্যাৰ চীনে যদি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে, তেন্তে ভাৰতে কিয় পৰা নাই ? চীন দেশত ব্যক্তিগত আৰু বাক-স্বাধীনতা মৌলিক অধিকাৰৰ ভিতৰত নপৰে ৷ চীনৰ চৰকাৰে সামাজিক দূৰত্ব বাধ্যতামূলক কৰিম বুলি সিদ্ধান্ত লৈ কোনো প্ৰশ্নৰ সন্মুখীন নোহোৱাকৈ এখন চহৰৰ বিছ লাখ জনসংখ্যাক দুমাহলৈ ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখিব পাৰে ৷ ভাৰতত সেয়া কেতিয়াও সম্ভৱ নহয় ৷ চৰকাৰৰ হেমাহিৰ কাৰণে পৰিস্থিতিৰ অৱনতি ঘটিছে সেয়া হয়তো সঁচা, কিন্তু এই ভয়াবহ পৰিস্থিতিৰ সময়ত নাগৰিক আৰু চৰকাৰ, ইজনে সিজনক সহযোগ নকৰিলে ভৱিষ্যতে সমালোচনা কৰিবলৈও সুযোগ নাপাবও পাৰো ৷
দিনে দিনে মানুহবোৰ বেছি উগ্ৰ হৈ পৰিছে ৷ মানৱজাতিৰ শ্ৰৱণ শক্তি যেন হ্ৰাস পাইছে ৷ সৰহভাগ মানুহৰে আজিকালি চিন্তাধাৰা এনে ধৰণৰ – “মই কাৰো কথা নুশুনো, কিন্তু মোৰ কথা সকলোৱে মানি চলিব লাগিব” ৷ ধানটোৱে প্ৰতি কণটো, মানুহটোৱে প্ৰতি মনটো – প্ৰত্যেকৰে নিজে নিজৰ কাৰণে চিন্তা কৰাৰ অধিকাৰ আছে ৷ “মই বিচৰা ধৰণে আপুনি নাভাবিলে আমি বন্ধু হোৱা উচিত নহয়” – এনেকৈ ভবা মানুহৰ সংখ্যা যেন দিনে দিনে বাঢ়ি আহিছে ৷ সামাজিক মাধ্যমৰ বহুল ব্যৱহাৰ ইয়াৰ এটা মুখ্য কাৰণ বুলি মই ভাবো ৷ “ঘটনা এইটো আৰু এতিয়া ঘটনাটোৰ বিষয়ে আপুনি কেনেকৈ ভাবিব সেয়া আমি কৈ দিম” বুলি অপপ্ৰচাৰ আৰু অঘোষিত প্ৰচাৰত লিপ্ত হোৱা টিভি নিউজ চেনেল আৰু বাতৰি প্ৰতিষ্ঠানবোৰ সৰ্বসাধাৰণৰ শুভাকাংক্ষী নহয় ৷ ব্যক্তিগত মতামতকে খবৰ হিচাপে প্ৰচাৰ কৰা সকলে দেশ সেৱা কৰা নাই ৷ শাৰী শাৰীকৈ জ্বলি থকা চিতাৰ ছবি বাৰে বাৰে প্ৰচাৰ কৰা কাৰ্যই মানুহৰ মাজত সজাগতা বৃদ্ধি কৰাৰ পৰিৱৰ্তে আতংক বিয়পোৱাতহে হে সহায় কৰিব ৷ আজিৰ তাৰিখত (২৩ এপ্ৰিল) কোভিডৰ বলি মানুহৰ সংখ্যা এনে ধৰণৰ – ১) আমেৰিকা যুক্তৰাষ্ট্ৰ (পাঁচ লাখ চৌৰাশী হাজাৰ) ২) ব্ৰাজিল (তিনি লাখ চৌৰাশী হাজাৰ) ৩) ভাৰত (এক লাখ সপ্তাশী হাজাৰ) আৰু ৪) ৰাছিয়া ( এক লাখ সাত হাজাৰ) ৷ যোৱা বছৰ এই সময়ত নিউয়ৰ্কৰ দৰে ঠাইত প্ৰতিদিনে হাজাৰতকৈও অধিক লোকৰ মৃত্যু হৈছিল ৷ কিন্তু মৃতক বা মৃতকক সমাধিস্থ কৰাৰ ছবি পশ্চিমীয়া প্ৰচাৰ মাধ্যমে ইমান বেছি হাৰত প্ৰচাৰ কৰা নাছিল ৷ কোভিডৰ দ্বিতীয় ঢৌৱে আমাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে চিনাকি বহুতকে আতৰাই লৈ গৈছে ৷ কিন্তু মৃত্যুৰ খবৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ অঘোষিত প্ৰতিযোগিতাত লিপ্ত হোৱা কাৰ্যই মানুহৰ মানসিক অৱক্ষয়ৰ কথাকে সূচায় ৷
বৰ্তমানৰ দেশৰ ৰাজনৈতিক পৰিবেশ অতিশয় স্পৰ্শকাতৰ ৷ সাধাৰণ ভাবে কোৱা কথা এষাৰৰো কিবা জটিল অৰ্থ বিচাৰি উলিওৱা মানুহৰ অভাৱ নাই ৷ আপুনি ভোট দিয়া ব্যক্তিজনক নাইবা ৰাজনৈতিক দলটোক মই ভোট নিদিয়াৰ অৰ্থ এই নহয় যে মই আপোনাৰ শত্ৰু ৷ যদিহে এই সাধাৰণ কথাটো আমি উপলব্ধি কৰিব নোৱাৰো তেতিয়া আমি জীৱশ্ৰেষ্ঠ বুলি অহংকাৰ কৰাৰ কোনো যুক্তি নাই ৷ দুদিন পাছত নিৰ্বাচনৰ ফলাফল ঘোষিত হব ৷ ফলাফল যিয়েই নহওক কিয়, এটা বৃহত্তৰ অসমীয়া জাতি হিচাপে জীয়াই থাকিবলৈ ইজনে সিজনৰ লগত সহযোগ নকৰিলে নচলিব ৷ চৰকাৰ গঠন হব, কোনোবা ৰাজপাটত বহিব ৷ কিন্তু আমি সাধাৰণ মানুহবোৰে নিজৰ বন্ধু বান্ধৱৰ মাজতেই পূৰ্বৰ দৰেই জীয়াই থাকিব লাগিব ৷
শেষত ভূপেন দাৰ কথাৰে –
মানুহে মানুহৰ বাবে
যদিহে অকণো নেভাবে
অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা ?