মৌচুমী ফুকন
ডাঙৰ সকলৰ দৰে শিশুসকলৰ মাজত দেখিবলৈ পোৱা খং এক স্বাভাৱিক প্ৰক্ৰিয়া। কিবা কথাত বিৰ্মষ বা মন বেয়া হৈ থাকিলে শিশুৰ ক্ষেত্ৰত এই খং বেছিকৈ দেখিবলৈ পোৱা যায়। এই আচৰণৰ প্ৰকাশভঙ্গি বিভিন্ন ধৰণৰ যেনে আমনি কৰা, গুৰিয়াই দিয়া, লঠিয়াই দিয়া, কোনো বস্তু দলিয়াই দিয়া, মাটিত বাগৰা, চিঞৰা, বেয়া কথা কোৱা, কামোৰা ইত্যাদি।
এটি শিশুৱে যেতিয়া মনৰ ভাৱবোৰ বিচৰাধৰণে প্ৰকাশ কৰিব নোৱাৰে তেনে ক্ষেত্ৰত বহু বেছি খঙাল হোৱা দেখা যায়। বহুসময়ত শিশুৰ এনে আচৰণে অভিভাৱক সকলক অস্থিৰ কৰাৰ লগতে চিন্তিত কৰি তোলে। সেয়ে অভিভাৱক সকলে বুজা উচিত যে কিয় শিশুটিয়ে এনে আচৰণ কৰিছে বা কিয় বিচৰাধৰণে সঠিকভাৱে মনৰ ভাৱ প্ৰকাশ কৰিব পৰা নাই। যাৰ কাৰণে মনৰ ভাৱবোৰ খংৰ ৰূপত দেখিবলৈ পোৱা গৈছে। ইয়াৰ ওপৰিও এই আচৰণৰ ফলত যদি শিশুটিৰ বিচৰা কামটো সিদ্ধি হয় তেনে ক্ষেত্ৰত শিশুৰ মাজত খঙৰ স্বভাৱ বাঢ়ি যোৱা দেখা যায়। বহু সময়ত দেখা যায় যে মাক দেউতাকৰ লগতে পৰিয়ালৰ আন সদস্যাৰ মনোযোগ আকৰ্ষণ কৰিবলৈও বিভিন্ন ধৰণৰ কৌশল প্ৰয়োগ কৰা দেখা যায়। কোনো কাৰণ নোহোৱাকে জানি বুজি কৰা খঙাল আচৰণ মনোযোগ আৰ্কষণৰ এক কৌশল।
শিশুসকলৰ মাজত দেখিবলৈ পোৱা খঙাল আচৰণৰ সৈতে মোকাবিলা কৰাৰ কেইটামান উপায় :
১. প্ৰতিক্ৰিয়া প্ৰকাশ: শিশুটিৰ খঙাল আচৰণ দেখাৰ লগে লগেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো প্ৰয়োজন। তেতিয়া শিশুটিয়ে বুজি উঠিব যে তেওঁ কৰা আচৰণ গ্ৰহণযোগ্য নহয়। যদি শিশুটিয়ে আন শিশুক মাৰে বা কামোৰে লগে লগে সেই ঠাইৰ পৰা শিশুটিক বেলেগ ঠাইলৈ নি অলপ সময় অকলশৰে থাকিবলৈ দিয়া উচিত। তেতিয়া শিশুটিয়ে বুজিব পৰা হ’ব যে তেওঁ কৰা আচৰণ ভাল নহয় আৰু এনে কৰিলে ভৱিষ্যতে লগৰীয়াৰ লগত খেলিবলৈ নোৱাৰিব।
২. নিয়ম বান্ধি দিয়া: নিয়ম বান্ধি দিলে শিশুটিয়ে অনুমান কৰিব পৰা হয় যে যি কামেই নকৰক কিয় এই নিয়মৰ মাজত কৰাটোহে গ্ৰহণযোগ্য। অভিভাৱকৰ লগতে ঘৰৰ আন আন সদস্যসকলৰ লগতও শিশুটিৰ বাবে ৰখা নিয়মবোৰ আলোচনা কৰাটো ভাল যাতে অভিভাৱকৰ অনুপস্থিতিত নিয়মৰ বাহিৰত একো কাম নকৰে।
৩. অভিভাৱকসকল নিজে উদাহৰণ হোৱা: এটা কথা মনত ৰখাটো উচিত যে শিশুসকলে সদায় মাক দেউতাকক অনুসৰণ কৰে। মাক দেউতাক সন্তানৰ বাবে প্ৰথম উদাহৰণ। শিশুটিয়ে কিবা ভুল কৰাৰ সময়ত অভিভাৱক সকলে উত্তেজিত নহৈ ধৈয্য ধৰি শান্ত ভাৱেৰে শিশুটিৰ মনৰ ভাৱ বুজি সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰা উচিত। অভিভাৱক সকলে ইজনে সিজনৰ লগত মৰম, ভালপোৱা, সন্মান সহকাৰে আচৰণ কৰিৱ লাগে বিশেষকৈ সন্তানৰ আগত।
৪. ভাল আচৰণৰ প্ৰশংসা কৰা: শিশুটিৰ খঙাল আচৰণৰ প্ৰতিক্ৰিয়াৰ সমানেই প্ৰয়োজনীয় শিশুটিয়ে কৰা ভাল আচৰণৰ বা ভাল কামৰ প্ৰশংসা। প্ৰশংসাই কোনো এটা কাম আজিতকৈ কালিলৈ ভালকে কৰাত উদগনি যোগায়। লগতে শিশুৰ খঙাল স্বভাৱ কমি অহাত সহায়ক হয়। ইয়াৰ পৰিৱৰ্তে ভাল আচৰণ কৰিবলৈ আৰম্ভ কৰে।
৫. খঙৰ কাৰণ জানিবলৈ বিচৰা: কিছু শিশুৱে নতুন পৰিৱেশত আহিলে বা আলহী ঘৰত আহিলে খঙৰ আচৰণ কৰা দেখা যায়। কেতিয়াবা শিশুৱে ভোক লাগিলেও খং কৰে। সেয়ে অভিভাৱকসকলে শিশুটিৰ কিয় খং উঠে সেই বিষয়ে জনাটো প্ৰয়োজন। কাৰণবোৰ আগতীয়াকৈ জানিব পৰা হ’লে শিশুটিৰ মনৰ ভাৱক সহযোগ কৰি তেনে আচৰণ কৰাৰ আগতেই সমস্যাবোৰ ঠিক কৰাৰ চেষ্টা কৰিব পাৰি।
৬. শক্তিৰ উচিত ব্যৱহাৰ: খঙাল শিশুবোৰ বহু বেছি উৎপতীয়া,চঞ্চল হোৱা দেখা যায়। বল প্ৰয়োগৰ উচিত উপায় নজনাৰ বাবে বহু শিশুৰ ক্ষেত্ৰত সুবিধা পালেই নকৰিবলগীয়া কিছু খঙাল আচৰণ কৰা দেখা যায়। তেনে শিশুক বিভিন্ন ধৰণৰ খেল যেনে ফুটবল, ক্ৰিকেট,এথেলিটচ ইত্যাদি বিষয়ত ব্যস্ত ৰখাৰ প্ৰয়োজন যিয়ে খঙৰ পৰিমাণ কমাই ৰখাত সহায় কৰে।
অভিভাৱক সকলেই একমাত্ৰ উপায় যিয়ে শিশুসকলৰ এনে ধৰণৰ আচৰণৰ লগতে বাকী সকলোবোৰ সঠিকভাৱে পৰিচালনা কৰিব পাৰে। এই সকলোবোৰৰ মূল চাবিকাঠি হৈছে সন্তানৰ লগত যিমান পাৰি সিমান সময় কটোৱা যিয়ে সন্তানটিক বুজি পোৱাৰ লগতে কোন সময়ত কেনেধৰণৰ আচৰণ কৰে আৰু সেইসমূহ কিদৰে ঠিক কৰিব পৰা যায় তাৰ সঠিক উপায় নিৰূপণ কৰাত সহায়ক হয়।