• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, August 9, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Uncategorized

শিশুৰ টোপনিৰ সমস্যা

ডা° সুকৃতি চৌধুৰী

by Admin
January 3, 2022
in Uncategorized
Reading Time: 3 mins read
0
baby sleeping on white cotton

Photo by Pixabay on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

–ডা° সুকৃতি চৌধুৰী

নমস্কাৰ বন্ধু-বান্ধৱী সকল🙏
কণ কণ শিশুহঁতক কি যে মৰম লাগে ৷ কিন্তু বৃহৎ সংখ্যক কণমানিৰ মাকেই এই অভিযোগ কৰে যে শিশুহঁতে ভালকৈ টোপনি নেযায় আৰু আমনি কৰে ৷ যাৰ ফলত মাকহঁতৰ টোপনি ক্ষতি হৈ অৱস্থা নোহোৱা হয় ৷ তদুপৰি, উপযুক্ত সময় ভালদৰে নুশুৱাৰ ফলত শিশুৰ স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰে ৷ 

RelatedPosts

Fresh Israel-Palestinian Islamic Jihad truce prevents ‘full-scale war’

Fresh Israel-Palestinian Islamic Jihad truce prevents ‘full-scale war’

August 9, 2022
UN Human Rights Office ‘deplores’ executions in Singapore

UN Human Rights Office ‘deplores’ executions in Singapore

August 3, 2022
গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰঃ পণ্ডিত ৰবি শংকৰৰ গুৰুপ্ৰেম 

পণ্ডিত ৰবি শংকৰৰ অনন্য গুৰুপ্ৰেম সম্পৰ্কে দুষাৰ

July 26, 2022

আজি আপোনাৰ সৈতে শিশুৰ টোপনিৰ সমস্যাটো লৈয়েই কথা পাতিব খুজিছো ৷ প্ৰথমতেই চাওঁ আহকচোন বয়স অনুপাতে শিশুয়ে কিমান সময় শুৱা উচিতঃ
বয়স   সময়            ২৪ ঘন্টাত শুব লাগে                                        
জন্মৰ পৰা ০৩ মাহলৈকে —–১৬ঘন্টা
০৩ মাহৰ পৰা ০৫ মাহ ——-১৪ ঘন্টা
০৫ মাহৰ পৰা ২৪ মাহ ——-১৩ ঘন্টা
০২ বছৰৰ পৰা ০৩ বছৰ ——১২ ঘন্টা
০৩ বছৰৰ পৰা ০৫ বছৰ ——১১ ঘন্টা
০৫ বছৰৰ পৰা ০৯ বছৰ —– ১০ ঘন্টা ৩০ মি:
০৯ বছৰৰ পৰা ১৩ বছৰ ——১০ ঘন্টা

আপোনাৰ কণমানিহঁতে শুব নোখোজাৰ এক নম্বৰ কাৰণ হিচাপে মই ক’ব খুজিম যে  তাহাতৰ বাবে এখন উপযুক্ত শোৱাৰ ৰুটিন দিয়া হোৱা নাই ৷ যেনে ধৰক > ভিজা টাৱেল এখনেৰে গোটেই গাটো ভালকৈ মচি দিলে ৷ গাটো শুকোৱাৰ পিছত পাউডাৰ দিলে ৷ মুৰটো ফণীয়াই দিলে ৷ ঢিলা আৰামদায়ক কাপোৰ পিন্ধাই দিলে ৷ তাৰ পিছত ধুনীয়া কাহিনী এটা শুনাব…..বেছিভাগ ক্ষেত্ৰতে অভিভাৱকে যদি এদিন কৰে, তেনেহ’লে আন এদিন নকৰে ৷ এই ‘fixed routine’ খন অনুসৰণ নকৰাৰ বাবে শিশুৰ মনৰ জগতখন খেলিমেলি হৈ যায় ৷ তেওঁলোকে বুজি নোপোৱাকৈ ভাবি থাকে যে কালি এইবোৰ কৰাৰ দৰে মায়ে আজি এইবোৰ নকৰে কিয় ৷ ফলাফল হিচাপে টোপনি নহা হয় ৷ 
চিকিৎসক হিচাপে মই বুজিব পাৰো এবাৰ মাতৃ হোৱাৰ পিছত এগৰাকী নাৰী কি ধৰণৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ মাজেৰে পাৰ হ’ব লগা হয় ৷ ঘৰৰ কাম, কেচুৱাৰ আমনি, মানুহজনৰ নতুন নতুন ডিমাণ্ড, দিনটো শাহু আইৰ ৰঙা চকু (😁), অনেক জনৰ ফ্ৰী এডভাইচ (😁) আৰু তাৰ লগতে যদি কেতবোৰ শাৰীৰিক খেলি-মেলি যেনে PMS বা ৰক্তস্ৰাৱ আদিৰ অনিয়মীয়া (বেছিকৈ হোৱা বা নোহোৱা) আদিবোৰ যোগ হয় তেনেহ’লে ultimately ফুলৰ দৰে শিশুটোৱেই মাকৰ কেটেৰা-জেঙেৰা শুনিব sure(😁) ৷ Soft toy ৰ দৰেতো থেকেঁচা মাৰিব নোৱাৰে, গতিকে মাকৰ চকুৰে “বিগলিত গংগা জাহ্নৱী যমুনা ” বৈ যাবই 😁জানো দিয়ক ৷ এইবোৰ “ঘৰ ঘৰ কী কাহানী” 😁 ৷ উপভোগ কৰক জীৱনৰ এই সময়বোৰ ৷ এই দিনবোৰ আকৌ নাহে নহয় ৷ এসময়ত এইবোৰ আপোনাৰ বাবে ইমান যে  মৰম লগা স্মৃতি হৈ পৰিব সেয়া আজি আপুনি অনুভৱেই কৰিব নোৱাৰিব ৷ শিশুক ওপৰৰ পেৰেগ্ৰাফটোত কোৱাৰ দৰে এখন নিৰ্দিষ্ট ৰুটিনত শুৱাব ৷ ৰুটিনখন এদিনো মিচ নকৰিব ৷ যদি তাৰ পিছতো শিশুৰ টোপনি ভাল হোৱা নাই তেনেহ’লে শিশু ৰোগ বিশেষজ্ঞক দেখা কৰক ৷ আপুনিনো কোনখন ‘bed time routine’ সদায় অনুসৰণ কৰে কওঁক ৷ তেখেতে ইয়াৰ দোষ-ত্ৰুটিবোৰ আপোনাক আঙুলিয়াই দিব আৰু আপোনাৰ কলিজাৰ টুকুৰাটোৰ উপযোগীকৈ আন এখন bed time routine তৈয়াৰ কৰি লোৱাত আপোনাক সহায় কৰিব ৷
আপুনি ইমান ডাঙৰ হ’ল, তাৰ পিছতো কিয় নুবুজে যে আপোনাৰ কলিজাৰ টুকুৰাটোৰো আন্ধাৰত ভয় লাগে😁😁 ইমান লাইটৰ বিল ভৰে, কিন্তু  ডিম বাল্ব এটা কিয় জ্বলাব নোৱাৰে ?? আন্ধাৰত সৰু সৰু শিশুহঁতে ভালকৈ টোপনি নেযায় ৷ ভয় /আতংকত থাকে ৷ এটা ডিম বাল্ব আজিয়েই জ্বলাই ৰখাৰ ব্যৱস্থা কৰক ৷
শিশুয়ে ৰাতি টোপনিৰ পৰা সাৰ পালে বুলিয়েই আপুনি অ’ভাৰ ৰিয়েক্ট নকৰিবচোন ৷ আপুনি ৰাতি সাৰ নেপায় জানো ?  এই ৰাতিখন গালি-গালাজ নকৰিবচোন😁 বেচেৰা/বেচেৰীহঁতৰো “সন্মান” আছে দিয়কচোন😁😁😁 , একো নহয় দিয়ক ৷ শান্ত হৈ থাকক ৷ পৰিৱেশটো শান্ত কৰি ৰাখক। মাত্ৰ পৰীক্ষা কৰি চাওক যে শিশুৰ ভৰিৰ ফালে বানপানী আহিল নে কি😁😁৷ আলফুলকৈ এবাৰ টয়লেটলৈ নি কৰ্ম কৰাই আনি শান্ত হৈ থাকক ৷ অকনমান পিছত আকৌ নিজে নিজেই শুব ৷ বৰ বেছি আপোনাৰ অকনমাণ বুকুৰ উম দৰকাৰ হ’ব শিশুটোক ৷
শোৱা কোঠাটো ভালদৰে পৰীক্ষা কৰক ৷ ইয়াত এনেকুৱা কিবা আছে নে কি যিটো দেখি আপোনাৰ শিশু আতংকিত হয় ৷ যেনে ধৰক ৱাল পেইন্টিং, বা ‘show piece’ বা যি কোনো বস্তু যিটো আপোনাৰ চকুত ভাল লগা কিন্তু ইয়াৰ ৰং বা ‘shape’ আদিয়ে শিশুটোক আতংকিত কৰি আছে যিটো আপুনি গমেই পোৱা নাই ৷
বহুতো শিশুৰ ক্ষেত্ৰত ৬ বছৰ বয়সৰ পৰা ১২ বছৰ বয়সৰ মাজৰ সময়ছোৱাত কেতিয়াবা ৰাতি টোপনিত উঠি খোজ কাঢ়ি যাবলৈ চেষ্টা কৰা দেখা যায় ৷ ৰ’ব ৷ ভয় নেখাব ৷ মাত্ৰ ঘৰৰ দুৱাৰ আদি বন্ধ আছে নে নাই তাৰ প্ৰতি লক্ষ্য ৰাখক ৷ এনে অৱস্থাত শিশুটোক জগাই নিদিব ৷ কাৰণ খোজ কাঢ়ি গৈ থকা অৱস্থাত সাৰ পালে শিশুটোয়ে ভীষণ ভয় খাই যাব পাৰে আৰু আন প্ৰকাৰে তাৰ ক্ষতি হ’ব পাৰে। সাধাৰণতে ১২ বছৰৰ পিছত এনেদৰে টোপনিতে উঠি যোৱা ধৰনৰ কাম শিশুৱে নকৰে ৷ যদিহে কথাটোৰ সঘন পুণৰাবৃত্তি হৈ আছে আৰু ১২ বছৰৰ পিছতো এনেকৈ ৰাতি টোপনিত খোজ দিয়ে তেনেহ’লে শিশু বিশেষজ্ঞ চিকিৎসকৰ কাষ চাপক ৷
শিশুটোয়ে আগতে ভালদৰে শুইছিল ৷ কিন্ত কেইদিনমানৰ পৰা ৰাতি আমনি কৰি আছে ৷ তাৰ অৰ্থ হ’ল শিশুটোৰ কিবা এটা শাৰীৰিক সমস্যা হৈছে বা স্কুলত অথবা ঘৰত কোনো কাৰণে সি ভয় খাইছে ৷ ধৈৰ্য্য সহকাৰে আচল কাৰণটো আপুনিয়েই বিচাৰি উলিয়াব লাগিব।
যদিহে শিশুটোৱে ৰাতি কাঁহ মাৰি  বা গা খজুৱাই থাকি নুশুই উঠি থাকি –তেনেহ’লে চিকিৎসকৰ কাষ চাপোতে দেৰী নকৰিব ৷ সাধাৰণতে অস্থমা বা eczema আদি হ’লেও শোৱাৰ ক্ষেত্ৰত শিশুৰ টোপনি নোযোৱাকৈ থকা দেখা নেযায় ৷ কিন্তু যদিহে শুৱা নাই তেনেহ’লে ইয়াৰ কাৰণ নিৰ্ণয় কৰিব কেবল শিশু চিকিৎসা বিশেষজ্ঞই বিতং স্বাস্থ্য পৰীক্ষাৰ পিছত ৷ 
ৰাতি যদি বেয়া সপোন দেখি আপোনাৰ শিশুটোয়ে উঠি বহে, ভয়তে চিঞৰি দিয়ে বা কান্দি দিয়ে তেনেহ’লে আপুনিও খঙতে তাৰ সমানে সমানে নিচিঞৰিবচোন😁 ৷ বেচেৰা/বেচেৰীয়ে ভয় খাইছে ৷ বুকুত লওক ৷ বাদ দিয়ক হে আপোনাৰ ভাগৰ ৷ এই বয়সত আপুনি আপোনাৰ মাক কিমান জ্বলাইছিল সুধিম নে কি কওক 😁 ৷ শুৱাৰ আগতে শিশুক ভূত-প্ৰেত বা দানৱৰ গল্প নুশুনাব ৷ মোবাইল বা আন কিহবাত এনেধৰণৰ এনিমেচন ফিল্ম নেদেখুৱাব ৷ লক্ষ্য ৰাখক যাতে শিশুৰ মনটো শুৱাৰ আগতে শান্ত হৈ থাকে আৰু কোনো ধৰনৰ উত্তেজনা নেথাকে।
কিছুমান নিৰ্দিষ্ট ঔষধ খোৱাৰ পিছতো শিশুৰ anxiety হয় আৰু নুশুয়ে ৷ যদিহে কোনো ৰোগৰ বাবে শিশুটোক ঔষধ দি আছে তেনেহ’লে জানি ল’ব যে এই ঔষধৰ এই ধৰনৰ পাৰ্শ্বক্ৰিয়া আছে নে কি ৷ ঔষধৰ কোৰ্চটো শেষ হোৱাৰ পিছত শিশুটোয়ে এনে আচৰণ আৰু নকৰে ৷ চিন্তা কৰিব নালাগে ৷
শিশুটোয়ে যদিহে ৰাতি দুবাৰতকৈ বেছিকৈ প্ৰস্ৰাৱাৰ বাবে উঠে তেনেহ’লে ই Urinary tract infection ৰ বাবেও হ’ব পাৰে ৷ একেৰাহে কেইবাদিনো এনে হৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ লওঁক ৷ 
শিশুটোৱে ৰাতি টোপনিতে উঠি বহি চিঞৰ-বাখৰ কৰে বা কান্দে ৷ তাৰমানে তাৰ/তাইৰ night terror হয় ৷ সাধাৰণতে শুই পৰাৰ দুঘণ্টাৰ পিছত শিশুয়ে এনে আচৰণ কৰে ৷ পিছদিনা ৰাতিপুৱালৈ শিশুৰ একোৱেই মনত নেথাকে ৷ ইয়াৰ ঔষধ আপুনিয়েই ৷ মৰমেৰে শিশুটোক আশ্বস্ত কৰক ৷ গালি-গালাজ বা মাৰ-পিট নকৰিব ৷ ডাঙৰ হ’লে এনেই থিক হয় ৷ 
ৰাতি হাত ভৰি নচুৱাই থকা বা হহাঁ বা কন্দা শিশুৰ স্বাভাৱিক আচৰণ । শিশুৰ  মনত ক্ৰিয়া কৰা বিভিন্ন কথাৰ বাবেই এই আচৰণ কৰে ৷ আপুনিও হাঁহকচোন বুদ্ধুটোৰ/জনীৰ আচৰণ বোৰ চাই ৷ কেলেই চিন্তা কৰিছে ? এইবোৰ চিন্তাৰ কাৰণেই নহয় ৷ 
টোপনি গৈ থাকোতে স্তনপান নকৰাব ৷ চৰচৰণি খাব পাৰে ৷ লাহেকৈ ভৰিৰ তলুৱাত সুৰসুৰাই দিয়কচোন ৷ শিশুটোৰ টোপনিৰ আৱেশ ভাঙি ভালকৈ চুহি গাখীৰ খাব ৷ আৰু এটা কথা ৷ কান্দিছে বুলিয়েই গাখীৰ দি চুপ কৰাবলৈ নেযাব ৷ এলাহ নকৰিবচোন ৷ আমাৰ গাওঁৰ ফালে এনে এলেহুৱা তিৰোতাক ধেপাটো দি বহি থকা বুলি কৈছিল😁😁😁 ৷ সৰুতেই শুনা দেই😁😁 ৷ এনেকুৱা নকৰিব ৷ কন্দাৰ কাৰণটো কি বিচাৰি চাওঁক ৷ কাৰণটো মেৰামতি কৰক ৷ 
জানো দিয়ক, এতিয়া যি সকল বাইদেউক কেচুৱাই  ৰাতি নুশুই জ্বলা-কলা দি আছে তেওঁলোকে মোক ক’ব –হুহ তোৰ সময় আহক,  চাম নহয়😁😁😁😁 ,  তেতিয়া বাৰু যি হয় হ’ব ৷ কিন্ত এতিয়া আপুনি ওপৰৰ কথাখিনি অলপ মন দিলে উপকাৰ পাব ৷৷
আজিলৈ নমস্কাৰ🙏

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

Fresh Israel-Palestinian Islamic Jihad truce prevents ‘full-scale war’
Uncategorized

Fresh Israel-Palestinian Islamic Jihad truce prevents ‘full-scale war’

by Admin
August 9, 2022
0

Israel-Palestinian UN After three days of deadly fighting, the Security Council held an emergency meeting on Monday to assess a fragile truce...

Read more
UN Human Rights Office ‘deplores’ executions in Singapore

UN Human Rights Office ‘deplores’ executions in Singapore

August 3, 2022
গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰঃ পণ্ডিত ৰবি শংকৰৰ গুৰুপ্ৰেম 

পণ্ডিত ৰবি শংকৰৰ অনন্য গুৰুপ্ৰেম সম্পৰ্কে দুষাৰ

July 26, 2022
‘আফস্পা’ আইনখন প্ৰত্যাহাৰৰ বাবে ভাৰত চৰকাৰৰ উদ্যোগ !

Killings in Nagaland

July 22, 2022
মেৰবিল: জনশ্ৰুতিৰ পৰা পৰিৱেশ পৰ্যটন প্ৰকল্পলৈ

মেৰবিল: জনশ্ৰুতিৰ পৰা পৰিৱেশ পৰ্যটন প্ৰকল্পলৈ

July 5, 2022
Commemorating World Refugee Day 2022: US Department of States

Commemorating World Refugee Day 2022: US Department of States

June 20, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
Kharkiv School Graduate In Her Graduation Dress!

Kharkiv School Graduate In Her Graduation Dress!

June 9, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

Indian Army’s Civilian Killings in Nagaland Again!

December 5, 2021

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
নীতিশ কুমাৰৰ পদত্যাগ আৰু বিজেপিৰ সঙ্গত্যাগঃ বিহাৰত ৰাজনীতি উত্তপ্ত

নীতিশ কুমাৰৰ পদত্যাগ আৰু বিজেপিৰ সঙ্গত্যাগঃ বিহাৰত ৰাজনীতি উত্তপ্ত

August 9, 2022
“সংসদৰ বৰ্ষাকালীন অধিবেশন অত্যন্ত হতাশজনক”

“সংসদৰ বৰ্ষাকালীন অধিবেশন অত্যন্ত হতাশজনক”

August 9, 2022
Attacking a nuclear plant ‘suicidal,’ UN chief tells in Japan

Attacking a nuclear plant ‘suicidal,’ UN chief tells in Japan

August 9, 2022
Fresh Israel-Palestinian Islamic Jihad truce prevents ‘full-scale war’

Fresh Israel-Palestinian Islamic Jihad truce prevents ‘full-scale war’

August 9, 2022

Popular Stories

  • OPEN LETTER FROM MYANMAR PEOPLE TO CIVIL SOCIETY ORGANIZATIONS AND POLITICAL PARTIES OF INDIA

    OPEN LETTER FROM MYANMAR PEOPLE TO CIVIL SOCIETY ORGANIZATIONS AND POLITICAL PARTIES OF INDIA

    107 shares
    Share 43 Tweet 27
  • ৯ আগষ্টঃ কেইটামান খবৰ

    8 shares
    Share 3 Tweet 2
  • Are Controversies Produced in Bollywood?

    6 shares
    Share 2 Tweet 2
  • নীতিশ কুমাৰৰ পদত্যাগ আৰু বিজেপিৰ সঙ্গত্যাগঃ বিহাৰত ৰাজনীতি উত্তপ্ত

    6 shares
    Share 2 Tweet 2
  • Ukraine: Evil cannot win

    87 shares
    Share 35 Tweet 22
  • PEC demands justice to Myanmar photographer Aye Kyaw

    9 shares
    Share 4 Tweet 2
  • Emergence Of The KNF In Chittagong Hill Tracts

    363 shares
    Share 145 Tweet 91
  • ৬ আগষ্টঃ কেইটামান খবৰ

    10 shares
    Share 4 Tweet 3
  • ৮ আগষ্টঃ কেইটামান খবৰ

    4 shares
    Share 2 Tweet 1
  • UTA demands a correct NRC for Assam

    14 shares
    Share 6 Tweet 4
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: