• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, May 19, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

শিশুৰ মানসিক বিকাশ আৰু অভিভাৱকৰ ভূমিকা

সংঘমিত্ৰা কাশ্যপ

by Anjan Sarma
October 27, 2022
in Special Report
Reading Time: 3 mins read
0
family of four walking at the street

Photo by Emma Bauso on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

শিশুৰ মানসিক বিকাশ আৰু অভিভাৱক

সংঘমিত্ৰা কাশ্যপ

tempFileForShare 20221025 151648
সংঘমিত্ৰা কাশ্যপ

শিশু সকল হৈছে আমাৰ দেশৰ ভবিষ্যত।

তেওঁলোক আমাৰ সকলোৰে জীৱনৰ এটি অংশ।

তেওঁলোকক আমি জীৱনৰ প্ৰতিটো ক্ষেত্ৰত আগুৱাই যাবলৈ বিভিন্ন পৰামৰ্শ সময়ে সময়ে আগবঢ়াই আহিছোঁ।

শিশুসকলৰ শাৰীৰিক বিকাশৰ বাবে আমি যিদৰে তেওঁলোকৰ যতন লওঁ, খেলা – ধূলা ,ব্যায়াম, যোগ আজিৰ বাবে উৎসাহিত কৰোঁ ঠিক সেইদৰে মানসিক স্বাস্থ্যৰো যতন লোৱাটো আচলতে খুবেই প্ৰয়োজনীয়।

RelatedPosts

Can Global Warming Trigger a Zombie Apocalypse Like ‘The Last of Us’?

Can Global Warming Trigger a Zombie Apocalypse Like ‘The Last of Us’?

May 18, 2025
Alvin Toffler’s Books and the AI Era

Alvin Toffler’s Books and the AI Era

May 18, 2025
The Glaciers of the Himalayas: Melting away under the Grip of Global warming!

Sagarmatha and How 2025 Became the Year the World Faced Its Climate Reckoning

May 18, 2025

আমাৰ শৰীৰৰ লগত আমাৰ মন, আবেগ, ব্যৱহাৰ, ধাৰণা সকলো জড়িত হৈ থাকে। মগজু আৰু মন দুয়ো আমাৰ শৰীৰৰে অংশ।

সেইবাবে এজন শিশুৰ শাৰীৰিক আৰু মানসিক উভয়কে গুৰুত্ব দিয়াটো দৰকাৰী। শিশু সকলৰ ক্ষেত্ৰত ই নিত্যান্তই প্ৰয়োজনীয় কাৰণ শৈশৱ কালতেই মানুহ এজনৰ মগজুৰ ৮০% বিকাশ হয়।

কেৱল মাত্ৰ ডাঙৰ সকলৰেই নহয় , শিশু সকলৰো মানসিক স্তৰত কিছুমান অসুবিধা থাকে।

তেওঁলোকে নিজৰ মানসিক অৱস্থাটোৰ বিষয়ে বহুতো প্ৰক্ৰিয়াৰ জৰিয়তে জনাবলৈ চেষ্টা কৰে।

আমি হয়টো সেয়া শিশু জনৰ দুষ্টামি বুলি আওকাণ কৰি আহিছোঁ। “Taare Zameen Par ” বোলছবিখনত এইবিষয়ে সুন্দৰ উপস্থাপন কৰা হৈছে।

শিশুৰ মানসিক বিকাশ আৰু অভিভাৱকৰ ভূমিকা

শিশু সকলৰ মানসিক স্বাস্থ্যৰ যতন আৰু গঠন এই দুয়োটাতে অভিভাৱক আৰু শিক্ষকসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ। কাৰণ শিশুসকল ৰ জীৱনৰ প্ৰতিটো খোজতে এই গুৰু আৰু অভিভাৱকৰ প্ৰভাৱ বহুত বেছি । তাৰ বাবে কিছুমান কথা অলপ মন কৰিবলগীয়া।

      সদায়েই প্ৰথমেই নিজৰ শিশুটিৰ লগত এটা বিশ্বাসযোগ্য সম্পৰ্ক গঢ়ি তোলক। তেওঁলোকক সঁচা কথা ( পৰাপক্ষত) অৱগত কৰিবলৈ চেষ্টা কৰক। তেওঁলোকৰ প্ৰতিটো কথা খুব মনোযোগেৰে আৰু ভালদৰে শুনাটো প্ৰয়োজন। সৰু হৈ আছে একো নাজানে নাইবা বুজি নাপায় বুলি কথাবোৰ আওকাণ নকৰিব।

উদাহৰণ স্বৰূপে যদি আপোনাৰ ল’ৰা বা ছোৱালী জনীয়ে কাৰোবাৰ ঘৰলৈ গৈ বেয়া পাইছে , বিদ্যালয় যাবলৈ মন নকৰা হৈছে তেনেহলে সেই বিষয়ে তেওঁলোকৰ লগত মুকলি মনেৰে কথা পাতক । তেওঁলোকৰ সলনি হোৱা ব্যৱহাৰক লক্ষ্য কৰক। তেওঁলোকৰ কথাবোৰৰ সত্যতা জানিবলৈ চেষ্টা কৰক।

শিশুৰ মানসিক বিকাশ আৰু অভিভাৱকৰ ভূমিকা

     আপোনালোক দুয়োজন অভিভাৱক কামৰ বাবে ব্যস্ত থাকিলেও প্ৰতিদিনে দিনটোৰ এক ঘণ্টা এটা সময় নিজৰ শিশুটিৰ লগত অতিবাহিত কৰক। নতুন নতুন বিভিন্ন কথা তেওঁলোকৰ লগত আলোচনা কৰক। তেওঁলোকৰ ভাল লগা বোৰ জানক আৰু প্ৰেৰণাৰ উৎস হৈ উঠক।

         কেৱল ঘৰৰ চাৰিবেৰৰ মাজত আপোনাৰ শিশুটিক আবদ্ধ নকৰিব। ফোন , ভিডিও গেম, টিভি , কম্পিউটাৰ আদিৰ পৰা অলপ আঁতৰাই বাহিৰৰ পৃথিৱীৰ খনৰ লগত মিলিবলৈ দিয়ক। খেলা ধূলা কৰিবলৈ অলপ মুকলি ঠাইলৈ যাবলৈ যদি দিয়া হয় তেনেহলে ই তেওঁলোকৰ মন মুকলি কৰাৰ লগতে মানসিক বিকাশত সহায়কৰ হৈ উঠিব। লগতে বিভিন্ন কিতাপ পঢ়া, সাধুকথা, আদিয়েও তেওঁলোকৰ নতুন চিন্তা ধাৰণা গঢ়ি তোলাত সহায় কৰে।

শিশুৰ মানসিক বিকাশ আৰু অভিভাৱকৰ ভূমিকা

      শিশুসকলৰ মানসিক বিকাশৰ বাবে পুষ্টিকৰ  খাদ্য আৰু জিৰণিৰ যথেষ্ট প্ৰয়োজন। বয়স অনুপাতে হে তেওঁলোকৰ তালিকাখনৰ ব্যৱস্থা কৰিব। বয়স আৰু সময় অনুপাতে তেওঁলোকক জিৰণি দিয়ক , তেতিয়াহে তেওঁলোক মানসিক ভাৱে সৱল হৈ উঠিব। দিনটো কেৱল ব্যস্ত কৰি সকলোতে তেওঁলোকক পাৰদৰ্শী কৰিবলৈ গ’লে হয়তো জিৰণিৰ অভাৱত তেওঁলোক খিংখিঙীয়া স্বভাৱ হৈ পৰিব আৰু লাহে লাহে হৈছোঁ হতাশাত ভুগিব।

   কেতিয়াও নিজৰ শিশুটিক আনৰ লগত তুলনা নকৰিব। সকলোৰে গুণ বেলেগ বেলেগ , কোনোবা যদি গানত ভাল কোনোবা হয়তো পঢ়াত, কোনোবাই যদি খেলাত ভাল কোনোবাই হয়তো বিজ্ঞানত। সকলোৰে বিকাশ বেলেগ বেলেগ পৰিবেশত হয়। সকলোৰে কিছুমান নিজস্বতা থাকে সেইবাবে আপোনাৰ শিশু সঁচা অৰ্থত কোন দিশত ভাল জানি লৈ তেওঁক আগবঢ়াই নিয়ক। নহ’লে মানসিক বাবে অপ্ৰস্তুত বিষয় এটাই হয়তো তেওঁলোকৰ মানসিক বিকাশত বাধাৰ হে সৃষ্টি কৰিব।

শিশুৰ মানসিক বিকাশ আৰু অভিভাৱকৰ ভূমিকা

শিশুৰ কিছুমান মানসিক ৰোগৰ আৰু তাৰ ব্যৱস্থা বোৰৰ বিষয়ে সজাগ হওঁক। বিদ্যালয় সমূহে এই বিষয়ে উচিত ব্যৱস্থা লোৱাটো প্ৰয়োজন।

শিশুটিক সৰুৰে পৰাই কিদৰে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব লাগে তাৰ অলপ অলপ হ’লেও জ্ঞান দিয়ক যাতে বিপদত তেওঁলোকে মানসিক ভাৰসাম্য নেহেৰুৱায়।

তেওঁলোকে যদি আজি কৰবাত এটা নিচুকনি বঁটাও পাইছে সেইটোৰ বাবেও তেওঁলোকক এটা সৰু উপহাৰ ( reward) দিয়ক। ই এক অনুপ্ৰেৰণাৰ ৰূপে কাম কৰিব আৰু শিশুটিক মানসিক বাবে সুখী কৰি তুলিব যিয়ে তেওঁৰ মগজুৰ কিছুমান কোষ ( cell) ৰ বিকাশত অৰিহণা যোগাব।

শিশুৰ মানসিক বিকাশ আৰু অভিভাৱকৰ ভূমিকা

   উচিত সময়ত তেওঁলোকক যৌন শিক্ষা (sex education) দিয়াৰ ব্যৱস্থা কৰক। ই অতি প্ৰয়োজনীয় কাৰণ এই বিষয়ে সময়ত শিক্ষাৰ ব্যৱস্থা নকৰিলে যেতিয়া শিশু সকলে কৈশোৰ কালত ভৰি দিয়ে তেতিয়া শিক্ষাৰ অভাৱত কিছুমান অসামাজিক কামত লিপ্ত হোৱা দেখা যায় আৰু ই মানসিকভাবে এজন ব্যক্তিক অক্ষম কৰি তোলাতো অৰিহণা যোগায়। সেইবাবে সময়ত ইয়াৰ বিষয়ে তেওঁলোকক সজাগ কৰিবলৈ চাওঁক।

           শেষত, যদি আপোনাৰ শিশুটিৰ মানসিক ভাৱে কিবা অসুবিধা আপুনি লক্ষ্য কৰিছে তেনেহলে সময়ৰ লগত ভাল হৈ যাব এইবুলি চিন্তা নকৰি এজন ভাল মনোবিজ্ঞানীৰ সহায় লওঁক।

যিদৰে এজন চিকিৎসকৰে ওচৰত আপুনি নিজৰ স্বাস্থ্যৰ বিধিৰ বাবে যোৱা মানে এইটো নুবুজাই যে আপুনি ৰোগী বা বেমাৰী,  ঠিক সেইদৰে আপোনাৰ শিশুটিৰ মানসিক বিকাশৰ বাবে আপুনি এজন মনস্তত্ববিদৰ সদায় লোৱাৰ অৰ্থও এইয়া নহয় যে তেওঁ মানসিক ভাৱে দুৰ্বল। ই মাত্ৰ এক ভুল ধাৰণা আৰু এই বিজ্ঞানৰ যুগত আমি এই ধাৰণাবোৰ আঁতৰাই এখন সুস্থ সৱল সমাজ আমাৰ শিশুসকলক দিয়া উচিত।

[সংঘমিত্ৰা কাশ্যপ , মনোবিজ্ঞানী,অসম]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Can Global Warming Trigger a Zombie Apocalypse Like ‘The Last of Us’?
Climate Change

Can Global Warming Trigger a Zombie Apocalypse Like ‘The Last of Us’?

by Kakali Das
May 18, 2025
0

Can Global Warming Trigger a Zombie Apocalypse Like ‘The Last of Us’? KAKALI DAS KAKALI DAS What do climate change...

Read moreDetails
Alvin Toffler’s Books and the AI Era

Alvin Toffler’s Books and the AI Era

May 18, 2025
The Glaciers of the Himalayas: Melting away under the Grip of Global warming!

Sagarmatha and How 2025 Became the Year the World Faced Its Climate Reckoning

May 18, 2025
Hypertension the Silent Killer

Hypertension the Silent Killer

May 17, 2025
Is India’s Ceasefire a Sign of Defeat or Strategic Maturity?

Is India’s Ceasefire a Sign of Defeat or Strategic Maturity?

May 15, 2025
Linguistic Variety in the Northeast of India and Language Death: How Concerned Are We?

Linguistic Variety in the Northeast of India and Language Death: How Concerned Are We?

May 13, 2025
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d