• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

শিশুৰ মানসিক বিকাশ আৰু অভিভাৱকৰ ভূমিকা

সংঘমিত্ৰা কাশ্যপ

by Anjan Sarma
October 27, 2022
in Special Report
Reading Time: 3 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

শিশুৰ মানসিক বিকাশ আৰু অভিভাৱক

সংঘমিত্ৰা কাশ্যপ

tempFileForShare 20221025 151648
সংঘমিত্ৰা কাশ্যপ

শিশু সকল হৈছে আমাৰ দেশৰ ভবিষ্যত।

তেওঁলোক আমাৰ সকলোৰে জীৱনৰ এটি অংশ।

তেওঁলোকক আমি জীৱনৰ প্ৰতিটো ক্ষেত্ৰত আগুৱাই যাবলৈ বিভিন্ন পৰামৰ্শ সময়ে সময়ে আগবঢ়াই আহিছোঁ।

শিশুসকলৰ শাৰীৰিক বিকাশৰ বাবে আমি যিদৰে তেওঁলোকৰ যতন লওঁ, খেলা – ধূলা ,ব্যায়াম, যোগ আজিৰ বাবে উৎসাহিত কৰোঁ ঠিক সেইদৰে মানসিক স্বাস্থ্যৰো যতন লোৱাটো আচলতে খুবেই প্ৰয়োজনীয়।

আমাৰ শৰীৰৰ লগত আমাৰ মন, আবেগ, ব্যৱহাৰ, ধাৰণা সকলো জড়িত হৈ থাকে। মগজু আৰু মন দুয়ো আমাৰ শৰীৰৰে অংশ।

সেইবাবে এজন শিশুৰ শাৰীৰিক আৰু মানসিক উভয়কে গুৰুত্ব দিয়াটো দৰকাৰী। শিশু সকলৰ ক্ষেত্ৰত ই নিত্যান্তই প্ৰয়োজনীয় কাৰণ শৈশৱ কালতেই মানুহ এজনৰ মগজুৰ ৮০% বিকাশ হয়।

কেৱল মাত্ৰ ডাঙৰ সকলৰেই নহয় , শিশু সকলৰো মানসিক স্তৰত কিছুমান অসুবিধা থাকে।

তেওঁলোকে নিজৰ মানসিক অৱস্থাটোৰ বিষয়ে বহুতো প্ৰক্ৰিয়াৰ জৰিয়তে জনাবলৈ চেষ্টা কৰে।

আমি হয়টো সেয়া শিশু জনৰ দুষ্টামি বুলি আওকাণ কৰি আহিছোঁ। “Taare Zameen Par ” বোলছবিখনত এইবিষয়ে সুন্দৰ উপস্থাপন কৰা হৈছে।

শিশুৰ মানসিক বিকাশ আৰু অভিভাৱকৰ ভূমিকা

শিশু সকলৰ মানসিক স্বাস্থ্যৰ যতন আৰু গঠন এই দুয়োটাতে অভিভাৱক আৰু শিক্ষকসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ। কাৰণ শিশুসকল ৰ জীৱনৰ প্ৰতিটো খোজতে এই গুৰু আৰু অভিভাৱকৰ প্ৰভাৱ বহুত বেছি । তাৰ বাবে কিছুমান কথা অলপ মন কৰিবলগীয়া।

      সদায়েই প্ৰথমেই নিজৰ শিশুটিৰ লগত এটা বিশ্বাসযোগ্য সম্পৰ্ক গঢ়ি তোলক। তেওঁলোকক সঁচা কথা ( পৰাপক্ষত) অৱগত কৰিবলৈ চেষ্টা কৰক। তেওঁলোকৰ প্ৰতিটো কথা খুব মনোযোগেৰে আৰু ভালদৰে শুনাটো প্ৰয়োজন। সৰু হৈ আছে একো নাজানে নাইবা বুজি নাপায় বুলি কথাবোৰ আওকাণ নকৰিব।

উদাহৰণ স্বৰূপে যদি আপোনাৰ ল’ৰা বা ছোৱালী জনীয়ে কাৰোবাৰ ঘৰলৈ গৈ বেয়া পাইছে , বিদ্যালয় যাবলৈ মন নকৰা হৈছে তেনেহলে সেই বিষয়ে তেওঁলোকৰ লগত মুকলি মনেৰে কথা পাতক । তেওঁলোকৰ সলনি হোৱা ব্যৱহাৰক লক্ষ্য কৰক। তেওঁলোকৰ কথাবোৰৰ সত্যতা জানিবলৈ চেষ্টা কৰক।

শিশুৰ মানসিক বিকাশ আৰু অভিভাৱকৰ ভূমিকা

     আপোনালোক দুয়োজন অভিভাৱক কামৰ বাবে ব্যস্ত থাকিলেও প্ৰতিদিনে দিনটোৰ এক ঘণ্টা এটা সময় নিজৰ শিশুটিৰ লগত অতিবাহিত কৰক। নতুন নতুন বিভিন্ন কথা তেওঁলোকৰ লগত আলোচনা কৰক। তেওঁলোকৰ ভাল লগা বোৰ জানক আৰু প্ৰেৰণাৰ উৎস হৈ উঠক।

         কেৱল ঘৰৰ চাৰিবেৰৰ মাজত আপোনাৰ শিশুটিক আবদ্ধ নকৰিব। ফোন , ভিডিও গেম, টিভি , কম্পিউটাৰ আদিৰ পৰা অলপ আঁতৰাই বাহিৰৰ পৃথিৱীৰ খনৰ লগত মিলিবলৈ দিয়ক। খেলা ধূলা কৰিবলৈ অলপ মুকলি ঠাইলৈ যাবলৈ যদি দিয়া হয় তেনেহলে ই তেওঁলোকৰ মন মুকলি কৰাৰ লগতে মানসিক বিকাশত সহায়কৰ হৈ উঠিব। লগতে বিভিন্ন কিতাপ পঢ়া, সাধুকথা, আদিয়েও তেওঁলোকৰ নতুন চিন্তা ধাৰণা গঢ়ি তোলাত সহায় কৰে।

শিশুৰ মানসিক বিকাশ আৰু অভিভাৱকৰ ভূমিকা

      শিশুসকলৰ মানসিক বিকাশৰ বাবে পুষ্টিকৰ  খাদ্য আৰু জিৰণিৰ যথেষ্ট প্ৰয়োজন। বয়স অনুপাতে হে তেওঁলোকৰ তালিকাখনৰ ব্যৱস্থা কৰিব। বয়স আৰু সময় অনুপাতে তেওঁলোকক জিৰণি দিয়ক , তেতিয়াহে তেওঁলোক মানসিক ভাৱে সৱল হৈ উঠিব। দিনটো কেৱল ব্যস্ত কৰি সকলোতে তেওঁলোকক পাৰদৰ্শী কৰিবলৈ গ’লে হয়তো জিৰণিৰ অভাৱত তেওঁলোক খিংখিঙীয়া স্বভাৱ হৈ পৰিব আৰু লাহে লাহে হৈছোঁ হতাশাত ভুগিব।

   কেতিয়াও নিজৰ শিশুটিক আনৰ লগত তুলনা নকৰিব। সকলোৰে গুণ বেলেগ বেলেগ , কোনোবা যদি গানত ভাল কোনোবা হয়তো পঢ়াত, কোনোবাই যদি খেলাত ভাল কোনোবাই হয়তো বিজ্ঞানত। সকলোৰে বিকাশ বেলেগ বেলেগ পৰিবেশত হয়। সকলোৰে কিছুমান নিজস্বতা থাকে সেইবাবে আপোনাৰ শিশু সঁচা অৰ্থত কোন দিশত ভাল জানি লৈ তেওঁক আগবঢ়াই নিয়ক। নহ’লে মানসিক বাবে অপ্ৰস্তুত বিষয় এটাই হয়তো তেওঁলোকৰ মানসিক বিকাশত বাধাৰ হে সৃষ্টি কৰিব।

শিশুৰ মানসিক বিকাশ আৰু অভিভাৱকৰ ভূমিকা

শিশুৰ কিছুমান মানসিক ৰোগৰ আৰু তাৰ ব্যৱস্থা বোৰৰ বিষয়ে সজাগ হওঁক। বিদ্যালয় সমূহে এই বিষয়ে উচিত ব্যৱস্থা লোৱাটো প্ৰয়োজন।

শিশুটিক সৰুৰে পৰাই কিদৰে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব লাগে তাৰ অলপ অলপ হ’লেও জ্ঞান দিয়ক যাতে বিপদত তেওঁলোকে মানসিক ভাৰসাম্য নেহেৰুৱায়।

তেওঁলোকে যদি আজি কৰবাত এটা নিচুকনি বঁটাও পাইছে সেইটোৰ বাবেও তেওঁলোকক এটা সৰু উপহাৰ ( reward) দিয়ক। ই এক অনুপ্ৰেৰণাৰ ৰূপে কাম কৰিব আৰু শিশুটিক মানসিক বাবে সুখী কৰি তুলিব যিয়ে তেওঁৰ মগজুৰ কিছুমান কোষ ( cell) ৰ বিকাশত অৰিহণা যোগাব।

শিশুৰ মানসিক বিকাশ আৰু অভিভাৱকৰ ভূমিকা

   উচিত সময়ত তেওঁলোকক যৌন শিক্ষা (sex education) দিয়াৰ ব্যৱস্থা কৰক। ই অতি প্ৰয়োজনীয় কাৰণ এই বিষয়ে সময়ত শিক্ষাৰ ব্যৱস্থা নকৰিলে যেতিয়া শিশু সকলে কৈশোৰ কালত ভৰি দিয়ে তেতিয়া শিক্ষাৰ অভাৱত কিছুমান অসামাজিক কামত লিপ্ত হোৱা দেখা যায় আৰু ই মানসিকভাবে এজন ব্যক্তিক অক্ষম কৰি তোলাতো অৰিহণা যোগায়। সেইবাবে সময়ত ইয়াৰ বিষয়ে তেওঁলোকক সজাগ কৰিবলৈ চাওঁক।

           শেষত, যদি আপোনাৰ শিশুটিৰ মানসিক ভাৱে কিবা অসুবিধা আপুনি লক্ষ্য কৰিছে তেনেহলে সময়ৰ লগত ভাল হৈ যাব এইবুলি চিন্তা নকৰি এজন ভাল মনোবিজ্ঞানীৰ সহায় লওঁক।

যিদৰে এজন চিকিৎসকৰে ওচৰত আপুনি নিজৰ স্বাস্থ্যৰ বিধিৰ বাবে যোৱা মানে এইটো নুবুজাই যে আপুনি ৰোগী বা বেমাৰী,  ঠিক সেইদৰে আপোনাৰ শিশুটিৰ মানসিক বিকাশৰ বাবে আপুনি এজন মনস্তত্ববিদৰ সদায় লোৱাৰ অৰ্থও এইয়া নহয় যে তেওঁ মানসিক ভাৱে দুৰ্বল। ই মাত্ৰ এক ভুল ধাৰণা আৰু এই বিজ্ঞানৰ যুগত আমি এই ধাৰণাবোৰ আঁতৰাই এখন সুস্থ সৱল সমাজ আমাৰ শিশুসকলক দিয়া উচিত।

[সংঘমিত্ৰা কাশ্যপ , মনোবিজ্ঞানী,অসম]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
September 14, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
The Debt Machine: How Your Future Became the World’s Most Profitable Product

The Debt Machine: How Your Future Became the World’s Most Profitable Product

September 13, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 13, 2026
Community Support in Mental Health Recovery: Mind X’s Efforts amidst Limited Resources

Community Support in Mental Health Recovery: Mind X’s Efforts amidst Limited Resources

September 12, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

September 10, 2026
Why Are 87 Million Indian Youth Not Working, Studying or Training?

Why Are 87 Million Indian Youth Not Working, Studying or Training?

September 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

September 14, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
The Indigenous Guardians of the Death Zone

The Indigenous Guardians of the Death Zone

September 14, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40937 shares
    Share 16374 Tweet 10234
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19186 shares
    Share 7674 Tweet 4797
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4303 shares
    Share 1721 Tweet 1076
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    955 shares
    Share 382 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    155 shares
    Share 62 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4118 shares
    Share 1647 Tweet 1030
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    398 shares
    Share 159 Tweet 100
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    95 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d