• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

পুষ্পাঞ্জলি শিৱম শৰ্মা

by Pushpanjali Shivom Sarma
June 4, 2026
in Special Report, ASSAMESE SECTION
Reading Time: 4 mins read
0
backview of sad child waiting on a glass window

Photo by Juan Pablo Serrano Arenas on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

পুষ্পাঞ্জলি শিৱম শৰ্মা

Pushpanjali
পুষ্পাঞ্জলি শিৱম শৰ্মা

শিশুসকলৰ মন অতি দ্ৰুতগতিত বিভিন্ন কৌতূহলৰ মাজেৰে অৱস্থান কৰি গৈ থাকে। 

মনৰ মাজত চলি থকা কিছুমান কথা বা অহৰহ আহি থকা ভাবধাৰা বোৰে সঠিক দিশ নিৰ্ধাৰণ কৰিব নোৱাৰিলে, এটা সঠিক ৰাষ্টাৰ সন্ধান নাপালে, মগজুত খেলি থকা প্ৰশ্নবোৰে উত্তৰ বিচাৰি নাপাই জুমুৰি মাৰি ধৰে। 

তেতিয়াই শিশুটিৰ কৰ্মৰ ওপৰত তাৰ প্ৰভাব পৰিব আৰম্ভ কৰে। 

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

 মগজু আৰু মনে এক দুদল্যমান অৱস্থাত পৰি ককবকাব ধৰে আৰু লাহে লাহে সঠিক পথ নাপাই মানসিক ভাৱে অবক্ষয় হ’বলৈ ধৰে। 

অভিভাৱকৰ পৰা যদি সিহঁতে সিহঁতৰ মনৰ দোমোজাবোৰক ক্ষান্ত নিয়াবৰ জোখাৰে উপযুক্ত প্ৰতিপালন নাপায়, 

তেতিয়া কোনটো সঠিক কোনটো সঠিক নহয় তাৰ বিচাৰত অসফল হৈ পৰে লাহে লাহে। 

ভাল আৰু বেয়াৰ পাৰ্থক্য নজনা হৈ পৰে। 

আৰু এনেকৈয়ে লাহে লাহে সিহঁতৰ মানসিক অবক্ষয় হবলৈ ধৰে। 

মানসিক অবক্ষয় হৈছে এনে এক মানসিক অৱস্থা যি এদিনতে গঢ়ি নুঠে। 

বাহ্যিক যদি কিবা অপশক্তিৰ দ্বাৰা প্ৰভান্বিত হব ধৰে আৰু অভিভাৱকৰ অমনোযোগীতা বাঢ়ি যায় সন্তানৰ প্ৰতি তেতিয়াই সিহঁতৰো মনৰ অৱস্থাৰ অৱনতি হবলৈ ধৰে আৰু ই লাহে লাহে অবক্ষয়লৈ গতি কৰে। 

মনস্তত্ত্বৰ স্খলনে এজন ব্যক্তিক কিমান তললৈ নিব পাৰে তাক অনুমান কৰাটো কাৰোৰে বাবে সহজ নহয়। 

তাতে যদি এই স্খলন শৈশৱৰ দিনৰ পৰাই আৰম্ভ হয়, ই হৈ পৰে অতিশয় ভয়াবহ। 

 শিশুকালত এটি শিশুৰ যেনেকুৱা চিন্তাধাৰা বা মানসিক অৱস্থা হব লাগে সাম্প্ৰতিক সময়ত কিন্ত তাৰ ওলোটা আৰু ভয়ংকৰী প্ৰতিচ্ছবি এখন সমাজত প্ৰতিস্ফূৰ্ত হৈছে। 

 মনোবিজ্ঞানীসকলৰ মতে মানসিক অস্থিৰতাৰ বাবে ক্ৰমাৎ নৃশংসতাপূৰ্ণ অপৰাধ বাঢ়িব ধৰিছে। 

সাম্প্ৰতিক সময়ত জীৱন আৰু জীবিকাৰ বাবে বিভিন্ন সমস্যাৰ উদ্ভৱৰ বাবে অনেক অসহিষ্ণুতাৰ সৃষ্টি হৈছে। মানসিক অস্থিৰতা আৰু হতাশাই বহুত মানুহৰ মনত হিংস্ৰ মনোভাব, আৰু আত্মঘাতীৰ মানসিকতাৰ সৃষ্টি কৰিছে।

চাইবাৰজগততো নেতিবাচক কৰ্মকাণ্ড আৰু তাৰ অপকাৰী প্ৰভাৱে নতুন ধৰণৰ অপৰাধপ্ৰৱণতাৰ জন্ম দিছে। 

 সাম্প্ৰতিক দেখা দিয়া নতুন অপৰাধবিলাকৰ অন্যতম কাৰণ হিচাপে অবাধ প্ৰযুক্তি প্ৰবাহ আৰু ইয়াৰ ফলত পৰ্নোগ্ৰাফি, টিকটক আদিৰ দৰে বিভিন্ন অপসংস্কৃতিৰ অগ্ৰাসন অন্যতম বুলি কব পাৰি। এই দিশত শক্তিশালী আৰু কঠোৰ আইনৰ প্ৰয়োগৰ অতি প্ৰয়োজন আহি পৰিছে। পৰিয়াল বিলাকৰো সামাজিক আৰু দেশ তথা ৰাষ্ট্ৰৰ নজৰ দাৰিৰ দৰকাৰ। 

আন এগৰাকী অপৰাধ মনোবিজ্ঞানীৰ মতে, ‘নৈতিকতাৰ অবক্ষয় আৰু মানসিক অস্থিৰতাৰ বাবে মানুহ অসহিষ্ণু হৈ পৰে।

অসহিষ্ণু মানুহৰ মগজুৰ বিচাৰবিবেচনা কৰা কোষসমূহৰ কাৰ্যকাৰিতা কমি যায়। তেতিয়াই মানুহে হিংস্ৰ আচৰণ প্ৰদৰ্শন কৰে। বহুত লোকৰ বিচাৰ বিবেচনাবোধ শূন্য হৈ যায়। নিয়মিত মাদক দ্ৰব্য সেৱন কৰিলেও মস্তিষ্কৰ জাজমেণ্টল(বিচাৰ কৰা শক্তি) কোষৰ এক্টিভিটি কমি যায়। ‘

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

সজাগতাৰ প্ৰয়োজন যে ক্ৰমাৎ মানুহৰ মানবীয় চিন্তাধাৰাৰ বিলুপ্তি আৰু মানসিক অবক্ষয় কিয় কিহৰ বাবে হৈছে? সঠিক কাৰণ বিশ্লেষণে এইক্ষেত্ৰত উপায়ৰ দিশক জাগৃত কৰিব। 

 বহুক্ষেত্ৰত আমি মন নকৰো, কিন্ত সমাজত হোৱা বিভিন্ন অপৰাধৰ গুৰি অপৰাধীৰ শৈশৱৰ পৰাই আৰম্ভণি হব ধৰে। 

কৰবাত নহয় কৰবাত ঘৰৰ পৰাই পোৱা অৱহেলা, অমনোযোগিতা, শাসনৰ অভাব, ভালবেয়াৰ সংজ্ঞা নজনা তথা শৈশৱত বিভিন্ন উৎসৰ পৰা পোৱা মানসিক টেনছন এই ক্ষেত্ৰত অন্যতম। 

 বিভিন্ন আপত্তিজনক ঘটনা তথা পৰিয়ালৰ লোকৰ লগত হোৱা অপসমযোজনে লাহে লাহে এজন শিশুৰ মনমগজুত এনেকৈ ঘৰ কৰি লয় যে অনাগত সময়ত যেতিয়াই তেতিয়াই তাৰ বহিৰ্প্ৰকাশ ঘটে সি অতি হানিকাৰক হৈ পৰে। 

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

যেতিয়া জীৱনপথত এনেকুৱা কিছুমান ঘটনা বা কথা এজন ব্যক্তিজনৰ লগত ঘটিব আৰম্ভ কৰে আৰু যত নেকি তেওঁৰ মতে কথাবোৰ নহয় তেতিয়া, মানসিক ভাবে আক্ৰমণাত্মক হৈ উঠা দেখা যায়। পৰিণতি স্ৱৰূপে তাৰ কুফল নিৰ্দোষ ব্যক্তিবিশেষেই ভোগ কৰিব লাগে। 

 চৰিত্ৰৰ মূল হেনো মানুহৰ অভ্যাস। কোনো এটা কাম সদায় কৰি গৈ থাকিলে, তাক পাচত এৰিব নোৱাৰা হয়। আৰু এৰিব নোৱাৰা হ’লেই সেই কামটোক অভ্যাস বোলে। 

সাম্প্ৰতিক পৃথিৱীখনত দ্ৰুতগতিত বদঅভ্যাসেে মানুহৰ ব্যক্তিত্বক ছানি ধৰিছে। যাৰ পৰিণাম ভয়ংকৰভাবে সমাজত বসবাস কৰা মানুহবোৰে ভুগিব ধৰিছে। 

হাজাৰ হাজাৰ বছৰ ধৰি মহামানবসকলৰ বাণীয়ে আমাক অনুপ্ৰেৰণা দি আহিছে চিন্তা আৰু কৰ্মক সমৃদ্ধ কৰিছে। সেইসকলৰ অধিকাংশই কিন্তু কোনো আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত নাছিল কিন্তু তেওঁলোকে নৈতিক শিক্ষাৰে পুষ্ট আছিল। 

 সেই নৈতিক শিক্ষা লাভ কৰিছিল পৰিয়ালৰ পৰা, অগ্ৰজসকলৰ পৰা বিশেষকৈ মাকৰ পৰা। 

সন্তানৰ নৈতিক শিক্ষাৰ অন্যতম মাধ্যম হৈছে মাকসকল। 

বৰ্তমান প্ৰজন্মৰ ছাত্ৰছাত্ৰীৰ মাজৰ এটি বিশাল অংশৰ আজিকালি গুৰুৰ প্ৰতি তাচ্ছিল্য আৰু ব্যঙ্গাত্মক ব্যৱহাৰ প্ৰদৰ্শনৰো উদাহৰণ বাঢ়ি যাব ধৰিছে। 

পাছ-ফেল প্ৰথা কিছু স্তৰত উঠি যোৱাতোও নৈতিক মূল্যবোধৰ অবক্ষয়ৰ অন্যতম কাৰণ বুলি কব পাৰি। 

বৰ্তমান ভোগবাদী সমাজত প্ৰলোভনৰ প্ৰচুৰ উপকৰণে ছাত্ৰছাত্ৰীৰ মাজত নৈতিক অবক্ষয় তৈয়াৰ কৰিছে। 

আজিকালি দেখা যায় যৌথ পৰিয়ালবোৰ ভাঙি যাব ধৰিছে। 

ঘৰৰ সদস্যই ইজনে সিজনক সহ্য নকৰে। 

মৰম সহানুভূতি আবেগ আব্দাৰ এই ধাৰণাৰ বিলুপ্তি ঘটিছে। 

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

 এটা বা দুটা সন্তানৰ মাকদেউতাকে সন্তানক যি লাগে তাকে দিছে অভাব আৰু প্ৰয়োজনৰ মাত্ৰা নাইকিয়া কৰি পেলাইছে। সেইসকলোবোৰ শিশুৱে সহজেই পোৱাৰ বাবে কাকো নমনা হৈছে অতিমাত্ৰা মৰমৰ বাবে অইন কাৰোৰে অস্তিত্বই শিশুক প্ৰভান্বিত নকৰা হৈছে। 

এতিয়া এনেকুৱা পৰ্যায় পাইছে যে বিদ্যালয়ত ছাত্ৰক কাপোৰকানি, ছুলিৰ ষ্টাইল আদিৰ ওপৰত শিক্ষকে মাৰ্জিত হব দিলে তাক ওলোটাই ছাত্ৰই সেইজন শিক্ষকৰে ভিদঅ’ কৰি সামাজিক মাধ্যমত হেয় কৰাৰ উদাহৰণো ঘটি গৈছে। 

 এয়া এক ভয়াবহ নৈতিক বিপৰ্যয়ৰ অশনি সংকেত। 

কম বয়সী মাদকাসক্তৰ সংখ্যা বাঢ়ি গৈ আছে। সহজে টকা ঘটাৰ হেতু নানান অপকৰ্ম কৰিবলৈ দ্বিধাবোধ নকৰা হৈছে। 

সকলো মানুহে প্ৰতি সৰু নাইবা বৰ, এটা হলেও অভ্যাস থাকে। 

আচাৰ ব্যৱহাৰ অনুসৰিও মানুহৰ মাজত একো একোটা ভিন ভিন অভ্যাসৰ জন্ম হয়। তদুপৰি ঘৰৰ পৰিবেশো এক অন্যতম কাৰণ হব পাৰে, সজ নাইবা বদ অভ্যাস গঠনৰ দিশত। 

কোনো মানুহৰ যদি এদিন দুদিনকৈ অন্য জনৰ প্ৰতি ঈৰ্ষা বা হিংসা কৰা ভাবৰ অভ্যাস গঠন হয়, তাৰ সেইটো স্ৱভাৱলৈ পৰিৱৰ্তন হয়। 

 তেনেকুৱা ব্যক্তিয়ে ঈৰ্ষা তথা হিংসা নকৰি থাকিব নোৱাৰে। 

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

 “আচাৰ ব্যৱহাৰ সম্বন্ধে যিবোৰ অভ্যাস জন্মে, সেইবোৰ গোট খাই চৰিত্ৰ হয়। মানুহৰ অন্তৰত ভাল আৰু বেয়া দুই শ্ৰেণীৰ বৃত্তি আছে। দয়া এটা ভাল আৰু লোভ এটা বেয়া বৃত্তি। ভাল বৃত্তিৰ গুণত ভাল অভ্যাস জন্মে যেনে, দয়াৰ গুণত মানুহ দানী হয়, পৰোপকাৰী হয়”(সত্যনাথ বৰা)। 

বেয়া বৃত্তিৰ গুণত বেয়া অভ্যাস জন্মে যেনে, লোভৰ গুণত মানুহ চোৰ হয়, ঠগ হয়। এতেকে ভাল বৃত্তিৰপৰা ভাল আৰু বেয়া বৃত্তিৰ পৰা বেয়া চৰিত্ৰ জন্মে। 

 ভাল বেয়া দুয়ো বিধ বৃত্তিকে মানুহে যত্ন পুৰুষাৰ্থ কৰি বঢ়াব টুটাব পাৰে। যি চৰিত্ৰ ভাল কৰিব খোজে সি তাৰ বেয়া বৃত্তিবোৰ দমন ৰাখি ভালবোৰৰ তেজ বঢ়োৱা উচিত।” 

গতিকে আহক আৰম্ভণি কৰো নিজ নিজ ঘৰৰ পৰাই, সমগ্ৰ বিশ্বৰ প্ৰতি আপোনভাব লৈ, আমাৰ শিশুসকলৰ উজ্জ্বল ভবিষ্যতৰ হকে, এখন সুন্দৰ পৃথিৱী গঢ়িবলৈ। দয়া, সহ্য, ক্ষমা, মৰম, সহানুভূতিশীলতা ইত্যাদি মহামূল্যবান চাৰিত্ৰিক ভূষণৰে সৰুৰে পৰাই আমাৰ শিশুসকলক আভূষিত কৰোঁ। 

সুন্দৰ সাচপোছাকৰ আঁৰত থকা এটি সুন্দৰ মন আৰু সুন্দৰ চিন্তাচৰ্চাৰ বিকাশেহে প্ৰকৃততে আমাৰ শিশুসকলক মানুহ কৰিব পাৰিব। 

প্ৰকৃত মানুহৰ শিক্ষা দিয়াত অভিভাৱকসকলে এইমুহূৰ্তৰ পৰাই আগভাগ ললে সমাজত অমানুহৰ সৃষ্টি কেতিয়াও নহব নিশ্চয়। 

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 
Photo by Alexander Grey on Pexels.com

পুষ্পাঞ্জলি শিৱম শৰ্মা, জালুকবাৰী, গুৱাহাটী৭৮১০১৪; যোগাযোগঃ ৮৪৮৬৮৯৪৯১৬

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Pushpanjali Shivom Sarma

Pushpanjali Shivom Sarma

Related Posts

Politics of ethnicity and Sub-Nationalism of North East India
Politics

Politics of ethnicity and Sub-Nationalism of North East India

by Editor
August 10, 2026
0

Politics of ethnicity and Sub-Nationalism of North East India Anjashi Sarkar  A two part study comprising the initial stage of...

Read moreDetails
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
The Great Indian Obsession – Government Jobs

The Great Indian Obsession – Government Jobs

August 1, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
Youth-led Protest, Resilience and Humanity

Youth-led Protest, Resilience and Humanity

July 25, 2026
The Wrath of Nature : Floods of Assam

The Wrath of Nature : Floods of Assam

July 24, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

August 9, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39075 shares
    Share 15630 Tweet 9769
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18144 shares
    Share 7258 Tweet 4536
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3316 shares
    Share 1326 Tweet 829
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4158 shares
    Share 1663 Tweet 1040
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    129 shares
    Share 52 Tweet 32
  • Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

    114 shares
    Share 46 Tweet 29
  • Adaptation Without Agency Is Not Resilience

    114 shares
    Share 46 Tweet 29
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    98 shares
    Share 39 Tweet 25
  • Cockroaches, Comedians, and Criminals

    97 shares
    Share 39 Tweet 24
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d