• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, June 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

শিহু সুৰক্ষা আৰু মিচিং লোককথা

ASSAMESE SECTION / Folk / Nature

by Manas Pratim Dutta
June 19, 2025
in ASSAMESE SECTION, Folk, Nature
Reading Time: 3 mins read
0
শিহু সুৰক্ষা আৰু মিচিং লোককথা
Share on FacebookShare on TwitterShare on LinkedIn

শিহু সুৰক্ষা আৰু মিচিং লোককথা

মানস প্ৰতিম দত্ত

Manas Pratim Dutta
মানস প্ৰতিম দত্ত

প্রকৃতিৰ সুন্দৰতম সৃষ্টিসমূহৰ ভিতৰত অন্যতম হৈছে মানুহ। মানুহ প্রকৃতিৰ অংশ বাবেই প্রকৃতি আৰু মানুহৰ মাজত এক সুমধুৰ আৰু সুদৃঢ় বান্ধোন আপোনা-আপুনি গঢ় লৈ উঠে।

সেয়ে হয়তো প্রকৃতিৰ ভয়াৱহ ৰূপৰ সাক্ষী হৈও মানুহে প্রকৃতিক কেতিয়াও বেয়া পাব নোৱাৰে, ঠিক যেনেকৈ মানুহৰ নিৰ্মমতাৰ মাজতো প্রকৃতিয়ে নিজৰ দুখ কোনোকালে প্ৰকাশ কৰিব নোৱাৰে।     

শিহু সুৰক্ষা আৰু মিচিং লোককথা

        মানুহ প্ৰকৃতিৰ অংশ বাবেই আমাৰ লোকবিশ্বাস আৰু সংস্কৃতিৰ সৈতে প্রকৃতিৰ অত্যন্ত গভীৰ আৰু নিবিড় সম্পৰ্ক থকা দেখা যায়। ভাষা, সংস্কৃতি, আচাৰ-ব্যৱহাৰ, সাজ-পোচাক, জীৱনশৈলী আৰু দৰ্শনৰ ওপৰত প্রকৃতিৰ প্ৰভাৱ অপৰিসীম। বিশেষকৈ জনজাতীয় জীৱনশৈলীত প্রকৃতিৰ ভূমিকা এনেকুৱা বিস্তৃত যে তেওঁলোকে প্রকৃতিক নিজৰ সমাজ ব্যৱস্থাৰ অবিচ্ছেদ্য অংশ হিচাপে গ্ৰহণ কৰে। 

     পুৰণি কালৰে পৰা মানুহে জীৱনৰ মৌলিক প্ৰয়োজন—খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ বাবে সম্পূৰ্ণৰূপে প্রকৃতিৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। এই নিৰ্ভৰতাৰ ফলত জনগোষ্ঠীয় লোকগীত, মৌখিক কবিতা, আৰু কাহিনীত প্রকৃতিৰ নান্দনিক বৰ্ণনা স্থান পাইছে। এই সৃষ্টিসমূহে প্রকৃতিৰ সৈতে মানুহৰ সুপ্ৰাচীন অন্তৰংগ সম্পৰ্কৰ গভীৰ উপলব্ধিৰ দুৱাৰ মুকলি কৰে। তদুপৰি, জনগোষ্ঠীয় লোক-পৰম্পৰাৰ পৰা আৰম্ভ কৰি অৰ্থনৈতিক কাৰ্যকলাপলৈকে, মানুহৰ জীৱনৰ প্ৰতিটো দিশতে প্রকৃতিৰ প্ৰভাৱ সুস্পষ্ট। 

      জনগোষ্ঠীয় পৰম্পৰা আৰু সমন্বয়ৰ মাজেৰে অসমীয়া জাতীয় জীৱন মহিমামণ্ডিত হৈ আহিছে। প্রকৃতি আৰু লোকপৰম্পৰা এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে। অসমৰ জনজীৱনৰ সৈতে পৰিৱেশৰ সম্পৰ্ক অতি গভীৰ। অসমত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ জীৱনশৈলী, পৰম্পৰা আৰু সংস্কৃতিৰ সৈতে প্রকৃতি ওতঃপ্ৰোতভাৱে জড়িত।    

        লোকবিশ্বাসে স্বতঃস্ফূৰ্ত সংৰক্ষণ চেতনাৰ বিকাশ ঘটায়। অসমৰ নৈপৰীয়া মিচিং জনগোষ্ঠীৰ লোকসকলৰ মাজত প্রকৃতি-প্ৰীতি পৰম্পৰাগতভাৱে গঢ়ি উঠা দেখা যায়। মূলতঃ কৃষিজীৱী এই জনগোষ্ঠীৰ লোকে আহু আৰু শালি ধানৰ খেতিৰ লগতে প্ৰকৃতিৰ বিভিন্ন উপাদানক জীৱনৰ অংশ হিচাপে গ্ৰহণ কৰে। তেওঁলোকৰ মহিলাসকলৰ ৰঙীন সাজ-পোচাকত প্ৰকৃতিৰ ছাঁ স্পষ্ট। তেওঁলোকৰ উৎসৱ যেনে আলি আঃয়ে লিগাং প্ৰকৃতি বন্দনাৰ এক জ্বলন্ত উদাহৰণ।

তদুপৰি, তেওঁলোকৰ পৰম্পৰাগত খাদ্য নামচিং প্ৰস্তুতৰ বাবে কচু, ঢেকীয়া, ৰঙালাও পাত, ভেদাইলতা, জলকীয়া পাত, মানিমুনি, ডিমৰু পাত আদি প্ৰাকৃতিক উপাদানৰ প্ৰয়োজন হয়। ফলত, এই উদ্ভিদসমূহৰ সংৰক্ষণৰ বাবে তেওঁলোকে সচেতনভাৱে কাম কৰে। 

শিহু সুৰক্ষা আৰু মিচিং লোককথা

   অসমৰ মিচিং জনগোষ্ঠীৰ সৈতে শিহুৰ সম্পৰ্ক অতি প্ৰাচীন। শিহু আমাৰ দেশৰ থলুৱা জলজ স্তন্যপায়ী প্ৰাণী৷ ইয়াৰ বৈজ্ঞানিক নাম প্লাটানিষ্টা গেংগেটিকা গেংগেটিকা৷ শিহু মূলতঃ গংগা নদী আৰু ব্ৰহ্মপুত্ৰ নদী, কুলশী, সোৱণশিৰি, বৰাক [ভাৰতবৰ্ষ], মেঘনা, কৰ্ণফুলি নদী [বাংলাদেশ] আৰু কোশী, গন্ধকি, কৰ্ণালি নদী [নেপাল]ত পোৱা যায়৷ কুলশী নদীত সৰ্বাধিক শিহু থকা বুলি শুনা যায়৷

অৱশ্যে অত্যধিক বালি খনন, প্ৰদূষণৰ কৰালগ্ৰাসত পৰি ইয়াৰ সংখ্যা কমি অহাৰ লগতে ভৱিষ্যতৰ প্ৰতিও ভাবুকি নামি আহিছে৷ শিহুক ১৯৯৬ চনতে IUCNৰ ৰঙা তালিকাৰ বিলুপ্তপ্ৰায় (Endangered) শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে৷ ইহঁত সাধাৰণতে ১.৫-৩ মিটাৰ দীঘল হয়৷ গাত কোনো নোম নাথাকে৷ দৃষ্টিশক্তি নাই বাবে ইহঁতে /আলট্ৰাছ’নিক/ শব্দ নিৰ্গত কৰি চিকাৰ কৰে৷ ইহঁতৰ শৰীৰত ব্লাব্বাৰ নামৰ এটা চৰ্বিৰ তৰপ দেখা পোৱা যায়৷

১৮০১ চনত আনুষ্ঠানিকভাৱে শিহু আৱিষ্কাৰ হৈছিল৷ ইহঁতক অকলে বা সৰু সৰু গোটত দেখা পোৱা যায়৷ সাধাৰণতে মাক আৰু পোৱালিয়ে একেলগে চলাফুৰা কৰে৷ পোৱালি জন্মৰ সময়ত চকলেট ব্ৰাউন বৰণৰ হয় আৰু প্ৰাপ্তবয়স্ক অৱস্থাত ধূসৰ-বাদামী মসৃণ বৰণৰ হয়৷ মাইকীবোৰ মতাতকৈ ডাঙৰ হয়৷ ২-৩ বছৰৰ মূৰে মূৰে এবাৰত মাত্ৰ এটাকৈ পোৱালি জন্ম দিয়ে৷ নদী দ্বীপ, নদীৰ ভাঁজ বা বালিচৰৰ দৰে নদীৰ অংশসমূহত ইহঁতে চলাচল কৰে৷

মিচিং জনগোষ্ঠীৰ লোক বিশ্বাস অনুসৰি তেওঁলোকে কেতিয়াও শিহু হত্যা নকৰে। মিচিং লোকথা আৰু শিহুৰ কথা লিখাৰ বেলিকা প্ৰথমেই মোৰ মনলৈ আহিছে ড° গণেশ পেগুৰ মিচিং জনসাহিত্য নামৰ গ্ৰন্থখনত পঢ়া শিহু আৰু ঘৰিয়ালৰ জন্ম নামৰ সাধুকথাটো। 

        সাধুটোৰ মতে, এসময়ত এখন মিচিং গাঁৱত তমাং নামৰ এজনী ৰূপহী গাভৰুৱে বাস কৰিছিল। তাই এজন ডেকাৰ সৈতে বিয়া হ’বলৈ মন কৰিছিল যদিও সেই ডেকাজনক মাক-বাপেকে একেবাৰে পছন্দ কৰা নাছিল। মাক- বাপেকে তাইৰ বিয়া পাতিলে আন এটা ডেকাৰ লগত। অৱশেষত তাই উৰালৰ মাৰি ডিঙিত আৰু খুবলিটো পেটত বান্ধি সোৱণশিৰিত জাপ দিলে। পানীত পৰাৰ পিছতো তাইৰ মানুহ গুচি শিহু হ’ল। ডিঙিত বন্ধা উৰালৰ মাৰি ডাল শিহুৰ মুখ হ’ল। সেয়ে শিহুৰ মুখ দীঘল। খুবলিটোৰ পৰা গংগাটোপটোৰ দৰে পেটটো হ’ল।

     তমাঙে বিয়া হ’ব খোজা ল’ৰাটোৱে সোৱণশিৰিৰ পাৰলৈ গৈ ‘তমাং তমাং’ বুলি তাইক বিচাৰি ফুৰিবলৈ ধৰিলে কিন্তু তমাং নোলাল। শিহুজনী পানীৰ পৰা ওলাই আহি পুনৰ তললৈ গ’ল। ডেকাটোৱে তাইক এনেকৈ দেখা পাই এডোখৰ শিল ডিঙিত বান্ধি নৈত জাপ দিলে। কিন্তু সি শিহুৰ জনম ল’ব নোৱাৰিলে। সি ঘঁৰিয়ালৰ জন্ম ল’লে। সেই শিল ডোখৰেই ঘঁৰিয়ালৰ পিঠিত এটা টেমুনা হৈ ৰ’ল।

Gangetic Dolphin

     শিহুৰ সম্পৰ্কে মিচিং জনগোষ্ঠীৰ লোকসকলৰ মাজত প্ৰচলিত আৰু এটি সাধু আছে। এসময়ত এখন মিচিং গাঁৱত য়াকাচি নামৰ এগৰাকী গাভৰুৱে বসবাস কৰিছিল। মিচিং গাভৰুবোৰ বোৱা-কটাত খুবেই পাকৈত হয়। কিন্তু, মিচিং লোককথা অনুসৰি য়াকাচি বোৱা-কটাত পাৰ্গত নাছিল।

মিচিং সমাজত এক লোকবিশ্বাস আছে যে, মিচিং ছোৱালী তাঁত বোৱাত পাকৈত নহ’লে কোনেও বিয়া নকৰায় আৰু লগতে সমাজে এলাগী বুলি গণ্য কৰে। য়াকাচি ‘এলাগী’ হোৱাৰ বাবে ঘৰৰ মানুহে য়াকাচিৰ গাত টোলোঠা-দোৰ্পটি বান্ধি নৈত উটুৱাই দিছিল। কালক্ৰমত য়াকাচিয়ে শিহু হৈ জন্ম ল’লে বুলি এক জনবিশ্বাস মিচিং সমাজত আজিও প্ৰচলিত হৈ আছে। (উৎসঃ ড° বিজয়কৃষ্ণ দলে) 

     আকৌ, এই সাধুটোকে বহুলোকে এনেদৰে কয়- এখন গাঁৱত য়াকাচি নামৰ বোৱা-কটা নজনা এজনী ছোৱালী আছিল। বোৱা-কটা নজনাৰ বাবে তাইক সকলোৱে ঠাট্টা-মস্কৰা কৰিছিল। কোনোৱে বিয়া পাতিবও বিচৰা নাছিল। সেয়েহে য়াকাচিয়ে এদিন কোনেও গম নোপোৱাকৈ নদীত জাপ দিলেগৈ। পিছে, তাইৰ মৃত্যু নহৈ শিহুলৈহে ৰূপান্তৰিত হ’ল। 

Climate Template

   এনেদৰে লোক বিশ্বাস আৰু পৰম্পৰাই জনগোষ্ঠীটোৰ মাজত শিহু সুৰক্ষা ভাৱনা জাগ্ৰত কৰি ৰাখিছে। জনগোষ্ঠীয় পৰম্পৰাত ব্যৱহৃত প্ৰাকৃতিক উপাদানৰ সংৰক্ষণ আৰু সংবৰ্ধন প্ৰায়ে অজ্ঞাত বা পৰোক্ষভাৱে সম্পন্ন হয়। 

   এনেদৰে লোক বিশ্বাস আৰু পৰম্পৰাই জনগোষ্ঠীটোৰ মাজত শিহু সুৰক্ষা ভাৱনা জাগ্ৰত কৰি ৰাখিছে। জনগোষ্ঠীয় পৰম্পৰাত ব্যৱহৃত প্ৰাকৃতিক উপাদানৰ সংৰক্ষণ আৰু সংবৰ্ধন প্ৰায়ে অজ্ঞাত বা পৰোক্ষভাৱে সংঘটিত হয়। উৎসৱ-পাৰ্বণৰ বাবে প্ৰয়োজনীয় সমলৰ উৎপাদন বা সংৰক্ষণৰ এই ধাৰণা পৰম্পৰাগত হ’লেও ইয়াৰ প্ৰভাৱ অত্যন্ত ইতিবাচক।

অসমৰ জনগোষ্ঠীসমূহৰ প্ৰকৃতি-প্ৰীতি আৰু সংৰক্ষণ চেতনাই প্ৰমাণ কৰে যে পৰম্পৰা আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্ক কেৱল জীৱনধাৰাৰ অংশ নহয়, বৰঞ্চ ই এক বহনক্ষম ভৱিষ্যতৰ পথ প্ৰদৰ্শক। এই সমন্বয়ৰ জৰিয়তে অসমৰ প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ লগতে সাংস্কৃতিক ঐতিহ্যৰো সংৰক্ষণৰ বাট মুকলি হয়।

river dolphin in assam

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Manas Pratim Dutta

Manas Pratim Dutta

Related Posts

দেশে দেশে ফুটবল
ASSAMESE SECTION

দেশে দেশে ফুটবল

by HANID R BHUYAN
June 9, 2026
0

দেশে দেশে ফুটবল HISTORY OF FOOTBALL হানিদ ৰঞ্জন ভূঞা বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলক যোৱা শতকজুৰি সন্মোহিত  কৰি ৰখা খেলবিধেই হৈছে ফুটবল। পৃথিৱীৰ ...

Read moreDetails
15 more pygmy hogs return to their historical home in Manas National Park

15 more pygmy hogs return to their historical home in Manas National Park

June 7, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

June 4, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

June 4, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

May 24, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Who Really Controls the World? Legacy Wealth vs. Big Tech

Who Really Controls the World? Legacy Wealth vs. Big Tech

June 12, 2026
Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

June 12, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

June 12, 2026
Could Earth Turn into Venus If CO2 Keeps Rising?

Could Earth Turn into Venus If CO2 Keeps Rising?

June 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    34367 shares
    Share 13746 Tweet 8592
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15402 shares
    Share 6161 Tweet 3851
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    736 shares
    Share 294 Tweet 184
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    661 shares
    Share 264 Tweet 165
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3519 shares
    Share 1408 Tweet 880
  • মাধৱদেৱৰ সাহিত্যকৃতি

    705 shares
    Share 282 Tweet 176
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1040 shares
    Share 416 Tweet 260
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3822 shares
    Share 1529 Tweet 956
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6615 shares
    Share 2646 Tweet 1654
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4391 shares
    Share 1756 Tweet 1098
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d