শিহু সুৰক্ষা আৰু মিচিং লোককথা
মানস প্ৰতিম দত্ত

প্রকৃতিৰ সুন্দৰতম সৃষ্টিসমূহৰ ভিতৰত অন্যতম হৈছে মানুহ। মানুহ প্রকৃতিৰ অংশ বাবেই প্রকৃতি আৰু মানুহৰ মাজত এক সুমধুৰ আৰু সুদৃঢ় বান্ধোন আপোনা-আপুনি গঢ় লৈ উঠে।
সেয়ে হয়তো প্রকৃতিৰ ভয়াৱহ ৰূপৰ সাক্ষী হৈও মানুহে প্রকৃতিক কেতিয়াও বেয়া পাব নোৱাৰে, ঠিক যেনেকৈ মানুহৰ নিৰ্মমতাৰ মাজতো প্রকৃতিয়ে নিজৰ দুখ কোনোকালে প্ৰকাশ কৰিব নোৱাৰে।

মানুহ প্ৰকৃতিৰ অংশ বাবেই আমাৰ লোকবিশ্বাস আৰু সংস্কৃতিৰ সৈতে প্রকৃতিৰ অত্যন্ত গভীৰ আৰু নিবিড় সম্পৰ্ক থকা দেখা যায়। ভাষা, সংস্কৃতি, আচাৰ-ব্যৱহাৰ, সাজ-পোচাক, জীৱনশৈলী আৰু দৰ্শনৰ ওপৰত প্রকৃতিৰ প্ৰভাৱ অপৰিসীম। বিশেষকৈ জনজাতীয় জীৱনশৈলীত প্রকৃতিৰ ভূমিকা এনেকুৱা বিস্তৃত যে তেওঁলোকে প্রকৃতিক নিজৰ সমাজ ব্যৱস্থাৰ অবিচ্ছেদ্য অংশ হিচাপে গ্ৰহণ কৰে।
পুৰণি কালৰে পৰা মানুহে জীৱনৰ মৌলিক প্ৰয়োজন—খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ বাবে সম্পূৰ্ণৰূপে প্রকৃতিৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। এই নিৰ্ভৰতাৰ ফলত জনগোষ্ঠীয় লোকগীত, মৌখিক কবিতা, আৰু কাহিনীত প্রকৃতিৰ নান্দনিক বৰ্ণনা স্থান পাইছে। এই সৃষ্টিসমূহে প্রকৃতিৰ সৈতে মানুহৰ সুপ্ৰাচীন অন্তৰংগ সম্পৰ্কৰ গভীৰ উপলব্ধিৰ দুৱাৰ মুকলি কৰে। তদুপৰি, জনগোষ্ঠীয় লোক-পৰম্পৰাৰ পৰা আৰম্ভ কৰি অৰ্থনৈতিক কাৰ্যকলাপলৈকে, মানুহৰ জীৱনৰ প্ৰতিটো দিশতে প্রকৃতিৰ প্ৰভাৱ সুস্পষ্ট।
জনগোষ্ঠীয় পৰম্পৰা আৰু সমন্বয়ৰ মাজেৰে অসমীয়া জাতীয় জীৱন মহিমামণ্ডিত হৈ আহিছে। প্রকৃতি আৰু লোকপৰম্পৰা এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে। অসমৰ জনজীৱনৰ সৈতে পৰিৱেশৰ সম্পৰ্ক অতি গভীৰ। অসমত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ জীৱনশৈলী, পৰম্পৰা আৰু সংস্কৃতিৰ সৈতে প্রকৃতি ওতঃপ্ৰোতভাৱে জড়িত।
লোকবিশ্বাসে স্বতঃস্ফূৰ্ত সংৰক্ষণ চেতনাৰ বিকাশ ঘটায়। অসমৰ নৈপৰীয়া মিচিং জনগোষ্ঠীৰ লোকসকলৰ মাজত প্রকৃতি-প্ৰীতি পৰম্পৰাগতভাৱে গঢ়ি উঠা দেখা যায়। মূলতঃ কৃষিজীৱী এই জনগোষ্ঠীৰ লোকে আহু আৰু শালি ধানৰ খেতিৰ লগতে প্ৰকৃতিৰ বিভিন্ন উপাদানক জীৱনৰ অংশ হিচাপে গ্ৰহণ কৰে। তেওঁলোকৰ মহিলাসকলৰ ৰঙীন সাজ-পোচাকত প্ৰকৃতিৰ ছাঁ স্পষ্ট। তেওঁলোকৰ উৎসৱ যেনে আলি আঃয়ে লিগাং প্ৰকৃতি বন্দনাৰ এক জ্বলন্ত উদাহৰণ।
তদুপৰি, তেওঁলোকৰ পৰম্পৰাগত খাদ্য নামচিং প্ৰস্তুতৰ বাবে কচু, ঢেকীয়া, ৰঙালাও পাত, ভেদাইলতা, জলকীয়া পাত, মানিমুনি, ডিমৰু পাত আদি প্ৰাকৃতিক উপাদানৰ প্ৰয়োজন হয়। ফলত, এই উদ্ভিদসমূহৰ সংৰক্ষণৰ বাবে তেওঁলোকে সচেতনভাৱে কাম কৰে।

অসমৰ মিচিং জনগোষ্ঠীৰ সৈতে শিহুৰ সম্পৰ্ক অতি প্ৰাচীন। শিহু আমাৰ দেশৰ থলুৱা জলজ স্তন্যপায়ী প্ৰাণী৷ ইয়াৰ বৈজ্ঞানিক নাম প্লাটানিষ্টা গেংগেটিকা গেংগেটিকা৷ শিহু মূলতঃ গংগা নদী আৰু ব্ৰহ্মপুত্ৰ নদী, কুলশী, সোৱণশিৰি, বৰাক [ভাৰতবৰ্ষ], মেঘনা, কৰ্ণফুলি নদী [বাংলাদেশ] আৰু কোশী, গন্ধকি, কৰ্ণালি নদী [নেপাল]ত পোৱা যায়৷ কুলশী নদীত সৰ্বাধিক শিহু থকা বুলি শুনা যায়৷
অৱশ্যে অত্যধিক বালি খনন, প্ৰদূষণৰ কৰালগ্ৰাসত পৰি ইয়াৰ সংখ্যা কমি অহাৰ লগতে ভৱিষ্যতৰ প্ৰতিও ভাবুকি নামি আহিছে৷ শিহুক ১৯৯৬ চনতে IUCNৰ ৰঙা তালিকাৰ বিলুপ্তপ্ৰায় (Endangered) শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে৷ ইহঁত সাধাৰণতে ১.৫-৩ মিটাৰ দীঘল হয়৷ গাত কোনো নোম নাথাকে৷ দৃষ্টিশক্তি নাই বাবে ইহঁতে /আলট্ৰাছ’নিক/ শব্দ নিৰ্গত কৰি চিকাৰ কৰে৷ ইহঁতৰ শৰীৰত ব্লাব্বাৰ নামৰ এটা চৰ্বিৰ তৰপ দেখা পোৱা যায়৷
১৮০১ চনত আনুষ্ঠানিকভাৱে শিহু আৱিষ্কাৰ হৈছিল৷ ইহঁতক অকলে বা সৰু সৰু গোটত দেখা পোৱা যায়৷ সাধাৰণতে মাক আৰু পোৱালিয়ে একেলগে চলাফুৰা কৰে৷ পোৱালি জন্মৰ সময়ত চকলেট ব্ৰাউন বৰণৰ হয় আৰু প্ৰাপ্তবয়স্ক অৱস্থাত ধূসৰ-বাদামী মসৃণ বৰণৰ হয়৷ মাইকীবোৰ মতাতকৈ ডাঙৰ হয়৷ ২-৩ বছৰৰ মূৰে মূৰে এবাৰত মাত্ৰ এটাকৈ পোৱালি জন্ম দিয়ে৷ নদী দ্বীপ, নদীৰ ভাঁজ বা বালিচৰৰ দৰে নদীৰ অংশসমূহত ইহঁতে চলাচল কৰে৷
মিচিং জনগোষ্ঠীৰ লোক বিশ্বাস অনুসৰি তেওঁলোকে কেতিয়াও শিহু হত্যা নকৰে। মিচিং লোকথা আৰু শিহুৰ কথা লিখাৰ বেলিকা প্ৰথমেই মোৰ মনলৈ আহিছে ড° গণেশ পেগুৰ মিচিং জনসাহিত্য নামৰ গ্ৰন্থখনত পঢ়া শিহু আৰু ঘৰিয়ালৰ জন্ম নামৰ সাধুকথাটো।
সাধুটোৰ মতে, এসময়ত এখন মিচিং গাঁৱত তমাং নামৰ এজনী ৰূপহী গাভৰুৱে বাস কৰিছিল। তাই এজন ডেকাৰ সৈতে বিয়া হ’বলৈ মন কৰিছিল যদিও সেই ডেকাজনক মাক-বাপেকে একেবাৰে পছন্দ কৰা নাছিল। মাক- বাপেকে তাইৰ বিয়া পাতিলে আন এটা ডেকাৰ লগত। অৱশেষত তাই উৰালৰ মাৰি ডিঙিত আৰু খুবলিটো পেটত বান্ধি সোৱণশিৰিত জাপ দিলে। পানীত পৰাৰ পিছতো তাইৰ মানুহ গুচি শিহু হ’ল। ডিঙিত বন্ধা উৰালৰ মাৰি ডাল শিহুৰ মুখ হ’ল। সেয়ে শিহুৰ মুখ দীঘল। খুবলিটোৰ পৰা গংগাটোপটোৰ দৰে পেটটো হ’ল।
তমাঙে বিয়া হ’ব খোজা ল’ৰাটোৱে সোৱণশিৰিৰ পাৰলৈ গৈ ‘তমাং তমাং’ বুলি তাইক বিচাৰি ফুৰিবলৈ ধৰিলে কিন্তু তমাং নোলাল। শিহুজনী পানীৰ পৰা ওলাই আহি পুনৰ তললৈ গ’ল। ডেকাটোৱে তাইক এনেকৈ দেখা পাই এডোখৰ শিল ডিঙিত বান্ধি নৈত জাপ দিলে। কিন্তু সি শিহুৰ জনম ল’ব নোৱাৰিলে। সি ঘঁৰিয়ালৰ জন্ম ল’লে। সেই শিল ডোখৰেই ঘঁৰিয়ালৰ পিঠিত এটা টেমুনা হৈ ৰ’ল।

শিহুৰ সম্পৰ্কে মিচিং জনগোষ্ঠীৰ লোকসকলৰ মাজত প্ৰচলিত আৰু এটি সাধু আছে। এসময়ত এখন মিচিং গাঁৱত য়াকাচি নামৰ এগৰাকী গাভৰুৱে বসবাস কৰিছিল। মিচিং গাভৰুবোৰ বোৱা-কটাত খুবেই পাকৈত হয়। কিন্তু, মিচিং লোককথা অনুসৰি য়াকাচি বোৱা-কটাত পাৰ্গত নাছিল।
মিচিং সমাজত এক লোকবিশ্বাস আছে যে, মিচিং ছোৱালী তাঁত বোৱাত পাকৈত নহ’লে কোনেও বিয়া নকৰায় আৰু লগতে সমাজে এলাগী বুলি গণ্য কৰে। য়াকাচি ‘এলাগী’ হোৱাৰ বাবে ঘৰৰ মানুহে য়াকাচিৰ গাত টোলোঠা-দোৰ্পটি বান্ধি নৈত উটুৱাই দিছিল। কালক্ৰমত য়াকাচিয়ে শিহু হৈ জন্ম ল’লে বুলি এক জনবিশ্বাস মিচিং সমাজত আজিও প্ৰচলিত হৈ আছে। (উৎসঃ ড° বিজয়কৃষ্ণ দলে)
আকৌ, এই সাধুটোকে বহুলোকে এনেদৰে কয়- এখন গাঁৱত য়াকাচি নামৰ বোৱা-কটা নজনা এজনী ছোৱালী আছিল। বোৱা-কটা নজনাৰ বাবে তাইক সকলোৱে ঠাট্টা-মস্কৰা কৰিছিল। কোনোৱে বিয়া পাতিবও বিচৰা নাছিল। সেয়েহে য়াকাচিয়ে এদিন কোনেও গম নোপোৱাকৈ নদীত জাপ দিলেগৈ। পিছে, তাইৰ মৃত্যু নহৈ শিহুলৈহে ৰূপান্তৰিত হ’ল।

এনেদৰে লোক বিশ্বাস আৰু পৰম্পৰাই জনগোষ্ঠীটোৰ মাজত শিহু সুৰক্ষা ভাৱনা জাগ্ৰত কৰি ৰাখিছে। জনগোষ্ঠীয় পৰম্পৰাত ব্যৱহৃত প্ৰাকৃতিক উপাদানৰ সংৰক্ষণ আৰু সংবৰ্ধন প্ৰায়ে অজ্ঞাত বা পৰোক্ষভাৱে সম্পন্ন হয়।
এনেদৰে লোক বিশ্বাস আৰু পৰম্পৰাই জনগোষ্ঠীটোৰ মাজত শিহু সুৰক্ষা ভাৱনা জাগ্ৰত কৰি ৰাখিছে। জনগোষ্ঠীয় পৰম্পৰাত ব্যৱহৃত প্ৰাকৃতিক উপাদানৰ সংৰক্ষণ আৰু সংবৰ্ধন প্ৰায়ে অজ্ঞাত বা পৰোক্ষভাৱে সংঘটিত হয়। উৎসৱ-পাৰ্বণৰ বাবে প্ৰয়োজনীয় সমলৰ উৎপাদন বা সংৰক্ষণৰ এই ধাৰণা পৰম্পৰাগত হ’লেও ইয়াৰ প্ৰভাৱ অত্যন্ত ইতিবাচক।
অসমৰ জনগোষ্ঠীসমূহৰ প্ৰকৃতি-প্ৰীতি আৰু সংৰক্ষণ চেতনাই প্ৰমাণ কৰে যে পৰম্পৰা আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্ক কেৱল জীৱনধাৰাৰ অংশ নহয়, বৰঞ্চ ই এক বহনক্ষম ভৱিষ্যতৰ পথ প্ৰদৰ্শক। এই সমন্বয়ৰ জৰিয়তে অসমৰ প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ লগতে সাংস্কৃতিক ঐতিহ্যৰো সংৰক্ষণৰ বাট মুকলি হয়।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.