• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, September 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল আৰু মহাশিৱৰাত্ৰি মেলা!

ASSAMESE SECTION / Sivasagar / Shivaratri

by Monoswini Sarmah
February 25, 2025
in ASSAMESE SECTION, Spirituality
Reading Time: 4 mins read
0
Shiva Linga 1 scaled
Share on FacebookShare on TwitterShare on LinkedIn

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল আৰু মহাশিৱৰাত্ৰি মেলা

মনস্বিনী শৰ্মা

manaswini sarma
মনস্বিনী শৰ্মা

 প্ৰতিটো ধৰ্মৰ একোজন আৰাধ্য ঈশ্বৰ আছে। এই আৰাধ্য ঈশ্বৰৰ প্ৰতি ভক্তি প্ৰদৰ্শনৰ হেতু উক্ত ধৰ্মাৱলম্বী লোকসকলে বিভিন্ন ধৰণৰ উৎসৱ-পাৰ্বন পালন কৰে।

হিন্দু ধৰ্মৰ মহাদেৱ তথা সদা শিৱ হৈছে শক্তিৰ উৎস, সৃষ্টিৰ স্থল। হিন্দু ধৰ্মত প্ৰতিজন দেৱ-দেৱতা,ঈশ্বৰ সম্পৰ্কে ভিন্ন আখ্যান আছে। সেইদৰে আদিশক্তি মহাদেৱৰ বিষয়েও গভীৰ আখ্যান পোৱা যায়।

ভগৱান শিৱ সনাতন ধৰ্মৰ ত্ৰিমূৰ্তিৰ অন্যতম। সনাতন সংস্কৃতিৰ মহিমাক এক অনন্য ৰূপ প্ৰদান কৰা নীলকণ্ঠ মহাদেৱৰ বিশালতা আৰু মহানতাই।

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল আৰু মহাশিৱৰাত্ৰি মেলা

হিন্দু ধৰ্মৰ ইষ্ট দেৱতা শিৱ আৰু পাৰ্বতীৰ প্ৰেম, বিবাহ সম্পৰ্কেও এক সুন্দৰ তথা আদৰ্শগত কাহিনী পোৱা যায়। প্ৰচলিত আখ্যান অনুসৰি শিৱ-পাৰ্বতীৰ বিবাহৰ দিনটো হিন্দু ধৰ্মাৱলম্বী লোকসকলে মহাশিৱৰাত্ৰি উপলক্ষ্যে পালন কৰে।

   মহাশিৱৰাত্ৰী পালনৰ ক্ষেত্ৰত অসমৰ ঐতিহাসিক শিৱসাগৰ জিলাৰ শিৱদৌল বিখ্যাত। আহোম শাসনৰ এক গৌৰৱোজ্জল নিদৰ্শন শিৱদৌল স্থাপনৰ আঁৰত আছে এক কাহিনী। আহোম স্বৰ্গদেউ শিৱসিংহৰ ছত্ৰভঙ্গৰ যুগ আৰম্ভ হোৱাত তেখেতে তেওঁৰ পত্নী অম্বিকা কুঁৱৰীৰ হাতত ৰাজ্যৰ শাসনভাৰ নিৰ্মাণ কৰে। অম্বিকা কুঁৱৰীয়ে ৰাজপাটত বহি স্বামীৰ স্মৃতিত শিৱসাগৰ তথা বৰ পুখুৰী খান্দি তাৰ পাৰত শিৱদৌল, বিষ্ণুদৌল,দেৱীদৌল নিৰ্মাণ কৰে।

এই শিৱদৌল অসমৰ সকলোবোৰ দৌলতকৈ ওখ। কৰ্দৈশিৰীয়া এই দৌলৰ উচ্চতা প্ৰায় ১৮০ ফুট(প্ৰায় ৫৫.৫১ মিটাৰ) আৰু ভেটিৰ প্ৰস্থ প্ৰায় ১৯৫ ফুট (৬০.১৪ মিটাৰ) । শিৱদৌলৰ বিশেষত্ব হ’ল ইয়াৰ ওপৰত থকা সোণৰ কলচী। কলচীটো শিৱদৌলৰ এক স্বতন্ত্ৰ পৰিচয় আৰু সৌন্দৰ্য্যৰ প্রতীক হিচাপে বিবেচিত হয়।

জনশ্ৰুতি অনুসৰি, মানে এই সোণৰ কলচী চুৰ কৰাৰ চেষ্টা কৰিছিল। গুলিয়াই কলচীটো ভাঙিবলৈ চেষ্টা কৰে যদিও ইয়াক নষ্ট কৰিব পৰা নাছিল।

১৯৫০ চনৰ ভূমিকম্পত কলচীটো খহি পৰিছিল যদিও ইয়াক আগৰ স্থানত স্থাপন কৰা হয়। এই দৌলটোত সদায়ে শিৱৰ পূজা অৰ্চনা কৰি অহা হয়। ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ সবাতোকৈ আকৰ্ষণীয় আৰু অপূৰ্ব সুন্দৰ ভাস্কৰ্য্য খোদিত এছিয়াৰ দ্বিতীয় সৰ্বাধিক উচ্চতাৰ সোণৰ কলচী খোদিত এই শিৱদৌলটোৰ আয়ুস প্ৰায় চাৰিশ বছৰ স্পৰ্শ কৰিছে৷

আহোম ঐতিহ্যৰ সোণালী অধ্যায়ৰ বাৰ্তা বহন কৰি অহা এই ঐতিহ্যমণ্ডিত দৌল হৈছে সমন্বয়, ভাতৃত্ববোধ, আস্থা, বিশ্বাস আৰু ভক্তিৰ প্ৰতীক। শিৱদৌল অসমৰ আটাইতকৈ পবিত্ৰ আৰু পৰম্পৰাগত মন্দিৰৰ ভিতৰত অন্যতম।

সৰ্বসাধাৰণৰ বাবে মন্দিৰ সদায় খোলা থাকে আৰু পূজাৰ্চনাৰ ব্যৱস্থা থাকে। ৰাজ্য চৰকাৰ আৰু স্থানীয় লোকসকলৰ সহায়ত মন্দিৰটিৰ সংৰক্ষণৰ কাম চলি আছে। বছৰে কেইবালাখো ভক্ত আৰু পৰ্যটক শিৱদৌল পৰিদৰ্শন কৰে। বিশেষকৈ শিৱৰাত্ৰিৰ সময়ত শিৱদৌলৰ কাষত বৃহৎ মেলাৰ আয়োজন কৰা হয়।

   ১৭৩৪ খ্ৰীষ্টাব্দৰে পৰা প্ৰায় ২৯০ বছৰ ধৰি শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত উদযাপিত হৈ আহিছে মহাশিৱৰাত্রি পূজা। প্ৰতি বছৰে মহাশিৱৰাত্ৰি আৰু মেলাক কেন্দ্ৰ কৰি সমগ্ৰ শিৱসাগৰ চহৰতে সৃষ্টি হয় উৎসৱমুখৰ পৰিবেশ। ৰাজ্যখনৰ উপৰিও দেশৰ কেইবাখনো ৰাজ্যৰ পৰা অহা শ শ ব্যৱসায়ীয়ে মেলাত অংশগ্ৰহণ কৰে। শিৱসাগৰৰ শিৱদ’লৰ প্ৰাংগণত আহোম ৰাজত্বৰালৰে পৰা শিৱপূজা অনুষ্ঠিত কৰি অহা হৈছে ৷

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল আৰু মহাশিৱৰাত্ৰি মেলা

শিৱসাগৰৰ শিৱৰাত্ৰি অনুষ্ঠানত ভাগ লোৱাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকৰ লগতে শ শ সাধু সন্যাসী আহে ৷ মহাশিৱৰাত্ৰিৰ বাবে পুৱাৰ ভাগৰে পৰা দ’ল চৌহদত ভক্তৰ লানি নিছিগা ভীৰৰ পৰিলক্ষিত হৈছে ৷ শ শ ব্যৱসায়ীয়ে মেলাৰ বাবে শিৱসাগৰ দৌল উন্নয়ন পৰিষদে আবন্টন দিয়া বিপনীসমূহ সামগ্ৰীৰে পৰিপূৰ্ণ কৰিছে ৷ শিৱসাগৰ পুখুৰীৰ দুয়োকাষৰ পথত মেলাৰ বাবে বিপনী আবন্টন দিয়া হয় ৷

শিৱদৌলৰ পিছফালৰ শিৱসাগৰ পুখুৰীৰ পাৰটোৰ দুয়ো কাষে কেইবা শতাধিক বিপনীত ব্যৱসায়ীসকলে মেলা আৰম্ভ কৰে ৷ প্ৰতি বছৰে পাঁচ দিনীয়া কাৰ্যসূচীৰে মহাশিৱৰাত্ৰী মেলাৰ আয়োজন কৰা হয়। শিৱৰাত্ৰি মেলাত মনোৰঞ্জনৰ অংশ হিচাপে কেইবাটাও স্থানত আনন্দ মেলাৰ আয়োজন কৰা হয়। শিৱৰাত্ৰিৰ সন্ধিয়া শ শ ভক্তই মহাদেৱৰ আৰাধনাৰ বাবে নৈবেদ্য আগবঢ়ায়। দৌল চৌহদক আগুৰি পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে ভিন্ন সামগ্ৰীৰে চহৰখনত অৱস্থান কৰে।

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল আৰু মহাশিৱৰাত্ৰি মেলা

     ২০১৮ বৰ্ষত বহু দেশী-বিদেশী পৰ্যটকৰ সমাগমেৰে বৰ্ণাঢ্য কাৰ্য্যসূচীৰে শিৱসাগৰৰ শিৱদৌলৰ শিৱৰাত্ৰি মেলা পোন প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰা হৈছিল। সেইবেলি আমেৰিকা, অষ্ট্ৰেলিয়া, জাপান, ফ্ৰান্স, ইটালি, ৰোমানিয়া আদি দেশৰ শিল্পীয়ে অংশগ্ৰহণ কৰিছিল। উক্ত আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ লগত সংগতি ৰাখি শিৱদৌল প্ৰাংগনত উন্মোচন কৰা হৈছিল এক শুভংকৰ প্ৰতীক৷

এই শুভংকৰ প্ৰস্তুত কৰি উলিওৱা হৈছে শিৱৰ অনুচৰ ‘নন্দীৰ’ আৰ্হিত ৷শিৱসাগৰক পৰ্যটন নগৰী হিচাপে গঢ়ি তোলাৰ ক্ষেত্রত এই আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছিল৷ বিদেশী পৰ্যটক অবিহনে শিৱসাগৰ কেতিয়াও পৰ্যটন নগৰী হ’ব নোৱাৰে ৷ সেয়ে এই শিৱৰাত্ৰি উৎসৱক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজন কৰি ইয়াৰ দ্বাৰা বিদেশী পৰ্যটকক আকৰ্ষণৰ প্ৰয়াস কৰা হৈছিল।

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল আৰু মহাশিৱৰাত্ৰি মেলা

প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা এই আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে উদযাপন সমিতিয়ে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰিছিল। এক বিশাল বাইক ৰেলীৰ লগতে উন্মোচন কৰা শুভংকৰ ‘নন্দী’য়ে সমগ্ৰ উজনি অসম ভ্ৰমণ কৰিছিল।

     শিৱসাগৰৰ শিৱদৌল অসমৰ ধৰ্মীয়, সাংস্কৃতিক আৰু ঐতিহাসিক ঐতিহ্যৰ এক অমূল্য নিদৰ্শন। এই মন্দিৰৰ মাধ্যমে অসমবাসীয়ে নিজৰ ধৰ্মীয় চেতনাক সংহত কৰি সমাজত ভগৱান শিৱৰ আদৰ্শ প্ৰতিষ্ঠিত কৰাৰ প্ৰচেষ্টা কৰিছে। শিৱদৌল কেৱল এটি মন্দিৰেই নহয়;ই হৈছে অসমবাসীৰ আস্থাৰ প্রতীক, যাক সাৱটি ৰাখিবলৈ ভক্তসকল সদায় যত্নশীল।

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল আৰু মহাশিৱৰাত্ৰি মেলা

(মনস্বিনী শৰ্মা শিৱসাগৰৰ এগৰাকী যুৱ লেখিকা)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Monoswini Sarmah

Monoswini Sarmah

Related Posts

কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!
ASSAMESE SECTION

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

by JYOTIRMOY PRADHANI
September 9, 2026
0

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল ড০ জ্যোতিৰ্ময় প্ৰধানী ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত উত্তৰ পূৰ্বাঞ্চলত যিকেইখন দেশীয় ৰাজ্য আছিল তাৰ ভিতৰত...

Read moreDetails
সুধাকন্ঠৰ জীৱন পৰিক্ৰমা : চমু অৱলোকন

ভূপেন হাজৰিকা আৰু লুইত

September 6, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells

Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells

September 5, 2026
চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

August 29, 2026
Mahabahu – Special Issue

অৰুনোদইৰ আঁত ধৰি

August 23, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 10, 2026
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
The 8th International Conference on Sustainability Education (ICSE) 2026

The 8th International Conference on Sustainability Education (ICSE) 2026

September 8, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40655 shares
    Share 16262 Tweet 10164
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18922 shares
    Share 7569 Tweet 4731
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4048 shares
    Share 1619 Tweet 1012
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4089 shares
    Share 1636 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d