• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 14, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Heritage

শিৱসাগৰৰ প্ৰত্নতাত্ত্বিক শিলাকৃতি!

ASSAMESE Section/ Heritage

by Editor
December 11, 2024
in Heritage, History, Remembrance, Special Report
Reading Time: 8 mins read
0
শিৱসাগৰৰ প্ৰত্নতাত্ত্বিক শিলাকৃতি!
Share on FacebookShare on TwitterShare on LinkedIn

শিৱসাগৰৰ প্ৰত্নতাত্ত্বিক শিলাকৃতি!

নবীন বুঢ়াগোহাঁই

Nobin Buragohain
নবীন বুঢ়াগোহাঁই

শিৱসাগৰ অসমৰ এখন লেখত ল’বলগীয়া ঐতিহাসিক জিলা৷

এই জিলাখনৰ বিভিন্ন স্থানত সিঁচৰতি হৈ থকা বহুতো প্ৰত্নতাত্ত্বিক শিলৰ ভগ্নাৱশেষৰ সন্দৰ্ভত আমি এলানি দীৰ্ঘদিনীয়া অধ্যয়ন চলাইছিলোঁ৷ সেই অধ্যয়নৰপৰা জানিব পৰা গৈছিল যে জিলাখনৰ মূল নগৰ আৰু নগৰৰ উপকণ্ঠ অঞ্চলত প্ৰাক্‌-আহোম যুগৰ নানান শিলাকৃতি আছে৷ এইসমূহৰ বিষয়ে আজিলৈকে কোনোধৰণৰ বিজ্ঞানসন্মত অধ্যয়ন আৰু আলোচনা বহল পৰিসৰত হোৱা নাই৷

শিৱসাগৰৰ প্ৰত্নতাত্ত্বিক শিলাকৃতি
অসম তাই যাদুঘৰৰ চৌহদত লেখক
উল্লেখযোগ্য যে আহোম ৰাজত্বকালতো ‘শিলাকুটি’ নামৰ এখেল মানুহে শিল কটা কাম কৰিছিল৷ তেওঁলোকৰ দ্বাৰাই আহোম ৰজাই নামদাঙৰ শিলৰ সাঁকোকে ধৰি শিলৰ বিভিন্ন স্থাপত্য-ভাস্কৰ্য নিৰ্মাণৰ কাম সম্পন্ন কৰি তুলিছিল৷ তলত সেই শিলাকৃতিসমূহৰ বিষয়ে আলোচনা কৰা হ’ল৷

■ ৰংঘৰ-কাৰেংঘৰৰ শিলৰ ভগ্নাৱশেষ

শিৱসাগৰ নগৰৰ অসম তাই যাদুঘৰৰ বাকৰি, ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ চৌহদৰ উপৰি¸ শিৱসাগৰ ভৱনৰ চৌহদ [জিলা আয়ুক্তৰ বাসভৱন]-ত এখিনি শিলাকৃতি দেখিবলৈ পোৱা যায়৷ এই শিলাকৃতিসমূহ প্ৰাক্‌-আহোম যুগৰ যদিও ইবোৰৰ লগত আহোম ৰাজতন্ত্ৰৰ ওতপ্ৰোত সম্পৰ্ক জড়িত হৈ আছে৷

শিলাকৃতিসমূহ আহোম ৰজাই শদিয়াৰপৰা নদী-পথেদি নাৱেৰে অনাৰ পূৰ্ণ সম্ভাৱনাৰ আছে৷ এই কথা ব্ৰিটিছ বিষয়া জে এম ফ’ষ্টাৰে ১৮৭৪ চনৰ চতুৰ্থ সংখ্যাৰ ‘জাৰ্ণেল অৱ দ্য এচিয়াটিক চ’চাইটি’ৰ ‘দ্য টেম্পুল অৱ জয়সাগৰ, আপাৰ আসাম’ শীৰ্ষক লেখাত উল্লেখ কৰি থৈ গৈছে৷ [১] এইবোৰ ৰংঘৰ-কাৰেংঘৰৰ প্ৰৱেশ-পথ আদিত সৌন্দৰ্যবৰ্ধনৰ বাবে ব্যৱহাৰ কৰিছিল৷

● ৰংঘৰৰ খটখটী আৰু কেৰকন জামাদাৰ

প্ৰসংগযোগ্য যে ৰংঘৰৰ সন্মুখতে চাওফা ৰাজেশ্বৰ সিংহই সৰুকৈ আন এটা ৰংঘৰ সজাইছিল৷ [২], [৩] সেই ৰংঘৰটো আধা পকী আৰু আধা কাঠৰ আছিল৷ এই ৰংঘৰ নিৰ্মাণ কৰিবলৈ মুংৰাঙৰ কাৰিকৰ আহিছিল৷ [৪] সৰু ৰংঘৰটো এতিয়া বৰ্তি থকা নাই৷ [৫] ব্ৰিটিছৰ ৰাজত্বকালত ব’থাম নামৰ ইংৰাজ চাহাবজনে কেৰকন নামৰ এজন স্থানীয় মানুহক ৰংঘৰ দুটা, তলাতল ঘৰৰ পকী বেৰ আৰু গড়ৰ দুৱাৰকেইখন ১৩০০ টকাত বেচিছিল৷ [৬]

কেৰকন জামাদাৰ আছিল৷ জামাদাৰ মানে ব্ৰিটিছৰ অধীনৰ এজন হাবিলদাৰ পৰ্যায়ৰ বিষয়া-বিশেষ৷ তেওঁ দুৱাৰ [গেট]-ৰ উপৰি কাৰেঙৰ বহু অংশ আৰু তাৰ শিল-ইটা ঘৰলৈ লৈ গৈছিল৷ এনে কাৰ্যৰ পিছত ৰাইজে ভীষণ প্ৰতিবাদ কৰাত জিলাৰ পিছৰজন বৰচাহাবে সেই কাম বন্ধ কৰি কাৰেঙৰ গেটৰ শিলৰ টুকুৰাবিলাক কেৰকনৰ চৌহদৰপৰা নি বৰপুখুৰীৰ পাৰৰ বঙলাৰ সন্মুখত থৈছিল৷ [৭], [৮]

উল্লেখযোগ্য যে ব্ৰিটিছৰ বঙলাটো থকা স্থানত বৰ্তমান সময়ত শিৱসাগৰ জিলা আযুক্তৰ চৰকাৰী বাসভৱন বিদ্যমান৷ এই সম্পদসমূহ বৰ্তমানো জিলা আয়ুক্তৰ বাসভৱনৰ চৌহদৰ ভিতৰত সংৰক্ষিত হৈ আছে৷ সম্পদসমূহৰ বিষয়ে পিছলৈ উল্লেখ কৰা হৈছে৷

অলপতে, ঘটনাক্ৰমে, ব্ৰিটিছৰপৰা ৰংঘৰ-কাৰেংঘৰ ক্ৰয় কৰা কেৰকন জামাদাৰৰ পৰিয়ালৰ সন্ধান পোৱা গ’ল৷ শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ মহাফেজখানা [ৰেকৰ্ড ৰূম]-ত থকা মাটিৰ পুৰণি জমাবন্দীৰ বহী [Assam Schedule XXXV, Form No. 3]-ৰ ৩৩১ নম্বৰ পট্টাৰপৰা কেৰকন জামাদাৰ আৰু পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকৰ নামো অৱগত হ’লোঁ৷

সেই সূত্ৰে আমি জামাদাৰৰ পৰিয়ালৰ লোকক বিচাৰি উলিয়াবলৈ সক্ষম হোৱাৰ লগতে তেওঁলোকৰ পৰিয়ালত ব্ৰিটিছে নিবলৈ থাকি যোৱা ৰংঘৰৰ এটা শিলৰ খটখটীৰো সন্ধান লাভ কৰিলোঁ৷ এই খটখটীটো অপূৰ্বভাৱে ফুলকটা৷ পৰিয়ালৰ লোকে এইটো বোপাককাৰ দিনৰ বস্তু হিচাপে সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে৷ উল্লেখযোগ্য যে ১৭-১১-২০২৩ তাৰিখে কেৰকন জামাদাৰৰ পৰিয়াললৈ যাওঁতে পৰিয়ালৰ লোকে আমাক খটখটীটো চাবলৈ অনুমতি প্ৰদান কৰিছিল৷

ইয়াৰ পিছত এই ক্ষেত্ৰত কেৰকন জামাদাৰৰ পৰিয়ালৰ এজন ব্যক্তি তথা হজৰত খন্দকাৰ পীৰ দৰগাহৰ সম্পাদক ইছমাইল তামুলীয়ে ঐতিহাসিক সম্পদবিধৰ গুৰুত্ব বুজি বিশেষ সহযোগিতা আগ বঢ়াইছিল৷ তেখেতলোকৰ পৰিয়ালৰে ইউনুচ তামুলী আৰু বলিয়াঘাটৰ আটাউৰ ৰহমানেও আমাক সহযোগ আগ বঢ়াই কৃতাৰ্থ কৰিছিল৷ ৰংঘৰৰ এই খটখটীৰ শিলচটা দীঘলে ৪৩ ইঞ্চি আৰু বহলে ১৯ ইঞ্চি৷

উল্লেখযোগ্য যে কেৰকন জামাদাৰৰ পৰিয়ালত ৰংঘৰৰ শিলৰ খটখটীটো উদ্ধাৰ হোৱাৰ পিছত বিষয়টো আমি শিৱসাগৰ জিলাৰ উন্নয়ন আয়ুক্ত বিতোপন নেওগ [বৰ্তমানৰ ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া] আৰু অসমৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ বিষয়াক অৱগত কৰিছিলোঁ৷ আমাৰ তথ্যৰ ভিত্তিত ২৬-১১-২০২৩ তাৰিখে [দেওবাৰে] জিলাৰ উন্নয়ন আয়ুক্তজন জেঙনিকটীয়াৰ জয়গুণ বেগমৰ ঘৰত উপস্থিত খটখটীটো পৰিদৰ্শন কৰিছিল।

শিৱসাগৰৰ প্ৰত্নতাত্ত্বিক শিলাকৃতি
আকাশমাৰ্গৰপৰা দৃশ্যমান শিৱসাগৰ বৰপুখুৰী, তিনিটা দৌল আৰু নগৰখন, আলোকচিত্ৰ : কংকনজ্যোতি শইকীয়া

● ৰংঘৰ-কাৰেংঘৰৰ শিলাকৃতিসমূহৰ পৰিচয়

১. শিৱসাগৰ বৰপুখুৰীৰ পশ্চিম পাৰত অৱস্থিত ‘অসম তাই যাদুঘৰ’ৰ চৌহদত ৰংঘৰ-কাৰেংঘৰৰ ২টা শিলাকৃতি আছে৷ তাৰে এটা নান্দনিকভাৱে খাজ কটা/ফুটা থকা অত্যন্ত গধুৰ শিলাকৃতি৷ আনটো এগৰাকী উদ্ভিন্নযৌৱনা নাৰীৰ৷ নাৰীৰ শৈল-ভাস্কৰ্যটোৰ উচ্চতা ১ মিটাৰ, প্ৰস্থ ১ ফুট চাৰে তিনি ইঞ্চি৷ শৈল-ভাস্কৰ্যটোৰ শিলচটাৰ প্ৰস্থ ১ ফুট চাৰে চাৰি ইঞ্চি৷ ভাস্কৰ্যটোৰ উচ্চতাই শিলচটাৰো উচ্চতা৷ এইকেইটা পূৰ্বে শিৱসাগৰ জিলা আদালত [ট্ৰেজাৰী অফিচ]-ৰ সন্মুখত আছিল৷ [অধ্যয়ন-কালঃ ১৩-০২-২০২৩]৷

২. শিৱসাগৰ বৰপুখুৰীৰ দক্ষিণ পাৰৰ পশ্চিমলৈ থকা ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ চৌহদত ১০ খণ্ড শিলাকৃতি দেখিবলৈ পোৱা যায়৷ ইয়াৰে এটা শিলাকৃতিত আহোম ভাস্কৰ্য-শৈলীৰ আৰ্হিৰ এগৰাকী দেৱীৰ ভাস্কৰ্য বিদ্যমান৷ বলধৰ পিঠিত বহি থকা দ্বিহস্তা দেৱীগৰাকীৰ দুই হাত আশীৰ্বাদৰ ভংগীমাত ঊধ্বৰ্মুখী৷ ইয়াত থকা অন্যান্য শিলাকৃতিসমূহৰ কেতবোৰত সুন্দৰকৈ কাটি উলিওৱা ফুলৰ অলংকৰণ দেখিবলৈ পোৱা যায়৷ [অধ্যয়ন-কালঃ ২৫-১১-২০২৩]৷

৩. শিৱসাগৰ বৰপুখুৰীৰ দক্ষিণ পাৰৰ শিৱসাগৰ ভৱন অৰ্থাৎ জিলা আয়ুক্তৰ বাসভৱনৰ চৌহদত ৰংঘৰ-কাৰেংঘৰৰ ৩৪ খণ্ড বিভিন্ন বিচিত্ৰ শিলাকৃতি অতি সুন্দৰকৈ যত্নসহকাৰে সংৰক্ষণ কৰি ৰখা হৈছে৷ ইয়াৰ ভিতৰত ৩টা মজলীয়া আকাৰৰ স্তম্ভ বা খুঁটা, ২টা দুৱাৰ [তোৰণ]-ৰ অংশ আৰু ২৯ টা বিভিন্ন শিলাকৃতি আছে৷ মজলীয়া আকাৰৰ স্তম্ভ বা খুঁটাকেইটাৰ তলৰ অংশ বৰ্গাকৃতিৰ আৰু ওপৰলৈ ক্ৰমান্বয়ে গোলাকৃতিৰ৷

শিৱসাগৰৰ প্ৰত্নতাত্ত্বিক শিলাকৃতি
ৰংঘৰ, আলোকচিত্ৰ বলীন গগৈ

দুৱাৰ বা তোৰণত ব্যৱহৃত শিলাকৃতি দুটা ওখ, বহল, আপাততঃ চেপেটা আৰু অলংকৰণপূৰ্ণ৷ তাৰে এটা কিছু চুটি৷ ইয়াৰে দীঘল শিলাকৃতিটো সম্পূৰ্ণৰূপে অলংকৰণ কৰা৷ তলৰ অংশত দুটা ভাস্কৰ্য বিদ্যমান৷ এটা ভাস্কৰ্যৰ হাতত ধনু দেখা যায়৷

ইয়াৰ ওপৰলৈ শিলাকৃতিটো দীঘলে দীঘলে তিনিটা পেনেলত বিভক্ত৷ বাওঁফালৰপৰা প্ৰথম পেনেলৰ তলৰ অংশত এজনী চৰাই আৰু তাৰ ওপৰলৈ সম্পূৰ্ণৰূপে লতাফুল কটা; দ্বিতীয় পেনেলত সম্পূৰ্ণৰূপে ফুল-পাতৰ অলংকৰণ; তৃতীয় পেনেলত তলৰপৰা লতা-ফুলৰ ঘূৰণীয়া বৃত্তাকৃতিৰ প্ৰতিটো অলংকৰণৰ মাজত একাদিক্ৰমে দুজনী হাঁহজাতীয় চৰাই, এটা হাতী, এটা সিংহ, এটা জন্তু, পুনৰ এটা হাতী, পুনৰ এজনী হাঁহজাতীয় চৰাই দেখিবলৈ পোৱা যায়৷

ইয়াৰ ওপৰলৈ থকা অংশটো ভগ্ন৷ আনহাতে, ইয়াত বাকী যি ২৯ টা বিভিন্ন শিলাকৃতি আছে– সেইসমূহৰ কোনোটো শিলৰ দুৱাৰৰ অলংকৰণপূৰ্ণ গম্বুজৰ তলৰ অংশ, কোনোটো অধিস্থানৰ খাজ কটা অংশ, কোনোটো বিভিন্ন অলংকৰণ কটা অংশ আৰু কিছুমান ভাগি টুকুৰা হোৱা শিলাখণ্ড৷ এই শিলাকৃতিসমূহ ৰংঘৰ-কাৰেংঘৰৰ শিলৰ দুৱাৰৰ অংশ-বিশেষ আছিল৷

শিৱসাগৰ ভৱনত তাৰে কেইটামান নমুনা বা ভগ্নাৱশেষহে সংৰক্ষিত হৈ আছে৷ বাকীসমূহ ব্ৰিটিছ ৰাজত্বকালতে কোনোবাই কোনোবাই লৈ গ’ল৷ সেইসমূহ বিচাৰিলে অ’ত ত’ত ওলোৱাৰ সম্ভাৱনা আছে৷ [অধ্যয়ন-কালঃ ২৫-১১-২০২৩]৷

শিৱসাগৰৰ প্ৰত্নতাত্ত্বিক শিলাকৃতি
কেৰকন জামাদাৰৰ পৰিয়ালত থকা ৰংঘৰৰ খটখটীটো, (বাওঁফালৰপৰা ক্ৰমে ইছমাইল তামুলী, জয়গুণ বেগম, লেখক আৰু বিতোপন নেওগ

৪. জেঙনিকটীয়াৰ কেৰকন জামাদাৰৰ পৰিয়ালত ৰংঘৰৰ এচটা শিলৰ খটখটী উদ্ধাৰ হোৱাৰ পিছত সেই অঞ্চলতে থকা আন এটা ফুল কটা শিলাকৃতিৰো সম্ভেদ পোৱা গৈছে৷ সেইটো শিলাকৃতিও ৰংঘৰ বা কাৰেংঘৰৰ বুলি বুজিব পাৰি৷

উল্লেখযোগ্য যে শিৱসাগৰ নগৰত থকা এই শিলাকৃতিসমূহৰ সন্দৰ্ভত ভালদৰে কোনোধৰণৰ অধ্যয়ন হোৱাৰ কথা জনা নাযায়৷ এইসমূহৰ বিষয়ে অধ্যয়ন কৰিলে ইতিহাসৰ বহু নতুন তথ্য পোহৰলৈ অহাৰ এশ শতাংশ সম্ভাৱনা বিদ্যমান৷

■ শিৱসাগৰৰ বিভিন্ন স্থানত থকা অন্যান্য শিলাকৃতিসমূহ

ওপৰত উল্লেখ কৰি অহা হৈছে যে শিৱসাগৰ জিলাখনত নগৰৰ বাহিৰে উপকণ্ঠ অঞ্চলৰ কেতবোৰ ঠাইত আন কিছুমান শিলাকৃতি আছে৷ এইসমূহ ভগ্নাৱশেষসমূহ¸ জিলাখনৰ চেৰেকাপাৰৰ সিংহদ্বাৰ, নঙলামৰা, কালুগাঁৱৰ জগদ্ধাত্ৰী দৌলৰ গৰ্ভগৃহ, গেলেকীৰ বিষ্ণুদৌলৰ চৌহদ, গৌৰীসাগৰৰ দেৱী দৌলৰ গৰ্ভগৃহ, কাথপাৰৰ হৰগৌৰী দেওঘৰ, বাণ্টুং গাঁও পঞ্চায়তৰ অন্তৰ্গত গৰখীয়া দেওশাল, কেন্দুগুৰি আৰু দিখৌমুখৰ ৰামখাপীঠ দেৱালয়ৰ চৌহদতো দেখিবলৈ পোৱা যায়৷

শিৱসাগৰৰ প্ৰত্নতাত্ত্বিক শিলাকৃতি
অসম তাই যাদুঘৰৰ চৌহদত থকা ভগ্ন বক্ষৰ এটা শিলাকৃতি, আলোকচিত্ৰ ঋতু প্ৰিয়ম

আন আন ঠাইত থকা শিলাকৃতিৰ ভগ্নাৱশেষসমূহৰ বিষয়ে চমু আভাস দিবলৈ যত্ন কৰা হ’ল:

১. শিৱসাগৰ জিলাৰ চেৰেকাপাৰৰ সিংহদ্বাৰত কেতবোৰ শিলাকৃতি দেখিবলৈ পোৱা যায়৷ উল্লেখযোগ্য যে ২০১৯ চনৰ ২৬ জুলাইত চেৰেকাপাৰ সিংহ-দ্বাৰত কেতবোৰ পুৰাতাত্ত্বিক সামগ্ৰী উদ্ধাৰ হৈছিল৷

উক্ত দিনা জিঅ’ ম’বাইল নেটৱৰ্কৰ ক্যেবুল মেৰামতিৰ বাবে জিঅ’ ফাইবাৰ কোম্পানীৰ ঠিকাদাৰে আহোম যুগৰ গড়গাঁও নগৰলৈ যোৱা গড়গঞা আলিৰ কাষত, চেৰেকাপাৰৰ সিংহ-দ্বাৰৰ সন্মুখৰ পথৰ দাঁতিত গাঁত খান্দি থাকোতে মাটিৰ ওপৰৰপৰা প্ৰায় ছয় ফুট তলত পুৰণি চেপেটা ইটা, এটা মূৰ ভগা শিলৰ ভাস্কৰ্য, মুকুট আকৃতিৰ এটা শিলেৰে নিৰ্মিত তোৰণৰ চূড়া আৰু বিভিন্ন আকৃতিৰ শিল আদি উদ্ধাৰ কৰিছিল৷

ইতিমধ্যে মাটিৰ ওপৰতো পূৰ্বৰে পৰাই কেতবোৰ শৈল-ভাস্কৰ্য দেখিবলৈ পোৱা গৈছিল৷ সিংহ-দ্বাৰত প্ৰাপ্ত তথা খান্দি থোৱা গাঁতৰ ভিতৰত থকা পুৰাতাত্ত্বিক সামগ্ৰীসমূহৰ ভিতৰত চেপেটা ইটা, বালিশিলৰ ভাস্কৰ্যৰ ভগ্ন খণ্ড, শিলৰ তোৰণৰ অংশ, ফুলকটা শিলাখণ্ড আদিয়েই প্ৰধান আছিল৷ এইবোৰ আহোম যুগৰ সিংহ-দ্বাৰৰ তোৰণৰ ভগ্নাৱশেষ৷ এই দুৱাৰখনত বালিশিলৰ লগতে গ্ৰেনাইট শিলো ব্যৱহৃত হৈছিল৷

চেৰেকাপাৰৰ সিংহ-দুৱাৰৰ তোৰণৰ অংশবোৰ নিৰাভৰণ আৰু ভাস্কৰ্যবিহীন৷ এই তোৰণৰে বামুণীপাহাৰ আদিত থকা তোৰণৰ শিল্প-শৈলীৰ লগত কোনো সাদৃশ্য দেখা পোৱা নাযায়৷

শিৱসাগৰৰ প্ৰত্নতাত্ত্বিক শিলাকৃতি
ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ চৌহদত থকা শিলাকৃতি, আলোকচিত্ৰ নবীন বুঢ়াগোহাঁই

আনহাতে, ২৬ জুলাইত খননত উদ্ধাৰ হোৱা শিলৰ তোৰণৰ চূড়াৰ এটা সৰু অংশ আৰু ভগ্নমুখৰ উৰণীয়া সিংহৰ আকৃতি কটা শিলাখণ্ড স্থানীয় চেৰেকাপাৰ আৰক্ষী থানাত ৰাখি থোৱা হৈছিল৷ সঞ্চালকালয়ৰ বিষয়াসকলে চেৰেকাপাৰ আৰক্ষী থানালৈ গৈ সামগ্ৰীসমূহৰ জোখ-মাখ লৈ তাক লিপিবদ্ধ কৰিছিল৷ তাৰ পাছত পুৰাতাত্ত্বিক সম্পদকেইপদ আৰক্ষী থানাৰপৰা এই লেখকৰ উপস্থিতিৰ স্বাক্ষৰত নিজৰ জিন্মালৈ চমজি লৈছিল৷ অন্যান্য শিলাখণ্ডবোৰ এতিয়াও সিংহ-দ্বাৰৰ কাষতে পথৰ দাঁতিত অনাদৃত হৈ পৰি আছে৷ [অধ্যয়ন-কালঃ ২১-০৮-২০১৯]৷

২. শিৱসাগৰ জিলাৰ গড়গাঁৱৰ ৰাজকাৰেং পোৱাৰ আগতেই চূণপোৰা আলিয়েদি কিছু দূৰ সোমাই গ’লেই মোমাই তামুলী বৰবৰুৱাই নিৰ্মাণ কৰোওৱা নঙলামৰা সিংহ দুৱাৰ দেখা পোৱা যায়৷ এই সিংহ-দুৱাৰখন আনবোৰ দুৱাৰতকৈ ব্যতিক্ৰম৷ মানুহে এই সিংহ-দুৱাৰখনক ‘ৰজাৰ দিনৰ নঙলা’ বুলি কয়, কাৰণ ইয়াত নঙলা মাৰিব পৰাকৈ ফুটা দেখা পোৱা যায়৷ পূৰ্বতে এই দুৱাৰখনত শিল আৰু ইটাৰে নিৰ্মিত সিংহ-মূৰ্তি আছিল৷

দুৱাৰখন বা নঙলাডালৰ বেৰে ৫ ফুট, বিন্ধাৰ ব্যাস ৮ ইঞ্চি, উচ্চতা ৮ হাত৷ নঙলাডালৰ দুয়োটা খুঁটাৰ দূৰত্ব ১২ হাত৷ নঙলাডালত থকা ফুটাৰ সংখ্যা ৭ টাকৈ মুঠ ১৪ টা৷ আহোম ৰাজত্বকালত ৰাজধানীৰপৰা পূবলৈ ওলোৱা-সোমোৱা দুৱাৰ হিচাপে একমাত্ৰ এই নঙলাডালেই আছিল৷ ৰাজধানীত কোনোবা শত্ৰুৱে আক্ৰমণ কৰিলে সৈন্য-সামন্ত আৰু চাওফা এই দুৱাৰেদি নিৰাপত্তাৰ বাবে আৰু আভ্যন্তৰীণ বা-বাতৰিৰ বাবে ওলাই হৈছিল৷

শিৱসাগৰৰ প্ৰত্নতাত্ত্বিক শিলাকৃতি
জিলা উপায়ুক্তৰ বাসভৱনৰ চৌহদত থকা ৰংঘৰ-কাৰেংঘৰৰ শিলাকৃতি, আলোকচিত্ৰ নবীন বুঢ়াগোহাঁই

ৰাজধানীৰ সীমাৰপৰা ওলাওঁতে নঙলা খুলি ওলাই পুনৰ মাৰি থৈ গৈছিল৷ বৰ্তমান দেখা পোৱা নঙলামৰা সিংহ-দুৱাৰখনৰ খুঁটাকেইটাৰ বাদে সিংহ দুটা নাই৷ বাকী দুৱাৰকেইখনৰ কোনো অস্তিত্ব পোৱা নাযায় যদিও বৰ্তমান কালত সেই সেই ঠাইত প্ৰতীকী ৰূপত সিংহ-দুৱাৰৰ স্তম্ভ নিৰ্মাণ কৰি ৰখা হৈছে৷ বৰ্তমান এই  নঙলা থকা ঠাইডোখৰক নঙলামৰা বুলি কোৱা হয়৷ [অধ্যয়ন-কালঃ ২০-১২-২০১৮]৷

৩. শিৱসাগৰ জিলাৰ কালুগাঁৱৰ জগদ্ধাত্ৰী দৌলৰ গৰ্ভগৃহত কেতবোৰ মজলীয়া আকাৰৰ শিলাখণ্ড দেখিবলৈ পোৱা যায়৷ উল্লেখযোগ্য যে অসমৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়ে ২০১৭ চনৰ ২৬ ডিচেম্বৰৰপৰা জগদ্ধাত্ৰী দৌলৰ পুনৰ্নিমাণৰ কাম আৰম্ভ কৰিছিল৷ তেতিয়াই প্ৰায় ডেৰ দশক ধৰি বাদুলীৰ মল-মূত্ৰৰে ভৰি পৰা দৌলৰ গৰ্ভগৃহ খান্দি পৰিস্কাৰ কৰা হৈছিল৷ ইয়াৰ গৰ্ভগৃহ খান্দি চাফা কৰাৰ পিছত বেদীৰ শিলৰ টুকুৰাবোৰ ওলাই পৰিছিল৷

গৰ্ভগৃহত পোৱা শিলৰ টুকুৰাবোৰৰ সংখ্যা ১৯ টা৷ টুকুৰাবোৰ আয়তাকাৰ৷ কোনোটোহঁতৰ কাষবোৰ ভগ্ন৷ কোনোটোহঁত টুকুৰাত গছপাত কটা, কোনোটোহঁতত ফুল কটা আৰু কোনোটোহঁতত দেৱী মূৰ্তি কটা৷ এই শিলৰ টুকুৰাবোৰ বিষয়াসকলে পাল বংশৰ সময়ৰ বুলি আমাক জনাইছিল৷ এনেধৰণৰ অন্য ২ টা শিলৰ টুকুৰা দৌলৰ জগমোহনৰ সন্মুখৰ গছৰ তলত আগৰ পৰাই পৰি থকা পৰিলক্ষিত হয়৷ [অধ্যয়ন-কালঃ ২০১৮]৷

শিৱসাগৰৰ প্ৰত্নতাত্ত্বিক শিলাকৃতি
জিলা উপায়ুক্তৰ বাসভৱনৰ চৌহদত থকা ৰংঘৰ-কাৰেংঘৰৰ শিলাকৃতি, আলোকচিত্ৰ নবীন বুঢ়াগোহাঁই

৪. শিৱসাগৰ জিলাৰ গেলেকীৰ বিষ্ণুদৌলৰ কাষত ৭ টা, দৌলৰ সন্মুখত ১ টা আৰু দৌলৰ গাত ১ টা, সৰ্বমুঠ ৯ টা শৈল-ভাস্কৰ্যৰ শিলাখণ্ড দেখিবলৈ পোৱা যায়৷ দৌলৰ কাষত থকা দুৰ্মূল্য শৈল-ভাস্কৰ্যকেইটা ৰ’দ-বৰষুণৰ অত্যাচাৰ সহি দশক দশক ধৰি অনাদৃত হৈ পৰি আছে৷ ইয়াৰ ফলস্বৰূপে এই শৈল-ভাস্কৰ্যকেইটা ধ্বংসৰ ফালে গতি কৰি আছে৷ এই ভাস্কৰ্যসমূহৰ বিষয়ে বিস্তৃত বিৱৰণ এই লেখকৰ ‘আহোম যুগৰ দৌল স্থাপত্য-কলা’ গ্ৰন্থত লিখা হৈছে৷ [অধ্যয়ন-কালঃ ১২-০৮-২০১৭]৷

৫. শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ দেৱী দৌলৰ গৰ্ভগৃহৰ বেদীত ৫ টা আয়তাকাৰ শিলাখণ্ড আছে৷ সেই শিলাখণ্ডবোৰৰ কাষবোৰ ফুলকটা৷ বেদী ভগ্ন৷

শিৱসাগৰৰ প্ৰত্নতাত্ত্বিক শিলাকৃতি
উপায়ুক্তৰ বাসভৱনৰ চৌহদত থকা ৰংঘৰ-কাৰেংঘৰৰ শিলাকৃতি, আলোকচিত্ৰ নবীন বুঢ়াগোহাঁই

৬. শিৱসাগৰ জিলাৰ কাথপাৰৰ হৰগৌৰী দেওঘৰ [মন্দিৰ]-ৰ মণিকূটত চাৰিটা প্ৰস্তৰ মূৰ্তি আৰু এটা শিলৰ চাকি আছে৷ প্ৰস্তৰ মূৰ্তিকেইটাৰ ২টা সৰু৷ ডাঙৰকেইটাক শিৱ-পাৰ্বতী বুলি কোৱা হয়৷ দেওঘৰৰ পৰিচালনা সমিতিৰ সভাপতি অনন্ত কুমাৰ গগৈয়ে জনোৱা মতে, আহোমৰ সেনাপতি কনচেং বৰপাত্ৰগোহাঞিয়ে চুতীয়া ৰাজ্যলৈ কেন্দুগুৰিৰপৰা দিলিহেদি যুদ্ধযাত্ৰা কৰোতে এই মূৰ্তিকেইটা পাই ইয়াতে দেওঘৰ প্ৰতিষ্ঠা কৰিছিল৷

প্ৰণিধানযোগ্য যে এই মূৰ্তিকেইটাত শ শ বছৰ ধৰি ধৰ্মীয় উপাসনাৰ নামত গাখীৰ ঢালোতে ঢালোতে ইয়াৰ ভাস্কৰ্যকৃতি উঁৱলি গৈছেগৈ৷ [অধ্যয়ন-কালঃ ১৩-০২-২০২৩]৷

৭. শিৱসাগৰ জিলাৰ বাণ্টুং গাঁও পঞ্চায়তৰ অন্তৰ্গত গৰখীয়া দেওশাল ইতিমধ্যে ধ্বংসপ্ৰাপ্ত হৈ পৰিছে৷ ইয়াৰ বলিকটা শিলচটা মাজে মাজে ফাঁট মেলি পৰিত্যক্তভাৱে পৰি আছে৷ এই শিলচটা ২৬ ডিগ্ৰী ৪৭ মিনিট ১১ চেকেণ্ড  উত্তৰ অক্ষাংশ আৰু ৯৪ ডিগ্ৰী ৪১ মিনিট ২২ চেকেণ্ড পূব দ্ৰাঘিমাংশৰ মাজত অৱস্থিত৷ ইয়াৰ দক্ষিণ-পূবত এটা পৰিত্যক্ত পুখুৰী দেখা যায়৷

শিলচটাৰ দীঘ ৮.৯ ফুট আৰু প্ৰস্থ ৬.২ ফুট৷ সোঁ-ফালৰ পৰা ৫.১ ফুটৰ শীৰ্ষবিন্দুত শিলচটা ফাটিছে৷ সম্ভৱতঃ এইচটা আঁতৰাবলৈ লওঁতে এনে ফাঁট মেলিছিল৷ এই শিলচটাত ফুলৰ অলংকৰণ আছে৷ এই অলংকৰণ মোগল ভাস্কৰ্য-কলাৰ নিচিনা ৰিলিফ-ভাস্কৰ্যৰ অনুৰূপ ত্ৰি-মাত্ৰিক ভাস্কৰ্য-কলাৰ নিদৰ্শন৷

উল্লেখযোগ্য যে শিলত কটা ভাস্কৰ্যৰ কাম সাধাৰণতে ইটা-কৰালৰ প্ৰচলনৰ বহু আগতেই কৰা হৈছিল আৰু সেয়ে পূৰ্বসূৰী ভাস্কৰ্যৰ প্ৰভাৱ পৰৱৰ্তী ভাস্কৰ্য-কৰ্মত পৰাটো স্বাভাৱিক বুলি বুজিব পাৰি৷ এই দিশৰ পৰা ৰংঘৰ বা জিলাখনৰ অন্যবোৰ দৌল-দেৱালয়ৰ ৰিলিফ-ভাস্কৰ্যসমূহো সম্পূৰ্ণৰূপে অসমৰ স্থানীয় শৈলীৰ ভাস্কৰ্যৰ নিদৰ্শন বুলিব পৰা যায়৷ [অধ্যয়ন-কালঃ ১২-০২-২০২৩]৷

শিৱসাগৰৰ প্ৰত্নতাত্ত্বিক শিলাকৃতি
গেলেকীৰ বিষ্ণুদৌলৰ কাষত থকা শিলাকৃতিৰ সৈতে লেখক, আলোকচিত্ৰ ড০ অনুপম বড়া

৮. শিৱসাগৰ জিলাৰ কেন্দুগুৰিত ভগ্নাৱশেষত পৰিণত হোৱা বৰপাত্ৰ দৌল তিনিটাৰ পূবলৈ উত্তৰা-দক্ষিণাকৈ এটা শৈল-ভাস্কৰ্য আছে৷ ভাস্কৰ্যৰ সন্মুখভাগ দক্ষিণলৈ মূৰ কৰা৷ শৈল-ভাস্কৰ্যটো বৰ্তমান কালত মানুহে এটা স্তম্ভ সাজি তাৰ ওপৰত সজাই ৰাখিছে৷ এই শৈল-ভাস্কৰ্যটোত নৰবাহনত সোঁ-হাতে অসি লোৱা এজন পুৰুষক দেখা যায়৷

নৰবাহন আৰু পুৰুষজনৰ কাষতে থিয় হৈ এজন লোকে পুৰুষজনৰ মূৰৰ ওপৰলৈ এটা ছত্ৰ ধৰি আছে৷ স্থানীয় লোকে এই ভাস্কৰ্য-মূৰ্তিক তুৰ্বক, কনচেং বৰপাত্ৰগোহাঞি আৰু হুছেইন খাঁ বুলি কয়৷ কিন্তু এই লোকশ্ৰুতিটোৰ সত্যতাৰ সন্দৰ্ভত সন্দেহ আছে৷ উল্লেখযোগ্য যে কনচেং বৰপাত্ৰগোহাঞিৰ পৰিয়ালৰ লোকে আমাক এই ভাস্কৰ্য-মূৰ্তিটো পূৰ্বে তেওঁলোকৰ বাসগৃহৰ ভিতৰত অতীতৰপৰা থকা বুলি জনাইছিল৷

পিছত ৰাইজে দেখাকৈ ভাস্কৰ্য-মূৰ্তিটো ইয়াত স্থাপন কৰা হৈছিল৷ অধ্যয়ন-কালত আমি লক্ষ্য কৰিছিলোঁ যে সেই ঠাইতে ভগ্নাৱশেষত পৰিণত হোৱা বৰপাত্ৰ বিষ্ণুদৌলৰ গৰ্ভগৃহত ২টা চাকি থোৱা খোলৰ অৱশিষ্ট আছে৷ এই খোলকেইটা শিলৰ৷ খোলকেইটাৰ শিলৰ লগত ভাস্কৰ্য-মূৰ্তিৰ শিলৰ সাদৃশ্যলৈ লক্ষ্য কৰি বুজা যায় যে এই ভাস্কৰ্য-মূৰ্তিটো প্ৰকৃততে দৌলৰ বাহিৰৰ দেৱকোষ্ঠত অন্যান্য ভাস্কৰ্যৰ লগত প্ৰতিষ্ঠিত হৈ আছিল৷

দৌলটো ভাগি পৰাত আন আন মূৰ্তিবোৰ মাটিত পোত খালে বা কোনোবাই লৈ গ’ল৷ এইটো বৰপাত্ৰগোহাঞিৰ পৰিয়ালত সংৰক্ষিত হৈ বাছি থাকিল৷ উল্লেখযোগ্য যে বিষ্ণুদৌলৰ গৰ্ভগৃহৰ আন আন চাকি থোৱা শিলৰ খোলসমূহৰ কোনো অস্তিত্ব দেখা পোৱা নাযায়৷ সেইসমূহো নিশ্চয়কৈ কোনোবাই লৈ গ’ল৷ এনেবোৰ বিশ্লেষণৰপৰা কেন্দুগুৰিৰ এই শৈল-ভাস্কৰ্যটো কুবেৰৰ ভাস্কৰ্য বুলিহে ধাৰণা হয়৷

প্ৰণিধানযোগ্য যে কুবেৰ নৰবাহনত উঠি থাকে৷ কেন্দুগুৰিৰ এই ভাস্কৰ্য-মূৰ্তিটো প্ৰাক্‌-আহোম যুগৰ নহয়৷ ই আহোম যুগৰ শৈল-ভাস্কৰ্যৰ নিদৰ্শন৷ [অধ্যয়ন-কালঃ ২৮-১১-২০২৩]৷

শিৱসাগৰৰ প্ৰত্নতাত্ত্বিক শিলাকৃতি
হৰগৌৰী দেওঘৰত পূজিত হৈ থকা শিলাকৃতি, আলোকচিত্ৰ ঋতু প্ৰিয়ম

৯. শিৱসাগৰ জিলাৰ দিখৌমুখৰ ৰামখাপীঠ দেৱালয়ৰ চৌহদত কেতবোৰ শিলাকৃতি দেখা যায়৷ এইবোৰৰ ভিতৰত এটা ডাঙৰ শিলৰ আমলক [মন্দিৰৰ চূড়া] অন্যতম৷ তদুপৰি লক্ষ্মী আৰু সৰস্বতীৰ শিলৰ মূৰ্তি তথা ভোলানাথ আৰু বিষ্ণুৰ মূৰ্তি শিলত খোদিত কৰা আছে৷ মূল মন্দিৰৰ বাহিৰত দুটা প্ৰাচীন ভাস্কৰ্য দেখা যায়৷ এটা দুৰ্গাদেৱীৰ৷ আনটো চিনিব পৰা নগ’ল৷ দুয়োটা ভাস্কৰ্যৰ মাজে মাজে দুটুকুৰা হৈ থকা৷ [অধ্যয়ন-কাল ঃ ০৩-০১-২০২১]৷

শিৱসাগৰৰ প্ৰত্নতাত্ত্বিক শিলাকৃতি
গৰখীয়া দেওশালৰ পৰিত্যক্ত বেদীৰ শিলত দৃষ্টিনন্দন ফূলকটা অলংকৰণ, আলোকচিত্ৰ ঋতু প্ৰিয়ম

■ আমাৰ কৰণীয় কি?

শিৱসাগৰৰ বিভিন্ন স্থানত থকা এই শিলাকৃতি বা শৈল-ভাস্কৰ্যসমূহৰ বিষয়ে যথোপযুক্ত গৱেষণা হোৱা উচিত৷ গৱেষণাকাৰীসকলৰ বাবে এইসমূহ একে ঠাইতে পাব পৰাকৈ থাকিলে সুবিধাজনক হৈ উঠে৷ সেয়ে এইসমূহ শিলাকৃতি বা শৈল-ভাস্কৰ্যক লৈ জিলাখনৰ কোনো অঞ্চলত এখন ‘পুৰাতাত্ত্বিক উদ্যান’ গঢ়ি তুলিব পৰা যায়৷ ই জিলাখনৰ পৰ্যটন ক্ষেত্ৰখনকো সমৃদ্ধ কৰি তুলিব৷ সেই কাম কৰিবলৈ আমি জিলা প্ৰশাসন আৰু চৰকাৰৰ সংশ্লিষ্ট বিভাগলৈ আহ্বান জনালোঁ৷

শিৱসাগৰৰ প্ৰত্নতাত্ত্বিক শিলাকৃতি
কেন্দুগুৰিৰ শৈল-ভাস্কৰ্যৰ সৈতে লেখক, আলোকচিত্ৰ ইছমাইল তামুলী

প্ৰসংগ-টীকাঃ

১. “These with the stone used in building the temple were probably brought from about Sadiya by boat, and landed ohposite Rangpur; for there is a good ancient road leading from the Dikko River at that point to the Jaysagar tank. The sculptured slabs are very neatly let into into the wall and with their surrounding frames are mostly crowded with diaper work and minute carved tracery.” –P. 314

২. “সৰু ৰংঘৰ নিৰ্ম্মাণঃ

সেহিমতে তলাতল ভৈলেক যেখন৷

পুনৰপি নৰপতিৰেসে ভৈল মন৷৷

জ্যেষ্ঠ ভাই ৰঙ্গঘৰ কৰি আছে আগে৷

তাৰ কাষে এক গুটি কৰিবাক লাগে৷৷ ৪১৫৷৷

দ’লৰ সদৃশ কৰি সজায় ৰঙ্গঘৰ৷

আগৰ সমান তাক নকৰিলা বৰ৷৷” –হাজৰিকা, দুতিৰাম, ‘কলি-ভাৰত বুৰঞ্জী’, পৃ. ৭৪-৭৫

৩. “আৰু ৰঙ্গপুৰ গৰগাঁও দুয়ো নগৰত দুই পকি তলাতল ঘৰ কৰালে; এবং দুটুপিয়া বৰটো ৰঙ্গঘৰৰ ওচৰতে দল ঘৰৰ দৰে সৰুকৈ এটা পকি ৰঙ্গঘৰ কৰালে৷” –বৰবৰুৱা, ৰাধানাথ, ‘আসাম বুৰঞ্জী’, খুতসিং বাইলুং আৰু আখুতসিং বান্দুমৰ সহায়ত ৰচিত, কাশিনাথ তামুলি ফুকনৰ সাৰসংকলন, দঙ্ম দেৱব্ৰত শৰ্মাৰ সংগ্ৰহ আৰু আগকথা, প্ৰকাশকঃ অসম জাতীয় প্ৰকাশ, জাতীয় ইতিহাস, জাতীয় ভৱন, যোৰহাট, তৃতীয় প্ৰকাশ, ৬ ডিচেম্বৰ, ২০২২, পৃ. ৩৫

৪. “স্বৰ্গদেও ৰাজেশ্বৰ সিংহই এতিয়াৰ ৰংঘৰৰ সন্মুখতে সৰুকৈ আধা পকী আধা কাঠৰ এটি ৰংঘৰ সজাইছিল৷ ই সম্প্ৰতি ভগ্নস্তূপত৷ এই ৰংঘৰ কৰোতে মুংৰাঙৰ কাৰিকৰ আহিছিল৷” –সন্দিকৈ, ভুবন চন্দ্ৰ, ইতিহাসৰ ছাঁ-পোহৰত পুৰণি ৰংপুৰ শীৰ্ষক প্ৰবন্ধ, বুৰঞ্জীয়ে পৰশা ৰংপুৰ, সম্পাদকঃ সোণাৰাম বৰুৱা, প্ৰকাশকঃ কাৰ্যকৰী সমিতি, ৰংপুৰ তিনিশ বছৰ উদ্‌যাপন, প্ৰথম প্ৰকাশ, এপ্ৰিল, ২০০০, পৃ. ৬

৫. ৰাজেশ্বৰ সিংহই সৰু ৰংঘৰটো বৰ্তমানৰ ৰংঘৰটোৰ পৰা দক্ষিণ-পূবলৈ কাষতে নিৰ্মাণ কৰিছিল৷ বৰ্তমান সময়ত সেই ঠাইত মৈদামৰ দৰে এটা ঢিপ ঘাঁহ-বনেৰে পৰিবেষ্টিত হৈ আছে৷ সেই ঢিপটো থকা অংশটোৱেই সৰু ৰংঘৰটো থকা স্থান৷ উল্লেখযোগ্য যে ১৯৯৩ খ্ৰিষ্টাব্দত অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হওঁতে ৰংঘৰৰ চৌহদৰ বেৰ আৰু অন্যান্য ভগ্নাৱশেষবোৰ গোটাই-পিটাই সেই স্থানতে থোৱাত ই এটা মৈদাম আকৃতিৰ ঢিপলৈ পৰিৱৰ্তন হৈছিল৷ পূৰ্বে সেই স্থানত খনন কৰোঁতে চেপেটা ইটা পোৱা গৈছিল৷ স্থানীয় ব্যক্তি প্ৰিন্স হাজৰিকাৰ মতে, এই ঢিপটোৰ কাষতে এটা পুখুৰী আছিল৷ তেখেতলোকে সৰুতে পুখুৰীটোত সাঁতুৰিছিল৷ ইতিমধ্যে পুখুৰীটো পুতি পেলোৱাত চিন হেৰাল৷

৬. বুঢ়াগোহাঞি, দিলীপ কুমাৰ, আহোম যুগৰ ৰাজধানী, প্ৰকাশকঃ কলঞ্চু প্ৰকাশন, শিৱসাগৰ, প্ৰথম প্ৰকাশ, মাৰ্চ, ২০০৭, পৃ. ৭৮

৭. ভুবন চন্দ্ৰ সন্দিকৈৰ নিৰ্বাচিত বুৰঞ্জীমূলক প্ৰবন্ধ সংকলন, সম্পাদক ঃ সোণাৰাম বৰুৱা, প্ৰকাশক ঃ ৰংপুৰ কীৰ্ত্তিচিহ্ন সংৰক্ষণ সমিতি, শিৱসাগৰ, প্ৰথম প্ৰকাশ, এপ্ৰিল, ২০০১, পৃ. ৩৭

৮. বুৰঞ্জীবিদ প্ৰেম গগৈয়ে ০৫-০৯-২০২৩ তাৰিখে এই লেখকক জনোৱা মতে, কেৰকন জামাদাৰৰ ঘৰ ধাইআলিত আছিল৷ তেওঁ হাতী লগাই ৰংঘৰ-কাৰেংঘৰৰ গেটৰ শিলাস্তম্ভসমূহ দিখৌ পাৰ কৰাই নিজৰ ঘৰলৈ আনিছিল৷ পিছত ৰাইজৰ প্ৰতিবাদত ব্ৰিটিছ চৰকাৰে কেৰকনৰ ঘৰৰ পৰা শিলাস্তম্ভসমূহ লৈ আনিছিল৷ সেইসমূহ পুনৰ দিখৌ পাৰ কৰাই নিনি শিৱসাগৰ বৰপুখুৰীৰ পাৰত থকা ব্ৰিটিছৰ বঙলাৰ সন্মুখত থৈছিল৷ 

শিৱসাগৰৰ প্ৰত্নতাত্ত্বিক শিলাকৃতি
শিৱসাগৰৰ জিলা উপায়ুক্তৰ বাসভৱনৰ চৌহদত লেখক

ফোন/হোৱাটছ এপঃ ৮০১১৬-১২৫৩৫ ; E-mail: nobinburagohain24@gmail.com ; Facebook: https://www.facebook.com/nobin.buragohain1?mibextid=ZbWKwL ; YouTube: Nobin Buragohain History & Culture

শিৱসাগৰৰ প্ৰত্নতাত্ত্বিক শিলাকৃতি
পৰিত্যক্ত গৰখীয়া দেওশালত লেখক

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from the writer.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

Who Really Controls the World? Legacy Wealth vs. Big Tech
World

Who Really Controls the World? Legacy Wealth vs. Big Tech

by PAHARI BARUAH
June 12, 2026
0

Who Really Controls the World? Legacy Wealth vs. Big Tech From the shadowy banking dynasties of the 1800s to today’s...

Read moreDetails
Indigenous people and their web of apathies

Indigenous people and their web of apathies

June 12, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

June 11, 2026
ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

June 11, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 9, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

June 9, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Who Really Controls the World? Legacy Wealth vs. Big Tech

Who Really Controls the World? Legacy Wealth vs. Big Tech

June 12, 2026
Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

June 12, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

June 12, 2026
Could Earth Turn into Venus If CO2 Keeps Rising?

Could Earth Turn into Venus If CO2 Keeps Rising?

June 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    34367 shares
    Share 13746 Tweet 8592
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15402 shares
    Share 6161 Tweet 3851
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    736 shares
    Share 294 Tweet 184
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    661 shares
    Share 264 Tweet 165
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3519 shares
    Share 1408 Tweet 880
  • মাধৱদেৱৰ সাহিত্যকৃতি

    705 shares
    Share 282 Tweet 176
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1040 shares
    Share 416 Tweet 260
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3822 shares
    Share 1529 Tweet 956
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6615 shares
    Share 2646 Tweet 1654
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4391 shares
    Share 1756 Tweet 1098
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d