শিৱ প্ৰকৃতিৰ স্বৰূপ কাৰণতেই শিৱ প্ৰকৃত পুৰুষ
শিৱ!
নিৰ্মালী আৰ্য্য

শিৱ সুন্দৰ, শিৱই মহাপ্ৰলয়ৰো ৰূপান্তৰ,
উদ্দাম শিৱ স্থানু আৰু অপেক্ষা কৰিব পৰাকৈ সংযমীপ্ৰেমিক অথচ বান্ধোনহীন সংসাৰী তত্ৰাচ শিৱক লৈ সতী পৰম সুখী…..
প্ৰণয়িণীক শিৰত ধাৰণ কৰি সমাজত স্বনামেৰে মৰ্যদা দিব পৰাকৈ শিৱ কুশলী…..
শিৱৰ কাঞ্চনবৰ্ণী দেহ ভষ্মাবৃত অংগৰাগেৰে কুহেলীকাময়…. সমাজৰ কালকুট পান কৰি মৃত্যুভীতিক পৰিধান কৰিব পৰাকৈ সাহসী পিনাকপানি সমৰকলা পাৰদৰ্শী ।
নটৰাজ কল্যাণময় নৃত্যৰ ঝংকাৰ,
অৰ্ধনাৰীশ্বৰ শিৱৰ সৰলতাই অলংকাৰ…
আৰু সকলোতকৈ বিশিষ্ট কথাটো হল শিৱৰ তৃতীয় নেত্ৰ, (sense of humour) ।
শিৱৰ অন্তঃদৃষ্টি আছে, অন্তঃদৃষ্টি থকা প্ৰতিটো সত্বাই বিমোহন আকৰ্ষণৰ কেন্দ্ৰবিন্দু…..
প্ৰতিদান নিবিচৰা প্ৰতিজন মানুহৰ হৃদয় শিৱধাৰী,
সেই শিৱ সুন্দৰতাৰ আকৰ, যাক বিনাদ্বিধাই সাবতি লব পাৰি…
“নীলাচলত উদ্ধাৰ হোৱা শৈৱমূৰ্ত্তি সমুহৰ ভিতৰত কামাখ্যাৰ মূল মন্দিৰৰ ভিতৰত ৰখা কামেশ্বৰ ভৈৰৱৰ মূৰ্তি, হাতত ধনু লোৱা পিনাকপানি আৰু অৰ্ধনাৰীশ্বৰ মূৰ্ত্তি উদ্ধাৰ হৈছে । কামাখ্যাত উদ্ধাৰ হোৱা দুটা নন্দীৰ মূৰ্ত্তিয়ে তাত ধংসপ্ৰাপ্ত হোৱা কমেও দুটা বৃহৎ শিৱ দেৱালয়ৰ প্ৰাচীনত্বকে সোৱঁৰায় ।”
আজিৰ তাৰিখতো অসমত সকলোতকৈ শিৱ মন্দিৰেই বেছি । অথচ প্ৰকৃতিপুজাৰ ভিন্নৰূপী ধাৰা এটাৰ পিচে পিচেই অসমত বিষ্ণয় শক্তিৰ আগমন ঘটিচিল নৰক কুলৰ জড়িয়তে ।

“প্ৰায় অৰ্ধ সহস্ৰাব্দ যোৰা এটা কাল নীলাচলত বিষ্ণু শীৰ্ষদেৱতা হিচাপে অধিষ্ঠিত হৈ আছিল । ৩০০ বছৰৰো অধিক কাল বিষ্ণুৰ আধিপত্যৰ পিচত শিৱই পুনঃ কামৰূপৰ আৰাধ্য পুৰুষৰ ঠাই গ্ৰহণ কৰে ।
কাত্যায়নী ভিন্ন কোনো ধৰ্মধাৰাই তেতিয়ালৈকে নীলকুটৰ আভ্যন্তৰত প্ৰবেশ কৰিব পৰা নাছিল যেতিয়ালৈ “সন্ধ্যাচলে তত্ৰ মুনি আৰাধয়তি শংকৰম্” বুলি কালিকাপুৰাণে মতপ্ৰকাশ কৰিছিল ।
বনমালদেৱৰ তেজপুৰ তাম্ৰশাসনত প্ৰথম ভগদত্তই মহাদেৱক সাধনা কৰাৰ কথা পোৱা যায় যদিও মহিষশৃংগ ৰুদ্ৰৰ আৰাধক আলপাইন সভ্যতা বহন কৰা ৱৰ্ম্মা সাম্ৰাজ্যৰ সময়তহে শৈৱধাৰাই কামৰূপৰ আভ্যন্তৰলৈ শিপা প্ৰোথিত কৰে ।

গোড়া শিৱ উপাসক কুমাৰ ভাস্কৰে ভষ্মধাৰী চন্দ্ৰলেখা পিনাকপানিৰ বাহিৰে কাৰো সমুখত শিৰ নত নকৰো বুলি সদম্ভে কৰা ঘোষণাৰ পৰাই সেই সময়ৰ কামৰূপত শৈৱালিক শক্তিৰ প্ৰাধান্য কিমান বিবেচনাসম্ভৱ হৈ উঠে ।
কুমাৰৰ আৰাধ্য আছিল শুভ্ৰবৰ্ণী সাত্বিক লিংগেশ্বৰ ।

পিচৰ সময়ত বৌদ্ধ বজ্ৰযান আৰু তান্ত্ৰিক শাক্তৰ প্ৰভাৱত শিৱশক্তি একীভুত হয় আৰু কামৰূপৰ ধৰ্মধাৰাত ৰক্তবৰ্ণী কামেশ্বৰ শিৱৰ পৰা ৰুদ্ৰেশ্বৰ, সিদ্ধেশ্বৰ, কেদাৰেশ্বৰ, ঈশান, হাৰুপেশ্বৰ, হাতুপেশ্বৰ আৰু নীলবৰ্ণী তামসিক কালভৈৰৱ বা তান্ত্ৰিক শৈৱালিক সাধনাৰ মাৰ্গে বিস্তাৰ লাভ কৰে ।
নীলাচলৰ কালভৈৰৱ আৰু তেজপুৰৰ মহাভৈৰৱ ইয়াৰ উৎকৃষ্ট উদাহৰণ….

বৌদ্ধ বজ্ৰযানী শাখাই শিৱক আত্মসাৎ কৰি তান্ত্ৰিক ধৰ্মসম্প্ৰদায়ত অন্তৰ্ভুক্ত কৰি’ হৰ’ক হেৰুক, সম্ভুক সম্বৰ আৰু ভৈৰৱক বিৰোচন নামেৰে বৌদ্ধধৰ্মত লীন নিয়ালে ।
নীলাচলত উদ্ধাৰ হোৱা শৈৱমূৰ্ত্তি সমুহৰ ভিতৰত কামাখ্যাৰ মূল মন্দিৰৰ ভিতৰত ৰখা কামেশ্বৰ ভৈৰৱৰ মূৰ্তি, হাতত ধনু লোৱা পিনাকপানি আৰু অৰ্ধনাৰীশ্বৰ মূৰ্ত্তি উদ্ধাৰ হৈছে । কামাখ্যাত উদ্ধাৰ হোৱা দুটা নন্দীৰ মূৰ্ত্তিয়ে তাত ধংসপ্ৰাপ্ত হোৱা কমেও দুটা বৃহৎ শিৱ দেৱালয়ৰ প্ৰাচীনত্বকে সোৱঁৰায় ।

অসমৰ প্ৰথমতো প্ৰাচীন শৈৱ দেৱালয় বুলি বুলি জল্পেশ বা জল্পীশকে মৰ্যাদা দিয়া হয় । এই মন্দিৰ ১২০৫ ত বখতিয়াৰ খিলজিয়ে কামৰূপ আক্ৰমণ কৰাৰ সমান্তৰালকৈ ক্ষতিসাধন কৰাৰ ৩০০ বছৰৰো অধিক কাল পিচত বিশ্বসিংহই মন্দিৰটো পুনঃনিৰ্মান কৰে ।

পৰবৰ্ত্তী সময়ত দেৱালয়ৰ নামেৰেই ঠাইখনৰ নাম জলপাইগুৰি হয় বুলি গুণাভিৰাম বৰুৱা-অসম বুৰঞ্জীত উল্লেখিত হৈছে ।
শিৱৰ কথা লিখি থাকিলেও বহু ৰৈ যায়, তথ্য সংযোগ কৰিবও বহু ৰৈ যায় । ভুলভ্ৰান্তি সন্দৰ্ভত বিজ্ঞজনে আঙুলিয়ালে নতশিৰে স্বীকাৰ কৰা হব ।

(উপৰোক্ত লেখাটোৰ তথ্যৰ আধাৰ গ্ৰন্থ কেইখনৰ বাবে ক্ৰমে, ড° নিৰ্মলপ্ৰভা বৰদলৈ, ড° প্ৰণৱজ্যোতি ডেকা, ড° ৰক্তিম ৰঞ্জন শইকীয়া আৰু ড° মাধুৰ্যমণ্ডিত বৰুৱাৰ ওচৰত ঋণ স্বীকাৰ কৰা হ’ল ।)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)