• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

শিৱ প্ৰকৃতিৰ স্বৰূপ কাৰণতেই শিৱ প্ৰকৃত পুৰুষ 

Assamese Section / Spirituality

by Editor
February 15, 2026
in ASSAMESE SECTION, Religion, Spirituality, Spirituality
Reading Time: 4 mins read
0
shiva
Share on FacebookShare on TwitterShare on LinkedIn

শিৱ প্ৰকৃতিৰ স্বৰূপ কাৰণতেই শিৱ প্ৰকৃত পুৰুষ 

শিৱ!

নিৰ্মালী আৰ্য্য

Nirmali Arya
নিৰ্মালী আৰ্য্য

শিৱ সুন্দৰ, শিৱই মহাপ্ৰলয়ৰো ৰূপান্তৰ,

উদ্দাম শিৱ স্থানু আৰু অপেক্ষা কৰিব পৰাকৈ সংযমীপ্ৰেমিক অথচ বান্ধোনহীন সংসাৰী তত্ৰাচ শিৱক লৈ সতী পৰম সুখী…..

প্ৰণয়িণীক শিৰত ধাৰণ কৰি সমাজত স্বনামেৰে মৰ্যদা দিব পৰাকৈ শিৱ কুশলী…..

শিৱৰ কাঞ্চনবৰ্ণী দেহ ভষ্মাবৃত অংগৰাগেৰে কুহেলীকাময়…. সমাজৰ কালকুট পান কৰি মৃত্যুভীতিক পৰিধান কৰিব পৰাকৈ সাহসী পিনাকপানি সমৰকলা পাৰদৰ্শী ।

নটৰাজ কল্যাণময় নৃত্যৰ ঝংকাৰ,

অৰ্ধনাৰীশ্বৰ শিৱৰ সৰলতাই অলংকাৰ…

আৰু সকলোতকৈ বিশিষ্ট কথাটো হল শিৱৰ তৃতীয় নেত্ৰ, (sense of humour) ।

শিৱৰ অন্তঃদৃষ্টি আছে, অন্তঃদৃষ্টি থকা প্ৰতিটো সত্বাই বিমোহন আকৰ্ষণৰ কেন্দ্ৰবিন্দু…..

প্ৰতিদান নিবিচৰা প্ৰতিজন মানুহৰ হৃদয় শিৱধাৰী,

সেই শিৱ সুন্দৰতাৰ আকৰ, যাক বিনাদ্বিধাই সাবতি লব পাৰি…

“নীলাচলত উদ্ধাৰ হোৱা শৈৱমূৰ্ত্তি সমুহৰ ভিতৰত কামাখ্যাৰ মূল মন্দিৰৰ ভিতৰত ৰখা কামেশ্বৰ ভৈৰৱৰ মূৰ্তি, হাতত ধনু লোৱা পিনাকপানি আৰু অৰ্ধনাৰীশ্বৰ মূৰ্ত্তি উদ্ধাৰ হৈছে । কামাখ্যাত উদ্ধাৰ হোৱা দুটা নন্দীৰ মূৰ্ত্তিয়ে তাত ধংসপ্ৰাপ্ত হোৱা কমেও দুটা বৃহৎ শিৱ দেৱালয়ৰ প্ৰাচীনত্বকে সোৱঁৰায় ।”

                             আজিৰ তাৰিখতো অসমত সকলোতকৈ শিৱ মন্দিৰেই বেছি । অথচ প্ৰকৃতিপুজাৰ ভিন্নৰূপী ধাৰা এটাৰ পিচে পিচেই অসমত বিষ্ণয় শক্তিৰ আগমন ঘটিচিল নৰক কুলৰ জড়িয়তে ।

শিৱ প্ৰকৃতিৰ স্বৰূপ কাৰণতেই শিৱ প্ৰকৃত পুৰুষ

 “প্ৰায় অৰ্ধ সহস্ৰাব্দ যোৰা এটা কাল নীলাচলত বিষ্ণু শীৰ্ষদেৱত‍া হিচাপে অধিষ্ঠিত হৈ আছিল । ৩০০ বছৰৰো অধিক কাল বিষ্ণুৰ আধিপত্যৰ পিচত শিৱই পুনঃ কামৰূপৰ আৰাধ্য পুৰুষৰ ঠাই গ্ৰহণ কৰে ।

কাত্যায়নী ভিন্ন কোনো ধৰ্মধাৰাই তেতিয়ালৈকে নীলকুটৰ আভ্যন্তৰত প্ৰবেশ কৰিব পৰা নাছিল যেতিয়ালৈ “সন্ধ্যাচলে তত্ৰ মুনি আৰাধয়তি শংকৰম্” বুলি কালিকাপুৰাণে মতপ্ৰকাশ কৰিছিল ।    

      বনমালদেৱৰ তেজপুৰ তাম্ৰশাসনত প্ৰথম ভগদত্তই মহাদেৱক সাধনা কৰ‍াৰ কথা পোৱা যায় যদিও মহিষশৃংগ ৰুদ্ৰৰ আৰাধক আলপাইন সভ্যতা বহন কৰা ৱৰ্ম্মা সাম্ৰাজ্যৰ সময়তহে শৈৱধাৰাই কামৰূপৰ আভ্যন্তৰলৈ শিপা প্ৰোথিত কৰে ।

শিৱ

গোড়া শিৱ উপাসক কুমাৰ ভাস্কৰে ভষ্মধাৰী চন্দ্ৰলেখা পিনাকপানিৰ বাহিৰে কাৰো সমুখত শিৰ নত নকৰো বুলি সদম্ভে কৰা ঘোষণাৰ পৰাই সেই সময়ৰ কামৰূপত শৈৱালিক শক্তিৰ প্ৰাধান্য কিমান বিবেচনাসম্ভৱ হৈ উঠে ।

কুমাৰৰ আৰাধ্য আছিল শুভ্ৰবৰ্ণী সাত্বিক লিংগেশ্বৰ ।

শিৱ

পিচৰ সময়ত বৌদ্ধ বজ্ৰযান আৰু তান্ত্ৰিক শাক্তৰ প্ৰভাৱত শিৱশক্তি একীভুত হয় আৰু কামৰূপৰ ধৰ্মধাৰাত ৰক্তবৰ্ণী কামেশ্বৰ শিৱৰ পৰা ৰুদ্ৰেশ্বৰ, সিদ্ধেশ্বৰ, কেদাৰেশ্বৰ, ঈশান, হাৰুপেশ্বৰ, হাতুপেশ্বৰ আৰু নীলবৰ্ণী তামসিক কালভৈৰৱ বা তান্ত্ৰিক শৈৱালিক সাধনাৰ মাৰ্গে বিস্তাৰ লাভ কৰে ।

নীলাচলৰ কালভৈৰৱ আৰু তেজপুৰৰ মহাভৈৰৱ ইয়াৰ উৎকৃষ্ট উদাহৰণ….

শিৱ প্ৰকৃতিৰ স্বৰূপ কাৰণতেই শিৱ প্ৰকৃত পুৰুষ

বৌদ্ধ বজ্ৰযানী শাখাই শিৱক আত্মসাৎ কৰি তান্ত্ৰিক ধৰ্মসম্প্ৰদায়ত অন্তৰ্ভুক্ত কৰি’ হৰ’ক হেৰুক, সম্ভুক সম্বৰ আৰু ভৈৰৱক বিৰোচন নামেৰে বৌদ্ধধৰ্মত লীন নিয়ালে ।

নীলাচলত উদ্ধাৰ হোৱা শৈৱমূৰ্ত্তি সমুহৰ ভিতৰত কামাখ্যাৰ মূল মন্দিৰৰ ভিতৰত ৰখা কামেশ্বৰ ভৈৰৱৰ মূৰ্তি, হাতত ধনু লোৱা পিনাকপানি আৰু অৰ্ধনাৰীশ্বৰ মূৰ্ত্তি উদ্ধাৰ হৈছে । কামাখ্যাত উদ্ধাৰ হোৱা দুটা নন্দীৰ মূৰ্ত্তিয়ে তাত ধংসপ্ৰাপ্ত হোৱা কমেও দুটা বৃহৎ শিৱ দেৱালয়ৰ প্ৰাচীনত্বকে সোৱঁৰায় ।

শিৱ

অসমৰ প্ৰথমতো প্ৰাচীন শৈৱ দেৱালয় বুলি বুলি জল্পেশ বা জল্পীশকে মৰ্যাদা দিয়া হয় । এই মন্দিৰ ১২০৫ ত বখতিয়াৰ খিলজিয়ে কামৰূপ আক্ৰমণ কৰাৰ সমান্তৰালকৈ ক্ষতিসাধন কৰাৰ ৩০০ বছৰৰো অধিক কাল পিচত বিশ্বসিংহই মন্দিৰটো পুনঃনিৰ্মান কৰে ।

শিৱ

পৰবৰ্ত্তী সময়ত দেৱালয়ৰ নামেৰেই ঠাইখনৰ নাম জলপাইগুৰি হয় বুলি গুণাভিৰাম বৰুৱা-অসম বুৰঞ্জীত উল্লেখিত হৈছে ।

শিৱৰ কথা লিখি থাকিলেও বহু ৰৈ যায়, তথ্য সংযোগ কৰিবও বহু ৰৈ যায় । ভুলভ্ৰান্তি সন্দৰ্ভত বিজ্ঞজনে আঙুলিয়ালে নতশিৰে স্বীকাৰ কৰা হব ।

light beach vacation people
Photo by Rajjat Bayas on Pexels.com

(উপৰোক্ত লেখাটোৰ তথ্যৰ আধাৰ গ্ৰন্থ কেইখনৰ বাবে ক্ৰমে, ড° নিৰ্মলপ্ৰভা বৰদলৈ, ড° প্ৰণৱজ্যোতি ডেকা, ড° ৰক্তিম ৰঞ্জন শইকীয়া আৰু ড° মাধুৰ্যমণ্ডিত বৰুৱাৰ ওচৰত ঋণ স্বীকাৰ কৰা হ’ল ।)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!
ASSAMESE SECTION

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

by JYOTIRMOY PRADHANI
September 9, 2026
0

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল ড০ জ্যোতিৰ্ময় প্ৰধানী ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত উত্তৰ পূৰ্বাঞ্চলত যিকেইখন দেশীয় ৰাজ্য আছিল তাৰ ভিতৰত...

Read moreDetails
সুধাকন্ঠৰ জীৱন পৰিক্ৰমা : চমু অৱলোকন

ভূপেন হাজৰিকা আৰু লুইত

September 6, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells

Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells

September 5, 2026
চুনদকু

চুনদকু

September 1, 2026
চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

August 29, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d