-ডাঃ মুকুল শৰ্মা |
আপোনালোকে চহৰবিলাকৰ ফুটপাথৰ কাষত থকা বেৰবিলাকত ডাঙৰ ডাঙৰ হৰফেৰে লিখা গুপ্তৰোগ বিশেষজ্ঞ হাকিম, নবাব আদিৰ নাম, যোগাযোগৰ ঠিকনা, যোগাযোগৰ নম্বৰ ইত্যাদি নিশ্চয় লক্ষ্য কৰিছে আৰু বহুতে হয়তো এনে হাকিম, নবাবৰ পাল্লাত পৰি বহু কষ্টোপাৰ্জিত ধনৰ অপচয় কৰাৰ উদাহৰণো নথকা নহয়। আজি যিটো সমস্যা মোৰ লিখনিৰ বিষয়বস্তু হিচাপে লৈছো, এই সমস্যাটো আমাৰ সমাজত ডেকাৰপৰা বুঢ়ালৈকে এটা গুপ্ত মানসিক ব্যাধিত পৰিণত হৈছে। হীনমন্যতা বা লাজ বা সামাজিক প্ৰতিষ্ঠা লোপ পোৱাৰ ভয়ত বা যিয়েই কাৰণ নহওক কিয়, এই সমস্যাৰ কথাবিলাক সমাজত বা মানুহৰ আগত প্ৰকাশ নোপোৱাকৈ থাকি যায় আৰু কিছুমান মানুহক ভিতৰি ভিতৰি মানসিকভাৱে ভীতিগ্ৰস্ত আৰু জুৰুলা কৰি পেলায়। অৱশ্যে এই সমস্যাৰ সমাধান বিচাৰি চিকিৎসকৰ ওচৰ চপা ৰোগীৰ সংখ্যাও খুব কম নহয়। মই মোৰ চিকিৎসক-জীৱনত ইতিমধ্যে এই সমস্যাত ভোগা বহু ৰোগীক লগ পাইছো। আয়ুৰ্বেদীয় চিকিৎসাশাস্ত্ৰত এই বেমাৰৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰা আছে আৰু ইয়াৰ ফলপ্ৰসূ চিকিৎসা-পদ্ধতিৰো উল্লেখ আছে। সমাজৰ বহু সংখ্যক লোকক আক্ৰান্ত কৰা এই সমস্যাবিধ হৈছে শীঘ্ৰপতন (Premature ejaculation)। লিখনিৰ আৰম্ভণিতে কওঁ যে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবেহে এই লিখনিটো মই লিখিব ওলাইছো। কাৰণ এই সমস্যাত ভুক্তভোগী বহু ৰোগীৰ বৈবাহিক জীৱনলৈ ভাবুকিও নামি অহা ইতিমধ্যে মই মোৰ চিকিৎসক-জীৱনত দেখা পাইছো।
#শীঘ্ৰপতন
শীঘ্ৰপতন পুৰুষৰ ক্ষেত্ৰত দেখা দিয়া এটা যৌন সমস্যা। এই সমস্যাটোত যৌন সংগমৰ (sexual intercourse)ৰ সময়ত চৰম সীমা বা কামোত্তেজনাৰ আগতেই পুৰুষৰ বীর্যৰ স্খলন ঘটে। যাৰ ফলত যৌন জীৱনত নেতিবাচক প্ৰভাৱ পৰা দেখা যায়।
#শীঘ্ৰপতন কি?
এটা ভাল যৌন সম্বন্ধৰ বাবে দুয়োজন সংগীয়ে সন্তুষ্ট হোৱা বা দুয়োজনে যৌন সন্তুষ্টিৰ চৰম সীমা লাভ কৰাটো বাঞ্ছনীয়। কিন্ত শীঘ্ৰপতনৰ সমস্যাৰ বাবে পুৰুষৰ বীর্য সময়ৰ আগতে স্খলিত হয় আৰু মহিলা সংগীয়ে যৌন সংগমৰ সময়ত সন্তুষ্টি লাভ নকৰে। যৌন সংগমৰ সময়ত পুৰুষৰ বীর্য যদি ৬০ ছেকেণ্ড বা তাতকৈ কম সময়ৰ ভিতৰত নিৰ্গত বা স্খলিত হয়, চিকিৎসা বিজ্ঞানৰ ভাষাত তাকে শীঘ্ৰপতন বুলি কোৱা হয়।
#শীঘ্ৰপতনৰ কাৰণ
শীঘ্ৰপতন এটা সাধাৰণ সমস্যা। গতিকে এই সমস্যাটোৰ বিষয়ে বিশেষ চিন্তিত হোৱাৰ কাৰণ নাই। প্ৰত্যেক পুৰুষেই মাজে-সময়ে এই সমস্যাৰদ্বাৰা আক্ৰান্ত হ’ব পাৰে। কোনো পুৰুষৰ যদি এদিন শীঘ্ৰপতন হয় তাৰ মানে এইটো নহয় যে তেওঁ সদায় এই সমস্যাৰদ্বাৰা আক্ৰান্ত হৈ থাকিব।
মানসিক বা শাৰীৰিক কাৰণ উভয়েই এই সমস্যাটোৰ বাবে দায়ী। দুৰ্ভাগ্যবশতঃ বেছিভাগ পুৰুষে এই সমস্যাটো আনৰ আগত প্ৰকাশ কৰিবলৈ বা এই সমস্যাটো লৈ চিকিৎসকৰ ওচৰলৈ যাবলৈ সংকোচ বোধ কৰে। পৰিণতিত এই সমস্যাটো কেতিয়াবা ভয়ানক ৰূপ ধাৰণ কৰে আৰু তেওঁৰ পাৰিবাৰিক জীৱনত কুপ্ৰভাৱ পৰাৰ সম্ভাৱনা আহি পৰে।
শীঘ্ৰপতনৰ কাৰণবিলাক খুব সৰল আৰু ইয়াক দুই ভাগত বিভক্ত কৰিব পাৰি –
*মানসিক কাৰণ –
°যৌন সংগমৰ প্ৰতি থকা মানসিক চিন্তা
°অসুৰক্ষিত অৱস্থাত কৰা যৌন সংগম
°যৌন ক্ৰিয়াৰ প্ৰতি থকা সামাজিক অপৰাধপ্ৰৱণ মনোভাব
°লিংগ শিথিলতা (Erectile dysfunction)
°দম্পতীৰ মাজত বুজাপৰাৰ অভাৱ
*জৈৱিক কাৰণ –
°হৰমনৰ সমস্যা, যেনে – থাইৰয়ড বা যৌন হৰমনৰ বিসংগতি
°মগজুত ক্ষৰণ হোৱা ৰাসায়নিক কাৰণবিলাকৰ সমস্যা, যিয়ে মগজুৰ সন্তুষ্টিকেন্দ্ৰলৈ বাৰ্তা পঠোৱাত বিফল হয়
°প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা বা সংক্ৰমণ
°বংশগত
°আঘাত বা অস্ত্ৰোপচাৰৰ ফলত চালক বা সংবেদী স্নায়ুতন্ত্ৰত হোৱা ক্ষয়-ক্ষতি
#কোনবিলাক মানুহৰ শীঘ্ৰপতন হোৱাৰ বেছিকৈ ভয় থাকে?
যদিও যি কোনো মানুহেই শীঘ্ৰপতনৰদ্বাৰা আক্ৰান্ত হ’ব পাৰে, তথাপি বিশেষ কিছুমান মানুহ এই সমস্যাৰদ্বাৰা আক্ৰান্ত হোৱাৰ আশংকা বেছি থাকে।
*বহুদিনীয়া বেমাৰত আক্ৰান্ত – যদি কোনো মানুহ বহু দিনৰপৰা কিবা বেমাৰত আক্ৰান্ত হৈ থাকে তেন্তে তেওঁ যৌন ক্ৰিয়াৰ প্ৰতি আগ্ৰহী নহ’বও পাৰে আৰু আগ্ৰহী হ’লেও তেওঁ নিজৰ বেমাৰটোৰ কথা বেছিকৈ চিন্তা কৰি থকা বাবে শীঘ্ৰপতনৰ চিকাৰ হব পাৰে।
*মানসিক চিন্তা – যি কোনো প্ৰকাৰৰ মানসিক আৰু ভাবনাত্মক চিন্তা বা হেঁচাৰ ফলত পুৰুষ এজন শীঘ্ৰপতনৰ চিকাৰ হ’ব পাৰে।
*ঔষধ প্ৰয়োগৰ ফলত – কিছুমান ঔষধে যৌন ক্ৰিয়াৰ ফলত যৌনাংগত হোৱা প্ৰতিক্ৰিয়াত ব্যাঘাত জন্মাব পাৰে। গতিকে এনেকুৱা ধৰণৰ ঔষধ সেৱন কৰা ব্যক্তিয়ে নিজৰ যৌন ক্ৰিয়া নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে।
*লিংগ শিথিলতা বা Erectile dysfunction – যদি কোনো ব্যক্তিৰ যৌন ক্ৰিয়াৰ সময়ত ঠিকমতে লিংগ উত্তেজিত নহয়, তেনেহ’লে তেনে মানুহে খুব খৰতকীয়াকৈ যৌন সম্ভোগত লিপ্ত হ’ব লগা হয় আৰু তাৰ ফলস্বৰূপে তেওঁ শীঘ্ৰপতনৰ চিকাৰ হ’ব লগা হয়।
#শীঘ্ৰপতনৰ ফলত হ’ব পৰা জটিলতা
শীঘ্ৰপতনৰ ফলত কোনো শাৰীৰিক বা জৈৱিক জটিলতা নহয় যদিও অবিৰতভাৱে হোৱা শীঘ্ৰপতনৰ ফলত দাম্পত্য জীৱনত বেয়া প্ৰভাৱ পৰিব পাৰে। কেতিয়াবা শীঘ্ৰপতনৰ ফলত বন্ধ্যাত্বৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। যদি নিজৰ বৈবাহিক জীৱনত কোনো পুৰুষ খুব কম যৌন সংগমত লিপ্ত হয়, তেওঁৰ শীঘ্ৰপতনৰ সমস্যাই দেখা দিব পাৰে আৰু তেনে পুৰুষৰ বীর্যত শুক্ৰকীটৰ সংখ্যা কমি যাব পাৰে আৰু বন্ধ্যাত্বৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।
#শীঘ্ৰপতনৰ ঘৰুৱা আৰু আয়ুৰ্বেদিক উপচাৰ
*জীৱনশৈলীৰ পৰিৱৰ্তন –
°ধাৰাবাহিক মদ্যপান আৰু ধূমপান পৰিহাৰ কৰিব লাগে। মদ্যপান আৰু ধূমপানে স্নায়ুদুৰ্বলতাৰ সৃষ্টি কৰে
°ৰাতিপুৱাৰ আহাৰ(breakfast) কেতিয়াও ত্যাগ কৰিব নালাগে
°অত্যধিক মানসিক চাপ পৰিত্যাগ কৰিব লাগে
°সময়মতে খোৱা-বোৱাৰ অভ্যাস গঢ়িব লাগে
°গাত লিপিট খাই ধৰা টান অন্তৰ্বাস পৰিহাৰ কৰিব লাগে
°বজাৰত উপলব্ধ ঠাণ্ডা পানীয়ৰ সেৱন পৰিত্যাগ কৰা উচিত
°দৈনিক ছয়ৰপৰা আঠ ঘণ্টা শোৱাৰ অভ্যাস গঢ়িব লাগে ইত্যাদি
°জাংক-ফুড্, ফাষ্ট-ফুড্, অধিক উষ্ণ আৰু মছলাযুক্ত খাদ্য ইত্যাদি পৰিত্যাগ কৰিব লাগে
*কিছুমান একক আয়ুৰ্বেদিক ঔষধি – অশ্বগন্ধা, কোঞ্চ, মুসলি, কপিকচ্চু, গক্ষৰু, জাঁইফল, বিদাৰিকন্দ, শিলাজিত ইত্যাদি
*তদুপৰি বহুতো যৌগিক ঔষধি যেনে – শিলাজিত্যাদি বটী, মন্মথ ৰস, বৃহৎ পূৰ্ণচন্দ্ৰ ৰস, কামিনী বৃদ্ৰাবন ৰস, পূৰ্ণ চন্দ্ৰোদয় ৰস ইত্যাদি চিকিৎসকৰ পৰামৰ্শ অনুসৰি প্ৰয়োগ কৰিলে এই সমস্যাটোৰপৰা পৰিত্ৰাণ পাব পাৰি।
*যোগাসন – কেগল ব্যায়াম, পশ্চিমোত্তানসন, হস্তপাদাসন, জানু শীৰ্ষাসন, বধ্বকোনাসন, বিপৰীতকৰণী, ভুজংগাসন, শৱাসন, পদ্মাসন, অশ্বিনীমুদ্ৰা, বৃক্ষাসন, ধনুৰাসন, কপালভাতি প্ৰাণায়াম, বাহ্য প্ৰাণায়াম ইত্যাদি।