শুদ্ধ মৌ!
সঞ্জীৱ কুমাৰ নাথ
প্রথম দৃশ্য: শুদ্ধ মৌ
দৃশ্যটো প্রথম দেখা বহু বছৰ হ’ল। এতিয়া গুৱাহাটীৰ অলিয়ে গলিয়ে, আৰু অন্য ঠাইৰ বাটে-পথেও এটা সহজ লভ্য দৃশ্য; কিন্তু তেতিয়া, বহু বছৰ আগতে, উজনিৰ এখন সৰু চহৰত দৃশ্যটো প্রথম দেখোঁতেই মোৰ মনলৈ অনেক প্রশ্ন আহিছিল।
দৃশ্যটো এনে ধৰণৰ — এজন মানুহ আহিছে মৌ বেচিবলৈ। হয় তেওঁ বাটে বাটে “মৌ লাগিবনেকি” বুলি চিঞৰি ফুৰিছে, নহয় তেওঁ কোনো তিনি আলিৰ মূৰত, বজাৰৰ কাষত, বাটৰ কাষত বহি লৈছে।
এখন ভাৰত তেওঁ দুটা ডাঙৰ ডাঙৰ পাত্রত মৌ লৈ আনিছে, আৰু পাত্রদুটাৰ ওপৰত কিছুমান গছ পাত দি থৈছে।
মানুহে লাহে লাহে জুম পাতি তেওঁৰ ওচৰ চাপিছে, মৌৰ দাম শুধিছে।
তেওঁ দাম কোৱাৰ লগতে মৌখিনি মানুহক দেখুৱাই কৈছে, “এইমাত্র গছৰ পৰা কাটি আনিলোঁ। এয়া চাওক, মৌচাকবোৰ আছেই”। ঠিকেই। দুয়োটো পাত্রতে মৌৰ লগতে মৌচাকৰ টুকুৰা দুই এটা আছে।
এই দৃশ্যটো দেখিলে মোৰ মনলৈ অহা প্রশ্ন বোৰৰ বাবেই মোৰ এনে বেপাৰীৰ পৰা কোনো দিনে মৌ কিনা নহ’ল। হ’ব পাৰে যে শুদ্ধ, সুন্দৰ মৌ উচিত দামত কিনাৰ সুবিধা লোৱাত মই ব্যর্থ হৈছোঁ, কিন্তু মোৰ মনলৈ অহা প্রশ্নবোৰ মই কোনোমতে দমাব নোৱাৰোঁ।
দৃশ্যটো দেখিলেই মই ভাবোঁ, “মৌৰ লগত চাক আছে বুলি কোৱাৰ বাবে যে সেয়া সঁচা মৌ হয়, তাৰ কি নিশ্চয়তা আছে? গুৰ-পানী আৰু কিবা কিবি মিহলাই ‘মৌ’ সৃষ্টি কৰি তাত পুৰণা মৌচাক কেইটুকুৰামান দি থোৱা নাইতো? গছৰ পাতেৰে ঢাকিলে বুলিয়েই গছ বগাই মৌ কাটি অনাৰ প্রমাণ হ’ল নেকি?”
কিন্তু বহু মানুহ গোট খায়, আৰু কম সময়ৰ ভিতৰতে বেপাৰীৰ “শুদ্ধ” মৌ (Pure Honey) শেষ হৈ যায়। এবাৰ তেনে এজন বেপাৰীয়ে ডাঙৰ ডাঙৰ দুটা পাত্রৰ পৰা মৌ বেচি থকা দেখালোঁ; তেওঁ কোৱা মতে গছৰ পৰা বনৰীয়া মৌৰ চাক কাটি আনিছে। দুদিন পিছতে আকৌ সেই একে স্থানতে তেওঁক দুটা ডাঙৰ পাত্রৰ পৰা মৌ বেচি থকা দেখি কৌতূহল বশত শুধিলোঁ, “তুমি পৰহি অহা নাছিলা নে মৌ বেচিবলৈ? আকৌ ক’ত পালা মৌ?”
বেপাৰীৰ উত্তৰ, “ সেই যে ৰাস্তাটোৰ সিফালে পাহাৰটোৰ ওচৰত ডাঙৰ গছ জোপা আছে, দেখিছে? তাৰ ওপৰৰ পৰা পাৰি আনিলোঁ এই মাত্র। এই চাওক। গছৰ পাত বিলাক আছেই। মৌৰ চাকো আছে”। ঠিকেইতো। অব্যর্থ যুক্তি। পাত আছে, চাক আছে; গতিকে শুদ্ধ মৌ।
দ্বিতীয় দৃশ্য: স্বাস্থ্য-বর্দ্ধক টনিক আৰু কিবা কিবি
বেয়া খবৰ সোপা, বা অর্থহীন ফিল্মখন বা অখাদ্য চিৰিয়েলখনৰ মাজৰ বিৰতিত যে বিজ্ঞাপনবোৰে হুলস্থুল কৰি থাকে, সেইবোৰে সঁচা আৰু মিছাৰ পার্থক্য নৰখাকৈ দিনৰ পিছত দিন কেনেকৈ চলি থাকে বাৰু? নিশ্চয় মানুহে সেইবোৰ চাই বস্তু কিনে; সেবাবেইতো বিজ্ঞাপন চলি থাকে।
বহু খৰচ কৰি বিজ্ঞাপন দি ক্রেতাৰ সংখ্যা বঢ়োৱা হয়, কিন্তু সেই বিজ্ঞাপনৰ খৰচো যে ক্রেতাই বহন কৰে সেই কথা বাৰু কেইজন ক্রেতাই বুজি পায়? শুদ্ধ মৌৰ বেপাৰীৰ মৌত থকা মৌচাক আৰু গছ পাতৰ দৰে এই বিজ্ঞাপনবোৰতো বহুত কিবাকিবি থাকে।
মহিলাৰ বাবে তৈয়াৰ কৰা স্বাস্থ্য-বর্দ্ধক আহাৰ সুমুৱাই ৰখা টেমাটো আৰু পুৰুষৰ বাবে তৈয়াৰ কৰা স্বাস্থ্য-বর্দ্ধক খাদ্য ভৰাই থোৱা টেমাটোৰ আকৃতিত পার্থক্য আছে। মহিলাৰ টেমাটোৰ “কঁকালত” ভাজ এটা আছে; পুৰুষৰ টেমাত সেই ভাজ নাই। প্লাষ্টিকৰ টেমাটোৰ ভাজৰ বাবেই তাৰ ভিতৰত থকা বস্তু মহিলাৰ শৰীৰৰ বাবে উপকাৰী বুলি বুজোৱা হয়, আৰু ক্রেতাই সেয়া সঁচা বুলি মানে।
এচামুচ বিশেষ পাউদাৰ ব্যৱহাৰ কৰি ধুলে অতি বেছি লেতেৰা কাপোৰো এনে চাফা হয় যে কাপোৰৰ ফটফটীয়া ৰঙে চকু চাঁট মাৰি ধৰে। এজন পুৰুষে এটা বিশেষ বডি-স্প্রে’ মাৰি ল’লে তেওঁক মহিলাই খেদি ফুৰিব—বাঘে হৰিণ খেদাৰ দৰে।
এনে এশ এটা ভণ্ডামিৰে চলি আছে অতি বৃহৎ বিজ্ঞাপনৰ উদ্যোগ। বিজ্ঞাপনৰ মিথ্যাচাৰ বা অত্যুক্তিৰ কাৰণ হ’ল যে ক্রেতাক গ্রাহক লাগে; নাভাবি নিচিন্তি বিজ্ঞাপন চাই বস্তু কিনিবলৈ উদগ্রীৱ হৈ পৰা গ্রাহক লাগে। বিজ্ঞাপনেৰে ব্রেইন-ৱাশ কৰিব পৰা গ্রাহক লাগে। বেপাৰীয়ে গ্রাহক বিচৰাত আচৰিত হ’বলগীয়া একো নাই।
আচৰিত হ’ব লাগে গ্রাহক সকলে সকলো বিচাৰ-বিবেচনা তিলাঞ্জলি দি বস্তু কিনিবলৈ হেঁতাওপৰা কৰা কাণ্ডতহে। তেওঁলোকে যেন কেৱল বিশ্বাস কৰিবলৈকে বহি আছে। যেয়ে যি কয় তাকে বিশ্বাস কৰাই যেন তেওঁলোকৰ ধর্ম।
তৃতীয় দৃশ্য:
বাতৰি কাকতত পৃষ্ঠা আগুৰি বা বাটৰ কাষৰ ডাঙৰ হর্ডিং, বেনাৰ আদিত একোখন ধুনীয়া মুখৰ এটা মৃদু হাঁহি।
তেওঁ দুখীয়া নিচলা ৰাইজৰ বাবে কি কি কৰিলে তাৰ খতিয়ানৰ বতৰা দিয়ে সেই মৃদু হাঁহিয়ে।
বিশ্বাস কৰিবলৈ টান যে সেই একেখন ধুনীয়া মুখে ভোট-বিচৰা সভাত কেতিয়াবা অগ্নি বৰষে আৰু কেতিয়াবা মৌ বৰষে। শুদ্ধ মৌ।
(Sanjeev Kumar Nath, sanjeevnath21@gmail.com)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary)