• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, September 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

শুদ্ধ মৌ!

ASSAMESE Section / Opinion

by Sanjeev Kumar Nath
March 31, 2026
in ASSAMESE SECTION, Opinion
Reading Time: 4 mins read
0
শুদ্ধ মৌ!
Share on FacebookShare on TwitterShare on LinkedIn

শুদ্ধ মৌ!

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

প্রথম দৃশ্য: শুদ্ধ মৌ

দৃশ্যটো প্রথম দেখা বহু বছৰ হ’ল। এতিয়া গুৱাহাটীৰ অলিয়ে গলিয়ে, আৰু অন্য ঠাইৰ বাটে-পথেও এটা সহজ লভ্য দৃশ্য; কিন্তু তেতিয়া, বহু বছৰ আগতে, উজনিৰ এখন সৰু চহৰত দৃশ্যটো প্রথম দেখোঁতেই মোৰ মনলৈ অনেক প্রশ্ন আহিছিল।

দৃশ্যটো এনে ধৰণৰ — এজন মানুহ আহিছে মৌ বেচিবলৈ। হয় তেওঁ বাটে বাটে “মৌ লাগিবনেকি” বুলি চিঞৰি ফুৰিছে, নহয় তেওঁ কোনো তিনি আলিৰ মূৰত, বজাৰৰ কাষত, বাটৰ কাষত বহি লৈছে।

এখন ভাৰত তেওঁ দুটা ডাঙৰ ডাঙৰ পাত্রত মৌ লৈ আনিছে, আৰু পাত্রদুটাৰ ওপৰত কিছুমান গছ পাত দি থৈছে।

শুদ্ধ মৌ
Image: Powershift

মানুহে লাহে লাহে জুম পাতি তেওঁৰ ওচৰ চাপিছে, মৌৰ দাম শুধিছে।

তেওঁ দাম কোৱাৰ লগতে মৌখিনি মানুহক দেখুৱাই কৈছে, “এইমাত্র গছৰ পৰা কাটি আনিলোঁ। এয়া চাওক, মৌচাকবোৰ আছেই”। ঠিকেই। দুয়োটো পাত্রতে মৌৰ লগতে মৌচাকৰ টুকুৰা দুই এটা আছে।

 এই দৃশ্যটো দেখিলে মোৰ মনলৈ অহা প্রশ্ন বোৰৰ বাবেই মোৰ এনে বেপাৰীৰ পৰা কোনো দিনে মৌ কিনা নহ’ল। হ’ব পাৰে যে শুদ্ধ, সুন্দৰ মৌ উচিত দামত কিনাৰ সুবিধা লোৱাত মই ব্যর্থ হৈছোঁ, কিন্তু মোৰ মনলৈ অহা প্রশ্নবোৰ মই কোনোমতে দমাব নোৱাৰোঁ।

দৃশ্যটো দেখিলেই মই ভাবোঁ, “মৌৰ লগত চাক আছে বুলি কোৱাৰ বাবে যে সেয়া সঁচা মৌ হয়, তাৰ কি নিশ্চয়তা আছে? গুৰ-পানী আৰু কিবা কিবি মিহলাই ‘মৌ’ সৃষ্টি কৰি তাত পুৰণা মৌচাক কেইটুকুৰামান দি থোৱা নাইতো? গছৰ পাতেৰে ঢাকিলে বুলিয়েই গছ বগাই মৌ কাটি অনাৰ প্রমাণ হ’ল নেকি?”

 কিন্তু বহু মানুহ গোট খায়, আৰু কম সময়ৰ ভিতৰতে বেপাৰীৰ “শুদ্ধ” মৌ (Pure Honey) শেষ হৈ যায়। এবাৰ তেনে এজন বেপাৰীয়ে ডাঙৰ ডাঙৰ দুটা পাত্রৰ পৰা মৌ বেচি থকা দেখালোঁ; তেওঁ কোৱা মতে গছৰ পৰা বনৰীয়া মৌৰ চাক কাটি আনিছে। দুদিন পিছতে আকৌ সেই একে স্থানতে তেওঁক দুটা ডাঙৰ পাত্রৰ পৰা মৌ বেচি থকা দেখি কৌতূহল বশত শুধিলোঁ, “তুমি পৰহি অহা নাছিলা নে মৌ বেচিবলৈ? আকৌ ক’ত পালা মৌ?”

বেপাৰীৰ উত্তৰ, “ সেই যে ৰাস্তাটোৰ সিফালে পাহাৰটোৰ ওচৰত ডাঙৰ গছ জোপা আছে, দেখিছে? তাৰ ওপৰৰ পৰা পাৰি আনিলোঁ এই মাত্র। এই চাওক। গছৰ পাত বিলাক আছেই। মৌৰ চাকো আছে”। ঠিকেইতো। অব্যর্থ যুক্তি। পাত আছে, চাক আছে; গতিকে শুদ্ধ মৌ।

শুদ্ধ মৌ
Image: Powershift

দ্বিতীয় দৃশ্য: স্বাস্থ্য-বর্দ্ধক টনিক আৰু কিবা কিবি

বেয়া খবৰ সোপা, বা অর্থহীন ফিল্মখন বা অখাদ্য চিৰিয়েলখনৰ মাজৰ বিৰতিত যে বিজ্ঞাপনবোৰে হুলস্থুল কৰি থাকে, সেইবোৰে সঁচা আৰু মিছাৰ পার্থক্য নৰখাকৈ দিনৰ পিছত দিন কেনেকৈ চলি থাকে বাৰু? নিশ্চয় মানুহে সেইবোৰ চাই বস্তু কিনে; সেবাবেইতো বিজ্ঞাপন চলি থাকে।

বহু খৰচ কৰি বিজ্ঞাপন দি ক্রেতাৰ সংখ্যা বঢ়োৱা হয়, কিন্তু সেই বিজ্ঞাপনৰ খৰচো যে ক্রেতাই বহন কৰে সেই কথা বাৰু কেইজন ক্রেতাই বুজি পায়? শুদ্ধ মৌৰ বেপাৰীৰ মৌত থকা মৌচাক আৰু গছ পাতৰ দৰে এই বিজ্ঞাপনবোৰতো বহুত কিবাকিবি থাকে।

মহিলাৰ বাবে তৈয়াৰ কৰা স্বাস্থ্য-বর্দ্ধক আহাৰ সুমুৱাই ৰখা টেমাটো আৰু পুৰুষৰ বাবে তৈয়াৰ কৰা স্বাস্থ্য-বর্দ্ধক খাদ্য ভৰাই থোৱা টেমাটোৰ আকৃতিত পার্থক্য আছে। মহিলাৰ টেমাটোৰ “কঁকালত” ভাজ এটা আছে; পুৰুষৰ টেমাত সেই ভাজ নাই। প্লাষ্টিকৰ টেমাটোৰ ভাজৰ বাবেই তাৰ ভিতৰত থকা বস্তু মহিলাৰ শৰীৰৰ বাবে উপকাৰী বুলি বুজোৱা হয়, আৰু ক্রেতাই সেয়া সঁচা বুলি মানে।

এচামুচ বিশেষ পাউদাৰ ব্যৱহাৰ কৰি ধুলে অতি বেছি লেতেৰা কাপোৰো এনে চাফা হয় যে কাপোৰৰ ফটফটীয়া ৰঙে চকু চাঁট মাৰি ধৰে। এজন পুৰুষে এটা বিশেষ বডি-স্প্রে’ মাৰি ল’লে তেওঁক মহিলাই খেদি ফুৰিব—বাঘে হৰিণ খেদাৰ দৰে।

এনে এশ এটা ভণ্ডামিৰে চলি আছে অতি বৃহৎ বিজ্ঞাপনৰ উদ্যোগ। বিজ্ঞাপনৰ মিথ্যাচাৰ বা অত্যুক্তিৰ কাৰণ হ’ল যে ক্রেতাক গ্রাহক লাগে; নাভাবি নিচিন্তি বিজ্ঞাপন চাই বস্তু কিনিবলৈ উদগ্রীৱ হৈ পৰা গ্রাহক লাগে। বিজ্ঞাপনেৰে ব্রেইন-ৱাশ কৰিব পৰা গ্রাহক লাগে। বেপাৰীয়ে গ্রাহক বিচৰাত আচৰিত হ’বলগীয়া একো নাই।

আচৰিত হ’ব লাগে গ্রাহক সকলে সকলো বিচাৰ-বিবেচনা তিলাঞ্জলি দি বস্তু কিনিবলৈ হেঁতাওপৰা কৰা কাণ্ডতহে। তেওঁলোকে যেন কেৱল বিশ্বাস কৰিবলৈকে বহি আছে। যেয়ে যি কয় তাকে বিশ্বাস কৰাই যেন তেওঁলোকৰ ধর্ম।

শুদ্ধ মৌ
শুদ্ধ মৌ

তৃতীয় দৃশ্য:

বাতৰি কাকতত পৃষ্ঠা আগুৰি বা বাটৰ কাষৰ ডাঙৰ হর্ডিং, বেনাৰ আদিত একোখন ধুনীয়া মুখৰ এটা মৃদু হাঁহি।

তেওঁ দুখীয়া নিচলা ৰাইজৰ বাবে কি কি কৰিলে তাৰ খতিয়ানৰ বতৰা দিয়ে সেই মৃদু হাঁহিয়ে।

বিশ্বাস কৰিবলৈ টান যে সেই একেখন ধুনীয়া মুখে ভোট-বিচৰা সভাত কেতিয়াবা অগ্নি বৰষে আৰু কেতিয়াবা মৌ বৰষে। শুদ্ধ মৌ।

শুদ্ধ মৌ
শুদ্ধ মৌ
শুদ্ধ মৌ

(Sanjeev Kumar Nath, sanjeevnath21@gmail.com)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Sanjeev Kumar Nath

Sanjeev Kumar Nath

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
September 14, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়

চিলাৰায় ! চিলাৰায় নাছিল কি!!

September 13, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 13, 2026
Why Are 87 Million Indian Youth Not Working, Studying or Training?

Why Are 87 Million Indian Youth Not Working, Studying or Training?

September 10, 2026
চুনদকু

চুনদকু

September 10, 2026
India’s 7.8% GDP Growth: Jobs, Inflation and the Reality Behind the Numbers

India’s 7.8% GDP Growth: Jobs, Inflation and the Reality Behind the Numbers

September 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
Zubeen Garg: The Voice of Climate Action

কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

September 16, 2026
From Montreal to Guwahati: Assam’s New Cooling Imperative

From Montreal to Guwahati: Assam’s New Cooling Imperative

September 16, 2026
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

September 16, 2026
Zubeen1

দ্য জুবিন গাৰ্গ ইফেক্টঃ এক সোণোৱালী স্মৃতি

September 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40999 shares
    Share 16399 Tweet 10250
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19233 shares
    Share 7693 Tweet 4808
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4349 shares
    Share 1740 Tweet 1087
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    957 shares
    Share 383 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    157 shares
    Share 63 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4132 shares
    Share 1653 Tweet 1033
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    402 shares
    Share 161 Tweet 101
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Arriving at the Kaziranga Buffer Zone, Scientifically

    95 shares
    Share 38 Tweet 24
  • Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d