শুনা শুনা সভাসদ আমাৰ বচন
মানস প্ৰতিম কলিতা
শুনা শুনা সভাসদ আমাৰ বচন
পুঁজিবাদৰ ব্যাখ্যা তুমি শুনা এহি ক্ষণ।।
পুঁজিবাদ আৰু পুঁজিপতি দুই প্রকাৰৰ থাকে (হেনো !)। ভাল পুঁজিপতি আৰু বেয়া পুঁজিপতি। ভাল পুঁজিপতিয়ে চিকিৎসালয় নিৰ্মাণ কৰে আৰু দান কৰে। বেয়া পুঁজিপতিয়ে চিকিৎসালয় নিৰ্মাণ কৰে, দানো দিয়ে, কিন্তু বহুত লুটে।
ভাল পুঁজিপতিৰ মুনাফাৰ ৰাস্তা ‘লেজিট’ (হেনো !)। বেয়া পুঁজিপতিৰ মুনাফা হৈছে লুটন। মাৰ্ক্সে এই বিষয়ত দুখন পুথি লেখিছিল যদিও স্বৰ্গদেৱে সেয়া ফালি চিৰি কাকত-কূটাত উটুৱাই দিয়ে। সেয়েহে আমাৰ আতা পুৰুষে কোৱা স্মৃতিৰ পৰাহে আমি এই ‘সমন্ধে’ লিখিছোঁ।
ছাৰপ্লাছ ভেলুৰ (অসমীয়া প্ৰতিশব্দটো টাইপ কৰা নাযায় **লা, বহুত যুক্তাক্ষৰ) পৰা অর্জিত মুনাফাৰ পুঞ্জীকৰণৰ তত্ত্বটো ভাল পুঁজিপতিৰ ক্ষেত্রত নাখাটে। ভা:পু:ৰ ভঁৰালত গোট খোৱা ছাৰপ্লাছ ভেলুৰ (পণ্য+ শ্ৰম) লগত জড়িত বজাৰজনিত শ্ৰমমূল্যৰ এফেৰিও হেৰফেৰ নঘটে। এই শ্ৰমমূল্যৰ উচিত ব্যৱস্থা কৰাৰ পিছতহে ভা: পু:ৱে মুনাফা একত্ৰিত কৰে।
একক মালিকীস্বত্বত অর্জিত মুনাফাৰ পুঞ্জীকৰণ হয় কিদৰে আৰু কিদৰে ই মানৱ সেৱালৈ চেনেলাইজ কৰা হয়, এই বিষয়ে সোণৰ অসম নিৰ্মাণ কৰা কাৰখানাত কপালৰ ঘাম পেলাই কৰ্মৰত হৈ থকা সোণাৰী অ. বৰা আৰু কালৰ সোঁতত হস্তীক ত্যাগি পদ্ম হৈ পৰা হস্তী-বিশেষজ্ঞ প্ৰাক্তন সোণাৰী প. হাজৰিকাৰ এক সুদীৰ্ঘ ভাষণ হাৰ্ভাৰ্ডৰ আৰ্কাইভত আছে। ইয়াৰ এক সুবিস্তীৰ্ণ, তথ্যসমৃদ্ধ পাতনি লেখিছিল সোণাৰী ফ. চৌধুৰীয়ে।
বিহাৰৰ জংঘল কুৰুকি নিজৰ আতাপুৰুষৰ নামেৰে চহৰ গঢ়ি তোলা ভাল পুঁজিপতিৰ পিতা-খুড়াৰ দ্বাৰা আদিবাসী সকলৰ অধিকাৰ (জল, জংঘল, জমিন) কাঢ়ি লোৱা হৈছিল। আদিবাসী মখাই দিল্লীৰ ৰাস্তাত ভিক্ষা খুজি খাইছিল। জঙ্ঘলত লোৰ আকৰ নখন্দা হ’লে, জঙ্ঘল এৰি তেওঁলোকে চহৰৰ মুখ দেখিলেহেঁতেননে বাৰু?
জংঘলৰ পৰা চহৰমুখী হোৱাৰ সুবিধা কৰি দিয়াৰ বাবে ভা:পু: ধন্যবাদৰ পাত্ৰ। (এইবোৰ জানো ভাল পুঁজিবাদৰ লক্ষণ নহয়?)
সেয়েহে, গাৱঁৰ পানীগুণ্ডাও দুই প্ৰকাৰৰ। এটাই বাইকত এট-লিষ্ট তুলি নিয়ে, এটাই ফোঁ-ফোঁৱাই কাষেৰে পাৰ হৈ যায়। ভাল পানীগুণ্ডাই বিহুত ভাল ডনেশ্যন দিয়ে। বেয়া পানীগুণ্ডাই মদ খাই বিহুত বৈদ্য জেং কৰে।
সেয়েহে হো চি মিনে কানু সান্যালক কৈছিল:
‘ছেণ্ডেল কিনোতে বোপা চিন্তিবা বাটাক, আদৰ চেনেহেৰে কিন্তু চুমা দিবা টাটাক।।
আম্বানীক কৰিব লাগিব অতি ঘিণ, বোপা কিন্তু তুমি হ’লা মস্ত এটা মীন(mean)।।
পাৰ্থিৱ বিত্ত বোপা কোৰোণাৰে চপাই, চামুচেৰে জুখি জুখি দিবাহা বিলাই।।
পুঁজিপতি চিনিবাহা এহি সৱ গুণে, অশ্বডিম্ব হস্তে পাবা তুমি সৰ্বক্ষণে।।’
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.