শূণ্য দিনৰ অনুভৱ : সভা

এক
বেচিভাগ বজালী বাসীয়ে আজি এক বিষাদ আৰু শূন্যতা অনুভৱ কৰিব ৷ দেহে-কেহে অধিৱেশন সাফল্যমণ্ডিত কৰিবলৈ তেওঁলোকে যিদৰে কষ্ট কৰিলে , অʼত তʼত প্ৰকাশ হোৱা দুই এটা ভ্ৰান্তি আৰু কটু সমালোচনাই তেওঁলোকক নিশ্চয় ব্যথিতও কৰিব ৷

সাহিত্য সভাৰ অধিৱেশনৰ পৰা বিভিন্ন জনে বিভিন্ন সামগ্ৰী আৰু অভিজ্ঞতা লৈ গʼল নিজ নিজ মানসিকতা আৰু সামৰ্থ অনুযায়ী ৷ মই কʼলকাতা , দিল্লী , মুম্বাই , বাঙ্গালোৰ আদিৰ বিভিন্ন গ্ৰন্থমেলা দেখিছোঁ ৷ অসম সাহিত্য সভাৰ কেবাখনো অধিৱেশনলৈও গৈছোঁ ৷ মোৰ নিজৰ ঠাইতে কালৰ ব্যৱধানৰ বাবে বেচিভাগৰে মই অপৰিচিত ৷ এতিয়া মোৰ পকা চুলিৰ নতুন ৰূপত চিনি পোৱা সকলেও চিনি নাপায় ৷
“সভাত সকলোৱে মিটিঙ শুনিবলৈ নাযায় ৷ আগ্ৰহী যিসকলে শুনিছে নিশ্চয় অনুভৱ কৰিছে আলোচনাৰ মান সামগ্ৰিকভাৱে উচ্চ স্তৰৰ ৷ সভাত অঞ্জন শৰ্মাৰ সম্পাদনাত প্ৰকাশ পোৱা চৌধশ পৃষ্ঠাৰ ʼবজালী বৈভৱʼ নামৰ স্মৃতি-গ্ৰন্থখন বিশেষকৈ বজালীৰ এক গুৰুত্বপূৰ্ণ দলিল হিচাপে স্বীকৃত হʼব ৷ বাকী যিকেইখন সঙ্কলন মোৰ হাতত পৰিছে , সেয়াও উচ্চ মানবিশিষ্ট বুলি ভাব হৈছে ৷ “
মই অধিৱেশনৰ প্ৰতিদিনে কাৰ্যালয়ত বহি থকাতকৈ সম্পূৰ্ণ অকলশৰে ঘুৰি ফুৰিছোঁ ৷ অধিৱেশনৰ বিষয়ে কোনে কি কয় জানিবলৈ চেষ্টা কৰিছোঁ ৷ নিজেও চাইছোঁ ৷ বিভিন্ন মঞ্চৰ আলোচনাত বক্তাসকলে কি কয় শুনিবলৈ চেষ্টা কৰিছোঁ ৷ উৎসাহী কবিৰ কবিতা শুনিছোঁ , বিজ্ঞানৰ বক্তৃতা বুজিবলৈ চেষ্টা কৰিছোঁ , সাহিত্যৰ জৰিয়তে কিবা এটা কৰিবলৈ চেষ্টা কৰা ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণ দেখিছোঁ , বিভিন্ন জাতি-জনগোষ্ঠীৰ সংস্কৃতিৰ সজীৱ আৰু বৰ্ণাধ্য ৰূপ দেখি অভিভূত হৈছোঁ ৷
দুই
এই সকলো অভিজ্ঞতাৰ পৰা মোৰ ধাৰণা হʼল : বাহিৰৰ পৰা , কাকত-পত্ৰ , টিভিৰ পৰা কল্পনাও কৰিব নোৱাৰা এক অসাধ্য সাধন কৰিলে বজালীবাসীয়ে ৷ প্ৰকৃতাৰ্থত প্ৰফেশ্যনেলিজম , সৃজনশীলতা , স্বপ্নসদৃশ অভিলাষা , সকলোকে সন্মান সহকাৰে আদৰি লোৱাৰ আন্তৰিকতাই এই অধিৱেশনক এনে এক শিখৰলৈ লৈ গʼল যে যিয়ে তালৈ গৈ উপলব্ধি কৰিবলৈ চেষ্টা কৰিছে , তেওঁলোকৰ বাবে এয়া এক স্মৰণীয় অভিজ্ঞতা হৈ ৰʼব ৷
বাহিৰৰ পৰা সংবাদ মাধ্যমৰ পৰা ধাৰণা কৰাসকল এই উপলব্ধিৰ পৰা বঞ্চিত আৰু তেনেলোকৰ বাবে এই অভিজ্ঞতা অকল্পনীয় ৷ মই তাত থাকি বাৰে বাৰে উপলব্ধি কৰিলোঁ যে অসম সাহিত্য সভাক সাহিত্যিকৰ সভা বুলি ভবাটো সঠিক নহয় ৷ তেনে দৰে ভাবিলে সভাক এটা ঠেক গণ্ডীৰ ভিতৰত সীমাৱদ্ধ কৰি ৰখা হʼব ৷
সাহিত্যিকসকলে সাহিত্যকে , এটা গল্প , কবিতা বা এখন উপন্যাসকে আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি ভাবে ৷ সাহিত্যতকৈ জীৱন বহু বেচি বিশাল আৰু বৈচিত্ৰময় ৷ সেই জীৱন আৰু জাতীয় চেতনাৰ প্ৰতিধ্বনি মই শুনিবলৈ পালোঁ সভাৰ থলীত ৷ গল্প-উপন্যাসৰ কত যে চৰিত্ৰ তাত বিচৰণ কৰি ফুৰিছে ৷ অহৰহ কিদৰে যে বাজি আছে জাতীয় চেতনাৰ আৱেগৰ খলকনি ৷
সেই বিচিত্ৰ বিশালতাৰ মুখামুখি হʼলে কেইজনমান স্তাৱক , সমালোচকৰ প্ৰশস্তি , বঁটা-বাহন , দেশ-বিদেশৰ চেমিনাৰৰ নিৰাপদ গণ্ডীত ফুলি উঠা সাহিত্যিকে উপলব্ধি কৰিব গণদেৱতাৰ ওচৰত তেওঁ কিমান তুচ্চ ৷ বিশিষ্ট সাহিত্যিকসকলও একো একোজন সাধাৰণ মানুহ , গণদেৱতাৰ ওচৰত ধুলিকণাসদৃশ , সেই কথা উপলব্ধি কৰিবৰ বাবেই অধিৱেশনলৈ যোৱা উচিত ; বিশেষ কোনো স্থানৰ আশাত নহয় ৷
বজালীবাসীয়ে যি সুন্দৰ , শৃঙ্খলাৱদ্ধ আৰু বৈচিত্ৰময় ৰূপত অধিৱেশনৰ আয়োজন কৰিলে , তেনে অধিৱেশন অতীতত হোৱা নাই বুলিয়েই ভাব হয় , ভৱিষ্যতত হʼব বুলি আশা কৰিছোঁ কাৰণ এই অধিৱেশন ভৱিষ্যতৰ বাবে এক প্ৰেৰণা আৰু প্ৰত্যাহ্বান হʼব ৷

তিনি
দোষ -ত্ৰুটি ? ইমান এক বিশাল আয়োজন ত্ৰুটি-মুক্ত হʼব বুলি আশা কৰিলেও , সেয়া প্ৰায় এক অবাস্তৱ আশা হʼব ৷ ঘৰত আয়োজন কৰা বিয়াখনত মাতিবলগীয়া কত লোকক নমতাকৈ থাকি যায় , বিশ্ববিদ্যালয়ৰ উচ্চশিক্ষিতই আয়োজন কৰা পৰীক্ষাত , নিদিয়া বিষয়ৰ বিপৰীতে মাৰ্কসশ্বীটত নম্বৰ ওলায় , শিক্ষান্ত পৰীক্ষাত ফেইল কৰাজন গৈ স্থান পোৱা বুলি ঘোষিত হয় , এপিএচচিত কি হৈছিল সকলোৱে জানেই ৷ ইয়াৰ কোনোটোৱে হোৱা উচিত নহয় ৷ কিন্তু হৈ আছে ৷
সভাতো নোহোৱা নহয় ৷ সভাৰ প্ৰতিজন মানুহেই সৎ আৰু দক্ষ বুলি ভবাৰ কোনো যুক্তি নাই ৷ মই ব্যক্তিগতভাবে এনে ধৰণৰ ভুল বা অন্যায়ক এনেদৰে বিচাৰ কৰি চাওঁ – সেয়া যদি অভিসন্ধিমূলক , ইচ্ছাকৃত তেনেহʼলে তাৰ প্ৰতিবাদ হোৱা উচিত , কিন্তু সেয়া যদি অজ্ঞতা , অনিচ্ছাকৃত , কাৰিকৰী বিজুটি তেনেহʼলে ভুলটো আঙুলিয়াই শুধৰণিৰ সুবিধা দি তাৰ প্ৰতি সহনশীল হʼলে সমাজখন অধিক বাসপোযোগী হʼব ৷
বঁটাক লৈ কিছু বেমেজালিৰ কথা ওলাইছে ৷ অন্তত: তাৰ কটু সমালোচনাৰ বাবে বজালী বাসীয়ে দোষী দোষী অনুভৱ কৰাৰ দৰ্কাৰ নাই , কাৰণ বঁটাৰ সিদ্ধান্ত বিদায়ী কেন্দ্ৰীয় সমিতিৰহে ৷

চাৰি
ব্যক্তিগতভাৱে পাঠশালা অধিৱেশনৰ এটা কথাত মই অসন্তুষ্ট ৷ গ্ৰন্থমেলাক অধিৱেশনস্থলীত বেলেগ এক পৰ্যায়লৈ লৈ যোৱাৰ সুযোগ আছিল ৷ প্ৰতিটো ৰাস্তা , আলোচনা গৃহ আদিৰ আশে-পাশে গ্ৰন্থ-বিপনীসমুহ থাকিলে এনেকুৱা লাগিলহেতেঁন যে সকলোৱে এখন গ্ৰন্থৰ জগতত প্ৰৱেশ কৰিছে ৷ তাৰ পৰিবৰ্তে গ্ৰন্থমেলাখন এনে এক চুকত কৰা হʼল যে তাত যে গ্ৰন্থ-বিপনীসমুহ আছে দেখায়েই নাযায় ৷
এখন মাত্ৰ ঠেক গেট ৷ ভিৰৰ সময়ত মোৰ দৰে মানুহৰ যাবলৈ অসুবিধা হয় ৷ ভিতৰৰ বিপনীৰ শাৰীবোৰৰো ভিজিবিলিটী কম , সন্ধিয়া পোহৰো অনুজ্জল ৷ বাকী দৰ্শণীয় সামগ্ৰীৰ ওপৰত অধিক গুৰুত্বই যেন গ্ৰন্থমেলাক বহু পৰিমাণে ম্লান কৰিলে ৷ মোৰ ধাৰণাত পাঁচ কোটি টকাৰ বিক্ৰীৰ প্ৰচাৰ শুদ্ধ নহয় ৷

সভাত সকলোৱে মিটিঙ শুনিবলৈ নাযায় ৷ আগ্ৰহী যিসকলে শুনিছে নিশ্চয় অনুভৱ কৰিছে আলোচনাৰ মান সামগ্ৰিকভাৱে উচ্চ স্তৰৰ ৷ সভাত অঞ্জন শৰ্মাৰ সম্পাদনাত প্ৰকাশ পোৱা চৌধশ পৃষ্ঠাৰ ʼবজালী বৈভৱʼ নামৰ স্মৃতি-গ্ৰন্থখন বিশেষকৈ বজালীৰ এক গুৰুত্বপূৰ্ণ দলিল হিচাপে স্বীকৃত হʼব ৷
বাকী যিকেইখন সঙ্কলন মোৰ হাতত পৰিছে , সেয়াও উচ্চ মানবিশিষ্ট বুলি ভাব হৈছে ৷ ʼবজালীৰ গদ্য-চৰ্চা ʼ বুলি মোৰ লেখা এটা মূল স্মৃতি-গ্ৰন্থত প্ৰকাশ পাইছে ৷ বিষয়টো স্পৰ্শকাতৰ ৷ বেচ কষ্ট কৰি ছপা পঁচিশ পৃষ্ঠাৰ লেখাটো প্ৰস্তুত কৰিছিলোঁ ৷
আন এখন গুৰুত্বপূৰ্ণ সঙ্কলনত মোৰ এখন দীঘল ৰচনা ʼ অৱশেষত সাহিত্য জনগণৰ বাবে ʼ সন্নিবিষ্ট হৈছে ৷ আন দুখন সঙ্কলনত কবিতা বিষয়ক এখন ৰচনা আৰু কবিতা এটা প্ৰকাশ পাইছে ৷ ব্যক্তিগতভাবে আৱেগিক হʼলোঁ শ্ৰদ্ধা-তৰ্পণৰ বাবে সাজি উলিওৱা গ্যেলাৰীত পিতাৰ এখন প্ৰতিচ্ছৱি দেখি ৷



পাঁচ
এই অধিৱেশনে এজন লেখক হিচাপে আৰু এজন ব্যক্তি হিচাপে মোক এনেদৰে সমৃদ্ধ কৰিলে যে এই অভিজ্ঞতা মোৰ বাবে এক চিৰ স্মৰণীয় অভিজ্ঞতা হৈ ৰʼব ৷ নোযোৱাকৈ বাহিৰৰ পৰা সেয়া উপলব্ধি কৰাটো সহজ নহয় ৷ হুইল ছেয়াৰতো গৈছে মানুহ ৷ এয়াও কম এক জাতীয় তাড়না নহয় , যাৰ পৰা নগৰীয়া আমি বহুলোক বঞ্চিত ৷

05-02-2025
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

















