-অংকিতা বৰুৱা |
গোমা আকাশ খনত এজাক শগুণ উৰি আছে । এটা নিৰ্দিষ্ট ব্যাসাৰ্দ্ধৰ ভিতৰত সিহঁত গোল গোল কৈ উৰি মাজতে দুটামান ছোঁকৈ তললৈ নামি আহি কিবা এটাৰ ওপৰত পৰিছেহি !
পথাৰত গৰু দিবলৈ আহি গাঁওখনত ঘটি থকা কিছুমান নতুন ঘটনাৰ বিষয়ে পাতি থকাৰ মাজতে সমীৰ আৰু অৰ্জুনে কথাতো মন কৰি আছিলে । অলপ দিনৰ পৰা সিঁহতে এই শগুনৰ জাকতো সঘনাই দেখিবলৈ লৈছে । কিন্তু কি দেখি ইমান শগুন উৰিবলৈ লৈছে সিহঁতে দ কৈ চিন্তা কৰা নাছিল যদিও আজি দুইটাৰে এবাৰ জানিবলৈ মন গল । গৰুকেইটাৰ খুটি কেইডাল টান হৈছেনে নাই এবাৰ চাই ইটা এচপৰাৰে মৰিয়াই আৰু অলপ টান কৈ পুতি দিলে অৰ্জুনে । দুইটা কেইহাতমান আতৰত ছোঁ ছোঁৱাই তললৈ নামি অহা শগুন কেইটাৰ ফালে আগুৱাই গল । এজনী কলী গাই আৰু এজনী গাভিনী ছাগলী অলপ আতৰা আতৰিকৈ মৰি পৰি আছে , আৰু তাকে দেখি শগুনৰ জাকটোৱে ভোজ পাতিছে । বৰ অসহনীয় লাগিল সিহতৰ । কি হবলৈ ধৰিছে এইবোৰ । কাষৰ জংঘলখনৰ পৰা অহা কিবা বনৰীয়া জীৱ জন্তুৰ চিকাৰ হৈছে নেকি সিহতৰ গাওখনৰ পশুবোৰ !
….. নাই ! আজিলৈকে তো তেনে একো হোৱা নাই ! নে …. ? নে নতুনকৈ আহিবলৈ লোৱা নদীৰ পাৰৰ অচিনাকী মানুহবোৰৰ কাম এইবোৰ ! একো ভাবি উলিয়াব নোৱাৰিলে সিঁহতে । সিঁহত দুটায়েই যদি এইবোৰত একো আগভাগ নলয় , তেনেহলে গাওখনত আৰু কোনো নাই এনেবোৰ কথাত মাত মতাত !
চিন্তিত হল সিহঁত ।
অলপ দিনৰ পৰা বহু অচিনাকি লোক আহিবলৈ ধৰিছে গাঁওখনলৈ । নানা ধৰনৰ গাড়ী ! মানুহবোৰক ইফালে সিফালে বেচ কিছু সময় ঘূৰা পকা কৰি কিবা হিচাপ নিকাচ কৰা দেখিছে সিহতে । তেওলোকক দেখিলে ভব্য গব্য লোক যেনেই ধাৰনা হয় । তেনেস্হলত এই গাওখনত তেওলোকৰ কি কাম থাকিব পাৰে । সমীৰহঁতৰ কৌতূহল জাগে !
কপহুৱা গাঁও ।
অখ্যাত ভিতৰুৱা গাঁও এখন । গাওখনলৈ যাবলৈ দুখন সৰু সৰু নদী পাৰ হব লাগে । ভগ্নপ্ৰায় কাঠ – বাহঁৰ দলং পাৰ হৈ গাৱৰ লোকসকলৰ যাতায়ত চলে বাহিৰলৈ । ৰাইজে আঁচলৰ গাঠিত জীৱতো বান্ধি অহা-যোৱা কৰে । লৰা ছোৱালীবোৰ ডাঙৰ হৈ অহাৰ লগে লগে ঘৰত চিন্তা বাঢ়ে , কি সাহসত নদী পাৰ হৈ পঢ়াশালি লৈ পঠিয়াই সিহতক । এইহেন ফুলকমলীয়া ল’ছালি বোৰে এই বিপদ সংকুল পথেৰে পঢ়াশালি যোৱাতো ঘৰৰ কোনেও নিবিচাৰে , লাগিলে নপঢ়াকৈয়ে থাকক । অন্তত জীৱতো কুশলে থাকক !
ৰাস্তা ঘাট সুচল নহয় যদিও গাওখন খেতি বাতি , পশুপালনত বেচ আগবঢ়া । বেছিভাগ লোকেই খেতিয়ক ! গৰু-গাই , ছাগলী , হাঁহ-কুকুৰা পালন কৰিও তেওলোক সুন্দৰ ভাবে চলি আছে । তথাপি উঠি অহা চামৰ দুই এক ডেকা চহৰমুখী ও নোহোৱা নহয় , চাকৰিৰ আশাত । কোনো কোনো য়ে কিবাকৈ এটা চাকৰি যোগাৰ কৰি লব পাৰিছে আৰু কোনোবা দুটামান ঘূৰিও আহিছে গাৱৰ মাটিতে জীৱিকাৰ পথ সুচল কৰিবলৈ !
সেই ঘূৰি অহা শিক্ষিত ডেকাবোৰৰ মাজতে আছে সমীৰ আৰু অৰ্জুন । বহু কষ্ট কৰি পঢ়া শুনা কৰিলে সিঁহতে । খেতিৰ ধনেৰেই সিহতে স্নাতক ডিগ্ৰী ললে । লগৰ বোৰক দেখি সিহতো চহৰমুখী হৈছিল ; পিছে চহৰৰ বতাহ পানীয়ে সিঁহতক নুসুজিলে । শান্তি নাপালে সিঁহতে তাত থকা এবছৰ কাল । পইচা কেইটামান হাতলৈ আহিল ঠিকেই , পিছে গাঁৱৰ কেঁচা মাটিৰ গোন্ধে সিহতক বৰ বেছি দিন চহৰত থাকিবলৈ নিদিলে । ঢপলিয়াই আহিল এদিন গাঁৱলৈ বুলি । ঘূৰি আহিম বুলি সিদ্ধান্ত লোৱাৰ পাছত এক চেকেন্ডো যেন চহৰত থকাতো সম্ভব নহয় ।
গাঁৱৰ মাটিতে আধুনিক শৈলীত সিহতে আৰম্ভ কৰিলে খেতি বাতি । ফিচাৰি খুলিলে দুটা । সৰু ডাঙৰ বিভিন্ন মাছ ৰ পোনা মেলিলে । সিঁহতৰ কামত গাঁৱৰ আন দহ জনো আগুৱাই আহিল …..
……. সজাল ধৰিছিল পথাৰ খনে ।
সেউজীয়া সপোন বোৰ লহপহীয়া হৈছিল । এক বুজাব নোৱৰা সুখ ! সৃষ্টিৰ সুখ এয়া !
সমীৰে নাভাবো বুলিলেও আকৌ এবাৰ ভুমুকি মাৰিলে এখন মুখে তাৰ মনত ! পাহৰিবলৈ ধৰা কেইটামান শব্দই তাক আকৌ এবাৰ বিন্ধিলেহি…
” কি আছে গাৱত ? তুমি যে ইমান গাঁও গাঁও কৰি থাকা ! মই কিন্তু তোমাৰ এই গাঁৱলীয়া স্বভাব বোৰ একেবাৰে বেয়া পাও সমীৰ ! এনেকৈ হলে তোমাৰ লগত মই আৰু সম্পৰ্ক ৰাখিব নোৱাৰিম , মোৰ ঘৰত কোনেও নামানিব মই চহৰৰ পৰা গৈ গাঁৱত জীৱন কটাম ! ” …..
হাঁহি উঠি গ’ল তাৰ …… !
কংক্ৰীটৰ মাজত ডাঙৰ হোৱা এসময়ৰ তাৰ প্ৰেয়সীয়ে কি বুজিব সেউজীয়াৰ অনুভব কিমান তীব্ৰ , কিমান অৰ্থবহ ! যি তাৰ অস্তিত্বক হাহিঁবলৈ এক চেকেন্ডো নাভাবিলে , সাত জনমৰ বাবে কিদৰে আপোন হয় ……
……সেইদিনাই আতৰি আহিছিল সি সেই নাৰীৰ পৰা ! সেই নাৰীৰ প্ৰতি থকা অনুভব খিনিও সমীৰে জাৰি জোকাৰি নোহোৱা কৰিবলৈ চেষ্টা কৰিছিল । তথাপি হয়তো কৰবাত এতিয়াও তাৰ অস্তিত্ব অলপ হলেও আছে ! সেয়েহে হয়তো গাওখনৰ এই ৰূপতো সেই বিশেষ নাৰীক এবাৰ দেখুৱাই বুজাবলৈ মন গৈছে তাৰ
” চোৱা ! গাঁৱত উশাহ থাকে । সৃষ্টিৰ সপোন আছে আৰু আমাৰ দুহাতত সেই সপোনক সাকাৰ কৰাৰ ক্ষমতা আছে ! আমি কংক্ৰীটৰ মাজত থাকিও সেউজীয়াৰ সপোন দেখো , কাৰন আমাৰ শিৰাই শিৰাই সেউজীয়াৰ পৰশ । শেলুৱৈৰ বৰণ সেয়েহে আমাৰ খুবেই প্ৰিয় , প্ৰেমতকৈ ও” ………
সময়ে বাগৰ সলাইছে । খেতি পথাৰ বোৰ চপোৱাৰ সময় আহি পৰে । সকলো ব্যস্ত হয় । চোতালবোৰ সোনালী হৈ পৰে ! সমীৰৰ আশাবোৰ সকলোৰে ঘৰে ঘৰে জীপাল হৈ উঠে ……. !
পুৱদিশে ধলফাট দিয়াৰ সময়তে দুখনমান ট্ৰাক সোমাই আহিল এক আওহতীয়া বাটেৰে । পিছে পিছে আন কেইখনমান বিলাসী গাড়ী । অচিনাকী মানুহেৰে ভৰি পৰিল অঞ্চলটো । চোতালত মৰনা মাৰি থকাৰ পৰাই সমীৰে দেখিলে কেইবাজনো লোক সিঁহতৰ গাওখনৰ ফালে আগবাঢ়ি আহিছে । সি সচকিত হল । তেওলোক যিমানে ওচৰ পাইছেহি সমীৰৰ মনত সিমানে প্ৰশ্নৰ জোৱাৰ ভাটা চলিছে । সি আগুৱাই গল তেওলোক অহাৰ ফালে । চহৰীয়া আদব কায়দাৰে তেওলোকে সমীৰলৈ চাই সম্ভাষন জনালে…..
: গুড মৰনিঙ ইয়ঙ মেন !
ক’লা পেন্ট আৰু আকাশ নীলা শ্লীম ফিট চাৰ্ট পিন্ধা মধ্য বয়সীয়া লোকজনে সমীৰলৈ হাত এখন আগবঢ়াই দিলে । সমীৰেও প্ৰশ্নবোধক চাৱনিৰে কৰমৰ্দন কৰি তেওলোক কৰপৰা আহিছে আৰু অহাৰ উদ্দেশ্য জানিব বিচাৰিলে । সমীৰক আচৰিত কৰি আন এজন লোকে বৰ চতুৰতাৰে কলে — তেওলোক গুৱাহাটীৰ পৰা আহিছে আৰু এটা চিমেন্টৰ কাৰখানা বহুৱাবলৈ এই জেগাখন তেওলোকে বাচনি কৰিছে । তাৰ বাবেই গাওঁবাসীৰ লগত চা-চিনাকি হৈ কথা আগবঢ়াবলৈ আহিছে ।
সমীৰ আশ্চৰ্য্যত যেন ফাটি পৰিব !
: আপোনালোকে কিদৰে ভাবি ললে এই অঞ্চলৰ লোকসকলে আপোনালোকৰ এই প্ৰস্তাৱ মানি লব ?
: চাওক , মানি ললে আপোনালোকৰ বাবেই ভাল হব । আমি আমাৰ চিমেন্ট কাৰখানা বহুওৱাৰ লগে লগে এই অঞ্চলতো যথেষ্ট উন্নত হব । ৰাস্তা পদূলিৰ যি দূৰ্দশা সেয়া আমিয়েই ঠিক কৰি দিয়াৰ কাম হাতত লম । লগতে আপোনালোকৰ গাৱৰ শিক্ষিত নিবনুৱা সকলৰ বাবে বহু ভাল ভাল চাকৰি ওলাব । আমি বহু ভাবি চিন্তিয়েই সেয়েহে এই অঞ্চলতোক বাচনি কৰিলো ।
: মানে চিমেন্ট কাৰখানা তো আপোনালোকে আমাৰ গাঁওবাসীৰ কথা চিন্তা কৰিয়েই যেন প্ৰতিষ্ঠা কৰিব লৈছে তেনে লাগিল আপোনাৰ কথাত !
—- তাচ্ছিল্যৰ সুৰৰ কথা কেইটা অত্যন্ত ক্ষোভত ওলাই আহিল সমীৰৰ মুখেৰে ।
ইতিমধ্যে সমীৰৰ কাষত মানুহবোৰ এজন দুজন কৈ গোট খাইছেহি । অৰ্জুনো ৰৈছেহি । চতুৰ মানুহকেইজনে ইতিমধ্যে জানিছিল গাওবাসীৰ দূৰ্বলতা ক’ত হব পাৰে ! তেওলোকে কত খোচ টো মাৰিলে গাওবাসীৰ অন্তৰ জয় কৰিব পাৰিব । সমীৰক তেওলোকে বুজি উঠিছিল । শিক্ষিত ডেকা এজনে যে তেওলোকৰ প্ৰস্তাৱ পোনচাটেই নাকচ কৰিব সহজেই অনুমেয় আছিল । গোট খোৱা লোক সকলক নমস্কাৰ জনাই তেওলোকৰে এজনে বুজাইছিল —
“এই চিমেন্ট কাৰখানাটো হৈ উঠাৰ লগে লগে আপোনালোকৰ বাবে কি কি সুবিধা হব , আমি এখেতক কৈছো ইতিমধ্যে “…..
সমীৰলৈ দেখুৱাই ক’লে —-
” আপোনালোকেও জনাতো দৰকাৰ !
…. ৰাস্তা পদূলি সুচল হব । লৰা ছোৱালী বোৰ সুকলমে স্কুল যাব পাৰিব । কাৰেন্টৰ সমস্যা দূৰ হব । আৰু আটাইতকৈ ভাল কথা , শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলৰ বাবে চাকৰি ওলাব । সকলোৰে স্বচ্ছল জীৱন হব ! খেতি কিমান কৰিব ? “
—- কথাখিনি কৈ মানুহজন অলপ ৰ’ল !
তেওৰ কথাৰ আঁত ধৰিয়েই আন এজনে আৰম্ভ কৰিলে
—— ” তাৰ বাবে এই জংঘল খন আমি চাফা কৰিব লাগিব ! জংঘল খন থাকিলে কাৰখানাটো বহুওৱাত যথেষ্ট অসুবিধা হব । আমাক বহুখিনি মুকলি জেগাৰ প্ৰয়োজন হব । তাৰ বাবে আমি আপোনালোকৰ ওচৰলৈ আহিছো আজি । আপোনালোকৰ অঞ্চলটোৰ উন্নতিৰ হকে আমি এইখিনি কৰিবলৈ আহিছো যেতিয়া আশা ৰাখিছো আপোনালোকেও আমাৰ লগত হাত মিলাব । আমি নিয়মানুসৰে আগবাঢ়িব বিচাৰিছো । আইন তথা প্ৰদূষন নিয়ন্ত্ৰণ বিভাগৰ জড়িয়তে সকলো বিষয় চালি জাৰি চাই আগবাঢ়িছো আমি । এই গোটেই প্ৰক্ৰিয়াটোত আমাক আপোনালোকৰ সহযোগিতা লাগিব …..
….. আপোনালোকে আপোনালোকৰ উন্নতি বিচাৰে নিশ্চয় ! আন উন্নত ঠাইৰ দৰে এই গাওখনো সকলো দিশতে আগবাঢ়ক , আমি সেইটোৱেই বিচাৰো । আজিৰ ডেকাচামে খেতি বাতি ৰ সলনি চাকৰি কৰিলে দুপইচা বেছিকৈ আৰ্জন কৰিব পাৰিব ” …..
এজাক লোকে একেলগে কৈ উঠিল —
— ” বৰ ভাল হব … বৰ ভাল হব । আপোনালোকৰ দৰে ইমান ভাল চিন্তা কিমানে কৰিব “——
সমীৰ অবাক হৈ পৰিছে । এয়া কি কৈছে তাৰ আপোন মানুহবোৰে ! সেউজীয়া বোৰ নোহোৱা কৰি কংক্ৰিটেৰে কি উন্নতি বিচাৰিছে এওলোকে । শিপা কিয় পাহৰিছে মানুহখিনিয়ে ! সি সকলোকে বুজাবলৈ চেষ্টা কৰিও বিফল সোৱাত অৰ্জুন লৈ আশাৰে চালে —
“তই বুজালে বুজিব আমাৰ মানুহখিনিয়ে অৰ্জুন ! এই সহজ সৰল মানুহবোৰৰ মনবোৰ কিনিবলৈ নিদিবি ইহঁতক । কিছুমান মনে সজা ধুনীয়া কথা কৈ তাৰ অন্তৰালত থকা তেওলোকৰ আচল ব্যৱসায়িক বুদ্ধিবোৰ আমাৰ মানুহবোৰক বুজা অৰ্জুন , তই মনে মনে কিয় আছ ” —– সমীৰে জোকাৰি দিলে অৰ্জুনক
: তেওলোকে ঠিকেই কৈছে সমীৰ । কিমান আৰু খেতি পথাৰ , গৰু গাই চম্ভালিম ! অলপ তো উন্নতি লাগে গাওঁখনত ! উঠি অহা চামে বিনা দ্বিধাই স্কুল অহা যোৱা কৰিব পাৰিব । আমিবোৰেও এটা চাকৰি আশা কৰিব পাৰিম , আৰু কি লাগে কচোন ! আমনি লাগিছে আৰু , অলপ সলনিৰ প্ৰয়োজন আমাকো ! তয়ো মানি ল ! একো বিধি পথালি নিদিবি । মই তেওলোকৰ লগত আছো ….. !
তাক হতবাক কৰি অৰ্জুনে কৈ উঠিল ।
সমীৰ স্হানুৰ দৰে ৰৈ থাকিল …..
……. ইমান সহজ …. !
ইমান সহজ নে মানুহৰ মনবোৰ বিক্ৰী যোৱাত ! পুৰনি চামৰ কথা সি নধৰে । তেওলোক হোজা লোক , যি শুনে তাতেই সপোন দেখিবলৈ আৰম্ভ কৰে । কিন্তু ই অৰ্জুন ! অৰ্জুন আৰু সি একেলগে চহৰ এৰি গাৱলৈ ঘূৰিছিল । একেলগে সপোন দেখিছিল —– সোন গুটিৰে সোনোৱালী হৈ উঠিব সিহতৰ আপোন গাঁওখন । আধুনিক শৈলীৰে সিহতে খেতি বাতি কৰিব , পশুপালনেৰে জীৱিকা উলিয়াব । তেনেহলে অৰ্জুনে কিয় পাহৰিছে তাৰ উদ্দেশ্য ! এচাম চতুৰ মানুহৰ কথাত কিয় এৰি দিবলৈ ওলাইছে গাঁৱৰ ভৱিষ্যৎ !
তাৰ আকৌ টিঙিচকৈ খং টো উঠি আহিল —-
: আপোনালোকে হঠাতে এনেদৰে আমাৰ গাওখন শেষ কৰিব নোৱাৰে । চিমেন্টৰ ধূলি ধোৱাৰে অঞ্চল টো প্ৰদূষিত কৰিব নোৱাৰে । কত পালে অধিকাৰ আমাৰ সহজ সৰল মানুহবোৰৰ লগত এইদৰে খেলা কৰাৰ ! আপোনালোকে জানে ! এই গাওখন , এই জংঘল খন আমাৰ আজোককাৰ দিনৰে । এই জংঘল খনত থকা কত পশু পক্ষী নিৰ্বিঘ্নে আজি অত বছৰে জীয়াই আছে । মাজে মাজে এই নদীলৈ জাক পাতি সিঁহত ওলাই আহে ! আপোনালোকে কি বুজিব এইবোৰৰ অৰ্থ । আপোনালোকতো কংক্ৰীটৰ মাজত জীয়াই থকা একো একোজন আৱেগহীন , স্বাৰ্থপৰ লোক । সৰলতা ক কিদৰে জিনিব লাগে তাৰ কৌশল ভালদৰেই জানে আপোনালোকে । কিন্তু মই এনে একো হবলৈ নিদিও মোৰ গাওঁখনত । নালাগে আমাৰ ৰাস্তা পদূলি আপোনালোকে ভাল কৰিব । এদিন তো চৰকাৰৰ দৃষ্টিত পৰিব আমাৰ গাঁও ! খেতিয়ক মানুহ আমি । খেতি কৰি জাগৰণ আনিম আমি । তেতিয়া তো চৰকাৰ নিজেই আগবাঢ়ি আহিব আমাক সা সুবিধা বোৰ দিবলৈ …….
উত্তেজিত হৈ একে লেথাৰিয়ে বহুখিনি কথা কৈ সমীৰ ফোপাই উঠে ।
….. বহুত কলো , আৰু একো কবলগীয়া নাই মোৰ। আপোনালোক যাব পাৰে ।
সি দুইখন হাত জোৰ কৈ শব্দ কৰি নমস্কাৰ দি তেওলোকলৈ পিঠি দি যাবলৈ ওলাল ;
অৰ্জুনে তাক পিঠিত চপৰিয়াই শান্ত কৰাৰ চেষ্টা কৰিলে !
গাওঁবাসীৰ পৰা আশা কৰা ধৰনেই সহাৰি পাই অতি সোনকালেই তেওলোকৰ কাম আৰম্ভ হব বুলি জনাই গুচি গল দলটো । সমীৰৰ অস্তিত্ব যেন সেই মূহুৰ্ত্তত একেবাৰে নগন্য আছিল তেওলোকৰ মানত !
সহজ সৰল মানুহখিনি এটা ঘন্টাৰ ভিতৰত বিক্ৰী হৈ গল !
সমীৰ অস্হিৰ হৈ পৰিছে ……!
….. তেওলোকে বুজা নাই , কল কাৰখানাৰ পৰা ওলোৱা ধোৱা কিমান ক্ষতিকাৰক হব পাৰে ! মুকলি বতাহ অকণৰ বাবে হাবাথুৰি খাব লাগিব । চাৰিওফালে ধুলিৰে ধূষৰিত হব । মানুহবোৰ বেমাৰী হব !
সমীৰ শুব নোৱাৰিলে ৰাতিটো । যন্ত্ৰনাত চটফটাইছে সি । এখন অৰন্য নোহোৱা হোৱাৰ কথাতো সি মানিব পৰা নাই । সি কান্দিবও পৰা নাই !
বহুদিনৰ মূৰত সি তাৰ ৰং তুলিকা লৈ এখন অৰন্যৰ সেউজীয়াৰে ভৰাই পেলালে তাৰ উকা কাগজ । জন্মৰ পৰা দেখি অহা অৰন্য খন নিঃচিহ্ন হৈ যাবলৈ দিব নোৱাৰে সি ! সি যিমানে খৰকৈ ৰং তুলিকাৰে জীৱন্ত ৰূপ দিছে জংঘল খনৰ সিমানে তাৰ বুকুৰ বিষটো ডিঙিলৈ উজাই আহিছে …..
…… সেউজীয়া বোৰ নেদেখে আৰু ! জীৱ জন্তুবোৰে ওচৰৰ নদীখনত পানী খাবলৈ জাক পাতি নামি অহা নয়নাভিৰাম দৃশ্য নেদেখে আৰু সিঁহতে ! কোনোদিন সেই নিৰ্বোধ জন্তুবোৰে গাঁওবাসীক অসুবিধা নিদিলে , অথচ কিছুমান সুবিধাবাদী মানুহৰ হাতৰ পুতলা হৈ নিৰ্বিঘ্নে চলি অহা জীৱ জন্তু বোৰৰ আশ্ৰয়স্হল নিঃশেষ কৰিবলৈ ওলাইছে ! কিমান স্বাৰ্থপৰ হব পাৰে মানুহ …… !
সি যেন চিঞৰি চিঞৰি কান্দি দিব …….. !
……সেউজীয়া শেষ কৰি কাৰো উন্নতি সম্ভৱ নহয় —- মানুহখিনিয়ে কিয় নুবুজে ! কংক্ৰীটৰ মাজত জীৱনৰ নিৰ্মলতা নাথাকে ; কিয় নুবুজা হৈছে মানুহবোৰে……. !
……… সমীৰে এক বোবা যন্ত্ৰনাক হেঁচি ৰাখি ওলাই আহিল ঘৰৰপৰা । নদীখনৰ পাৰত বহি পৰিল সি ! পানীত নিজৰেই প্ৰতিবিম্বটোৱে তাক অট্টহাস্য কৰাৰ দৰে লাগিল ……
…… পাহৰিবলৈ চেষ্টা কৰা এখন মুখে তাক যেন আকৌ এবাৰ তাচ্ছিল্য কৰি হাহিঁ হাহিঁ কৈ উঠিল …..
” কি আছে গাঁৱত ! চোৱা , তোমাৰ সেউজীয়া সপোনবোৰ পুৰিবলৈ কংক্ৰীটৰ পৃথিৱীখনৰ এক চেকেন্ড মাথো সময় লাগিল । ক্ষমতা দেখিছা কংক্ৰীটৰ ? সকলো তচ্ নচ্ কৰি হলেও নিজৰ অস্তিত্ব বীৰদৰ্পে ঘোষনা কৰিব পাৰে ! সৃষ্টিক ভেঙুচালি কৰিব পৰা একমাত্ৰ হাথিয়াৰ এই কংক্ৰীটবোৰ । যাৰ কোনো আৱেগ অনুভূতি নাই তাৰ হে এই পৃথিৱী ! তোমাৰ দৰে অযথা শেলুৱৈৰ প্ৰেমত পৰা মানুহক কোনেও মূৰ দাঙি থিয় হবলৈ নিদিয়ে , মাটিতেই শেষ শেলুৱৈৰ জীৱন ……” !
……. এটা আৰ্তনাদ কৰি সি মাটিত বাগৰি পৰিল ….. !
….. ওপৰত সৌৱা জাক জাক শগুণ …… তাৰ মূৰৰ ওপৰত চক্ৰাকাৰে ঘূৰি ফুৰিছে ….. ছেগ বুজি সিঁহত এটা এটাকৈ ছোঁ ছোঁৱাই তললৈ নামি আহিছে….. নেফা নেফ কৰিছে তাৰ শৰীৰ ….. আজি শগুণে ভোজ পাতিছে ……
– সমাপ্ত –