শৈশৱ
গৌতম শৰ্মা
শৈশৱত বোটলা অজস্ৰ অভিজ্ঞতাই বহুসময়ত আমাক বহু নষ্টালজিক কৰি তোলে।
যিবোৰ অভিজ্ঞতাই আমাক শিকায় জীৱন গঢ়াৰ আদিপাঠ, যিয়ে যোগায় জীৱন যুঁজত অৱতীৰ্ণ হ’ব পৰাকৈ অদম্য শক্তি আৰু সাহস।
সঁচাই জীৱনটো হৈছে এখন বোৱতী নদীৰ দৰে, এই নদীৰ বোৱতী গতিয়ে যেনেদৰে নানান প্রতিকূলতা নেওচি ধাবিত হৈ আছে ঠিক সেইদৰেই আমিও জীৱনযাত্ৰাত আৰ্জিত নানান অভিজ্ঞতা আৰু জ্ঞানে জীৱনটোক প্ৰতিপল আগবঢ়াই লৈ গৈ আছোঁ।
সময় গতিশীল। লগতে ই যিমান মধুৰ সিমান নিষ্ঠুৰো। সময়েই আমাক যেনেদৰে সকলো দিয়ে ঠিক তেনেদৰে সময়েই আমাৰপৰা নিমিষতে কাঢ়ি লৈ যায় বহু সুন্দৰ আৰু আপুৰুগীয়া মুহূৰ্তসমূহক; মাথোঁ দি থৈ যায় কিছুমান সজীৱ স্মৃতিক। শৈশৱৰ নষ্টালজিয়া হৈছে গতিশীল সময়ে আপোনাৰ-মোৰ মানসপটত আঁকি যোৱা তেনে এক মধুৰ স্মৃতি।
শৈশৱ মানৱ জীৱনৰ এক সোণোৱালী অধ্যায়; শৈশৱ মানেই এখন নিৰ্ভেজাল আকাশৰ তলত এজাক তৰুণে মুক্তমনে কৰা আনন্দ-উল্লাস।
সঁচাই, জীৱনৰ বহু স্মৃতি বিজড়িত, বহু বিচিত্ৰ আটাইতকৈ মধুৰ সময়খিনিয়েই হৈছে আমাৰ শৈশৱৰ সময়খিনি। জন্ম হোৱাৰ দিন ধৰি বোধ আৰু স্মৃতিশক্তি অৰ্জনৰ সময়লৈকে আমি যি কাম কৰো সেয়া আমি মনত ৰাখিবলৈ অক্ষম। কিন্তু যেতিয়াৰ পৰা সেই বিশেষ শক্তিসমূহ গোটাই আনুষ্ঠানিক শিক্ষা আহৰণৰ বাবে আমি নিজকে প্ৰস্তুত কৰো তেতিয়াৰ পৰাই আমাৰ জীৱনযাত্ৰাৰ প্ৰকৃত কাৰ্যসূচীখনো শুভাৰম্ভ হয়।
অ, আ, ক, খ, আ কাৰ, ই কাৰ… ইত্যাদিবোৰ শিকাৰ ঠিক পাছতেই আমি নিজাববীয়াকৈ সন্ধান কৰো জ্ঞান অর্জনৰ ন-ন কৌশলসমূহ। যাৰ ফলত এইছোৱা সময়ৰ পৰাই বহুজনে নিজৰ পাঠ্যপুথিৰ লগতে পাঠ্যক্ৰমৰ বাহিৰৰ কেতবোৰ অন্যান্য কিতাপ, আলোচনী আদিবোৰ তেওঁলোকৰ অভিভাৱকসকলৰ জ্ঞাতে বা অজ্ঞাতে পঢ়িবলৈ লয়।
এইছোৱা সময়ত পঢ়া এনেবোৰ কিতাপেই একালত আমাৰ চৰিত্ৰ গঠনৰ লগতে জীৱনটো কি আৰু ইয়াক কেনেকৈ আগবঢ়াই নিব লাগে ইত্যাদি সম্পৰ্কে বহু কথা কয়। সেয়েহে শৈশৱত তথা জীৱনৰ এই প্ৰাথমিক অৱস্থাত আমি পঢ়া এই কিতাপসমূহেই যুগে-যুগে, চামে-চামে আমাৰ নতুন প্ৰজন্মৰ জীৱনৰ দিশ নিৰ্ণায়কৰ ভূমিকা পালন কৰি আহিছে।
যিবোৰ শিক্ষা কোনো এখন পাঠ্যপুথিৰ পৰা পোৱা জ্ঞানৰ উৰ্ধত বুলি ক’লেও হয়তো বঢ়াই কোৱা নহ’ব। কিয়নো পুথিগত শিক্ষাই আমাক বহুসময়ত নৈতিকতা আৰু জীৱন যুঁজত সঠিকভাৱে উত্তীৰ্ণ হোৱাৰ শিক্ষা প্ৰদান কৰাতো সততে ব্যৰ্থ হোৱাটো আমাৰ দৃষ্টিগোচৰ হৈ আহিছে।
আকৌ বহুসময়ত বহু শিশুৱে তেওঁৰ শৈশৱতে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হোৱা বহু সফল লোকৰ সান্নিধ্য পায়ো নিজকে তেওঁৰ দৰে সফলৰূপত গঢ়িবলৈ প্ৰয়াস কৰাটো আমি দেখিবলৈ পায় আহিছোঁ।
এটি শিশুৱে শৈশৱত যিখিনি শিকে সেইখিনিয়ে তাক জীৱনটো গঢ় দিয়াত প্ৰভূত সহায় কৰে। সেয়েহে শিশুটিয়ে এই সময়ত কি শিকিব তাক তাৰ অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী আৰু জ্যেষ্ঠসকলে ভালদৰে নিৰ্বাচন কৰি দিয়া উচিত। কিন্তু আজিৰ শিশুৱে শৈশৱত প্ৰকৃততে শিকিবলৈ পায় কি? পৰিৱৰ্তনৰ চাকনৈয়াত আজি শিশুৰ সম্পূৰ্ণ শৈশৱটোকেই হৰণ কৰা হৈছে।
প্ৰতিযোগিতাৰ দৌৰত দৌৰিবলৈ এদম-এদম কিতাপ দি তেওঁলোকৰ ইচ্ছা আৰু সপোনবোৰক কলিতে ধ্বংস কৰি পেলোৱা হৈছে। কিন্তু আমি পাহৰি যোৱাটো অনুচিত হ’ব যে যি শিশুৰ শৈশৱ নাই সেই শিশুৰ সু-ভবিষ্যতো নাই। কিয়নো আজিৰ আনুষ্ঠানিক শিক্ষাই ভৱিষ্যতে এটি শিশুক এগালমান নম্বৰ আৰু এটা চাকৰি পাবলৈহে শিকাব মানুহ হিচাপে মানুহৰ হৃদয়ৰ মৰম, আন্তৰিকতা, শ্ৰদ্ধা-স্নেহ পাবলৈ নিশিকায়।
প্ৰতিযোগিতাৰ দৌৰত আমি প্ৰতিটো শিশুকেই ভালদৰে দৌৰাবই লাগিব। কিন্তু এই দৌৰত তেওঁলোকক থিয় কৰোৱাৰ আগেয়ে কোন কিমান কোনটো কামৰ বাবে উপযুক্ত সেই কথাও আমি ভালদৰে বিবেচনা কৰা উচিত। যেনেকৈ পুখুৰীৰ মাছে সাগৰৰ বিশালতা কি নাজানে ঠিক তেনেকৈ ক্রিকেট বা ফুটবল খেলি ভালপোৱা ছাত্ৰজনক ডাক্তৰ বা ইঞ্জিনীয়াৰ হ’বলৈ জোৰ কৰিলে তেওঁ সেইখন জগতত সফল হ’ব নোৱাৰিবও পাৰে।
আমি প্ৰতিজন অভিভাৱকক অনুৰোধ কৰিছোঁ, আপোনাৰ সন্তানৰ সপোনক আপোনালোকৰ সপোনতকৈ বেছি গুৰুত্ব দিয়ক। প্ৰতিজনকে তেওঁলোকৰ শৈশৱক উভতাই দিয়ক। তেওঁলোকে কি কৰি ভালপায়, কি কৰিব বিচাৰে আৰু ভৱিষ্যতে কি হ’ব বিচাৰে তাক বেছি গুৰুত্ব দি তাৰ ওপৰত সঠিক আৰু শুদ্ধ শিক্ষা প্ৰদান কৰক।
তেতিয়া দেখিব প্ৰতিজনেই এজন সৎ আৰু সফল নাগৰিক হোৱাৰ লগতে পৰিৱৰ্তনৰ পৃথিৱীতো নিজকে খুব সুন্দৰকৈ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব।
(লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক। ফোন: ৯৯৫৪০ ০০২০০)
ReplyForward |