• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, March 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

“শ্বেৰণী”,”শ্বেৰ”, ” প্ৰাণী বিজ্ঞান বিভাগৰ শিক্ষকজন” আৰু আমি ভাবিবলগীয়া কথা!

প্ৰণামীকা বৰা

by Anjan Sarma
July 12, 2021
in Opinion, Real Stories, Special Report
Reading Time: 3 mins read
0
“শ্বেৰণী”,”শ্বেৰ”, ” প্ৰাণী বিজ্ঞান বিভাগৰ শিক্ষকজন” আৰু আমি ভাবিবলগীয়া কথা!
Share on FacebookShare on TwitterShare on LinkedIn

–প্ৰণামীকা বৰা |

সততে মুক্তি লাভ কৰা ভাৰতীয় বন সেৱাৰ বিষয়া কে এম আভাৰ্ণাৰ কৰ্মজীৱনৰ এক পৰিঘটনাক কেন্দ্র কৰি নিৰ্মিত “শ্বেৰণী” বোলছবিৰ “শ্বেৰ,T-12” এ কিছুমান কথা কৈ গ’ল।

RelatedPosts

Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026

বাঘ-মানুহৰ আক্রমণ, হাতী-মানুহৰ সংঘাত,জনবসতি অঞ্চলত বান্দৰৰ উপদ্রৱ ইত্যাদি আমি সততেই শুনিবলৈ পোৱা কিছু ঘটনা। “T-12″ৰ উদ্ধাৰ অভিযানৰ দৃশ্যাংশত যেতিয়া “T-12” এ বনাঞ্চলৰ দিশে কৰা গতি পৰ্যবেক্ষণ কৰি থকা হৈছিল ঠিক সেই সময়ত দেখা দিয়া সমস্যাটো আছিল বৃহৎ পৰিমাণৰ বনাঞ্চল ধ্বংস কৰি গঢ়ি তোলা কপাৰ খনি। তাৰ পূৰ্বে ব্যৱহৃত এক দৃশ্যাংশ, য’ত গাঁৱৰ মানুহৰ পোহনীয়া জীৱ-জন্তুৰ চৰণীয়া অঞ্চল হিচাপে ব্যৱহৃত বনাঞ্চলক বাণিজ্যিক ভাবে চেগুন উৎপাদনৰ বাবে ব্যৱহাৰ কৰাৰ স্বাৰ্থত সেই বনাঞ্চল ধ্বংস কৰি চেগুণ পুলি ৰোপণ কৰা হৈছিল। যাৰ বাবে গাঁৱৰ মানুহবোৰে পোহনীয়া জীৱ-জন্তুবোৰক নিবলগীয়া হৈছিল হাবিলৈ।

আৰু হাবিলৈ নিয়াৰ ফলতেই মূলত “T-12″ৰ আক্রমণৰ বলি হৈছিল গাঁৱৰ মানুহ তথা জীৱ-জন্তু।

সেই বোলছবিত মাত্ৰ এটা “T-12” ৰ কথা কোৱা হৈছে। একে ক’ত “T-11” , “T-12″ৰ ঘটনা সংঘটিত হৈ আছে কেৱল মাত্ৰ আমাৰ ভূলৰ বাবেই। “ৰেলৰ খুন্দাত হাতীৰ মৃত্যু” ৰ কিমান যে খবৰে শিৰোণাম দখল কৰে বাতৰি কাকতৰ!

এই বন্য জীৱ-জন্তু আৰু মানুহৰ মাজৰ সংঘাত দূৰ কৰাৰ একমাত্র উপায় বনাঞ্চলৰ সঠিক প্ৰকাৰৰ সংৰক্ষণ।

“তিনিচুকীয়াৰ তৰাণী সংৰক্ষিত বনাঞ্চলত পুনৰ বনদস্যুৰ দপদপনি”,” কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাংচিকাৰীয়ে কাটি নিলে গড়ৰ খৰ্গ “, ” অবৈধ কয়লা জব্দ”,

“দীপৰ বিল” লৈ পানী খাবলৈ পাৰ হোৱাৰ চেষ্টা কৰোতে ৰেলৰ খুন্দাত হাতীৰ মৃত্যু” ইত্যাদি সততে অসমৰ প্ৰেক্ষাপটত শিৰোণাম দখল কৰা বাতৰি।

ভাৰতত প্ৰায় ১৫,০০০ বিধ প্ৰজাতিৰ উউদ্ভিদ,৫০০ বিধপ্ৰজাতিৰ সৰীসৃপ; ২১,০০ বিধ প্ৰজাতিৰ চৰাই আৰু ৩০,০০০ বিধ প্ৰজাতিৰ পোক-পতংগৰ লগতে বহুসংখ্যক বন্যপ্রাণী আৰু সিহঁতৰ প্ৰজাতি পোৱা যায়। প্ৰায় ৪০ নিযুত জনজাতীয় লোকে আমাৰ দেশৰ বিভিন্ন বনাঞ্চলত বাস কৰে। এই লোকসলৰ জীৱন-ধাৰণ প্ৰণালী সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে বনাঞ্চলৰ ওপৰত। অসমৰ ক্ষেত্রতো এই বনাঞ্চলৰ সমীপৰ লোকসকল জীৱন-ধাৰণৰ বাবে বনাঞ্চলৰ ওপৰতেই নিৰ্ভৰশীল।

ISFR ২০১৯ ৰ এক ৰিপ’ৰ্টত প্ৰকাশ পোৱা মতে অসমৰ মুঠ মাটিকালিৰ ৩৬.১১% বনাঞ্চল।

প্ৰশ্ন হয় এই বনাঞ্চল সমূহ ৰক্ষা কৰিবলৈ আমি সক্ষম হৈছোনে? ১৯৭২-১৯৮২ চনলৈ পঞ্জাৱৰ বনাঞ্চল ১,২০০ বৰ্গ কি.মি. ৰ পৰা ৪৯০ বৰ্গ কি.মি. লৈ হ্ৰাস পোৱাৰ দৰেই হ্ৰাস পাব নেকি অসমৰ বনাঞ্চলৰ সংখ্যা? ঠিক যিদৰে হ্ৰাস পাইছে মাজুলীৰ মাটিকালি আৰু আমি ৰক্ষা কৰিবলৈ সঠিক ব্যবস্থা বৰ্তমানেও গ্ৰহণ কৰিব পৰা নাই?

আমাৰ মাজৰ কিমানজন উদ্ভিদ বিজ্ঞান আৰু প্ৰাণী বিজ্ঞানৰ ছাত্ৰ অথবা অধ্যাপকে “শ্বেৰণী” বোলছবিৰ প্ৰাণী বিজ্ঞানৰ শিক্ষক “হাছান নুৰাণী” ৰ দৰে আগবাঢ়ি আহিছো বনাঞ্চলৰ স্বাৰ্থত, “বিশ্ব পৰিৱেশ দিৱস” ৰ দিনটোৰ বাহিৰে অন্য দিনত সচেতনতা বৃদ্ধিৰ স্বাৰ্থত?

বনাঞ্চল সংৰক্ষণ কৰাৰ বাবে বনাঞ্চল ধ্বংসৰ মূল কাৰণসমূহ আমি বিশ্লেষণ কৰিব লাগিব।যেনে:-

ক) জনসংখ্যা বৃদ্ধি : বৰ্দ্ধিত জনসংখ্যাই বনাঞ্চল ধ্বংসৰ মূল কাৰণ বুলি ক’ব পৰা নাযায় যদিও ই যথেষ্ট প্ৰভাৱ পেলায়। ISFR2019 ৰ এক সমীক্ষাত উল্লেখ থকা মতে অসমতেই বছৰি ব্যৱহাৰ হোৱা খৰিৰ পৰিমাণ ১৪,১০,৯৭৫ টন। তদুপৰি উদ্যোগ স্থাপন,ফ’ৰলেন ব্যৱহাৰৰ বাবে কাটি পেলোৱা হৈছে বৃহৎ পৰিমাণৰ গছ-গছনি।

খ) ব্যৱসায়িক স্বাৰ্থত চোৰাংভাৱে গছ কটা। তৰাণি সংৰক্ষিত বনাঞ্চলত কিছু দিনৰ আগত এনে এক ঘটনাই শিৰোণাম দখল কৰিছিল।

গ) খনিজাত পদাৰ্থ আহৰণৰ বাবে বৃহৎ পৰিমাণৰ বনাঞ্চল ধ্বংস কৰা হয়।মধ্যপ্ৰদেশৰ মইকাল পৰ্বতমালা বক্সাইত উদ্ধাৰ কৰাৰ স্বাৰ্থত খান্দি পেলোৱা হৈছিল।

ঘ) বনাঞ্চলসমূহক কৃষিভূমিলৈ ৰূপান্তৰ কৰা।এনেকৈ ৰূপান্তৰিত কৰা কৃষিভূমিত আপেল আৰু চাহখেতি প্ৰচুৰ পৰিমাণে হয়। হিমালয়ৰ বহুতো বনাঞ্চল আপেল খেতিৰ কাৰণেই ধ্বংস কৰি পেলোৱা হৈছে। এই সন্দৰ্ভত চিপকো আন্দোলনৰ গুৰি ধৰোঁতা সুন্দৰলাল বহুগুণাই কৈছিল, ” আপেল খেতি আৰু আপেল পেক কৰা বাকচবোৰৰ কাৰণে গছ কটা, যধে-মধে চিৰপাইন গছৰপৰা ধূনা সংগ্রহ কৰা আৰু পাহাৰত মটৰ চলাব পৰা পথ নিৰ্মাণ কৰা -এই তিনিটা কথাই হিমালয়ৰ বনাঞ্চলবোৰ বহু পৰিমাণে শেষ কৰি পেলালে। বনাঞ্চল ধ্বংস হোৱাৰ কাৰণেই ভূমিস্খলন,বানপানী,আৰু বান্ধত পলস জমা হোৱাৰ দৰে ঘটনাবোৰ ঘটিছে।”

বনাঞ্চল ধ্বংসৰ পৰিণতি বৰ ভয়াবহ। আজি আমি প্ৰায়ে দেখিবলৈ পোৱা ভূমিস্খলন , বানপানীৰ সমস্যা বাঢ়ি যোৱা ইত্যাদি ঘটনাবোৰ ইয়াৰেই পৰিণাম। বনাঞ্চলৰ পৰিমাণ কমি যোৱাৰ বাবেই পাহাৰৰ মাজেদি বৈ অহা পানীৰ সোঁতৰ বেগ হ্ৰাস হ’ব নোৱাৰে যাৰ ফলত ভূমিস্খলন হোৱাৰ সম্ভাৱনা অধিক হৈ পৰিছে।

বনাঞ্চল ধ্বংসৰ ফলত পৰিৱেশতন্ত্রটো প্ৰভাৱ পৰিছে। বহু প্ৰজাতিৰ চৰাই আৰু জন্তু আজি লুপ্তপ্রায় পথত।

“ৰেড ডাটা বুক” ৰ তথ্য অনুযায়ী ১৩৯ বিধ প্ৰজাতিৰ চৰাই আৰু ১০৬ বিধ প্ৰজাতিৰ জন্ত মূলত বনাঞ্চল ধ্বংৰ বাবেই আজি বিলুপ্তপ্ৰায় অৱস্থাত।

বৰ্তমান ভাৰতত যি পৰিমাণৰ বনাঞ্চল ধ্বংস কৰা হৈছে তাৰ অধিকাংশই উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল । বনাঞ্চল ধ্বংসৰ ফলতেই জীৱ-জন্তুৱে খাদ্যৰ অভাৱত আৱাসিক অঞ্চলত বিচৰণ কৰিবলৈ বাধ্য হৈ পৰিছে। যাৰ ফলত সৃষ্টি হৈছে হাতী-মানুহৰ সংঘাত আদিৰ দৰে জনসাধাৰণ আৰু বন্য জন্তুৰ মাজত সংঘাতৰ সৃষ্টি হৈছে।

বনাঞ্চল ধ্বংসৰ তুলনামূলকভাৱে বৃক্ষ ৰোপণৰ প্ৰকল্প হাতত লোৱা দেখা নাযায়। অৰণ্য ধ্বংসৰ প্ৰসংগক লৈয়ে গাৰোৱাল অঞ্চলক ৰক্ষাৰ বাবে সুন্দৰলাল বহুগুণাই চিপকো আন্দোলনৰ সূচনা কৰিছিল। গছ-গছনিৰ সুৰক্ষাৰ বাবে ৰিচাৰ্ড বাৰ্বে বেকাৰ নামৰ লোকজনে জীৱনযোৰা প্ৰচেষ্টাৰে তেওঁৰ নেতৃত্বত ২৬ হাজাৰ কোটি গছপুলি ৰোপণ কৰিছিল। অসমৰ প্ৰেক্ষাপটলৈ যদি চোৱা যায়, যোৰহাটৰ প্ৰকৃতিপ্ৰেমী বিছনলাল আগৰৱালাই বহুখিনি গছ নিজ হাতেৰে ৰোপণ কৰিছিল। প্ৰকৃতিপ্ৰেমী যাদৱ পায়েঙে নিজ হাতে গঢ় দিয়া “মোলাই কাঠনি” ৰ দৰে উদাহৰণ দেখা পোৱা যায়। উল্লেখ্য যে “অৰণ্য মানৱ” খ্যাত যাদৱ পায়েঙক ১০ বছৰৰ বাবে অনুমতি পত্ৰ প্ৰদান কৰি ৮ লাখ হেক্টৰ মাটিত প্ৰায় ৭ মিলিয়ন বৃক্ষ ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিবৰ বাবে মেক্সিকোলৈ আমন্ত্রণ জনোৱা হৈছে য’ত ভাৰত চৰকাৰৰ পৰা ইমান বছৰে তেনে কোনো প্ৰকল্পৰ প্ৰস্তাৱ তেওঁলৈ নহাটো দূৰ্ভাগ্যজনক!

বহু পলমকৈ হ’লেও বৰ্তমান বহুলোক বৰ্তমান বনাঞ্চল ধ্বংসৰ প্ৰতি সচেতন হোৱা দেখা যায়। কিন্তু এই সচেতনতাৰ অধিক সংখ্যকেই পৰিৱেশ দিৱসৰ আশে-পাশেহে প্ৰকাশ পায়। পৰিৱেশ দিৱসৰ দিনটোতেই কেৱল মাত্ৰ বৃক্ষ ৰোপণ কৰি সচেতনতা প্ৰকাশ কৰা দেখা যায় য’ত নেকি পৰিৱেশৰ অন্যান্য উপাদানসমূহৰ প্ৰতি সচেতনতা প্ৰকাশ পোৱাৰ বিপৰীতে কেৱল বৃক্ষ ৰোপণ দিৱসলৈ পৰিৱেশ দিৱসক ৰূপান্তৰিত কৰাযেন অনুভৱ হয়।” বৃক্ষ ৰোপণ হওঁক, লগতে হওঁক প্ৰতিপালন আৰু সংৰক্ষণ!”তেনে হ’লেহে আমি বনাঞ্চলসমূহ ৰক্ষা কৰিবলৈ সক্ষম হোৱাৰ লগতে সৃষ্টি কৰিবলৈ সক্ষম হ’ব পাৰিম।

“শ্বেৰণী” বোলছবিখনত হাবিখনৰ দাঁতিকাষৰীয়া অঞ্চলৰ ছাত্ৰ-ছাত্ৰীবোৰে যিদৰে বুজি পাইছিল যে হাঁবিখন T-12 ৰ মূল আশ্ৰয় স্থল সেই কথা আমিও ভাবি পাব লাগিব

আমাৰ বনাঞ্চল সমূহ ধ্বংস কৰাৰ সময়ত।

 গিবন অভয়াৰণ্যৰ বনাঞ্চল ধ্বংসৰ ফলত হোৱা হাতী-মানুহৰ সংঘাত নতুন বিষয় নহয়! নতুন বিষয় নহয়, অসমৰ সীমান্তৱৰ্তী অঞ্চলত চোৰাং কাঠৰ বেহাৰ বিষয়ে শিৰোণাম দখল কৰা। বনাঞ্চলসমূহত হোৱা বেদখল, একেলগে ২২টাকৈ হাতীৰ মৃত্যু, দীপৰ বিলৰ মাছৰ মৃত্যু, টংলাৰ পৰা কাজিৰঙালৈ লৈ যোৱাৰ পথত বহু সংখ্যক বগলীৰ মৃত্যু ইত্যাদি খবৰবোৰ বাতৰিকাকততৰ কোনোবা চূকৰ শিৰোণাম হৈ ৰৈ গৈছে মাথো।

প্ৰকৃত কাৰণ কেতিয়াবা সন্দেহৰ আৱৰ্তত ৰৈ গৈছে আৰু কেতিয়াবা ব্যক্তিস্বাৰ্থত আওকাণ কৰা হৈছে পৰিৱেশৰ অন্যান্য জীৱকূলৰ কথা। মাছ মৰিছে মৰক, হাতী মৰিছে মৰক, বগলী মৰিছে মৰক! এতিয়াটো “ড° ভবেন্দ্ৰনাথ শইকীয়া”ৰ দৰে কোনোবাই লিখিলেও নুশুনে

     “গছ ভালপোৱা ককাৰ খং” ।

আমাৰ দ্বায়িত্ব কেৱল পৰিৱেশ দিৱসত সীমাবদ্ধ নহয়,বনাঞ্চল ৰক্ষাৰ স্বাৰ্থত প্ৰতিগৰাকী নাগৰিক, প্ৰতিগৰাকী বন বিষয়াই হ’ব লাগিব “গছ ভালপোৱা ককা”। কঠোৰ হ’ব লাগিব বন বিভাগ, বন বিষয়া প্ৰমুখ্যে বন সংৰক্ষকসকল। ” শ্বেৰণী” বোলছবিখনৰ প্ৰাণী বিজ্ঞান বিভাগৰ শিক্ষকজনৰ দৰেই প্ৰতিজন শিক্ষকৰ এইয়া দ্বায়িত্ব আৰু প্ৰচেষ্টা হ’ব লাগিব ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সমাজক বনাঞ্চল ৰক্ষাৰ স্বাৰ্থত সচেতন কৰা। ১৯৭২ চনৰ বন্যপ্ৰাণী( সংৰক্ষণ) আইন,

 ১৯৭৪ চনৰ বন (সংৰক্ষণ) আইন, ১৯৭৭ চনৰ পানী( প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্রণ) শুক্ল আইন,

 ১৯৮১ চনৰ বায়ু ( প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্রণ) আইন ,

১৯৮৬ চনৰ পৰিৱেশ ( সুৰক্ষা) আইন আৰু ১৯৯১ চনৰ “পাব্লিক লায়েবিলিটি” বীমা আইন আদি পৰিৱেশৰ লগত জড়িত আইনৰ বিষয়ে শ্ৰেণীত আলোচনা কৰাটোও বৰ্তমান অতি প্ৰয়োজনীয়।

ঘৰ বনোৱাৰ সময়ত ৰাখি ঠওক এজোপা ডাঙৰ গছ উঠিব পৰাকৈ যথেষ্ট পৰিমাণৰ মাটি। চৰাইৰ মাতত সাৰপাই আপোনাৰো মনে বাধা দিব গছ এজোপা কাটিবলৈ লোৱাৰ সময়ত।

আকৌ এবাৰ সুঁৱৰিলো:

 ” গছ ভালপোৱা ককাৰ খং”

ভাল পালো ৰঘুনাথ

তুমি মোক পুতেৰাৰ

বিয়ালৈ মাতিলা,

পিছে ৰভাখন দিবলৈকে

আমলখি গছজোপা

কিয়নো কাটিলা?

আলহী অতিথি যাব

ৰভা নাইকিয়া হ’ব

বোৱাৰীয়ে ঘৰখন

দিবহি পূৰাই,

পিছে কোৱাচোন ৰঘুনাথ

আমলখি গছজোপা

সহজতে

পাবানে ঘূৰাই?

দৰাটিক মাতাচোন

এজোলোকা আশীৰ্বাদ

দিও আৰু যাওঁ

গছজোপা কটা বাবে

লুচি- ভাজি,ৰসগোল্লা

একোকে নাখাওঁ।

      আমি সুঁৱৰি থাকিম এই কবিতা, বচাম আমাৰ বনাঞ্চলক আৰু উত্তৰ প্ৰজন্মৰ বাবে থৈ যাম এনে এখন অসম যাতে এনে শিৰোণাম কোনোদিন নাথাকে য’ত ২২টা হাতীয়ে, মাছবোৰ আৰু বগলীবোৰৰ লগত ন্যায় বিচাৰি প্ৰতিবাদ কৰে আৰু সিঁহতৰ চিঞৰ শুনিও নুশুনাৰ ভাও ৰজাঘৰীয়াই ধৰে। হাতী-মানুহৰ সংঘাতে শিৰোণাম দখল কৰিব নোৱাৰাকৈ আমি প্ৰত্যেকেই হ’ব লাগিব “গছ ভালপোৱা ককা”।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: "শ্বেৰশ্বেৰণী"
Anjan Sarma

Anjan Sarma

Related Posts

Musk
Tech

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

by Anjan Sarma
March 10, 2026
0

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!! অঞ্জন শৰ্মা আমেৰিকান চিনেমা পৰিচালক ৰিচাৰ্ড লেষ্টাৰে (Richard Lester) ১৯৭৯ চনত ‘কিউবা’ নামেৰে এখন চিনেমা...

Read moreDetails
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
New Humanism: seeds of the future in a dystopian present

New Humanism: seeds of the future in a dystopian present

March 5, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

March 10, 2026
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

March 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28373 shares
    Share 11349 Tweet 7093
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11354 shares
    Share 4542 Tweet 2839
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    119 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3521 shares
    Share 1408 Tweet 880
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    79 shares
    Share 32 Tweet 20
  • Hundreds of Food Paradoxes : One best solution

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d