-অনুবাদঃ অঞ্জন শৰ্মা |
(অজ্ঞতাৰ টোকাবহী)
[ অৱধূত সদগুৰু শ্ৰীত্ৰৈলঙ্গস্বামী মহাৰাজৰ পৰা প্ৰত্যক্ষভাৱে শুনি তেওঁৰ শিষ্য উমাচৰণ মুখোপাধ্যায়ে লিপিবদ্ধ কৰা ‘তত্ত্ববোধ’ৰ এক অসামান্য অধ্যায় ‘শ্মশান’ৰ কিঞ্চিৎ জিলিকণি]
শ্মশান
বিশ্ব-নাট্যৰ জিৰণিৰ স্থান শ্মশান। অভিমান, গৰ্ব, দুঃখ, শোক, তাপ, আধি, ব্যাধি, জ্বালা, যন্ত্ৰণা আদিৰ অৱসানৰ নিৰসন নিকেতন হ’ল শ্মশান। ধনী, দুখীয়া, দুঃখী, সুখী, ৰজা, প্ৰজা, দীন, ভিক্ষাৰী আদি সকলোৰে য’ত সমভাৱ, তাৰেই নাম শ্মশান। বিশ্ব এখন মহাশ্মশান, কাৰণ বিশ্বত অদাহ স্থান নাই; তেন্তে শ্মশানৰ নামত কিহৰ ইমান ভয়? পৃথিৱীৰ ক’ৰবাত যদি পৱিত্ৰ স্থান আছে, সেয়া হ’ল শ্মশান। যি পৱিত্ৰ ধামত পৱিত্ৰ মন সদানন্দে বিৰাজ কৰে, সেই স্থানৰ নাম শ্মশান।
এদিনাখন দেৱাদিদেৱ মহেশ্বৰে ক’লে, দেৱী! মই পৱিত্ৰ স্থান অন্বেষণ কৰি সমগ্ৰ পৃথিৱী বিচৰণ কৰি থাকো, কিন্তু শ্মশানতকৈ অইন কোনো পৱিত্ৰ স্থান থকা বুলি মোৰ জ্ঞান নহয়। সেয়ে শ্মশানতেই বাস কৰিবলৈ মোৰ অভিলাষ হৈছে। পৱিত্ৰ স্থান লাভাকাঙ্খী মহাত্মাসকলেও এনে পৰম পৱিত্ৰ শ্মশানতেই সৰ্বদাই বাস কৰে। যিসকলৰ মন পৱিত্ৰ, পৱিত্ৰধাম শ্মশানতেই তেওঁলোকে আনন্দ অনুভৱ কৰে। শ্মশানত ক্ৰোধ নাই, মাৎসৰ্য নাই, কাম নাই, ভয় নাই, লোভ নাই, ক্ষয় নাই, হিংসা নাই, কুটিলতা নাই, অসূয়া নাই, নাই অশুচি; সেইকাৰণে শ্মশানত মহাপুৰুষসকলে মহানন্দে অধিষ্ঠান কৰি থাকে।
জীৱৰ মহাবিশ্ৰাম স্থান, চিৰ শান্তিধাম হ’ল এই মহাশ্মশান। পিছে, এইহেন মহাশ্মশানত, মহাশয্যাত, মহাশয়নত, তিনিজন মহাশয়ে এই ঘোৰ অন্ধকাৰত, ইমান নিৰ্জনতাত, কিহৰ যুক্তি-বিচাৰ কৰি আছে? এজন মহাপুৰুষৰ কাষত এজন বালক দন্ডায়মান, বালকজনে কৈছে – পিতা! আহা; মহাপুৰুষৰ কোলাত এজনী বালিকা শুই আছে, নিদ্ৰিত, মাজে মাজে জিকাৰ্ খাই উঠিছে আৰু কৈছে – পিতা! ব’লা, আৰু যন্ত্ৰণা সহ্য নহয়! মহাপুৰুষে কৈছে – পুত্ৰী! এতিয়াও নিশাৰ অৱসান হোৱা নাই, চাৰিওফালে গাঢ় নিস্তব্ধতা, ঘোৰ অন্ধকাৰ, মই এই নিশা তোমাক লৈ ক’লৈ যাম? মই তোমালোকৰ দৰে সৰু ল’ৰা-ছোৱালীৰ কথামতেই যাম নেকি? যেতিয়া মোৰ ইচ্ছা হ’ব, যাবৰ উপযুক্ত সময় হোৱা বুলি বোধ হ’ব, তেতিয়াহে তোমাৰ সৈতে যাম । তোমাৰ যদি অত্যন্ত যন্ত্ৰণা হৈছে, চাওঁ, মই তোমাৰ শৰীৰত হাত ফুৰাই দিওঁ। মহাপুৰুষজনাই ছোৱালীজনীৰ শৰীৰত হাত ফুৰাই দিলে, ছোৱালীজনী পুনঃ নিদ্ৰিত হ’ল। কিন্তু কিছুপৰ পিছতেই বালিকাজনীয়ে পুনঃ জিকাৰ খাই উঠিল, আৰু ক’লে – পিতা! আৰু সহ্য নহয় এনে তীব্ৰ যন্ত্ৰণা, এতিয়া ব’লা, এই শয্যাখন মোৰ পক্ষে অতি যন্ত্ৰণাদায়ক, পিতা! তুমি প্ৰফুল্ল বদনে কিদৰে শুই আছা? যদিহে তুমি নোযোৱা, তেনেহ’লে মই তোমাক ইয়াতে পেলাই থৈ গুচি যাম, মই অধিকপৰ এনে যন্ত্ৰণা সহ্য কৰিব নোৱাৰো, তুমি কিদৰে সহ্য কৰিছা? পিতা! তুমি মোৰ কথা শুনা পাইছানে বাৰু? তুমি কি ভাবি আছা?
বালিকাই ঠিকেই কৈছে, মহাপুৰুষজনাই কি বা ভাবি আছে, মহাপুৰুষজনাক দেখিলে বোধ হয়, কি যেন এক মহাচিন্তাত নিমগ্ন, যেন কন্যাদায়গ্ৰস্ত পিতৃ! মহাপুৰুষে এইবাৰ হাঁহি হাঁহি ক’লে, তোমাৰ বিবাহৰ বিষয়ে ভাবি আছো, কাৰ লগত তোমাক বিয়া দিওঁ! তোমাক বিয়া কৰাবলৈ কোনো ৰাজী নহয়, তুমি যে অতি দুৰন্ত বালিকা! তোমাৰ নামত বিশ্ব ত্ৰাসিত, জীৱ মাত্ৰেই চিন্তিত, সুৰাসুৰ-নাগলোক কম্পিত, সেয়ে ভাবিছো, তোমাক কোনে নো বিয়া কৰাব? তোমাৰ বিয়াৰ চিন্তা কৰি কৰিয়েই মই বৰ বিপদত পৰিছো আই, তোমাৰ ওচৰলৈ স্বেচ্ছাৰে কোনো নাহে, তোমাৰ গণ হ’ল ৰাক্ষসগণ, সেইকাৰণে পাত্ৰ যোগাৰ কৰাও কঠিন, যাৰ সৈতে তোমাৰ বিবাহ ঠিক কৰিম- তেওঁকেই তুমি ভক্ষণ কৰিবা, গতিকে বিবাহ দিয়া আৰু নিদিয়া সমান তথা বৃথা; যিক্ষেত্ৰত বিবাহ দিলে বৈধব্যযন্ত্ৰণা ভোগ কৰাটো নিশ্চিত, তেনেস্থলত জানি-বুজি কিদৰে বিবাহ দিওঁ! বালিকাৰ বাবে মহাপুৰুষজনাই ত্ৰিভুৱন সন্ধান কৰিও ক’তো যেন পাত্ৰ বিচাৰি পোৱা নাই! অগত্যা কাষত দন্ডায়মান সেই বালকজনৰ সৈতেই বিয়া দিলে। উপযুক্ত পাত্ৰক উপযুক্ত পাত্ৰী সম্প্ৰদান কৰা হ’ল। বালক স্থিৰযৌৱন, মৃত্যুৰহিত, গতিকে বালিকাই বৈধব্যযন্ত্ৰণা ভোগ কৰিবলগীয়া নহব। মহাপুৰুষজনাই সমগ্ৰ ত্ৰিভুৱনক নিমন্ত্ৰণ কৰিছিল। মহা আড়ম্বৰ – ধুম-ধাম কৰি বিয়াখন পাতিম বুলি ভাবিছিল, দুঃখৰ বিষয়, নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ কোনো নাহিল। মনুষ্য, দেৱাসুৰ, যক্ষ-ৰক্ষ, স্বৰ্গ, মৰ্ত্ত্য, পাতালৰ পৰা কোনো বৰযাত্ৰী হ’বলৈ বা কইনাপক্ষ হ’বলৈ নাহিল। হৰিহৰ – বিৰিঞ্চি নামতেই ত্ৰাসিত, বাজনা নো বজাব কোনে? লক্ষ্মী, সৰস্বতী, সাৱিত্ৰী, দুৰ্গা ভয়ত কম্পিত, তেনেস্থলত উলুধ্বনি দিব কোনে? কোনো এগৰাকী দেৱকন্যাও ভয়তে ঘৰৰ পৰা বাহিৰ নহ’ল, শংখ নো বজাব কোনে? হে পাঠক! এই বিবাহখনলৈ কোনো নাহিল, তোমালোক বৰযাত্ৰী হৈ আহিবলৈ ৰাজী নে? কিন্তু সাৱধান, কইনাক দেখাৰ লগে লগেই তোমালোকৰো চকু অমৰাৰ দৰে হৈ পৰিব পাৰে, চাবা, কোনোৱেই ইয়ালৈ অহাৰ পিছত ঘৰলৈ উভতি যাব নোৱাৰিবা, গতিকে মই যেন গালি-শপনিৰ ভাগ নাপাওঁ! সৰস্বতী, সাৱিত্ৰী, লক্ষ্মী আদি দেৱীয়েও এই বিবাহবাহৰলৈ আহি বিয়া উপভোগ কৰি জাগি থাকিবলৈ কোনোৱেই নাহিল। অসমৰো মা লক্ষ্মীসকল! এই বিবাহ বাহৰলৈ আহি জাগি থাকি বিয়া উপভোগ কৰিবলৈ কোনোবা সাজু আছা নেকি, মা? কিন্তু সকলোৱে মনত ৰাখিবা, এতিয়া বিবাহলৈ নাহিলা যদিও এদিন নহয় এদিন এই বাহৰলৈ আহিব লাগিবই, জাগিব লাগিবই! মা! কোনোৱেই তোমালোকক অৱৰুদ্ধ কৰি ৰাখিব নোৱাৰিব। যাক ইমান ভয় কৰা, মান্য বুলি ধাৰণা কৰা, যিমান আদব-কায়দাৰ মাজত নাথাকা কিয়, যিমান আধিপত্য নাথাকক কিয়, যিমান ধৰণৰ বেশ-ভূষাৰে সজ্জিত হৈ দিন অতিবাহিত নকৰা কিয়, এদিন, তোমাৰ ভোগ-সুখ-বৈভৱ সকলো এৰি দীনহীন বেশেৰে এই বাহৰলৈ জাগিবলৈ আহিবই লাগিব।
হে প্ৰিয় পাঠক মহাশয়! এই মহাপুৰুষজনা কোন, যিজনাই এই মহাশ্মশানত প্ৰফুল্ল মনেৰে বিবাহকাৰ্য্য সমাধান কৰিছে? আৰু সেই বালক-বালিকা দুজনেই বা কোন, চিনিব পাৰিছেনে বাৰু? এই মহাপুৰুষ হ’ল আত্মা, সন্মুখত দন্ডায়মান বালকজন হ’ল কাল, কোলাত শুই থকা বালিকা হ’ল মৃত্যু। নিতৌ বাল্য, যৌৱন আৰু বাৰ্দ্ধক্য যিয়ে ভোগ কৰি আছে, সেয়াই হ’ল কাল আৰু মৃত্যু; গতিকে বালক-বালিকা বুলি ক’ব পাৰি। পুত্ৰ-কন্যা যিদৰে পিতৃ-মাতৃৰ আজ্ঞাধীন আৰু বশীভূত, এই বালক-বালিকা বা কাল আৰু মৃত্যু আত্মাৰ আজ্ঞাধীন তথা বশীভূত। বিশ্বত এনে কোনো প্ৰাণী নাই, যি মহাকাল আৰু মহামৃত্যুক বশীভূত কৰিব পাৰে। যি কাল আৰু মৃত্যুই সকলোকে চুলিত টানি বলপূৰ্বক লৈ যায়, তেওঁলোক আজি আত্মাৰ আজ্ঞাবহ। কাল আৰু মৃত্যুই কৈছে, ব’লা যাওঁ, আত্মাই কৈছে- এতিয়া নাযাওঁ, মোৰ যেতিয়াই ইচ্ছা হ’ব, তেতিয়াহে যাম। সমগ্ৰ ব্ৰহ্মান্ডত কোনে নো মৃত্যুক এইদৰে ক’ব পাৰিছে যে – মই আজি নাযাওঁ, কালি যাম, বা যেতিয়া ইচ্ছা হয় তেতিয়া যাম; আৰু মৃত্যুৱেই বা কাৰ কথা শুনি অপেক্ষা কৰি ৰৈ আছে! কালান্তক মৃত্যু বিষদাঁত ভঙা সাপৰ দৰে শান্ত হৈ আত্মাৰ বা পৰমাত্মাৰ আজ্ঞা প্ৰতীক্ষা কৰি আছে, আত্মাৰ ইচ্ছানুসৰি আজ্ঞা শিৰোধাৰ্য কৰি আছে, আজ্ঞা প্ৰতিপালন কৰি আছে!
হে পাঠক! কাল আৰু মৃত্যুই কৰযোৰে ভীষ্মদেৱৰ প্ৰতীক্ষাত ৰৈ আছে। মৃত্যুই যি শয্যাত মৃত্যুযন্ত্ৰণা ভোগ কৰি আছে, সেই শৰশয্যাত ভীষ্মদেৱে মৃত্যুক কোলাত লৈ মহানন্দে মহাশয়নত উত্তৰায়ণৰ প্ৰতীক্ষা কৰি আছে। সেই মহাবীৰ, সেই মহাপুৰুষ ধন্য। মৃত্যুই হে বৰং যন্ত্ৰণা ভোগ কৰি আছে, ভীষ্মদেৱ কিন্তু প্ৰফুল্ল মনেৰে মহানন্দে আছে। মৃত্যুই কৈছে, পিতা! যদি তুমি মোৰ লগত নোযোৱা, তেন্তে মই যাওঁ! এনে মহাপুৰুষ কোন আছে, যাক মৃত্যুৱে দায়বদ্ধ কৰি ত্যাগ কৰি গুচি যাবলৈ ওলাইছে? পক্ষান্তৰত তেওঁ হে কৰুণাবশতঃ মৃত্যুক এৰি দিবলৈ বিচৰা নাছিল আৰু মৃত্যুৰ আব্দাৰ ৰক্ষা কৰিবলৈ ইচ্ছুক হৈছিল তথা মৃত্যুৰ শৰীৰত হাত ফুৰাই কৈছিল, বাচা, এতিয়াও দক্ষিণায়ন-নিশা অৱসান হোৱা নাই। নিশাৰ অৱসান হ’লে , উত্তৰায়ন-দিনটোৰ আগমণ হ’লেই মই তোমাৰ সৈতে যাত্ৰা কৰিম। মৃত্যু কন্যা নতশিৰ, ভীষ্মদেৱৰ ইচ্ছাৰ বিৰুদ্ধে একো কৰিব নোৱাৰিলে, কৰাৰ সাধ্যও নাই। এইবাবেই মহাপুৰুষ আৰু আত্মাৰ প্ৰভেদ নাই; তেওঁলোকৰ মৃত্যুও ইচ্ছামৃত্যু, তেওঁলোক কালজয়ী, গতিকে কাল তেওঁলোকৰ ওচৰত বশীভূত আজ্ঞাধীন, সেয়ে পুত্ৰসম। পুত্ৰ যাৰ কাল, মৃত্যু যাৰ কন্যা, তেৱেঁই কালজয়ী মহাপুৰুষ।
জগতত সেইজন যোগীবৰেই ধন্য, যিজনে এই সংসাৰৰ ছায়াঁবাজী পাহৰি চিৰকাল শ্মশানত বাস কৰে আৰু সেই স্থানত বহি একমনে যোগাভ্যাস কৰি নিশ্চিতভাৱে ভগৱানক লাভ কৰিবলৈ সক্ষম হয়। এয়াই সেই শ্মশান, য’ত যোগীৰ প্ৰধান মহাদেৱ বহি যোগ কৰিছিল। প্ৰকৃতিৰ লীলাভূমি ৰজত-কৈলাস যাৰ সুখৰ নিৱাস, তেওঁ এই শ্মশানক প্ৰাণতকৈও প্ৰিয়তম বুলি জ্ঞান কৰে। প্ৰাণ খুলি বিশ্ব সংসাৰ পাহৰি তেওঁ যিদৰে ভাবিছিল, যদি আমি সেই ভাবনা হৃদয়াঙ্গম কৰিব পাৰিলোহেতেন, তেনেহলে আমিও এই শ্মশান ত্যাগ কৰি এনে অনিত্য সংসাৰত মজি থাকিব নোৱাৰিলোহেতেন। ইয়াত সাম্য-বৈষম্যৰ তাৰতম্য নাই; সৰু-ডাঙৰ বাচ-বিচাৰ নাই, ইয়াত স্বাৰ্থপৰতা নাই, ইয়াত পৰনিন্দা নাই, ইয়াত বিদ্বান-নিৰ্বোধ অভিন্ন হৃদয়; যিদৰে নানা দিশৰ পৰা নদীবোৰ বৈ বৈ অৱশেষত সাগৰত মিলি এক হৈ যায়, সেইদৰে নানা দেশৰ নানা লোক, নানা জাতি আহি এই পূণ্যভূমি শ্মশানত সমবেত হয়।
শ্মশান পৰম পৱিত্ৰ আৰু পৰম যোগৰ স্থান; ইয়াত পাপী বা পূণ্যবান, মূৰ্খ বা বিদ্বান, সকলোৱে সমভাৱে সৰল হৃদয়েৰে একেলগে শয়ন কৰিব লাগে। ইয়াত অন্ধ, খঞ্জ, বধিৰ, গলি থকা কুষ্ঠৰোগী, ৰূপত কন্দৰ্প, ৰজা, প্ৰজা, ভিক্ষাৰী সকলোৱে একে শয্যাত শয়ন কৰিব লাগে, ইয়াত কোনোকালে নাই জাতিভেদ। ব্ৰাহ্মণ আৰু চন্ডাল, সবল আৰু দুৰ্বল, দাতা আৰু কৃপণ – সকলোৱে মনৰ সুখত একে শয্যাত শয়ন কৰে। ৰজা, মহাৰজা, জমিদাৰ আদিয়ে কোমল পুষ্পশয্যা বা দুগ্ধফেনসদৃশ শয্যা পৰিত্যাগ কৰি ইয়াত একে শয্যাত শয়ন কৰি মহাসুখে চিৰকাললৈ নিদ্ৰিত হয়। এই স্থানত সতী নাই, অসতী নাই, বন্ধ্যা নাই, পুত্ৰৱতী নাই, পতি-পুত্ৰহীনা নাই, সকলোৰেই তুল্য গতি। ইয়াত নিদ্ৰিত হ’লে জন্মৰ শোক-ৰোগ আতৰি যায়, চিৰ দুঃখৰ অৱসান হৈ চিৰসুখ ভোগ হয়।
ইয়ালৈ আহিলে প্ৰাণায়াম সিদ্ধ হয়, ইয়ালৈ আহিলে বিনা বায়ুৰোধে কুম্ভকৰ উদয় হয়, ইয়ালৈ আহিলে শ্বাস-প্ৰশ্বাসৰ ক্ৰিয়া চিৰকাললৈ লয় হৈ সকলোৰে প্ৰাণে চিৰসমাধিৰ সুখ অনুভৱ কৰে আৰু চিৰকালৰ বাবে সমস্ত জ্বালাযন্ত্ৰণা পাহৰি চিৰদিনৰ সুখ-শান্তি উপভোগ কৰে। শান্তি! শান্তি! শান্তি!