শ্ৰমিক
(মে’ দিৱসৰ গান)
গৌতম শৰ্মা

শত-সহস্ৰজনৰ
মুক্তি-মংগলৰ হেতু আৰম্ভ
তোমাৰ এই বৈপ্লৱিক যাত্ৰা
দুহাত মেলি উৰুৱাব খুজিছা
এযোৰ শান্তিৰ চৰাই
তোমাৰ খোজত পৰিস্ফুট
দিগ্বিজয়ৰ নিচান
সংগ্ৰামী কণ্ঠত নিনাদিত
সাম্য, মৈত্ৰী আৰু স্বাধীনতাৰ গান
যোৱা যোৱা
সাহসেৰে আগুৱাই যোৱা
শোষক-নিষ্পেষকৰ কণ্ঠ ৰোধী
লিখি যোৱা বিজয়ৰ ইতিহাস।

01-05-2023
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)