শ্ৰমৰ মৰ্য্যদা আৰু অসমীয়া যুৱকৰ মৃত্যু
ঝৰ্ণা শৰ্মা দেৱচৌধুৰী
১)
ঘৰুৱা সহায়কাৰী হিচাপে বহুদিন ধৰি আমাৰ ঘৰলৈ এগৰাকী বিহাৰী সম্প্ৰদায়ৰ মহিলাৰ অহা যোৱা আছিল। তেওঁৰ মানুহজন আছিল ঘোৰ মদপী।কামলৈ আহি প্ৰায়েই ৰাতি মদ খাই গিৰিয়েকে তাইক কিমান পিটিলে সেইখিনি বখানিবলৈ মানুহ গৰাকীয়ে আধাঘণ্টামান সময় লয়। সপ্তাহত তিনিদিনমান তেনেকুৱা কাহিনী একোটা মন ন’গলেও মই শুনিব লগাত পৰো।তাইৰ বোলে বিহাৰৰ কোনোবা এখন গাওঁত মাটি বাৰীও আছে। তাকে শুনি মই বোলো বিহাৰলৈ গুচি গলেই দেখোন তুমি নিজৰ ঘৰত থাকি নিজৰ পথাৰত খেতি কৰি সুন্দৰকৈ চলিব পাৰা।

মোৰ কথাত হুমুনিয়াহ কাঢ়ি তাই উত্তৰত ক’লে যে তাহাতৰ ফালে হেনো মহিলাই পথাৰত কাম কৰাতো লজ্জাজনক কথা। তাতে তাইৰ গিৰিয়েক মদপী হোৱাৰ বাবে সিও যে পথাৰত কাম কৰি ঘৰখন পুহিব পাৰিব সেয়া তাই আশা কৰিব নোৱাৰে। অসমত থাকি মানুহৰ ঘৰে ঘৰে কাম কৰি পোৱা টকাৰে তাই অন্তত ল’ৰা ছোৱালী হালৰ সৈতে নিজেও দুবেলা দুমুঠি খাই থাকিব পাৰিছে।আকৌ গাঁৱত হেনো আনৰ ঘৰত কাম কৰিবলৈ গ’লে মানুহে হাঁহিব,তাইৰ সন্মান লাঘৱ হ’ব। অৰ্থাৎ যি তি কাম কৰাৰ লাজত ভোকত নাখাই মৰিবলৈয়ো মানুহ ৰাজী হয়, অথচ কামৰ নামত সন্মান লাঘৱ হোৱাতো নিবিচাৰে। তাইৰ বাবে তাইৰ জন্মভূমি বিহাৰতকৈ অসমত কাম কৰি চলাতো অধিক সুবিধাজনক আৰু সন্মানজনকো।
২)
এৰা, আমাৰ সমাজ ব্যৱস্থাটোৱেই এনেকুৱা,য’ত কামৰ শ্ৰেণী বিভাজন আছে, কিন্তু টকাৰ নাই। কৰিব খুজিও কিছুমান কাম সমাজৰ ভয়ত বা আনে কি ক’ব সেই চিন্তা কৰিয়েই নকৰি হাত সাৱটি বহি থাকিব লগা হয়। আজিকালি চাৰিওফালে অগণন স্কুল কলেজ হৈছে। পঢ়ি শুনি মানুহ শিক্ষিতও হৈছে। অথচ কিবা অজ্ঞাত কাৰণবশত আজিও আমি কৰ্মক সন্মান কৰিবলৈ শিকা নাই। যাৰ ফলত নিবনুৱা হৈ বহি থাকিলেও কিছুমান কামৰ প্ৰতি মানুহে চৰম অনীহা প্ৰকাশ কৰে।কৰ্মৰ শ্ৰেণীবিভাজনে সমাজৰ উত্তৰণত কেনেদৰে বাধাৰ সৃষ্টি কৰি আহিছে সেয়া আশে পাশে নজৰ কৰিলেই দেখিবলৈ পোৱা যায়। অতি ভয়ানক কথা।
৩)
তিনিআলি,চাৰিআলিবোৰত কিছুবছৰ আগলৈকে একোখন কেৰমক কেন্দ্ৰ কৰি ডাঙৰ গছ একোজোপাৰ তলত ডেকা ল’ৰাৰ এখন ঘূৰণীয়া মেল বহিছিল। বাটেৰে যোৱা মানুহে সেই ল’ৰাবোৰক উদ্দেশ্যি মুখৰ ভিতৰতে ভোৰভোৰাই গালি পাৰি গৈছিল। এই গালি পাৰি পাৰ হৈ যোৱা প্ৰজন্মটোৱে আচলতে সেইসময়ত চাকৰিও কৰিছিল, সমানে সমানে খেতি খোলাও কৰিছিল। ঘৰৰ গোঁহালি, বাৰীৰ পাচলি, পুখুৰীৰ মাছ, হাঁহ পাৰৰ গৰাল চম্ভালাৰ পৰা আদি কৰি আজৰি সময়ত বাৰীৰ বন চিকোনোৱালৈকে সকলোবোৰ কামেই কৰিছিল। তেওঁলোকে নকৰা কাম একো নাছিল। কৰি ভাল পাইছিল আৰু সেয়া সময়ৰ সদ ব্যৱহাৰ আৰু নিজৰ কৰ্তব্য বুলিয়েই ভাবিছিল। গাঁও বাদ দি যদি চহৰৰ কথা কওঁ তাতো মানুহে সুবিধা অনুসৰি কাম কৰিছিল, কাম কৰিবলৈ লাজ কৰা নাছিল।
কিন্তু সময় সদায় একে নাথাকে। মানুহৰ বিচাৰ ধাৰাও সময়ৰ লগে লগে পৰিৱৰ্ত্তন হয়। আজি কালি গছৰ তলৰ কেৰমখন নাইকিয়া হ’ল। তাৰ ঠাইত ডেকাবোৰৰ হাতে হাতে মোবাইল ফোন উপলব্ধ হ’ল। চাৰিআলিলৈ ওলাই নাহি ঘৰতে আঙুলিৰ টিপাত লুডু, কেৰম বা তাতোতকৈয়ো উপভোগ্য গেম খেলাৰ সুবিধা হ’ল। এতিয়াও এটা প্ৰজন্মই হাতত মোবাইল ফোন লৈ সময় অতিবাহিত কৰা ল’ৰাহতক ধমকি দিয়ে।ইহঁতৰ কি হ’ব বুলি চিন্তাত মূৰে কপালে হাত দি বহে।
নতুন প্ৰজন্মক লৈ পুৰণি চামৰ চিন্তা আৰু উদ্বেগ আচলতে এক স্বাভাৱিক ধাৰা। নিজা সিঁচা ফচল যাতে বতৰে নষ্ট কৰিব নোৱাৰে তাৰ বাবে ব্যগ্ৰ হৈ পৰাতো খেতিয়কৰ স্বভাৱ। তথাপি খেতিয়কৰ হাজাৰ চেষ্টাৰ পিছতো প্ৰতিটো ঋতুত সকলো খেতি সমানে ফলৱান নহয়।কেতিয়াবা খেতিয়কে নিজে ভুল কৰে,কেতিয়াবা বতৰক বাধা দিয়া অসম্ভৱ হৈ পৰে। কেতিয়াবা অভৱনীয়ভাৱে পোক পৰুৱাৰ উপদ্ৰৱ বাঢ়ে, কেতিয়াবা অকৌ বীজতে বেমাৰ ওলায়। তথাপি খেতিয়কে প্রেমেৰে সিঁচা প্ৰতিটো বীজক সমান মৰমেৰে উপচাই পেলায়।

সেই সময় আৰু এইসময়ৰ মাজত পিছে আৰু এটা পাৰ্থক্য আছে। কাম নকৰি কেৰম খেলি সময় কটোৱা ল’ৰাবোৰে লাজ কৰি কাম নকৰাকৈ থকা নাছিল। তেওঁলোকৰ কিছু সংখ্যক হয়তো এলেহুৱা আছিল,কিছুৰ হয়তো কাম নকৰিলেও ঘৰত অভাৱ হোৱা নাছিল বা কৰোৱাৰ হয়তো গাত কথা লগা নাছিল।
কিন্তু কাম কৰোঁ বুলি ভাবিলেই তেওঁলোকে কৰিব পৰাকৈ কামৰ অভাৱ নাছিল। পঢ়ি শুনি চাকৰি কৰাৰ উপৰিও কোনোৱে যদি দোকান এখন খুলিছিল, কোনোৱে খেতি কৰিছিল।কোনোৱে হাঁহ পাৰ পুহিছিল, কোনোৱে আকৌ বেপাৰ বাণিজ্যত লাগিছিল।মুঠতে যোগ্যতা অনুসৰি সকলোৱে নিজৰ নিজৰ কামত যোগদান দিছিল। তাৰবাবে কোনো হাঁহিয়াতৰ পাত্ৰ নহৈছিল।
পিছে আজি কালি কোনো এটা কাম কৰাৰ আগতে ডেকাহতে মানুহে কি ক’ব ভাবিব লগা হয়। তেন যি কোনো কাম কৰিবলৈ ল”লে বিয়া কৰাবলৈ ছোৱালী পাব নে নাই তাকো ভাবিব লগা হয়।সমাজত উচিত সন্মান পাব নে নাই সেই চিন্তায়ো খুলি খায়। গতিকে বহুসময়ত কাম বন নকৰি দামী ফোন এটা হাতত লৈ টিপি থাকিলেই সন্মান ৰয় যেন অনুভৱ হয়।
৪)
উন্নতমানৰ যোগাযোগ ব্যৱস্থা আৰু ক্ৰমবৰ্ধমান ডিজিটেল সা সুবিধাৰ ফলত সমগ্ৰ পৃথিৱীখন বৰ্তমান এখন গোলকীয় গাওঁলৈ ৰূপান্তৰিত হৈছে। গাৱঁৰ চাৰিআলিটোলৈ ওলাই নোযোৱাকৈয়ে এতিয়া আমি পৃথিৱীৰ খবৰ ড্ৰয়িংৰুমৰ চোফাত বহি মিনিটতে পাই যাওঁ।দেশী বিদেশী সুস্বাদু খাদ্যৰ জুতি নিজৰ পাকঘৰতে অনায়াসে তৈয়াৰ কৰি উপভোগ কৰিব পাৰো। পিন্ধিবলৈ মন গ’লেই নিজৰ ঠাইত নোপোৱা ফেশ্যনৰ কানি কাপোৰ অনলাইনত মগাই নিজকে সজাই পৰাই ল’ব পাৰো।

আমদানি ৰপ্তানি ব্যৱসায়ৰ সফল ৰূপায়নৰ ফলত বিদেশী চকলেট, মিঠাই আদিকে ধৰি চ’কৰ দোকানখনতে সকলোবোৰ উপলব্ধ হ’ল। মুঠতে আজি কালি মন কৰিলেই চন। লাহ বিলাসেৰে পৰিপূৰ্ণ ইমানবোৰ বস্তু উপভোগ কৰিবলৈ হাতত লাগে মাথোঁ টকা। টকা নাথাকিলে সকলো উপভোগ্য সামগ্ৰী হোটেলৰ আইনাৰ বাকচত ভৰাই থোৱা মিঠাইৰ দৰে। যাক মাথোঁ চাব পাৰি কিন্তু খাব নোৱাৰি।
লাহ বিলাসৰ সমগ্ৰীক যদি বাদো দিয়া হয় ,জীয়াই থাকিবলৈ দৰকাৰ হোৱা ন্যূনতম সা সুবিধাসমূহ আহৰণ কৰিবলৈকে প্ৰয়োজন হয় কেইবাটাও শূন্যযুক্ত এক গাণিতিক সমাধান। পিছ সেই টকা আহিব কৰ পৰা? উপাৰ্জনক্ষম ডেকা গাভৰুবোৰে কথাবোৰ ভাবি ভাবি বিতুষ্ট হয়।
৫)
নথকা বস্তুৰ প্ৰতি মানুহৰ হেঁপাহ অধিক।কমকৈ টকা থকা মানুহ অহৰহ টকাৰ পিছত দৌৰে।টকাৰে সকলো সুখ কিনি লব পাৰিম বুলি ভৱা মানুহে আকৌ সুস্বাস্থ্যৰ বিনিময়ত কষ্টৰে আহৰণ কৰা টকাক হেলাৰঙে উৰাবলৈও কুণ্ঠাবোধ নকৰে।তেনে সময়ত স্বস্থ্যৰ মূল্য ধনতকৈও অধিক হৈ পৰে।নিসংগ মানুহক আকৌ ধন, স্বাস্থ্য,সুখ,ভোগ একোৰেই তলাব নোৱাৰি। জীৱনত আপোনজনৰ সংগ আৰু প্ৰেম বিচাৰি কিমানজনে নীৰৱে চকুলো টোকে কোনে খবৰ ৰাখে?তেনে মানুহৰ বাবে কাষত আপোনজনৰ উপস্থিতিতকৈ মূল্যৱান বস্তু আৰু পৃথিৱীত একো নাই।
মানুহ লৈ লৈ প্ৰয়োজনবোৰ ভিন্ন হয় যদিও প্ৰায় সকলো মানুহক প্ৰয়োজন হোৱা এটি দৰকাৰী বস্তু হৈছে আত্মসন্মান। ধনী,দুখীয়া,গাঁওৰ, চহৰৰ, চাকৰিয়াল, ব্যৱসায়ী সকলোকে স্বচ্ছন্দ্যতাৰে জীয়াই থাকিবলৈ আত্মসন্মানৰ আৱশ্যক। মানুহে এসাঁজ নাখাই থাকিব পাৰে, কিন্তু আত্মসন্মানক জলাঞ্জলি দি জীয়াই থাকিব নোৱাৰে। এই আত্মসন্মান বৰ্তাই ৰাখিবলৈকে অসমৰ বহু যুৱক যুৱতী কাম কৰিবলৈ বুলি অসমৰ পৰা ওলাই যায়।
৬)
এবাৰ ঘৰলৈ যাওঁতে মই দাদা এজনৰ প্ৰতিষ্ঠানত সোমালো। নিজৰ বিবেক বুদ্ধি আৰু কষ্টৰ ফলস্বৰূপে দোপত দোপে উন্নতিৰ জখলা বগোৱা দাদাক দেখি মোৰ মন ভৰি যায়।কথাৰ প্ৰসংগত এবাৰ সি কৈছিল সেই যে নাতিদূৰত পকৰি বিক্ৰী কৰি থকা ঠেলাখন দেখিছা, তাৰ দৈনিক উপাৰ্জন মোতকৈ বেছি হ’লেও কম ন’হব। পুৱা মই আহি পোৱাৰ আগতেই সি ঠেলাখন ৰাস্তাৰ কাষত থিয় কৰে।ৰাতি দহ বজালৈকে তাৰ ৰবলৈ সময় নাই। তাৰ উপাৰ্জনত টেক্স নাই, ঘৰ ভাড়া নাই, কাৰেণ্টৰ বিল নাই, অন্য যোগালীও নাই। যিমান উপাৰ্জন হয়,সকলো তাৰ।সি মোতকৈ বেছি ধনী।

ময়ো ফুৰ্তিতে ক’লো- তুমিও তেতিয়াহ’লে পকৰিকে বিক্ৰি কৰিবলৈ লোৱা। এইবাৰ সি কিছু গহীন হৈ ক’লে- বিক্ৰী কৰিব পাৰো, কিন্তু এতিয়া যিদৰে তুমি ঘৰলৈ আহিলেই মোৰ খবৰ ল’বলৈ আহা, দাদা বুলি মানুহৰ আগত চিনাকি কৰি দিয়া, পকৰি বিক্ৰী কৰিলেও একেই কৰিলাহেতেন নে? কিছুসময় তাৰ ফালে চাই থাকি মোৰ দৃষ্টি আপোন আপোনি নামি আহিল।
ঘূৰি অহাৰ পৰত ভাবি থাকিলোঁ, সঁচাকৈ তেতিয়া তাক মোৰ দাদা বুলি ক’বলৈ ভাল লাগিল হেঁতেন নে? পকৰি বিক্ৰী কৰি বহু টকা উপাৰ্জন কৰে বুলি তাক লৈ গৌৰৱ কৰিলোঁ হেঁতেন নে? মনলৈ অহা সকলোবোৰ উত্তৰ দেখোন নঞৰ্থক হ’ল। কেৱল টকা ঘটটোৱেই যদি মূল উদ্দেশ্যে তেন্তে সেই টকা শিক্ষকতা কৰি আহক বা পকৰি বিক্ৰী কৰিয়েই আহক, সমস্যা ক’ত?
কামৰ সৰু বৰ আৰু শ্ৰেণী বিভাজনৰ জালখনে আমাক কিদৰে চানি ধৰিছে ভাবিলে আচৰিত লাগে। সকলোৱে নিজৰ যোগ্যতা অনুসাৰে কাম কৰে। সেই অনুপাতে উপাৰ্জন কৰে, সংসাৰ চলায় আৰু সুখীও হয়। কিন্তু আমি তেওঁলোকৰ সুখত চেঁচা পানী ঢালো। কৰ্মৰ প্ৰতি সন্মান নজনাই তেওঁলোকৰ আত্মসন্মানত আঘাত হানিবলৈ কুণ্ঠাবোধ নকৰো।
৭)
অসমত আমি বহুতে খেতিয়কক পুতৌৰ দৃষ্টিৰে চাওঁ। অথচ পাঞ্জাৱৰ দৰে প্ৰদেশৰ ধনী খেতিয়কে আমাক চাকৰি কৰো বুলি ক’লে-অবাক হৈ চায়। চাকৰিৰ লিমিটেড টকাৰে কেনেকৈ চলিব পাৰি ,তাকে ভাবি আচৰিত হয়। ভাৰ্গৱ গুজৰাটত পঢ়ি থাকোতে হেনো এখন জেৰক্সৰ দোকানলৈ পঢ়া সম্পৰ্কীয় কাগজ পত্ৰবোৰ জেৰক্স কৰিবলৈ প্ৰায়েই গৈছিল। গৈ গৈ চিনাকি হৈ পৰা দোকানৰ কেচত বহি থকা বয়সস্থ ভদ্ৰলোকজনে প্ৰশ্ন কৰে- কি পঢ়িছা? পঢ়ি কেনেধৰণৰ চাকৰি পাবা? সাম্ভাব্য দৰমহা কিমান হ’ব পাৰে, ইত্যাদি ইত্যাদি।

উত্তৰবোৰত পিছে মানুহজন সন্তুষ্ট নহয়। নিৰাশ মাতেৰে কয়- ইমান টকা পইচা খৰছ কৰি দূৰলৈ আহি পঢ়িছা, চাকৰি কৰি যদি ইমান কম টকা উপাৰ্জন কৰা, কেনেকৈ চলিবা? পৰিয়াল কেনেকৈ চলাবা? গুজৰাটী সকলৰ ব্যৱস্যায়ৰ প্ৰতি আগ্ৰহ আৰু সফলতাৰ বিপৰীতে আকৌ অসমত আমি কোনোবাই ব্যৱসায় কৰিলে কাৰোবাক তামোলৰ বেপাৰী, কাৰোবাক দোকানী বুলি উপলুঙা কৰি ভাল পাওঁ। চাকৰিও হ’ব লাগিব আমাৰ মতে চ্যুট টাই পিন্ধি ৰিভলভিং চকীত বহি অৰ্ডাৰ দিব পৰা চাকৰি। তেহে যদি আমি সন্মানৰ যোগ্য বুলি ভাবো।
অথচ সন্মানৰ যোগ্য বুলি নভৱা ঘৰুৱা সহায়িকা, বাগানৰ মালী, চুইপাৰ, গাড়ীৰ চালক, বেপাৰী আদি পাবলৈ নোহোৱা আপোনাৰ নিজৰ ঠাইখনৰ দৃশ্য এটা কল্পনা কৰি চাওকচোন। কেনে ভয়াৱহ! এইসকল ন’হলে আমি চলিব পৰাতো অসম্ভৱ, অথচ তেওঁলোকক যোগ্য সন্মান যাচিবলৈ আমি নাৰাজ।জীৱন চলাই নিবলৈ প্ৰতিটো কাম যিদৰে দৰকাৰী, প্ৰতিজন কৰ্মীও সেইদৰে আদৰৰ হোৱা উচিত। পিছে আমাৰ সমাজত দিগনিটি অফ লেবাৰৰ মূল্য নাই। পইচা,ক্ষমতা আৰু show off এ হে সমাজত কথা কয়।
৮)
এবাৰ সুলেখক নিৰ্মল চাহেৱালাই লিখিছিল তেওঁ হেনো অসমৰ বাহিৰত কম পইচাৰ বিনিময়তে কাম কৰি থকা বহুতো অসমীয়া চিকিউৰিটি গাৰ্ডক লগ পাই ঘূৰি অহাৰ সময়ত নিজৰ ভিচিটিং কাৰ্ডখন দি আহে আৰু কয় সেইখিনি দৰমহাৰ বিনিময়ত তেওঁলোকে বিচাৰিলে চাহেৱালাই নিজৰ প্ৰতিষ্ঠানতে কাম দিব। নিজৰ ঠাই, ঘৰৰ ভাত, আপোন মানুহ আৰু চলিব পৰাকৈ এটা দৰমহা।
বাহিৰত যিমান টকা দৰমহা পায়, সেই টকা ঘৰতে থাকি যদি উপাৰ্জন কৰিব পৰা যায়, আপত্তি কিয়? সৰহকৈ ৰাহি কৰিবও পাৰিব। কিন্তু কোনো নাহে। কেতিয়াও নাহে। পঢ়ি শুনি শকত অংকৰ মোটা পেকেজ পোৱা সকলৰ কথা বেলেগ। কিন্তু কমকৈ পৰিতোষিক পোৱাসকল কিয় ঘূৰি নাহে?
কাৰণ আত্মসন্মান। আমি টকাক মূল্য দিওঁ, কিন্তু কামৰ শ্ৰেণী বিভাজন কৰোঁ। অমুকৰ পুতেক চিকিউৰিটি গাৰ্ড বুলি আমিয়েই তাচ্ছিল্য কৰিম। অমুকৰ জীয়েক আজি কালি দৰ্জী বুলি আমিয়েই হাঁহিম।খেতিহে কৰে, দোকানীহে, বেপাৰীহে, ভাতৰ হোটেলহে চলাই বুলি আমিয়েই চাহৰ কাপত চুমুক দি ৰসাল আড্ডাত বহোঁ।
গতিকে অসমীয়া ল’ৰা ছোৱালী কাম কৰিবলৈ বাহিৰলৈ গুচি যায়। তাৰ পৰা নিজে কষ্টত থাকিও দুই এটকা ঘৰলৈ পঠায়। মাক দেউতাকে ওচৰ চুবুৰীয়াক লৰাই টকা পঠাইছে বুলি গৌৰৱ কৰে। ঘৰলৈ আহোঁতে ধাৰলৈ লৈ হলেও ল’ৰাবোৰে নতুন কাপোৰ পিন্ধি আহে, আত্মীয় লৈও সাধ্য অনুসৰি উপহাৰ আনে। কাৰণ সেই একেটাই। আমি টকাকহে মূল্য দিওঁ কামক নহয়।

৯)
বহুতে কোৱা শুনো অসমত ইণ্ডাষ্ট্ৰী হ’লে অসমীয়া ল’ৰা বাহিৰলৈ নাযাব। মোটা অংকৰ দৰমহা পাবলৈ সক্ষম হোৱা,ছ্যুট টাই পিন্ধি চকীত বহিবলৈ যোগ্য সকল হয়তো নাযাব পাৰে। কিন্তু চিকিউৰীতি গাৰ্ড , মজদূৰ সদৃশ কামৰ বাবে যোগ্য সকল থাকিব নে?
কথাটোত সন্দেহ আছে। ইণ্ডাষ্ট্ৰী আমাক লাগিবই। তাতোতকৈ বেছি চৰকাৰ আমি দৃষ্টিভংগী সলনি কৰাতো।সকলো কাম আৰু কৰ্মীক সন্মান কৰিবলৈ আমি শিকিবই লাগিব।আমাৰ নিজৰ ঠাইত যিকোনো কাম কৰি আত্মসন্মানেৰে জীয়াই থাকিব পৰা পৰিৱেশ এটা আমি সৃষ্টি কৰিব পাৰিবই লাগিব। ন’হলে হাজাৰৰ ঘৰত ইণ্ডাষ্ট্ৰী গঢ়ি উঠিলেও স্থানীয় যুৱক যুৱতীক ঠাইতে ধৰি ৰখা সম্ভৱ নহব।
১০)
এতিয়াৰ পৰা যিকোনো কামক সৰু বুলি ভাবি তাচ্ছিল্য কৰাৰ সময়ত সুদূৰ বাংগালোৰত অসমৰ চাৰিজনকৈ সুঠাম যুৱকৰ শেঁতা পৰা মৃত মুখকেইখন যাতে সকলোৰে মনত পৰে, তাকেই কামনা কৰিলো।আমি সকলো কামকে উচিত সন্মান কৰিবলৈ শিকো আহক।অসম খন আমাৰ। অসমৰ ল’ৰা ছোৱালীবোৰো আমাৰ। সিহঁতক আমি অকালতে হেৰুৱাই নিঠৰুৱা হ’ব নোৱাৰো।
ঝৰ্ণা শৰ্মা দেৱচৌধুৰী, দুলিয়াজান
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.















